চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মুক্তি দেউলৰ ৰূপকাৰ বিষ্ণু প্ৰসাদ ৰাভা ( চিন্ময় মাধুৰ্য ডেকা)

মুক্তি দেউলৰ ৰূপকাৰ বিষ্ণু প্ৰসাদ ৰাভা ( চিন্ময় মাধুৰ্য ডেকা)

মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ আৰু ৰূপকোঁৱৰ জ্যোতিপ্রসাদ আগৰৱালাৰ পাছতে বিষ্ণু প্ৰসাদ ৰাভাক অসমৰ সৰ্বকালৰ এজন শ্ৰেষ্ঠ অসমীয়া হিচাপে অভিহিত কৰিব পাৰি। বিষ্ণু ৰাভাই জ্যোতিপ্ৰসাদৰ ৰূপান্তৰৰ আদৰ্শৰ মাজেৰেই অসমক চিৰসুন্দৰ কৰাৰ সংকল্প লৈছিল। তিলক হাজৰিকাৰ ভাষাত ক’বলৈ গ’লে– “জ্যোতিপ্ৰসাদৰ ‘জনতা’ হল ৰাভাৰ ‘ৰাইজ’। জ্যোতিপ্ৰসাদে জনতাৰ প্ৰাণৰো প্ৰাণত লুকাই থকা শিল্পীজনক জগাই তুলিব খুজিছিল, নিজৰ একাগ্ৰ সাধনা আৰু প্ৰতিভাৰে এটা সুৰৰ দেউল সজাই পৰাই তুলিছিল। কিন্ত ৰাভাই তেওঁৰ ৰাইজৰ মুক্তিৰ বাবে সহস্ৰ সংগ্রামত জঁপিয়াই পৰিছিল, পুঁজিপতিৰ শোষণ- শাসনৰ পৰা সমাজক মুক্ত কৰাৰ স্বপ্ন দেখিছিল, জ্যোতিপ্ৰসাদৰ শিল্পী জনতাক সামাজিক ন্যায় আৰু সমতাৰ বেদীত প্ৰতিষ্ঠা কৰিবলৈ হাতে কামে লাগি গৈছিল।” ৰাভাদেৱে অসমীয়া সমাজক পুঁজিপতিৰ শোষণ – শাসনৰ পৰা মুক্ত কৰি এখন শ্ৰেণীহীন সমাজ গঠনৰ বাবে এটা সাংস্কৃতিক বিপ্লৱৰ প্ৰয়োজনীয়তা উপলব্ধি কৰিছিল আৰু পৰৱৰ্তী সময়ত তেনে এক সৰ্বব্যাপী সাংস্কৃতিক বিপ্লৱৰ সৃষ্টি কৰিছিল। ৰাভাই পৰম্পৰাক অন্ধভাৱে আকোঁৱালি লোৱা নাছিল আৰু যান্ত্ৰিকভাৱে বিসৰ্জনো দিয়া নাছিল৷ তেওঁ কালচেতনাৰ আধাৰত পৰম্পৰাক বিচাৰ কৰি তাৰ পৰা ভালবোৰ আহৰণ কৰি বেয়াবোৰ বিসৰ্জন দিছিল। তেওঁৰ এই বাস্তৱিক দৃষ্টিভংগীৰ মূলতে আছিল বৈজ্ঞানিক বস্তুবাদ। মাৰ্ক্সবাদ আৰু লেনিনবাদৰ অধ্যয়নে তেওঁৰ এই দৃষ্টিভংগীক নতুন মাত্ৰা দিছিল। কেশৱ মহন্তৰ মতে – “মাৰ্ক্সীয় দৃষ্টিভংগী গ্ৰহণ কৰাটো বিষ্ণু ৰাভাৰ জীৱন চৰ্যাৰ স্বাভাৱিক পৰিণতি। কাৰণ তেওঁৰ প্ৰাপ্ত প্ৰতিভাই আছিল বিশ্লেষণধৰ্মী, তথ্যানুসন্ধানী আৰু বিদ্ৰোহী। মাৰ্ক্সবাদ গ্ৰহণে তেওঁৰ সেই প্ৰতিভাক শ্ৰেণী- চেতনা আৰু সমাজ চেতনাৰ জিণ্জ্ঞিৰিগছ পিন্ধাই দিলে। মানুহৰ আত্মা য’ত লাঞ্ছিত , জীৱন য’ত বঞ্চিত সেই সমাজৰ অভিন্ন হৈ ৰাভাই তেওঁৰ শিল্প ভাৱনাৰ ভিত্তিভূমি পাইছিল, মাৰ্ক্সীয় বীক্ষাৰ লগত পৰিচয়ৰ মাজেদি তেওঁ সেই সমাজৰ শ্ৰমজীৱী মানুহৰ শোষণৰ কাৰণ চিনি পালে।”

জীৱনৰ মধ্য বয়সত তেওঁ বৈজ্ঞানিক সমাজবাদৰ দ্বাৰা অনুপ্ৰাণিত হয়৷ তেওঁ Revolutionary Communist Party of India(RCPI) ত যোগদান কৰিলে আৰু তাৰ পাছৰপৰাই তেওঁ অসমৰ ইমূৰৰ পৰা সিমূৰলৈ মানুহৰ মনৰ বুজ লৈ ঘূৰি ফুৰিলে৷ সেই সময়ছোৱাত তেওঁ অসমৰ বাৰেৰহণীয়া কলা- সংস্কৃতি তথা অসমৰ বিভিন্ন জাতি জনগোষ্ঠীৰ বিষয়ে অধ্যয়ন কৰিবলৈ সুবিধা পাইছিল৷ তেওঁ সেই সময়ছোৱাতে বিভিন্ন গীত -মাত -কবিতা ৰচনাৰ দ্বাৰা অসমৰ সৰ্বহাৰা মানুহক শাসক শ্ৰেণীটোৰ বিৰুদ্ধে সজাগ কৰি তুলিছিল। ৰাভাই ‘বাঁহী’ আলোচনীৰ ষষ্ঠ বছৰৰ বিহু সংখ্যাত তেওঁৰ নিভাঁজ অসম প্ৰেমৰ নিদৰ্শন দি লিখিছে – “বুঢ়া লুইত! আই অসমীৰ জনমকালৰ পৰা তই বৈ আছ আৰু বৈ থাকিবিও। আজি কৈ যা, সমিধান দি যা অসমীৰ মউসনা সোঁৱৰণি! নিমাতী অতীত স্মৃতিৰ গোপন কুঞ্জৰ এচুকত সোণৰ সঁজাত বন্দিনী সোঁৱৰণি পখি আজি আমাৰ মাজলৈ এৰি দি যা !”

ৰাভাৰ সৃষ্টিৰাজিত অসমৰ বিভিন্ন জনগোষ্ঠীৰ প্ৰতি তেওঁৰ গভীৰ প্ৰেম পৰিস্ফুট হৈ উঠিছে। তেওঁ জনজাতিসকলক উদ্দেশ্যি কৈছিল–

“ট্ৰাইবেল ! জাগ ট্ৰাইবেল
তিয়াগী ঘুমটি তোৰ কউটিকলীয়া ,
অতীত গৰিমা তোৰ পাহৰাই নিয়া ,
নয়ন কুসুম পাহি মেল….”

তেওঁ অসমৰ জনগোষ্ঠী সমূহক অসমীয়া জাতিৰ অন্তৰ্ভুক্ত কৰাৰ বাবে শংকৰ মিছন গঠন কৰাৰ পৰামৰ্শ দি কৈছিল– ” অসমৰ অত্যাচাৰিত আৰু অৱনত জাতি সমূহক আন আন উন্নত জাতিসমূহৰ লগত একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক জন ৰাজনীতিজ্ঞ আৰু সমাজ নেতা সকলে এতিয়াৰ পৰাই চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতি সমূহৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলিব আৰু অসমত এটা গৃহ কন্দলৰ বাঁহ সাজি দিয়া হব।” বিষ্ণু ৰাভাই সেই তেতিয়াই অসমৰ জনগোষ্ঠীয় সমস্যাসমূহ মৰ্মে মৰ্মে উপলব্ধি কৰিছিল আৰু চৰকাৰ তথা সমাজ কৰ্মীসকলক শংকৰ মিছন আদি গঠনৰ জৰিয়তে অসমৰ সকলো জাতি জনগোষ্ঠীক সম মৰ্যাদা তথা সম অধিকাৰ দিয়াৰ কথা কৈছিল৷ কিন্তু, কোনেও ৰাভাৰ পৰামৰ্শক উপলব্ধি কৰিব নোৱাৰিলে৷ ফলত বৰ্তমান অসমৰ সৰ্বত্ৰে জনগোষ্ঠীয় সমস্যা গা কৰি উঠিছে আৰু ‘জনগোষ্ঠী পৰিচয়’ৰ ৰাজনীতিৰ নামত বাৰেৰহণীয়া অসমীয়া সমাজ থান-বান হোৱাৰ উপক্ৰম হৈছে।

বিপ্লৱী কমিউনিষ্ট পাৰ্টিত অংশগ্ৰহণ কৰাৰ পাছত ৰাভাই এখন শোষণ-শ্ৰেণীহীন সমাজ গঠনৰ বাবে অহোপুৰুষাৰ্থে কৰিছিল। তেওঁ জনতাৰ শিল্পী হিচাপে জনতাক সজাগ কৰাৰ বাবে গীত-কবিতা-নাটক আদি মাধ্যমৰ সহায় লৈছিল। অসমীয়া ডেকা সকলক উদ্বুদ্ধ কৰিবলৈ কৈছিল- –

“অ, অসমীয়া ডেকা দল !
আজি তোৰ এই তেজাল বদন মলিন কিয় হ’ল?
আগবাঢ়ি যাওঁ বল ঐ আগবাঢ়ি যাওঁ বল!”

তেওঁ বৃটিছৰ পদলেহনকাৰী ভাৰতৰ বুৰ্জোৱা শাসক গোষ্ঠীৰ বিৰুদ্ধেও তীব্ৰ ঘৃণা পোষণ কৰি কৈছিল–
“ভাৰত সাগৰ এৰি গ’ল, ত্যাজি শাসনৰ থল,
গঢ়ি শোষণৰ কল, বৃটেইন সাউদৰ দল।
গ’ল বগা বঙাল ইংৰাজ
পাতি ধনবাদ, কৰি বৰবাদ।”

তেওঁ ভাৰতৰ গণতন্ত্ৰ-স্বাধীনতাক ব্যৰ্থ/ভুৱা বুলি কৈ কৈছে–
“ৰাইজৰ জন্মভূমি, শ্ৰেয়সী প্ৰয়সী,
স্বৰ্গদপী গৰিয়সী,এমুঠি ধনীৰ হ’ল সুখ,
কোটি কোটি ৰাইজৰ হ’ল বিধে বিধে দুখ,
এয়ে হ’ল স্বাধীনতা,ভুৱা স্বাধীনতা।”

তেওঁ জমিদাৰ-মহাজনৰে গঠিত ধনীক শ্ৰেণীটোকো সকীয়াই কৈছে–
“দুখীয়াৰ কলিজাৰ নিঙাৰি ল,
টুপি টুপি তেজ শুহি পিয়,
ৰুকি ৰুকি মঙহ চোৱাই খাৱ,
কুৰুকি হাড়কেইডালো চোবাৱ,
হুচিয়াৰ! হুচিয়াৰ !!
ধনী!মহাজন!! জমিদাৰ!!!”

এইদৰে তেওঁ বিভিন্ন সময়ত বিভিন্ন ধৰণে শ্ৰমজীৱী তথা সৰ্বহাৰা শ্ৰেণীৰ মানুহক সজাগ কৰি তুলিছিল মহাজন -জমিদাৰ-চৰকাৰৰে গঠিত শাসক গোষ্ঠীৰ শোষণৰ বিৰুদ্ধে। তেওঁ গোটেই জীৱন সৰ্বহাৰাৰ সৰ্বস্ব ফিৰাই অনাৰ স্বপ্ন বুকুত বান্ধি অসমৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰিছিল। তেওঁৰ মূল লক্ষ্যই আছিল দুৰ্বলী – নিৰ্বলীসকল উৎপীড়নৰ পৰা ৰক্ষা পাওক আৰু প্ৰভু শ্ৰেণীৰ শোষণ লোপ হওক ।তেওঁ ইয়াক কৰিবলৈ যাওঁতে বহুত প্ৰতিকূল পৰিস্থিতিৰ সন্মুখীন হৈছিল৷ তেওঁ স্বজাতিৰ মানুহৰ পৰাই সন্মুখীন হৈছিল তীব্ৰ লাঞ্ছনাৰ, চৰম অপমানৰ। আনকি তেওঁক স্বাধীন চৰকাৰে দেশদ্ৰোহী বুলি তেওঁৰ ককালত পঘাৰে বান্ধি ৰাজপথৰ মাজেৰে লৈ গৈছিল। ইমানবোৰ অপমান-লাঞ্ছনাৰ পাছতো কিন্ত ৰাভাদেৱে ক্ষান্ত নহ’ল , তেওঁ সংগ্ৰামৰ আন এটা নাম হিচাপে চিৰদিন অসমত স্মৰণীয় হৈ ৰ’ল।

বৰ্তমান অসমীয়া জাতি এক জটিল সন্ধিক্ষণত উপনীত হৈছে। বিভিন্ন প্ৰতিক্ৰিয়াশীল কাৰকৰ বাবে অসমীয়া জাতি আজি ধ্বংস হওঁ হওঁ। জাতিৰ এই সন্ধিক্ষণত আমি বিষ্ণু ৰাভা প্ৰমুখ্যে জাতিৰ আন আন প্ৰকৃত পথপ্ৰদৰ্শক সকলৰ কৰ্মৰাজিক ন ন ৰূপত মূল্যায়ন কৰাটো খুব প্ৰয়োজনীয় হৈ পৰিছে। বিশেষকৈ বিষ্ণু ৰাভাৰ সংগ্ৰামী জীৱন আৰু তেওঁৰ ৰাজনৈতিক আদৰ্শক আমি সঠিক ৰূপত মূল্যায়ন কৰি জনসাধাৰণৰ মাজলৈ লৈ যোৱা উচিত । বিষ্ণু ৰাভাক কেৱল ‘কলাগুৰু’ অভিধাতে সীমাবদ্ধ কৰি ৰাখি তেওঁৰ সংগ্ৰামী জীৱন-আদৰ্শক গাপ দিয়াৰ যি প্ৰচেষ্টা চলি আছে, তাক প্ৰতিহত কৰি যুৱ প্ৰজন্মৰ ওচৰত বিষ্ণুৰাভাক জনপ্ৰিয় কৰিব পাৰিলেহে আমি অসমৰ আকাশত ইন্দ্ৰধনু ৰচিব পাৰিম।

( সমল গ্ৰন্থ-আলোচনীঃ বিষ্ণু প্ৰসাদ ৰাভা ৰচনাৱলী , হীৰেন গোঁহাই ৰচনাৱলী, গৰীয়সী )

Leave a Reply

Your email address will not be published. Required fields are marked *