চ’ৰাঘৰ / কথাশিল্প / শিল ভঙা মানুহজন ( অনিতা গগৈ )

শিল ভঙা মানুহজন ( অনিতা গগৈ )

শিলভঙা মানুহজন পোহৰৰ প্রহৰী
যি নাজানে আন্ধাৰৰ দৰ
নুবুজে বজাৰৰ ভাও
বুজে মাথোঁ ভোকৰ চলনা
আৰু বুকুত পুহি ৰাখে আজীৱন
সূৰ্যৰ চকুত চকু ৰাখি জীয়াই থকাৰ পণ ।

.
ৰ’দে পোৰা তেওঁৰ লৌহ শৰীৰ
সহস্র যন্ত্রণাতো চিৰ অবিশ্রান্ত
হাতুৰিৰ আঘাতে আঘাতে উফৰি
ফিৰিঙতিৰ আঙুলিৰে
কালান্তৰৰ সময় ফলকত খোদিত কৰি যায়
যুগাগ্রগামী প্রগতিৰ চিৰ শোধিত বীজমন্ত্র।

.
সেই শিলভঙা মানুহজন
যি পাহাৰ কাটি পথ ভাঙি যায় আন্ধাৰৰ
আদিগন্ত প্রসাৰিত পশ্চাদপটত তেওঁ
তেজ গোট মাৰি মাৰি শিল হোৱা
শতিকাৰ পাশাৰ পাশতি ।

.
নিজাকৈ এটা ঘৰৰ সপোন
তেওঁৰ বাবে দুস্বপ্নৰ নামান্তৰ
অথচ যুগৰ বেদীত তেৱেঁই গঢ়ি যায়
সভ্যতাৰ অপ্রমাদী সৌধ ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে