চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / “ৰ’ড ষ্টাৰ”ৰ এখন মঞ্চ ( নীলিম আকাশ কাশ্যপ )

“ৰ’ড ষ্টাৰ”ৰ এখন মঞ্চ ( নীলিম আকাশ কাশ্যপ )

(১)
মানুহৰ এটা জুম। কিনো হৈছে জনাৰ অভিপ্ৰায়েৰে খোজ আগবঢ়ালোঁ জুমটোৰ ফালে। মানুহ ঠাহ খাইছে। পথৰ দাঁতিত বহি আছে এজন লোক, তেওঁলৈ সকলোৰে দৃষ্টি। গল মেলি মানুহজনলৈ চালোঁ। চুটি চুটিকৈ কটা চুলিৰে মানুহজনৰ মুখখনৰ অধিকাংশ আৱৰি ৰাখিছে এমুখ দাড়িয়ে। মিঠা বৰণীয়া মানুহজন। হঠাতে তেওঁৰ চকুলৈ দৃষ্টি বাগৰি গ’ল মোৰ। হয়, দেখিয়েই ধৰিব পাৰিলোঁ, মানুহজনৰ দুয়োটা চকুৰেই দৃষ্টিশক্তি নাই। মানুহজনৰ হাতত এখন টোকাৰী।

জুম বন্ধা লোকসকলে নলবাৰী হৰি মন্দিৰৰ সমীপৰ পথৰ দাঁতিত বহি থকা সেই মানুহজনক চাবলৈকে যে ভিৰ কৰিছেহি, কথাটো বুজিবলৈ বেছি সময় নালাগিল। মানুহজনৰ হাতত থকা টোকাৰীখন দেখি অনুমান কৰিলোঁ – তেওঁ হয়তো গায়ক। তেওঁৰ গান শুনিবলৈকে হয়তো ইমান ভিৰ। ৰৈছোঁহে মাথোন, কিছুপৰৰ বিৰতিতে মানুহজনে হাতৰ টোকাৰীখন বজাই বজাই গাবলৈ ল’লে গীত। টুথপেষ্টৰ পৰশ কাচিতহে পৰা (!) গুলপীয়া আৰু বগা বৰণৰ সংমিশ্ৰণ ঘটা দাঁতবোৰ উলিয়াই উলিয়াই তেওঁ আৰম্ভ কৰিলে তেওঁৰ গীতৰ অনুষ্ঠান। কণ্ঠশিল্পী বাবুৰ কণ্ঠসমৃদ্ধ তথা কেউদিশে জনপ্ৰিয়তা পাবলৈ সক্ষম হোৱা ‘চেনিমাই’ গীতটো গাবলৈ ল’লে অন্ধ গায়কজনে। অৱশ্যে মূল কণ্ঠশিল্পীজনৰ দৰে নহয়, অলপ অন্য আৰু একান্তই নিজস্ব আংগিকত তেওঁ গাই গ’ল বাবুৰ ‘চেনিমাই’ শীৰ্ষক গীতটো এনেদৰে – ‘অ’ চেনিম্যাই তুৰুৰুৎ তুৰুৰুৎ….।’ সুৰ একেটাই, মাথোঁ চেনিমাই শব্দটো অলপ বেলেগকৈ গাইছে তেওঁ। মূল গীতটোৰ ‘অ’ চেনিমাই’ৰ পিছতে থকা বাদ্যাংশকো দৃষ্টিহীন সেই গায়কজনে মুখেৰেই এক বিশেষ আংগিকত গাইছে ‘তুৰুৰুৎ তুৰুৰুৎ’ বুলি। কিন্তু তেওঁৰ কণ্ঠত কিবা এটা যাদু দেখিলোঁ মই, যিয়ে যেন ‘ছুমন্তৰ’ বুলি মন্ত্ৰমুগ্ধ কৰি ৰাখিছে জুম বান্ধি থকা মানুহবোৰক।

গীতটো শেষ হোৱাৰ লগে লগে দুই এজনে তেওঁক খুচুৰা পইচা কেইটামান দিলে। ময়ো দিলোঁ। কিয় জানো, মানুহজনক জানিবলৈ মন গ’ল মোৰ। সুধিলত গম পালোঁ যে তেওঁৰ নাম মণ্টু আলী। নলবাৰীৰ মণ্টু আলী নামৰ অন্ধ গায়কগৰাকীৰ ঘৰত তেওঁৰ বাহিৰে কন্যা সন্তান এগৰাকীও আছে। এনেদৰে পথৰ দাঁতি, ৰে’ল, ৰে’ল ষ্টেছন, বজাৰ আদিত গীত গাই যি দুই এটকা পায়, তাৰেই পেট প্ৰৱৰ্তোৱাই নহয়, হাইস্কুলীয়া ছাত্ৰী ছোৱালীজনীকো পঢ়াই আছে মণ্টু আলীয়ে। তেওঁৰ বিষয়ে সোধা কথাখিনি ততাতৈয়াকৈ জনাই পুনৰ গান গোৱাৰ বাবে সাজু হ’ল মণ্টু আলী। কথা পাতিলেতো নহয়, গাবই লাগিব ! গায়েই চলিব লাগিব ! হয়তো সেয়েই পুনৰ… ।

মণ্টু আলীৰ আনটো গান শুনাৰো ইচ্ছাক মনতে সাঁফৰ মাৰি আগবাঢ়িলোঁ। লক্ষ্যস্থান – সৰভোগৰ গৰখীয়া গোসাঁই থান। গৰখীয়া থানতেই জিউৰ অন্নপ্ৰাসনৰ ব্যৱস্থা কৰা হেতুকে সিদিনা মণ্টু নামৰ অন্ধ গায়কজনৰ পৰৱৰ্তী গানবোৰ নুশুনি লক্ষ্যস্থানলৈ ৰাওনা হ’লোঁ। … থানৰ চৌহদৰ বাহিৰত জোতা খুলিবলৈ লৈছোঁ মাথোন, তেনেতে গলগলীয়া কণ্ঠেৰে কোনোবাই গোৱা গান এটা কাণত পৰিল। আগুৱাই গ’লোঁ।দেখিলোঁ , বিশেষ ভাৱে সক্ষম লোক এজনে গৰখীয়া গোসাঁই থানৰ পদূলিতে বহি গীত জুৰিছে। ভিতৰলৈ নগৈ ৰৈ শুনি থাকিলোঁ তেওঁৰ গীত । বেচ কিছুপৰ শুনিলোঁ। এওঁৰ কণ্ঠটো গলগলীয়া, গান এৱোঁ খুব সুন্দৰকৈ গায়। নাম সুধি গম পালোঁ, বৰপেটা জিলাৰ সৰভোগ-কুমিৰাৰ সেই বিশেষ ভাৱে সক্ষম ২০-২২ বছৰীয়া যুৱকজনৰ নাম জ্যোতিষ। এওঁৰ গায়কীতো এটা বিশেষত্ব বিচাৰি পালোঁ। মণ্টু আলীয়ে ‘তুৰুৰুৎ তুৰুৰুৎ’ বুলি বাদ্যাংশকো মুখেৰে গায়; আনহাতে, জ্যোতিষে টেলিভিছন চেনেলত কোৱাৰ দৰে দুটা গান গাই উঠিয়ে ডাঙৰ ডাঙৰকৈ কয় – ‘এতিয়া ক্ষন্তেক বাণিজ্যিক বিৰতি, অলপ পাছতে আকৌ গীতৰ শৰাই ‘। তদুপৰি সৰভোগৰ জ্যোতিষে তেওঁৰ হাতত কোনোবাই টকা গুঁজি দিয়াৰ লগে লগে দিওঁতাক আশিস দিবলৈ নাপাহৰে।

(২)
নলবাৰীৰ মণ্টু কিম্বা সৰভোগৰ জ্যোতিষৰ দৰে অজস্ৰ বিশেষ ভাৱে সক্ষম কণ্ঠশিল্পী অসমৰ অ’ত-ত’ত ঠাহ খাই আছে। মাথোন কেইটামান উদাহৰণ আগবঢ়াইছোঁ থাওকতে। দৰঙৰ ছোৱাইব নামৰ অন্ধ কিশোৰ এগৰাকীয়েও খুব সুন্দৰকৈ গান গায়। তেওঁৰ আত্মবিশ্বাস -ছোৱাইব আখতাৰ যদি ক্ৰিকেট ফিল্ডৰ বাঘ, দৰঙৰ ছোৱাইব গানৰ বাঘ ! একেদৰে ডিব্ৰুগড়ৰ ৰাজু বৰা, যোৰহাটৰ অমূল্য গগৈ, শিৱসাগৰৰ অনিল কাকতী, লংকাৰ ইছইছলাম আলী, ধুবুৰীৰ জাহিৰা খাতুন, বিহপুৰীয়াৰ ক্ৰমে নমিতা দাস, প্ৰতিভা, হৰমোহন ডেকা, চুলেমান কাঠ আদিকে ধৰি কিমানগৰাকী যে এনে প্ৰতিভাৱান বিশেষভাৱে সক্ষম শিল্পী আমাৰ চৌপাশে আছে, তাৰ হয়তো প্ৰকৃত লেখ নাই।

সংগীতৰ ক্ষেত্ৰখনত ভূপেন হাজৰিকা, খগেন মহন্ত, দ্বীপেন বৰুৱা কিম্বা সাম্প্ৰতিক সময়ৰ হাৰ্টথ্ৰ’ব জুবিন গাৰ্গ, অংগৰাগ পাপন মহন্ত, বাবু বৰুৱা, প্ৰিয়ংকা ভৰালী আদি যিদৰে শিল্পী, একেদৰে এওঁলোকো শিল্পী। পাৰ্থক্য মাত্ৰ এটা – এওঁলোক অনাৱিষ্কৃত, অৱহেলিত শিল্পী। মোৰ দৃষ্টিত road star এওঁলোক।

(৩)
আগুৱাই যোৱাৰ বাট এওঁলোকে দেখা নাই,নাজানে সফলতাৰ আকাশৰ ৰং কেনেকুৱা-নাই এওঁলোকৰ খুব গাঢ় উচ্চাকাংক্ষা। গান গাই পোৱা কেইটামান টকাৰে তেওঁলোকে পেট প্ৰৱৰ্তাই আহিছে। সেয়াই এওঁলোকৰ জীৱনৰ ৰং। আনকি এওঁলোকে আমাৰ পৰা এধানিমান সঁহাৰিও হয়তো পোৱা নাই। পালে হয়তোবা এওঁলোকৰ মুখকেইখন বেছি উজলিলহেঁতেন, গানবোৰো বৰ্তমানতকৈ বেছি শ্ৰুতিমধুৰ হ’লহেঁতেন। আনকি এওঁলোকৰ বাবে এখন platform-ৰো অভাৱ। শেহতীয়াকৈ দুটা টেলিভিছন চেনেল ক্ৰমে ‘ডি ৱাই ৩৬৫ ‘ আৰু ‘নিউজ লাইভ ‘ৰ ক্ৰমে ‘আকাশ চুবলৈ মন’ আৰু ‘সুখৰ সংজ্ঞা বিচাৰি’ নামৰ দুটা অনুষ্ঠানত এনে বিশেষ ভাৱে এচাম শিল্পীক আত্মপ্ৰকাশৰ সুযোগ দিয়া পৰিলক্ষিত হৈছে। এয়া প্ৰকৃতাৰ্থত আশাব্যঞ্জক। যি কি নহওক, ৰাজ্যখনৰ অ’ত-ত’ত অৱহেলিত হৈ ৰোৱা road star-সকলক এখন মঞ্চ দিয়াৰ উদ্দেশ্যে জনতা জনাৰ্দনলৈ আগবঢ়াব বিচাৰিছোঁ এটা প্ৰস্তাৱ। আমি বিহুকে ধৰি বিভিন্ন উপলক্ষত বছৰটোৰ নানা সময়ত ভিন্ন সাংস্কৃতিক সন্ধিয়া পাতোঁ। এনে সন্ধিয়াত লক্ষ লক্ষ টকা ব্যয় কৰি আমি জনপ্ৰিয়তা নামৰ তথাকথিত ধাৰণাটোত নাম সন্নিবিষ্ট শিল্পীক আমন্ত্ৰণ জনাওঁ। আনকি এনে সন্ধিয়াৰ বৃহৎ বাজেটৰ পৰিপ্ৰেক্ষিততে চান্দা নামৰ এটা অপসংস্কৃতি আমাৰ মাজত বাৰুকৈয়ে শিপাইছে। মোৰ মুকলি প্ৰস্তাৱ – সাংস্কৃতিক সন্ধিয়াবোৰত আমি road star-সকলৰ দৰে শিল্পীক মাতিব নোৱাৰোঁনে ! মই ভাৱোঁ , মাতিলে কেইটামান বৰ ভাল কাম কৰা হ’ব । সেইবোৰ ক্ৰমে –
(১)এই অৱহেলিত শিল্পীসকলৰ পেটৰ ভোক কমোৱাত কিছুপৰিমাণে হ’লেও হাত উজান দিয়া হ’ব ।
(২) চান্দা নামৰ অপসংস্কৃতিৰ প্ৰভাৱ হ্ৰাস পাব ।
(৩) এচাম ন-শিল্পীক জন্ম দিয়া হ’ব ।
(৪) ই হ’ব মানবীয়তাৰ এক উৎকৃষ্ট নিদৰ্শন ।
সৰ্বতোপৰি , মই নিশ্চিত – এখন ভাল মঞ্চ , ৰাইজৰ হাতচাপৰি আৰু অলপ বাদ্যযন্ত্ৰ পালে নলবাৰীৰ মণ্টু কিম্বা সৰভোগৰ জ্যোতিষৰ দৰে অসমৰ শদিয়াৰ পৰা ধুবুৰীলৈ গিজগিজাই থকা আনুষ্ঠানিক শিক্ষাবিহীন বিশেষ ভাৱে সক্ষম শিল্পীসকলে প্ৰমাণ কৰি দিব যে আমি দেখি অহা star-সকলতকৈ তেওঁলোকে কোনোক্ষেত্ৰতে পিছপৰা নহয়। কেৱল road star নহয় , তেওঁলোকৰ প্ৰত্যেকেই একো একোগৰাকী rock star কিম্বা singing star বুলি তেতিয়াই তেওঁলোকে প্ৰতীয়মান কৰিবলৈ সক্ষম হ’ব বুলি মোৰ বিশ্বাস। নৈ বোৱাম বুলি ৰাইজে নখ জোকাৰিলেই হয়তো উজলি উঠিব জ্যোতিষ-মণ্টুহঁতৰ দৰে আমাৰ চৌপাশৰ হেজাৰ অৱহেলিত তৰা।

(কৃতজ্ঞতাঃ জগত বৰা আৰু হীৰকজ্যোতি কলিতালৈ )

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে