চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিষ্ণু ৰাভাৰ সান্নিধ্যত ( ভূপেন হাজৰিকা )

বিষ্ণু ৰাভাৰ সান্নিধ্যত ( ভূপেন হাজৰিকা )

( সদৌ অসম ছাত্ৰ সন্থাৰদ্বাৰা আয়োজিত কেন্দ্ৰীয় বিষ্ণু ৰাভা দিৱসত মুখ্য অতিথি ৰূপে উপস্থিত থাকি দিয়া ভাষণ৷ ওদালগুৰি, ১৯৮৮ চন)

বিষ্ণু ৰাভাদেউৰ কথা কৈ থাকিলে শেষ নহয়। তেওঁ অতি আধুনিক মানুহ আছিল। অতি সুন্দৰ বিশ্বপ্ৰেমিক আছিল। অতি সুন্দৰ ভাৰতবাসী আছিল। বিষ্ণুপ্ৰসাদ ৰাভাক যদি সন্মান কৰে, তেতিয়া ভাৰতবৰ্ষৰ এজন মহামনীষীক সন্মান কৰা হ’ব বুলি মই ভাবোঁ।

কিছুমান বস্তু ৰাজনীতিৰ উৰ্ধত থাকিব লাগে। যেনে খেলা-ধূলা-সংস্কৃতি। এইখিনিতে এটা কথা মনত পৰে – বিষ্ণু ৰাভাদেউৰ ধমকতে মই এবাৰ গৈছিলোঁ— ‘অসম বিধানসভা’লৈ। এম. এল. এ. হৈ গৈছিলোঁ। মােৰ দৰ্ম্মহা আছিল ৪৫০ টকা। এতিয়া দুই হাজাৰ পাঁচশ হােৱা বুলি শুনিছোঁ। মই শাসক দলত নাছিলোঁ। বিৰােধী দলত আছিলোঁ। কংগ্ৰেছৰ বিৰোধী আছিলোঁ। মই কোনো দলৰ চাকৰাে নাছিলোঁ। নির্দলীয় হিচাপে আছিলোঁ। তাৰ পাছত, তেতিয়াৰ মুখ্যমন্ত্রী বিমলাপ্রসাদ চলিহাদেৱে ক’লে- “এইবাৰ দেখোন কেইজনমান সাংঘাতিক এম এল এ আহিছে— ভূপেন হাজৰিকা, বিষ্ণু ৰাভা – তেওঁলোকতে এম-এল-এৰ নিচিনা নহয় – বৰ পাগলা মানুহ। তেওঁলোকক এম-এল-এ হােষ্টেলত ৰাখিব নোৱাৰি।” আমাক পাইনউড হোেটলত ৰাখিলে। মই ক’লোঁ, “গুৰুদেৱৰ লগতে ময়াে আহিছোঁ।” বিষ্ণু ৰাভাই মোক কৈছিল– “আমি আর্টৰ কাম কৰিম। সংস্কৃতিৰ কাম কৰিম, বিধানসভাৰ ভিতৰৰপৰা।”

হোটেলত মােৰ ৰুম নম্বৰ আছিল ৩৩ আৰু বিষ্ণুপ্ৰসাদ ৰাভাৰ আছিল ৩৪। কিছু দিনৰ পাচত, বিষ্ণুদা হঠাতে তিনদিন, তিনি ৰাতি নােহােৱা হ’ল। মই বহু নিশালৈ বাট চাই থাকোঁ– মানুহজন নাহে। এম-এল-এ হোষ্টেললৈ যাওঁ, তাতো নাই। তাৰ পাচত, হৰেশ্বৰ গোস্বামী, বিধানসভাৰ অধ্যক্ষক ক’লোঁ– যে বিষ্ণুদাতো নাই। ক’লৈ গৈছে একো খবৰ দিয়া নাই–। গোস্বামীদেৱে ক’লে, “তেতিয়া হ’লে পুলিচক জনাব লাগিব।” মই ক’লোঁ, “ৰ’বচোন পুলিচক জনাব নালাগে।” তিনিদিন তিনি ৰাতি যোৱাৰ পাচত হোটেলত দেখোঁ, বিষ্ণু দা অকলে অকলে কিবা সাংঘাতিক চিন্তাত মগ্ন হৈ আছে। মই ওচৰলৈ গৈ সুধিলোঁ– “বিষ্ণুদা, ইয়াত কি ভাবি আছে?” তেওঁ ক’লে, “মই এটা ডাঙৰ গৱেষণা কৰি আছোঁ।” বােলোঁ, “কি গৱেষণা কৰি আছে।” বোলে, “এই ট্রেন্সপাের্ট মিনিষ্টাৰে ২ কোটি টকা খাই কণ্ডাক্টৰ এজনক ছাছপেণ্ড কৰিছে।” মই সুধিলোঁ, “এই কণ্ডাক্টৰজনৰ ইয়াত কি সম্বন্ধ?” বােলে, “এই কণ্ডাক্টৰজনে ২ টকা পঞ্চাশ পইচা ঘোচ খোৱা বাবে তাক ট্রেন্সপোর্ট মিনিষ্টাৰে ছাছপেণ্ড কৰিছে। গতিকে, সৰু সৰু মানুহক, নিষ্পেষিত মানুহক অন্যায় কৰিছে— এইটাে বৰ বেয়া কথা। তাৰে গৱেষণাত মই ব্যস্ত আছোঁ।” মই ক’লোঁ—“আপোনাক এই তিনিদিন তিনি-ৰাতি ক’ত কোনে খুৱাইছে।” তেওঁ ক’লে – “এই কণ্ডাক্টৰজনে খুৱাইছে আকৌ।” মই ক’লোঁ, “২.৫০ টকা ঘোচ খাই ছাছপেণ্ড হােৱা কণ্ডাক্টৰজনে আপোনাক তিনিদিন তিনিৰাতি খুৱাই ৰাখিবলৈ ক’ত টকা পালে?” তেওঁ অলপ ভাবি ক’লে, “এই কণ্ডাক্টৰাে কৰাপটেড। তাৰ কেছটাে নলওঁ আৰু যা৷” গতিকে, বিষ্ণু ৰাভা কিমান শান্ত মাৰ্ক্সিষ্ট আছিল, কিমান শান্ত মানুহ আছিল আৰু কিমান শান্ত শিল্পী আছিল—! এইজন শান্ত স্বভাৱৰ বিষ্ণুপ্ৰসাদ ৰাভা। এইজন বিষ্ণু ৰাভাই আমাক কৈ আহিছিল— যে গোটেই অসমখনক আগুৱাই নিবলৈ হ’লে, সকলো জনগোষ্ঠীৰ সাহিত্য-সংস্কৃতিক সন্মান কৰিব লাগিব। তেতিয়াহে আগুৱাই নিব পৰা যাব।

আজি বিষ্ণুদা নাই। আজি মোৰ দুখ লাগিছে এই কাৰণে যে নানা কাৰণত আমাৰ পিতৃপুৰুষসকলে ভুল কৰিছিল। মােৰ এতিয়াও মনত আছে– নগাসকলে যেতিয়া শিৱসাগৰত জলকীয়া বেচিবলৈ আহে, তেতিয়া আমাৰ অসমীয়া মানুহে চাৰি অনাৰ জলকীয়া দুই পইচাৰে কিনে। যেতিয়া সিহঁত গুচি যায়, তেতিয়া সিহঁত বহা ঠাইখিনি গোবৰ পানীৰে মচি পেলায় – যেন চুৱা হ’ল ঠাইডোখৰ৷ জয়ন্ত ৰংপি– যাক মই বহুদিনৰপৰা জানাে – যেতিয়া দিল্লীৰপৰা অসমলৈ আহে, তেতিয়া তেওঁক যদি কোনােবাই সোধে, আপোনাৰ নাম জয়ন্ত ৰংপি- অ’, আপোনাক অসমীয়া বুলিহে ভাবিছিলোঁ! এইবুলি ক’লে জয়ন্ত ৰংপিয়ে দুখ নাপাব নেকি? এজন বসুমতাৰীক যদি কোনোবাই কয়– অ’, আপুনি বসুমতাৰী। আপোনাক অসমীয়া বুলি ভাবিছিলোঁ। এইবিলাক যদি ভুল আমাৰ বাপ-দাদাহঁতে কৰিছে– তেন্তে নতুন পুৰুষে সেইটো শুধৰাই ল’ব লাগিব। সেইদিনাখন মই কাৰ্ব্বি আংলঙৰপৰা আহিছোঁ। কিছু দিন আগতে মই আহোমসকলৰ মাজৰপৰাও আহিছোঁ। পাটসাঁকোলৈ গৈছিলোঁ। কিছু দিন আগতে কোকৰাঝাৰৰ বড়োসকলৰ মাজলৈও গৈছিলোঁ। মোৰ ভাব হয়– ক’ৰবাত যেন খেলিমেলি হৈ গৈছে। বুজাবুজিত ভুল হৈছে। অথচ, ঘটনাটো একে।সকলোৱে অলপ ভাত-পানী বিচাৰিছে, সকলোৱে অলপ স্বকীয় প্ৰকাশ বিচাৰিছে। এইটো গণতান্ত্ৰিক দেশত হ’বই। কনকসেন ডেকাই কোৱাৰ দৰে– ঘাত-প্রতিঘাত-সংঘাত থাকিবই। আকৌ, সমন্বয়তো ঘাত-প্ৰতিঘাত থাকিবই। তাৰ মাজেৰে এটা নতুন সত্য ওলাব। সেই নতুন সৃষ্টিৰ মাজেৰে কাজিয়া-পেচাল হ’ব। আকৌ নতুন সত্য ওলাব। এনেকৈয়ে সমাজখন গৈ থাকে। H২O হাইড্ৰ’জেন দুভাগ আদি অক্সিজেন এভাগ মিহলাই এটা টেষ্ট টিউবত জোকাৰি দিলে পানী হয় বুলি শুনিছোঁ। কিন্তু আমাৰ সমাজবিজ্ঞানত ২০ বছৰ লাগে ৰিজাল্টটাে পাবলৈ। এইটাে এটা অবৈজ্ঞানিক-বিজ্ঞান। যাৰ নাম Political Science। আপুনি কিবা এটা কৰিলে, ২০ বছৰ পাচত তাৰ ফলাফলটো ওলায়। এইটো একেদিনাই নাপায় কিয় ? ইতিহাস যদি মানিব নোখোজে আৰু দিগদাৰী হয়। মোৰ মনত আছে, বিধানসভা বস্তুটোলৈ যে গৈছিলোঁ— তাত মাজে মাজে বিমলাপ্রসাদ চলিহাও নাথাকে আৰু মহেন্দ্ৰ চৌধুৰীও নাথাকে – | এদিন মই সুধিলোঁ – “আপােনালোক ক’লৈ যায়গৈ— বিচাৰিলে নাপাওঁ।” তেওঁলোকে কয়— “হে বাপা, চাউল দিবা নৰোঁ, মাছ দিবা নৰোঁ, – এই এটা ছাবডিভিজনকে দি আহিলোঁ দে।” মই ক’লোঁ, “হয় নেকি – অ’ তেনেকৈ সমাধান কৰিছে। ভাত দিব নােৱাৰে – পানী দিব নােৱাৰে – পোষ্ট অফিচ দিব নােৱাৰে – ছাবডিভিজন এটা দি সমস্যা সমাধান কৰে।” তেনেকৈ আমাৰ নেহৰু চাহাবেও – ‘অমুক দিব নােৱাৰােঁ – তমুক দিব নােৱাৰােঁ, এখন ছেপাৰেট হিলষ্টেট দি আহিলোঁ দেই’ বুলি সমস্যা সমাধান কৰিছিল তেতিয়াৰ দিনত। কিন্তু তেতিয়াৰ সত্য এতিয়াৰ সত্য নহয়। এতিয়াৰ সত্য বেলেগ। এইটাে গণতান্ত্রিক কথা। কোনােবাই কিবা বিচাৰিব, কোনােবাই নােপােৱাৰ বেদনা প্রকাশ কৰিব, তাক আলাপ-আলোচনাৰ মাজেৰে সমাধান কৰিব লাগিব। এই ক্ষেত্ৰত কােনােবা অসমীয়াই যদি ভুল কৰিছে, তেতিয়া হ’লে তেওঁলোকক মই ধিক্কাৰ দিওঁ। কোনোবাই যদি কাৰোবাক হত্যা কৰিছে, অপমান কৰিছে, তেতিয়া তেওঁলোকো মই ধিক্কাৰ দিওঁ আৰু যিসকলে বুজিও নুবুজা হৈ বিভেদকামী হয়, তেওঁলোককো মই ধিক্কাৰ দিওঁ।– কাৰণ, ২০ বছৰ পাচত ইয়াৰ ফলাফলটাে পাব। মই ৰাছিয়ালৈ ৭ বাৰমান গৈছোঁ। তাত এটা বস্তু দেখি মাৰ্ক্সিজিমৰ প্ৰেমত পৰিছিলোঁ — মাইন’ৰিটিসকলৰ, যেনে – তাজিকিস্তান, উজবেকিস্তান – এইবিলাকৰ সংস্কৃতি বেলেগ ।” একেবাৰে— মুছলমান সংস্কৃতি, হােৱাইট ৰাছিয়ানৰ দৰে নহয়। তেওঁলোকে আলাপ-আলোচনাৰ মাজৰে সুন্দৰভাৱে সমস্যাৰ সমাধান আনিছে। এইটাে ভাষাক সন্মান কৰিব লাগিব, এইটাে ভাষাৰ এইখিনিত উৎকর্ষ সাধন কৰিব লাগিব —এনেকৈ সংখ্যালঘূসকলৰ যিটো সমাধান দিছিল ভাষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত — এইটো মোৰ বৰ ভাল লাগিছিল। গোটেই পৃথিৱীয়ে সেইটো মানিও লৈছে। সেই কাৰণে, সেই দেশবিলাকৰ জনসাধাৰণ সুখত আছে– অন্ততঃ সেই বিষয়ত। মই ৪৮ খন দেশ দেখিছোঁ। কোনেও নিজৰ ৰাজ্যক সৰগ কৰিব পৰা নাই। জীৱনত গতি এটা আছে। এই গতিৰ মাজত ঘাত-প্ৰতিঘাত-সংঘাত আহিবই। তাৰ পাচত নতুন সত্য ওলাব। আকৌ নতুন সত্যৰ মাজত নিগেটিভ-প’জিটিভ ওলাব। তাৰ পাচত আকৌ এটা নতুন সত্য ওলাব। পুৰণিবিলাক পেলাই দিব। এনেকৈ গৈ থাকিব। তাৰ কাৰণে কিন্তু তেজৰ বিনিময় কৰিব নাপায়। চে’ গুৱেভেৰা এজন ডাঙৰ গেৰিলা ৱাৰফেয়াৰিষ্ট আছিল তেওঁ। পৃথিৱীৰ সকলো নতুন পুৰুষে তেওঁৰ কাৰণে পগলা হৈ গৈছিল। তেওঁ মৰাৰ আগতে লিখি গৈছিল– “A tiger cannot change the society” অৰ্থাৎ “বন্দুকৰ গুলীয়ে সমাজখন পৰিৱৰ্ত্তন কৰিব বুলি ভাবিছিলোঁ। কিন্তু আজি মৰাৰ তিনিদিন আগতে উপলব্ধি কৰিছোঁ যে সেইটাে নহয়। বন্দুকৰ পিচফালে থকা মানুহজনেহে সমাজখন পৰিৱৰ্ত্তন কৰিব পাৰে।” সেই মানুহটােৰ কাৰণে সংস্কৃতি আহে। ধৰি লওক, আজি ছেপাৰেট হিলষ্টেট হৈ অসমখন ১৩ খন ৰাজ্য হৈ গ’ল। পিচে, আমি যাম ক’লৈ ? অৰুণাচলৰ আলু, লক্ষীমপুৰে খাব লাগিব, লক্ষীমপুৰৰ চাহ নাগালেণ্ডে খাব লাগিব। যদি বঙালীক অসমীয়াই গালি পাৰে, বঙালীয়ে তেতিয়া দেখোঁ — অসমীয়াক গালি পাৰে অসমীয়া চাহ খাই খাই আৰু অসমীয়াই গালি পাৰে আনন্দ বাজাৰ পত্রিকা পঢ়ি পঢ়ি। গতিকে, আপুনি ক’ত মৰিব, ক’লৈ যাব। আমি সম্পূর্ণ সঙ্কীর্ণ হৈ গ’লে সৰু সৰু সংস্কৃতিবিলাক মৰি যাব, ইতিহাসে দেখুৱাই দিছে– Overisolation is a cause of death. – অর্থাৎ অকল আমি অসমীয়া, কেৱল বৰগীত আৰু একো নহয়। এইটােত মই নাই।

মই সাত দিন সাত ৰাতি যদি এখন শঙ্কৰদেৱৰ ভাওনা কৰি থাকোঁ, তেতিয়া সকলো গুচি গৈ ৰাজকুমাৰৰ মন্দাকিনী চাবগৈ। মই বৰগীতটাে এনেকৈ গাব লাগিব যে পোন্ধৰ মিনিটত বৰগীতৰ সকলো সৌন্দৰ্য্য দি, অতি সুললিত সুৰেৰে , গাব লাগিব। লক্ষ্ণৌৰ এজন আশোৱাৰী গায়কে যদি আশোৱাৰী গায় আৰু আমিও অসমীয়া আশোৱাৰী গাওঁ, তেতিয়া মাতে মাতে মিলি টক্কৰ লাগি বৰগীতটাে প্রথম হ’ব লাগিব। তেতিয়াহে মানিব। কেৱল চেচিচেৰে নহয়। বিষ্ণু ৰাভাই কেতিয়াও কিতাপৰ কথা নকৈছিল। তেওঁৰ যিটাে তাণ্ডৱ নৃত্য আছিল, সেইটাে ‘ধাধা ধিনতা,তাতা তাকে, তিনতা, তেতে কেতে গেদে ঘিনে – ‘ এইটাে তালত তেওঁ নাচিছিল। যদিও তেওঁ কিছুমান জাঁপ দিছিল, সেয়া আছিল জনজাতীয় নাচৰ ভঙ্গী। সেই বাবে ড° ৰাধাকৃষ্ণণ জীয়াই থাকোঁতে বেনাৰস বিশ্ববিদ্যালয়ত ইমান সন্মান বিষ্ণু ৰাভাই পাইছিল।

নিজৰ মাটিক পাহৰিব নাপায়। মই নিবিচাৰোঁ, বড়োসকলে নিজৰ মাতৃভাষা পাহৰি কিবা হওক– মই কাৰো হৈ কথা কোৱা নাই। মই বিষ্ণুৰাভাৰ শিষ্য হিচাপে, সাধাৰণ সাংস্কৃতিক বনুৱা হিচাপে, গোটেই পৃথিৱী ঘূৰি ফুৰা এজন শিল্পী হিচাপে মই ৰাইজক কৈছোঁ যে – হে প্ৰভু, আপোনালোকে ৰাজনৈতিকভাবে কাজিয়া-পেচাল কৰি থাকক, নোপোৱাৰ বেদনা প্রকাশ কৰি থাকক। কিন্তু নতুন পুৰুষসকলক কৈছোঁ, এতিয়াৰ আছু, এতিয়াৰ আবছু, এতিয়াৰ কাৰ্বি ভাইসকল, মণিপুৰ, নাগালেণ্ডৰ ডেকা ল’ৰাসকলে এই পূৰ্ব্বভাৰতৰ একে উন্নতিৰ বাবে ভাবক। কাজিয়া-পেচাল হৈ থাকিলে দিল্লীয়ে লাই পায়, কাকো একো নিদিব তেতিয়া। ৰাষ্ট্ৰপতি শাসন দি মাৰিব অাকৌ। বিমলাপ্রসাদ চলিহাৰ ঘৈণীয়েকক আন্দােলনৰ সময়ত চি. আৰ. পিয়ে মৰা মই নিজে দেখিছোঁ। সিহঁত বৰ নিষ্ঠুৰ।

মোৰ আলফাসকলৰ লগত নাগালেণ্ডৰ সীমাত এবাৰ কথা হৈছিল। ডেকা ল’ৰাকেইজনমানৰ লগত মই কথা পাতিছিলোঁ। মই ক’লোঁ, “তোমালোক মার্ক্সৰ ভৃত্য নেকি?” তেওঁলোকে ক’লে, “নহয়, মার্ক্সৰ ভৃত্য নহয়। আমি পৰিস্থিতিৰ ভৃত্য। আমি জীৱন-যৌৱন সব বাদ দি দিছোঁ।” মই ক’লোঁ, “অকল বন্দুকেৰে সমাজ পৰিৱৰ্ত্তন কৰিব পাৰি বুলি ভাবাঁ নেকি?” মোৰ মতে হ’লে মাও চে টুঙে কৈছিল— “হে গেৰিলা ৱাৰফেয়েৰৰ মানুহবিলাক, তোমালোক আৰবান গেৰিলা ৱাৰফেয়াৰ কৰাৰ আগতে তোমালোকে এইখন সমাজ ভাঙি দি তোমালোকে গঢ়িব খোজা সমাজৰ আৰ্হি-আঁচনি সাধাৰণ ৰাইজৰ মাজত বিলাই দিব লাগিব। তেওঁলোকে সেই আৰ্হি মানি ল’ব লাগিব। তেতিয়াহে গেৰিলা ৱাৰফেয়েৰ সফল হ’ব।” সেয়ে, নতুন পুৰুষসকলক মই কওঁ— বড়ো, ৰাভা, কার্বি ভাইসকলৰ সকলোবিলাক উপাদান লৈহে লুইতখন হৈছে। এই কথা বিষ্ণুপ্ৰসাদ ৰাভাদেৱে কৈ গৈছিল। তেওঁ এটা কথা কৈ যোৱা নাছিল, যিটাে মই ক’ব খুজিছোঁ— ব্ৰহ্মপুত্ৰলৈ নদী-উপনদীবিলাক নাহিবও পাৰে। তেখেতে কৈছিল, ‘উপনদী, নিজৰাবিলাক ব্ৰহ্মপুত্ৰলৈ আহিবই।” কিন্তু ব্ৰহ্মপুত্র যদি দ হৈ নাযায়, বাম হৈ যায়, অর্থাৎ ব্ৰহ্মপুত্র যদি জঞ্জালত বাম হৈ যায় – তেতিয়া ব্ৰহ্মপুত্ৰক কোৱাৰ সময় আহিছে – হে ব্ৰহ্মপুত্ৰ, তােমাৰ তালৈ এই উপনদীবিলাক নাহে। এই উপনদীবিলাকত বহুত জেং-জাবৰ গোট খাইছে। জেং-জাবৰখিনি তুমি পৰিষ্কাৰ কৰি ল’ব লাগিব। তেতিয়াহে পানীৰ সোঁতটাে ব্ৰহ্মপুত্ৰলৈ আহিব। নহ’লে আজিকালি যি বিজ্ঞানৰ যুগ — ব্ৰহ্মপুত্ৰখনক ঠেলি নি বঙ্গোপসাগৰত পেলাই দিব পাৰে। গতিকে, আজিৰ পৰিস্থিতি বেলেগ। মোৰ বড়ো ভাইসকল, মােৰ সকলো জনগােষ্ঠীৰ ভাইসকল, আপোনালোকে আলাপ-আলোচনাৰ মাজেৰে ঠিক কৰি লওক, কাক কি লাগে।

আজি যদি বিষ্ণুপ্ৰসাদ ৰাভা জীয়াই থাকিলেহেঁতেন, জনজাতীয় অ-জনজাতীয়ৰ মাজত ভুল বুজাবুজি হােৱা যদি দেখিলেহেঁতেন, ক’ৰবাত যদি বড়ো ল’ৰা এজনৰ সংঘৰ্ষত মৃত্যু হোৱা বুলি গম পালেহেঁতেন নাইবা গণ্ডগোল হােৱা বুলি শুনিলেহেঁতেন, তেন্তে বিষ্ণু ৰাভাই বৰ দুখ পালেহেঁতেন। এই পৰিস্থিতিৰ কােনাে দৰকাৰ নাই ইয়াত। কিন্তু সকলো সমস্যাৰ সমাধান লাগিবই। মই সন্মান কৰােঁ নােপোৱাৰ বেদনবিলাকক। মই ভূপেন হাজৰিকা হিচাপে কৈছোঁ, আপােনালোকে সকলোৱে, ডেকা-গাভৰুসকলে সুন্দৰকৈ একেখন মঞ্চতে বহি ৰাজনৈতিকভাৱে সমস্যাবিলাকৰ সমাধান সূত্র উলিয়াওক। সমাধানৰ বাবে যিবিলাক বাধা আছে – পার্থক্য আছে, পার্থক্যখিনি কমাওক। নহ’লে তৃতীয় শক্তিয়ে আমাক ভুচুংপহু ৰূপে সজাব। তেওঁলোকে আমাক হাঁহিব আৰু ক’ব— আমি ভাগ ভাগ কৰিব পাৰিছোঁ। সকলো সমস্যাৰ সমাধান আছেই। জীৱনৰ যিটো গতি আছে, জীৱনৰ গতিৰ সোঁতৰ যিটো বাস্তৱ আছে – সেই বাস্তৱক ফঁহিয়াই চাব লাগিব। কেৱল অতীত অতীত কৰি থাকিলে নহ’ব। আমি আগতে অমুক আছিলোঁ, তমুক আছিলোঁ — সেইবিলাক বাদ দিয়ক। এতিয়া কি পৰিস্থিতিত আছে আৰু ২০ বছৰ পাচত কি হ’ব, তাৰে কথা চিন্তা কৰক। দূৰদৰ্শী মানুহৰ সহায় লওক বা আপােনালোক নিজে দূৰদৰ্শী হওক। আপােনালোকে এনেয়ে কিবা কাম কৰিলে ভাল নহ’ব। মই দেখি আহিছে ভাল নােহােৱা। সাহিত্যই সকীয়াই অহাও আমি দেখি আহিছোঁ।

আজি মই বিষ্ণু ৰাভাক সন্মান জনাবলৈ আহি মােৰ মনৰ কিছু কথা ক’লোঁ, আপােন বুলি ভাবোঁ কাৰণে। মােৰ বড়ো ভাই-ভনীসকলেও হয়তাে শুনি আছে। এজন ডেকা বন্ধুৱে খঙাল প্ৰশ্নও কৰিছে। খঙাল নহয়, মৰমৰ প্ৰশ্ন কৰিছে। প্ৰশ্নটো হ’ল, গণশিল্পী হিচাপে ভূপেন হাজৰিকাই অসমৰ দোদুল্যমান পৰিস্থিতিত কেনে ধৰণৰ ভূমিকা গ্ৰহণ কৰিছে? এই প্ৰশ্নৰ উত্তৰ মই প্ৰথমৰেপৰা দি আহিছোঁ। বিষ্ণু প্ৰসাদ ৰাভাদেৱৰ কথা কৈ থাকোঁতেও এই প্ৰশ্নৰ উত্তৰ দি আছোঁ। এতিয়া গণশিল্পী হিচাপে — মই সদায় জনগণৰ কাৰণে গীত গাই আহিছোঁ। অৱশ্যে, কেতিয়াবা প্ৰেমৰ গানো গাইছোঁ। কাৰণ, প্ৰেমত পৰিছিলোঁ তেতিয়া। হো চি মিনেও যদি প্ৰেমত পৰিব পাৰে, মাও-চে টুঙে যদি প্ৰেমৰ কবিতা লিখিব পাৰে, তেন্তে ভূপেন হাজৰিকাইও পাৰে। দোদুল্যমান পৰিস্থিতিত যদি অসমৰ জনগোষ্ঠীৰ ভাষা-সংস্কৃতি যদি কোনোবাই হেঁচা মাৰি ধৰি ৰাখিব খোজে, তেন্তে সেইবিলাকৰ উন্নতিৰ কাৰণে মূৰ তুলি উঠিব লাগে বুলি ভাবোঁ। কোনো কাৰো তল নহয়।

মই জনজাতীয় ভাইসকলৰ অনুৰোধতে গণ-সাংস্কৃতিক পৰিষদৰ সভাপতি হৈছিলোঁ। এজনৰ মাম আছিল জয়ন্ত ৰংপি। আনকেইজন মিচিং বুদ্ধিজীৱী আছিল, কেইজনমান বড়ো বুদ্ধিজীৱীও আছিল। সকলোৱে মিলি মোক ক’লে, “দাদা, আমি এটা গণ সাংস্কৃতিক পৰিষদ গঠন কৰিব খোজোঁ। যেনেকৈ “Indian People’s Theatre Association” এসময়ত কৰিছিল। একতাৰ অৰাজনৈতিক প্লেটফৰ্ম– তাত সকলোৱে সকলোকে সন্মান কৰিব পাৰে।” এনেকুৱা আদৰ্শেৰে আজিৰ দোদুল্যমান পৰিস্থিতিত মই কেনেকুৱা ব্যৱস্থা ল’লে ভাল হয়, মোৰ আগৰ কথাখিনিত হয়তো আচল অৰ্থটো প্ৰকাশ পাইছে। অন্ততঃ দৰ্শনখিনি হয়তো দিব পাৰিছোঁ।

এতিয়া গায়ক হিচাপে ভূপেন হাজৰিকাই গান গাই আহিছোঁ। এতিয়া বিষ্ণুদাৰ গানৰ কিছু কথা ক’ব খোজোঁ। বিষ্ণুদাই সময়ৰ লগত আগ বাঢ়ি গৈছিল। তেওঁ এজনী ছোৱালীৰ প্ৰেমত পৰিছিল । তেতিয়া তেওঁ লিখিছিল ‘নাহৰ ফুলে নুশুৱায়, তগৰ ফুলে শুৱাব’। তেওঁৰ ইমানেই প্রেম। সাংঘাতিক প্রেম। যিজনী বামুণৰ ছোৱালীৰ লগত প্ৰেমত পৰিছিল, সেইজনী অইন এজন বামুণৰ ল’ৰাৰ লগত বিয়া হৈ গ’ল। তেতিয়া বিষ্ণুদাৰ ভীষণ খং উঠিল। তেওঁ ভাবিলে, বড়ো বুলিয়ে বামুণৰ ছোৱালীজনী বিয়া কৰাব নোৱাৰিলে। এইবিলাক ভাবি, তেওঁ দেৱদাসৰ নিচিনা হোৱা মই দেখি আহিছোঁ। কিন্তু বিষ্ণুপ্ৰসাদ ৰাভাই কাকো কেয়াৰ নকৰিছিল। এবাৰ মেট্রো চিনেমাত কলিকতাত এখন চিনেমা আমাক দেখুৱাবলৈ লৈ গৈছিল। মই তেতিয়া ক্লাছ নাইনত পঢ়োঁ। এটা দক্ষিণ আমেৰিকাৰ সুৰ চিনেমাখনৰ এটা গীতত আছিল। ভীষণ পপুলাৰ হৈছে সেই সুৰটাে। পাচদিনা শিয়ালদহত থকা আইডিয়েল হলত মোক ক’লে- “এই ভূপেন, লিখিলোঁ যা।” অর্থাৎ সেইদিনাই ‘নাহৰ ফুলে’ লিখিছিল। দক্ষিণ আমেৰিকাৰ সেই সুৰটােৱে তেওঁক হেনাে অনুপ্রাণিত কৰিছিল। এইজনেই আছিল বিষ্ণুপ্ৰসাদ ৰাভা। গােটেই পৃথিৱীৰ কথা জানে। পৃথিৱীত ক’ত কি হৈছে, তাৰ বতাহখিনি লয়। যিখিনি ভাল লাগে, সেইখিনি লয়। তেওঁ সঙ্কীর্ণ বড়ো বা সঙ্কীর্ণ তেজপুৰীয়া বা সঙ্কীর্ণ অসমীয়া হৈ থকা নাছিল। তেওঁ মাৰ্ক্সিজম লৈছিল। যিখিনি ল’ব লাগে, সেইখিনিহে লৈছিল। তেওঁ শঙ্কৰদেৱকো সন্মান কৰিছিল। মাৰ্ক্সিষ্ট হ’লে যে ভগৱান মানিব নালাগে– এইটাে আদর্শ তেওঁৰ নাছিল। তেওঁৰ দৃষ্টিভঙ্গীৰে শঙ্কৰদেৱক এজন মহাসংস্কাৰক হিচাপে অসমীয়াক দি গৈছে। যেনেকৈ, জ্যোতিপ্ৰসাদেও দি গৈছে। সেই মানুহজনক বিষ্ণু ৰাভাক গােটেই ভাৰতবৰ্ষই জীয়াই ৰাখিবই লাগিব। তেওঁৰ আদৰ্শই গোটেই ভাৰতবৰ্ষক সহায় কৰিব। বিষ্ণুদাই সদায় আমাক কৈছিল— “যদি এটা বড়ো গীত ভাল হয়, তেতিয়া সেইটো ভাৰতীয় সংস্কৃতিৰ বাবে গৌৰৱ। এইটো অকল অসমীয়া বা কোকৰাঝাৰৰ বা বড়ো সংস্কৃতিৰ গৌৰৱ নহয়। যদি বাগৰুম্বা দিল্লীত প্ৰথম হয়, তেতিয়া আমাৰ আটাইবিলাকৰ কাৰণে গৌৰৱৰ কথা নহ’বনে?”

সংস্কৃতি আৰু শাসন দুটা বেলেগ বস্তু। ছাবডিভিজন কৰা, ছেপাৰেট ষ্টেট কৰা বেলেগ বস্তু আৰু সাংস্কৃতিক আদান-প্ৰদান বেলেগ বস্তু। ভাবি লওক— আপুনি অকলে কেতিয়াও জীয়াই থাকিব নোৱাৰে। ডেকাসকল, আপোনালোকে বিষ্ণু ৰাভাদেৱৰ নাম লৈ সকলোৱে অলপমান আলোচনা কৰক | মই হাতযোৰ কৰি কৈছোঁ, আপোনালোকে পাৰ্থক্যবিলাক কমাই সামূহিক উন্নতিৰ বাবে চেষ্টা কৰক। ইটােৱে সিটােক হত্যা নকৰি, ইটােৱে সিটােক অপমান নকৰি যদি আগ বাঢ়ে, তেতিয়াহে সমাধান সূত্ৰ ওলাব। নহ’লে দিল্লীয়ে কাকো একে নিদিয়ে৷

নৱ উপনিবেশবাদীয়ে গিলি থ’ব সকলোকে। মেঘালয়ক কিনা মই দেখিছােঁ৷ যিবিলাক দিল্লীৰ উপনিবেশবাদী আহিছে, তেওঁলোকৰ লগত মিলি যোৱা দেখিছে৷ মই বিষ্ণুপ্ৰসাদ ৰাভাক সুঁৱৰি এইখিনি কৈছোঁ। ৰাজনীতিত সাদৃশ্য নাথাকিলেও সংস্কৃতিত মানুহ একে হ’ব পাৰে। এজন পিকাছাে যদি গোৱালপাৰাৰপৰা ওলায়, সেই পিকাছােজনক গোটেই পৃথিৱীয়ে ল’ব। বিষ্ণু ৰাভাক যেনেকৈ উদয় শঙ্কৰে লৈছিল। ঠিক তেনেকৈ গোটেই পৃথিৱীয়ে ল’ব। আৰু এটা কথা ক’বৰ মন গৈছে। Plural Personality of Plural Identity হ’ব পাৰে। এতিয়া ধৰক, মই অসমত থাকোঁতে লক্ষ্মীনাথ বেজবৰুৱাৰ কথা পাতিছোঁ, কিন্তু যেতিয়া মই বোম্বেত থাকিম, তেতিয়া মই ভাৰতীয় হৈ বহু কথা আদান-প্রদান কৰিব লাগিব। এইটাে হ’ল Mutual Perspective, দূৰদৰ্শী লোকসকলক অলপ বহল মনৰ বুলি ভাবিব লাগে। যেতিয়া কলম্বোলৈ যাওঁ, তেতিয়া গোটেই ভাৰতবৰ্ষখনেই মোৰ বুলি ভাব হয়। যেতিয়া কুমৰিকা অন্তৰীপটাে পাৰ হৈ এৰোপ্লেনখন লঙ্কাত পৰেগৈ, তেতিয়া মোৰ মনত পৰে শিৱসাগৰত গোৱা গানটােলৈ – “কলমৌ খাওঁতে বুঢ়া হনুমন্তে’। যেতিয়া লঙ্কাৰপৰা গুচি যাওঁ আমেৰিকালৈ, তেতিয়া চাইনীজ বা জাপানীজ এজনক দেখিলে ভাল লাগে। কাৰণ, বৰ ওচৰা-উচৰি মানুহ। গতিকে, আপোনালোকৰ ভৱিষ্যতটাে সেইটােহে। আজি ৰাজনৈতিকভাৱে যিটাে কৰিব, আপোনালোকৰ ল’ৰা-ছােৱালীৰ কথা ভাবিহে কৰিব, আজিৰ কামটােৰ ফলাফল যিহেতু ২০ বছৰ পাচতহে ওলাব৷ বিষ্ণু ৰাভাই আমাক এই কথাকে শিকাইছিল যে নিজ মাতৃক অসন্মান কৰি বিশ্বপ্রেমিক হ’ব নোৱাৰি। সেই কাৰণে মই লিখিছোঁ—
‘বিশ্বপ্রেম বিনন্দীয়া
বুলি অনুভৱ কৰা প্ৰতিজন অসমীয়া —
তুমিওতো জানা এটি কথা —
আপোন মাতৃৰ অশ্রু নমচিলে
বিশ্বপ্রেম হ’ব বৃথা –’

মই আজি বড়ো ল’ৰা এজনকে ক’ম যে, আপুনি যদি আপোনাৰ মাতৃভাষাৰ উন্নতি বিচাৰে, তেন্তে বহল পৃথিবীত ২০ বছৰ পাচত আপোনাৰ ল’ৰা-ছোৱালীয়ে মুক্ত মনে যাতে বিচৰণ কৰিব পাৰে, তেনে কথা ভাবি কৰক– ।
আবছু, আছুৰ আটাইবোৰ ল’ৰাকেই ভাল লাগে। তেওঁলোকে ভুল কৰিলে গালি পাৰিবৰ মন যায়। গালি পৰাৰ অধিকাৰ আছে। যদি কোনোবা ষড়যন্ত্রকাৰীয়ে মােৰ অসমখনক ছিঙি-ভাঙি খাব খুজিছে, তাৰ প্ৰতিও মোৰ ধিক্কাৰ আছে। মই আশা কৰোঁ– অসমৰ সামূহিক উন্নতি, শান্তি – পূৰ্ব্বভাৰতৰ শান্তি৷ সাংস্কৃতিক আদান-প্রদান আৰু ইজনে সিজনক সন্মান কৰিব লাগিব। সাংস্কৃতিক সম্পদবিলাক সংৰক্ষণ কৰিব লাগিব— যাতে ঐতিহ্যমণ্ডিত সংস্কৃতি মৰি যাব নোৱাৰে।

মই বহুত বড়ো বা কার্বি ল’ৰা-ছােৱালীও পাইছোঁ, তেওঁলোকে নিজক বড়ো, কাৰ্বি বুলি ক’বলৈ লাজ কৰে। তেনেকুৱা সমাজ এখন বিষ্ণুপ্ৰসাদ ৰাভাই বিচৰা নাছিল। তেওঁৰ অনুসৰণকাৰী ৰূপে আমি অর্থনৈতিকভাৱে সজাগ এখন সমাজ বিচাৰিছোঁ– য’ত আমি সুন্দৰভাৱে গান গাব পাৰোঁ– য’ত বাগৰুম্বা হ’ব পাৰে— যত কাৱালী হ’ব পাৰে – য’ত বিহু ভালকৈ হ’ব পাৰে— য’ত গজল ভালকৈ হ’ব পাৰে। তেনেকুৱা এখন সমাজ বিচাৰিছোঁ। সেইখন হওক শান্তিৰ সমাজ, মানুহৰ সমাজ। বিষ্ণুদাৰদ্বাৰা অনুপ্রাণিত হৈ মই গাইছো— ‘বড়ো কোচ চুতীয়া কছাৰী আহােমৰ অন্তৰ ভেদি মৌ বোৱাম।”

(সংগৃহীত। সংলগ্ন ফটোৰ উৎসঃ ইণ্টাৰনেট)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে