চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / আমাৰ দোষ কি? ( সুদেষ্ণা প্ৰিয়ম্বদা )

আমাৰ দোষ কি? ( সুদেষ্ণা প্ৰিয়ম্বদা )

বৰ্তমান সমাজত শাৰীৰিক প্ৰতিবন্ধীসকলক বিশেষ ভাৱে সক্ষম, দিব্যাংগ আদি বুলি কোৱা হয়। সকলো পিতৃ-মাতৃয়ে সপোন দেখে এটি সবল সুস্থ সন্তানৰ জন্মদাতা হ’বলৈ। কাৰোবাৰ সপোন ভবাৰ দৰে ফলিয়ায় আৰু তেওঁলোকৰ ঘৰখনত আনন্দৰ বন্যা নামে। আন কাৰোবাৰ ঘৰত নৱজাতকটি কোঁচত লৈ যেতিয়া দেখে ই এটি অক্ষম শিশু, তেতিয়া মাক-দেউতাকে কান্দে আৰু ঘৰখনলৈ অন্ধকাৰ নামি আহে। সন্তানটো যেনেকুৱাই নহওক, প্ৰতিজন পিতৃ-মাতৃৰ বাবে আপোন। সেয়ে বহুজনে অক্ষম শিশুটিক সক্ষম কৰিবলৈ যৎপৰোনাস্তি চেষ্টা কৰে। অক্ষমতা বিভিন্ন ধৰণৰ হ’ব পাৰে, কোনোবাই চকুৰে নেদেখে, কোনোবাই কাণেৰে নুশুনে কথাও স্পষ্টকৈ ক’ব নোৱাৰে, কোনোবাই অকল কাণেৰে নুশুনে, কোনোবাজন আকৌ চেৰিবেল পালচি, কোনোবাজন এক’ণ্ড্ৰপ্লেডিয়া আদি বিভিন্ন ধৰণৰ। কিন্তু এই সকলো শাৰীৰিক প্ৰতিবন্ধী ল’ৰা-ছোৱালীক সমাজৰ কিমানে সঁচা অৰ্থত মৰম কৰে। তেওঁলোকৰ বাবে মাতৃৰ আঁচল খনতকৈ নিৰাপদ ঠাই ক’তো নাই। বহু শিক্ষিত মানুহে প্ৰতিবন্ধীসকলক হেয় জ্ঞান কৰে, মাতবোল কৰিবলৈ বেয়া পায়, আন দহজনৰ লগত চিনাকী কৰাই আগবঢ়াই নিবলৈ বেয়া পায়। আন কিছুমানে আকৌ শাৰীৰিক প্ৰতিবন্ধীসকলক সহজ ভাবে ল’ব নোৱাৰি ঠাট্টা, ইতিকিং কৰি মানসিক ভাৱে দুৰ্বল কৰি তোলে। তাৰ মাজতো এনে কিছু আছে যি সকলে প্ৰতিবন্ধীসকলক সহজ ভাবে লৈ মৰম কৰে, সহায়ৰ হাত আগবঢ়ায়। এই সকল কিন্তু অতি বেছি ধনী বা অতি শিক্ষিত নহয় । সাধাৰণ ভাৱে পঢ়া শুনা কৰা লোক যাৰ মৰমৰ অভাৱ নাই।

মই যদিও একণ্ড্ৰপ্লেডিয়া, মা-দেউতাই মোক সেয়া ভাবিবলৈ নিদি পঢ়াই- শুনাই ডাঙৰ কৰিলে। ককাৰ ঘৰত থকা পৰিয়ালৰ ২০ টি ককাই-ভনী-ভায়ে এদিনলৈও বেয়াকে মোক এষাৰ টান কথা নুশুনালে। কিন্তু সমাজৰ এনে এচাম মানুহ পাইছো, মোৰ কিবা এটা ভাল হোৱা, মনৰ হেঁপাহেৰে লিখা-মেলা কৰা এই কামবোৰ কৰিলে বেয়া পায়৷ অথচ, তেওঁলোক সক্ষম ব্যক্তি, বহুত কিবা কিবি কৰিব পৰাকৈ শক্তি আছে। মই পাব লগা চাকৰিও কাঢ়ি নিছে, চাকৰি দিবৰ বাবে মোৰ পৰাও টকা লৈছে, মোক দেখিলে মাতিলে কিবা যেন ভুল হ’ব। ভাল খবৰ এটাও মোৰ পৰা লুকুৱাই, অথচ কামটো কৰাৰ আগতে মোকে সোধে। মই ভাবি নাপাওঁ মোৰ দোষ ক’ত ? নিজৰ সবল সুস্থ সন্তানটোলৈ গৌৰৱ কৰোঁতে এবাৰ ভাবেনে যদি তেওঁলোকৰ মোৰ দৰে এটি সন্তান হ’লহেঁতেন কি কৰিলে হয় ? যিসকল ব্যক্তিয়ে অক্ষম লোকক বেয়া ব্যৱহাৰ কৰে, হীন মনোভাৱ পোষণ কৰে, তেওঁলোকে যদি এবাৰ নিজক অক্ষমসকলৰ ঠাইত বহুৱাই ভাবিলেহেঁতেন তেনে আজি মনোকষ্ট খাব লগা নহ’লহেঁতেন ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে