চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / প্ৰীথি শ্ৰীনিৱাসন: ক্ৰিকেটৰ পৰা হুইলচেয়াৰলৈ ( ৰুবী বৰা )

প্ৰীথি শ্ৰীনিৱাসন: ক্ৰিকেটৰ পৰা হুইলচেয়াৰলৈ ( ৰুবী বৰা )

প্ৰীথি শ্ৰীনিৱাসন এক ব্যক্তিত্ব, যাক অচল শৰীৰেও জীৱন যুঁজত বাধা দি ৰাখিব নোৱাৰিলেঃ যি হৈ পৰিল বিশেষভাৱে সক্ষম সকলো ব্যক্তিৰ বাবে প্ৰেৰণাৰ থল, আশাৰ প্ৰদীপ।

১৯৭৯ চনৰ ৫ ছেপ্তেম্বৰত চেন্নাইত জন্ম গ্ৰহণ কৰা প্ৰীথি শ্ৰীনিৱাসন আছিল তামিলনাডুৰ ১৯ বছৰ অনুৰ্ধ্ব মহিলা ক্ৰিকেট দলৰ কনিষ্ঠতম খেলুৱৈ। ৪ বছৰ বয়সৰ পৰাই ক্ৰিকেটৰ প্ৰতি ৰাপ থকা প্ৰীথিয়ে কেৱল মাত্ৰ ৮ বছৰ বয়সৰ পৰাই ৰাজ্যিক দলৰ হৈ খেলাৰ সৌভাগ্য অৰ্জন কৰিছিল। ১৯৯৭ চনত চেম্পিয়নশ্বিপত বিজয়ী তামিলনাডুৰ ১৯ অনুৰ্ধ্ব ক্ৰিকেট দলটোক তেওঁ প্ৰতিনিধিত্ব কৰিছিল। ক্ৰিকেট খেলুৱৈ হোৱাৰ সমান্তৰালভাৱে তেওঁ এগৰাকী ৰাষ্ট্ৰীয় পৰ্যায়ৰ সাতুৰবিদ আছিল। মাত্ৰ ১৮ বছৰ বয়সতেই সকলো ক্ষেত্ৰতে নিজৰ প্ৰতিভাৰে জিলিকি উঠিছিল। কিন্তু উজ্জ্বল ভৱিষ্যতৰ বাট বুটলি থাকোতেই হঠাৎ হোৱা এটা ঘটনাই সকলোবোৰ ওলট-পালট কৰি পেলাইছিল৷

১১ জুলাই ১৯৯৮ চন৷ প্ৰীথি তেওঁৰ বন্ধু বান্ধৱীৰ সৈতে চেন্নাইৰ পৰা পণ্ডিছেৰীলৈ এটা শিক্ষামূলক ভ্ৰমণৰ বাবে গৈছিল। উভতি আহোঁতে পণ্ডিছেৰীৰ নিকটৱৰ্তী সাগৰৰ পাৰত অলপ সময় কটোৱাৰ কথা ভাৱিলে। এগৰাকী সাঁতুৰবিদ হিচাপে পানীৰ লগত যথেষ্ট ভাল সম্পৰ্ক আছিল। বন্ধুবৰ্গৰ লগতে প্ৰীথিও নামি গৈছিল সাগৰৰ বুকুলৈ আৰু পানীত খেলিবলৈ আৰম্ভ কৰিছিল। হঠাৎ তেওঁৰ দেহৰ মাজেৰে এক বিজুলী সোঁত পাৰ হৈ যোৱা অনুভৱ কৰিলে। লগে লগে তেওঁ শৰীৰটো লৰচৰ কৰিবলৈ আপ্ৰাণ চেষ্টা কৰিও সফল হ’ব পৰা নাছিল। লগৰ সকলোবোৰে আহি তেওঁক পানীৰ পৰা দাঙি নিনিয়ালৈকে কেৱল উশাহটোহে লৈ আছিল। প্ৰীথি কোনো শিল বা আন পদাৰ্থৰ দ্বাৰা আঘাতপ্ৰাপ্ত হোৱা নাছিল, তেওঁৰ দেহৰ মাজেৰে অস্বাভাৱিক ভাৱে পাৰ হৈ গৈছিল সাগৰৰ ঢৌত সৃষ্টি হোৱা বৈদ্যুতিক সোঁত। এক অকল্পনীয় ঘটনা। লগে লগে প্ৰীথিক পণ্ডিচেৰীৰ এখন মেডিকেললৈ লৈ যোৱা হ’ল। কিন্তু আচৰিতভাৱে তাৰ চিকিৎসকে এয়া এটা দুৰ্ঘটনা হোৱাৰ বাবে চিকিৎসা আগবঢ়াবলৈ অস্বীকাৰ কৰিলে। তেওঁক চেন্নাইলৈ লৈ অহা হ’ল, যাৰ বাবে সময় লাগিছিল ৪ ঘন্টা। এই চাৰিঘন্টা সময়েই প্ৰীথিৰ জীৱনৰ ৰং সলনি কৰি দিলে। সেই সংকটজনক অৱস্থাত জৰুৰীকালীন চিকিৎসাৰ পৰা বঞ্চিত হোৱাও প্ৰীথিৰ বিকল শৰীৰৰ অন্যতম কাৰণ। প্ৰীথিৰ মেৰুদণ্ড আঘাতপ্ৰাপ্ত হৈছিল। এখন হুইলচেয়াৰত বন্দী হৈছিল ক্ৰিকেটাৰ, সাঁতুৰবিদ প্ৰীথিৰ জীৱন। এই কঠিন সময়খিনিত তেওঁ অনুভৱ কৰিছিল “কেৱল ১৮ বছৰ বয়সতেই সকলো দিশতে মই লাভ কৰা সফলতাত মই যথেষ্ট সুখী আছিলো। মোৰ কঠোৰ পৰিশ্ৰমৰ ফল মই পাইছিলো। ভৱিষ্যতটো আৰু সফল কৰিবৰ বাবে মই পোহৰ দেখিছিলো উৎসাহিত হৈছিলো কিন্তু মই ভৱা নাছিলো যে সেই মই এইদৰে হুইলচেয়াৰত আৱদ্ধ থাকি এটা আঙুলিও লৰচৰ কৰিব নোৱাৰা অৱস্থা হ’ব। মই মোক সম্পূৰ্ণৰূপে হেৰুৱাই পেলাইছিলো আৰু কেৱল মৃত্যু কামনা কৰিছিলো।”

তেওঁক সুস্থ কৰি তুলিবৰ বাবে পৰিয়ালৰ মানুহে যথেষ্ট সহায় কৰিছিল। তেওঁৰ মনোবল বৃদ্ধি পাইছিল। তেওঁ স্কুলীয়া জীৱন আমেৰিকাত পাৰ হৈছিল আৰু আমেৰিকাৰ ২% অত্যন্ত মেধাৱী শিক্ষাৰ্থীৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছিল। কিন্তু যেতিয়া তেওঁৰ দুৰ্ঘটনাৰ পাছত ডিগ্ৰী গ্ৰহণৰ বাবে দেউতাক কেইবাখনো বিশ্ববিদ্যালয়লৈ গ’ল, কোনেও তেওঁক নামভৰ্তিৰ বাবে অনুমতি নিদিলে৷ কিয়নো তাত শাৰীৰিকভাৱে অক্ষম লোকৰ বাবে সুবিধা উপলব্ধ নাছিল। তেওঁ শ্ৰেণীত উপস্থিত থাকিবলৈ শিক্ষানুষ্ঠানবোৰত হুইলচেয়াৰ চলাচল কৰাৰ পৰ্যাপ্ত সুবিধা নাছিল। কিন্তু দেউতাকে তেওঁক ঘৰতেই কিতাপৰ যোগান ধৰি জ্ঞানৰ পৰিসৰ বৃদ্ধি কৰাত সহায় কৰিছিল। ক্ৰিকেটৰ বেটৰ জৰিয়তে বিপৰীত দিশৰ বল প্ৰতিৰোধ কৰাৰ দৰে এই বাধাকো অতিক্ৰম কৰি শেহতীয়াকৈ তেওঁ চিকিৎসা সমাজ শাস্ত্ৰত স্নাতক ডিগ্ৰী গ্ৰহণ কৰাৰ লগতে স্নাতকোত্তৰ ডিগ্ৰীৰ প্ৰীথিয়ে লিখা মেলাৰ কামন মনোযোগ দিলে। কেইবাখনো আলোচনীৰ তেওঁ সম্পাদনাৰ দায়িত্ব ল’লে। এনেতে তেওঁৰ দেউতাক ঢুকাল। দেউতাক ঢুকোৱাৰ ঠিক অলপ দিনৰ পিছতে তেওঁৰ মাকৰ এটা অস্ত্ৰোপ্ৰচাৰ কৰিব লগা হৈছিল। মাক চিন্তাত পৰিছিল। কাৰণ তেওঁ জানিছিল যে প্ৰীথিৰ কাষৰ পৰা তেওঁ আতৰি গ’লে প্ৰীথি পুনৰ ভাঙি পৰিব। সেয়ে প্ৰীথিক ব্যস্ত ৰাখিবৰ বাবে উপায় চিন্তিব ধৰিলে। সাধাৰণতে শাৰীৰিকভাৱে অক্ষম লোকসকলক পৰিয়ালৰ বোজা হিচাপে ধৰা হয় আৰু ভুক্তভোগীয়ে জীৱনৰ আশা হেৰুৱাই পেলাই মৃত্যুৰ ক্ষণ গণিবলৈ আৰম্ভ কৰে। প্ৰীথিৰ আৰু তেওঁৰ মাতৃয়ে সিদ্ধান্ত ল’লে যে যিহেতু আমাৰ দেশত মহিলাসকল বেছিকৈ পিছপৰা, সেয়ে তেওঁলোকে শাৰীৰিকভাৱে অক্ষম মহিলাসকলক এই অৱস্থাৰ পৰা উলিয়াই আনি নতুনকৈ জীৱনটো গঢ়ি তুলিবৰ বাবে অনুপ্ৰেৰিত কৰিব। এইদৰেই প্ৰীথি আৰু মাতৃৰ প্ৰচেষ্টাত জন্ম হ’ল ‘soulfree’ মুক্ত জীৱন। মুক্ত জীৱনৰ মূল লক্ষ্য হ’ল শাৰীৰিক ভাৱে অক্ষম প্ৰতিগৰাকী মহিলাক আত্মনিৰ্ভৰশীল কৰি এটা সুস্থিৰ জীৱন যাপনৰ সুবিধা প্ৰদান কৰাৰ লগতে জীৱনৰ প্ৰতি উৎসাহিত কৰি তুলা। ‘Soulfree’ৰ জৰিয়তে দুৰ্ঘটনাত আঘাতপ্ৰাপ্তই যাতে জৰুৰীকালিন চিকিৎসাৰ পৰা বঞ্চিত নহয় তাৰ বাবে সজাগতা অনাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। লগতে শিক্ষানুষ্ঠান, বিভিন্ন কাৰ্যালয় বিভিন্ন ৰেষ্টুৰেন্ট, চিনেমাহল আদিত যাতে হুইলচেয়াৰ চলাচলৰ সুবিধা থাকে তাৰ বাবে চেষ্টা অব্যাহত ৰাখিছে। মেৰুদণ্ড আঘাত আৰু ইয়াৰ বাবে প্ৰয়োজনীয় চিকিৎসাৰ ক্ষেত্ৰতো সজাগতা অভিযান চলাই আহিছে ‘soulfree’য়ে। বৰ্তমান তামিলনাডুৰ লগতে বাংগালোৰ,হায়দৰাবাদতো ‘soulfree’য়ে প্ৰসাৰ লাভ কৰিছে। বিভিন্ন ঠাইত ভাষণৰ বাবে প্ৰীথি শ্ৰীনিৱাসনক আমন্ত্ৰণ কৰা হয়।হুইলচেয়াৰত বহিয়েই নিজৰ অভিজ্ঞতাপুষ্ট হৃদয়ৰ ভাষাৰে তেওঁৰ দৰে আন হাজাৰজনক শৰীৰৰ অক্ষমতাক দমন কৰি জীৱনটো ৰঙীন কৰি তুলাৰ বাবে আহ্বান জনায় এসময়ত মৃত্যু কামনা কৰা শ্ৰীনিৱাসন নামৰ ঐশ্বৰীক মনোবলৰ অধিকাৰী মহিলাগৰাকীয়ে।

শাৰীৰিক ভাৱে অক্ষম বুলিলেই আমাৰ সমাজত এক বেলেগ দৃষ্টিৰে চোৱা হয়, যেন তেওঁৰ জীয়াই থকাৰ অধিকাৰেই শেষ হৈ গৈছে। সেইসকলক জীৱনৰ প্ৰতি আগ্ৰহী কৰি তোলাৰ ক্ষেত্ৰত কৰিবলগীয়া আমাৰ বহুত কৰ্তব্য আছে। সক্ষম সকলে মন গ’লেই সকলোবোৰ কৰিব পৰাৰ দৰে তেওঁলোককো তেওঁলোকৰ সাধ্য অনুসৰি কৰিব পৰা কামবোৰৰ বাবে সুবিধা প্ৰদান কৰাটো প্ৰতিজন দায়িত্বশীল নাগৰিকৰ কৰ্তব্য। প্ৰীথি শ্ৰীনিৱাসনৰ দৰে ব্যক্তিৰ জীৱনী অধ্যয়ন কৰিলে অনুভৱ হয় তেওঁৰ দৰে ভুক্তভূগীয়ে তেওঁৰ দৰে আন হাজাৰজনৰ কথা চিন্তা কৰাৰ দৰে সকলোবোৰ আগবাঢ়ি আহে আমাৰ সমাজত শাৰীৰিক ভাৱে সক্ষম আৰু অক্ষম সকলৰ জীৱনৰ বিশেষ পাৰ্থক্য নাথাকিব। আৰু ইয়েই সমাজখনক আগুৱাই নিয়াত যথেষ্ট সহায় কৰিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে