চ’ৰাঘৰ / ধাৰাবাহিক / নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’-চাৰি ( গীতালী বৰপাত্ৰগোহাঁই )

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’-চাৰি ( গীতালী বৰপাত্ৰগোহাঁই )

(যোৱা সংখ্যাৰ পাছৰ পৰা)

১৯৮২ চনত নিউয়ৰ্কৰ বাৰ্ণাড মহাবিদ্যালয়ৰ সভাত ৰেডিকেল নাৰীবাদীসকলৰ মাজত যৌনতাকেন্দ্ৰিক বিতৰ্কই তুমুল ৰূপ ধাৰণ কৰে৷ ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে পৰ্ণগ্ৰাফীৰ প্ৰচলন বন্ধ কৰাৰ সপক্ষে দাবী তুলি এই মত দাঙি ধৰিছিল যে পৰ্ণগ্ৰাফীত BDSM আৰু ‘Female sadomasochism’-ৰ জৰিয়তে নাৰী চৰিত্ৰটো যি ৰূপত উপস্থাপন কৰা হয়, সেয়াই মানুহৰ মানসিকতাত নাৰীৰ যৌন-সুখ সম্পৰ্কে কেতবোৰ ভ্ৰান্ত ধাৰণা আৰু ‘ৰেপ মিথ’ৰ সৃষ্টি কৰে৷ ৰেপ মিথ অৰ্থাৎ সমাজৰ একাংশ পুৰুষে বিশ্বাস কৰিবলৈ লয় যে ধৰ্ষণৰ সময়ত ধৰ্ষিত নাৰীগৰাকীও ধৰ্ষণ কৰি থকা পুৰুষজনৰ সমানেই যৌন সুখত তৃপ্ত হয়৷ যাৰ বাবে চুটী সাজ-পাৰ পৰিধান কৰা নাৰীকো তেওঁলোকে পুৰুষক প্ৰলোভিত কৰাৰ উদ্দেশ্যেই নাৰীয়ে এনে সাজ পৰিধান কৰে বুলি ভাবিবলৈ লয়।

ৰেডিকেল কালচাৰেল নাৰীবাদীসকলৰ মতে, পৰ্ণগ্ৰাফীত অংশগ্ৰহণ কৰাটো বেছিভাগ ক্ষেত্ৰতেই নাৰীৰ ইচ্ছা-নিৰ্ভৰ নহয়। এনে কৰ্মৰ বাবে সেইসকল নাৰীক অপহৰণ কৰি অনা হয়, যিসকল অতি দৰিদ্ৰ পৰিয়ালৰ, অৰ্থনৈতিক-সামাজিক ভাৱে নিম্ন বৰ্গৰ, অশিক্ষিত, পিছপৰা অঞ্চলৰ আৰু সংখ্যালঘু। ইয়াৰ ফলত নাৰী সৰবৰাহৰ দৰে অপৰাধ গঢ় লৈ উঠে। এই দূৰ্ভগীয়া নাৰীসকলে এয়া কৰিবলৈ বাধ্য হয় একমাত্ৰ আৰ্থিক অনাটনৰ কাৰণে। নিজৰ ইচ্ছাৰ বিপৰীতে যৌন কৰ্মৰ দৰে যি বিভৎসতাত এই নাৰীসকল লিপ্ত হ’বলগীয়াত পৰে, সিয়ে তেওঁলোকৰ শাৰীৰিক-মানসিক উভয় দিশতে অতি ক্ষতিকৰ প্ৰভাৱ বিস্তাৰ কৰে। ইয়াৰ ফলত নাৰীগৰাকী দীৰ্ঘস্থায়ী বেমাৰত ভোগে ( হতাশা, দু:চিন্তা, মানসিক চাপ, উৎকণ্ঠা, মাদক দ্ৰব্যৰ প্ৰতি আসক্তি) আৰু তেওঁলোকৰ বহুতে আত্মহত্যা কৰিবলৈ বাধ্য হয়৷ কাৰণ এই নাৰীসকলে এনে পুৰুষৰ লগত যৌনকৰ্ম কৰে, যাৰ প্ৰতি তেওঁলোক আকৰ্ষিত নহয়। সেই পুৰুষসকলে নাৰীগৰাকীৰ শৰীৰটোক লৈ খেলা কৰি মানসিক-শাৰীৰিক শোষণ কৰে। যৌন কৰ্মৰ উদ্দেশ্য হৈ পৰে নাৰীগৰাকীয়ে পুৰুষজনক দৈহিকভাৱে তৃপ্ত কৰা। বেছিভাগ পুৰুষ এইবাবেই যৌন কৰ্মীৰ কাষলৈ যায়৷ কাৰণ, তেওঁলোকে নাৰীৰ ওপৰত ক্ষমতাৰ প্ৰদৰ্শন কৰি ভাল পায়। যৌন কৰ্মই এই নিদৰ্শন ডাঙি ধৰে যে নাৰীৰ যৌনতাক কিনিব পাৰি, নাৰীৰ যৌনতাক ব্যৱহাৰ কৰিব পাৰি৷ নাৰী এক পণ্য সামগ্ৰী ৰূপে পৰিগণিত হয়।

এই মতৰ বিপক্ষে ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে যুক্তি দাঙি ধৰে যে পৰ্ণগ্ৰাফীয়ে নাৰীজনিত অপৰাধ বৃদ্ধি কৰিছে,এনে কথাৰ ওপৰত অধিক গুৰুত্ব দি পৰ্ণগ্ৰাফীৰ ওপৰতেই সকলো দোষ জাপি দি দায় সৰা মানসিকতাহে প্ৰকৃততে সমাজত গঢ় লৈ উঠে। ইয়াৰ ফলত এনে ভ্ৰান্ত ধাৰণাহে গঠন হয় যে ধৰ্ষণৰ বাবে প্ৰধানত নাৰীৰ শাৰীৰিক অৱয়ৱ আৰু যৌনতাই দায়ী। পৰ্ণগ্ৰাফী কেৱল পুৰুষসকলে পুৰুষসকলৰ বাবে নিৰ্মান নকৰে, নাৰীয়ে তেওঁলোকৰ নিজৰ বাবেও পৰ্ণগ্ৰাফী নিৰ্মাণ কৰে। নাৰীৰ প্ৰতি পুৰুষৰ হিংস্ৰতা আৰু জিঘাংসা প্ৰতিফলিত কৰাটোৱেই পৰ্ণগ্ৰাফীৰ একমাত্ৰ লক্ষ্য আৰু উদেশ্য নহয়।ই এক নিৰ্দিষ্ট ৰূপতে সীমাৱদ্ধ নহয়। পৰ্ণগ্ৰাফীত নাৰী-পুৰুষে কৰা যৌন কাৰ্যৰ বাহিৰেও নাৰীয়ে নাৰীৰ লগত আৰু পুৰুষে পুৰুষৰ লগত কৰা অৰ্থাৎ সমকামী নাৰী-পুৰুষৰ যৌনতাও প্ৰকাশ পায়। কিছুমান ঠাইত য’ত পৰ্ণক বন্ধ কৰা হৈছে, তাত আনকি সমকামিতাৰ প্ৰসংসমূহো আলোচনাৰ পৰা আঁতৰাই থোৱা হৈছে।

ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰ মতে যৌন কৰ্ম নাৰীৰ উপাৰ্জনৰ উৎস হ’ব পাৰে। ই নাৰী সবলীকৰণত সহায় কৰে। যৌনতাৰ বিক্ৰী অৰ্থনৈতিক স্বাৱলম্বিতাৰ বাবে আৰু ইয়াক আন সামগ্ৰীৰ বিক্ৰীৰ পৰা পৃথক কৰি তুলিব নোৱাৰি। এনেক্ষেত্ৰত কেৱল গ্ৰাহকৰেই নহয়, বিক্ৰেতাৰো কেতবোৰ অধিকাৰ থকা উচিত। তেওঁলোকৰ মতে, যৌন কৰ্মক অন্ততঃ সেইবিলাক কৰ্মতকৈ উত্তম বিকল্প হিচাপে গণ্য কৰিব পাৰি, যিবিলাক কৰ্মত নাৰীয়ে নিম্ন মানৰ মজুৰিৰ বিনিময়ত ঘন্টাৰ পাছত ঘন্টা বিনিয়োগ কৰে, যিবিলাক কৰ্মক সমাজে ‘নাৰীসুলভ কাম কাজ’ বুলি কৈ একে কৰ্ম আৰু সময়ৰ বাবে পুৰুষক অধিক আৰু নাৰীক কম মজুৰি দিয়ে। তদুপৰি, কিছুমান মহিলাৰ যৌনতাৰ প্ৰতি আসক্তি, ক্ষমতাৰ প্ৰতি  হেপাহ থাকে৷ তেওঁলোকে সেই অধিকাৰ লাভ কৰাটো আৰু নিজে বিচৰা ধৰণেৰে জীৱন নিৰ্বাহ কৰাটো অতি প্ৰয়োজন।

পুৰুষতান্ত্ৰিক সমাজে অধিকাংশ মহিলাক তেওঁলোকৰ যৌনতা নিষিদ্ধ কৰি ৰাখিবলৈ শিক্ষা দিলেও যৌনকৰ্মীসকলে তেওঁলোকৰ যৌনতা প্ৰয়োগ আৰু যৌনসংগী নিৰ্বাচনত সম্পূৰ্ণ স্বাধীনতা পায়। বিশেষকৈ পুৰুষতান্ত্ৰিক সমাজৰ সেই গৃহিণীসকলৰ তুলনাত তেওঁঁলোকে বিপৰীত মেৰুত অৱস্থান কৰে।পুৰুষতান্ত্ৰিক সমাজে নিৰ্ধাৰণ কৰা অনুসৰি পুৰুষজন পৰিয়ালৰ মূল উপাৰ্জনকাৰী আৰু মহিলাগৰাকী ঘৰৰ ভিতৰতে আবদ্ধ হৈ থকা প্ৰাণী৷ তেওঁ পৰিয়ালৰ সেৱা শুশ্ৰষাকাৰী আৰু পুৰুষজনৰ সন্তানৰ মাতৃ । এনে সমাজত বিয়াৰ ক্ষেত্ৰটো নাৰীগৰাকীৰ ইচ্ছা বা অনিচ্ছাৰ কোনো মূল্য নাথাকে। দিনৰ ভাগত পুৰুষজনে ঘৰৰ বাহিৰত আৰু নাৰীগৰাকীয়ে ঘৰৰ ভিতৰত সমানে কাম কৰে। পুৰুষজনে পৰিয়াল, নাৰীগৰাকীৰ দায়িত্ব লয় আৰু নাৰীগৰাকীয়ে তেওঁক পুৰুষজনে অন্ন,বস্ত্ৰ,বাসস্থান আদি যোগাৰ দিয়াৰ বিনিময়ত নিজৰ  শৰীৰটো উপভোগ কৰিবলৈ দিয়ে। যৌন সুখৰ সময়টো পুৰুষজনৰ ইচ্ছা-যৌনাকাংক্ষা আদিৰ ওপৰতহে গুৰুত্ব দিয়া হয়। আনকি নিশাৰ ভাগত নাৰীগৰাকী ভাগৰুৱা হৈ থাকিলেও বা যৌন ক্ৰিয়াৰ প্ৰতি অনাগ্ৰাহী হ’লেও পুৰুষজনৰ ওচৰত ধৰুৱা বাবেই তেওঁক যৌন সুখ দিবলৈ বাধ্য। ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰ মতে, এই গৃহিনীসকলৰ লগত যৌনকৰ্মীৰ পাৰ্থক্য এয়াই যে যৌন কৰ্মীসকলে কৰা যৌন ক্ৰিয়াৰ বাবে তেওঁলোকে পাৰিশ্ৰামিক লাভ কৰে আৰু যৌন কৰ্মীসকলৰ  শৰীৰটোৰ গৰাকী কেৱল এজন নিৰ্দিষ্ট পুৰুষ নহয়। আনকি তেওঁৰ শৰীৰটোৰ গৰাকী কোনো পুৰুষ নহয়। তেওঁৰ শৰীৰটোৰ গৰাকী তেওঁ কেৱল নিজেই। পুৰুষতান্ত্ৰিক সমাজত যৌনতাৰ ওপৰত সম্পূৰ্ণ অধিকাৰ আৰু নিয়ন্ত্ৰণ থাকে কেৱল এই যৌন কৰ্মী সকলৰহে।

ৰেডিকেল নাৰীবাদীসকলৰ মাজৰ এই যৌনতা কেন্দ্ৰিক যুজঁ পৰৱৰ্তী কালত বহু বিভ্ৰান্তি, অনৰ্থক বাক-বিতণ্ডা আদিৰে ভৰা বুলি বিবেচিত হ’লেও বা নাৰীবাদৰ দ্বিতীয় লহৰ বহু ক্ষেত্ৰত বিফল ৰূপে পৰিগণিত হ’লেও এই আলোচনাই পূৰ্বে সুপ্ত আৰু নিষিদ্ধ ৰূপত থকা সমাজৰ একো একোজন ব্যক্তিৰ যৌন পৰিচয়ৰ (sexual identity) ৰ বিভিন্নতাক মুকলি প্ৰেক্ষাপটলৈ লৈ আনিছিল।এই সময়চোৱাৰে এক উল্লেখযোগ্য সৃষ্টি বুলি বিবেচিত কৰিব পাৰি Anne Koedt ৰ কৰ্মৰাজিক।  Koedt য়ে ১৯৭০ চনত প্ৰকাশিত তেওঁৰ ‘The Myth Of the vaginal orgasm’ শীৰ্ষক ৰচনাৰাজিৰ জৰিয়তে নাৰীৰ যৌন সুখৰ যি পৰম্পৰাগত ধাৰণা চিকিৎসক তথা মনোবৈজ্ঞানিক সকলৰ মাজত (যিসকলৰ বেছিভাগেই পুৰুষ আছিল) পূৰ্বে প্ৰচলিত আছিল আৰু Sigmund freud-ৰ নাৰীৰ যৌনতাৰ সম্পৰ্কে থকা ধাৰণাক  প্ৰত্যাহবান জনায়। freud ৰ নাৰীৰ যৌন সুখৰ বৰ্ণনা অনুযায়ী নাৰীৰ ভগাংকুৰত উপলব্ধ যৌনসুখ  বা  ‘clitoris orgasm’ হ’ল  ‘juvenile’ বা অপূৰ্ণ অৱস্থা আৰু নাৰীৰ যোনিৰ জড়িয়তে লাভ কৰা যৌন সুখহে পূৰ্ণ অৱস্থা বা ‘mature’। গতিকে, যি নাৰীয়ে পুৰুষক যৌনক্ৰিয়াত সহযোগ কৰিবলৈ বা যৌনসুখ প্ৰদান কৰিবলৈ অসমৰ্থ হৈছিল তেওঁলোকক পৰম্পৰাগত সমাজত কামশীতল নাৰী বুলি অভিহিত কৰা হৈছিল। Koedt য়ে পৰম্পৰাগত ৰূপত প্ৰচলন হৈ অহা এই ধাৰণাক নসাৎ কৰিছিল যে নাৰীৰ যৌনসুখৰ উৎস নাৰীৰ যোনি নহয়। তেওঁ এই তথ্য দাঙি ধৰে যে ভগাংকুৰৰ তুলনাত নাৰীৰ যোনি সংবেদনহীন। নাৰীয়ে চৰম যৌনসুখ লাভ কৰে clitoris বা ভগাংকুৰৰ পৰাহে। কিন্তু ইয়াৰ দ্বাৰা নাৰীয়ে যৌন সুখানুভূতিহে পায়। প্ৰাকৃতিকভাৱে সন্তান জন্ম দিবলৈ হ’লে নাৰীৰ যোনিৰ অন্তৰ্ভাগেৰে কোনো পুৰুষৰ বীৰ্যৰ স্খলন হ’ব লাগিব। আনহাতে পুৰুষ প্ৰধান সমাজে নাৰীৰ ভুমিকা নিৰ্ধাৰণ কৰে সন্তান জন্ম দিয়া, সন্তান লালন-পালন আৰু সন্তানৰ সামাজিকীকৰণত। ইয়াৰ ফলত পুৰুষতান্ত্ৰিক সমাজৰ এই নীতি নিয়মসমুহ পালন নকৰাকৈ নাৰীয়ে যৌন সুখ লাভ কৰাটো পুৰুষতান্ত্ৰিক সমাজৰ বাবে অসহনীয় আৰু তাৰ বাবেই সমকামী আৰু সন্তানহীন নাৰীসকলৰ স্থান এই সমাজে অস্পৃশ্য বুলি নিৰ্ধাৰণ কৰে।

ৰেডিকেল কালচাৰেল আৰু ৰেডিকেল লিবাৰটেৰিয়ান এই দুই নাৰীবাদী ভাৱধাৰা পৰস্পৰে পৰস্পৰৰ শক্তিশালী সমালোচক আছিল যদিও পৰৱৰ্তী কালত এই দুয়োটা মতবাদ আন নাৰীবাদীসকলৰ দ্বাৰা সমালোচিত হৈছে। ৰেডিকেল কালচাৰেল নাৰীবাদীসকলৰ দৰেই ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰো কেতবোৰ বিভ্ৰান্তি আছিল।কাৰণ তেওঁলোকে নাৰীৰ ইচ্ছা বা অনিচ্ছাৰ ওপৰত ভিত্তি কৰি যৌন কৰ্মৰ বিষয়ে উল্লেখ কৰিছিল। কিন্তু বাস্তৱিকতে এখন পুৰুষতান্ত্ৰিক সমাজত বেছিভাগ ক্ষেত্ৰতে নাৰীয়ে নিজে নিৰ্বাচন কৰাৰ ক্ষমতা বা ইছা-অনিছাৰ কোনো গুৰুত্ব নাথাকে। সমাজবাদী দৰ্শনৰ নাৰীবাদী Ann Ferguson ৰ মতে এনে সমাজত নাৰী ভুল বিবেচনাশক্তিৰহে (false consciousness ) বলি হব পাৰে আৰু তেওঁ নিজেই নজনাকৈ পুৰুষতান্ত্ৰিকতাৰ দাসহে হৈ থাকিব লগীয়া হ’ব পাৰে। পৰৱৰ্তী কিছু নাৰীবাদীয়ে কয় যে বিবাহ কেৱল এক চুক্তি নহয়, ইয়াৰ পৰিসৰ বহল। ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলৰ মতে, নাৰীৰ প্ৰজনন ক্ষমতা যিহেতু নাৰীৰ বাবে সমাজলৈ আগবঢ়োৱা অৱদানৰ ক্ষেত্ৰত হেঙাৰ হৈ উঠে,গতিকে নাৰীয়ে টেকন’লজিৰ প্ৰয়োগৰ জৰিয়তে প্ৰাকৃতিক ভাৱে সন্তান জন্ম দিয়া কৰ্মৰ পৰা মুক্তি পাব লাগে ।এনেবোৰ ব্যাখাৰ জৰিয়তে তেওঁলোকে পৰৱৰ্তী কালত নাৰীৰ শৰীৰক পুঁজিবাদৰ দ্বাৰা ব্যৱহাৰ হবলৈ দুৱাৰ মুকলি কৰি দিলে। যাৰ ফলস্বৰূপে পৰৱৰ্তী পৰ্যায়ত নাৰী সৱলীকৰণৰ গইনা লৈ চলা সামগ্ৰীৰে এখন ৰমৰমীয়া বজাৰ গঢ় লৈ উঠিল। Ferguson ৰ মতে যৌনতা আৰু প্ৰজনন ক্ষমতাৰ এনে ধাৰণাহে বিকশিত কৰা উচিত, যি একেসময়তে নাৰীক যৌনতাৰ ওপৰত অধিকাৰ,তৃপ্তি আৰু নিয়ন্ত্ৰণৰ দিশটো বুজোৱাৰ লগতে যৌনতাক কেন্দ্ৰ কৰি সৃষ্টি হোৱা বিপদ আৰু ভয়াবহতাৰ দিশটোও ডাঙি ধৰে।

আমাৰ সমাজত নাৰীজনিত অপৰাধ বৃদ্ধি পোৱাৰ মূলতে পৰ্ণগ্ৰাফীক অভিযুক্ত কৰিব বিচৰা অধিকাংশ লোকে এই কথা পাহৰি যায় যে পৰ্ণগ্ৰাফীত যি সাৰ্বজনীন আবেদন বা ফেণ্টাচি থাকে, সেয়া সমাজ এখনৰ অন্তৰ্ভাগৰ পৰাই নিগৰিত হয়। পৰ্ণগ্ৰাফী হ’ল মানুহৰে সৃষ্টি। পৰ্ণগ্ৰাফীয়ে এখন বৃহত্তৰ সমাজৰ মানুহৰ মানসিকতা নিৰ্মাণ নকৰে আৰু সেয়া ইয়াৰ উদেশ্যও নহয়। পৰ্ণগ্ৰাফী হ’ল এক শিল্প বা সমাজত যৌনতাৰ মনোৰঞ্জন দিয়া এক সামান্য আহিলা মাথোঁ ,ইয়াত যিয়েই প্ৰতিফলিত নহওক তাৰ ভেটি হ’ল প্ৰচলিত সমাজ ব্যৱস্থা । পৰ্ণগ্ৰাফীৰ প্ৰচলন বন্ধ কৰি এই ফেণ্টাচিৰ সোঁত বাধা দিব নোৱাৰি। পৰ্ণগ্ৰাফীৰ মাধ্যমেৰে নহ’লেও ই যিকোনো প্ৰকাৰে  এদিন বিস্ফোৰিত হ’বই।

পৰ্ণগ্ৰাফীৰ প্ৰতি অত্যাধিক আসক্তি বা যোৱা সংখ্যাত আমি আমেৰিকা যুক্তৰাষ্ট্ৰৰ সমাজবিজ্ঞানী GAIL DINES য়ে আগবঢ়োৱা পৰ্ণগ্ৰাফীয়ে পুৰুষৰ ওপৰত পেলোৱা যি প্ৰভাৱৰ বিষয়ে উল্লেখ কৰিছিলো, তেনে হানিকাৰক প্ৰভাৱসমূহ সৃষ্টি হয় প্ৰধানত যৌনতা বিষয়ক মুকলি আলোচনাৰ অভাৱত। ৰক্ষণশীল সমাজত তথা বিশেষভাৱে য’ত লিংগ বৈষম্যই গভীৰভাৱে শিপাই আছে, তেনে সমাজত বেছিভাগ অভিভাৱকে তেওঁলোকৰ সন্তানৰ লগত যৌনতা বিষয়কেই নহয় আন বহু বিষয়ত মুকলি মনেৰে কথা পাতিবলৈ অস্বস্তিবোধ কৰে, ফলস্বৰূপে এক নিৰ্দিষ্ট বয়সৰ পাছত একাংশ কিশোৰ-কিশোৰীয়ে শৰীৰৰ স্বাভাৱিক প্ৰৱণতাৰে চিনেমা বা পৰ্ণগ্ৰাফীৰ দিহা-পৰামৰ্শকে মানি ল’বলৈ আৰম্ভ কৰে। যৌন অনুভূতিক নিষিদ্ধ  বুলি হেঁচি-ঠেলি দমাই ৰখাৰ ফলত এচাম যৌন ৰোগীৰ সৃষ্টি হোৱাৰ লগতে একাংশৰ বাবে যৌনতাৰ বিস্ফোৰণ ঘটে বীভৎস ৰূপত। পাপ-পূণ্যৰ সংজ্ঞাৰে যৌনতাক বান্ধি ৰখাৰ বাবে পুৰুষতান্ত্ৰিক সমাজত বহু বিধৱা নাৰীক তেওঁলোকৰ স্বাভাৱিক যৌন সুখৰ পৰা বঞ্চিত কৰি ৰখা হয়। অসমৰ সমাজত এনে বিধৱা নাৰীসকলক লৈ কেতবোৰ ‘অলৌকিক’ কাহিনীৰো প্ৰচলন আছে। নিশাৰ ভাগত দেহৰ স্বাভাৱিক তাড়নাত একাংশ এনে বিধৱা নাৰীয়ে মৃত পতিৰ জেষ্ঠ বা কনিষ্ঠ ভ্ৰাতৃৰ কাষলৈ গমন কৰিবলৈ বাধ্য হৈছিল। যেতিয়া লোকচক্ষুৰ আগত ধৰা পৰাৰ ভয় আহি পৰে, তেতিয়া এক অলৌকিক শক্তিৰ প্ৰৰোচনাত পৰি তেওঁ তেনে কাম কৰিছিল বুলি ‘ভূতে ধৰা’ মিথ্যাৰ আশ্ৰয় লৈছিল। ৰক্ষণশীল সমাজত বিবাহ পূৰ্ব যৌনতাৰ প্ৰতি থকা বাধা-নিষেধৰ বাবেও শীতল যৌনতা বা নিস্পৃহ যৌনসংগীৰ লগত বিবাহ-পাশত আৱদ্ধ হৈ একাংশ নাৰী-পুৰুষ তৃতীয় ব্যক্তিৰ সতে ফোন ছেক্স বা ছেক্স চাটৰ যিদৰে শৰনাপন্ন হৈছে, তেনেদৰেই দিনে দিনে পুৰুষ–নাৰীৰ মৈথুন সুখকৰ কৰাৰ অৰ্থে বিভিন্ন দৰৱ জাতিৰ আগমন ঘটিছে আৰু যৌনতাক আহিলা হিচাপে লৈয়ে একো একোখন বৃহৎ বজাৰ গঢ় লৈ উঠিছে। সংস্কাৰৰ লেটাত আৱদ্ধ সমাজত ইমানৰ পাছতো এই ধাৰণাৰ প্ৰসাৰ নহয় যে যৌনতাক আন্ধাৰতকৈ ৰখাতকৈ ইয়াৰ মুকলি আলোচনাহে গুৰুত্বপূৰ্ণ।

অতীতত পুৰুষতান্ত্ৰিকতাৰ ফলতেই যৌন কৰ্মীৰ সৃষ্টি হৈছিল৷ কিন্তু সাম্প্ৰতিক সময়ত এই কৰ্মত কেৱল নাৰীয়েই নহয়, বহু পুৰুষ  তথা ৰূপান্তৰকামী (transgender) ব্যক্তি সকলেও  অংশ লৈছে আৰু বহু বিদেশী ৰাষ্ট্ৰত যৌনতা এক উদ্যোগ  তথা চৰকাৰী ৰাজহৰ উৎস হিচাপে নতুন ৰূপত গঢ় লৈ উঠিছে। অসমৰ প্ৰেক্ষাপটত যৌন কৰ্মৰ কামৰ মৰ্যাদা বা স্বীকৃত কৰণৰ দাবীসমূহ এতিয়ালৈ উত্থাপন হোৱা নাই  বা উত্থাপন হ’লেও নিচেই চালুকীয়া অৱস্থাত আছে৷ কিন্তু, আমাৰ চুবুৰীয়া ৰাজ্য পশ্চিম বংগত এই সম্পৰ্কে ইতিমধ্যে যথেষ্ট চিন্তা-চৰ্চা আৰম্ভ হৈছে। ২০১৫ চনত  ভাৰতৰ সৰ্ববৃহৎ যৌন কৰ্মস্থান সোনাগাছিৰ কিছু যৌন কৰ্মীৰ লগত কথা পাতিছিলো আৰু তেওঁলোকৰ অধিকাৰৰ প্ৰসংগত চলি থকা দাবীসমূহৰ বিষয়ে বুজ লৈছিলো। সোনাগাছিৰ যৌন কৰ্মীসকলৰ বিভিন্ন দাবী আৰু অধিকাৰসমুহ যেনে–স্বাস্থ্যজনিত দিশসমুহ, আৰক্ষীৰ অত্যাচাৰ, নাৰী সৰবৰাহকাৰী তথা বলপূৰ্বক যৌন কৰ্মৰ বাবে বিৰোধিতা, AIDS ৰ সজাগতা, তেওঁলোকৰ সন্তানৰ দায়িত্ব-শিক্ষা-প্ৰতিভাৰ বিকাশ, চেনিটেৰি নেপকিনৰ ব্যৱহাৰ আদি দাবীসমূহ উত্থাপন কৰাত ভূমিকা লৈছিল দূৰ্বাৰ্ মহিলা সমন্বয় সমিতি নামৰ কলিকতাস্থিত এন জি অ’ টোৱে। এই যৌন কৰ্মীসকলক সামাজিকভাৱে আদৰি লোৱা হৈছে বুলি বা তেওঁলোকে যৌন কৰ্মৰ মৰ্যাদা আৰু অধিকাৰসমুহ সম্পূৰ্ণভাৱে লাভ কৰিছে বুলি একেষাৰে আমি কব নোৱাৰো যদিও  নিজৰ অধিকাৰৰ প্ৰসংগত ইতিমধ্যে তেওঁলোক অসমৰ তুলনাত বহুদূৰ আগুৱাই গৈছে। দূৰ্বাৰৰ কৰ্মচাৰীসকলে  জানিব দিয়া অনুসৰি ‘দূৰ্বাৰ’ শব্দটোৰ অৰ্থ হ’ল ‘unstoppable’ অৰ্থাৎ যাৰ গতি কেতিয়াও স্তদ্ধ নহয়।

(পৰৱৰ্তী সংখ্যাত)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে