মঙ্গলবাৰ , চেপ্তেম্বৰ 25 2018
দ্বিতীয় বছৰ, দ্বাদশ সংখ্যা, ছেপ্টেম্বৰ, ২০১৮
চ’ৰাঘৰ / কথাশিল্প / দুখ ( ধ্ৰুৱজ্যোতি দত্ত )

দুখ ( ধ্ৰুৱজ্যোতি দত্ত )

: এক্সকিউজ মি৷
: য়েছ৷
: আপোনাৰ কাষত বাৰু কোনোবা আছেনে ?
: নাই বহক৷
আগন্তুক যাত্ৰীজনক মই কৈ উঠিলোঁ। যোৰহাটৰ পৰা গুৱাহাটী অভিমুখী ট্ৰেভেলাৰখনে তেতিয়াও যাত্ৰা আৰম্ভ কৰা নাছিল৷ সময় তেতিয়া পুৱা ছয় বাজিছে৷ মই সোঁফালৰ খিৰিকীৰ কাষৰ ছীটটোত বহি বাহিৰলৈ চাই কিবা এক বজাৰ মিটিংখনৰ কথাই ভাবি আছোঁ ৷ সঠিক সময়ত গৈ নাপালে বহুত দিগদাৰ হ’ব৷ আজিকালি নৈশ বাছত মই যাত্ৰা নকৰাৰ দৰেই হৈছে, ট্ৰেভেলাৰবোৰ ওলোৱাৰ পৰা৷ কিন্তু এটা নিয়ম হ’লে মোৰ সলনি হ’ল–সোঁফালে খিৰিকীৰ কাষত বহাটো৷ সেয়া লাগিলে নগাঁও বা গুৱাহাটী যাত্ৰাই হওক, নহ’লে তেজপুৰ যাত্ৰাই হওক৷ কিয়নো বুঢ়াপাহাৰৰ মাজৰ কাজিৰঙাখনৰ পিতনিত চৰি থকা গঁড়কেইটা, অকলশৰীয়া ম’হটো, পাৰৰ ফুটুকী হৰিণজাক আৰু টাৰ্ণিংকেইটা মোৰ অতিকে প্ৰিয়৷ ইতিমধ্যে গাড়ীয়ে গতি আৰম্ভ কৰিছিল৷ গাড়ীত পুৱাই ভক্তিগীত বাজি উঠাত পৰিৱেশটো অধিক মধুময় হৈ গৈছিল৷ সেই পৰিৱেশৰ মাজতে আৰম্ভ হৈছিল মাথোঁ কেইমুহূৰ্তমানৰ আগতে চিনাকি হোৱা আমাৰ কথোপকথন৷

: গছবোৰ কাটি দিয়াত ঠাইবোৰ কিবা চিনি নোপোৱাই হৈছোঁ বুজিছেনে৷ ৰাতিতো বাদেই, দিনতো কেতিয়াবা দিগদাৰ হয় ক’বলৈ ক’ত পাইছোঁহি৷

মানুহজনৰ কথাত মোৰ মুখেদি মাথোঁ এটা হুমুনিয়াহ ওলাই আহিল৷ জীয়াই থকাৰ আশাৰে ওপৰলৈ মূৰ তুলি থকা গছকেইজোপা দেখি বুকুখন বিষাই উঠিছিল৷ বিষাই উঠিছিল আশ-পাশৰ চৰাইবোৰৰ কিচিৰ-মিচিৰ শব্দবোৰ শুনি৷ এই চৰাইবোৰ বাৰু ক’লৈ যাব? এই কথাবোৰে মোৰ মনটো কুৰুকি কুৰুকি খাইছিল৷ গাড়ী ইতিমধ্যে বোকাখাত পাইছিলগৈ৷ আৰম্ভ হৈছিল মোৰ প্ৰিয় ঠাইকণৰ সৈতে কিছু মুহূৰ্ত একাত্ম হোৱাৰ তাগিদা৷ এই ঠাইকণৰ প্ৰতি মোৰ কিহৰ ইমান দুৰ্বলতা মই নিজেই নাজানো৷ পাহাৰ মোৰ কিয় ইমান প্ৰিয়, সেই কথা আজিও মোৰ বাবে দুৰ্বোধ্য সাঁথৰ৷ ক্ৰমাৎ গাড়ীয়ে গতি কৰিছিল পাহাৰৰ মাজে মাজে৷ মোৰ দুচকু নিবদ্ধ হৈছিল খিৰিকীৰ বাহিৰৰ পৃথিৱীখনৰ সৈতে৷ যিমান দূৰলৈকে চাব পাৰি চাই গৈছিলোঁ । প্ৰাকৃতিক শোভা চাই গৈছিলোঁ কাজিৰঙাৰ মুকলি অংশত ক’ৰবাত কিবা বন্যজন্তু দেখা পাওঁ বুলি৷ শাৰী শাৰী টিনপাতৰ ঘৰবোৰ ট টকৈ জিলিকিছে৷ সৌ সিদিনালৈকে এই ঠাইখিনিত ইমান জনসমাগম নাছিল৷ মানে ঘৰৰ সংখ্যাও ইমান বেছি নাছিল৷ আছিল যদিও বহু দূৰৰ মূৰে মূৰেহে একোটাকৈ আছিল৷ কিন্তু ইমানবোৰ ঘৰ! এটা দুৰ্বোধ্য সাঁথৰ হৈ কথাটো মোৰ মূৰটোত ঘূৰি থাকিবলৈ ল’লে৷ ট্ৰেভেলাৰখন বুঢ়ীআই থানত খন্তেক ৰ’ল৷ বুঢ়ীআই থানত সেৱা জনাই কণ্ডাক্টৰজনে পূজাৰ প্ৰসাদ সকলোৰে হাতে হাতে দি গ’ল৷ আৰম্ভ হ’ল আমাৰ আকৌ গুৱাহাটীমুখী যাত্ৰা৷

: আপুনি দেখিছোঁ ভাল পাহাৰৰ প্ৰেমিক৷

: না…ই৷ কিয় ক’লে? আচলতে পাহাৰৰে মই কেৱল প্ৰেমিক নহয় বুজিছে৷ মই প্ৰকৃতিৰো প্ৰেমিক৷ মই মোৰ ভাষাৰ প্ৰেমিক, মই মোৰ সংস্কৃতিৰো প্ৰেমিক৷

: আপুনি দেখিছোঁ ছিৰিয়াছ হৈ গ’ল৷ মই আচলতে…৷
: নাই নাই মই আপোনাক অলপো বেয়া পোৱা নাই বুজিছে৷ মই আমাৰ অসমখনৰ কাণ্ড-কাৰাখানাবোৰ দেখিহে কৈছোঁ৷ সৌ সিদিনা পতঞ্জলিয়ে খন্দা গাঁতত পৰি হাতীজনীৰ মৃত্যু, ৰে’লৰ আগত পৰি ইমান কেইটা হাতীৰ মৃত্যু , এইবোৰে মোক একেবাৰে ভবাই তোলে বুজিছে৷ তাৰ উপৰি, নাগৰিকপঞ্জীৰ ভিত্তিবৰ্ষ৷ কিমান আশাৰে পৰিৱৰ্তন বিচাৰি চৰকাৰখনক ভোট দিলোঁ৷ কিন্তু চাওকচোন কাণ্ডবোৰ, হিন্দু শৰণাৰ্থীবোৰক আকৌ অসমখনতহে ঠাই দিয়ে৷ আগতে ধুতী এৰি লুঙি পিন্ধাৰহে ভয় আছিল, এতিয়া দেখিছোঁ ভাষাটোও হেৰুৱাব লাগিব৷ ভাষা আন্দোলনত শ্বহীদ হোৱা শ্বহীদসকললৈ বেয়াই লাগে বুজিছে৷

মানুহজন মোৰ মুখলৈ চাই তধা লাগিছিল৷ মনৰ মাজৰ ক্ষোভবোৰ মানুহজনৰ আগত এফালৰ পৰাই গাই গ’লোঁ৷ পুনৰ মই নিজৰ পৃথিৱীত বিলীন হৈ পৰিলোঁ প্ৰকৃতিৰ সৈতে একাত্ম হৈ৷ মানুহজনেও হাতত থকা কাকতখন মেলি ল’লে৷ আৰম্ভ হ’ল মোৰ গছ-লতা আৰু পাহাৰৰ বুকুত শিলৰ লগত কথোপকথন৷

: সৌটো গঁড় চোৱা সোণ৷– আগৰ ছীটৰ মানুহজনে পিতনিত চৰি থকা গঁড়টোলৈ আঙুলিয়াই দেখুৱালে৷ খিৰিকীৰে জুমি চাই দেখোঁ কাষতে আৰু তিনিটা গঁড় চৰি আছে৷ তাৰে এটা এবছৰমান হোৱা পোৱালি৷ তাৰ কাষত অকলশৰে চৰি থকা ম’হটো৷ মনটো আনন্দেৰে ভৰি পৰিল৷ কাষৰ যাত্ৰীজনলৈ চাই দেখোঁ তেৱোঁ মোৰ দৰে গঁড়কেইটা চোৱাতহে ব্যস্ত৷

মই তেওঁক উদ্দেশ্যিয়েই ক’লোঁ –

: চাওকচোন এই গঁড়কেইটাক চাবলৈকে সাত সাগৰ তেৰ নদীৰ সিপাৰৰ মানুহ অসম তথা আমাৰ গৌৰৱ কাজিৰঙালৈ বুলি ঢাপলি মেলে, সেই কাজিৰঙাৰ গৌৰৱকে আকৌ এচাম দুষ্কৃতিকাৰীয়ে কেইটামান টকাৰ বাবে হত্যা কৰে৷ আচলতে চোৰাং চিকাৰীবোৰ দেশদ্ৰোহী বুজিছে৷ ইহঁতৰ ফাঁচি হ’ব লাগে৷

মানুহজনে খন্তেক সময় মোৰ ফালে তভক মাৰি চালে৷ তাৰ পাছত এইবাৰ তেৱোঁ মোৰ লগত সুৰ মিলাই ক’বলৈ ধৰিলে–

: এইবোৰ বুজিছে জন বিস্ফোৰণৰ বাবেই হৈছে৷ আপুনি চাওকচোন, আমাৰ নিজৰেই থাকিবলৈ ঠাই নাই, তাতে আকৌ চাওকচোন শৰণাৰ্থীৰ বোজা৷ থকাখিনিলেকে ঠাই নাই, আকৌ আলহীৰ বাবে ঘৰ৷ এফালৰ পৰা বন ধ্বংসৰ বাবেই বন্যপ্ৰাণীবোৰ জন অৰণ্যলৈ ঢাপলি মেলিছে৷ তাতো আকৌ যদি সেইসোপাও সোমাইহি, মুকলি ঠাই বাৰু ক’ত থাকিব? কাজিৰঙাৰ দৰে সকলো অভয়াৰণ্যই বন্যপ্ৰাণীবোৰ হেৰুৱাই নিজস্বতা হেৰুওৱাৰ দুখত চকুলো টুকিব লাগিব৷

মানুহজনক প্ৰত্যুত্তৰ দিয়াৰ সাহস মোৰ নাছিল৷ তেওঁ মোৰ দুচকুলৈ চাই তেওঁৰ দুচকু নমাই নিছিল৷ তেওঁ হয়তো বুজি উঠিছিল দুয়োৰে দুখৰ কেন্দ্ৰবিন্দু ক’ত৷ দুটা গধুৰ মন মেলি দিছিলোঁ গৈ থকা ট্ৰেভেলাৰখনৰ বুকুত…৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে