চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিকল্প ৰাজনীতিৰ প্ৰসংগত ( জিতেন বেজবৰুৱা )

বিকল্প ৰাজনীতিৰ প্ৰসংগত ( জিতেন বেজবৰুৱা )

এতিয়া আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ সমালোচনা কৰিলেই বিকল্পৰ প্ৰশ্নটো আহি পৰে। আমি লেখা-মেলা কৰোতে বহু সময়ত প্ৰশ্নৰ সন্মুখীন হওঁ, বিকল্প ৰাজনীতিৰ কথাটো স্পষ্টভাৱে আলোচনা কিয় কৰা নাই বুলি। আচলতে বিকল্প ৰাজনীতিৰ কথাহে আমি ক’ব বিচাৰো, বিকল্প ৰাজনৈতিক দলৰ কথা নহয়। সঁচা কথা ক’বলৈ গ’লে, এতিয়া বিজেপিৰ বিপৰীতে সমৰ্থন কৰিব পৰা কোনো ৰাজনৈতিক দলেই পাবলৈ নাই। থকা হ’লে আমি বিকল্প ৰাজনীতিৰ তাত্ত্বিক আলোচনা নকৰি চিধাচিধি সেই দলটোকে সমৰ্থন কৰিলোহেঁতেন। সেইটোকে নকৰি বিকল্প ৰাজনীতিৰ বিষয়ে কথা বহলাই থকাৰ বহুতো কাৰণ আছে – সেইসমূহ বৰ্তমান ৰাজনৈতিক পৰিস্থিতি তথা আৰএছএছ-বিজেপিৰ ৰাজনীতিৰ চৰিত্ৰৰ মাজত লুকাই আছে।

আমাৰ ভাব হয় যে আমাৰ সন্মুখত এক বিৰাট ৰাজনৈতিক শূন্যতা বিৰাজ কৰিছে। সমাজখনৰ ৰাজনৈতিক গতিবিধি কোন বাটেদি যাব সেই কথা এতিয়া থিৰাংকৈ একো ক’ব নোৱাৰি। বৰ্তমান সমাজত বিজেপিৰ এক বহল নৈতিক গ্ৰহণযোগ্যতা আছে, মধ্যবিত্ত শ্ৰেণীসমূহৰ মাজত ইয়াৰ এক বিপুল মতাদৰ্শগত সেনাবাহিনী আছে। গতিকে সদ্যহতে বিজেপিৰ কোনো বিফলতা, ভুল বা কেলেংকাৰিয়েই মানুহক চূড়ান্ত ক্ষুব্ধ আৰু মোহমুক্ত কৰি তুলিবলৈ সমৰ্থ নহয়। বিমুদ্ৰাকৰণৰ নিচিনা ভয়ংকৰ কাণ্ড এটা কৰিও যে মোডীয়ে পদত্যাগ নকৰাকৈ থাকিব পাৰিলে, বৰং তাৰ পাছতো সমানেই অহংকাৰেৰে কথা কৈ থাকিব পাৰিলে – সেই কথাৰে এয়া প্ৰমাণ। কিন্তু সেই নৈতিক গ্ৰহণযোগ্যতাটো আৰু বৰ বেছি দিন নিটিকে। জনসাধাৰণৰ সমস্যাৰাজি যেতিয়া একেই থাকিব আৰু বিজেপিৰ ভেকোভাওনা আৰু টালি-বাজিবোৰ যেতিয়া এটা এটাকৈ মুকলি হৈ গৈ শেষ হ’ব, তেতিয়া সৰ্বসাধাৰণ জনতাৰ চকুৰপৰা মোহজাল আঁতৰিবলৈ বেছি পৰ নালাগিব। গতিকে জনতাৰ মাজত ক্ষোভে নিশ্চয়কৈ অধিক পোনপটীয়া আৰু জংগী ৰূপ লাভ কৰিব। কিন্তু এই ক্ষোভৰ ৰূপ স্বাভাৱিকতেই হ’ব বিক্ষিপ্ত, স্থানীয় আৰু উদ্দেশ্যহীন। আচল প্ৰশ্নটো হ’ল, সেই ক্ষোভক কোনে ৰাজনৈতিকভাৱে সংগঠিত আৰু ঘনীভূত ৰূপ দিব আৰু বহল উদ্দেশ্যৰ দিশে পৰিচালিত কৰিব? দ্বিতীয়তে, জনসাধাৰণৰ মাজত ক্ষোভৰ জন্ম হ’লেই আৰএছএছ-বিজেপি মতাদৰ্শগত-সাংগঠনিকভাৱে পৰাজিত নহয়। কাৰণ আৰএছএছ-বিজেপিৰ বৰ্তমানৰ মতাদৰ্শগত-সাংগঠনিক আধিপত্যৰ ভেটি ইমান দুৰ্বল বা খন্তেকীয়া নহয়। যোৱা শতিকাৰ দ্বিতীয় দশকৰপৰাই সংঘ পৰিয়ালে ভাৰতৰ বিভিন্ন অংশত হিন্দু জাতীয়তাবাদৰ হকে কাম কৰি আহিছে। শেহতীয়াভাৱে বিজেপি ক্ষমতালৈ অহাৰ পাছত ইয়াৰ সাংগঠনিক নেটৱৰ্ক ভাৰতৰ আগেয়ে প্ৰবেশ নকৰা অঞ্চলসমূহলৈও বিয়পি পৰিছে। ইয়াৰ ফলস্বৰূপে সমগ্ৰ ভাৰতজুৰি এক বিশাল সাংগঠনিক নেটৱৰ্ক গঢ় লৈ উঠিছে যিটোৱে অহৰহ হিন্দুত্বৰ প্ৰসাৰ-প্ৰচাৰৰ বাবে মতাদৰ্শগত কামত আত্মনিয়োগ কৰি আছে। ইয়াৰ ফলস্বৰূপে সমাজৰ বিভিন্ন স্তৰত হিন্দুত্ববাদী ভাবধাৰাই গভীৰভাৱে খোপনি পুতিবলৈ সক্ষম হৈছে। গতিকে জনসাধাৰণৰ মাজত ওপজা ক্ষোভক সাম্প্ৰদায়িক দিশত পৰিচালিত কৰিবলৈ সংঘ পৰিয়ালৰ হাতত মোক্ষম অস্ত্ৰ অদূৰ ভৱিষ্যতলৈকে থাকিবই। এইক্ষেত্ৰত সক্ৰিয় সহযোগিতা আগ বঢ়াবৰ বাবে হিন্দুপ্ৰধান মধ্যবিত্ত সমাজৰ সেনাবাহিনী তথা চৰকাৰপন্থী গণমাধ্যমসমূহ থাকিবই। আৰু হিন্দু জাতীয়তাবাদৰ আধিপত্য চলি থকালৈকে প্ৰকৃতাৰ্থত বিজেপিৰ পৰাজয় নাই। তাৰ মাজতে কেনেবাকৈ বিজেপিক নিৰ্বাচনত হেৰুৱাই আন দলে চৰকাৰ গঠন কৰিব পাৰিলেও সি কোনো স্থায়ী পৰিবৰ্তন আনিব নোৱাৰে। আৰএছএছ-বিজেপিক সমূলে উৎখাত কৰিবৰ বাবে হিন্দু জাতীয়তাবাদক মতাদৰ্শগতভাৱে পৰাস্ত কৰিব পাৰিব লাগিব। আনহাতে, বিজেপি বৰ্তমান কেৱল হিন্দু জাতীয়তাবাদৰে নহয়, নব্য উদাৰতাবাদৰো উগ্ৰতম পৃষ্ঠপোষক। গতিকে হিন্দু জাতীয়তাবাদ-বিৰোধী সংগ্ৰামৰ সৈতে নব্য উদাৰতাবাদ-বিৰোধী সংগ্ৰামো আগ বাঢ়িব লাগিব। কিন্তু এনে দীৰ্ঘম্যাদী ৰাজনৈতিক সংগ্ৰামৰ কাৰ্যসূচী বৰ্তমানৰ কোনোবা সংসদীয় দলৰপৰা আশা কৰিব পাৰিনে? এনে প্ৰশ্ন কৰাটোৱেই আচলতে অবান্তৰ।

তথাপি এইখিনিতে প্ৰধান ৰাজনৈতিক দলসমূহৰ বিষয়ে দুই-এষাৰ কথা উনুকিয়াব পাৰি। কংগ্ৰেছ দলটো হৈছে এটা অধঃপতিত দল। ভাৰতৰ স্বাধীনতা সংগ্ৰামে ভাৰতজুৰি প্ৰতিষ্ঠা কৰা ছেকুলাৰ-আধুনিক জাতীয়তাবাদৰ মতাদৰ্শগত আধিপত্য আৰু কংগ্ৰেছৰ দেশজোৰা সাংগঠনিক বিস্তাৰ – ঘাইকৈ এইকেইটা ভেটিৰ ওপৰত বহিয়েই কংগ্ৰেছে ইমান দশক ধৰি ৰাজত্ব চলালে। বিজেপিৰ বিপৰীতে কংগ্ৰেছে বিভিন্ন সময়ত কুহুমীয়া হিন্দুত্বৰ আশ্ৰয় লৈ আহিছে আৰু সাম্প্ৰদায়িক পৰিস্থিতিৰ লাভ আদায় কৰি আহিছে। আনহাতে, নব্য উদাৰতাবাদী অৰ্থনীতি-ৰাজনীতিৰ ই হ’ল ঘাই পৃষ্ঠপোষক, আৰু এইক্ষেত্ৰত বিজেপিৰ লগত ইয়াৰ কোনো গুণগত পাৰ্থক্য নাই। অদূৰ ভৱিষ্যতে কংগ্ৰেছে কেতিয়াবা (বৰ্তমানৰ বিজেপিৰ নিচিনাকৈ) সমাজত সাৰ্বজনীন নৈতিক গ্ৰহণযোগ্যতা লাভ কৰিবলৈ সক্ষম হ’ব বুলি মুঠেই ভাব নহয়। বিকল্প ৰাজনৈতিক দলৰ অভাৱত ক্ষোভিত ভোটদাতা ৰাইজে যদি কংগ্ৰেছকে আকৌ অধিক পৰিমাণে ভোটদান কৰিবলগা হয়, সেইটো বেলেগ কথা। কিন্তু মতাদৰ্শগতভাৱে কংগ্ৰেছ এতিয়া এক অচল টকাত পৰিণত হৈছে, যাৰ নৈতিক পুনৰুত্থানৰ সম্ভাৱনা একেবাৰে নাই। আম আদমী পাৰ্টি হ’ল অন্তৰ্নিহিতভাৱেই এটা চহৰীয়া দল, যি চহৰীয়া মধ্যবিত্তৰ নাগৰিক অধিকাৰৰ ভাষাত কথা কয়। নাগৰিকে যিসমূহ সা-সুবিধা ৰাষ্ট্ৰৰপৰা পাব লাগে, সেইসমূহৰ সুৰক্ষা দিয়াৰ ক্ষেত্ৰত আপৰ ভূমিকা প্ৰশংসনীয়। কিন্তু চহৰীয়া মধ্যবিত্তীয় সমাজৰ বাহিৰৰ বিশাল পৃথিৱীখন সম্পৰ্কে আপৰ বিশেষ ধাৰণা নাই – বিভিন্ন সামাজিক পৰিচিতি, তৎজনিত সমস্যা তথা ৰাজনীতিৰ তলানলা তেওঁলোকে অলপো বুজি নাপায়। এনে অন্তৰ্নিহিত সমস্যা তথা সীমাবদ্ধতাৰ বাবেই আপে সৰ্বভাৰতজোৰা ব্যাপ্তি তথা গ্ৰহণযোগ্যতা লাভ কৰাটো সম্ভৱ নহয়। আপৰ মাজত পৰিলক্ষিত হোৱা গণমুখী ৰাজনীতিৰ চেতনাটো নিশ্চয়কৈ মূল্যৱান, কিন্তু যদি ভাৰতৰ বিভিন্ন সমাজৰ সমাজ-ৰাজনৈতিক জটিলতা বুজিব পৰাকৈ আপে নিজৰ কোনো গুণগত ৰূপান্তৰ ঘটাব নোৱাৰে, তেন্তে তাৰপৰা ভৱিষ্যতে কোনোধৰণৰ বহল বিকল্প ৰাজনীতিৰ আশা কৰিব নোৱাৰি। বৰ্ণবাদ-কেন্দ্ৰিক দলসমূহেও (ধৰক, সমাজবাদী পাৰ্টি) ইতিমধ্যে সামাজিকভাৱে পশ্চাদপসৰণ কৰিছে। বিজেপিয়ে ইতিমধ্যে বৰ্ণবাদৰ ইছ্যুটো গাইব কৰি পেলাইছে আৰু তাক সামগ্ৰিকভাৱে হিন্দু সমাজৰ সাৰ্বজনীন সমস্যাৰ মাজত সাৰ্থকভাৱে চামিল কৰিবলৈ সক্ষম হৈছে। গতিকে বিজেপিৰ ‘সাৰ্বজনীন’ ৰাজনীতিৰ বিপৰীতে এতিয়া বৰ্ণবাদ-বিৰোধী ‘সংকীৰ্ণ’ ৰাজনীতিৰ পুনৰুত্থান ঘটোৱাটো অসম্ভৱপ্ৰায় হৈ পৰিছে। এই দলসমূহে নিজৰ নিজৰ সংৰক্ষিত এলেকাসমূহ ধৰি ৰখাত কিবাকৈ সফল হ’লেও বিজেপিৰ ভাৰতজোৰা আগ্ৰাসনক প্ৰতিহত কৰিব নোৱাৰে আৰু তেনে সাৰ্বজনীন গ্ৰহণযোগ্যতা কোনোকালে অৰ্জন কৰিবও নোৱাৰে। আনহাতে, আঞ্চলিক দলসমূহৰ ক্ষেত্ৰতো একে কথাই খাটে – সেয়া তামিলনাডু, পশ্চিম বংগ বা য’ৰেই নহওক। সেইসমূহে খুব বেছি বিজেপিক নিজৰ সীমাৰ বাহিৰত ৰাখিব পাৰিব, কিন্তু তাক পৰাভৱ কৰাৰ কথা ভাবিব নোৱাৰে।

গতিকে এই কথা দৃঢ়তাৰে ক’ব পাৰি যে বিজেপিৰ বিকল্প কোনো ৰাজনৈতিক দল বৰ্তমান নাই। বিৰোধী দলসমূহ লগ লাগি যিমানেই বিকল্পৰ কথা নকওক লাগিলে, তেওঁলোকে নিজৰ ভিতৰত যিমানেই যোগ-বিয়োগ, পূৰণ-হৰণ নকৰক লাগিলে – তাৰপৰা বিকল্প ৰাজনীতিৰ জন্ম হ’ব যেন ভাব নহয়। অসমতো আমি তৃতীয় বিকল্পৰ কথা পতা দেখিছিলো। কিন্তু আমাৰ ভাব হ’ল এইটো যে বিভিন্ন দল-সংগঠন লগ লাগি একেলগে বিজেপিক প্ৰতিৰোধ কৰিম বুলি সংকল্প ল’লেই বিকল্পৰ জন্ম নহয়। সাময়িকভাৱে এইধৰণৰ প্ৰচেষ্টাৰ যথেষ্ট কাম আছে, আৰু সেয়া প্ৰয়োজনীয়ও। কিন্তু বহল অৰ্থত বিজেপিৰ বৰ্তমান দেশজোৰা আধিপত্য ওফৰোৱাটো ইমান সহজ কাম নহয়।

এইটো স্বীকাৰ কৰিব লাগিব যে হিন্দু জাতীয়তাবাদ হ’ল এক গণ আন্দোলন (হ’ব পাৰে সি গণতন্ত্ৰ-বিৰোধী)। আৰু গণ আন্দোলনৰ স্তৰত মতাদৰ্শগতভাৱে তাক পৰাস্ত কৰিব পাৰিব লাগিব। হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ বিৰুদ্ধে এক বহল গণ সংগ্ৰামৰ জন্ম দিব লাগিব – যিটোৱে জনসাধাৰণৰ ক্ষোভক সংগঠিত আৰু ঘনীভূত ৰূপ দি এক ৰাজনৈতিক উদ্দেশ্যৰ দিশে আগ বঢ়াই নিব পাৰিব। এই সংগ্ৰামখন নিশ্চয়কৈ এখন সমাজবাদী সংগ্ৰাম হ’ব। তেনেহ’লে বৰ্তমানৰ বাঁওপন্থী দলবিলাকৰ ভূমিকা কি হ’ব? আমাৰ ভাব হয় যে ভাৰতৰ প্ৰতিষ্ঠিত বাঁওপন্থী দলকেইটাই এনে ৰূপান্তৰকামী ৰাজনীতিৰ জন্ম দিব পৰাকৈ একোতো কৰিব পৰা নায়েই, বৰং পৰিবৰ্তিত সমাজ-ৰাজনৈতিক বিশ্বপৰিস্থিতিৰ স্বৰূপ সঠিকভাৱে উপলব্ধি কৰিব নোৱাৰি সংকীৰ্ণ পাৰ্টি লাইনৰ আবৰ্ততে পাকঘূৰণি খাই আছে। এই দলসমূহে যদি নিজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাব নোৱাৰে, তেন্তে ভৱিষ্যতেও যে তেওঁলোকে ৰাস্তাত নামি বিশাল এক গণ সংগ্ৰামৰ নেতৃত্ব দিবলৈ সক্ষম হ’ব তেনে আশা কৰিব নোৱাৰি। কিন্তু এই চৰম সংকটৰ মুহূৰ্ততো তেনে ৰূপান্তৰৰ কোনো সম্ভাৱনা পৰিলক্ষিত হোৱা নাই। এই মুহূৰ্তত এইটোকে আশা কৰো যে দলসমূহৰ সৈতে জড়িত নতুন কৰ্মীসকলে পাৰ্টি লাইনৰ সংকীৰ্ণ আবৰ্তৰপৰা মুক্ত হৈ নতুনকৈ পঢ়া-শুনা কৰক আৰু সাম্প্ৰতিক পৰিস্থিতিত নিজকে পুনৰাৱিষ্কাৰ কৰিবলৈ চেষ্টা কৰক৷ এই দলসমূহৰ দেশজোৰা বিশাল নেটৱৰ্ক আছে, তাত হাজাৰ হাজাৰ নিষ্ঠাৱান কৰ্মীয়ে আত্মনিয়োগ কৰি আছে – এই সমগ্ৰ ফ্ৰেমৱৰ্কটো কামত লগাব পাৰিলে ভাল, আৰু ৰাজনৈতিক দল অবিহনে গণ সংগ্ৰাম আগ বঢ়াই নিয়াৰ কথা ভাবিবও নোৱাৰি৷ গতিকে এই দলসমূহৰ ওপৰত ভিতৰ আৰু বাহিৰ উভয় দিশৰপৰাই হেঁচা প্ৰয়োগ কৰা হওক গুণগত সংস্কাৰৰ বাবে, পুৰণি মতান্ধ চামটোক নেতৃত্বৰপৰা ওফৰাই দিয়া হওক, বাহিৰৰ নতুন চিন্তা-চৰ্চা কৰা ক্ষুদ্ৰ প্ৰগতিশীল শক্তিসমূহৰ সৈতে দলৰ জৈৱিক সম্পৰ্ক প্ৰতিষ্ঠা কৰা হওক৷ মুঠতে বৰ্তমান অৱস্থাত বাঁওপন্থী দলবিলাকৰ নিজৰ মাজত যদি এক বিপ্লৱ সংঘটিত কৰিব পৰা নাযায়, তেন্তে দলবিলাকে অদূৰ ভৱিষ্যতে বহল সমাজত কোনো বিপ্লৱৰ নেতৃত্ব ল’ব নোৱাৰে৷ সেই আভ্যন্তৰীণ বিপ্লৱৰ প্ৰয়োজন নতুন কৰ্মীসকলে বুজি পোৱাৰ ওপৰতে বহু কথা নিৰ্ভৰ কৰে৷ (নতুন সমাজবাদী ৰাজনীতি কেনেকুৱা হ’ব, বিভিন্ন সামাজিক প্ৰশ্নত ইয়াৰ দৃষ্টিভংগী কেনে হ’ব আদিবোৰ বহল বিষয়৷ সেই লৈ বিভিন্ন সমালোচনাত্মক চৰ্চা ইতিমধ্যে হৈছে, তেনে চৰ্চাৰপৰা কিছু কথা আমিও বিভিন্ন লেখাত উল্লেখ কৰিছো৷)

দেখা গ’ল যে বিজেপিৰ বিকল্পৰ কথাই ইমানকৈ আলোচনা কৰিলো যদিও এই লেখাটোতো কোনো কংক্ৰিট বিকল্প দাঙি ধৰিব পৰা নাই। সেইটো সঁচা কথা। কিন্তু সেইটো আমাৰ দোষ নহয়, এই বিষয়ত আলোচনা কৰা ডাঙৰ চিন্তাবিদসকলৰো দোষ নহয়। এইটো এক ঐতিহাসিক পৰিস্থিতি, ইতিহাসৰ এক অনিশ্চয়তাপূৰ্ণ পৰ্ব। কোনো এক ঐতিহাসিক পৰিস্থিতিত সঁচাকৈয়ে কোনো বিকল্প ৰাজনৈতিক শক্তি নাথাকিব পাৰে। তেনে বিকল্প বহু দেৰিকৈহে ইতিহাসৰ বুকুত আবিৰ্ভূত হ’ব পাৰে। গতিকে ইতিহাসৰ অনিশ্চয়তাপূৰ্ণ সংকটৰ কাল এছোৱাৰ কেনেকৈ অন্ত পৰিব সেইটো ইতিহাসৰ বিভিন্ন পাকচক্ৰই নিৰ্ণয় কৰিব। কিন্তু ইতিহাসত বিশ্বাস ৰখাসকলৰ কৰ্তব্য হ’ল – সংকটপূৰ্ণ পৰিস্থিতিৰ উঁহটো চিনাক্ত কৰা, তাৰ মাজৰ অন্তৰ্বিৰোধবোৰ আৰু প্ৰতিবাদী কণ্ঠবোৰ আৱিষ্কাৰ কৰা, আৰু সিবোৰক ৰাজনৈতিক পথেদি সঠিকভাৱে পৰিচালিত কৰা। দমন-নিপীড়নৰ পৰিস্থিতিৰ মাজতে প্ৰতিবাদী প্ৰৱণতাবোৰো উমি উমি জ্বলি থাকে – বিপ্লৱীৰ কাম হ’ল সিবোৰক একেলগ কৰি বিৰাট একুৰা জুই জ্বলাই তোলা। ভাৰতৰ বৰ্তমান পৰিস্থিতিত বিপ্লৱীসকলে সেই কামটো কৰিব পাৰিব লাগিব।

সি যি নহওক, ভাৰতৰ সমাজ তথা ৰাষ্ট্ৰব্যৱস্থাৰ ইতিহাসত এক পৰ্বান্তৰ ঘটাইছে বিজেপিৰ ৰাজনৈতিক উত্থানে। আৰএছএছ-বিজেপিৰ উদ্দেশ্য কেৱল ৰাজপাট দখল কৰি ভোগ কৰি থকা নহয় – ইয়াৰ ৰাজনীতি হ’ল ৰূপান্তৰকামী ৰাজনীতি, যাৰ উদ্দেশ্য হ’ল সমাজৰ সৰ্বাত্মক ৰূপান্তৰ ঘটাই হিন্দু ৰাষ্ট্ৰ প্ৰতিষ্ঠা কৰা। এটা কথা ঠিক যে এতিয়া চৰকাৰৰ প্ৰত্যক্ষ-পৰোক্ষ পৃষ্ঠপোষকতাতে আৰএছএছ তথা তাৰ সহযোগী সংগঠনসমূহে দেশখন ছানি ধৰিছে। কিন্তু কেৱল নিৰ্বাচনত বিজেপিক পৰাস্ত কৰি সংঘ পৰিয়ালৰ আগ্ৰাসী ৰাজনীতিক মূলোৎপাটিত কৰাটো অসম্ভৱ। সেয়ে আমিও বিকল্পৰ কথা কওঁতে অহা লোকসভা নিৰ্বাচনৰ কথাক কেন্দ্ৰ কৰি কেৱল কোৱা নাই। নিৰ্বাচনৰ জটিল হিচাপ-নিকাচে বহুবোৰ কথা খেলিমেলি লগাই দিব পাৰে, কিন্তু কেনেবাকৈ সি সংঘ পৰিয়ালৰ ব্যাপক সামাজিক ৰাজনীতিৰ যতি পেলাব পাৰিব বুলি আশা কৰিব নোৱাৰি। গতিকে সাময়িক নিৰ্বাচনী ফলাফল যিয়েই নহওক, সংঘ পৰিয়ালৰ সামাজিক ৰাজনীতিক সমূলে উচ্ছেদ কৰিবলৈ হ’লে বিকাশ ঘটাব লাগিব এক দীৰ্ঘম্যাদী ৰূপান্তৰকামী ৰাজনীতিৰ। এই প্ৰক্ৰিয়াৰ সূচনা কৰোতে যিমানেই দেৰি হ’ব সিমানেই অধিক বিপদ। পৰিস্থিতিটো অধিক গেলি যাব, জনসাধাৰণৰ মাজৰ ক্ষোভে হতাশাৰ ৰূপ পৰিগ্ৰহ কৰিব। এনেকৈ হ’লে ৰাইজৰ যিকোনো ৰাজনীতিৰ প্ৰতিয়েই বিৰাগ জন্মিব। গতিকে সমাজৰ প্ৰগতিশীল দল-সংগঠনসমূহে বৰ্তমান পৰিস্থিতিত নিজকে পুনৰাৱিষ্কাৰ কৰি গণ সংগ্ৰামৰ বাবে যিমান সোনকালে ওলাই আহিব পাৰে সিমানেই মংগল। বিজেপিৰ নিৰ্বাচনী প্ৰতিৰোধৰ বাবে নিশ্চয়কৈ হিচাপ-নিকাচ কৰা যাওক – কিন্তু হিন্দু জাতীয়তাবাদ আৰু নব্য উদাৰতাবাদৰ বিৰুদ্ধে সামাজিক ৰূপান্তৰ সংগ্ৰামৰ বাট মুকলি কৰাত অধিক শক্তি নিয়োজিত হওক৷

এটা মন্তব্য

  1. Axomiya lipit likhibo nuwara babe kshoma bisarisu. …. Ei lekha tu bhal hoise. Iyar Ingraji rupantor korabo parile bhal asile.

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে