চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমৰ শিক্ষাক্ষেত্ৰত গেৰুৱাকৰণ ( নিৰুজ কুমাৰ ডেকা )

অসমৰ শিক্ষাক্ষেত্ৰত গেৰুৱাকৰণ ( নিৰুজ কুমাৰ ডেকা )

”আমি এনে এক ৰাষ্ট্ৰীয় শিক্ষা প্ৰণালীৰ বিকাশ সাধন কৰিব খোজো, যাৰ দ্বাৰা আমাৰ মাজত এক শ্ৰেণীৰ নতুন পুৰুষ গঢ় লৈ উঠিব, যিসকল হিন্দুত্বনিষ্ঠা আৰু ৰাষ্ট্ৰভক্তিত ওতঃপ্ৰোত ভাবে জড়িত হয় …. ”
– ‘আমাৰ লক্ষ্য’ বুলি বিদ্যা ভাৰতীয়ে এনে কথাই প্ৰচাৰ কৰে। এই ক্ষেত্ৰত লক্ষণীয় দিশ দুটা হল-
১) ‘দেশপ্ৰেমৰ সলনি ‘ৰাষ্ট্ৰভক্তি’ৰ ব্যৱহাৰ হৈছে । ‘প্ৰেম’ আৰু ‘ভক্তি’ৰ পাৰ্থক্য ইয়াত দেখ-দেখকৈ ওলাই আছে ।
২) ‘ৰাষ্ট্ৰভক্তি’ৰ লগত (বৰঞ্চ আগতহে ) ‘হিন্দুত্বনিষ্ঠা’ যোগ কৰি সমস্ত প্ৰক্ৰিয়াটোক ধর্মীয়কৰণ কৰা হৈছে। চাভাৰকাৰৰ হিন্দুত্ববাদৰ ধাৰণাই ইয়াত ঠাই পাইছে ।

এই ধৰণৰ লক্ষ্য আৰু উদ্দেশ্য আগত ৰাখি ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘ ( আৰ. এছ. এছ.)ৰ শৈক্ষিক শাখা অখিল ভাৰতীয় শিক্ষা সংস্থান তথা বিদ্যাভাৰতীয়ে দেশৰ চুকে- কোণে প্ৰায় ১২,৩৬৮ খন বিদ্যালয়ৰ জৰিয়তে কোমল বয়সীয়া ছাত্ৰ-ছাত্ৰীৰ মাজত হিন্দুত্ববাদ তথা সংঘীয় ধ্যান-ধাৰণাৰ প্ৰচাৰ কৰি আহিছে। বিদ্যা ভাৰতীৰ অধীনত অসমত ১৯৭৯ চনত স্থাপিত অসম শিশু শিক্ষা সমিতিয়ে ৰাজ্যত প্ৰায় ৪৭০ খন বিদ্যালয় পৰিচালিত কৰে। এই বিদ্যালয়সমূহ শংকৰদেৱ শিশু/বিদ্যা নিকেতন নাম দিয়া হৈছে।
যোৱা কেইবছৰমানৰ ভিতৰত নিকেতনসমূহে চমকপ্ৰদ শৈক্ষিক সাফল্য দেখুৱাইছে আৰু অসমীয়া মাধ্যমক গাঁও-ভূঞে জীয়াই ৰখাত সহায় কৰিছে– এইখিনিলৈ আমি সকলো অৱগত, কিন্তু নিকেতনসমূহত যে সংঘীয় কাৰ্য-কলাপৰ দ্বাৰা অসমীয়া ছাত্ৰ-ছাত্ৰীৰ মন কলুষিত কৰি গেৰুৱা বীজ ৰোপণৰ প্ৰচেষ্টা আঁৰে-আঁৰে চলি আহিছে (এতিয়া মুকলিকৈয়ে চলিব লাগিছে) ; সেই বিষয়ে অৱগত নহয়।

পঞ্চম শ্ৰেণীৰ পৰাই নিকেতনসমূহৰ পৰা ছাত্ৰ নিৰ্বাচিত কৰি আৰ. এছ. এছ. ৰ বাৰ্ষিক শিবিৰলৈ প্ৰশিক্ষণৰ বাবে পঠোৱা হয় আৰু এই ছাত্ৰসকলক স্বয়ংসেৱক হিচাপে পৰিচিত কৰা হয়। শিবিৰত বক্তাই ‘অখণ্ড ভাৰত’ৰ পৰা আৰম্ভ কৰি ভিন্ন ভিন্ন মিছা কথাৰে সৰু সৰু ছাত্ৰসকলৰ মন ভুলায়। উল্লিখিত শিবিৰৰ বাহিৰেও নিকেতনসমূহত গ্ৰীষ্মকালীন অথবা শীতকালীন বন্ধত স্বয়ংসেৱক সকলৰ দ্বাৰা সৰু-সুৰাকৈ শিবিৰ পাতি একেই কাৰ্যসিদ্ধি কৰা হৈছে ; বিগত কেইমাহমানত এই তৎপৰতা চকুত লগাকৈ বৃদ্ধি পাইছে । এইক্ষেত্ৰত আৰ. এছ.এছৰ কৌশলগত সুবিধা আছে।

কেনেধৰণৰ সুবিধা আছে ? অসমৰ গাঁও অঞ্চলত ব্যাপক হাৰত গঢ়ি উঠা এই নিকেতনসমূহত গাঁৱলীয়া মধ্যবিত্ত শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী অধিক। বহুসময়ত নিজৰ আয়েৰে এই স্কুলসমূহত সন্তানক পঢ়োৱাৰ খৰছ কোনোমতে জোৰা দি মিলাই সন্তানে ‘ভাল শিক্ষা পাওক’ বুলিয়েই মাক-দেউতাকে পঢ়ায়। প্ৰায়ভাগ গাঁৱলীয়া অথবা ক্ষুদ্ৰ নগৰসমূহত এই নিকেতনসমূহেই একমাত্ৰ শিক্ষাঅনুষ্ঠান হৈ উঠিছে ( চৰকাৰী বিদ্যালয়ৰ কৃপাত)। বহুসংখ্যক মাক দেউতাকে নাজানে যে আৰ. এছ.এছ. অধীনত নিকেতনসমূহ পৰিচালিত হয়। সেয়েহে শৈক্ষিক, আধ্যাত্মিক, শাৰীৰিক কাৰ্য্যসূচীৰ অচিলাৰে সংঘীয় ধ্যান-ধাৰণাৰ প্ৰচাৰ আৰু প্ৰসাৰ সহজ হৈ উঠে । এটা সৰু অথচ খুব প্ৰেক্টিকেল উদাহৰণ দিব পৰা যায় – ” যদি ছাত্ৰ এজনে ঘৰত কয় যে মই অমুক ঠাইলৈ যাম, আৰ. এছ.এছ.ৰ কেম্প আছে; সি অনুমতি নোপোৱাটোৱে স্বাভাৱিক। কিন্তু যদি সি কয় আমাক নিকেতনৰ পৰা কেম্প কৰাবলৈ নিব আৰু আমাৰ লগত অমুক আচাৰ্য ( শিক্ষক) ও যাব, এইবাৰ অনুমতি পোৱাৰ সম্ভাৱনা বহুগুণে বেছি। ” শিক্ষক ৰ অংশগ্ৰহণৰ গুৰুত্বপূৰ্ণ ভূমিকা আছে । এইধৰণৰ সুবিধাৰ কথায়েই কোৱা হৈছে ।

নিকেতনসমূহৰ ইউনিৰ্ফমলৈ চালে দেখা যাব যে বহু ঠাইত আগৰ পৰা ছোৱালীৰ ক্ষেত্ৰত চুৰিদাৰৰ লগত বগা চুৰ্ণী ব্যৱহাৰ কৰা হৈছিল৷ কিন্তু, কেইমাহমান আগৰ পৰা গেৰুৱা ৰঙৰ চুৰ্ণী ব্যৱহাৰ হ’বলৈ লৈছে।
ইয়াতেই এক সাৱধান বার্তা দিয়াটো জৰুৰী — বহু নিকেতন সেই অঞ্চলৰ ৰাইজৰ প্ৰচেষ্টাত গঢ়ি উঠিছিল, যিবোৰ কথা এইমধ্যেই কোৱা হ’ল বা যি কোৱা হ’ব এই ধৰণৰ পৰিবেশ সকলো নিকেতনত প্ৰতিষ্ঠাৰ পৰাই নাছিল৷ ইয়াৰ কাৰণো অৱশ্যেই আছে। অসমৰ সামাজিক পৰিবেশলৈ চাই আৰম্ভণিৰ পৰাই ধৰ্মীয় কাৰবাৰটো আৰ. এছ. এছ.ৰ নিজৰেই অনুকূল নাছিল। কিন্তু বৰ্তমান এই প্ৰক্ৰিয়া দ্ৰুতগতিত চলিব লাগিছে ।

এখন বিদ্যালয়ত ছাত্ৰ-ছাত্ৰীক কেনে শিক্ষা দিয়া হয়, কেনেকৈ অনুপ্ৰাণিত কৰা হয় তাক জানিবলৈ নিকেতনৰ শিক্ষক সকলৰ চিন্তা-চর্চাৰ লগত ওৱাকিবহাল হ’ব লাগিব৷ কিয়নো কিতাপ-পত্ৰতকৈ শিক্ষকে শিশুৰ মনত বেছি গভীৰ চাপ বহুৱাব পাৰে । নিকেতনসমূহত সদ্যনিযুক্তিপ্ৰাপ্ত শিক্ষকৰ বাবে অনুষ্ঠিত প্ৰাথমিক প্ৰশিক্ষণৰ এটা আভাস দিয়া হ’ল–
● ” বিদ্যালয়ৰ অভাৱত আমাৰ বিদ্যালয় স্থাপন হোৱা নাই। নিবনুৱাৰ সংস্থাপন দিয়া উদ্দেশ্য নহয়। ”
●” পৃথিৱীত আজিলৈকে ৪৯ টা সভ্যতাৰ জন্ম হৈছে । কিন্তু এতিয়ালৈ বৰ্তি আছে ৩ টা সভ্যতা ।তাৰ ভিতৰত এটা হিন্দু সভ্যতা। ভাৰতত দেশভক্ত নাগৰিক আছে বাবেই ভাৰতবৰ্ষৰ সভ্যতা বৰ্তি আছে ।”
● তাৰ পাছত একাদিক্ৰমে মহানপুৰুষৰ জীৱনী পাঠ হয় — ড৹ কেশৱৰাম বলিৰাম হেডগৱাৰ (আৰ. এছ.এছ. ৰ জন্মদাতা), শ্ৰীগুৰুজী মাধৱ সদাশিৱ গোলৱলকাৰ (আৰ. এছ.এছ. ৰ দ্বিতীয়জন প্ৰমুখ)
এই শিক্ষকসকলৰ বেছিভাগেই সংঘৰ সদস্য নহয় , সেয়েহে সংঘৰ সদস্যৰ দ্বাৰা প্ৰশিক্ষণৰ ব্যৱস্থা কৰাই গেৰুৱা ধ্যান-ধাৰণাৰ প্ৰতি আকৰ্ষিত কৰাৰ চেষ্টা চলোৱা হয়। বহু শিক্ষক চাকৰি বিচাৰি হাবাথুৰি খোৱা যুৱক ( প্ৰধান শিক্ষকসকল সাধাৰণতে সংঘৰ সদস্য হয় ); তেওঁলোক গাঁৱলীয়া মধ্যবিত্ত শ্ৰেণীৰ পৰাই আহে। নিকেতন আৰু আৰ. এছ.এছ. ৰ সম্পৰ্ক ৰ কথা অৱগত নোহোৱাৰ সুবিধা ইয়াতো লোৱা হয়।
ছাত্ৰ-ছাত্ৰী আৰু শিক্ষক – দুইখলপীয়া গেৰুৱাকৰণ আৰ. এছ.এছ. এ শংকৰদেৱ নিকেতনসমূহৰ জৰিয়তে চলাই আহিছে। লক্ষণীয় কথাটো হল ২০১৪ চনত লোকসভা নিৰ্বাচনৰ পিছত নিকেতনসমূহত সংঘীয় কাৰ্য-কলাপ বৃদ্ধি পাইছে। ছাত্ৰৰ স্বয়ংসেৱক হিচাপে ভৰ্ত্তি, শিক্ষকৰ প্ৰশিক্ষণ, আৰ. এছ.এছ.ৰ প্ৰত্যক্ষ প্ৰভাৱ বাঢ়িবলৈ লৈছে।

এই নিকেতন সমূহক আৰ. এছ.এছ.ৰ ‘নৰম’ আহিলা বুলি কব পাৰি। উপৰুৱা জাতীয় চৰিত্ৰৰ ভেকো-ভাওনা কৰি (শংকৰদেৱ নামাকৰণ) হিন্দুত্ববাদৰ প্ৰচাৰেই আচল চৰিত্ৰ। খুব এটা উগ্ৰ হিন্দুত্ববাদৰ কথা নকয় বাবেই বহুসংখ্যক ছাত্ৰ-ছাত্ৰীক ( হিন্দুৰ বাহিৰেও অন্য ধৰ্মৰ ) সামৰি লব পাৰিছে, কিন্তু শেষ কথাত ছাত্ৰ-ছাত্ৰীসকলৰ বৌদ্ধিক চেতনা সম্পূৰ্ণৰূপে সংঘীয় অনুশীলনৰ অনুৰূপে গঢ় দিয়াৰ প্ৰচেষ্টা থাকে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে