চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনীবালা ৰাভাৰ মনৰ কথা (কৌস্তুভমণি শইকীয়া)

কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনীবালা ৰাভাৰ মনৰ কথা (কৌস্তুভমণি শইকীয়া)

২০০৮ চনত কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ জন্ম শতবাৰ্ষিকী উপলক্ষে আকাশবাণী গুৱাহাটী কেন্দ্ৰই প্ৰচাৰ কৰা এলানি অনুষ্ঠানৰ অন্যতম আছিল বিষ্ণুপ্ৰসাদ ৰাভাৰ পত্নী মোহিনীবালা ৰাভাৰ স’তে হোৱা এটা দীঘলীয়া সাক্ষাৎকাৰ। সাক্ষাৎকাৰটোত শ্ৰীমতী ৰাভাই বিষ্ণুপ্ৰসাদ ৰাভাৰ জীৱনৰ বহু তথ্য বেকত কৰিছিল। বাণীবন্ধনৰ তাৰিখ আছিল ২০০৮ চনৰ ১ ফেব্ৰুৱাৰী।

কৌস্তুভমণি শইকীয়াঃ বাইদেউ নমস্কাৰ।
মোহিনীবালা ৰাভাঃ নমস্কাৰ

কৌস্তুভমণি শইকীয়াঃ প্ৰথমতে আপোনাৰ জীৱনেৰে আৰম্ভ কৰোঁ। আপুনি বাইদেউ কেতিয়া ক’ত জন্মগ্ৰহণ কৰিছিল?
মোহিনীবালা ৰাভাঃ মই আগৰ পুৰণা গোৱালপাৰা জিলাৰ উত্তৰ গোৱালপাৰা এতিয়া কোকৰাঝাৰ ডিষ্ট্ৰিক্ট হৈছে। গোসাঁইগাঁও মহকুমাৰ বেঙনাখাটা দোভাই হাউৰাগুৰিত জন্ম হৈছোঁ। শান্তিচৰণ বসুমতাৰী দেউতাৰ নাম। মাৰ নাম কেশৰী বসুমতাৰী।

কৌস্তুভমণি শইকীয়াঃ আপোনাৰ জন্ম চনটো?
মোহিনীবালা ৰাভাঃ ১৯২৯ চনৰ মাৰ্চ ২২ তাৰিখে।

কৌস্তুভমণি শইকীয়াঃ আপুনি যিটো পৰিয়ালত জন্ম গ্ৰহণ কৰিছিল সেইটো যৌথ পৰিয়াল আছিলনে?
মোহিনীবালা ৰাভাঃ যৌথ পৰিয়াল আছিল। আমাৰ বাবাৰ জমিদাৰী জৰ্দাৰী ষ্টেট আছিল সেই সময়ত। প্ৰজা বেলেগে থাকে। জমিদাৰৰ তলত মোৰ দেউতা আছিল। এহেজাৰ-ডেৰ হাজাৰ প্ৰজাৰ ওপৰত সেই জমিদাৰবিলাক প্ৰতিষ্ঠিত হয়।

কৌস্তুভমণি শইকীয়াঃ আপুনি বাইদেউ পঢ়া শুনা ক’ত কৰিছিল?
মোহিনীবালা ৰাভাঃ লিখা-পঢ়া মানে, দেউতা খুব সোনকালে মৃত্যু হ’ল।

কৌস্তুভমণি শইকীয়াঃ কি হৈছিল তেখেতৰ?
মোহিনীবালা ৰাভাঃ সেই সময়ত চিকিৎসাৰ কোনো ব্যৱস্থা নাছিল। এজমেটিক আছিল বাবাৰ। সমাজৰ লিডাৰেই আছিল। বড়ো কছাৰী সমাজৰ ট্ৰাইবেল লিগতো আছিল। লিডাৰ টাইপৰ মানুহবিলাকৰ সেই সময়ত বৰ কষ্ট হয়। ফেমিলি মেইনটেইন সমাজ মেইনটেইন। সমাজত সেই সময়ত কু-সংস্কাৰ আছিল।

কৌস্তুভ মণি শইকীয়াঃ আপোনাৰ দেউতাকে কু-সংস্কাৰ আঁতৰাবৰ বাবে চেষ্টা কৰিছিল ?
মোহিনীবালা ৰাভাঃ হয়, ব্ৰহ্ম ধৰ্মৰ লগত তেখেতৰ সম্পর্ক আছিল।

কৌস্তুভ মণি শইকীয়াঃ সেই সময়ত কেনেধৰণৰ কু-সংস্কাৰ আছিল ?
মোহিনীবালা ৰাভাঃ ছােৱালী মানুহৰ বাবে গা ধন লোৱা প্রথা আছিল। আজিকালি যেনেকে ল’ৰাক গুৰুত্ব দি যৌতুক লয়। বাবাই সেইবিলাক কু-সংস্কাৰ নোহােৱা কৰিবৰ বাবে পিছত পঞ্চাশ টকা কৰিছিল। পঞ্চাশ টকা কৰি দিয়াৰ পাছত গা ধন নোখোৱা হ’ল সমাজখন। আমাৰ দিনত একেবাৰে শেষ কৰিলোঁ। এঘাৰ টকা কৰিলোঁ। আজিকালি শুনিছো আমাৰ বড়ো সমাজতো যৌতুক লোৱা কৰিছে। ল’ৰাইহে ছােৱালীৰ পৰা লয় বুলি শুনিছোঁ।

কৌস্তুভ মণি শইকীয়াঃ বাইদেউ তাতেই আপুনি ডাঙৰ দীঘল হ’ল। পঢ়া-শুনাৰ ওচৰতে কৰিলে। পাঠশালা ক’ত আছিল আপোনাৰ ?
মোহিনীবালা ৰাভাঃ মই বিৰিণাখাটাতে পঢ়িছিলোঁ। হাইস্কুলো আছে।

কৌস্তুভ মণি শইকীয়াঃ ঘৰৰ পৰা কিমান দূৰ হয় ?
মোহিনীবালা ৰাভাঃ এক মাইলেই নহয়। ওচৰতে। দেখিয়েই থাকি। বিৰিণাখাটা জেগা এতিয়া বিখ্যাতেই। এতিয়া হাইস্কুলো আছে। হায়াৰ চেকেণ্ডাৰী আছে। উইভিং ঘৰ আছে। আমাৰ মাহঁতে প্রতিষ্ঠা কৰা মহিলা সংগঠন বৰ পাৱাৰফুল আছিল। সেইবোৰ আলম লৈয়েই ডাঙৰ হৈছোঁ। সৰুতে বাবাকো নাপালোঁ। মই ক্লাছ থ্ৰিত থাকোঁতেই বাবা ঢুকাইছে।

কৌস্তুভমণি শইকীয়াঃ তাৰ পিছত আপুনি পঢ়া-শুনা কিমানলৈকে কৰিলে ?
মোহিনীবালা ৰাভাঃ বেছি পঢ়া নাই। হাইস্কুলৰ কেইশ্রেণীমান পঢ়িছিলোঁ।

কৌস্তুভমণি শইকীয়াঃ সেই সময়ত পঢ়াৰ পৰিৱেশ নাছিল নেকি বাৰু?
মোহিনীবালা ৰাভাঃ আছিল, কিন্তু মোৰ বাবা নাই নহয়।

কৌস্তুভমণি শইকীয়াঃ ঘৰুৱা অৱস্থা বেয়া আছিল নেকি?
মোহিনীবালা ৰাভাঃ নাই, ঘৰুৱা অৱস্থা ভালেই আছিল। থ’বলৈ যাবলৈ সেই সময়ত যাতায়াত ব্যৱস্থা বৰ অসুবিধা।

কৌস্তুভমণি শইকীয়াঃ আপোনালোকৰ পৰিয়ালত আৰু ককাই-ভাই, বাই-ভনী?
মোহিনীবালা ৰাভাঃ ময়েই ডাঙৰ। খুৰাহঁতৰ ল’ৰা- ছোৱালীবোৰ সকলো মোতকৈ সৰু।

কৌস্তুভমণি শইকীয়াঃ আপোনাৰ পিতৃ-মাতৃৰ আপুনিয়েই একমাত্র সন্তান নেকি?
মোহিনীবালা ৰাভাঃ নহয়, পিছত মোৰ তলত আছে। চাৰিজনী ভনী আৰু ভাই এটা আছে।

কৌস্তুভমণি শইকীয়াঃ তাৰ পিছত আপুনি বিষ্ণুপ্ৰসাদ ৰাভাৰ সৈতে কেতিয়া বিবাহপাশত আবদ্ধ হ’ল? যোগসূত্ৰটাে কেনেকৈ হ’ল ?
মোহিনীবালা ৰাভাঃ তেখেতৰ মানে সেই সময়ত ট্রাইবেল লীগৰ ফালৰ পৰা এটা মেগাজিন ‘নায়ক’ নামৰ। ডিব্ৰুগড়ৰ পৰা ওলায়। ছমহীয়া আছিল। তাত অসমীয়াতো লিখে। বড়ো ভাষাতো লিখে। সেইখন এখন বিখ্যাত মেগাজিন আছিল। হাইস্কুলে হাইস্কুলে দিয়ে। ‘নায়ক’ত তেখেতে চিফুংবাঁহীৰ সুৰৰ বিষয়ে লিখিছিল। তেতিয়া সেইবিলাক পঢ়োঁ। বিষ্ণুৰাভাক আমি খুব শ্ৰদ্ধা কৰোঁ। খুব ডাঙৰ মানুহ বুলি। তাৰ পিছত যেতিয়া চিৰাজ ফিল্মত ব্যস্ত হৈ আছিল কলিকতাত সবেই বিষ্ণু ৰাভাক বড়ো বুলি জানে। আমাৰ গৰ্ব মনোভাব আৰু ১৯৪৮ চনৰ ডিচেম্বৰ মাহত ধমধমা নামৰ জেগাত অল আছাম ট্ৰাইবেল লীগৰ সন্মিলন আৰু অল আছাম কছাৰী সন্মিলন তাত হৈছিল। গোটেই অসমৰ শিক্ষিত ট্ৰাইবেল ছোৱালীবিলাকক তাতে নিমন্ত্ৰণ কৰা হৈছিল। সেই সময়ত মই ৰেডিঅ’ চেণ্টাৰত গান গোৱা মানুহ।

কৌস্তুভমণি শইকীয়াঃ আপুনি কেতিয়া ৰেডিঅ’ত গান গাইছিলে?
মোহিনীবালা ৰাভাঃযি বছৰত ৰেডিঅ’ চেণ্টাৰ হৈছে।

কৌস্তুভমণি শইকীয়াঃ তেতিয়া ৰেডিঅ’ চেণ্টাৰ নদীৰ পাৰত আছিল।
মােহিনীবালা ৰাভাঃ তাৰ ছমাহৰ পাছতে মই গান গাইছোঁ।

কৌস্তুভমণি শইকীয়াঃ আপুনি বড়ো ভাষাত গান গাইছিলে?
মােহিনীবালা ৰাভাঃ হয়, বড়ো ভাষাত গাইছিলোঁ। ইয়ালৈ অহাৰ পিছত ইয়াতো গাইছোঁ।

কৌস্তুভমণি শইকীয়াঃ আপুনি কণ্ঠ পৰীক্ষা দিব লগা হৈছিলনে বাৰু?
মোহিনীবালা ৰাভাঃ হয়, কণ্ঠ পৰীক্ষা দিব লগা হৈছিল।

কৌস্তুভমণি শইকীয়াঃ হয় তেতিয়া পোনপটীয়া প্ৰচাৰ আছিল।
মোহিনীবালা ৰাভাঃ আমাৰ দিনত ডাইৰেক্ট গাইছিলোঁ আমি। চাৰি দিন ৰিহাৰ্চেল কৰিব লগা হৈছিল। বীৰেন ফুকন, ৰাতুল ভট্টাচাৰ্যহঁতে আমাক খুব মৰম কৰে। ৰিহাৰ্চেল কৰি ভাগৰি জুগৰি আহিলে আমিয়েই খুৱাই দিম বুলি ৰান্ধি-বাঢ়ি খুৱায়। বীৰেন ফুকন খাৰঘুলিত ঘৰ ভাৰাত আছিল। খাৰঘুলিত আমাৰ আত্মীয়াৰ ঘৰ আছিল। বড়ো মানুহ। ধনী মানুহ। নাম কিবা উজীৰ। আমাৰ মামা সম্বন্ধীয় হয়। তাতে থাকোঁ আমি। তাৰ ওচৰতে বীৰেন ফুকনে চাৰিজন কর্মচাৰীৰ সৈতে মেচ পাতি আছিল। সেই সময়ৰ মিলা-প্ৰীতিৰ কথা ভাবিলে মনটো এতিয়াও উৎফুল্লিত হৈ যায়। মই যেতিয়া ইয়াত গান গাবলৈ আহিছিলোঁ পুৰুষোত্তম দাসে মোক ছাত্রী বুলি চবৰে আগত কৈ গর্ব কৰিছিল। ভাগ্য বেয়া তেখেতসকলৰ পৰা মই চাৰ্টিফিকেট ল’বলৈ নহ’ল।

কৌস্তুভমণি শইকীয়াঃ আপুনি ৰেডিঅ’ত কেইটামান গান গাইছিলে?
মোহিনীবালা ৰাভাঃ বহুত গান গাইছিলোঁ? কিন্তু সেই সময়ত বাণীবদ্ধ কৰি ৰখাৰ নিয়ম নাছিল। পিছত কেছেট বাণীবদ্ধ হৈছিল। সেইটাে স্থায়ী নহ’ল। প্রথম অৱস্থাতো ডাইৰেক্ট গাওঁ ।পোনপটীয়া প্ৰচাৰ আছিল তেতিয়া। চাৰি দিনৰ পাছত আকৌ গোৱাৰ নিয়ম এটা আছিল।

কৌস্তুভমণি শইকীয়াঃ এতিয়াও আপুনি গীত গোৱাৰ অভ্যাসটো ৰাখিছে নেকি? কেতিয়াবা গায়নে?
মোহিনীবালা ৰাভাঃ ৰাভা থকালৈকে গাইছিলোঁ। বিপ্লৱী গানবিলাক ময়েই দি আছোঁ। ব’ল ব’ল কৃষক শক্তিদল , তেজৰ বলেৰে লিখি যাম ইতিহাস।

কৌস্তুভমণি শইকীয়াঃ বাইদেউ, আপোনাৰ বাৰু এতিয়া তেনেকুৱা দুই-এটা গান মনত আছেনে? অকণমান গুণগুণাই দিব পাৰিবনে?
মোহিনীবালা ৰাভাঃ মুখস্থ নাই।

কৌস্তুভমণি শইকীয়াঃ মুখস্থ নালাগে বাৰু। অলপমান সুৰটো গুণগুণাই দিয়কচোন। শ্ৰোতাসকলে শুনি ভাল পাব।
মোহিনীবালা ৰাভাঃ ব’ল ব’ল কৃষক শক্তিদল এইটো মই ৰেডিঅ’ত গোৱা নাই। কিন্তু মই বড়ো ভাষাত গাইছোঁ।

কৌস্তুভমণি শইকীয়াঃ আপুনি বড়ো ভাষাৰ গানেই দুই-এটা গুণগুণাই দিব নেকি?
মোহিনীবালা ৰাভাঃ এনেইতো মই সদায় ভাষণ দিয়েই থাকোঁ। কালি এতিয়া মই সাংস্কৃতিক অনুষ্ঠানৰ ভাষণ দিব লাগে বুলি মই নাজানো। ময়েই উদ্বোধন কৰিলোঁ লতাশিলত। আকৌ সেই কমিউনিষ্ট পাৰ্টিবিলাকে ১০১ টা বন্তি জ্বলাইছে। তাত যে ভাষণ দিব লাগে মই তাকো নাজানে।

কৌস্তুভমণি শইকীয়াঃ মনত আছেনে ৰাভাৰ গান?

মােহিনীবালা ৰাভাঃ এনেয়ে কেইটামান মনত আছে। তেওঁতো বড়োতো কৰিছিলে অসমীয়াতো কৰিছিলে। এতিয়া তেওঁৰ বিপ্লৱী গানবিলাক ৰঞ্জন ভট্টাচাৰ্যই উলিয়াই আছে। আমাৰ বড়ো গানবিলাক বৰ ধুনীয়া ধুনীয়া আছিল।

কৌস্তুভমণি শইকীয়াঃ আগৰ আপুনি তেতিয়া গােৱা গান দুই-এটা মনত আছেনে ?
মােহিনীবালা ৰাভাঃ আছে। বৰ ধুনীয়া ধুনীয়া গান।

কৌস্তুভমণি শইকীয়াঃ মনত পেলাওকচােন।
মোহিনীবালা ৰাভাঃ ৰেডিঅ’ চেণ্টাৰত গোৱা এটা মই এনেয়ে গুণগুণাই দিছোঁ আইও মনাপি লি ওহাখাং.… মেদিনীমোহন চৌধুৰী যেতিয়া খুব চিৰিয়াচ হৈছিল তেওঁক চাবলৈ আহােঁতে সান্ত্বনা দিবৰ বাবে গান গাইছিলোঁ। মোক দেখা পোৱাৰ লগে লগে কান্দিবলৈ আৰম্ভ কৰিছিল। তেওঁৰ লগত মই বহু মিটিং কৰিছোঁ। গান গাইছোঁ। ট্রাইবেল লীগৰ আন্দোলনত। বাছত যাওঁ। আমি ৰাস্তাই ৰাস্তাই গান গাই যাওঁ। তেওঁ তবলা বজায়। মই গাওঁ।

কৌস্তুভমণি শইকীয়াঃ আমি বুজিলোঁ আপুনি জীৱনৰ আৰম্ভণিৰ পৰা এগৰাকী গায়িকা আছিল।
মোহিনীবালা ৰাভাঃ মই নাচিছিলোঁও

কৌস্তুভমণি শইকীয়াঃ কেনেকুৱা নাচ ?
মোহিনীবালা ৰাভাঃ মই অল ইণ্ডিয়াত গ’লেতো সব নাচেই নাচোঁ। পাঞ্জাবী, গুজৰাটী, আমাৰ দেশীয় নাচ বড়ো নৃত্য, বিহু নাচ। বাহিৰলৈ গ’লে মই বিহুও নাচিছিলোঁ ইণ্ডোৰত। ইণ্ডোৰত মই হিন্দী নাটকো কৰিছোঁ। মণিৰাম দেৱানত আইচু দেউতা– কিন্তু সিমান নামজ্বলা নহয়। গণনাট্য সংঘত থাকোঁতে কৰিছিলোঁ।

কৌস্তুভমণি শইকীয়াঃ আপুনি গণনাট্য সংঘত কেতিয়া আছিলে?
মোহিনীবালা ৰাভাঃ গণনাট্য সংঘত ১৯৫৫ চনৰ পৰা । এতিয়ালৈকে আছোঁ। অল ইণ্ডিয়া আইকনৰ ভিতৰত এতিয়া থকাসকলৰ ভিতৰত চবতকে পুৰণা ৰমেন বৰুৱা আৰু মই। বয়স হিচাপে আমি দুয়োজনেই এতিয়া বুঢ়া-বুঢ়ী আৰু (হাঁহে) বাকীবিলাক পিছত অহা।

কৌস্তুভমণি শইকীয়াঃ গণনাট্য সংঘৰ জৰিয়তে আপুনি কেনেকুৱা কাম কৰিছে। অসমৰতো বিভিন্ন ঠাইত আপুনি ঘূৰিছে?
মোহিনীবালা ৰাভাঃ হয় গণনাট্যতে আছোঁ মই। আৰু কোনো সংগঠনতে নাই মই।

কৌস্তুভমণি শইকীয়াঃ গণনাট্য সংঘত কেনেকুৱা ধৰণৰ কাম কৰিছিলে অকণমান আভাস দিবনে ?
মোহিনীবালা ৰাভাঃ গণনাট্য সংঘত ধনতন্ত্রবাদৰ বাবে যিবিলাক মানুহে ডাঙৰ মঞ্চত কাহানিও সন্মান নাপায়। অথচ নাম থকা গায়ক-গায়িকতকৈ ধুনীয়া গাব পাৰে। শোষিত- পীড়িত সমাজত কি সুন্দৰ ধৰণৰ নিজৰ কালচাৰ ৰাখি গান গাইছে। এনেকুৱা মানুহ লগ পাইছোঁ মই গোটেই ঘৰৰ ল’ৰা- ছোৱালীয়ে দিনে-ৰাতিয়ে গান গাব পাৰে। কিন্তু থাকিবলৈ ঘৰ নাই। মটক ফেমিলিতো পাইছোঁ মই। তিনি বছৰীয়া ল’ৰাৰ পৰা পাঁচ বছৰ নবছৰীয়া ল’ৰা-ছোৱালীয়ে মাকৰ লগত গান গাব পাৰে। সেইবিলাক মানুহক আমি গান গাবলৈ সুবিধা দিওঁ। গণসংগীত। যিবিলাক মানুহে গিৰীয়েক-ঘৈণীয়েকে গান গাইছে। অথচ একো পোৱা নাই। সেই কাৰণে মই জ্যোতিপ্ৰসাদ ন্যাস পুঁজি গঠন কৰি দিছোঁ। পীড়িত মানুহৰ বাবে একঠা মাটি কিনি দিব পাৰোঁ নেকি, এবাণ্ডেল টিনপাত কিনি দিব পাৰােঁ নেকি। চৰকাৰৰ এই বিষয়ত কোনো আগ্রহ নাই। মোৰ হাতত হাজাৰ হাজাৰ শিল্পী আছে| যিসকলক আনি আমি মঞ্চত প্রতিষ্ঠিত কৰোঁ। তেওঁলোকে লোকগীত, লোকসংগীত, গণসংগীত ইমান সুন্দৰকৈ গায়। ধনৱান মুধাফুটা বুদ্ধিজীৱীসকলৰ সংগঠনত তেওঁলোকৰ স্থান নাই। এতিয়া জ্যোতিপ্ৰসাদৰ শতবার্ষিকী আৰম্ভ হৈছিল ভোলাগুৰি চাহ বাগিচাত লক্ষ্মী ভৰালী নামৰ গিৰীয়েক-ঘৈণীয়েকে ল’ৰা-ছােৱালীক গান শিকাইছে। একঠা মাটিত টিনপাত লগাই কোনাে মতে আছে। এইবিলাক মানুহক গান গাবলৈ লৈ গ’ল ভোলাগুৰিলৈ। কিন্তু ডাঙৰ মানুহৰ লগত চিনাকি কৰাই নিদিলে। এনেকুৱা মানুহক আমি তেজপুৰত আনি গান গাবলৈ দিছোঁ।

কৌস্তুভমণি শইকীয়াঃ আপোনাৰ বয়স এতিয়া কিমান?
মােহিনীবালা ৰাভাঃ উনাশী বছৰ চলি আছে।

কৌস্তুভমণি শইকীয়াঃ আপােনাৰ কিবা অসুখ-বিসুখ আছে নেকি?
মোহিনীবালা ৰাভাঃ হাইপ্ৰেচাৰ আছে। দৰব খাওঁ।

কৌস্তুভমণি শইকীয়াঃ আপুনি স্থাস্থ্য ৰক্ষাৰ নিয়ম পালন কৰে?
মোহিনীবালা ৰাভাঃ পালন কৰােঁ। মই সৰুৰে পৰা নিৰামিষ। আসন, প্রাণায়াম কৰােঁ। যোৱা বছৰৰ পৰা মােৰ স্বাস্থ্য ভাল নহয়। লিভাৰৰ অলপ কমপ্লেইন আছে। বয়স হৈছেতো।

কৌস্তুভমণি শইকীয়াঃ আমি আপােনাৰ লগত বিষ্ণু ৰাভাৰ সান্নিধ্যৰ কথা পাতিব খুজিছোঁ এতিয়া। তেখেতৰ লগত আপোনাৰ বিবাহ কোন চনত হৈছিল? মনত আছেনে বাইদেউ ?
মোহিনীবালা ৰাভাঃ আছে। ১৯৫৫ চনৰ জানুৱাৰীত।

কৌস্তুভমণি শইকীয়াঃ কেনেকে ক’ত কি সূত্ৰে আপুনি তেখেতক লগ পালে ?
মোহিনীবালা ৰাভাঃ লেখা-পঢ়াৰ মাজেৰে সম্পর্কতো হৈছেই। তেখেতৰ লেখা পঢ়ি থাকোঁ।

কৌস্তুভমণি শইকীয়াঃ আপুনি বিয়াৰ আগতেও তেখেতক পাইছে?
মোহিনীবালা ৰাভাঃ পাইছোঁ। তেওঁ আণ্ডাৰগ্ৰাউণ্ড প্রথম যেতিয়া হৈছে ’৪৮ চনৰ ডিচেম্বৰ মাহত। ‘চিৰাজ’ ফিল্ম শেষ কৰি শ্বিলঙৰ পৰা আহি ট্রাইবেল সংঘ বুলি কৈছিলোঁ যে কৃষ্টিসভাৰ প্ৰেচিডেণ্ট হৈছিলে তেওঁ। তেতিয়াৰ পৰাই আন্দাৰগ্রাউণ্ড আৰম্ভ হ’ল তেওঁৰ। তেখেতৰ বয়স আছিল ৩২ বছৰ। মানুহে তেওঁক বয়সিয়াল যেন দেখি আবু বুলি কয়। প্ৰেচিডেণ্ট হৈ আহােঁতে আমাৰ বড়ো ছােৱালীবিলাকে মাদলৰ লগত নাচিছে! আৰু ময়ো গগনা বজাই নচুৱাইছোঁ বহুতক। তাৰ পাছত ছোৱালীবিলাকে এক বজাৰ পাছত তই আমাক ইমান নচুৱাইছ তই নানাচ নেকি বুলি ঠেলি দিলে মঞ্চত। বিষ্ণু ৰাভা মঞ্চত বহি আছে। প্ৰেচিডেন্ট হৈ। সেই সময়ত প্ৰেচিডেণ্টক গান গাই গাই মালা পিন্ধাব লাগে। দিনত আছিল। পিত সিং কোঁৱৰ, নগাঁৱৰ। তেওঁ ল কলেজৰ ষ্টুডেন্ট আছিল ইউনিভাৰচিটিৰ। ছত্র সিং টেৰণ, কাৰ্বি আৰ্লঙৰ। তেৱোঁ আছিল ল কলেজৰ। তেওঁলোকো ট্রাইবেল সংঘৰ লগত জড়িত। তেওঁলোক আহিছিল দিনত। ৰাভা আহিছিল ৰাতি। কৃষ্টি সভাত প্ৰেচিডেন্ট বহি আছে। আমি নাচিছোঁ। মোৰ নাচটাে চবেই ভাল পালে। ৰাভাই এনাউন্স কৰি দিলে স্বৰ্গৰ অপেচৰীয়ে নচাৰ দৰে দেখিছোঁ বুলি। সেই সময়ত চবেই মোৰ গালৈ টকা ছটিয়াইছে। সেই সময়ত টকাতো বহুত কম। এক টকা-দুই টকা এইদৰে ছটিয়াওতে ছটিয়াওতে মোৰ হাতত আঢ়ৈশ টকা হৈ গ’ল। তেতিয়া ১৯৪৮ চনৰ ডিচেম্বৰ মাহৰ শেষ। পিছদিনা আমাৰ ছােৱালী কেম্পত আমাৰ বড়ো সমাজৰ পিতাস্বৰূপে সতীশ বসুমতাৰী, আমি তেওঁক মহাত্মা গান্ধীৰ দৰে ভাবোঁ। দেখাতে গান্ধীজীৰ দৰে। আমি বৰদেউতা বুলি মাতোঁ। তেখেতে আমাক কৈছে আমাৰ বড়োৰ ৰজা আহিছে। মই ভাবিলোঁ কোন বড়োৰ ৰজা আহিছে। তাৰ পিছত দেখিলোঁ কালিৰ প্ৰেচিডেন্টজন। তেতিয়া ৰাভাৰ ৰংটাে খুব ৰঙা আছিল। চুলি খুব ধুনীয়া। কার্লিং। তেতিয়া চব ছোৱালীয়ে ভৰিত ধৰি সেৱা কৰাৰ নিয়ম আছিল। মই চবকে উলিয়াই দি ৰূমত সোমাই আছোঁ। মই বৰ লাজকুৰীয়া আছিলোঁ। তাৰ পিছত সতীশ বসুমতাৰীয়ে মােক মাতি আছে “মোহিনী আইয়ং মোহিনী আইয়ং আহাচােন তুমি আহাচােন” বুলি কৈছে। তাৰ পাছতো নাই অহা কাৰণে ৰাভাই কৈছে কালি লাষ্টত নচা ছোৱালীজনী ক’ত। চবেই আহিছে তাই অহা নাই। জোৰ কৰি মতা কাৰণে মই গ’লোঁ। ৰাভাই চিনেমা কৰি অহা বুলি মই জানো। মই সেৱা কৰিব খোজোঁতে ৰাভাই মোৰ হাতত থাপ মাৰি ধৰি ক’লে- তুমি মোৰ লগত যাবা ? মই ভাবিলোঁ— চিনেমা কৰিবলৈ যাবা বুলি কৈছে। আমি আকৌ প্রমথেশ বৰুৱাৰ খুব ভক্ত। প্রমথেশ বৰুৱাৰ জৰিয়তেহে বিষ্ণু ৰাভাৰ প্রতি আমাৰ শ্রদ্ধা আহিছে। প্রমথেশ বৰুৱা বৰ ধুনীয়া মানুহ আছিল। কেঁকোৰা চুলি। ৰঙা পৰা মুখ। সেই কাৰণে ৰাভাকো বৰ আপোন আপোন লাগিছে। মই যাম বুলি কৈ দিলোঁ। চিনেমা কৰিবলৈ পাম। কিন্তু অর্থটাে তেওঁ বেলেগ ধৰণে ল’লে।

কৌস্তুভমণি শইকীয়াঃ ভাবিলে মােৰ জীৱনসংগী হ’ব। তেনেকুৱা অৰ্থ কৰিলে!
মোহিনীবালা ৰাভাঃ হয়। তেনেকুৱাই। মইতো নাজানো। প্রমথেশ বৰুৱাৰ জৰিয়তেহে বিষ্ণু ৰাভাৰ প্রতি আমাৰ শ্ৰদ্ধা আহিছে। আমাৰ মামাহঁতৰ গাঁৱৰ ওচৰতে। মামাহঁতৰ লগত খুব ভাল সম্পর্ক প্রমথেশ বৰুৱাৰ ফেমিলিৰ। মামাৰ বিয়াত গোটেই ফেমিলিয়েই আহিছিল। গতিকে নিজৰ বুলি ভাবে প্রমথেশ বৰুৱাক। তেওঁ (বিষ্ণু ৰাভা) আণ্ডাৰগ্ৰাউণ্ডত থাকোঁতে মাজে মাজে কিতাপ পঠিয়াই দিয়ে মোলৈ। তেতিয়া মই গুৱাহাটীৰ উইভিং স্কুলত পঢ়ো আৰু ৰেডিঅ’ চেণ্টাৰত গান গাওঁ। উইভিং চেন্টাৰত থাকি গুৱাহাটী টাউনত অকলে অকলে কিতাপ বিক্ৰী কৰোঁ। এইবোৰ যে বেআইনী কিতাপ মই নাজানো।

কৌস্তুভমণি শইকীয়াইঃ মানে বিপ্লৱী কিতাপ?                                                                                                               মােহিনীবালা ৰাভাঃ শৰৎ ৰাভাই আনি দিয়ে। ভিনী বুলি মাতোঁ মই। এনেকৈ আণ্ডাৰগ্ৰাউণ্ডত মানুহবিলাকৰ প্রভাব পৰি গ’ল। তাই আহিলে ভাল হ’ব আমাৰ সংগঠনৰ কাৰণে। মইতো ডাইৰেক্টলি যাব নোৱাৰোঁ। মই আকৌ এম. ই. স্কুলত কাম কৰিছিলোঁ। গোসাঁইগাঁও বালিমাৰী এম. ই. স্কুল। তাৰ পৰা আহি ৰেডিঅ’ চেণ্টাৰত, মহিলা সমিতিত ঘূৰি ফুৰােঁ আৰু। তেতিয়া অপাৰেচন। শিমলুগাঁও কোকৰাঝাৰ ডিষ্ট্ৰিক্ট গোটেইবোৰতে মিলিটেৰী ভর্তি। খগেন বৰবৰুৱা, সাবিত্রী চেতিয়া, সোণমাই কোঁৱৰ, হৰিদাস ডেকা সব একেলগে ডাইন ট্রেনত নামিছে আৰু মই আপ ট্ৰেনত নামিছোঁ আৰু একেলগে দলদোপলে খোজ কাঢ়ি গৈ সিংগোলগাঁৱলে বাছত উঠিছোঁ। মোক যে বিষ্ণুপ্ৰসাদ ৰাভাৰ লগত দেখা কৰাব মই নাজানো। গৈছোঁ, সিংগোলগাঁৱত য’ত মিটিঙৰ মঞ্চ হৈছে তাত বিৰাট মিলিটেৰীৰ অপাৰেচন। কোনো ফালেই যাব নোৱাৰি। মানুহৰ ঘৰে ঘৰে বিৰাট মিলিটেৰী অপাৰেচন। মাৰ-পিট | এনেকুৱাৰ মাজত মিটিং কৰিছোঁ। যুৱমঞ্চৰ। বে-আইনী হােৱা নাই। তাৰ পিছত নৱীন কমৰেড চেক্ৰেটেৰী। প্ৰেছিডেন্ট বিষ্ণুপ্ৰসাদ ৰাভা। চেক্ৰেটেৰীক আফা বুলি কয়। আফা মানে দেউতা। আন্দাৰগ্রাউণ্ড নাম আমি একো বুজি নাপাওঁ। আফাই মােক চকুৰে ইংগিত দিলে। মই ভাবিছোঁ আমি বহুদূৰৰ পৰা আহিছোঁ হাত-ভৰি ধুবৰ বাবে মাতিছে নেকি। মােৰ লগৰ ছােৱালী এজনীয়ে কিন্তু বুজি পায়। মোক নিশ্চয় বিষ্ণু ৰাভাৰ ওচৰলৈ লৈ যাব দেখা কৰিবলৈ। গৈ আছোঁ গৈ আছোঁ নদী পাৰ হৈ কালুগাঁও, ভল্টুগাঁও পালোঁগৈ খোজ কাঢ়ি। দুই নং কালুগাঁও বৰ ধনী গাঁও, বড়ো গাঁও। ফৰেষ্টৰ মাজত। ফৰেষ্টৰ পৰা ওলোৱাৰ পাছত ৰাভাহঁত আমি আহিম বুলি বাট চাই আছে। দূৰৈৰ পৰা দেখা পাই মই ভয় খাইছোঁ। ইমান ডাঙৰ মানুহ কোন এইজন। তেতিয়া বেছি শকত হৈ গ’ল তেওঁ। ৰংটাে বেলেগ হৈ গ’ল। ঘূৰি ফুৰা মানুহ নহয়। চুলি অলপ কমিছে। ভাবিলোঁ কোন মানুহ এইজন। লৈ যোৱা মানুহজনে ক’লে- এইজনেই আবউ। আমি দুইজনী একেই সমান। গানো গাঁও নাচোও। ধনেশ্বৰী, মোৰ বৰদেউতাৰ ছোৱালী। ৰাভাই কিন্তু চিনি পোৱা নাই। কোনজনী মােহিনী বসুমতাৰী৷ আগবঢ়াই লৈ গৈছে। তেওঁৰ কোম্পত গৈছোঁ। কথা পাতিছোঁ। মোৰ ভনীক প্রশ্ন কৰে মোহিনী বুলি। মই উত্তৰ দিওঁ। ৰাভাই অলপ দিগদাৰ পালে। মই এওঁক সোধোঁ উত্তৰ দিয়ে তাই। তাৰপিছত সুধিলে— তোমালোক দুজনীৰ ভিতৰত মোহিনী কোনজনী ? মই ক’লো— মই। তোমাক আজি নাক নোহােৱা দেখিছোঁ। নাক নােহােৱাজনীৰ লগত কথা পাতিছোঁ৷ একেই চেহেৰাৰ মানুহ আহিব লাগেনে আজি। মোৰ বৰদেউতাৰ ছােৱালী আৰু মই গৈছোঁ। তায়াে খুব নাচ-গান কৰে। অল ইণ্ডিয়াত নাম আছে তাইৰ ধনেশ্বৰী বসুমতাৰী। তাইৰ এতিয়াও নাম আছে কোকৰাঝাৰত৷ যুৱ মহােৎসৱত মোক বগৰাই ল’লে আৰ. চি.পি. আই সংগঠনে।এনেকে যুৱ মহােৎসৱত মাতােতে মাতোতে তাই পুলিচ অফিচাৰ হৈ গ’ল। মই তেনেকে থাকি গ’লো সংগঠনত। ১৯৫২ চনত ৰাভাদেউ এৰেষ্ট হ’ল। সেই সময়ত আৰ. চি. পি. আই. সংগঠন ইমান বেয়া হৈ গ’ল৷ চলাবলৈ মানুহ নাই। সেই সময়ত ধুবুৰী মহকুমাৰ ট্ৰাইবেল সম্পাদিকা মই। খুব পাৱাৰফুল। মই যি কওঁ বড়ো সমাজে মানে৷ মই তেনেকে আন্দাৰগ্রাউণ্ড হ’লোঁ। প্রত্যেক গাঁৱৰ মানুহে সহায় কৰিলে মােক। আচলতে মই ডাইৰেক্ট আৰ. চি.পি. আই যোৱা নাই। মোক তেওঁলোকে যুৱমঞ্চৰ জৰিয়তে বগৰাই ল’লে। বহুতে মোক চিনি পাইছে। আমাৰ ডিষ্ট্ৰিক্ট চেক্ৰেটেৰীৰ নিচিনা লাগে। মােহিনী বসুমতাৰীৰ নিচিনা। কিন্তু নামটাে বেলেগ হ’ল কমৰেড বুলি। কিছুমানে সোধে আপোনাৰ আচল নামটো মোহিনী বসুমতাৰী নেকি? মোক সকলোৱে ধুবুৰীৰ কমৰেড বুলিয়ে জানে।

কৌস্তুভমণি শইকীয়াঃ আপুনি কাৰাগাৰলৈ গৈছিল নেকি?
মোহিনীবালা ৰাভাঃ নাই। মোক ধৰিব নোৱাৰিলে। মই থানা ওচৰেদি অহা-যোৱা কৰোঁ। পলুপোহা মানুহে এৰাপাট বিচৰাৰ দৰে মই সাধাৰণ কাপোৰ-কানি পিন্ধি ওলাই যাওঁ। ব্লাউজ চাউজ সব এৰি দিছোঁ। চেণ্ডেল এৰি দিছোঁ। একেবাৰে সাধাৰণ ড্ৰেছ। ৰাতি ৰাতি ঘূৰোঁ=জংঘলৰ মাজে মাজে। গোটেই ৰাতিটো পাঁচখন-ছয়খন গাঁৱত ঘূৰি ফুৰোঁ ৰাইজৰ কামত।

কৌস্তুভমণি শইকীয়াঃ আপোনাৰ লগত আৰু কোন কোন আছিল?
মোহিনীবালা ৰাভাঃ বহুত কমৰেড আছিল। বিপিন দৈমাৰীৰ নাম আপোনালোকে শুনিছে ছাগে। বিখ্যাত সংগঠক আছিল। বাসুগাঁৱৰ। তেখেত বহুদিন ডিষ্ট্ৰিক্টৰ সম্পাদক, সভাপতি পদত আছিল। তেখেতে মোক নিজৰ খুলখালীৰ দৰে সব ফালে চকু দিয়ে। এনেদৰে সংগঠনত অহাৰ পিছত ১৯৫২ চনৰ ডিচেম্বৰ মাহত বেআইনীটো খুলি দিলে। পাঁচ বছৰ পূৰা বেআইনী আছিল। অপেনলি সংগঠন কৰিব পৰা হ’লোঁ। মুকলি ভাৱে কৰিব পৰা হ’লত অল ইণ্ডিয়া মিটিং আমি বাসুগাঁৱলৈ আনিলোঁ। এমাহ মিটিং হৈছে। ৰাভা তেতিয়া জেলত আছে। আমি ডেপুটেচন দিবলৈ গৈ থাকোঁ জেলত। জেল ঘেৰাও কৰোঁ। ৰাভাক ভাল জেললৈ নিব লাগে। সেইটো দাবী কৰোঁ। তেতিয়া আমাৰ একো সম্পৰ্ক নাই। পাৰ্টীৰ লিডাৰ হিচাপেই তেখেতক ৰেচপেক্ট কৰোঁ।

কৌস্তুভমণি শইকীয়াঃ তাৰ পিছত আপোনালোকৰ বিয়া হ’ল?
মোহিনীবালা ৰাভাঃ হয়, ১৯৫৫ চনত।

কৌস্তুভমণি শইকীয়াঃ তেখেত যেতিয়া বিধায়ক আছিল। আপুনিও তেখেতৰ লগত আছিল?
মোহিনীবালা ৰাভাঃ আছোঁ। বিধায়ক হিচাপে তেখেতে বহুত কাম কৰিলে। বিশেষকৈ আমাৰ সাংস্কৃতিক ক্ষেত্ৰখনলৈ বহুত অৱদান আগবঢ়াই থৈ গ’ল। বেছি দিন নাপালে আৰু।

কৌস্তুভমণি শইকীয়াঃ তেখেতৰ অসুখৰ সময়ত ৰাইজৰ সঁহাৰি আৰু সহধৰ্মিণী হিচাপে আপুনি যি সেৱা আগবঢ়ালে সেইখিনি আপুনিৱক’ব নেকি?
মোহিনীবালা ৰাভাঃ তেখেতে মানে যেতিয়া অসুখটো আৰম্ভ হৈছিল খুব নেগলেক্ট কৰিলে। আমাৰ প্ৰায়ে তৰ্কাতৰ্কি হৈছিল। মই কওঁ যদি আপুনি সঁচাকে নিঃস্বাৰ্থভাৱে ৰাইজক সেৱা আগবঢ়াইছে, ৰাইজক বলিদান দিছে, ৰাইজে আপোনাক চাব। ৰাভাই কয়, মই চিকিৎসা কৰি তোমালোকক আলাই আথানি কৰিব নোখোজোঁ। মই কওঁ আপোনাৰনো কি আছে যে আপুনি চিকিৎসা কৰিলেই আমাৰ আলাই আথানি হ’ব! আপুনি চিকিৎসা নকৰালে আমি স্বৰ্গত থাকিম ক’ত লিখা আছে? মই এদিন ক’লোঁ আপুনি যদি সঁচাকৈ চিকিৎসা নকৰে এই দুটা ল’ৰাক আপোনাৰ ওচৰত থৈ ডেগাৰ এখন দিম আপুনি মাৰিব লাগিব। তাৰ পিছতহে আপুনি মৰিব পাৰিব। নহ’লে আপিনাক মৰিবলে নিদিওঁ। যদি আপুনি নাম কমাবৰ বাবে বিষ্ণু ৰাভা হৈছে, নাম কমাবৰ বাবে নিজৰ বলিদান দেখুৱা নাই, যদি আপুনি প্ৰেমেৰে শোষিত-পীড়িত জনগণ ৰাইজৰ কাৰণে কৃষ্টি জনকৃষ্টি উদ্ধাৰৰ কাৰণে নিজক উছৰ্গা কৰিছে তেনেহ’লে নিশ্চয় আপোনাৰ বেমাৰৰ কথা শুনাৰ লগে লগে গোটেই ৰাইজে সঁহাৰি জনাব। চৰকাৰে জনাওক বা নজনাওক। আপোনাক ৰাইজে জনাব। তেওঁ কয় মই ৰাইজৰ কি কাম কৰিছোঁ। কেতিয়া কৰিলোঁ। মইতো ৰাইজৰ একো ভালেই কৰা নাই। ৰাইজে মোক কিয় চাব? সেইবিলাক কৈছিল। যেতিয়া ১৯৬৮ চনৰ নৱেম্বৰ মাহত তেওঁৰ খুউব চিৰিয়াছ হৈ গ’ল। মই এদিন এক্সৰে কৰিবলৈ নিছোঁ। মোক ঠগালে। মোক ক’লে , মই অকলে কৰিমচাৰ্জনে দায়িত্ব ল’ব। মই কেঁচুৱা নহয়। তুমি যোৱা। তাৰ পিছত মই গুচি গ’লোঁ। তাৰ পিছত তেৱোঁ এক্সৰে নকৰাকৈ মোৰ পিছে পিছে গুচি আহিল। ক’লে–মই মানুহ মাতিছিলোঁ। তেওঁলোকক এতিয়াই লগ ধৰিব লাগে। আজি নকৰোঁ দিয়া। কাইলৈ কৰিম। মই ক’লো— আপুনি কিয় আহিলে? তেওঁ ক’লে—‘ডাক্তৰক ঠগাই গুচি আহিলোঁ। পাছদিনা বিভাস দে আৰু মই আকৌ ধৰি লৈ গ’লোঁ। তেতিয়া কেপ্টেইন দাস আছিল। তেজপুৰৰ। খুব নামজ্বলা ডাক্তৰ৷ মিলিটেৰী বিভাগৰ। ৰিটায়াৰ হােৱা। বিভাস। দেই তাত এক্স-ৰে কৰে। তেওঁক দায়িত্ব দিলোঁ। ক’লোঁ আপুনি এৰি নিদিব। মোক যাবলৈ নিদিব। মই গ’লে তেওঁ মোৰ পাছে পাছে গুচি যাব। তেওঁ এক্স-ৰে কৰিলে। পিছদিনা এক বজাত এক্স-ৰে লৈ আহিছে। ক’লা মুখলৈ। গেটৰ মুখৰ পৰা মই আগ বঢ়াই আনিছোঁ। হুমুনিয়াহ কাঢ়িছে। ফটাে দেখুৱাইছে। তিনি জেগাত ফুটা হৈছে। ইচ’ফেগাচত তিনি জেগাত ফুটা। এক জেগাত চেপেটা ফুটাৰ নিচিনা। ডিঙিৰ ওচৰত। সেই কাৰণে পানী গিলিব নােৱাৰে। মােক ক’লে তুমি একো চিন্তা নকৰিবা। চিকিৎসা কৰিলে ভাল হৈ যাব। কমলা আগৰৱালা জ্যোতিপ্ৰসাদ আগৰৱালাৰ ভায়েক তেখেতে দায়িত্ব লৈছে যেতিয়া চৰকাৰে নিশ্চয় মোক চাব। কমলা আগৰৱালাই বিমলাপ্রসাদ চলিহাৰ লগত যোগাযোগ কৰি তেজপুৰৰ মাৰােৱাৰীসকলে গুৱাহাটী মেডিকেললৈ লৈ আহিল। ৰাভাই মােক ক’লে- তুমি যাব নালাগে। ডাঙৰ ল’ৰা পৃথিৰাজ সি আহিলে। কমলা আগৰৱালাই মোক ক’লে-তোমাক পিছত লৈ যাম। পিছদিনা মই আহিছোঁ। পেপাৰত যেতিয়া ৰাভা মেডিকেল কলেজ হাস্পতালত ভর্তি হ’ল বুলি ওলাল ইউনিভাৰচিটিৰ ল কলেজৰ ল’ৰাবিলাকে হাতত যি পালে চাৰি অনা, আঠ অনা যি পাৰে সেই সময়ত ল’ৰাবিলাকৰ হাতত বেছি পইচা নাথাকেতো সেইবিলাক গোটাই ৫৫৫ টকা আৰু সৰু শৰাই এখন লৈ আবেলি তিনি বজাত সম্বর্ধনা জনাবলৈ আহিছে। সুৰেন শৰ্মা প্রিন্সিপাল আছিলে মেডিকেল কলেজত। এতিয়া মহেন্দ্রমােহন চৌধুৰী হাস্পতাল যে তাতেই মেডিকেল কলেজ আছিল। বাৰাণ্ডাতে যেতিয়া সম্বর্ধনা পত্ৰখন পঢ়ে তেতিয়া ৰাভাৰ মনটাে কিবা হৈ গৈছে৷ এদিন যে মােৰ লগত তর্ক কৰিছিলে যদি আপুনি নিস্বার্থভাৱে ৰাইজক সেৱা কৰিছে ৰাইজৰ কাৰণে নিজকে উছৰ্গা কৰিলে। আপোনাৰ ধন-সম্পত্তি আওকাণ কৰিছে। কলকতাত বি. এছ. চি. পঢ়োঁতে আপুনি ৰাষ্ট্ৰীকেট হৈছিল। যদি আপুনি সঁচাকে ৰাইজৰ কাৰণে কথা কৈছিল- ‘ৰাজ্যে আছে দুইটি পাঠা, একটি কাল৷ একটি চাদাৰাজ্যে যদি মংগল চাওঁ দুইটি পাঠা বলি দাও।” এইবুলি জানাে আপুনি কোৱা নাছিলে? কৈছিল নিশ্চয় কৈছিল। এই কথাটাে মনত পেলাই দিয়াত তুমি মােতকৈ বেছি জ্ঞানী” বুলি কৈ হুকহুকাই কান্দিবলৈ ধৰিলে। হয়, তুমি মোতকৈ বহুত জ্ঞানী। তোমাৰ কথাই আজি প্রমাণ পালোঁ। ৰাইজে মোক ইমান ভাল পায়।

তেওঁক কথা ক’বলৈ দিছে। কিন্তু কান্দি কথা ক’ব নোৱাৰে। এই কান্দি কথা ক’ব নোৱৰা ফটাে বাতৰি কাকতত গোটেই অসমৰ ৰাইজে দেখিলে। চাৰু মহন্ত তেতিয়া অসম বাতৰিৰ সম্পাদক। কান্দি থকা ফটােখন তেওঁ প্রকাশ কৰিলে। লগে লগে অসমত প্ৰচাৰ হৈ গ’ল। পিছদিনা মালিগাঁৱত নটৰাজ ভ্ৰাম্যমাণ থিয়েটাৰ চলি আছে। মালিগাঁৱৰ ৰাইজে এৰাতিৰ যিটাে ইনকাম সেইটাে বিষ্ণু ৰাভাৰ নামত দান দিলে। ডিচেম্বৰৰ ৮ তাৰিখে ৰাভাই ফ্লাই কৰিব। নৱেম্বৰৰ ২৭ নে ২৮ তাৰিখে ইয়াত ভর্তি হৈছিল নহয়। ডঃ ভূৱনেশ্বৰ বৰুৱা, তেওঁৰ মিচেছ৷ তেজপুৰৰ মদন লহকৰ। মইতো কেঁচুৱা থকা কাৰণে যাব নোৱাৰোঁ বিমলা চলিহাই কৈছিল মােক যাবলৈ। ৰাভাই ক’লে ল’ৰাটােৰ অসুবিধা হ’ব| এঘাৰমহীয়া ল’ৰা। মই এওঁলোকৰ লগতে যাওঁ। তেওঁলোক যোৱাৰ আগে আগে ২৫৫৫.৫০ টকা মােৰ হাতত দিলে। নটৰাজৰ মালিক অচ্যুত লহকৰ নিজেই আহিছে। পাণবজাৰ মেডিকেলৰ পৰা ৰাভাই যাত্রা কৰিলে। ৰাভাৰ ফ্লাইট আছিল ১০-৩০ বজাত। তাৰ পাছত বোম্বাইৰ পৰা চিকিৎসা কৰি অহাৰ পাছত আকৌ মেডিকেল কলেজত থাকোঁতে চেনেলা কোম্পানীয়ে আগৰ গানবিলাক গোৱাৰ বাবদ টকা ৫৫৫৫.০০ দিলে। আকৌ দ্বিতীয়বাৰৰ বাবে বোম্বাইলৈ গৈছিল। তেখেতৰ চিৰিয়াচ হৈ গ’ল।

কৌস্তুভ মণি শইকীয়াঃ তাৰ পিছত ছমাহমান আছিল নেকি?
মােহিনীবালা ৰাভাঃ ছমাহ নহয় দুমাহেই নহয়। মেডিকেল কলেজত ৰাভাক ভাল কৰিব নােৱাৰিব বুলি ভাবি ঘৰলৈ পঠিয়াই দিলে। অসমৰ ৰাইজে চবেই ৰাভাক দান-বৰঙণি দিছিল।

কৌস্তুভমণি শইকীয়াঃ এতিয়া বিষ্ণু ৰাভা নাই যদিও তেখেতৰ যি অৱদান অসমৰ ৰাইজে কেতিয়াও পাহৰিব নােৱাৰে। বিষ্ণু ৰাভাৰ সহধর্মিণী হিচাপে বিষ্ণু ৰাভাৰ যি অৱদান সেইখিনি সংৰক্ষণ কৰা, ৰাইজৰ মাজত বিলাই দিয়াৰ দায়িত্ব আপোনাৰাে আছে। আমাৰ সকলোৰে আছে। এতিয়া আপুনি সেই সৃষ্টিখিনি জীয়াই ৰাখিবৰ বাবে আপোনাৰ তৰফৰ পৰা কিবা ব্যৱস্থা গ্রহণ কৰিছে নেকি?
মোহিনীবালা ৰাভাঃ ৰাভাৰ ৰচনাৱলীৰ প্রথম খণ্ড দ্বিতীয় খণ্ডখন ডঃ সৰ্বেশ্বৰ বৰাৰ লগ লাগি উলিয়ালোঁ। সাধাৰণ মানুহৰ হাতলৈও এই ৰচনাৱলী গৈছে। বুদ্ধিজীৱীসকলে কিমান পঢ়িছে নাজানো। প্রথম খণ্ড ছয় হাজাৰ কপি মই নিজ হাতে বিক্ৰী কৰিলোঁ। ছমাহতে শেষ। দ্বিতীয় খণ্ডটাে ছপাবলৈ ওলাওঁতে ডাঃ সৰ্বেশ্বৰ বৰাই ক’লে— আপোনাৰ এতিয়া বয়স হৈছে বাইদেউ। দ্বিতীয় খণ্ডটাে ১১০০ পৃষ্ঠা মেগাজিন ছাইজ। পাঁচজন এজেন্টক দিলে। কিন্তু পাঁচ বছৰত পাঁচশ কিতাপো বিক্রী নগ’ল। এজেণ্টবিলাকে নেগলেক্ট কৰিলে। তাৰ পিছত সৰ্বেশ্বৰে খুব দুখ কৰা কাৰণে মই তিনি মাহত ৩৫০০ কপি বিক্ৰী কৰিলোঁ। এটা শ্রেণীয়ে মােক খুব ঠগালে। আপুনি ইমান কষ্ট কৰিব নালাগে। আমি বিক্ৰী কৰি দিম বুলি শিৱসাগৰত মই ঠগ খালোঁ। ঠগ খােৱাৰ পাছত মই পইচাতো প্রেছত দিব নােৱাৰােঁ। এনেকৈ আঢ়ৈ হাজাৰ কপি কিতাপ পােকে খাই গুড়া হৈ গ’ল| ৰাইজে নাপালে। এটা শ্রেণীয়ে পাইছে। যিসকলে ৰাভাক চিনি পায়। বুজি পায়। মাষ্টৰ এল.পি. স্কুলৰ, হাইস্কুলৰ, হায়াৰ ছেকেণ্ডাৰী স্কুলৰ আৰু সাধাৰণ লিখা-পঢ়া কৰা কৃষকৰ মাজতে আছে। সাহিত্যিক শ্রেণীৰ, বুদ্ধিজীৱীৰ হাতত বিষ্ণু ৰাভাৰ ৰচনাৱলী প্রায় নায়েই। তেওঁলোকে বিষ্ণু ৰাভাৰ কিতাপ এভইড কৰিছে। সাহিত্য সভাই বিষ্ণু ৰাভাক সাহিত্যিক বুলি স্বীকাৰ কৰা নাই। আৰ্টিষ্ট বুলিও স্বীকাৰ কৰা নাই। দেশৰ কাৰণে, স্বাধীনতা আন্দোলনৰ কাৰণে বিষ্ণুপ্ৰসাদ ভিক্টোৰিয়া কলেজৰ পৰাও ৰাষ্ট্ৰীগেট হল আৰু ৰংপুৰৰ মাইকেল কলেজৰ পৰাও হ’ল তথাপি তেখেতে পাব লগা স্বীকৃতি নাপালে।

কৌস্তুভমণি শইকীয়াঃ বাইদেউ, বিষ্ণু ৰাভাই এবাৰ যে চৰকাৰৰ ৰােষত পৰি পঘাৰে বান্ধি ৰাজপথেৰে লৈ গৈছিল। সেইটাে আপুনি থাকোঁতে হৈছিল নে?
মোহিনীবালা ৰাভাঃ সেই সময়ত মই নাই। ৰাভাৰ অর্থনৈতিক সংকট বৰ বেছি আছিল। জেলৰ পৰা অহাৰ পিছত। আগতেই তেওঁৰ বাপেকৰ সম্পত্তি ধ্বংস হৈ গৈছিল। পাঁচমাইলত আছিল দুহাজাৰ বিঘা আৰু এয়াৰফিল্ডত আছিল ৫০০ বিঘা। এতিয়া মোৰ হাতত পাঁচ বিঘা আছে । য’ত নেকি এতিয়া তেজপুৰ ইউনিভাৰচিটি বহিছে তাত দুহাজাৰ বিঘা আছিল| এতিয়া একোৱেই নাই| যদিও মই গান গাইছোঁ নাচিছোঁ কিবা কৰিছোঁ। অর্থনৈতিক সমস্যাৰ বাবে বেলেগ ধৰণে চিন্তা কৰিব লগা হৈছে। বিষ্ণুপ্ৰসাদ ৰাভাৰ আৰ্থিক অৱস্থা এনেকুৱা তেওঁ নাটক কৰিবলৈ নগ’লে, মিটিং কৰিবলৈ নগ’লে জীয়াই থকাৰ কোনো ৰাস্তা নাই। সেই সমস্যাৰ বাবে মছলপুৰলৈ গুচি গ’লোঁ। খুৰাৰ ওচৰলৈ। বড়ো বিখ্যাত সাহিত্যিক মোৰ খুৰা। তেওঁৰ তাতে সৰু ইণ্ডাষ্টিৰ নিচিনা খুলি তাতে থাকিলোঁ মই। তাৰ পাছত খুৰাই ৪০ বিঘা মাটি দি এটা অনুষ্ঠান পাতি দিলে। তাতেই মই থাকিলোঁ এঘাৰ বছৰ। সেই সময়ত বিনোৱা ভাবেৰ লগত যোগাযোগ হৈ গোটেই ভাৰতবৰ্ষ ঘূৰিছোঁ। তেওঁ যেতিয়া প্রথম অসমলৈ আহে তেতিয়াও মই আছোঁ আৰু যোৱাৰ সময়তো আছোঁ। তাৰ পিছত মই অল ইণ্ডিয়ালৈ গুচি গ’লোঁ। এনেকে ৰাভাৰ লগত মই বিচ্ছিন্ন হৈ গৈছিলোঁ। মই ইণ্ডোৰ, ভূপাল আদিত থাকোঁতে ৰাভা এৰেষ্ট হৈছে। তাৰ পিছতহে মই আকৌ আহিছোঁ। সেই কাৰণে আৰ. চি. পি আইৰ সৰ্বভাৰতীয় আৰু বিনােৱাজীৰ ফালৰ পৰা গােটেই ভাৰত ঘূৰিলোঁ। জয়প্রকাশ নাৰায়ণ, তেওঁক আমি চাচাজী বুলি মার্তো চৰ্দাৰ বল্লভভাই, আন্না ফালেটকাৰ আদি যিমান বিখ্যাত মূধাফুটা মানুহ সকলোৰে লগত সম্পর্ক হৈ গ’ল মোৰ। তাৰ পিছত দ্বিতীয়বাৰৰ বাবে ৰাভাৰ বৰহমপুৰ জেলৰ পৰা অহাৰ পিছত চাইনীজ এগ্ৰেছনৰ সময়ত এৰেষ্ট কৰি বৰহমপুৰ জেলত ৰখাৰ পিছত মুকলি হৈ আহি ৰাভাৰ হাইপ্রেছাৰ হৈ গ’ল। ৰাভা অকলশৰীয়া হৈ পৰাত ৰাভাই আকৌ বিয়া কৰাব লাগে বুলি ৰাইজে ধৰাত ৰাভাই ক’লে—যদি বিয়া কৰাব লাগে তেতিয়া মোহিনী বসুমতাৰীকে আকৌ ল’ব লাগিব যদি আপোনালোকে ব্যৱস্থা কৰি দিয়ে। তাই যদি আহে। তাইৰ লগত থাকিম। বেলেগ ছোৱালী আৰু এই বয়সত নলওঁ। সেইটাে কৰিবলৈ বড়ো ৰাইজৰ ওচৰলৈ যাব লাগিব। আৰ. চি. পি. আই কৰা বহুত বড়ো মানুহ আছে। তেওঁলোকে চিন্তা কৰি ৰাভাক মাতি প্রতিশ্রুতি দিলে দ্বিতীয়বাৰৰ কাৰণে ৰাভাৰ লগত মােৰ সংযোগ কৰাই দিলে। সঁচা কথাটাে আজি কৈছোঁ।

কৌস্তুভমণি শইকীয়াঃ সেইটাে কোন চনৰ কথা ?
মােহিনীবালা ৰাভাঃ ১৯৬৪ চনৰ কথা। তেতিয়া মই ক’লোঁ আগতে মই আপোনাৰ পত্নী হিচাপে উপযুক্ত নহ’লোঁ নাথাকিলোঁ। এতিয়া মই আপোনাৰ লগত পত্নী হিচাপে নাযাওঁ এজনী সেৱিকা হিচাপে যাম। যদি মোৰ সেৱাৰে আপোনাৰ আয়ুস বাঢ়ে। সেই সূত্রেই মই ৰাভাৰ লগত বন্দৱস্ত কৰি আহিলোঁ। সেৱিকা হিচাপে। আপুনি কিন্তু মােক পত্নী হিচাপে গ্রহণ কৰিব নোৱাৰিব। তাৰপিছত শেষত তেওঁ কি হিচাপে গ্ৰহণ কৰিলে নাজানো।

কৌস্তুভমণি শইকীয়াঃ আপুনিতো শেষলৈকে তেখেতৰ লগত থাকিলে ?
মােহিনীবালা ৰাভাঃ থাকিলোঁ। তেওঁৰ লগত হাস্পতালত থাকি মোৰ ব্ৰেইনৰ অলপ গণ্ডগোল হৈছিল এবছৰ। তেওঁৰ যিটো কষ্ট, পানী এটুপিও নাযায়। এঘাৰ মাহ ভুগিছে। সেই কাৰণে মই তেনেকুৱা বেমাৰত ভোগা মানুহৰ খুব অনুভৱ কৰিব পাৰােঁ। তেনেকে তেজপুৰৰ ৰাইজৰ ফাকৰ পৰাও বৰ বেছি ৰেচপন পোৱা নাই। গোটেই অসমৰ ৰাইজৰ পৰা পোৱা টকা-পইচা মোৰ নামত দিছে পেপাৰত। ৰাভায়ো ক’লে; মোৰ নামত দিব নালাগে। মোহিনীৰ নামত দিব লাগে। তেতিয়া তেজপুৰৰ ৰাইজে পৰিচৰ্যা নামৰ কমিটি কৰি ষ্টে কৰি থৈ দিলে। ৰাভাই তেতিয়া লিখিব নোৱাৰে। জুনৰ ১৬ তাৰিখে তেখেতৰ পৰা টিপচহী লৈ মোক চহী দিবলৈ কৈছিল। মই চহী দিয়া নাই। ৰাভাই তেতিয়া খুব কান্দিলে। ক’লে ৰাইজৰ টকা ৰাইজেই খাব। মইতো ৰাইজৰ কাম একো কৰা নাই গতিকে মোৰ নামত ৰাইজে দিয়া টকা ৰাইজে খাব লাগে। তুমি চহী দিয়া বুলি কৈ খুব কান্দিলে। কান্দিলত মই চহী দিলোঁ আৰু। মই চহী দিয়াৰ পাছত তেজপুৰ চিভিল হাস্পতালতে পঁইসত্তৰ হাজাৰ টকা তেজপুৰৰ ৰাইজেই ল’লে। সেইটাে তেজপুৰৰ ৰাইজে কি কৰিলে কি খালে মই একো নাজানাে। তাৰ পিছত মিচেচ চলিহাৰ স্বামীক ১৯৪৮ চনতে মই ধর্ম ভিনিদেউ বুলি মাতিছিলোঁ। অমিয়া বাইদেউ আৰু ভিনিদেউ। বাইদেৱে মােক আহচােন আহ, তোৰ আঠ হাজাৰ টকা আহিছে বুলি মাতি লৈ গ’ল। সেইটােও তেওঁলোকে লৈ গ’ল। আমি আপোনাৰ টকা আহিলে দিম বুলি। মইতো নাজানো। সেই টকাটাে ষ্টে কৰি থােৱা বুলিও নাজানো। কলকাতাৰ চিত্তৰঞ্জন কেন্সাৰ হাস্পতাললৈ ৰাভাক লৈ যাব সেইদিনা। ষ্ট্ৰেচাৰত উঠোৱাৰ সময়ত ৰাভা চেন্সলেচ হৈ গ’ল। এৰোপ্লেনৰ টিকটৰ দাম আঠ হাজাৰ আছিলে। ৰাভা চেন্সলেচ হােৱাৰ কাৰণে সেইদিনা যোৱা নহ’ল। চিভিল হাস্পতাললৈ লৈ গ’ল। চিভিল হাস্পতালত তেৰ দিন নে কিমান দিন থাকিলোঁ। সেই টকাটাে আঠ হাজাৰ আঠ হাজাৰ ষোল্ল হাজাৰ আৰু পয়সত্তৰ হাতাৰ চব ৰাইজে লৈছে। তাৰ পিচত ৰাভাই শেষ নিশ্বাস কঢ়াৰ পাছত মই চেন্সলেচ হৈ গৈছিলোঁ আঢ়ৈ ঘণ্টা। মোৰ হাত-ভৰি কোচ খাই গৈছিল। মোৰ হাত-ভৰি চিধা কৰোঁতে ডাক্তৰ-নাৰ্ছে আঢ়ৈ ঘণ্টা লৈছে। পিছ দিনা যাদৱ মেচ নামৰ ল’ৰা, কমিউনিষ্ট মানুহ, ক’লোঁ শ্ৰাদ্ধ কৰিবলৈ পইচা নাই। আপুনি, আহিছে নেকি চাই আহক। আকৌ দহহাজাৰ আহিছে। শ্ৰাদ্ধৰ আগে আগে পঠিয়াই দিছোঁ। শ্ৰাদ্ধৰ কাৰণে টকাটাে লাগে তুমি আনা । ক’লৈ ৰাইজে লৈ ল’লে। সেই এটা মানে কৰুণ কাহিনী। যাৰ কাৰণে মই তেজপুৰৰ ৰাইজৰ মাজত বিষ্ণু ৰাভাৰ ভলিউম এখনো দিয়া নাই। ফাষ্ট ভলিউম যেতিয়া ওলাইছিল মহকুমা পৰিষদত মঙলদৈয়ে লৈছে, ৰঙিয়াই লৈছে। লক্ষীমপুৰে ডেৰশখন লৈছে। তেজপুৰ মহকুমা পৰিষদে নলওঁ বুলি ক’লে। মই জবৰদস্তি কোৱাৰ কাৰণে পোন্ধৰখন ল’ম বুলি ক’লে৷ যেতিয়া মোৰ বোৱাৰীয়ে দিবলৈ গ’ল। মই লক্ষীমপুৰলৈ গুচি গ’লোঁ। তেওঁলোকে আমি বিষ্ণু ৰাভাৰ কিতাপ ল’ব নোৱাৰােঁ বুলি ৰিজেক্ট কৰিলে। সেই কাৰণে তেজপুৰৰ কাকো মই বিষ্ণু ৰাভাৰ কিতাপ দিয়া নাই। একমাত্র কমলা আগৰৱালা আৰু হৃদয় আগৰৱালাৰ মিচেচক ফাৰ্ষ্ট ভলিউমটো দিছোঁ। ছেকেণ্ড ভলিউমত কি লিখা আছে কোনেও নাজানে।

কৌস্তুভমণি শইকীয়াঃ বিষ্ণু ৰাভাৰ এগৰাকী সহধর্মিণী হিচাপে আমি দুই-এটা সৰু সৰু কথা আপোনাৰ মুখৰপৰা জানিব খুজিছােঁ। তেখেতে বাৰু কি খাই ভাল পাইছিল? খোৱা-বোৱাৰ
ক্ষেত্ৰত ৰচি কেনেকুৱা আছিল ?
মোহিনীবালা ৰাভাঃ তেওঁ নিৰামিষ খাই ভাল পায়। মাংস ৰান্ধিলে এক টুকুৰাই খায়।

কৌস্তুভমণি শইকীয়াঃ মাছ?
মোহিনীবালা ৰাভাঃ মাছাে এটুকুৰাই খায়। নিৰামিষ ভাল পায়।

কৌস্তুভমণি শইকীয়াঃ নিজেই ৰন্ধা-বঢ়া কৰি ভাল পাইছিলে নেকি?
মোহিনীবালা ৰাভাঃ তেখেত খুব ভাল ৰান্ধনি। কিন্তু মোৰ দিনত ৰন্ধা নাই। ৰন্ধাত নাম আছিল এসময়ত। ময়ো নিৰামিষ।

কৌস্তুভমণি শইকীয়াঃ তেখেতৰ খং কেনেকুৱা? খং আছিলনে বাৰু ?
মোহিনীবালা ৰাভাঃ খংটাে মানে কেঁচুৱাৰ নিচিনা। খং উঠি ভাত-পানী নাখাওঁ বুলি যদি ঠেহ পাতে বিছনাত শুই যাব। খুৱাই দিলে ভাল হৈ যায়। লিখিবৰ সময়ত আমাৰ অলপ লাগে। তেখেতক লিখোৱালে, খুব বেছিকে জোৰ কৰিলে খং উঠি আহে। লেখিবলৈ ক’লে দিগদাৰ পায়। মানুহে খুব দিগদাৰ কৰে।

কৌস্তুভমণি শইকীয়াঃ সাধাৰণতে কোনটাে সময়ত লিখে তেখেতে ?
মোহিনীবালা ৰাভাঃ সন্ধিয়া ভাত খোৱাৰ আগতে। দুপৰীয়া এঘাৰটাৰ পৰা বাৰটালৈ লিখিব। ৰাতিপুৱা চাৰি বজাতে উঠে। সৰু ল’ৰা-ছোৱালীৰ কিতাপৰ পৰা যিমান মেগাজিন আছে সব পঢ়িব। জলপান-চাহ পুৱা ৫-৩০ বজাত লাগিবই। তাৰ পিছত দিলে নাখায়।

কৌস্তুভমণি শইকীয়াঃ ঘৰুৱা কাম? বাৰীৰ কাম ?

মোহিনীবালা ৰাভাঃ বাৰীৰ কাম ময়েই বেছি কৰোঁ। মোৰ লগতে কেতিয়াবা লাগি দিয়ে। মোৰ বাৰী আছে। বাৰীৰ খেতিয়েই খাওঁ। আমাৰ এতিয়া তেজপুৰত খেতি কৰিব পৰা অৱস্থা নাই বান্দৰৰ কাৰণে। মই চাৰিও ফালে জাল দি তাৰ ওপৰতো জাল দিওঁ।

কৌস্তুভমণি শইকীয়াঃ এতিয়া আপোনাৰ বাৰীত খেতিখোলা আছে?
মোহিনীবালা ৰাভাঃ আছে ফুলকবি, বন্ধাকবি চব ৰােও৷ মই নিজেই ঘৰৰ কাম কৰােঁ। কোনাে হেল্পাৰ নাই। অকলে আছোঁ। বাচন ধোৱা, কাপোৰ ধোৱা, চব নিজে কৰােঁ।

কৌস্তুভমণি শইকীয়াঃ তেখেতে ঘৰতে গান-বাজনা কৰিছিল। তেতিয়া আপুনি কেনে পাইছিল?
মোহিনীবালা ৰাভাঃ বেছিভাগ মানুহে তেওঁক কবিতা, নাটক আদি চাবলৈ দিবলৈ আহে। সেই কাৰণে তেওঁ নিজে লিখা-মেলা কৰিবলৈ সময় নাপায়। সেই কাৰণে তেওঁৰ লিখাৰ সময় এঘাৰটাৰ পৰা বাৰটালৈ আৰু সন্ধিয়া ভাত খোৱাৰ আগতে। এই দুটা টাইমেই বাছি ল’লে৷ ৰাতি আঠ বজাৰ পাছত মই তেওঁৰ লগত কাকো দেখা কৰিবলৈ নিদিওঁ। ক’ৰবালৈ গ’লেও আঠ বজাৰ আগতে আহি পাব লাগিব এইটাে নিয়ম কৰিছিলোঁ।

কৌস্তুভমণি শইকীয়াঃ আপােনাৰ লগত বহুত কথা পাতিলোঁ! আপােনাৰ মনৰ মানুহ যিজনৰ লগত আপুনি জীৱনৰ এটা দীঘলীয়া সময় কটালে যিজন পুৰুষ অসমৰ সকলোৰে নমস্য ব্যক্তি। গতিকে বাইদেউ আপােনাৰ লগত হােৱা এই সুদীর্ঘ কথা-বতৰাৰ পৰা আপোনাৰ বহুত পুৰণা কথা জানিলোঁ। বর্তমানৰ জীৱনৰ কথা জানিলোঁ। আপোনাৰ সুস্বাস্থ্য আৰু দীৰ্ঘ জীৱন কামনা কৰিলোঁ।

Leave a Reply

Your email address will not be published. Required fields are marked *