চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিষ্ণু ৰাভাৰ জীৱন লেখা ‘কল্যাণ খৰমান’ আৰু অন্যান্য ( মীনাক্ষী বৰুৱা )

বিষ্ণু ৰাভাৰ জীৱন লেখা ‘কল্যাণ খৰমান’ আৰু অন্যান্য ( মীনাক্ষী বৰুৱা )

প্ৰতি বছৰে ২০ জুন তাৰিখে কলাগুৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ বন্দনাৰে অসমৰ আকাশ-বতাহ মুখৰিত হৈ উঠে। চৰ্চিত হৈ পৰে গীত, নৃত্যকে আদি কৰি অসমীয়া কলা কৃষ্টিলৈ তেওঁ যোগাই যোৱা অৱদানৰ কথা। পিছে এই উচ্ছ্বাসৰ ঢৌত অচৰ্চিত হৈ ৰয় দুঃসাহসী শিল্পীজনাৰ বিপ্লৱী সত্ত্বাৰ প্ৰসংগ। বিষ্ণুপ্ৰসাদ ৰাভা আছিল সমাজবাদ আৰু মানৱতাবাদত বিশ্বাসী বিপ্লৱী গণশিল্পী। ‘হজুৱা-বনুৱা তল-মজলীয়া’ সকলৰ অধিকাৰৰ হকে যুঁজ দি তেওঁ অসমৰ ইমূৰৰপৰা সিমূৰলৈ ঘূৰি ফুৰিছিল আৰু সমাজ পৰিৱৰ্তনৰ আহিলা হিচাপে বাচি লৈছিল কলা-সংস্কৃতিক। এই বহেমিয়ান জীৱন যাত্ৰাৰ বৰ্ণাঢ্য জীৱন-প্ৰণালীক লিপিবদ্ধ কৰাৰ প্ৰতি তেওঁ আছিল সম্পূৰ্ণ উদাসীন। সমসাময়িক বহু কেইজন গুণী ব্যক্তিয়ে ৰাভাদেৱক যদিও আত্মজীৱনী এখন লিখাৰ প্ৰস্তাৱ আগবঢ়াইছিল, বাস্তৱত ই সম্পূৰ্ণ হৈ নুঠিল। ৰাভাৰ মৃত্যুৰ পিছত প্ৰকাশ হোৱা কথাবোৰতো এজনৰ সৈতে আনজনৰ মতৰ অমিল হৈছিল। এনে এক পৰিস্থিতিতে নিৰলস সাহিত্য সাধনাত ব্ৰতী বাবুল দাসৰ প্ৰচেষ্টাত সৃষ্টি হৈছিল ৰাভাৰ জীৱনী ‘কল্যাণ খৰমান’।

‘ফেৰেংগাদাও’ৰ পাতনিত মেদিনী চৌধুৰীয়ে কৈছিল- “ফেৰেংগাদাও মানে ফেঁহু চৰাই। এইবিধ চৰায়ে ওখ গছৰ ডালত বহে আৰু সুন্দৰ সুৰীয়া মাতেৰে পুৱা ধলফাট দিয়াৰ আগতেই শুই থকা মানুহক দিনটোৰ বাবে সচেতন কৰি তোলে।”

বংগৰ ৰাজধানী ঢাকাত ১৯০৯ চনৰ ৩১ জানুৱাৰী তাৰিখে জন্ম হয় বিষ্ণু ৰাভাৰ৷ পিতৃ গোপাল চন্দ্ৰ ৰাভা বৃটিছ চৰকাৰৰ সামৰিক বিষয়া আছিল৷ সেইবাবেই বিষ্ণুক দেউতাকে ইংৰাজী মাধ্যমৰ স্কুলত নামভৰ্তি কৰি দিছিল৷ পিছে কিছুদিন পিছতে তেওঁ এই সিদ্ধান্ত সলনি কৰি পুতেকক বঙালী মাধ্যমৰ বিদ্যালয় এখনলৈ লৈ আনিছিল৷ পৰৱৰ্তী সময়ত চতুৰ্থ শ্ৰেণীৰপৰা বিষ্ণুপ্ৰসাদ ৰাভাই তেজপুৰ চৰকাৰী হাইস্কুলত অসমীয়া মাধ্যমৰ বিদ্যালয়ত পঢ়িবলৈ ল’লে ৷ তেজপুৰ আছিল তেওঁৰ বহুমুখী প্ৰতিভা বিকাশৰ উপযুক্ত ক্ষেত্ৰ।গীত,নৃত্য,অভিনয়,খেলা-ধূলা সকলোতে তেওঁ আগৰণুৱা৷ বিদ্যালয়ৰ বঁটা বিতৰণী সভাত বিষ্ণুপ্ৰসাতৰ গীত আৰু অভিনয়ে দৰং জিলাৰ ইংৰাজ আয়ুক্ত গৰাকীক অভিভূত কৰি তুলিছিল ৷ হাতমোজা নিপিন্ধাকৈ কোনো ভাৰতীয়কে কৰমৰ্দন নকৰা ইংৰাজ চাহাবজনে বিষ্ণুপ্ৰসাদৰ হাতত বঁটাতো তুলি দিওঁতে খালী হাতেৰেই তেওঁক কৰমৰ্দন কৰা দৃশ্যই সকলোকে আচৰিত কৰিছিল৷বিষ্ণুৰাভাৰ প্ৰতিভাই সকলোৰে মনোযোগ কাঢ়িবলৈ ধৰিলে আৰু এনেকৈয়ে তেওঁ জ্যোতিপ্ৰসাদ আগৰৱালা,ফুনু বৰুৱা আদি গুণী ব্যক্তিৰ সান্নিধ্য লাভৰ সুযোগ পালে।

‘কল্যাণ খৰমান’ত বাবুল দাসে প্ৰায় তিনিশ গৰাকী ৰাভাৰ সতীৰ্থক লগ ধৰি সত্য তথ্য আগবঢ়োৱা বুলি প্ৰকাশ কৰিছে। কিতাপখনৰ প্ৰস্তুতিকালত তেওঁ কল্পনাৰ আশ্ৰয় নলৈ আঁত বিচাৰি ঘূৰি ফুৰিছিল অলৌ-তলৌকৈ আৰু এনেকৈয়ে ৰাভাৰ বিষয়ে কিছুমান নথিপত্ৰ সংগ্ৰহ কৰিবলৈ সমৰ্থ হৈছিল । সু-গায়ক তথা সামৰিক বিষয়া তৰুণ হাজৰিকাই সযতনে ৰাখি থোৱা ৰাভাৰ আধালেখা স্মৃতিকথাখনো তেওঁ সংগ্ৰহ কৰিলে , য’ত লিখা আছিল বিষ্ণু ৰাভাৰ জীৱনৰ বহুত অজ্ঞাত কথা । এই জীৱনী ক্ৰমক ৬২ টা পৰ্বত বিভক্ত কৰি তেওঁ বৰ মনোগ্ৰাহীকৈ প্ৰস্তুত কৰিছে কিতাপখন । শৈশৱৰ অদম্য কৌতূহলে দুৰ্দ্দান্ত সাহসী কৰি তুলিছিল তেওঁক ছাত্ৰাৱস্থাতে। সমনীয়া বন্ধুৰ সৈতে তেওঁ কৰি ফুৰিছিল বহুত নকৰিবলগীয়া কৰ্ম । ভাতৃ-সম বন্ধু ডিমুৱে ৰাভাৰ বিশৃংখল স্বভাৱ আৰু খেয়ালী মনটো বুজি তেওঁক শৃংখলাবদ্ধ কৰি তোলাৰ বৃথা চেষ্টা চলাইছিল । গীত, নৃত্য, বিভিন্ন বাদ্যযন্ত্ৰ , খেলা -ধূলা, ছবি অঁকা, পঢ়া -শুনা সকলোতে অসাধাৰণ পাণ্ডিত্য দেখুৱাবলৈ সক্ষম হোৱা বিষ্ণু ৰাভাই প্ৰৱেশিকা পৰীক্ষাৰ পিছত কলিকতাৰ ছেণ্টপলছ কলেজত নামভৰ্তি কৰিলে বিজ্ঞান শাখাত। সুখ্যাতিৰে আই.এছ.চি পৰীক্ষাত উত্তীৰ্ণ হোৱাৰ পিছত বি.এছ.চি ত নাম লগালে ৰিপণ কলেজত।

ইতিমধ্যে কলিকতাত স্বাধীনতা আন্দোলনৰ বতাহ বলিবলৈ আৰম্ভ কৰিছিল । কোনে ৰখাব পাৰে বিষ্ণু ৰাভাক ? কলেজ কৰ্তৃপক্ষই ছাত্ৰসকলক আন্দোলনত সহযোগ নকৰিবলৈ সঁকিয়াই দিয়াৰ পিছতো তেওঁ জপিয়াই পৰিল এই ৰণত । ফলত পৰৱৰ্তী সময়ত তেওঁ কলিকতা এৰি কোচবিহাৰৰ ভিক্টোৰিয়া কলেজ পালেহি । এই কলেজৰ ছাত্ৰাবাসত থকা কালতো তেওঁৰ খোৱা, শোৱা কোনো ক্ষেত্ৰতে নিয়মানুৱৰ্তী নাছিল । ঠাকুৰে চাহ, ভাত টেবুলত থৈ যায়, কেতিয়াবা খায়, কেতিয়াবা খাবলৈ সময়ে নাপায় । ৰাভা আছিল ৰসৰ ভঁৰাল । বন্ধু বৰ্গই ঠাণ্ডা চাহ খোৱাক লৈ কটাক্ষ কৰিলে ৰাভাই কৈছিল, “আচলতে ঠাণ্ডা চাহহে শৰীৰৰ বাবে উপকাৰী, cold tea and old wife make man healthy and wise বুজিছ?”

ইতিমধ্যে স্বাধীনতা আন্দোলনে ভৰপক ৰূপ ধাৰণ কৰিছিল । কোচবিহাৰৰ দেশীয় ৰজা আৰু বিদেশী চাহাবৰ চক্ৰান্তত সাধাৰণ ৰাইজে ভূগিব লগা হৈছিল অবৰ্ণনীয় কষ্ট । সকলোৰে চকুত ধূলি দি ৰাভাই পৰীক্ষা শেষ কৰি কোচবিহাৰ কঁপাই তুলিছিল । ভিক্টোৰিয়া কলেজ, ৰাজপ্ৰসাদৰ সিংহ দুৱাৰ আদিকে ধৰি ঠায়ে ঠায়ে উৰিল তিনিবৰণীয়া জাতীয় পতাকা । দেৱালত উজলিল সতৰ্ক মূলক বাণী –
ৰাজ্যে আছে দুইটি পাঠা
একটি কালো একটি সাদা ।
ৰাজ্যেৰ যদি মংগল চাও
দুইটি পাঠাই বলি দাও।।

কোনে লিখিলে এইবোৰ কথা? কোনে উৰালে পতাকা? সন্দেহজনক বিষ্ণু ৰাভা তেতিয়া তেজপুৰত, ভাতৃ ৰঞ্জিতৰ অকাল মৃত্যু ঘটিছে । ধৰা নপৰিলেও, পৰীক্ষাৰ ফলাফল অত্যন্ত সন্তোষজনক হ’লেও ৰাভাক বহিষ্কাৰ কৰা ভিক্টোৰিয়া কলেজৰ পৰা। এইবাৰ ৰংপুৰৰ কাৰমাইকেল কলেজ । এইখন কলেজতেই মনসা পুথিৰ আলমত ৰাভাই সাঁজি উলিয়াইছিল সৰস্বতী পূজাৰ গোঁসানী। টেষ্ট পৰীক্ষাতো ৰাভাই সকলো বিষয়তে পালে সৰ্বোচ্চ নম্বৰ । ফাইনেল পৰীক্ষাৰ প্ৰস্তুতিৰ কালত ঘটিল আন এক অঘটন । বংগদেশৰ সন্ত্ৰাসবাদীয়ে চট্টগ্ৰামত বটিছ অস্ত্ৰাগাৰ লুন্ঠন কৰাৰ প্ৰতিক্ৰিয়া হিচাপে পুলিচ বাহিনী আৰু চোৰাংচোৱাৰ অতপালি ৰাভাৰ বাবে অসহনীয় হৈ উঠিল। অধ্যক্ষ ড° মল্লিকৰ আগ্ৰহক নেওচা দি পৰীক্ষা নিদিয়াকৈয়ে ৰাভাই কলেজ এৰি কলিকতালৈ গুচি গ’ল। অসমাপ্ত হৈ গ’ল বি.এছ.চি ডিগ্ৰী।

সুধাকণ্ঠ ড° ভূপেন হাজৰিকাই ৰাভাৰ স্মৃতি চাৰণ কৰি কৈছিল, “তথাকথিত ডিগ্ৰী নহ’লেও, বিষ্ণুৰাভাই মানসিক আৰু বৌদ্ধিক উৎকৰ্ষ সাধনৰ বাবে অতি আগ্ৰহেৰে ক্লাছিক গ্ৰন্থাদি পঢ়ি, তাৰ পুৰণি তত্ত্বকো (ভাল হ’লে) গ্ৰহণ কৰি, নতুন দিনৰ নতুন মানুহৰ মঙ্গলাৰ্থে কামত লগাব খুজিছিল। …… বিষ্ণুৰাভাই লোক কৃষ্টিত পি.এইচ.ডি ডিগ্ৰীৰ বাবে চেষ্টা নকৰি, জীৱনটোকেই এটি জীয়া গৱেষণাগাৰ কৰি তুলিছিল।”

কলিকতালৈ গৈ বিষ্ণুৰাভাই চিনেমা প্ৰযোজনাৰ সপোন লৈ আৰম্ভ কৰিলে Agro Picture Corporation (A P C)। মনত পৰিল ‘জয়মতী’লৈ। আৰম্ভ কৰিলে এটি গীত– ‘জয়া নাই, জয়া নাই……।’ চিঠি লিখিলে অসমীয়া ভাষা সাহিত্য, সংস্কৃতি উদ্ধাৰৰ হকে ধ্বজা বহন কৰা জ্যোতি ককাইদেউলৈ। ৰূপৰ চামুচ মুখত লৈ ডাঙৰ হ’লেও ব্যক্তিগত সুখ, ভোগ, লালসাৰ উৰ্দ্ধলৈ গৈ যিজন ব্যক্তিয়ে অসমীয়া জাতিৰ বাবে এটা নতুন ধাৰাৰ সৃষ্টি কৰিলে, সেইজন বীৰ যোদ্ধাই জীৱন কালত ভুগিব লগা হ’ল অলেখ দুৰ্ভোগ। সাহিত্য-সংস্কৃতিৰ জগতত বিষ্ণু প্ৰসাদ ৰাভা চিৰউজ্জ্বল তাৰকা। কিন্তু ইয়াৰ বাহিৰেও বিষ্ণু ৰাভাৰ আছিল আন এক পৰিচয়। স্বাধীনতা সংগ্ৰামৰ বীৰ সৈনিক বিষ্ণু প্ৰসাদ ৰাভাই গৰীবৰ মুক্তিৰ বাবে , শোষিতসকলৰ উদ্ধাৰৰ হকে জড়িত হৈ পৰিছিল বিপ্লৱী কমিউনিষ্ট দলৰ সৈতে। আৰু এই অভিযোগৰ অচিলাতে চৰকাৰী পক্ষৰ ৰোষত পৰা হেতুকে ৰাভাৰ কলেজীয়া বহু সৃষ্টিয়ে যথোচিত মৰ্যদা নাপালে। দৰিদ্ৰতা আৰু সৰলতাৰ বাবেই তেওঁ বঞ্চিত হৈছিল বহু প্ৰাপ্যৰ পৰা। খেয়ালী মনৰ এই বীৰ যোদ্ধা জনক সেয়েহে কেতিয়াবা হতাশাই জুমুৰি দি ধৰিছিল। চৰকাৰী চোৰাংচোৱাৰ চকুত ধূলি দি দেশৰ দিহিঙে-দিপাঙে ঘূৰি ফুৰা কালতো গৰীব মজদুৰৰ চেতনা জাগ্ৰত কৰাৰ উদ্দেশ্যে তেওঁ লিখিলে–
“ধ্বংস কৰ, ধ্বংস কৰ, ধনীৰ অহংকাৰ
দয়া মায়া নকৰিবি ক্ষমাৰ দিন যে গ’ল
হাল কোৰ দা হাতুৰি লৈ
ৰণলৈ যাওঁ ব’ল।”

বিষ্ণু প্ৰসাদ ৰাভা আছিল প্ৰকৃত শিল্পী। শিল্পীৰ সংজ্ঞা প্ৰসংগত তেওঁ কৈছিল– ‘শিল্পী হ’বলৈ হ’লে বিশ্ববিজয়ী আত্মাৰ অধিকাৰী হ’ব লাগিব।’ এই কথাকে সুঁৱৰি সেয়ে সুধাকণ্ঠই লিখিছিল— ” আপোন মাতৃৰ অশ্ৰু নমচিলে বিশ্বপ্ৰেম হ’ব বৃথা। “

নিস্বাৰ্থভাৱে সমাজৰ মঙ্গলৰ অৰ্থে সমগ্ৰ জীৱন উচৰ্গা কৰা এই অসামান্য প্ৰতিভাৰ অধিকাৰী শিল্পীজনাক এটা নিৰ্দিষ্ট বিশেষণেৰে বিভূষিত কৰিব বিচাৰিলে তেওঁৰ Totality যেন হেৰাই যাব খোজে। ১৯৭০ চনত ‘আমাৰ প্ৰতিনিধি’ কাকতত প্ৰকাশিত এটা লেখাত ড° ভূপেন হাজৰিকাই ক্ষোভেৰে এই কথা প্ৰকাশ কৰিছিল। এজন প্ৰথিতযশা সাহিত্যিক, সাংবাদিকে বিষ্ণু ৰাভা প্ৰসংগত মন্তব্য কৰিছিল–“বহেমিয়ান স্বভাৱৰ লগত প্ৰতিভাৰ সংমিশ্ৰন নঘটিলে কেৱল বহেমিয়ান হৈ কোনেও মানুহৰ সশ্ৰদ্ধ মনোযোগ আকৃষ্ট কৰিব নোৱাৰে।’ বিশাল ব্যক্তিত্বৰ অধিকাৰী বিষ্ণু প্ৰসাদ ৰাভাই ব্যক্তিগত জীৱনৰ নিচাত পাগল বুলি কৰা মন্তব্য কিমান যুক্তিসংগত সেইকথা সময়-বিচাৰ্য। সামাজিক ক্ষেত্ৰলৈ অনবদ্য অৱদান দি থৈ যোৱা এই বহুগুণসম্পন্ন ব্যক্তিজন যে সৰ্বগুণাকৰ নাছিল সেইকথা তেওঁৰ ব্যক্তিগত জীৱন প্ৰণালীয়েই স্পষ্ট ৰূপত দেখুৱাই গৈছে। ‘মৰণৰ পাচৰ ইমেজ’ত সেয়ে ভূপেন হাজৰিকাই কৈছে, ” ৰাভাৰ শৰীৰ নোহোৱা হ’ল।… ইমেজ অতি উচ্চ শালস্তম্ভৰূপী হৈছে।”

“শিল্পী জাতীয় জীৱনৰ সংহতিৰ প্ৰতীক”— এই আশাকে বুকুত বান্ধি কমিউনিষ্ট দলৰ অনুমতি সাপেক্ষে ৰাভাক নিৰ্দলীয় প্ৰাৰ্থী হিচাপে ১৯৬৭ চনত বিধানসভা নিৰ্বাচনত থিয় কৰোৱা হয়। তেজপুৰ সমষ্টিত সেইসময়ত কংগ্ৰেছক পৰাস্ত কৰাটো বৰ সহজ কথা নাছিল। কিন্তু ৰাভাৰ মৰমসনা যুক্তি আৰু জনপ্ৰিয়তাই কংগ্ৰেছী ভোটাৰৰো মন জয় কৰিবলৈ সক্ষম হৈছিল। তেওঁৰ প্ৰতীক আছিল পাল্লা। মুছলমান গাঁও অঞ্চলত তেওঁৰ শ্লোগান আছিল এনেধৰণৰ– ‘যা কৰে আল্লায়, ভোট দিমু পাল্লায়।’ বুদ্ধিমত্তা, ৰসবোধ, সততা আৰু জনপ্ৰিয়তাৰ ভেটিত ভৰ দি ৩৭৪ টা ভোটৰ ব্যৱধানত ৰাভা জয়ী হ’ল। জয়ধ্বনিত তেজপুৰৰ আকাশ বতাহ মুখৰিত হৈ উঠিল। কিন্তু ৰাভাই উপেক্ষা নকৰিলে পৰাজিত প্ৰাৰ্থী ভ্ৰাতৃসম বিজয় শৰ্মাক।

শ্বিলঙৰ পাইনউড হোটেলত বিৰোধী দলৰ পাঁচজন নতুন বিধায়কৰ লগত ৰাভাৰ আৰম্ভ হ’ল এক নতুন জীৱন। অসমৰ কৌটিকলীয়া সম্প্ৰীতিক ধৰি ৰাখিবলৈ কৰা নৱতম প্ৰয়াসৰ সময়তে তেওঁৰ জীৱনলৈ নামি আহিল অমানিশা। খাদ্যনলীৰ কৰ্কট ৰোগত আক্ৰান্ত হৈ ১৯৬৯ চনৰ বিশ জুন তাৰিখে ৰাভাই ইহজনমৰ পৰা মেলানি মাগিলে। বৰ্ণাব নোৱাৰি শেষ ক্ষণ। চিতাৰ কাষলৈ লৱৰি গ’ল আপোনজন। দেহাংশ অগ্নিৰ লেলিহান শিখাই আঁকোৱালি ল’লেও মুখখন জুইৰ পৰা বচাই ৰখা হৈছে প্ৰিয় শিষ্য ভূপেন হাজৰিকাৰ শেষ দৰ্শনৰ হকে। তেনেতে হাবাথুৰি খাই আহিল ড° হাজৰিকা– ‘ক’ত মোৰ সুৰৰে পূজাৰী?’ ‘মধুৰ উত্তাপময় বিষ্ণু-অগ্নি-শয্যাৰ নিচেই কাষতে থিয় হৈ’ হাজৰিকাই চাই ৰ’ল ৰাভাৰ ‘শেষ ভাও’, শেষ বাৰৰ বাবে অনুভৱ কৰিলে প্ৰেৰণাময় উত্তাপ।

বিষ্ণু প্ৰসাদ ৰাভা ‘ফেৰেংগাদাও’ হৈ পুনৰ উভতি আহক অসমৰ বুকুলৈ– ‘ভেদাভেদৰ প্ৰাচীৰ ভাঙি সাম্যৰ সৰগ ৰচিবলৈ’ তেওঁৰ দৰে নিৰ্ভীক বীৰৰ এতিয়া বৰ প্ৰয়োজন।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে