চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / সংস্কৃতিৰ সাধক বিষ্ণুপ্ৰসাদ ৰাভা ( অম্লানিকা কলিতা)

সংস্কৃতিৰ সাধক বিষ্ণুপ্ৰসাদ ৰাভা ( অম্লানিকা কলিতা)

‘সুন্দৰ’ৰ পূজাৰী বিষ্ণু প্ৰসাদ ৰাভাই সপোন দেখিছিল এখন শ্ৰেণীহীন সমাজ গঢ়াৰ৷ সেই সপোন বাস্তৱায়িত কৰিবলৈ তেওঁ কেতিয়াবা হৈ পৰিছিল গীতিকাৰ, কেতিয়াবা সুৰকাৰ, কেতিয়াবা নৃত্য শিল্পী আৰু কেতিয়াবা বিপ্লৱী-নেতা। তেওঁ মনে প্ৰাণে ভাল পাইছিল অসমৰ সংস্কৃতিক, অসমৰ সমাজ জীৱনক৷ এই ভালপোৱাৰ প্ৰকাশ তেওঁৰ গীতত এনেদৰে ঘটিছে –
“যাউতি যুগীয়া
বৰগীত অমিয়া
বনগীত সুৰীয়া অ’
গোৱা অসমীয়া
প্ৰাণ ময় ভৰি
পূজাৰী অ’, পূজাৰী অ’..”

অসমৰ সাংস্কৃতিক ক্ষেত্ৰখন সমৃদ্ধ কৰিবলৈ বিষ্ণুপ্ৰসাদ ৰাভাই অহোপুৰুষাৰ্থ কৰিছিল৷ তেওঁ বিধায়ক হৈ থকাৰ সময়ত বিধানসভাত জাতীয় নাট্যশাল, ষ্টুডিঅ’, আৰ্ট কলেজ ইত্যাদিৰ প্ৰসংগ বলিষ্ঠভাৱে যুক্তি তৰ্কেৰে উপস্থাপন কৰিছিল। অসমৰ শিল্পী সমাজক লৈ তেওঁ আছিল সদা সচেতন। ড° ভূপেন হাজৰিকাই ৰাভালৈ লিখা এখন চিঠিত ৰাভাই বিধানসভাত প্ৰদান কৰা ভাষণৰ মাজত থকা এটি উৰ্দু কবিতা অসমীয়ালৈ অনুবাদ কৰিছিল এনেদৰে -.
‘“মই মোৰ ৰাইজৰ
চকুলো লৈ আহিছো
মোৰ বুঢ়া তৰোৱালত
শান দি আনিছো
কাম নহয় তাৰেও যদি
তেন্তে হে ভাৰত মাতৃ,
মই তোমালৈ কঢ়িয়াই আঁনিছো
এক মহা বিপ্লৱ… ৷“

২০ জুন, ১৯৬৯ চনৰ নিশা ২ বাজি ২০ মিনিটত সকলো শোকাকুল হৈ পৰিল । ৰাভাই যেন অপলক নেত্ৰেৰে চাই ৰ’ল সুদূৰৰ আকাশখনলৈ, জঁই পৰিল নাটঘৰ, সংস্কৃতিৰ বৰঘৰ৷ চিকিৎসকৰ ভাষাত বিষ্ণু ৰাভা “what a wonderful patient”, যি মৃত্যুৰ আগমুহূৰ্তলৈকে দৃঢ় মনা হৈ আনক হঁহুৱাই গ’ল। চিকিৎসালয়ৰ ২ নং ৱাৰ্ডৰ নীলা পোহৰ তেওঁৰ প্ৰিয় হৈ পৰিছিল, লাহে লাহে বগা পোহৰত তেওঁ কাকো মনিব পৰা নাছিল, দৃষ্টি শক্তি হেৰুৱাই পেলাইছিল । তেওঁৰ সেই অৱস্থাই আত্মীয়ক কন্দুৱাইছিল। মৃত্যু যন্ত্ৰণাত চটফটাই তেওঁ অস্ফুট স্বৰেৰে কিবা ক’ব খুজিছিল। অনুৰাগীয়ে যেতিয়া জানিব খুজিছিল তেখেতে কি ক’ব বিচাৰিছে, কিছু অস্পষ্ট কৈয়ে কৈছিল— “নতুন সুৰৰ গান গাইছোঁ ।”

বিষ্ণু ৰাভা কেৱল এজন ব্যক্তি নহয় – এক সংগ্ৰামী সত্তা। কেৱল ২০ জুন দিনটোত তেওঁক সুঁৱৰিয়েই আমি সেই সত্তাৰ প্ৰতি যথাযোগ্য সন্মান যাঁচিব নোৱাৰো। তেওঁৰ সৃষ্টিৰাজি জীয়াই থাকক উত্তৰ পুৰুষৰ মাজত ।শেষত ড° ভূপেন হাজৰিকা দেৱৰ ভাষাৰেই কওঁ – “ৰাভা এনেয়ে ওখ আছিল, শৰীৰ ওখ, মন ওখ, চিন্তা ওখ – কাম ওখ, সংগ্ৰাম ওখ, ত্যাগ ওখ শালস্তম্ভ হ’ল ।”

(লেখাৰ সৈতে সংলগ্ন ছবিখন অংকন কৰিছে হেমচন্দ্ৰ গগৈয়ে)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে