চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ৰূপান্তৰৰ শিল্পীঃ ফেৰেংগাদাও আবৌ (প্ৰাণজ্যোতি নাথ)–অতিথি সম্পাদকৰ কলম
বিষ্ণু ৰাভা (ডিজিটেল পেইণ্টিং)-- ঋতুপৰ্ণ বৰা

ৰূপান্তৰৰ শিল্পীঃ ফেৰেংগাদাও আবৌ (প্ৰাণজ্যোতি নাথ)–অতিথি সম্পাদকৰ কলম

সুৰৰে দেউলৰে
ৰূপৰে পূজাৰী
ভাঙি দিলি খুলি
দুৱাৰ সোণোৱালী
পূজাৰী অ’
সুন্দৰ পূজাৰী
সুন্দৰ পূজাৰী
সুন্দৰ পূজাৰী অ’……

সুৰৰ সোপানেৰে সুন্দৰৰ সোণোৱালী দুৱাৰ খোলাত ব্ৰতী, চিৰসুন্দৰৰ উপাসক জনেই আছিল ইষ্টাৰ্ণ ৰাইফলচৰ চুবেদাৰ মেজৰ গোপাল ৰাভাৰ যোগ্য পুত্ৰ বিষ্ণু প্ৰসাদ ৰাভা– দীন-হীন কৃষকৰ হিয়াৰ আমঠু ‘ফেৰেংগাদাও আবৌ’। গণশিল্পী হেমাংগ বিশ্বাসৰ ভাষাত, “সেউজীয়া ঘাঁহনিৰে ঘেৰা অসমৰ কোমল ৰঙা মাটি ভেদ কৰি মাজে মাজে মূৰ দাঙি থিয় হৈ আছে সৰু গ্ৰেণাইট শিলৰ পাহাৰ। আমাৰ সকলোৰে অতি প্ৰিয় ‘বিষ্ণুদা’ও আছিল তেনে।” (অসমৰ শিল্পী সৈনিকঃ বিষ্ণু প্ৰসাদ ৰাভা– হেমাংগ বিশ্বাস) সংস্কৃতিৰ নগৰী কলিকতালৈ পঢ়িবলৈ গৈ ৰাভাৰ মনত অংকুৰিত হৈছিল সুন্দৰৰ সাধনাৰ বীজ। তামৰঙী বিশাল চেহেৰাৰে কলেজীয়া জীৱনত ৰাভাই নাম কৰিছিল এজন সুনিপুণ খেলুৱৈ হিচাপে। সৰল আৰু আপোনভোলা ৰাভা, প্ৰিয় হৈ পৰিছিল কলেজীয়া সহপাঠী আৰু শিক্ষককসকলৰ। স্পষ্টবাদী, নিদৰ ৰাভাৰ ওপৰত এইসময়তে আইন ৰক্ষকসকল চকু পৰিল । ফলত কলিকতীয়া শিক্ষা আধাতে সামৰি ৰাভা গুচি গ’ল কোচবিহাৰলৈ। কোচবিহাৰৰ ভিক্টোৰিয়া মহাবিদ্যালয়ত অধ্যয়নৰত কালতেই বৰগীত চৰ্চাৰ মাজেৰে বিষ্ণুৰাভাই ন-কৈ উদ্ভাৱন কৰিছিল মহাপুৰুষ শংকৰদেৱক। এই চৰ্চা ইমান গভীৰ আৰু নিখুঁত আছিল যে, ৰাভাৰ মানসপটত গুৰু শংকৰ ভাস্বৰ হৈ উঠিছিল আৰু ৰং- তুলিকাৰ মাধ্যমেৰে চিত্ৰপটত গুৰুজনাক অবয়ব দিছিল ৰাভাই। বিতৰ্কৰ আওতালৈ আহিলেও এই ছবিসমূহ আছিল ৰাভাৰ সৃজনী প্ৰতিভাৰ অমূল্য স্বাক্ষৰ। ৰুছশিল্পী আনা পাভলোভাৰ ‘মুৰ্মূষ ৰাজহংস’ নৃত্য দেখি মন্ত্ৰমুগ্ধ হোৱা এইজনা ৰাভাই শিল্পীগৰাকীৰ দিক-নিৰ্দেশনা আন্তৰিকতাৰে গ্ৰহণ কৰি ভাৰতৰ বিভিন্ন মঠ-মন্দিৰ, গুহাত খোদিত মূৰ্তিসমূহৰপৰা বুটলি আনি ঘৰৰ বেৰত এঙাৰেৰে অথবা কান্ধৰ মোনাত কঢ়িয়াই ফুৰা সৰু বহী এখনত আঁকি উলিয়াইছিল বিভিন্ন নাচৰ মুদ্ৰা। ইও আছিল এক আশ্বৰ্য সৃজন-অভ্যাস। স্ব-শিক্ষণেৰে বেনাৰসৰ মঞ্চত ‘তাণ্ডৱ’ নৃত্য প্ৰদৰ্শন কৰি ৰাভা বিভূষিত হৈছিল ‘কলাগুৰু’ উপাধিৰে। অথচ মেট্ৰিক পৰীক্ষাত ষ্টাৰৰ্মাক পাই উৰ্ত্তীণ হোৱা এইজনা সৰ্বগুণাকৰে কলেজীয়া শিক্ষা সাং কৰিব পৰা নাছিল অনুচিত ৰাজনৈতিক বাধা-আৰোপত। বিদ্ৰোহী হৈ উঠিছিল শিল্পীজনা। শোষিতৰ মুক্তিৰ আকাংক্ষাত কৃষক-বিপ্লৱৰ মাজেৰে সোমাই পৰিল ৰাজনীতিৰ ক্ষেত্ৰখনত। স্বীকৃত হ’ল; দীন-হীনজনৰ ‘ৰজা’ হিচাপে। এই সংগ্ৰাম ৰাভাৰ বাবে স্ব-স্বাৰ্থজড়িত নাছিল, ই আছিল জনতাৰ হকে, জনতাৰ দ্বাৰা পৰিচালিত জনতাৰ সংগ্ৰাম। এইখিনিতে, পণ্ডিত ড° সঞ্জীৱ বৰকাকতীদেৱৰ ৰাভা বিষয়ক এই কথাখিনি উল্লেখযোগ্যঃ
“Bishnu Prasad Rabha’s polity was not confined to narrow party politics. He could have acquired immense political clout in the corridors of power after the country became independent, had he only wished it. But he preferred to continue with the struggle, which for him had only started in 1947 in the real sense of the term. He did not hesitate to declare categorically that the independence acquired by the country was a shame. The common masses remained in the dark abyss of poverty like they had been before. His strong stand made him enemy of the power that be. It was only at the instance of the Tezpur citizens towards the fag end of his life that he decided to fight from within the system. By then his health had deteriorated a lot. Otherwise the politics of Assam would perhaps have taken a different turn.”
( Bishnu Prasad Rabha: A neglected genius– Dr. Sanjib Kr Borkakoti )

মাতৃহাৰা হোৱাৰ দুখ, পিতৃহাৰা হোৱাৰ দুখ, শিক্ষা সমাপ্ত কৰিব নোৱৰাৰ দুখ বোধহয় পৰিৱৰ্তিত হৈছিল ক্ষোভলৈ। সেই ক্ষোভকেই প্ৰতিপালন কৰিছিল জনতা-পূজাৰ মাজেৰে, কলাৰ বাবে কলাক তুলি ধৰাতে জীৱন নিপাত কৰি ৰাভা পোৰা সোণৰ দৰে চিৰদিন জিলিকি থাকিল সংস্কৃতিৰ বহল পথাৰত, সংস্কৃতপ্ৰেমীৰ মনত। ৰাভা কেৱল এজন ব্যক্তি বা এটি শিল্পী-সত্ত্বায়েই নহয়, ৰাভা এটা ভ্ৰাম্যমান বৃহৎ প্ৰতিষ্ঠান।

‘বিষ্ণুৰাভা কোন?’– ৰাভাৰ সম্পূৰ্ণ সত্ত্বাৰ অন্বেষণেই এই সংখ্যাটিৰ মূল উদ্দেশ্য। যিমানবাৰ ৰাভাক বিচাৰি উলিওৱাৰ চেষ্টা কৰিছিলোঁ… সিমানবাৰেই অভিভূত হৈ পৰিছিলোঁ। কি নাছিল বিষ্ণু প্ৰসাদ ৰাভা! ৰাভা আছিল গুণৰ আকৰ, সৰল, সঁচা আৰু স্নেহশীল। তথাপি ক’ৰবাত, কোনোবাখিনিত যেন ৰাভা উপেক্ষিত হৈ থাকি গ’ল। ‘ৰাভাদিৱস’ৰ আঁৰত প্ৰকৃত বিষ্ণুৰাভাজন যেন হেৰাই গ’ল। আমি উদযাপন কৰিছো গীতিকাৰ ৰাভাক, সুৰকাৰ ৰাভাক, কবি ৰাভাক। অথচ আমি জানো, ৰাভা কেৱল কবি, সুৰকাৰ বা গীতিকাৰেই নাছিল। ‘কলাগুৰু’ উপাধিৰ আঁৰত হেৰুৱা অথবা হেৰাব ধৰা বিষ্ণু প্ৰসাদ ৰাভাক নকৈ তুলি ধৰাৰ সামান্য প্ৰয়াসঃ- ‘বৌদ্ধিক-বিচাৰ’ ই-আলোচনীৰ এই সংখ্যাটো। সংখ্যাটো কেৱল মোৰ বা আপোনাৰ বাবে নহৈ মোৰ ল’ৰা-ছোৱালী তথা আপোনাৰ ল’ৰা-ছোৱালীৰ বাবে হওক, সিহঁতৰ সতি-সন্ততিৰ বাবে হওক। এই সংখ্যাৰ পঠন আৰু মননে ৰাভা বিষয়ত এক দৃঢ় ধাৰণা লোৱাত উত্তৰ পুৰুষৰ সহায়ক হওক বুলিয়েই, গুণীজনৰ ৰাভা বিষয়ক কেইবাটিও প্ৰৱন্ধ এই সংখ্যাত সন্নিৱিষ্ট কৰা হৈছে, য’ত তেখেতসকলে বিভিন্ন দৃষ্টিকোণৰ পৰা ৰাভাক বিশ্লেষণ কৰিছে। এই সংখ্যা কবি ৰাভা, নাট্যকাৰ ৰাভা, সংগীতজ্ঞ ৰাভা, চিত্ৰশিল্পী ৰাভা, কমিউনিষ্ট ৰাভা, ৰাজনীতিক ৰাভা, লোক-সংস্কৃতিৰ গৱেষক ৰাভা তথা ব্যক্তি ৰাভাক তুলি ধৰাৰ এক ক্ষুদ্ৰ প্ৰয়াস। তাৰ বাবে সুধীসমাজৰ অনুমতি সাপেক্ষে তেখেতসকলৰ ৰাভাবিষয়ক প্ৰৱন্ধ এলানি প্ৰকাশ কৰাৰ লগতে বিভিন্ন সমলৰপৰা বিভিন্ন তথ্য সংগ্ৰহ কৰি, সেইসমূহো প্ৰকাশ কৰি পঢ়ুৱৈক বিষ্ণুপ্ৰসাদ ৰাভা সম্পৰ্কে এক সম্যক ধাৰণা দিয়াৰ চেষ্টা কৰা হৈছে। আশা যে, উপলব্ধ লিখনীসমূহ তথা লিখনী-সংগ্ৰহ পদ্ধতি/পুনৰ প্ৰকাশৰ ভুল-ভ্ৰান্তিক লৈ কোনো ব্যক্তি বিশেষৰে আপত্তি বা বিষোদগাৰ নাথাকিব; ৰাভাৰ প্ৰতি আমাৰ অন্তৰত প্ৰোথিত মৰম আৰু শ্ৰদ্ধাই এই সংখ্যাটিৰ চৰ্চা, পঠন-পাঠন তথা প্ৰসাৰ আৰু প্ৰচাৰত আগস্থান পাব। সেয়া হ’লে ধৰি ল’ম যে আমাৰ উদ্দেশ্য সফল হ’ল।

সংখ্যাটি সুচাৰুৰূপে আপোনাসৱৰ সমুখলৈ উলিয়াই দিয়াত বিভিন্নজনৰ আন্তৰিক সহায়-সহযোগ জড়িত হৈ আছে। সেইসকলৰ ভিতৰত শ্ৰদ্ধাৰ হোমেন বৰগোহাঞিদেৱ, ৰাভা-পুত্ৰ হেমৰাজ ৰাভাদেৱ, কাব্যঋষি নলিনীধৰ ভট্টাচাৰ্য দেৱৰ সুপুত্ৰ শ্ৰী ৰাজীৱ ভট্টাচাৰ্য দেৱ, শংকৰী কলা-কৃষ্টিৰ গৱেষক-পণ্ডিত সঞ্জীৱ বৰকাকতী দেৱ, কবি কৌস্তভমণি শইকীয়াদেৱৰ লগতে প্ৰথিতযশা চিত্ৰশিল্পী আমিনুল হকদেৱৰ নাম বিশেষভাবে উল্লেখনীয়। তদুপৰি লেখক-সংকলক-গৱেষক পৰমানন্দ মজুমদাৰ দেৱ আৰু যোৰহাট প্ৰিণ্স অৱ ৱেলচ মহাবিদ্যালয়ৰ অধ্যাপক ইছমাইল হোছেইন ডাঙৰীয়াই তেখেতসকলৰ এটিকৈ প্ৰবন্ধ প্ৰকাশৰ অনুমতি প্ৰদানেৰে সংখ্যাটি বাচকবনীয়া ৰূপত প্ৰকাশত অৰিহণা যোগোৱা বাবে দুয়োগৰাকীকে আন্তৰিক কৃতজ্ঞতা যাচিলোঁ। আন্তৰিক ধন্যবাদ যাচিলোঁ বিদ্যুৎ কুমাৰ ভূঞা দেৱকো। আলোচনীখনৰ ‘জুন সংখ্যা’টি সুচাৰুৰূপে আপোনাসৱৰ সমুখলৈ আগবঢ়াই দিয়াৰ কৃতিত্বৰ দাবীদাৰ– টীম বৌদ্ধিক বিচাৰ; লগতে ভাইটি ইন্দ্ৰনীল, সুব্ৰতা গোস্বামী, নাজিৰা মহাবিদ্যালয়ৰ অসমীয়া বিভাগৰ অধ্যাপক ৰাজীৱ বৰা দা, সদৌ অসম কবি সন্মিলনৰ প্ৰাক্তন সম্পাদক পৰাগজ্যোতি মহন্ত দা, অভিজিৎ কলিতা দা– এখেতসকলৰ ওচৰতো আমি ধৰুৱা। আপোনাসৱৰ আশাশুধীয়া সহায় আৰু উদগনিৰ অবিহনে এই সংখ্যাটি প্ৰকাশৰ আশা আধৰুৱা হৈ থাকিলেহেঁতেন। শেষত, ৰাভাৰ স্কেচ্ছ অংকনেৰে সংখ্যাটি আকৰ্ষণীয়কৈ সজাই তোলাৰ অংশীদাৰ কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশী, ঋতুপৰ্ণ বৰা, জাণ্টু(হেমচন্দ্ৰ গগৈ), চন্দ্ৰমিকা, প্ৰিয়ম পল্লী, হিমাংশু আচাৰ্য সহিতে অন্বেষালৈ যাচিলোঁ অলেখ শুভকামনা আৰু স্নেহাশিস। পৰৱৰ্তী সময়তো পদে-পদে আপোনাসৱৰ সহায়-সহযোগিতা, পথ-নিৰ্দেশনা আমাৰ কাম্য। সংখ্যাটি আটকধুনীয়াকৈ সজোৱাৰ আপাহতে কিছু ছবি ইণ্টাৰনেটৰ পৰা সংগ্ৰহ কৰা হৈছিল, সেই অনামী শিল্পীসকললৈও আমাৰ সশ্ৰদ্ধ প্ৰণাম।

সংখ্যাটি উত্তৰ প্ৰজন্মলৈ এটি শুভ বাৰ্তা হওক, এই আশাৰে…

প্ৰাণজ্যোতি নাথ
সম্পাদক, জুন সংখ্যা
বৌদ্ধিক বিচাৰ ই-আলোচনী

2 মন্তব্য

  1. সুদেষ্ণা মহন্ত গোস্বামী

    প্ৰাণজ্যোতি বৰ ধুনিয়াকৈ লিখিছে , ভাল লাগিলে বিষ্ণু প্ৰসাদ ৰাভাৰ ওপৰত আলোকপাত কৰাৰ বাবে।

Leave a Reply

Your email address will not be published. Required fields are marked *