চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিষ্ণুপ্ৰসাদ ৰাভা (হোমেন বৰগোহাঞি)

বিষ্ণুপ্ৰসাদ ৰাভা (হোমেন বৰগোহাঞি)

বিষ্ণু ৰাভাক মই জীৱনত মাত্র দুবাৰ লগ পাইছিলো। ১৯৬১ চনত তেওঁ এটা ভ্ৰাম্যমাণ থিয়েটাৰ পাটি লৈ গোৱালপাৰালৈ গৈছিল আৰু অলপ সময়ৰ কাৰণে মোৰ ঘৰলৈ আহিছিল। ১৯৬৫ চনত তেওঁ সেই একেটা পার্টিকে লৈ উত্তৰ লক্ষীমপুৰলৈ গৈছিল, আৰু তেতিয়াও খন্তেক সময়ৰ কাৰণে মোৰ ঘৰত সোমাইছিল। বিখ্যাত লোকৰ লগত হোৱা ব্যক্তিগত সাক্ষাৎ নানা কাৰণত স্মৰণীয়। বিষ্ণু ৰাভাৰ লগত হােৱা মােৰ সেই সাক্ষাতৰ স্মৃতি আৱেগৰ বাষ্পেৰে আবিল নকৰাকৈ মই ইয়াত বৰ্ণনা কৰিবলৈ চেষ্টা কৰিম।গোৱালপাৰাত ৰাতিপুৱা ন মান বজাত বিষ্ণু ৰাভা মোৰ ঘৰলৈ আহিছিল। তেওঁ যে গোৱালপাৰালৈ আহিছিল সেই কথা ইতিমধ্যে মই শুনিছিলো। কিন্তু মোৰ ঘৰলৈ তেওঁ আহিব বুলি মই ভবা নাছিলো বা তাৰ কাৰণে মানসিকভাৱে প্রস্তুত হৈয়ো থকা নাছিলো। যিমান দূৰ মনত পৰে, তেওঁ মোৰ ওচৰলৈ থিয়েটাৰৰ টিকট বিক্ৰী কৰিবলৈ আহিছিল। যিহওক, তেওঁ মোৰ ঘৰলৈ আহিবৰ সময়ত বতৰটাে বেয়া আছিল। এজাক বৰষুণ দি বিৰতি দি আন এজাক বৰষুণৰ কাৰণে আকাশখন প্রস্তুত হৈছিল। এনে সময়তে ৰাভা মোৰ ঘৰলৈ সোমাই আহিল। কোৱা বাহুল্য যে তেওঁ নিজৰ চিনাকি দিবৰ প্রয়োজন নহ’ল। তেওঁক চিনেমাত দেখিছো, দূৰৰপৰা ৰাস্তাত দেখিছো, গতিকে দেখিয়েই মই তেওঁক চিনি পালো আৰু যথা-ৰীতি আদৰ-আপ্যায়ন কৰি বহিবলৈ দিলো। তেওঁ প্রায় আধাঘণ্টামান সময় মোৰ ঘৰত আছিল। সেইদিনা তেওঁৰ লগত মই কি কি কথা পাতিছিলো ভালকৈ মনত নাই। মনত নাই এই কাৰণেই যে সেইদিনা তেওঁৰ লগত স্মৰণীয় বা তাৎপর্যপূর্ণ কোনাে কথা আলোচনা কৰা সম্ভৱ নাছিল। তেওঁক খুব ক্লান্ত আৰু অসুস্থ যেন দেখাইছিল। মোৰ সন্দেহ হৈছিল যে, তেওঁ আগদিনা বহুত ৰাতিলৈকে উজাগৰে থাকি মদ খাইছিল। বৰষুণত আধা তিতা হােৱা তেওঁৰ গাৰ মলিয়ন কাপোৰ-কানিবােৰ আৰু তেওঁৰ নিশ্বাসতো মই মদৰ গোন্ধ পাইছিলো। নতুন মানুহ এজনক লগ পালে কৃত্রিমভাৱে হ’লেও যিখিনি উচ্ছাস দেখুৱাব লাগে তেওঁ মোৰ বিষয়ে তেনে কোনো উচ্ছাস দেখুওৱা নাছিল। এই উচ্ছাসৰ অভাৱ তেওঁৰ স্বভাৱৰো বৈশিষ্ট্য হ’ব পাৰে, কিন্তু মোৰ লগত হোৱা তেওঁৰ দ্বিতীয় সাক্ষাতে প্রমাণ কৰিছিল যে প্রয়োজন হ’লে তেওঁ যথেষ্ট পৰিমাণে উচ্ছাসো দেখুৱাব পাৰে। আচলতে সেইদিনা কোনো ধৰণৰ উচ্ছাস, কোনো ধৰণৰ কথাবার্তা, কোনো ধৰণৰ ভাব-বিনিময়ৰ কাৰণে বিষ্ণু ৰাভাৰ দেহ আৰু মনত বিন্দুমাত্র শক্তি অৱশিষ্ট নাছিল। মোৰ ওচৰলৈ অহাৰ উদ্দেশ্যটাে কৈয়েই ৰাভাই চকু দুটা আধামুদা কৰি তলমূৰকৈ নীৰৱে বহি ৰ’ল; সেই অস্বস্তিকৰ নীৰৱতা ভঙ্গ কৰিবলৈ ধৰিলে কেৱল তেওঁৰ বিশাল বক্ষ-স্থল আন্দোলিত কৰি ওলাই অহা দীঘল দীঘল নিশ্বাসবোৰেহে! ক’বলৈ একো কথা বিচাৰি নেপাই আৰু ৰাভাই চকু মুদি তলমুৱা হৈ থকাৰ সুযোগ লৈ মই তীক্ষ্ণ দৃষ্টিৰে তেওঁক পর্যৱেক্ষণ কৰিবলৈ ধৰিলো। ইমান দিনে দূৰৰপৰা মই ৰাভাক এইবুলি জানি আহিছিলো যে তেওঁ অসামান্য প্রতিভাৰ অধিকাৰী শিল্পী আৰু নিজৰ বাটেৰে বাট বোলা এজন নন- কনফৰমিষ্ট মানুহ। এতিয়া চকুৰ আগত দেখা পালো বিশাল বপু আৰু তন্দ্রাচ্ছন্ন মনৰ অধিকাৰী এজন ক্লান্ত আৰু অসুস্থ মানুহ। কিছু সময় ৰাভাৰ ফালে চাই থাকি মোৰ মনত এই ধাৰণাৰেই সৃষ্টি হ’ল যে তেওঁ যেন একালৰ এটা অপৰূপ কাৰুকাৰ্যখচিত বিশাল সৌধৰ জৰা-জীর্ণ ধ্বংসাৱশেষ মাত্র-symbol of physical and mental dissolution.

নীৰৱতাখিনি যেতিয়া বেছি দীঘলীয়া আৰু অস্বস্তিকৰ হৈ আছিল, মই ৰাভাৰ প্রশংসাসূচক দুই-এটা কথা কৈ তেওঁৰ মনৰ জড়তাখিনি দূৰ কৰিবলৈ চেষ্টা কৰিলো। প্রশংসাই চঞ্চল নকৰা মুখ বা দ্রৱীভূত নকৰা হৃদয় মই খুব কমেই লগ পাইছো। কিন্তু মোৰ উচ্ছসিত প্রশংসা শুনাৰ পিছতো ৰাভাৰ মঙ্গোলীয় মুখত বিন্দুমাত্ৰ ভাবান্তৰ ফুটি নুঠিল। মুখত এটা দুর্বোধ্য (নে অর্থহীন) হাঁহি লৈ তেওঁ পৰম নির্বিকাৰভাৱে মোৰ কথা শুনি থাকিল। একোৰেই একো কৰিব নোৱাৰি মই অৱশেষত প্রস্তাৱ কৰিলো যে তেওঁ এখন আত্মজীৱনী লিখিব লাগে। ইতিমধ্যেই তেওঁৰ জীৱন এটা কিম্বদন্তীত পৰিণত হৈছে, গতিকে তেওঁৰ আত্মজীৱনী নিশ্চয় বহুলভাৱে সমাদৃত হ’ব। এইবাৰ তেওঁৰ চকু দুটা আগতকৈ সামান্য মেল খালে। মোৰ কথাবোৰ যে তেওঁৰ কাণত সোমাইছে বা সেইবোৰে তেওঁৰ মনৰ ওপৰত কিবা প্রতিক্রিয়া কৰিছে তাৰ সামান্য লক্ষণ এইবাৰ তেওঁৰ মুখত ফুটি উঠিল। এক মুহুর্তৰ কাৰণে সঞ্জীৱিত হৈ তেওঁ ক’লে—“মোৰ দ্বাৰা লিখা-টিখা নহ’ব। কোনোবাই লিখিবলৈ ৰাজী হ’লে মই কৈ যাব পাৰিম।” প্রায় গেঙেৰা মাৰি কথাষাৰ কৈয়েই তেওঁ আকৌ তেওঁৰ সৰ্বগ্রাসী অৱসাদৰ ওচৰত আত্ম-সমৰ্পণ কৰিলে।

ইয়াৰ প্ৰায় পাঁচ বছৰমানৰ পিছত ৰাভাক মই দ্বিতীয় আৰু শেষবাৰ উত্তৰ লক্ষীমপুৰত লগ পালো। এইবাৰ তেওঁৰ লগত আছিল ৰাভাৰ অভিন্ন-হৃদয় বন্ধু আৰু প্রখ্যাত অভিনেতা শ্ৰীফণী শৰ্মা। এইবাৰো দিনটো ডাৱৰীয়া আছিল, কিন্তু তাৰ বাহিৰে বাকী সকলো কথাই প্রথম সাক্ষাতৰপৰা সম্পূর্ণ বেলেগ আছিল। ৰাভা এইবাৰ আছিল আগতকৈ বহুত সুস্থ আৰু উচ্ছাসপূর্ণ। মোৰ ঘৰত ভৰি দিয়েই তেওঁ ক’লে- “বৰগোহাঞি, আপুনি মোক আত্ম-জীৱনী লিখিবলৈ কোৱা কথাষাৰ মই পাহৰা নাই। মই লিখিম।”

পাঁচ বছৰৰ আগতে অসুস্থ মানসিক আৰু শাৰীৰিক অৱস্থাত শুনা কথা এষাৰ তেওঁ যে এনেভাৱে মনত ৰাখিছে- মই বৰ আচৰিত হ’লো।

°°°°°°°°°                                           °°°°°°°°°°                                               °°°°°°°°°°

বিষ্ণু ৰাভাৰ কথা মই যেতিয়াই ভাবো তেতিয়াই তেওঁৰ লগত হােৱা মোৰ প্ৰথম সাক্ষাতৰ কথা মনত পৰে, আৰু তেতিয়াই মোৰ মনত ভাব হয় যে তেওঁ এটা প্রাচীন বিশাল সৌধৰ ধ্বংসাৱশেষ মাত্র। মােৰ এই ধাৰণা সম্পূর্ণ শুদ্ধ বা তাৰ মূলতে আছে কিবা অকাট্য যুক্তি, সেই কথা মই নকওঁ। মোৰ মনৰ স্বতঃস্ফূর্ত প্রতিক্রিয়াখিনি মাত্ৰ মই ইয়াত ব্যক্ত কৰিছাে৷ “সত্যমেব জয়তে” বা সত্যৰ সদায় জয় বুলি ভাৰতবৰ্ষই দৃঢ় কণ্ঠেৰে প্ৰচাৰ কৰিলেও এই দেশত সত্য ভাষণক অন্ততঃ আধুনিক কালত কাচিৎহে প্রশ্রয় দিয়া হয়, আৰু বিশেষকৈ মৃত ব্যক্তিৰ জীৱনৰ কাৰ্যাৱলীৰ বস্তুনিষ্ঠ আলোচনাতকৈ তেওঁৰ প্রতি বাষ্পাকুল শ্রদ্ধাঞ্জলি বা প্রশস্তিমূলক লোকাচাৰ প্রদর্শনক বহুত বেছি মূল্য দিয়া হয়। ইয়াৰ ফলত মৃতকৰতো একো লাভ নহয়েই, আনহাতে জীৱিতসকলৰ প্ৰভুত অপকাৰ হয়, কাৰণ তেওঁলোকক কিছুমান ভণ্ডামী আৰু অৰ্ধসত্য গ্রহণ কৰিবলৈ বাধ্য কৰােৱা হয়। মৃতকৰ জীৱন আৰু কাৰ্যাৱলীৰ বস্তু-নিষ্ঠ বিশ্লেষণেই হােৱা উচিত তেওঁৰ প্রতি সর্বশ্রেষ্ঠ সন্মান প্রদর্শন বা শ্রদ্ধাঞ্জলি, কাৰণ যি লোক প্রকৃততে মহৎ তেওঁৰ মহত্ত্বক মুক্ত সমালোচনাৰ খৰ-ৰৌদ্ৰই ম্লান কৰাৰ পৰিৱর্তে অধিক উজ্জ্বল কৰিহে তোলে। কেৱল দুর্বল আৰু ক্ষণভঙ্গুৰকহে মিথ্যা প্রশংসাৰ এন্ধাৰ চুকত সযতনে আশ্রয় দিব লগা হয়।

সি যি কি নহওক, বিষ্ণু ৰাভাৰ বিষয়ে মোৰ মনত উদয় হােৱা কেইটামান কথা প্রথম সুযোগতেই কৈ থােৱা উচিত বুলি মই বিবেচনা কৰিছো। তাৰ কাৰণ হ’ল, সম্প্রতি বিষ্ণু ৰাভাৰ বিষয়ে চাৰিওফালে যি ব্যাপক আগ্রহ দেখা দিছে সেই আগ্রহ স্থায়ী হােৱাৰ কোনো সম্ভাৱনা নাই, কাৰণ এই আগ্রহৰ মূল প্রেৰণা প্রতিভাৰ প্রতি সহজাত আকর্ষণ নহয়, সি হ’ল অসমীয়া মানুহৰ মজ্জাগত আৱেগবিহ্বলতা। প্রকৃতিয়ে মানুহক এনেভাৱে তৈয়াৰী কৰিছে যে কোনাে আৱেগক স্থায়ীভাৱে ধাৰণ কৰা মানুহৰ পক্ষে সম্ভৱ নহয়। সেয়ে হােৱা হ’লে পুত্র বিয়োগত ভগ্ন-হৃদয়া মাতৃৰ বা সদ্য-বিধৱা যুৱতীৰ পক্ষে জীৱন ধাৰণ কৰা প্রায় অসম্ভৱ হৈ উঠিলেহেঁতেন। আৱেগ সদায় ক্ষণস্থায়ী, স্থায়ী হৈ ৰয় কেৱল সুচিন্তিত ভাব, যুক্তি আৰু সিদ্ধান্ত। নানা কাৰণত অসমীয়া জাতিৰ লগত বিষ্ণু ৰাভাৰ সম্পর্ক আৱেগ-নিৰ্ভৰ, সেই কাৰণে ৰাভাৰ প্রতিভাৰ মূল্যায়নৰ ক্ষেত্ৰত অসমীয়া মানুহে সুবিচাৰ কৰাৰ বৰ আশা নাই।

বিষ্ণু ৰাভাৰ জীৱনৰ বা ব্যক্তিত্বৰ এনে কেইটামান বৈশিষ্ট্য আছিল যিবােৰ বৈশিষ্ট্যৰ কাৰণে তেওঁ সম-সাময়িক অসমীয়া জীৱনত এখন একক আৰু অদ্বিতীয় স্থান অধিকাৰ কৰি আছিল। সন্দেহ নাই যে ইয়াৰ মূলতে আছিল তেওঁৰ অবিসম্বাদী শিল্পী-প্রতিভা। কিন্তু মোৰ দৃঢ় ধাৰণা যে বিষ্ণু ৰাভাই কি কি কাম কৰিলে কেৱল তাৰ কাৰণেই বিখ্যাত নহয়, তাতোকৈ হাজাৰ হাজাৰ গুণে তেওঁ বেছি বিখ্যাত কি কৰিব পাৰিলেহেঁতেন তাৰ কাৰণেহে। ‘ললিত-কলা’ৰ ৰসজ্ঞ সমালোচকসকলে এদিন বিষ্ণু ৰাভাৰ কাৰ্যাৱলীৰ যথাযোগ্য মূল্যায়ন নিশ্চয় কৰিব, কিন্তু আমি সাধাৰণ মানুহবোৰৰ ধাৰণা যে তেওঁ প্রতিভাৰ যথোচিত সদ্ব্যৱহাৰ নকৰিলে, অর্থাৎ প্রতিভা অনুপাতে তেওঁ বহুত কম কামহে কৰি গ’ল। নৃত্য-শিল্পত তেওঁৰ অসাধাৰণ জন্মগত প্রতিভা আছিল; কাশী বিশ্ববিদ্যালয়ত পঢ়ি থকা অৱস্থাত তেওঁ দশাৱতাৰ নৃত্যৰ কাৰণে সর্বশ্রেষ্ঠ নর্তক হিচাপে স্বর্ণপদক উপহাৰ পাইছিল। নৃত্য-শিল্পৰ সাধনাত লাগি থকা হ’লে তেওঁ উদয় শঙ্কৰতকৈ ডাঙৰ শিল্পী হিচাপে বিশ্বজোৰা খ্যাতি অর্জন কৰিব পাৰিলেহেঁতেন আৰু তাৰ ফলত হয়তো অসমৰ প্রাচীন নৃত্য-কলাই বিশ্বৰ ৰসিকজনৰ মনােযোগ আকর্ষণ কৰিলেহেঁতেন। কিন্তু তেওঁ সেই সাধনাত লাগি নেথাকিল। চিত্ৰকৰ হিচাপেও তেওঁৰ প্ৰভূত সম্ভাৱনা আছিল; তেওঁৰ শ্ৰীশঙ্কৰদেৱৰ চিত্ৰকে আদি কৰি দুই-এখন ছবি যেয়েই দেখিছে সেয়েই এই কথা স্বীকাৰ কৰিব। কিন্তু এই ক্ষেত্ৰতো তেওঁ দুটামান আঁকবাঁক কৰিয়েই ক্ষান্ত থাকিল। গায়ক, ৰচক আৰু অভিনেতা হিচাপে তেওঁ অৱশ্যে সমসাময়িক অসমীয়া নাট্যকলা আৰু সংগীতলৈ অবিস্মৰণীয় অৱদান আগবঢ়াই গৈছে, কিন্তু প্রতিভাৰ অনুপাতে এই ক্ষেত্ৰতো তেওঁ যিমানখিনি কাম কৰা উচিত আছিল সিমানখিনি কৰি যোৱা বুলি নিশ্চয় ক’ব নোৱাৰি। সু-সংহত সাধনা আৰু নিষ্ঠাৰে এই কামত ব্ৰতী হ’লে ৰাভাই যোৱা তিনিটা দশকত অসমৰ সংগীত আৰু নাট্য-কলাৰ ক্ষেত্ৰত নতুন জাগৰণৰ সূচনা কৰিব পাৰিলেহেঁতেন। এটা মহৎ সৃষ্টিশীল যুগৰ আৰম্ভণি কৰি যাব পাৰিলেহেঁতেন। কিন্তু আজি অসমীয়া নাটক, ৰঙ্গমঞ্চ আৰু সংগীতৰ যি ঠেৰু-ছিগা অৱস্থা, যোৱা তিনিটা দশক ধৰি বিষ্ণু ৰাভাৰ দৰে প্রতিভাৰ পদচিহ্ন ইয়াত পৰিছিল বুলি ক’বলৈ বিশেষ উপায় নাই। বিষ্ণু ৰাভাৰ বিৰাট প্রতিভা আৰু অসমীয়া সংগীত-নাটক-চিত্ৰকলাৰ ক্ষেত্ৰত তেওঁৰ গভীৰ প্ৰভাৱক শ্রদ্ধাৰে স্বীকাৰ কৰি লৈয়ো এই কথা কোৱাৰ প্রয়োজন যে ৰাভাই যিমানখিনি প্রতিশ্রুতি দিছিল সিমানখিনি কাম নকৰিলে। অথচ অসমৰ ভিতৰত বিষ্ণু ৰাভাই বোধহয় একমাত্র মানুহ যাক কেন্দ্ৰ কৰি তেওঁৰ জীৱন-কালতে কবিতা ৰচনা কৰা হৈছে (বীৰেন্দ্ৰকুমাৰ ভট্টাচাৰ্যৰ ‘বিষ্ণু ৰাভা এতিয়া কিমান ৰাতি?’), উপন্যাস সৃষ্টি হৈছে (মেদিনী চৌধুৰীৰ ‘ফেৰেংগাদাও’, প্রফুল্লদত্ত গোস্বামীৰ ‘কেঁচা পাতৰ কঁপনি’), ব্যক্তিগত প্রবন্ধত তেওঁৰ ব্যক্তিত্বও প্রশংসাৰে উল্লেখ কৰা হৈছে (তিলক হাজৰিকাৰ ‘আড্ডা’)। যোৱা প্রায় তিনিটা দশক ধৰি বিষ্ণু ৰাভাৰ জীৱন আৰু ব্যক্তিত্বই অসমীয়া মানুহক মুগ্ধ কৰি আহিছে, তেওঁলোকৰ কল্পনাক উদ্দীপ্ত কৰি আহিছে, ৰাভাৰ জীৱন-কালতে তেওঁৰ জীৱন এটা কিম্বদন্তীত পৰিণত হৈছে। ৰাভাৰ ব্যক্তিত্বত আকর্ষণীয় হ’বলগীয়া বহু সমল প্রকৃততে আছেওঃ গায়ক, অভিনেতা, চিত্ৰকৰ, প্রেমিক, বহেমিয়ান, ৰোমাণ্টিক বিপ্লৱী-সকলো প্ৰকাৰে এটা সাঁচত ঢলা তথাকথিত legendary figure | এনে বহুতো চৰিত্ৰ অন্যান্য সমাজত আছে; অসমীয়া সমাজত প্রায় নাই বুলিলেই হয়। অসমীয়া সমাজৰ চকুত বিষ্ণু ৰাভা আকর্ষণীয় হৈ উঠাৰ আটাইতকৈ ডাঙৰ কাৰণ আছিল খুব সম্ভৱ তেওঁৰ ব্যক্তিত্বৰ নন-কনফর্মিষ্ট চৰিত্ৰ; পৰম্পৰাগত বিধি-নির্দেশ আৰু সমাজৰ অনুশাসন মানি চলিবলৈ ভাল পোৱা শান্তিপ্ৰিয় নিৰ্বিৰোধী অসমীয়া সমাজত বিষ্ণু ৰাভা আছিল এটা প্রচণ্ড ব্যতিক্রম। কিন্তু যিকোনো মানুহ নন-কনফর্মিষ্ট দুই প্ৰকাৰে হ’ব পাৰেঃ চিন্তা বা আদর্শৰ ক্ষেত্ৰত, আৰু জীৱন-ধাৰাৰ ক্ষেত্ৰত। চিন্তা বা আদৰ্শৰ ক্ষেত্ৰত যি মানুহে নন-কনফর্মিষ্ হয় তেনে মানুহ নতুন ভাব আন্দোলনৰ নায়ক হোৱাৰ সম্ভাৱনা থাকে, তেনে মানুহে সমাজৰ মগজুক স্পন্দিত কৰে। কিন্তু যি মানুহ কেৱল জীৱন-ধাৰাৰ ক্ষেত্ৰত নন-কনফর্মিষ্ট হয়, তেনে মানুহে নিজৰ বৰ্ণাঢ্য ব্যক্তিত্বৰ দ্বাৰা সমাজৰ মনোযোগ আকর্ষণ কৰে হয়, কিন্তু তেনে মানুহে হৃদয়ত খলকনি তুলিয়েই ক্ষান্ত হয়। বিষ্ণু ৰাভাৰ শিক্ষা, মনোভঙ্গী আৰু ব্যক্তিত্বত প্রথমবিধৰ নন-কনফর্মিষ্ট হোৱাৰো কিছু সম্ভাৱনা আছিল, কিন্তু তেওঁ কেৱল দ্বিতীয়বিধৰ নন-কনফর্মিষ্ট হৈয়েই ক্ষান্ত থাকিল।

আমি ওপৰতেই কৈ আহিলো যে বিষ্ণু ৰাভাই অসমীয়া সমাজৰ কল্পনাক এনেভাৱে উদ্দীপ্ত কৰাৰ ঘাই কাৰণ হ’ল তেওঁৰ নন-কনফর্মিষ্ট বা তথাকথিত বহেমিয়ান স্বভাৱ। কোৱা বাহুল্য মাথোন যে বহেমিয়ান স্বভাৱৰ লগত প্রতিভাৰ সংমিশ্রণ নঘটিলে কেৱল বহেমিয়ান হৈ কোনেও মানুহৰ সশ্রদ্ধ মনোযোগ আকৃষ্ট কৰিব নোৱাৰে। কিন্তু এইখিনিতে আৰু এটা চিন্তা কৰিবলগীয়া কথা আছে। ভাৰতীয় ঐতিহ্য বা পৰম্পৰাত বহেমিয়ান চৰিত্ৰৰ কোনো স্থান নাছিল।

য়ুৰোপীয় জীৱনাদর্শ বা চিত্ত-ভূমিয়েই হ’ল এনে চৰিত্ৰৰ জন্মভূমি। যোৱা দুই-তিনি শ বছৰৰ য়ুৰোপীয় সাহিত্য-সংগীত-চিত্ৰকলাৰ ইতিহাসৰ পাত লুটিয়াই চালে দেখা যায় যে ভিলোঁৰপৰা আৰম্ভ কৰি ভালেঁ আৰু ভেন গঘলৈকে এনে অসংখ্য মানুহৰ শিল্প-সাধনাৰ ফলস্বৰূপে য়ুৰোপৰ আত্মা বিকশিত আৰু সমৃদ্ধ হৈছে যিবোৰ মানুহৰ নিজৰ জীৱন-ইতিহাস পঙ্কিল আৰু ৰক্তাক্ত। গছৰ গুটিৰপৰা নতুন গজালি এটা ওলাবলৈ হ’লে প্রথমে সি যেনেকৈ পচি যাব লাগে, তেনেকৈ সেই মানুহবোৰৰ পচা জীৱনৰপৰাই যেন মহান শিল্পীসৃষ্টিৰ অংকুৰ উদ্গত হৈছিল। য়ুৰোপৰ চিন্তা আৰু জীৱন-ভাবনা ভাৰতলৈ আমদানি হোৱাৰ পিছত এই দেশতো— বিশেষকৈ বঙ্গ দেশৰ উৰ্বৰ চিত্ত-ভূমিত এনে একাধিক চৰিত্ৰৰ আৱিৰ্ভাৱ ঘটিছিল। তেওঁলোকৰ ভিতৰত মাইকেল মধুসূদন দত্ত আৰু গিৰীশচন্দ্র ঘোষেই সকলোফালৰপৰা বেছি উল্লেখযোগ্য। এই সম্পৰ্কত একে উশাহতে নাম ল’ব পৰা মানুহ অসমত বোধহয় মাত্র দুজনেই ওলাইছিলঃ গণেশচন্দ্ৰ গগৈ আৰু বিষ্ণুপ্ৰসাদ ৰাভা। কিন্তু য়ুৰোপৰ আৰু আনকি বঙ্গ দেশৰো এই বহেমিয়ান কলা-সাধকসকলৰ লগত অসমীয়া বহেমিয়ানদ্বয়ৰ পাৰ্থক্য এয়েই যে পূর্বোক্ত শিল্পী-কবিসকল বেছি পাগল হৈছিল সৃষ্টিৰ নিচাত, অসমীয়া কবি-শিল্পী দুজন বেছি পাগল হৈছিল জীৱনৰ নিচাত ৷ ছমাৰছেট মমে সর্বশ্রেষ্ঠ দহজন ঔপন্যাসিকৰ জীৱন-ইতিহাস বিশ্লেষণ কৰি তেওঁলোকৰ সকলোৰে মাজত এটা সাধাৰণ বৈশিষ্ট্য আৱিষ্কাৰ কৰিছে, সেই বৈশিষ্ট্য হ’ল তেওঁলোকৰ vitality বা প্ৰাণ-প্রাচুর্য। এই প্রাণ-প্রাচুর্যৰ জোৰতে য়ুৰোপৰ বহেমিয়ান কবি-শিল্পীসকলে বা আমাৰ দেশৰাে মধুসূদন দত্ত আৰু গিৰিশচন্দ্র ঘোষে নিজৰ ক্ষত-বিক্ষত, ৰক্তাক্ত আৰু পচা জীৱনৰ বুকুৰপৰাও অবিনাশী শিল্প-ভাবনা উদ্ধাৰ কৰি যাবলৈ সমৰ্থ হৈছে। কিন্তু দুখৰ বিষয় যে আমাৰ বিষ্ণু ৰাভা বা তেওঁৰ সতীৰ্থসকলৰ বিষয়ে সেই একে কথাকে ক’ব নােৱাৰি। বিষ্ণু ৰাভাৰ বিৰাট প্রতিভা আছিল, কিন্তু তেওঁৰ নাছিল। সেই প্ৰাণ-প্রাচুর্য যাৰ দ্বাৰা জীৱনৰ সমস্ত প্রচেষ্টা আৰু সাধনাক এটা চূড়ান্ত লক্ষ্যৰ উদ্দেশ্যে সু-সংগঠিত আৰু সুনিয়ন্ত্রিত কৰিব পাৰি। সেইটাে কৰিব পৰা হ’লে বিষ্ণু ৰাভাই তেওঁৰ একক চেষ্টাৰ দ্বাৰাই অসমীয়া সংগীত-নাটক-চিত্ৰকলাক বহুত ওপৰলৈ লৈ যাব পাৰিলেহেঁতেন, আৰু অসমীয়া সংস্কৃতিৰ এই যুগটাে বিষ্ণু ৰাভাৰ যুগ বুলি পৰিচিত হােৱাও অসম্ভৱ নহ’লহেঁতেন।

এইখিনিতে আৰু এটা কথা উল্লেখ কৰা প্রয়োজন। যোৱা দুই শতাব্দী ধৰি যি বহেমিয়ান শিল্পীৰ জীৱনাদর্শই সমগ্র বিশ্বৰ দৃষ্টি প্রশংসা-মুগ্ধ কৰি ৰাখিছিল, সেই আদর্শ বর্তমান যুগত অচল হৈ আহিছে। ভিনচেণ্ট ভেন গঘ নিজে এনে এজন নন-কনফর্মিষ্ট বহেমিয়ান শিল্পী আছিল; তেওঁৰ চিঠি-পত্ৰৰ এটি সংগ্ৰহৰ আলোচনা প্ৰসংগত কবি অ’ডেনে মন্তব্য কৰিছে যে কবি-শিল্পীৰ যি ৰুগ্ন মানসিকতা, স্বাস্থ্যহীনতা আৰু অঘৰী স্বভাৱক বিগত শতাব্দীয়ে অত্যধিক আদৰেৰে প্রশ্রয় দিছিল, সেই যুগ এতিয়া সম্পূর্ণ অতিক্রান্ত (কিতাপখন হাতত নথকাৰ কাৰণে মই সঠিক শব্দবোৰ উদ্ধৃত কৰিব পৰা নাই! তেওঁ, এই কথাও প্রমাণ কৰি দেখুৱাইছে যে ভেন গঘে নিজেও শিল্প-সাধনাৰ লগত স্বাস্থ্যহীনতাৰ সম্পর্ক নাই বুলি উপলব্ধি কৰিছিল আৰু তেওঁ জীৱনত বহুবাৰ অ’ল্ড মাষ্টাৰসকলৰ পৰিপূৰ্ণ নিটােল স্বাস্থ্যৰ প্রতি নিজৰ কৰুণ আকাংক্ষা ব্যক্ত কৰিছিল। অৱশ্যে মানৱ-চৰিত্ৰ এনে দুর্জেয় আৰু ৰহস্যময় যে সেই বিষয়ে শেষ ৰায় দিয়া কাৰাে পক্ষে সম্ভৱ নহয়। তদুপৰি বিভিন্ন যুগত বিভিন্ন ধৰণৰ ব্যক্তিত্ব বা চৰিত্ৰ সমাজৰ চকুত আকর্ষণীয় হৈ দেখা দিয়ে। এই কথাও নহয় যে বিশৃঙ্খল বা স্বাস্থ্যহীন জীৱনত কেৱল কবি-শিল্পীৰহে একচেটিয়া অধিকাৰ। কোৱেষ্টলাৱে ‘শ্লিপওৱাকাৰ’ গ্ৰন্থত বর্ণনা কৰা মতে বিখ্যাত জ্যোতির্বিজ্ঞানী কেপলাৰে যেতিয়া “যুদ্ধ-বিধ্বস্ত যুৰােপৰ বুকুৱেদি তেওঁৰ শেষ ভ্ৰমণ আৰম্ভ কৰিছিল আৰু স্ত্রী চুচানা আৰু সন্তানবােৰক কপর্দক-শূন্য কৰি পাতি-পইচাটো পর্যন্ত লগত লৈ গৈছিল।”—তেওঁ তেতিয়া মাইকেল মধুসূদন দত্ত বা আমাৰ অসমৰে একাধিক চিনাকি চৰিত্ৰতকৈ বিশেষ বেলেগ একো কাম কৰা নাছিল। কিন্তু মানৱ সভ্যতাৰ বুৰঞ্জীত চিৰস্মৰণীয় এই শ্লিপওৱাকাৰ বা বহেমিয়ানসকলৰ জীৱনৰ সকলো সাফল্য বা সিদ্ধিৰ মূলতে আছিল এটা ডাঙৰ গুণ, সেইটো হৈছে এই যে তেওঁলোকে জীৱনৰ এটা dominant passion বা প্রধান আদৰ্শৰ বেদীত আন সকলো কথাকে বলি দিছিল।

বোডলয়েৰৰ জীৱন-চৰিত বিশ্লেষণ কৰি এজন সমালোচকে মন্তব্য কৰিছে : “In the ‘infamous menagerie of our vices’- satanic pride, lust, perverted love, prostitution, drunkenness, drug addiction, murder Baudelaire finds the worst to be ‘ennui- or spiritual torpor”.

এই spiritual torpor বা আধ্যাত্মিক তন্দ্রাচ্ছন্নতাৰ পৰা মুক্ত হৈ থকাটোৱেই হ’ল সকলো সৃষ্টি-ধর্মী মানুহৰ জীৱনৰ সৰ্বশ্রেষ্ঠ সাধনা।

সামৰণিত আকৌ কওঁ, বিষ্ণু ৰাভা আছিল অসামান্য প্রতিভাৰ অধিকাৰী শিল্পী। তেওঁ অসমীয়া সংস্কৃতিলৈ যিখিনি অৰিহণা আগবঢ়াই গ’ল তাৰ বাবে অসমীয়া সমাজে বহুকাল ধৰি তেওঁক স্মৰণ কৰি থাকিব। আমাৰ মনত দুখ এয়েই যে নিজৰ প্ৰতিভাক সুসংহত আৰু নিজৰ জীৱনক সুনিয়ন্ত্রিত কৰিব পৰা হ’লে তেওঁ আৰু বহু ডাঙৰ কাম কৰি যাব পাৰিলেহেঁতেন। যিহওক এতিয়া সেই কথা ভাবি আক্ষেপ কৰি লাভ নাই| বিষ্ণু ৰাভাই আন একো নকৰিলেও অসমীয়া জীৱন-চৰ্চাৰ ক্ষেত্ৰত এটা নন-কনফর্মিষ্ট বর্ণাঢ্য চৰিত্ৰ আমালৈ এৰি গৈছে। এতিয়া অশ্রু-গদগদ প্রশস্তিৰে আমি তেওঁক চিৰকাললৈ পুতি পেলোৱাৰ পৰিৱৰ্তে আমাৰ ভিতৰতে কোনোবাই যদি ইউজিন ও’নিল, আৰ্ণেষ্ট হেমিংওৱে বা জেক লণ্ডনৰ জীৱন-চৰিতৰ নিচিনাকৈ বিষ্ণু ৰাভাৰ প্ৰকৃত জীৱন চৰিত এখন লিখি উলিয়ায়, তেন্তে অসমীয়া শিল্পীৰ মানসিকতা আৰু সামাজিক পৰিবেশৰ ওপৰত নতুন আলোকপাত কৰা হ’ব আৰু বিষ্ণু ৰাভাৰ জীৱনো আমাৰ কাৰণে অধিক অর্থপূর্ণ হৈ পৰিব| বিষ্ণু ৰাভাক ঘনিষ্ঠভাৱে জনা মানুহবােৰ জীয়াই থাকোঁতেই এই কাম কোনোবা যোগ্য লোকে আৰম্ভ কৰিব বুলি আশা কৰিলো। ভাৰতীয় মানুহবোৰ স্বভাৱতে অর্ধ-সত্য আৰু ভণ্ডামীৰ প্রতি অনুৰক্ত। কিন্তু উপৰোক্ত জীৱনী সার্থক হৈ উঠাৰ একমাত্র চর্ত হ’ল স্পষ্টবাদিতা, সত্য ভাষণ আৰু তদন্তৰ মনোভাৱৰ প্রতি অবিচল আনুগত্য।

(লেখকৰ অনুমতি সাপেক্ষে প্ৰকাশ কৰা হৈছে। সংলগ্ন ছবি জনপ্ৰিয় কাৰ্টুনিষ্ট নিতুপৰ্ণ ৰাজবংশীৰ।)

 

Leave a Reply

Your email address will not be published. Required fields are marked *