চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমৰ জনজাতি সমস্যাঃ ৰাভাৰ দৃষ্টিভংগী ( পৰমানন্দ মজুমদাৰ )

অসমৰ জনজাতি সমস্যাঃ ৰাভাৰ দৃষ্টিভংগী ( পৰমানন্দ মজুমদাৰ )

(এক)

এটা সাৰগৰ্ভ উক্তিৰে আমাৰ আলোচনাৰ পাতনি মেলিব খুজিছো । ‘জনজাতীয় সংস্কৃতিত শিৱ’ শীৰ্ষক সৈনিক শিল্পী বিষ্ণুৰাভাৰ এটি চিন্তাশীল নিবন্ধত উল্লেখ কৰা হৈছেঃ ‘এটা জাতিৰ লগত আন এটা জাতিৰ সমন্বয় হ’বলৈ হ’লে পৰস্পৰৰ ভিতৰত উভয়ৰ বিষয়ে সম্পূৰ্ণ জ্ঞান থকা উচিত। নিজৰ ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ উপৰিও আন ধৰ্ম, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান থকা উচিত। পৰস্পৰৰ ভিতৰত অকৃত্ৰিম আৰু আন্তৰিক শ্ৰদ্ধা ৰাখি কালৰ ৰথৰ চকাৰ অগ্ৰগতিৰ তালে তালে প্ৰগতিৰ অসীম বাটেদি অগ্ৰসৰ হোৱা উচিত।
গভীৰ জ্ঞান, গভীৰ অধ্যয়ন নাথাকিলে ভুল-ক্ৰুটি যথেষ্ট থাকি যোৱাত প্ৰগতিৰ বাটত পৰস্পৰৰ ভিতৰত কাজিয়া হোৱাৰ ফলত হেঙাৰ পৰিবৰ সম্ভাৱনা। তদুপৰি পৰস্পৰৰ ধৰ্ম, কৃষ্টি, সংস্কৃতি আৰু সমাজৰ বিষয়ে গভীৰ জ্ঞান আৰু অধ্যয়ন নাথাকিলে এই দুয়ো জাতিৰ সমন্বয় বিশুদ্ধ হ’ব নোৱাৰে, বৰং কলুষেৰে ভৰপূৰ হৈ ধ্বংসৰ বাটহে মুকলি কৰা হয়৷ ( বিষ্ণু ৰাভা, জনজাতীয় সংস্কৃতিত শিৱ, বিহু সংখ্যা, অসমবাণী )

সংৰক্ষণৰ অভাৱত জৰাজীৰ্ণ ৰূপ লোৱা বিষ্ণু ৰাভাৰ বাসগৃহ

ৰাভাৰ এই দৃষ্টিকোণ পুথিগন্ধী নহয়। অসমৰ বিশাল জনগণৰ নিবিড় সান্নিধ্যলৈ আহি ৰাভাৰ মন কোঁহত সি ঠাই লৈছিল। তেওঁ দেখিছিল যে নানা জাতি-উপজাতি তথা ধৰ্মৰ লোকৰ আবাসভূমি অসমৰ প্ৰগতিৰ ক্ষেত্ৰত ‘সমন্বয়’ এটি অপৰিহাৰ্য বিষয়। এই ‘সমন্বয়’ আকাশৰ পৰা খহি পৰা বস্তু নহয়। অথবা ই কেৱল এটা শ্লোগান নহয়। ইয়াৰ লগত যদি তেজ-মঙহৰ সম্পৰ্ক নাথাকে, তেন্তে সি কেৱল শব্দৰ মৰুবালিতে শুকাই থাকিবলৈ বাধ্য। বিশেষকৈ, অসমীয়া সংস্কৃতিৰ কলিজা সদৃশ অসমৰ পাহাৰ-ভৈয়ামৰ বিভিন্ন জনগোষ্ঠীৰ ওচৰ চাপি তেওঁ দেখিছিল যে এই জনগোষ্ঠীসমূহ সমাজৰ আন অংশতকৈ অৱহেলিত। তেওঁলোকে প্ৰভুত্বশীল জাতিৰ দ্বাৰা জৰ্জৰিতও। জনগোষ্ঠীসমূহৰ কৃষ্টি-সভ্যতা উপেক্ষিত, তেওঁলোকৰ অতীত ঐতিহ্যও ধিমিক-ধামাক। অসমীয়া সমাজৰ ধ্বজাবাহীসকলৰ লগত তেওঁলোকৰ প্ৰকৃততে সামাজিক-মানসিক সাযুজ্য গঢ়ি উঠা নাই। ত্ৰিশৰ দশকতে লিখা ‘বৃহত্তৰ অসমৰ কল্পনা’ নামৰ এখন ৰচনাত ৰাভাই এই বুলি সকীয়নি দিছিলঃ ‘অসমৰ অত্যাচাৰিত আৰু অৱনত জাতিসমূহক আন আন উন্নত জাতিৰ লগতে একে আসনতে ঠাই দিবলৈ অসমৰ প্ৰত্যেক ৰাজনীতিক আৰু সমাজনেতাসকলে এতিয়াৰ পৰা চেষ্টা কৰা উচিত। তাকে নকৰিলে অৱনত জাতিসকলৰ বুকুত বিদ্ৰোহৰ অগ্নি জ্বলাই অসমত আৰু এটা গৃহকন্দলৰ(Civil War) বাহ সাজি দিয়া হ’ব৷ এইবিলাক কাৰ্যৰ কাৰণে অসমৰ ধনকুবেৰসকলৰ আগত বহল কৰ্মক্ষেত্ৰ পৰি ৰৈছে৷’ ( বিষ্ণু ৰাভা, বৃহত্তৰ অসমৰ কল্পনা, আৱাহন, ২য় বছৰ, ১১ সংখ্যা, পৃঃ১৩১৩-১৩১৯)

ৰাভাৰ দৃষ্টিত এই অত্যাচাৰিত আৰু অৱনত জাতিসমূহ আছিল অসমৰ জনজাতিসকল৷ আৰ্যসকল অসমত প্ৰবেশ কৰাৰ পিছতে ক্ৰমে জনজাতিসকল সাংস্কৃতিক আৰু অৰ্থনৈতিকভাৱে উপেক্ষিত আৰু অৱহেলিত হ’ব ধৰিছিল৷ অথচ তেওঁলোকেই অসমৰ সংস্কৃতিৰ ভেটি নিৰ্মাণ কৰিছিল৷ পঞ্চাশৰ দশকত যেতিয়া ৰাভাই বিপ্লৱী কমিউনিষ্ট দলৰ কৰ্মী হিচাপে অসমৰ ইমূৰৰপৰা সিমূৰলৈ ভ্ৰমণ কৰিলে তেতিয়া ৰাভাৰ মনত জনজাতীয়সকলৰ পিছপৰা জুৰুলা অৱস্থাটো আৰু বেছিকৈ অনুভূত হ’ল৷ তেওঁ দেখিলে যে, তেওঁলোকৰ সমাজ-জীৱন সম্পৰ্কে অসমৰ অজনজাতীয় বুদ্ধিজীৱীসকল অথবা ৰাজনীতিকসকলৰ নিৰ্ভেজাল আগ্ৰহ নাই৷ সেয়ে জনজাতীয় ৰাইজক জাগ্ৰত হ’বলৈ তেওঁ আহ্বান জনালে (যোগেশ দাস (সম্পাদক), বিষ্ণুপ্ৰসাদ ৰাভা ৰচনা সম্ভাৰ, ১ম খণ্ড, ১৯৮৯, পৃঃ১৮৯-৯০)ঃ

ট্ৰাইবেল! জাগ ট্ৰাইবেল !
তিয়াগি ঘুমটি তোৰ পাহৰাই নিয়া
নয়ন কুসুম মেল।
° ° ° ° ° ° ° ° ° ° ° °
জাগিব লাগিব তই কছাৰী, মিকিৰ,
খাচী, ৰাভা, গাৰো, মিৰি, কুকী, নগা, বীৰ
খামটি, মিচিমি, আবৰ, লালুং, লুচাই,
চিংফৌ, চিনটেং, মণিপুৰী, তাই,
টিপৰা, ডিমাছা, অকা, দফলা ককাই
চুটীয়া, মদাহী, দেউৰী, টোটোলা, কোচ
হাজং, বৰাহী
জাগিব লাগিব তই জাগ
ল-চোঁ আগভাগ;
পাতিব লাগিব নৱ মেল
জাগ ট্ৰাইবেল।
° ° ° ° ° ° ° ° ° ° ° °
প্ৰথমে তয়েই দিলি অসমত টিঙিৰী অগনি
ইমান শকতি তোৰ
আছ পৰি কিয় আজি টোপনিত ঘোৰ?

(দুই)

অসমৰ জনজাতীয় সমস্যাৰ দুটা দিশত ৰাভাই গুৰুত্ব দিছিল যেন লাগে- এটা সাংস্কৃতিক আৰু আনটো অৰ্থনৈতিক৷ জনজাতীয়সকলৰ হেৰাই যাব ধৰা সাংস্কৃতিক ঐতিহ্যকতুলি ধৰাৰ ৰাভা পক্ষপাতি আছিল। তাক সংৰক্ষণ কৰাৰো তেওঁ পোষকতা কৰিছিল। তেওঁ দেখিছিল যে ক্ৰমাৎ বাঢ়ি অহা আৰ্যপ্ৰীতিয়ে আমাৰ জাতিটোৰ গৌৰৱপূৰ্ণ অতীত মষিমূৰ কৰিব আৰু সাংস্কৃতিকভাৱে অসমত ভাৰসাম্যহীন অৱস্থা এটাৰ সৃষ্টি কৰিব। এনে ক্ষেত্ৰত মাটিৰ কৃষ্টিক উজলাই ৰাখিবলৈ আমি সকলোৱে সচেষ্ট হ’ব লাগিব। সকলো জাতি-উপজাতিৰে কৃষ্টি-সংস্কৃতি আৰু সমাজৰ সমগণতান্ত্ৰিক বিকাশৰ পথ আমি ৰচিব লাগিব। তেহে অসমীয়া সমাজখন বাচিব পাৰিব। তেওঁৰ মত আছিলঃ অসমীয়া সমাজক একগোট কৰি গোটাব পাৰিলেহে আমাৰ আৰ্থিক, ভাষা আৰু সংস্কৃতিৰ উন্নতি হ’ব আৰু আমি জীয়াই থাকিব পাৰিম। জাতি-জনজাতিৰ ভিতৰত থানবান হ’লে প্ৰত্যেক জনগোষ্ঠী মৰিব। মূলতঃ এনে দৃষ্টিভংগী আগত ৰাখিয়েই সাম্যবাদী ৰাভাই জনজাতিসকলৰ অতীত ইতিহাসৰ প্ৰতি বস্তুনিষ্ঠ দৃষ্টি নিক্ষেপ কৰাৰ প্ৰয়াস কৰিছিল।

‘জনজাতীয় সংস্কৃতিত শিৱ’ নামৰ ৰচনাখনত বিষ্ণু ৰাভাই জনজাতীয়সকলৰ সমস্যা কেতবোৰৰ যুক্তি আৰু তথ্যপূৰ্ণ বিশ্লেষণ আগবঢ়াইছে। তেওঁ তাত লিখিছে, অসমৰ পৰ্বত আৰু ভৈয়ামৰ জনজাতিৰ বিষয়ে ‘তাত্ত্বিক আৰু তাথ্যিক’ আলোচনা আৰু গূঢ় গৱেষণা হোৱা নাই। এইবাবে জাতি সম্পৰ্কে বিশ্লেষণত ভুল ৰৈ গৈছে। ইয়াৰ পৰিণতিত নানান সমস্যা আৰু বেমেজালিৰ সৃষ্টি হৈছে। ৰাভাই দেখুৱাইছে যে জনজাতিৰ বিষয়ে আলোচনা কৰিবলৈ বহু পণ্ডিত মূলতঃ বেদ, বেদান্ত, উপনিষদ, পুৰাণাদিক সাৰথি কৰি গৱেষণাত মনোনিৱেশ কৰে। ইয়াৰ ফলত অনেক কেৰোণে ঠাই লৈছে। ৰাভাই এই অভিজ্ঞতাৰ ভেটিতে কৈছে, জনজাতিৰ ধৰ্ম, ভাষা, কৃষ্টি, সমাজ আৰু সংস্কৃতিৰ বিষয়ে গভীৰ জ্ঞান আৰু অধ্যয়ন নাথাকিলে জনজাতিৰ বিষয়ে কৰা ৰচনা শুদ্ধ আৰু সঠিক হ’ব নোৱাৰে। কিন্তু এই জ্ঞান তেওঁলোকৰ পৰা বিচ্ছিন্ন হৈ আহৰণ কৰা সম্ভৱ নহয়। অনুসন্ধিৎসুসকল ‘জনজাতিৰ হিয়াৰ আমঠু, কলিজাৰ এডুখৰি আৰু বুকুৰ এফাল হ’বলৈ শিকিব লাগিব। ‘ (বিষ্ণু ৰাভা, জনজাতীয় সংস্কৃতিত শিৱ, বিহু সংখ্যা, অসমবাণী )

নিবন্ধটোত ৰাভাই লিখিছে, আৰ্য হিন্দুসকলে এক প্ৰথাৰে আন আন অনাৰ্য জাতিসকলৰ দেৱতা আৰু কৃষ্টিক নিজৰ সংস্কৃতিৰ প্ৰভাৱেৰে ‘আৰ্যান্বিত’ কৰি লৈছিল। জনজাতিৰ মাজত শিৱৰ ধাৰণা নাছিল। এই ধাৰণা আৰ্যসকলে জাপি দিয়া ধাৰণাহে। চুতীয়াসকলৰ ‘গীৰা-গীৰাচী’-বুঢ়া-বুঢ়ী দেৱতা দুগৰাকীক হৰ-পাৰ্বতী, লালুঙৰ মহাদাই, ৰাভা কোঁচৰ খকচী-লেঙামাৰা’, বড়ো কছাৰীৰ বুঢ়া-বাথৌ-চিজৌক শিৱ বুলি আখ্যা দিয়া হৈছিল। ৰাভাই বিশ্লেষণ আগবঢ়াইছে, বড়োসকলৰদেৱ-দেৱীক আৰ্যসকলে আৰ্য, শিৱ, শাক্ত, আৰু তান্ত্ৰিক সংস্কৃতিৰ ৰহণেৰে বোলাই এই বড়োসকলৰ ওপৰত ধাৰ্মিক আৰু সাংস্কৃতিক প্ৰভাৱ বিস্তাৰ কৰি ব্ৰাত্য ধৰ্মত দীক্ষিতকৰণেৰে নিজৰ কৰি লৈছিল। খামৰূ, খামৰূব, খামাই-খা, ভুল্লী,ভুল্লুং বুথুৰক তেওঁলোকে কামৰূ, কামৰূপ, কামদা-বৰদা,কামাখ্যা আৰু ‘ব্ৰহ্মপুত্ৰ মহাভাগ শান্তনু কুল-নন্দন আমোঘা গৰ্ভসম্ভূত লৌহিত্য’ আখ্যা দি কুৰ্ম-পুৰাণ লিংগ-পুৰাণ, শিৱপুৰাণ, স্কন্দ-পুৰাণ আদি অলৌকিক কাহিনীৰ সৃষ্টি কৰে । ৰাভাৰ মতে, এই প্রক্রিয়াই জনজাতিসকলৰ বিশুদ্ধ সংস্কৃতিক দুষ্কৃতিৰে কলুষিত কৰিছে।

‘বজ্জানৰ বিলুপ্তিৰ কাহিনী’ শীর্ষক আন এটা নিবন্ধত ৰাভাই জনজাতীয় লুপ্তপ্রায় ঐতিহ্যক সোঁৱৰাই দিবলৈ প্রয়াস কৰিছে। প্রাচীন কাহিনীৰ আলমত তেওঁ ৰচনাখনত লিখিছে, বজ্জান অর্থাৎ জনজাতিসকলক নিৰ্মূল কৰিবৰ কাৰণে অজ্ঞাত শত্ৰুৱে কৰা সংকল্প আৰু চেষ্টা সত্ত্বেও বজ্জানসকলৰ পৰাজয় চূড়ান্ত হোৱা নাছিল। নেপালত লিচ্ছভিসকলৰ বাস আৰু প্ৰথম চন্দ্ৰগুপ্তৰ লিচ্ছভি কন্যাকুমাৰী দেৱীৰ লগত হােৱা বিবাহে প্রমাণ কৰে যে অজাতশত্রুৰ লগত হােৱা যুদ্ধৰ আঠশ বছৰৰ পিছলৈকে লিচ্ছভি বংশৰ ৰাজত্ব চলি আছিল। ৰাভাই কৈছে, এয়া জনজাতিসকলৰ শক্তি-শৌৰ্যৰ দৃষ্টান্ত। এই শক্তিকে বুদ্ধদেৱৰ দিনত চক্ৰান্ত আৰু ষড়যন্ত্ৰৰে ভাঙি পেলোৱা হৈছিল।

আৰ্যসকলে কৰা চক্ৰান্ত আৰু আৰ্যীকৰণ প্ৰক্ৰিয়াৰ বৰ্ণনা দি এই ৰচনাখনতো ৰাভাই লিখিছেঃ
‘চাণক্যৰ কৌটিল্য শাস্ত্ৰ’ জন্ম হােৱাৰ লগে লগে জনজাতীয় মহাশক্তি কুটিল চক্ৰান্তৰে চূৰমাৰ কৰিবলৈ নানা ষড়যন্ত্ৰ আৰ্যসকলৰ দ্বাৰা চলোৱা হৈছিল। কিৰাত বংশৰ যিয়ে ৰজা হয়, অভিষেকৰ পাছত আৰ্য ব্ৰাহ্মণসকলে তেওঁক ব্ৰাত্য ক্ষত্ৰিয়ত দীক্ষিত কৰি বড়ো জনসাধাৰণৰ পৰা পৃথক কৰিছিল। নৰকৰ পৰা ৰজাসকলক আৰ্যীকৰণেৰে বেলেগ কৰি অভিষিক্ত কৰা হৈছিল। কৌটিল্য শাস্ত্ৰ জন্ম হোৱাৰ পাছত আৰ্যীকৰণ, ব্ৰাত্য ক্ষত্ৰিয় আদি কৰাৰ নিয়ম প্ৰচলিত হয় আৰু এই নীতি শক্তিমান হ’বলৈ বাধ্য হয়।'(বিষ্ণু ৰাভা, বজ্জানৰ বিলুপ্ত কাহিনী, বিষ্ণু ৰাভা ৰচনাৱলী ১ ম খণ্ড, জাৰ্ণাল এম্পৰিয়াম)

অসমীয়া সমাজ আৰু সংস্কৃতিতো ৰাভাই জনজাতীয় উপাদানৰ সন্ধান কৰিছিল। বহু অসমীয়া শব্দত তেওঁ বড়ো উপাদান আৱিষ্কাৰ কৰিছিল। আনকি সংস্কৃত মূলৰ পৰা অহা বুলি প্ৰচলিত বহু অসমীয়া শব্দ তেওঁ জনজাতীমূলীয় বুলি দেখুৱাইছে। এনে আৱিষ্কাৰত বহু ক্ষেত্ৰত ৰাভাই মৌলিকতা দাবী কৰিব পাৰে যদিও তেওঁ আনুষ্ঠানিক গৱেষক নাছিল। ‘কৈ থাকোমানে ওৰকে নপৰে’ শীৰ্ষক ৰচনা এখনত তেওঁ ‘বিহু’, ‘বহাগ’ আদি শব্দ বড়ো মূলৰ পৰা অহা বুলি দেখুৱাইছে। তেওঁৰ মতে বড়োসকলৰ ‘বি’ মানে মগা, ‘হু’ মানে দিয়া। গুৰুজনাক ভকতি মাগিলে তেওঁ আশীষ দিয়ে। মাক-দেউতাকক শ্রদ্ধা যাচিলে তেওঁলোকে ল’ৰা-ছোৱালীলৈ চেনেহ দিয়ে। এইদৰে বিহুৰ দিনাই হিয়াৰ ভাবৰ আদান-প্রদান হয়। এই মন্তব্য তাৎপর্যপূর্ণ এই বাবেই, ‘বিহু’ শব্দটি সংস্কৃত ‘বিষুব’ শব্দৰ পৰা অহা বুলি কোৱা হয়। তেনেকৈ ‘বহাগ’ শব্দ ‘বৈছাগা’ৰ (বৈছা-বছৰ, গা-জনম) পৰা অহা বুলি ৰাভাই মন্তব্য কৰিছে। বৰদৈচিলা’ও ৰাভাৰ মতে বড়োসকলৰ এগৰাকী গোঁসানী। ‘বাৰ’ মানে বতাহ বা ধুমুহা, ‘দৈ’ মানে পানী বা বৰষুণ, ‘চিখলা’ মানে গাভৰু বা গোঁসানী বা অপেস্বৰী। ‘বাৰদৈচিখলা’ মানে ধুমুহা বৰষুণৰ গোঁসানী। এই বাৰদৈচিলাৰ পৰাই বাৰদৈচিলা জটায়ুৰ জীয়ৰী আৰু গৰুড়ৰ বোৱাৰী বুলি এটি কাহিনী প্রচলিত আছে । (নলিনীধৰ ভট্টাচাৰ্য (সম্পাদক), বিষ্ণুপ্ৰসাদ ৰাভাঃ জীৱন আৰু কৃতি, ১৯৮৫, পৃঃ১১১ ) ৰাভাৰ মতে, এনে অনুসন্ধান ড° সুনীতি কুমাৰ চট্টোপাধ্যায়ৰ দৰে প্ৰসিদ্ধ গৱেষকৰ দ্বাৰা স্বীকৃত হৈছে। বড়ো শব্দ ভুল্লংবুথুৰ পৰা ব্ৰহ্মপুত্র শব্দৰ উৎপত্তিৰ বিষয়ে ৰাভাই প্রকাশ কৰা মত ড° চট্টোপাধ্যায়ে গ্রহণ কৰিছিল।

আর্যসৃষ্ট ৰূপকথাক অতীত অসমৰ ইতিহাস অনুসন্ধানৰ নিৰ্ভৰযোগ্য ভিত্তি হিচাপে ৰাভাই কেতিয়াও গ্রহণ কৰা নাছিল।

( তিনি)

কেৱল জনজাতিসকলৰ সাংস্কৃতিক ঐতিহ্য বিচাৰি ৰাভাই জনজাতি সমস্যাৰ উন্মোচন কৰাৰ প্ৰয়াস কৰা নাছিল। মূল সমস্যা যে অৰ্থনৈতিক , তাৰ প্ৰতি তেওঁৰ দৃষ্টি আছিল সজাগ প্ৰহৰীৰ দৰে। তেওঁ দেখিছিল যে জনজাতিসকলৰ সাংস্কৃতিক ঐতিহ্য অৱহেলিত হোৱাৰ উপৰি , সমাজৰ সম্পত্তিশালী শ্ৰেণীৰ হাতত তেওঁলোকে হেৰুৱাইছে মাটি আৰু বাসস্থানো। জনজাতি ৰাইজৰ ভূমি সমস্যা এটা প্ৰধান সমস্যা হিচাপে দেখা দিছিল। ইয়াৰ লগে-লগে সৃষ্টি হৈছিল অন্ন-বস্ত্ৰৰ সমস্যা। বিপ্লৱী কমিউনিষ্ট দলত অন্তৰ্ভূক্ত হৈ ৰাভাই যেতিয়া গাঁৱে গাঁৱে পৰিভ্ৰমণ কৰিছিল, তেতিয়া জনজাতিসকলৰ এই শোচনীয় অর্থনৈতিক অৱস্থাটাৱে তেওঁৰ চকুত মূর্ত হৈছিল। অজ্ঞাতবাসৰ সময়ছােৱা ৰাভাই মূলতঃ জনজাতীয় অঞ্চলতে কটাইছিল। হয়তো দলৰো তেনেকুৱাই নির্দেশ আছিল। অৱশ্যে জনজাতীয় গাঁৱত কটােৱাটাে ৰাভাৰ বাবে অধিক নিৰাপত্তাজনক আছিল। তেতিয়াৰ কামৰূপ আৰু গোৱালপাৰাৰ বহু অঞ্চল ভ্রমণ কৰি এই প্রবন্ধ লেখকৰ তেনে অনুভৱ হৈছে। কামৰূপৰ বেলতলা, ঔগুৰি, ৰতনপুৰ, বকো, দীঘেলী, চত্রা, মছলপুৰ, গোৱালপাৰাৰ বেংটল, সৰু কুৰুছাকাটি, দোতমা, দুধনৈ, ছটমাটিয়া আদি অঞ্চলৰ মাধৱ ৰাভা, কাতিৰাম ৰাভা, শৰৎ ৰাভা, ৰাজেন পাম, ৰতি স্বৰ্গিয়াৰী, বিপিন দৈমাৰী, প্রকাশ বসুমতাৰী, ভৱেন ওৱাৰী আদি ৰাভাৰ সন্নিধ্য পোৱা অজ্ঞাতবাসৰ সহযোগী (কাতিৰাম ৰাভাক বাদ দি) সৈনিক যোদ্ধাসকলৰ লগত কথা পাতি আমি এই অঞ্চলৰ জনসাধাৰণৰ অৰ্থনৈতিক অনগ্ৰসৰতা সম্পৰ্কে ৰাভাৰ সতর্ক ভূমিকাৰ কাহিনী জানিব পাৰিছিলো। এই অঞ্চলসমূহত গঢ়ি উঠা অর্থনৈতিক আন্দোলনত ৰাভাই ৰাইজৰ এজন হৈ অংশ গ্রহণ কৰিছিল। দুটামান উদাহৰণ দিয়া যাওকঃ
‘১৯৪৫ চনত পলাশবাৰীৰ বঙৰা গাঁৱত আধিয়াৰ আন্দোলন গঢ়ি উঠিছিল। এই আন্দোলনৰ পটভূমি আছিলঃ এই অঞ্চলৰ মাটিৰ মালিকক কৃষকে প্রতিপুৰা মাটিত ৩০ পুৰাকৈ ধান আধি হিচাপে দিব লাগিছিল। বিপ্লৱী কমিউনিষ্ট দলে এনে অন্যায়ৰ প্ৰতিবাদ কৰি কৃষকক সংগঠিত কৰাৰ সিদ্ধান্ত গ্রহণ কৰিলে। দলৰ নেতা গোবিন্দ কলিতা প্রমুখ্যে দলৰ কৰ্মীসকলে আলোচনা কৰি সিদ্ধান্ত গ্রহণ কৰে যে মাটিৰ মালিকক ধন দিয়াৰ পৰিমাণ কমোৱা যাওক – বাম মাটিৰ কাৰণে আঠপুৰা আৰু দ মাটিৰ কাৰণে বাৰ পুৱা। এই সিদ্ধান্তই কৃষকসকলক বিপুলভাৱে আলোড়িত কৰে। দক্ষিণ কামৰূপ আধিয়াৰ আন্দোলনৰ ঘাটি হৈ পৰে । ইয়াৰ পিছত এই আন্দোলন অসমৰ আন আন অঞ্চললৈকো বিয়পি পৰে। গোবিন্দ কলিতাই আমাক কৈছে বঙৰাৰ এই আধিয়াৰ আন্দোলন ভাৰতৰ ভিতৰতে প্রথম আছিল। টেলেঙ্গানা আছিল দ্বিতীয়।’ (নলিনীধৰ ভট্টাচাৰ্য, প্ৰসেনজিৎ চৌধুৰী, পৰমানন্দ মজুমদাৰ, ৰজনীকান্ত শৰ্মা (সম্পাদক), সতীৰ্থৰ দৃষ্টিত বিষ্ণু ৰাভা, ১৯৮৭, পৃঃ ৯)

বঙৰাৰ আধিয়াৰ আন্দোলনৰ জৰিয়তে বিষ্ণু ৰাভা কৃষক আন্দোলনৰ লগত জড়িত হৈ পৰে। কৃষক আন্দোলনৰ মন্ত্ৰণা লৈ ৰাভাই মূলতঃ জনজাতীয় অঞ্চলত সোমাই পৰিছিল। কৃষক আৰু বনুৱা সমাজক প্ৰতিনিধিত্ব কৰিবলৈ বিপ্লৱী কমিউনিষ্ট দল গঠন কৰিছিল। ‘অসম কৃষক বনুৱা পঞ্চায়ত।’ এই সংগঠনৰে তিনিদিনীয়াকৈ মহাসন্মিলন পলাশবাৰীৰ কাষত ভাঙুৰীপাৰাত অনুষ্ঠিত হৈছিল ১৯৪৫ চনৰ জানুৱাৰী মাহত। এই সন্মিলনত ৰাভাই শিল্পী হিচাপে যোগ দিছিল আৰু গাভৰুহঁতৰ সৈতে গাইছিলঃ ব’ল ব’ল ব’ল ব’ল কৃষক শক্তি দল,/ অ’ বনুৱা সমনীয়া আগবাঢ়ি যাওঁ ব’ল।’ সন্মিলনলৈ দুধনৈ ছটমাটিয়াৰ পৰা অহা শ্ৰী শৰৎ ৰাভাক বিষ্ণু ৰাভাই কৈছিলঃ গোৱালপাৰাৰ পৰা এজন ৰাভা ছাত্ৰ অহা বুলি জানি তোমাক মাতিছো। মই স্বাধীনতা সংগ্ৰামত যোগ দিছো, কিন্তু কোনো ৰাজনৈতিক দলত যোগদান দিয়া নাই। এতিয়া দেখিছো দুখীয়া মানুহৰ বাবে আমাৰ দৰে পিছপৰা জনজাতি লোকৰ বাবে এই দলটোৱেই উপযুক্ত হ’ব।…

১৯৪৮ চনত ৰাভা জনজাতি অধ্যুষিত বকো অঞ্চলৰ মাকেলি ৰিজাৰ্ভত হোৱা কৃষক সমাবেশত যোগদান কৰিছিল। বকোৰ সৰবৰহী সমাজসেৱী কাতিৰাম ৰাভাই ৰাভাৰ বিষয়ে লিখা স্মৃতিলেখাত উল্লেখ কৰিছে– এই অঞ্চলত দুখীয়া মাটিহীন খেতিয়কসকলে মাকেলি ৰিজাৰ্ভত খেতি কৰাৰ বাবে মাটি বিচাৰিছিল। চৰকাৰৰ ওচৰত মাটিৰ বাবে ৰাইজে আবেদন কৰিছিল। এই উদ্দেশ্যে ৰিজাৰ্ভত হোৱা কৃষক সমাৱেশত বিষ্ণু ৰাভাই সভাপতিত্ব কৰিছিল। সভাত ৰাভাই কৃষকসকলৰ নিকৰুণ দুৰাৱস্থা বিৱৰি কৈছিল। কৃষকসকলক মাটি দিবলৈ সভাপতিৰ আসনৰ পৰাই ৰাভাই চৰকাৰৰ ওচৰত দাবী কৰিছিল। শেষত চৰকাৰে কৃষকসকলৰ এই জোৰদাৰ দাবী মানি লৈ ৰিজাৰ্ভত মাটি দিবলৈ বাধ্য হৈছিল। (নলিনীধৰ ভট্টাচাৰ্য (সম্পাদক), বিষ্ণুপ্ৰসাদ ৰাভাঃ জীৱন আৰু কৃতি, ১৯৮৫, পৃঃ১৪১ ) এনেকৈ জনজাতি সমাজৰ অৰ্থনৈতিক আন্দোলনত সংযুক্ত হৈ ৰাভাই তেওঁলোকক সাম্যবাদৰ চেতনা দিবলৈ প্ৰয়াস কৰিছিল।

(চাৰি)

ইমানখিনি পঢ়াৰ পিছতো পাঠকৰ মনত হয়তো ধাৰণা হ’ব পাৰে যে ৰাভা সংকীৰ্ণ জাতীয়তাবাদী আছিল। জনজাতি ঐতিহ্যৰ সন্ধান অথবা জনজাতিৰ সমস্যাৰ উৎস বিচৰাৰ আগ্ৰহ প্ৰকাশ কৰাৰ অৰ্থ সংকীৰ্ণ জাতীয়তাবাদ হ’ব নোৱাৰে। তেওঁ কোনো দিনে কোনো জাতীয়তাবাদী দলৰ লগত যুক্ত নাছিল আৰু বিচ্ছিন্নতাবাদক তেওঁ কাহানিও প্ৰশয় দিয়া নাছিল। মৃত্যুৰ আগলৈ তেওঁ কমিউনিষ্ট দলৰে সদস্য আছিল। মাৰ্ক্সীয় চিন্তাৰ পোহৰেতে ৰাভাই অসমৰ জাতিগত সমস্যাৰো সমাধান বিচাৰিছিল। অসমৰ জাতি-উপজাতিৰ অসম বিকাশত সেয়ে ৰাভা ক্ৰুদ্ধ হৈ উঠিছিল আৰু সমূহ জনগোষ্ঠীৰ সমবিকাশৰ গণতান্ত্ৰিক অধিকাৰৰ সপক্ষে তেওঁ থিয় দিছিল। জনগোষ্ঠীসমূহৰ ভাষা-কৃষ্টিক সমমূল্য দিয়াৰ বাবে ৰাভাই আহ্বান জনাইছিল। তেওঁ বুজি উঠিছিল যে সমবিকাশৰ প্ৰশ্নৰ সমাধান নোহোৱাকৈ সম্প্ৰীতিৰ এনাজৰী কেতিয়াও সুদৃঢ় হ’ব নোৱাৰে আৰু ভৱিষ্যতে ‘অসমীয়া এটা বৃহৎ জাতি হিচাপে বাচি থাকিব নোৱাৰে। ‘

বিগত বছৰবোৰত জনজাতিসকলৰ অন্তৰত যি ক্ষোভৰ অগনিয়ে স্থিতি লাভ কৰিলে সি কেতিয়া নুমায়, তাক এতিয়াই ক’ব নোৱাৰি । কেবাটাও জনগোষ্ঠীয়ে নিজৰ ৰাজনৈতিক অধিকাৰ বিচাৰিছে। ইফালে তথাকথিত অসমীয়া জাতীয়তাবাদীসকলৰ অস্তিত্ব ৰক্ষাৰ সমবেত সংগীত এতিয়াও শেষ হোৱা নাই !

( সংলগ্ন ছবি আৰু আলোকচিত্ৰ হিমাংশু আচাৰ্যৰ)

মন্তব্য

  1. পৰমানন্দ মজুমদাৰ

    প্ৰৱন্ধটো সুন্দৰকৈ প্ৰকাশৰ বাবে ধন্যবাদ জনালো।এটাই শুধৰণি দিও:বৃহত্তৰ অসমৰ কল্পনা ৰচনাখন প্ৰকাশ হোৱা আৱাহনৰ পৃষ্ঠা সংখ্যা হ’ব লাগে-1313-1319

Leave a Reply

Your email address will not be published. Required fields are marked *