চ’ৰাঘৰ / শিল্প / মহাজীৱনৰ আঁৰৰ কথাঃ শিল্পী নীলপৱন বৰুৱা ( আমিনুল হক )

মহাজীৱনৰ আঁৰৰ কথাঃ শিল্পী নীলপৱন বৰুৱা ( আমিনুল হক )

প্ৰতিজন সৃষ্টিশীল মানুহৰ মাজত এক দুৰ্বাৰ বাসনা থাকে– পৃথিৱীখনক এক সঠিক অন্য ৰূপত চাবলৈ। প্ৰতিজন শিল্পীৰ সৃষ্টিশীল কৰ্মবোৰত থাকে অভিজ্ঞ জীৱনৰ ৰূপৰেখা আৰু উপলব্ধি কৰিব বিচাৰে– এই বৈচিত্ৰ্যময় মানুহৰ অন্তহীন প্ৰেম আৰু যন্ত্ৰণা। তেওঁৰ কোনো উচ্চ অভিলাষ নাছিল, নাছিল প্ৰসিদ্ধ হোৱাৰ অভিপ্ৰায়– তেওঁ ভাল পাইছিল এক সহজ-সৰল জীৱন। পৃথিৱীৰ বিভিন্ন স্থান পৰিভ্ৰমণ কৰি লোকসম্পদবোৰত দৃষ্টিপাত কৰা আৰু সৰু-সুৰা সম্পদ সংগ্ৰহ কৰা। কলা আৰু কবিতাৰ লগত জীৱনক উদযাপন কৰা। তেওঁৰ এই সফল-অসফল শিল্পযাত্ৰাত ৰূপান্তৰিত হৈছিল বিভিন্ন অভিব্যঞ্জনা। শিল্পীজনাৰ চিন্তা-চেতনাত এক গ্ৰামীণ আৰু আদিম ঐতিহ্যৰ ৰূপ বিদ্যমান হৈ থাকিলেও আধুনিক আৰু সমকালীন চিত্ৰকলাৰ ৰূপবিন্যাসৰ শৈলীৰ বাবে কলাপ্ৰেমীসকলক দিব পাৰিছে — এক মায়াজালৰ ৰহস্যঘন জীৱন। তেওঁ ছবি এখন আঁকোতে কোনো নিৰ্দিষ্ট সুপৰিকল্পিত আঁচনি নাথাকে– ৰূপৰ মাজত ৰূপ, বৰ্ণ আৰু ৰেখাই সলাব পাৰে আংগিক ৰূপ আৰু এক নতুন অস্তিত্বৰ সন্ধান দিয়ে। আত্মমগ্ন হৈ নিজৰ ছবিত ৰহস্য সৃষ্টি কৰি অন্য ৰূপৰ বিন্যাস ঘটালে তেওঁৰ ছবি হৈ পৰে অসাধাৰণ। এনে উদাৰবাদী নীতি আৰু চঞ্চল-ৰসাল ব্যক্তিত্বৰ বাবে তেওঁ শিল্পীতকৈও এজন প্ৰিয় শিল্পী হিচাপে জনমানসত এক উচ্চ আসন পাবলৈ সমৰ্থ হৈছে।

শিল্পী নীলপৱন বৰুৱাৰ জীৱনশৈলী এক বিষাদ-গাথা– তেওঁৰ কৰ্ম-শিল্প আৰু জীৱন-নিৰ্বাহৰ কষ্টকৰ সময়বোৰে সকলোকে আলোড়িত কৰে, ভবাই তোলে তেওঁৰ সহিষ্ণু জীৱন-সংগ্ৰামৰ অভিনৱ প্ৰথাই। তেনে ৰোমাঞ্চিত জীৱনৰ কাহিনী ব্যাখ্যা কৰিবলৈ হ’লে এখন উপন্যাসৰ দৰে হ’ব। তেওঁৰ কোনো আক্ষেপ নাই– তেওঁ সংযমী হৈ উদাসীনভাৱে নিজৰ কাম নৈতিকভাৱে আগ বঢ়াই লৈ গৈ আছে।

যোৱা সত্তৰৰ দশকত অসমৰ চিত্ৰকলা জগতত শিল্পকলাই বিস্তাৰ লাভ কৰিছিল- ১৯৪৭ চনত শিল্পী জীৱেশ্বৰ বৰুৱাৰ আশাশুধীয়া প্ৰচেষ্টাত গুৱাহাটী আৰ্ট স্কুলৰ আঁতডাল হেৰাব নিদি শিল্পী শোভা ব্ৰহ্মই শান্তিপুৰত চৰকাৰী আৰ্ট স্কুল স্থাপন কৰি– শিল্পী আশুদেৱ, শিল্পী প্ৰণৱ বৰুৱা, গৌৰী বৰ্মন, পুলক গগৈ, প্ৰসেনজিৎ দুৱৰা, বেণু মিশ্ৰ আদি শিল্পীসকলৰ চিত্ৰদৰ্শনী আৰু আন উমৈহতীয়া অনুষ্ঠানবোৰে চাৰু-কাৰু শিল্পক সমাজৰ মাজত চিনাকি দি সুস্থ বাতাৱৰণৰ সৃষ্টি কৰিছিল আৰু সেই সময়তে শান্তিনিকেতনৰ পৰা আহি শিল্পী নীলপৱন বৰুৱাই অন্য এক ভূমিকা গ্ৰহণ কৰিছিল। জজ ফিল্ডৰ পৰিত্যক্ত সা-সুবিধা নথকা অসম আৰ্হিৰ ঘৰ এটাত অসম চাৰু আৰু কাৰু কলা পৰিষদ কৰিছিল ১৯৭১ চনত। শিল্পী নীলপৱন বৰুৱা আমাৰ বাবে এটা সুন্দৰ নাম। ১৯৭০ চনত পতা একক চিত্ৰ প্ৰদৰ্শনীৰ কথাৰে সংবাদ পত্ৰবোৰে তেওঁক চিনাকী কৰাই দিলে আৰু আমি চিত্ৰকলাৰ নতুন শিক্ষাৰ্থী হিচাপে শিল্পীজনৰ সান্নিধ্য লাভৰ বাবে খোজ কাঢ়িয়েই গৈছিলোঁ বহুদূৰ বাট। প্ৰায় সন্ধিয়া শিল্পী-সাহিত্যিকে ভিৰ কৰিবলৈ ধৰা ৰসাল আড্ডাবোৰে আমাক উৎসাহী কৰিবলৈ ল’লে। তেওঁ শান্তি নিকেতনৰ পৰা আহি কিছু সময়ৰ বাবে অ’ত-ত’ত চাকৰি কৰি সন্তুষ্ট নোহোৱাত শিল্পী বন্ধু আৰু শুভাকাংক্ষীৰ সহযোগত — সিঁচৰিত শিল্পীসকলক লৈ এক যোগসূত্ৰৰ স্থল হিচাপে তৈয়াৰ কৰিছিল অসম চাৰু আৰু কাৰু কলা পৰিষদ। কালক্ৰমত ই এটা মুখ্য কলাকেন্দ্ৰ হিচাপে পৰিগণিত হয় আৰু বিভিন্ন কলা অনুষ্ঠান পাতি সাংস্কৃতিক জগতত এক নতুন মাত্ৰা প্ৰদান কৰিছিল– প্ৰসিদ্ধ শিল্পী আশুদেৱে তাহানিতে উল্লেখ কৰিছিল– ‘এক নীৰৱ বিপ্লৱ’ বুলি।

শিল্পী নীলপৱন বৰুৱা আকৰ্ষণীয় ব্যক্তিত্বৰ অধিকাৰী। সদা হাঁহি এটা লৈ — মুখত আধা ভঙা চিগাৰেটৰ টুকুৰা লৈ ৰসাল কথাৰে সকলোকে আনন্দিত কৰিছিল। শান্তিনিকেতনত থকাৰ উপজীৱ্য কাহিনীবোৰ আওৰাই, ৰবীন্দ্ৰ সংগীতৰ গীত গায়– মাজে মাজে কবিতা পঢ়ি শুনাইছিল। তেওঁ এঠাইত লিখিছে… ‘বহুতে কিবা এটা বিচাৰি ফুৰে মোৰ বুলি ক’বলৈ। ময়ো বিচাৰোঁ। পোৱা নাই। কিবাটো বিচাৰি যি পাওঁ তাকে সামৰি থওঁ নিজৰ বুলি–এইদৰে বিভিন্ন বস্তুৰে মোৰ ঘৰ ভৰি পৰে– মন হ’লে নভৰে। আজিকালি সণ্ঢালনিকৈ ৰূপৰেখাৰে বিভিন্ন নক্সা আকোঁ। তাতো মন নবহিলে অন্য কিবা কৰোঁ। মাজে-মাজে সঁচাই মিছাই কিবা লিখোঁ।’ তেওঁৰ হৃদয়ৰ অনুভৱ এনেধৰণৰ–
‘এয়া এইখিনিতে
চোলাটো খুলি থ’লোঁ
দৰকাৰ হ’লে কোনোবাই
পুৰি পেলাব
নহ’লে
বাকচত ভৰাই পুতি থ’ব।’

জীৱনৰ বাটত গঢ় লোৱা কল্পনা-বাসনা আৰু শিল্প সৃষ্টিৰ অন্তৰালত হোৱা উত্থান-পতন তেওঁ হাঁহিমুখে আদৰি লৈছিল। কিবা এটা কৰাৰ বাসনাত তেওঁ মাজে মাজে অস্থিৰ হৈ পৰিছিল। তেওঁৰ সংঘাত আছিল, কিন্তু সংশয় নাছিল। চিত্ৰশিল্পক এক চমকপ্ৰদ ৰূপ দিবলৈ তেওঁ কেতিয়াবা ঘোষণা কৰিছিল__ জজ ফিল্ডত প্ৰায় দুশ ফুট চতুষ্কোণী আকাৰৰ বিশাল পটত বৃন্দাবনী বস্ত্ৰৰ নক্সা অঁকা নতুন ২০০০ বৰ্ষ উপলক্ষে দুহেজাৰখন ছবি আঁকি প্ৰদৰ্শিত কৰা ইত্যাদি, কিন্তু পৃষ্ঠপোষকতা নহ’লে ই সম্ভৱ নহয়__ অলীক কল্পনাবোৰ বাস্তৱায়িত কৰিব নোৱাৰি_ তেওঁ পাছত উপলব্ধি কৰিছিল।

এইজনা পুৰোধা ব্যক্তিৰ আপোন ঘৰ টীয়কত। জন্ম হৈছিল ১৯৩৬ চনৰ ১ জুন তাৰিখে __ তামুলীছিঙা গাঁৱত। তেওঁৰ পিতৃ স্বনামধন্য ‘বকুল বন’ৰ কবি বিনন্দ চন্দ্ৰ বৰুৱা আৰু মাতৃৰ নাম আছিল লাৱণ্যপ্ৰভা বৰুৱা। এক মুক্ত প্ৰকৃতিৰ সুন্দৰ নৈসৰ্গিক দৃশ্যবোৰৰ স্মৃতি ৰোমন্থন কৰি আৱেগিক হৈ পৰে। টীয়ক নদীৰ ওপৰৰ তামোল গছৰ সাঁকোৰে লগৰীয়াসকলক লৈ ধাননিৰ মাজে মাজে , এঙাৰেৰে আঁক-বাঁক পৰা নীলপৱন বৰুৱা এজন নিৰ্জু স্বভাৱৰ ল’ৰা। বিভিন্ন ঠাই চোৱাৰ বাবে তেওঁৰ আগ্ৰহ বেছি– কিবা এটা আকৰ্ষণীয় বস্তু দেখিলে সংগ্ৰহ কৰি ৰাখিছিল। নীলপৱন বৰুৱাই তেওঁৰ কবিতাত লিখিছে,
‘মোৰ ছবিৰ চৰাইবোৰে
কাহানিও উৰা দেখা নাই
ছল পালেই
মনৰ চৰাইজনীয়ে
যেনি-তেনি উৰি গুচি যায়।’

তেওঁ শান্তি নিকেতনত চিত্ৰকলা অধ্যয়ন কৰাটো এক সংযোগ। কলকাতালৈ কেইবাবাৰো গৈছিল। কবি বিনন্দ চন্দ্ৰ বৰুৱাই কলকাতাত শিক্ষা গ্ৰহণ কৰিছিল, সেয়ে কলকাতা তেওঁৰ পৰিচিত। ১৯৬১ চনত কলকাতাৰ শান্তিনিকেতনত কৃষি অৰ্থনীতি পঢ়িবলৈ যায়। তাত বিখ্যাত শিল্পী মাধৱ বৈশ্য, শিল্পী মদন লহকৰ, বীৰেন্দ্ৰ নাথ দত্ত প্ৰমুখ্যে কেইবাজনো অসমৰ শিক্ষাৰ্থীক লগ পাইছিল আৰু শান্তিনিকেতনৰ চিত্ৰ-ভাস্কৰ্যৰ প্ৰতি অতি আগ্ৰহী হৈ বিহিত ব্যৱস্থাৰে কলা ভৱনত নামভৰ্তি কৰে। শিল্পী-ভাস্কৰ ৰামকিংকৰ বেইজৰ লগত ভাৰতৰ অগ্ৰণী শিল্পীসকলৰ সান্নিধ্যত সুন্দৰৰ সাধনাত ব্ৰতী হয়। চিত্ৰশিল্পৰ ছাত্ৰ হিচাপে শান্তিনিকেতনৰ আশে-পাশে থকা চাওতাল গাঁওবোৰ, বাঁকুৰাৰ মৃৎশিল্পবোৰে, বাউল গীতৰ আধ্যাত্মিক দিশবোৰে তেওঁক মোহাচ্ছন্ন কৰি ৰাখিছিল। সেইবোৰ দৃশ্যই আৰু অনুভৱে তেওঁৰ শিল্প জীৱনত আনি দিছিল এক নতুন ছন্দ। তেওঁ শান্তিনিকেতনৰ চিত্ৰশিক্ষাৰ উপাধি লাভ কৰিও আৰু দুবছৰমান ‘গ্লেজ পটাৰী’ৰ (Glaged Pottery ) পাঠ্যক্ৰমত ভৰ্তি হৈছিল ওচৰৰে শ্ৰীনিকেতনত। তেওঁ বুজি উঠিছিল মাটি– সৃষ্টি পথাৰৰ আচল ৰং, জীৱনৰ সত্তা। তেওঁৰ সেই অনুভৱ এইদৰে প্ৰকাশ কৰিছে..

আকাশ মন মোৰ
মাটি মোৰ প্ৰেম
স্ৰোতস্ৰিনী পৱিত্ৰতা
মাজেদি বয়, জীৱনৰ ঢল
এটি মই হৰিদ্ৰাৰ ফুল
আকাশ পানী আৰু
মাটিৰ মুকুল।

সংগ্ৰামী শিল্পী জীৱনৰ স্মৃতিচাৰণত এই সময়ছোৱাক লতাকটা ৰণেৰে পাৰ হৈ অহা বুলি কৈছিল। এবাৰ সেই মৃৎশিল্পৰ প্ৰতিষ্ঠান শ্ৰীনিকেতনৰ মৃৎশিল্পীৰ বিভাগলৈ আহি শিল্পী ৰামকিংকৰ বেইজে নীলপৱন বৰুৱাৰ পোৰামাটিৰ ভাস্কৰ্য এটালৈ আঙুলিয়াই কৈছিল– ‘এই কাজটা কাৰ? ছেলে পাগল আছে।’ তাৰ পাছত যুৱক নীলপৱন বৰুৱাক কাণে কাণে উৎসাহজনক মন্তব্য দিলে। শান্তিনিকেতনৰ পৰা অহাৰ পাছত চিত্ৰশিল্পৰ লগত মৃৎশিল্পৰ মূৰ্ত আৰু বিমূৰ্তকৰণৰ সাধনাত ব্যস্ত হৈ পৰিছিল। ইচ্ছা থকা স্বতেও প্ৰয়োজনীয় পুঁজি যোগাৰ কৰিব নোৱৰাত মৃৎশিল্পৰ কৰ্মশালা এখন পাতিব নোৱাৰিলে। ৰং-ৰেখাৰ দ্বিমাত্ৰিক দৃশ্যকলাৰ প্ৰতি নিমগ্ন হৈ চিত্ৰ শিল্প-নক্সা কৰ্মৰ ওপৰত অহৰহ কাম কৰি আছে।

গুৱাহাটীলৈ আহি আৰম্ভণিতে চৰকাৰী আৰ্ট স্কুলত শিক্ষকতাৰ চাকৰিৰ সামান্য উপাৰ্জনেৰে ৰং আৰু কেনভাছ কিনাটো দুৰূহ হৈ পৰিছিল, তথাপি ৰঙীন চিঞাহীৰে কাকতত ৰূপ-ৰেখাৰে ছবি আঁকিবলৈ ল’লে। কেতিয়াবা জুইশলা বাঁহৰ ওপৰত, চাৰমিনাৰ চিগাৰেটত পেকেটৰ ওপৰত অসংখ্য ছবি আৰু নক্সা আঁকিছিল– এতিয়াও আঁকে। ১৯৭০ চনত তেওঁ ৫২ খন ড্ৰয়িঙৰ গুৱাহাটীৰ নবীন চন্দ্ৰ বৰদলৈ ভৱনত তেওঁৰ প্ৰথম একক চিত্ৰ প্ৰদৰ্শনী পাতে। তাৰ পাছত ১৯৭৩ চনলৈ প্ৰতিবছৰে একোখনকৈ চিত্ৰ প্ৰদৰ্শনী পাতি সেই সময়ত কলা-ৰসিকসকলক আকৰ্ষিত কৰিছিল, কিন্তু বিজ্ঞ আৰু কলা সমালোচকক প্ৰতিশ্ৰুতি পূৰ্ণতাৰ আভাস দিব নোৱাৰিলে। আমাৰ দৰে সাধাৰণ দৰ্শকক উপলব্ধ কৰাইছিল– তেওঁৰ ৰঙৰ চমৎকাৰিত্ব, ছবিৰ ৰূপ ভঙাৰ ৰেখাৰ সবল আৰু দুৰ্বল সাৱলিলতা– বিশেষকৈ শংকৰী কলা-কৃষ্টিৰ আধাৰত, বৈষ্ণৱ যুগৰ আখ্যান, বিভিন্ন লোককলাৰ উপাদানৰ ওপৰত আধুনিক পৰিনিৰ্মাণেৰে গুৰুত্বপূৰ্ণ কৰি তুলিছিল। এই কথা স্বীকাৰ্য যে বেংগল কুলৰ বিদ্যায়তনিক শিক্ষাৰ আৰু আধুনিক ভাৰতীয় চিত্ৰশিল্পৰ শৈলীৰে আৰু ৰামকিংকৰ বেইজ আদিৰ দৰে গুণী শিল্পীৰ সান্নিধ্যই তেওঁৰ অংকনশৈলীত যথেষ্ট প্ৰভাৱ পেলাইছে আৰু নিৰৱিছিন্নভাৱে অন্তঃপ্ৰজ্ঞাৰ স্বতঃস্ফূৰ্ত প্ৰকাশ কৰি আহিছে। তাৰ মূল্যাংকন যিয়ে যি নকওঁক — সৃষ্টিয়েই শিল্পীৰ পৰিচয়।

কবি-সমালোচক নীলমণি ফুকনদেৱে তেওঁৰ চিত্ৰৰ প্ৰসংগত কৈছিল– ‘বৰুৱাৰ প্ৰদৰ্শিত ছবিবোৰ সৰহভাগেই অৱয়বধৰ্মী (ফিগাৰেটিভ) অদ্ভুত চৰাই, কুকুৰ, ষাঁড়, নিসৰ্গিক দৃশ্য আদি বিষয়বস্তুৰো ছবি আছে কেইখনমান। কৰ্মৰ প্ৰতি তেওঁৰ আগ্ৰহ বেছি। অধিকাংশ ড্ৰয়িঙেই সৰল আৰু বাস্তৱধৰ্মী, অধিকাংশৰে অংকন দুৰ্বল আৰু ক্ৰুটিবহুল। কোনোখন ছবিৰ টান সাৱলীল, পৰিমিত, বলিষ্ঠ আৰু ছন্দোময়। সেইদৰে কোনোখন ছবিৰ গতিময়তা চমকপ্ৰদ, কম্প’জিশ্যন আকৰ্ষণীয়… তুলি চালনাৰ দক্ষতাত দীৰ্ঘদিনজোৰা সাধনাসাপেক্ষ বৰুৱাৰ সৰহভাগ ছবিয়েই দৃশ্যবস্তুৰ আঁতৰত থাকি স্মৃতিৰ আধাৰত অঁকা…।’
অসমত সেই সময়ত চিত্ৰকৰ্মৰ বিক্ৰী তথা ধন উপাৰ্জনৰ কোনো ব্যৱস্থাই নাছিল– কোনোবা মৃত ব্যক্তিৰ তৈলৰঙৰ প্ৰতিকৃতি অংকন কৰি, বেটুপাত আঁকি দুই-এপইচা আৰ্জন কৰিছিল। বছৰত ক’ৰবাত অসম চৰকাৰ নতুবা ভাৰত চৰকাৰ অধীনত অনুষ্ঠিত হৈছিল ‘উদ্যোগ মেলা’, ‘বাণিজ্য মেলা’ আদি। তাতেই বিভিন্ন বিভাগত শিল্পীসকলে বিভিন্ন কামত নিয়োজিত হৈ কিছু অৰ্থ সংগ্ৰহ কৰিছিল। তেনেকুৱা অনুষ্ঠান হ’লে শিল্পীসকলৰ ব্যস্ততা বাঢ়ি যায়। প্ৰায়ভাগ শিল্পীয়েই বহিঃৰাজ্যৰ। ১৯৬৯-৭০ চনমানত সৰ্বভাৰতীয় বাণিজ্য মেলা হৈছিল জজ খেলপথাৰত। কোনোবা এটা ব্যৱসায় গোষ্ঠীয়ে তেওঁলোকৰ উৎপাদিত সামগ্ৰীখিনি প্ৰদৰ্শনৰ বাবে অসম আৰ্হিৰ টিনৰ ঘৰ এটা সাজি উলিয়াইছিল অস্থায়ীভাৱে। মেলা শেষ হৈ যোৱাত সকলো প্ৰতিষ্ঠানে ঘৰবোৰ ভাঙি লৈ গ’ল। কেৱল ৰৈ গ’ল তেতিয়াৰ অসম ফাইন আৰ্ট এণ্ড ছ’চাইটিয়ে স্থাপন কৰা সেই ঘৰটো। শুনা মতে গুৱাহাটী টাউন ক্লাৱৰ অধীনত লৈ ঘৰটো পেলাই থৈছিল– ফুটবল খেলা খেলুৱৈৰ বাবে। যা নহওক, একো সুবিধা নথকা এই পৰিত্যক্ত ঘৰটো ভাৰা লৈছিল অতি কম মূল্যত। উদ্দেশ্য আছিল এক উমৈহতীয়া শিল্পী আৰু শিল্পৰ অনুষ্ঠান তৈয়াৰ কৰা।

নীলপৱন বৰুৱাই শান্তিনিকেতনৰ পৰা আহি প্ৰথম অৱস্থাত ভৰলুমুখত ভাৰাঘৰত থিতাপি লৈ কৰ্ম আৰু সৃষ্টিৰ সন্ধানত বহু কষ্ট কৰিছিল– এনে সময়তে লগ পাইছিল তেওঁৰ সতীৰ্থ বন্ধুবৰ্গক। কেইমাহমান পাছত বিশিষ্ট বুদ্ধিজীৱী-সমাজকৰ্মী-লেখক শিৱপ্ৰসাদ বৰুৱাৰ তাত থাকিবলৈ ল’লে। এদিন কেইবাজনো বন্ধু শিল্পীক লগত লৈ অসম প্ৰকাশন পৰিষদ কাৰ্যালয়ত উপস্থিত হয় আৰু তেতিয়াৰ সচিব চন্দ্ৰপ্ৰসাদ শইকীয়াক শিল্প পৰিষদ গঠনৰ কথা ব্যক্ত কৰিছিল। লগত আছিল ৰাজেন হাজৰিকা, সোণাৰাম নাথ, বিজয় বড়ো আদি চিত্ৰশিল্পীসকল। তাৰ পাছত চেনিকুঠি নিম্ন বুনিয়াদী বিদ্যালয়ত শিশুক চিত্ৰকলা শিক্ষাদান আৰম্ভ কৰে আৰু সেই শিশু কলা অনুষ্ঠানটো জজ ফিল্ড ভাৰাঘৰটোত পাঠদানৰ শুভ আৰম্ভ কৰে। নীলপৱন বৰুৱা ঘৰটোৰ প্ৰধান আকৰ্ষণৰ বিন্দু হৈ পৰিছিল- ঠাইডোখৰ আড্ডাৰ স্থলী।

ক্ৰমাৎ এই ফাইন আৰ্ট এণ্ড ক্ৰাফট ছ’চাইটি অসমৰ গুণী-জ্ঞানীসকলৰ মিলনস্থলী আৰু বৌদ্ধিক চিন্তা-চৰ্চাৰ কেন্দ্ৰ হৈ পৰিছিল। উত্তৰ-পূৰ্বাঞ্চলৰ চিত্ৰ-ভাস্কৰ্যৰ নবীন শিল্পীসকলে ভাৰতৰ বিভিন্ন শিল্প প্ৰতিষ্ঠানৰ পৰা উত্তীৰ্ণ হৈ এই ছ’চাইটিতে পদাৰ্পণ কৰিছিল। লেমৰ পোহৰত, মমৰ পোহৰত অন্তৰংগ আলাপৰ লগত সংগীতময় সন্ধিয়াবোৰ জমি উঠিছিল। সেই সময়ত জজ ফিল্ডৰ মাজেদি বাট চমু কৰা পথিকবোৰে এক কৌতূহলী দৃষ্টিৰে সদায়ে চাই-চাই গৈছিল আৰু শুনিছিল ঘৰটোৰ পৰা ভাঁহি অহা গুঞ্জন। ছ’চাইটিৰ ঘৰটোৰ নাতিদূৰৈত আছিল এখন চাহ মিঠাইৰ দোকান–প্ৰায়ে বাকীকৈ অনা চাহ আৰু বিস্কুটেৰে আপ্যায়ন কৰা হৈছিল অতিথিসকলক। আৰ্থিক অনাটন, দুঃচিন্তাৰ মাজতো সকলো শুভাকাংক্ষীৰ সহযোগত বিভিন্ন অনুষ্ঠান, আলোচনা, চিত্ৰ প্ৰদৰ্শনী পাতি পৰিতৃপ্তি লাভ কৰিছিল। শিল্পী সোণাৰাম নাথ আৰু ৰাজেশ্বৰ শৰ্মাই ঘৰটোৰ তত্ত্বাৱধান লৈছিল আৰু ভয়ে ভয়ে নিশাবোৰ কটাইছিল– নিশা নিৰ্জন হৈ পৰা ঘৰটোত। এই ছ’চাইটিৰ প্ৰতিষ্ঠাপক সভাপতি আছিল সু-সাহিত্যিক জ্ঞানপীঠ বিজয়ী বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্য আৰু তাৰ পৰৱৰ্তী কালত সভাৰ আসন শুৱনি কৰিছিল কবি, চিত্ৰ সমালোচক নীলমণি ফুকনদেৱে। ৰাজেন হাজৰিকা, ধ্ৰুৱ ডেকা, ভূপেন্দ্ৰ নাৰায়ণ ভট্টাচাৰ্য, ননী বৰপূজাৰী আৰু মই প্ৰায়ে আবেলি ঢাপলি মেলিছিলোঁ ঘৰটোৰ চুম্বকীয় আকৰ্ষণত। সেই স্থানতে আমাৰ সৌভাগ্য ঘটিছিল বিশিষ্ট শিল্পীসকলক লগ পোৱাৰ আৰু সান্নিধ্য লাভ কৰিছিলোঁ কবি হীৰেন ভট্টাচাৰ্য, কেশৱ মহন্ত, যুগল দাস, মেদিনী চৌধুৰী আদি বিজ্ঞ ব্যক্তিৰ। কেতিয়াবা সুদূৰ বংগৰ পৰা শিল্পীৰ বাউল গীতৰ সন্ধ্যা, ভাৰতৰ খ্যাতিমন্ত ভাস্কৰ বলবীৰ সিংহৰ ভাস্কৰ্য নিৰ্মাণ আৰু কৰ্মশালা, মুখা শিল্পৰ আৰু পোৰামাটিৰ অনুষ্ঠানবোৰত উপস্থিত থাকিবলৈ পাই সন্তোষ লাভ কৰিছিলোঁ আৰু শিল্প কলা আন্দোলনে এক গতি লাভ কৰিছিল। নৱ প্ৰতিভাসম্পন্ন শিল্পীসকলে নীলপৱন বৰুৱাৰ ছাঁত বিকশিত হ’বলৈ ধৰিছিল।

সত্তৰ দশকৰ পিছৰফালে অসমৰ বিদেশী আন্দোলনে অসম জোকাৰি গৈছিল। সদৌ অসম ছাত্ৰ সন্থাৰ নেতৃবৃন্দই অসম গণ পৰিষদ গঠন কৰিলে আৰু সাংস্কৃতিক জগতত এক ছন্দ পতন আৰম্ভ হ’ল। গুৱাহাটী আৰ্টিষ্ট গীল্ডৰ লগতে অন্যান্য শিল্প অনুষ্ঠানবোৰ স্কুল-কলেজসমূহ বন্ধ হোৱাৰ পৰিপ্ৰেক্ষিতত গা কৰি উঠিলেও সামাজিক দায়বদ্ধতাৰ প্ৰতি সচেতন হৈ নিজ নিজ কামত ব্ৰতী হৈ থাকিল। সেই সময়ত আৰ্থিক নৈৰাজ্যই ছানি ধৰিছিল। মনত আছে, শিল্পী নীলপৱন বৰুৱাই অসম ৰাজ্যিক সংগ্ৰহালয় প্ৰাংগণত সৰু চাংঘৰত ফাষ্টফুড আৰু চাহৰ দোকান দিছিল জীৱন নিৰ্বাহৰ বাবে– নীল দাৰ গুণমুগ্ধসকলে, আন্দোলনৰ ছাত্ৰ নেতাসকলে ভিৰ কৰিবলৈ ধৰিলে– চিত্ৰশিল্পী এজনে এনে ব্যৱসায় কৰাটো এক দুখৰ কথা আছিল। ব্যৱসায়ত লোকচান ভৰিব লগাত পৰিছিল। কেইমাহমান পাছত সেইখন বন্ধ হৈ গ’ল। এইবোৰ নীলপৱন বৰুৱাৰ খেয়ালি মনৰ সৃষ্টি।

এই সময়ছোৱাত এটা খবৰে তেওঁৰ গুণমুগ্ধসকলক বিস্ময়াভিভূত কৰি তুলিছিল। সেইটো হ’ল মণিকাঞ্চনৰ সংযোগ– এসময়ত অসমৰ সংগীত জগতত ৰজনজনাই থকা সুকণ্ঠী গায়িকা দীপালী বৰঠাকুৰৰ কণ্ঠ ৰুদ্ধ হৈছিল– বিশেষ এটা ৰোগত ৰোগাক্ৰান্ত হৈ। সেয়া আছিল আমাৰ বাবে দুঃসংবাদ আৰু সুসংবাদ এয়ে যে শিল্পী নীলপৱন বৰুৱাই তেওঁক বিবাহ কৰিবলৈ মন মেলিছিল– এই প্ৰসংগত নীলদাক সোধাত কৈছিল– ‘সেয়াও এক সংযোগ। এজন দীপালী বাইদেউৰ অনুৰাগী হিচাপে প্ৰথম লগ পাইছিলোঁ শান্তিনিকেতনত পঢ়া কালছোৱাত। মই কাহানিও বিয়া-বাৰুৰ কথা ভবাই নাছিলোঁ।’ বহুদিনৰ পাছত এবাৰ শান্তিপুৰলৈ গৈছিল সাংবাদিক অৰ্কেন্দু বৰুৱাৰ সৈতে আৰু তেৱেঁই লৈ গৈছিল দীপালী বৰঠাকুৰৰ আত্মীয়ৰ ঘৰলৈ, য’ত দীপালী ৰোগাক্ৰান্ত হৈ পৰি আছিল। অৰ্কেন্দু বৰুৱাই ক’লে; ‘নীল, তয়েচোন দীপালীক বিয়া কৰাব পাৰ’ আৰু ময়ো ভাবি-চিন্তি সন্মতি প্ৰদান কৰিলোঁ। পাছত দুয়োফালৰ গৃহস্থৰ সন্মতিত আমাৰ বিবাহ হৈছিল। বিবাহৰ পাছত পূব শৰণীয়াৰ এটা ভাৰাঘৰত যুগ্ম জীৱন আৰম্ভ হৈছিল। দীপালী বাইদেৱে নীলদাক পাগল বুলিয়ে কৈছিল__ তেওঁৰ শাৰিৰীক অৱস্থাৰ কথা জানিও বিবাহৰ প্ৰস্তাৱ দিয়াৰ বাবে। চিত্ৰ আৰু সংগীতৰ এই দুই মহান ব্যক্তিৰ মহৎ কাৰ্যই অসমবাসীৰ পৰা পাইছিল সম্ভাষণ আৰু আশীৰ্বাদ। বিবাহৰ প্ৰাক মুহূৰ্তত শিল্পী নীলপৱন বৰুৱাৰ হাতত পা-পইচা নাছিল। সৌভাগ্যক্ৰমে জামছেদপুৰত অনুষ্ঠিত হোৱা বাণিজ্য মেলালৈ গৈ দেহে-কেহে কাম কৰিছিল। যা নহওক, শিল্পী নীলপৱন বৰুৱাৰ জীৱনৰ ক্ষেত্ৰত তেওঁৰ ভাতৃ অধ্যাপক সুনীল পৱন বৰুৱাই ভেনগখৰ ভাতৃ থি’অৰ দৰে কাৰ্য পালন কৰি আহিছে।

বৰ্তমান গুৱাহাটীস্থিত বেলতলাৰ সৌৰভ নগৰত আশ্ৰম সদৃশ পৰিৱেশত ঘৰ সাজি নিগাজিকৈ থাকিবলৈ ল’লে আৰু তাতেই বসুন্ধৰা কলা নিকেতন পাতি শিশুসকলক শিল্প শিক্ষা দান কৰি আছে। নীল দাই সংসাৰৰ গুৰুদায়িত্ব পালন কৰিও নিজা শিল্পকৰ্মত আত্মনিয়োগ কৰি আঁকি গৈছে এখনৰ পাছত এখন ছবি আৰু চিগাৰেটৰ বকলাত নক্সা। শিল্পীজনৰ ঘটনা বহুল ৰোমাঞ্চকৰ যাত্ৰাত তেওঁ শুভাকাংক্ষীৰ পাইছে প্ৰশংসা আৰু সন্মান। কবি নীলমণি ফুকন ছাৰে কৈছিল– ‘বৰুৱা এজন প্ৰাণচঞ্চল, তীব্ৰভাবে সংবেদনশীল মানুহ আৰু শিল্পী। বৰ্ণময় এজন মোহনীয় ব্যক্তিত্ব। ‘ যোৱা চাৰি-পাঁচ দশক ধৰি শিল্পীজনে এক সাৰগ্ৰহী ভাষাৰ ৰূপ নিৰ্মাণত অহৰহ নিমগ্ন হৈ আছে। তেওঁৰ ছবিবোৰ ভালকৈ নিৰীক্ষণ কৰিলে বহু বিশ্ববিশ্ৰুত শিল্পীৰ কথা মনত পৰি যায়– যেনে পিকাছোৰ কিউবিজমৰ ধাৰা, ভেনগখৰ দৰে ইম্পালচিভ বৰ্ণ প্ৰয়োগ, চালভাদো দালিৰ অতিবাস্তৱবাদ চিন্তা, ৰামকিংকৰ বেইজৰ দৰে সবল টানৰ ৰেখা ইত্যাদি আৰু তাৰ মাজতেই নান্দনিক, সামাজিক-সাংস্কৃতিক, অধিভৌতিক, মনস্তাত্ত্বিক প্ৰসংগবোৰে শিল্প ৰসিকসকলক আন্দোলিত কৰি তোলে। এই ক্ষেত্ৰত নীলপৱন বৰুৱাই চিত্ৰ চিন্তাৰ কথা ব্যক্ত কৰিছে এইদৰে–
‘শব্দৰ অতীত শব্দ
ৰূপৰ অতীত ৰূপ
প্ৰাণৰ অতীত প্ৰাণ
আত্মাৰ অতীত আত্মা
মোক স্পৰ্শ কৰা
মোক স্পৰ্শ কৰা’

তেওঁৰ শিল্প জীৱনৰ কালছোৱাত ভাৰতৰ বিভিন্ন স্থানত কলা প্ৰদৰ্শন পাতি, ললিত কলাৰ উদ্যোগত পতা বিভিন্ন কৰ্মশালাত যোগদান কৰি কলা ৰসিকসকলক আকৰ্ষিত কৰিছিল। তেওঁ ললিত কলা একাদেমিত অসমৰ হৈ প্ৰতিনিধিত্ব কৰিছিল। ১৯৯৭ চনত ৰটাৰী ডিষ্ট্ৰিক বঁটা আৰু ২০০৫ চনত প্ৰণৱ বৰুৱা শিল্পী বঁটা, ২০০৯ চনত তৰুণ দুৱৰা সোঁৱৰণী অইল ইণ্ডিয়া বঁটা, ২০০৫ ত বিষ্ণুপ্ৰসাদ ৰাভা বঁটা লাভ কৰিছিল। তেওঁ কেইবাখনো কিতাপ ৰচনা কৰি গৈছে।

বৰ্তমান নীলপৱন বৰুৱাই আশী বছৰ বয়সত ভৰি দিছে আৰু এই বয়সতো তেওঁৰ কৰ্ম্যোদম শলাগিবলগীয়া। নিজৰ কৰ্মতকৈও কণ্ঠশিল্পী অসুস্থ পত্নীৰ প্ৰতি শ্ৰদ্ধাশীল নীলপৱন বৰুৱা প্ৰকৃতাৰ্থত প্ৰতিভা, গুণ আৰু ত্যাগৰ এক বিৰল প্ৰতীক। তেওঁৰ অৱদানো অনন্য।

2 মন্তব্য

  1. ভাল লাগিল, আমিনুল দালৈ কৃতজ্ঞতা জনালো।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে