চ’ৰাঘৰ / কথাশিল্প / মহাপ্ৰস্থান ( অভিজিৎ কলিতা )

মহাপ্ৰস্থান ( অভিজিৎ কলিতা )

মহাভাৰত মোৰ সকলোতকৈ প্ৰিয় মহাকাব্য। ইয়াৰ কাহিনী যিমান শক্তিশালী, সিমানেই (যদি তাতকৈ বেছি নহয়) শক্তিশালী চৰিত্ৰ নিৰ্মাণ আৰু চয়ন। মহাভাৰতত সকলো চৰিত্ৰকে যথোপযুক্ত গুৰুত্ব দিয়া হৈছে, সৰু চৰিত্ৰ এটাকো প্ৰয়োজনীয় সন্মান আৰু সময় দিয়াত কৃপণালি কৰা নাই৷ প্ৰত্যেকটো সৰু সৰু কাহিনী বা চৰিত্ৰৰেই ভাল বেয়া দুইটা দিশ সফলতাৰে দেখুৱা হৈছে, পাঠকৰ নিজৰ বিচাৰৰ বাবে যথেষ্ট কিছু এৰি দিয়া হৈছে, এয়া হয়তো বহু আধুনিক উপন্যাসতো বিৰল। মহাভাৰত এখন ধৰ্মগ্ৰন্থতো হয়েই, কিন্তু এক সাহিত্য সত্ত্বা (Literary entity) হিচাপেও, মোৰ ব্যক্তিগত বিচাৰত, মহাভাৰতৰ স্থান সকলো পৌৰাণিক সাহিত্যৰ ভিতৰত সকলোতকৈ ওপৰত।

মহাভাৰতৰ মহাপ্ৰস্থান পৰ্ব মোৰ ব্যক্তিগতভাৱে প্ৰিয়তম। এই পৰ্বটোৱে সদায় মোক নিজৰ জীৱনটোৰ সৈতে মই কৰা বিচাৰ অবিচাৰ বিলাকৰ বিষয়ে আকো এবাৰ সুঁৱৰি চাবলৈ সকীয়াই দিয়ে। পাণ্ডৱ সকলে ধৰ্মযুদ্ধ কৰিলে, সেইটো তেওঁলোকৰ বৈষয়িক কৰ্তব্য আছিল, সততা আৰু সদিচ্ছাৰে কৰিলে, তাৰ বাবে তেওঁলোকে বহুতো প্ৰচলিত সামাজিক বান্ধোন বা সীমাও অতিক্ৰম কৰিলে। যুঁজত জিকিলে, নিজৰ প্ৰাপ্য বৈষয়িক অধিকাৰ সাব্যস্ত কৰিলে, তাৰ বাবে জীৱনজোৰা ত্যাগো কৰিলে। কিন্তু সকলো পোৱাৰ পাছত হেলাৰঙে সকলো ত্যাগ কৰি আন এক মহৎ আনন্দৰ সন্ধানত মহাপ্ৰস্থান কৰিলে। স্বৰ্গ ডাঙৰ কথা নহয়, কিন্তু স্বৰ্গাৰোহণৰ আকাংক্ষা প্ৰয়োজনীয় বস্তু।

পাণ্ডৱকলৰ মাজত মোৰ সকলোতকৈ অপ্ৰিয় চৰিত্ৰ হ’ল যুধিষ্ঠিৰ। মোৰ সিমানখিনি অধিকাৰ থাকিলে মই যুধিষ্ঠিৰক সুবিধাবাদী, দুৰ্বল আৰু নিজৰ ভাতৃসকলক শোষণ কৰা এক খলনায়কহে বুলিলোহেঁতেন। তাৰ সপক্ষে মোৰ ওচৰত যুক্তিও আছে। মোৰ মতে যুধিষ্ঠিৰে পাশা খেলিবই নেলাগিছিল, দ্ৰৌপদীক পঞ্চপাণ্ডৱৰ মাজত ভগাই লোৱা সিদ্ধান্তটোৰ প্ৰতিবাদ কৰিব লাগিছিল, বস্ত্ৰহৰণৰ দ্ৰৌপদীক ৰক্ষা কৰিব লাগিছিল, নোৱাৰিলে সেই ৰাজসভাতে যুদ্ধ কৰি নিজৰ প্ৰাণ দি দিব লাগিছিল। আৰু বহু উদাহৰণ আছে। মোৰ দৃষ্টিত প্ৰতিবাৰেই যুধিষ্ঠিৰে ভুল কৰি আহিছে, আৰু তেওঁৰ বীৰ আৰু সৎ ভাতৃসকলৰ বাবেহে প্ৰাণ ৰক্ষা কৰিব পাৰিছে। হয়, তেওঁ বৰ জ্ঞানী লোক আছিল, ঠাণ্ডা মগজুৰে চিন্তা কৰিব পাৰিছিল, সততা আৰু ন্যায়ৰ প্ৰতিমূৰ্তি আছিল (প্ৰশ্নবোধক, মোৰ মতে নাছিল), আৰু বহু ক্ষেত্ৰত ডিপ্লমেটিক আছিল। আনকি মিথ্যাৰো আশ্ৰয় লৈছিল- ‘অশ্বত্থামা হত কিন্তু ইতি গজ।’

কিন্তু সোঁশৰীৰে স্বৰ্গলাভ তেওঁৰহে হ’ল! তাৰ অৰ্থ হিন্দু জীৱন দৰ্শন মতে ডিপ্ল’মেটিক আৰু দুৰ্বল মানুহবোৰহে শ্ৰেষ্ঠ নেকি? যুধিষ্ঠিৰে ব্যক্তিগত ভাৱে নিৰ্ধাৰণ কৰা কৰ্তব্যৰ বাবে আত্মোসৰ্গ দিয়া বাকী পাণ্ডৱ আৰু দ্ৰৌপদীৰ সৰু সুৰা দোষবোৰ মাৰ্জনীয় নহয়, কিন্তু যুধিষ্ঠিৰে নিজৰ আমোদ আৰু জেদৰ বাবে পাশা খেলি সকলোকে বিপদৰ মাজলৈ ঠেলি দিয়া মাৰ্জনীয়?
(যুধিষ্ঠিৰৰ এনে ব্যৱহাৰৰ সপক্ষে বহু যুক্তি আছে, প্ৰায়বোৰ মই পঢ়িছো, কিন্তু যুক্তিবাদী মনটোৱে মানি লবলৈ টান পায়)

এই প্ৰশ্নটোৰ বাবেই মই বাৰে বাৰে মহাপ্ৰস্থান পৰ্বলৈ ঘুৰি যাওঁ। অসমীয়া মহাভাৰতত মহাপ্ৰস্থানৰ বৰ্ণনা অতি সীমিত। কিছু বছৰৰ পৰা এই বিষয়টো সম্পৰ্কে যিমান পাৰি তথ্য গোটাবলৈ চেষ্টা কৰি আহিছো। কিন্তু শেষৰ ফালে এনেকুৱা এটা অৱস্থা হ’লগৈ, এই প্ৰশ্নটোতকৈয়ো মহাপ্ৰস্থান কেনেকৈ হৈছিল, কোন বাটে গৈছিল পাণ্ডৱ, ক’ত কাৰ মৃত্য হৈছিল, এইবোৰ কথাই বেছি গুৰুত্ব পোৱা আৰম্ভ কৰিলে। এই ইচ্ছাটোৱে এদিন Passion ৰ ৰূপ ল’লেগৈ।

পিছে মই উত্তৰ নেপালোঁ, তথ্যৰ বিভ্ৰান্তিয়ে মোক দিশহাৰা কৰিলে। হেজাৰ বাৰ গুগল চাৰ্চেও মোক সন্তুষ্ট কৰিব নোৱাৰিলে। মোৰ ইচ্ছা আছিল, মহাপ্ৰস্থানৰ পথটো আজিৰ সময়ৰ মানচিত্ৰত বিচাৰি উলিওৱা, কেইবা বছৰ চেষ্টাইয়ো সফলতা দিব পৰা নাছিল।
কিন্ত উত্তৰ হাততে আছিল, হিন্দু তীৰ্থযাত্ৰী সকলে সেই পথেৰে আজি শ শ বছৰ ধৰি ভ্ৰমণ কৰি আহিছে। মইহে কথাবোৰ বিছাৰি উলিয়াব পৰা নাছিলো।

আজি এটা সূত্ৰ পালোঁ, আৰু সেই সূত্ৰটোৰ পম খেদি, মোৰ প্ৰশ্নৰ উত্তৰ নেপালেও এটা কাম কৰিব পাৰিলোঁ। পাণ্ডৱসকলৰ হিমালয় যাত্ৰা আৰু তেওঁলোকৰ মৃত্যুৰ স্থানবিলাক আজি মেপত আঁকিব পাৰিলোঁ। কিমান শুদ্ধ নেজানো, কিন্তু হেজাৰ বছৰ ধৰি তীৰ্থযাত্ৰী সকলে ইয়াকে বিশ্বাস কৰি আহিছে। সেইটো কম গুৰত্বপূৰ্ণ কথা নহয়।

এইখিনিতে মোৰ অনুসন্ধানত থাকিযোৱা এটা ডাঙৰ ভুলৰ কথা কৈ থওঁ, মই সকলো অধ্যয়নতে ‘মহাপ্ৰস্থান’ শব্দটোৰ পৰা আৰম্ভ কৰিছিলো। কিন্তু মহাপ্ৰস্থান এটা বহুত বেছি বৃহৎ বিষয়, কিন্তু মই আচলতে জানিব বিছৰিছিলো পাণ্ডৱসকলৰ মৃত্যুৰ স্থান সম্পৰ্কেহে। শেষত গৈ কেনেবাকৈ ‘স্বৰ্গাৰোহণ’ শব্দটোৰ পৰা অনুসন্ধান আৰম্ভ কৰাতহে মই বিছৰা উত্তৰ দুটামান পালোঁগৈ।

মহাপ্ৰস্থানৰ আৰম্ভনিতে পাণ্ডৱসকলে দক্ষিণলৈ যাত্ৰা কৰিছিল, লৱণ সাগৰ আৰু দ্বাৰকা দৰ্শণ কৰি তেওঁলোকে আকৌ উত্তৰমুৱা হৈছিল। শ্ৰীকৃষ্ণৰ লীলাভূমি দ্বাৰকা সাগৰৰ তলত লীণ যোৱা দৃশ্য তেওঁলোকে প্ৰত্যক্ষ কৰিছিল। আৰু লোক বিশ্বাসমতে তেওঁলোক বদ্ৰীনাথ ধামৰ ফালে গৈছিল। তাৰ পৰাই আৰম্ভ হৈছিল, এজন এজনকৈ পাণ্ডৱৰ মৃত্যুত কাহিনী- স্বৰ্গাৰোহণ পৰ্ব।

বদ্ৰীনাথৰ পৰা উত্তৰমুৱা হৈ ৪ কিলোমিটাৰ মান গ’লে মানাগাঁও বুলি এখন গাঁও পোৱা যায়। ভাৰত তিব্বত সীমান্তৰ সেই অঞ্চলৰ শেষ গাঁও। আজিকালি এই মানাগাঁৱলৈ গাড়ী যাব পৰা বাট আছে।মানাগাঁৱৰ পৰা ট্ৰেকিং আৰম্ভ হয়। জনবিশ্বাস মতে এই মানাগাঁৱতে দ্ৰৌপদীয়ে প্ৰাণত্যাগ কৰিছিল। স্বৰ্গাৰোহণ পৰ্বৰ আৰম্ভনি, বিশ্বাসমতে পক্ষপাতৰ দোষেৰে দোষী মানুহ এই মানাগাঁৱতকৈ আগবাঢ়িব নোৱাৰে।

মানাগাঁও পোৱাৰ আগতেই আছে ব্যাস গুহা। তাতে বহি হেনো ব্যাস মুণিয়ে মহাভাৰত মুখেৰে কৈ গৈছিল আৰু গণেশে লিখি গৈছিল। ইয়াৰো এটা সুন্দৰ কাহিনী আছে, গণেশে চৰ্ত দিছিল, তেওঁক একেৰাহে কৈ যাব লাগিব। মাজত যতি পৰিলে তেওঁ আৰু আগলৈ নিলিখে। তাৰ পৰিত্ৰাণ পাবলৈ ব্যাসদেৱেও চৰ্ত দিলে- যে গণেশে প্ৰত্যেকটো কথা নিজে বুজিহে লিখিব পাৰিব। আৰু তেওঁ মাজে মাজে একো একোটা কঠিন শ্লোক ভৰাই দিলে- যাতে চিন্তা কৰিবলৈ অলপ সময় পায়। এই কঠিন শ্লোক বিলাকক মহাভাৰতৰ গাঁঠি বুলি কয়।

মানাগাঁৱৰ পৰা পশ্চিমমুৱা হৈ সাত কিলোমিটাৰ মান আগবাঢ়িলে লক্ষ্মীবন নামৰ এখন পাহাৰীয়া উদ্যান পোৱা যায়। লক্ষ্মীবনতে নকুলৰ মৃত্যু হৈছিল। নকুলে নিজকে ৰূপৱান বুলি গৌৰৱ কৰিছিল। তিনিজনৰ কণিষ্ঠ পাণ্ডৱৰ মৃত্যু হৈছিল অহংকাৰৰ বাবে, হয়তো ইয়াৰ ভিতৰত ৰূপৰ অহংকাৰ সকলোতকৈ ডাঙৰ পাপ। কাৰণটো ভাৱি পালো মই এইবুলি- ৰূপটো আন কাৰোবাৰ দান। নিজে একো বিশেষ কৰিব লগা নাই তাত। জেনেটিক কাৰণ, পৰিবেশ আদিৰ কাৰণেহে মানুহ ৰূপবান/ৰূপৱতী হয়। বাকী অহংকাৰ বাবে পতন হোৱা পাণ্ডৱ কেইজনে অন্ততঃ নিজে কিবা প্ৰচেষ্টা কৰিছিল, তাৰ বাবেহে তেওঁলোকে এই অহংকাৰ কৰিব পৰা হৈছিল।সহদেৱ জ্ঞানী হৈছিল অধ্যয়ন কৰি, অৰ্জুন অনুশীলন কৰি। কিন্তু নকুলে কি কৰিছিল? তেওঁ জেনেটিক ভাৱেই হয়তো সুন্দৰ আছিল, আজিত দিনত হ’লে বৰ বেছি বিউটি পাৰ্লাৰলৈ গৈছিল । গতিকেই ৰূপৰ অহংকাৰ নিতান্তই নিম্ন স্তৰৰ।

লক্ষ্মীবনৰ উত্তৰকা‍ষে অলকাপুৰী, কুবেৰৰ সাম্ৰাজ্য। ৰাৱণে হেনো নিজ ভাতৃ কুবেৰৰ পুষ্পক ৰথখন ইয়াৰ পৰাই কাঢ়ি নিছিল। (কোনো কোনোৱে লক্ষ্মীবনৰ ওচৰতে থকা আনন্দবন বোলা স্থানতহে নকুলৰ মৃত্যু হৈছিল বুলি বিশ্বাস কৰে)
লক্ষ্মীবনৰ পৰা অলপ দক্ষিণ-পশ্চিম মূৱাকৈ আগুৱাই গ’লে দুটা গ্লেচিয়াৰৰ মিলনস্থলী পোৱা যায়, তাৰে বাওঁফালৰটো স্বৰ্গাৰোহিণী গ্লেচিয়াৰ- তাৰ কাষেৰেই স্বৰ্গাৰোহণৰ পথ। এইখিনি ঠাইক অলকানন্দা নদীৰ উৎপত্তিস্থল বুলিও জনা যায়। স্বৰ্গাৰোহিণী গ্লেচিয়াৰৰ পথ ধৰি আগুৱাই গ’লে সহস্ৰধাৰা নামেৰে এলানি জলপ্ৰপাত পোৱা যায়। শীতকালত এই ধাৰাবিলাক গোট মাৰি থাকে। ইয়াতেই সহদেৱৰ স্বৰ্গযাত্ৰাৰ সমাপ্তি ঘটিছিল। দোষ আছিল জ্ঞানৰ অহংকাৰ।

সহস্ৰধাৰাৰ পাছত বাট অতি ভয়ংকৰ হৈ পৰে, শুকাই থকা গ্লেচিয়াৰ বোৰতে প্ৰকাণ্ড ফাঁট বা ক্ৰেভাছ, ক্ষণে ক্ষণে মৃত্যুৰ আশংকা। কিন্তু স্বৰ্গাৰোহণৰ পথত জানো মৃত্যুভয়ৰ কিবা অৰ্থ আছে?
সহস্ৰধাৰাৰ পৰা চাৰি পাঁচ কিলোমিটাৰ আগুৱাই গ’লেই এখন ঘুৰণীয়া আকৃতিৰ সমতল পোৱা যায়, ইয়াৰ নাম চক্ৰতীৰ্থ। পুৰাণত উল্লেখ থকা মতে এই মধ্যম পাণ্ডৱ অৰ্জুন এই চক্ৰতীৰ্থৰ পৰা আগুৱাব পৰা নাছিল, নিজকে শ্ৰেষ্ঠ ধনুৰ্ধৰ বীৰ বুলি হোৱা অহংকাৰৰ পাপত পতন হৈছিল অৰ্জুনৰ।

চক্ৰতীৰ্থৰ পৰা পথ আৰু দুৰ্গম আৰু থিয় হৈ পৰে, এই বাটতে গ্লেচিয়াৰটো পাৰ হৈ সিফাললৈ যাব লাগে, পানী নথকা সময়তো ইয়াৰ থকা শিলবোৰ স্থিৰ নহয়, গতিশীল। একেৰাহে ওপৰলৈ গৈ থকা পথটোত যাত্ৰীৰ অৱস্থা শোচনীয় হৈ পৰে, হাই অলটিটিউড চিকনেছেও আমনি দিয়ে। কিন্তু এইদৰে প্ৰায় তিনিকিলোমিটাৰ যোৱাৰ পাছতে সকলোৰে দেহ মন সজীৱ হৈ পৰে, কাৰণ ইয়াতে আছে সতোপন্থ হ্ৰদ। কেৱল বৰফ গলা পানীৰে হোৱা এই হ্ৰদৰ পানী সাংঘাটিক ভাৱে নিৰ্মল। লোক বিশ্বাস মতে এই হ্ৰদত খেৰ কুটা এডাল পৰিলেও বনৰীয়া চৰায়ে উঠাই লৈ যায়। ইয়াতে হেনো প্ৰতি একাদশীৰ দিনা মাজৰাতি ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰে একেলগে স্নান কৰে।

এই সতোপন্থ হ্ৰদতে শেষ হৈছিল ভীমৰ স্বৰ্গাৰোহণৰ প্ৰচেষ্টা, পাপ আছিল খাদ্যৰ প্ৰতি অত্যধিক লোভ। ইয়াতেই অকলশৰীয়া হৈ পৰিছিল যুধিষ্ঠিৰ, মহাভাৰতৰ নায়ক আৰু মোৰ মতে খলনায়ক। একেবাৰে অকলশৰীয়া নহয়, লগত আছিল কুকুৰৰ ৰূপধৰি ধৰ্মৰাজ যম।
আজিকালি ট্ৰেক কৰিবলৈ যোৱাসকল ইয়াৰ পৰাই ঘুৰি আহে। ইয়াৰ আগলৈ যোৱাৰ অনুমতি নাই। কোনো সাধু সন্ত আৰু অলপ আগুৱাই যায়, তাত চন্দ্ৰকুণ্ড আৰু সূৰ্যকুণ্ড নামে দুটা সৰু কুণ্ড আছে। আৰু অলপ পাছতেই আছে তুষাৰাবৃত স্বৰ্গাৰোহিনী গ্লেচিয়াৰৰ উৎপত্তি স্থল, পৃষ্ঠপটত 6252 মিটাৰ উচ্চতাৰ স্বৰ্গাৰোহিণী শৃংগ। প্ৰায় এশ কিমি দূৰত থকা শৃংগটো কিন্তু একেবাৰে ওচৰতে থকা যেন লাগে।

এই স্থানতেই নামি আহিছিল দেৱৰাজ ইন্দ্ৰৰ ৰথ, আৰু শেষ দুটামান পৰীক্ষা লৈ যুধিষ্ঠিৰক সোঁ-শৰীৰে লৈ গৈছিল স্বৰ্গলৈ। দেৱতাৰ স্থানলৈ উন্নীত হৈছিল যুধিষ্ঠিৰ। কাৰণ পাপ-পূণ্য, ভাল-বেয়া বিচাৰ কৰাৰ দ্বায়িত্ব মোৰ হাতত নাছিল।

পাণ্ডৱ সকলৰ মৃত্যৰ স্থানসমূহঃ
(বৰ্তমানৰ নাম বিলাক)
দ্ৰৌপদী – মানাগাও
নকুল – লক্ষ্মীবন/ আনন্দবন
সহদেৱ – সহস্ৰধাৰা
অৰ্জুন – চক্ৰতীৰ্থ
ভীম- সতোপন্থ (সৎ আৰু পন্থ বা পথৰ দুটা শব্দ মিলি সতোপন্থ)
চন্দ্ৰকুণ্ড
সূৰ্যকুণ্ড
স্বৰ্গাৰোহিণী – ইন্দ্ৰৰথ নামি অহা স্থান
(চন্দন প্ৰকাশলৈ কৃতজ্ঞতাৰে)

এটা মন্তব্য

  1. সুন্দৰ দেই, ধন্যবাদ

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে