চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অস্তিত্বৰ অৱক্ষয় (জিন্টু মেচ)

অস্তিত্বৰ অৱক্ষয় (জিন্টু মেচ)

ক্ৰমাগতভাৱে ধ্বংসৰ মুখলৈ গতি কৰা বিপদাপন্ন আমসীয়া জাতিৰ অস্তিত্ব কিদৰে সুৰক্ষিত হ’ব, সেই লৈ আজি জাতি আৰু মাটিৰ প্ৰতি অনুৰাগ থকা অসমৰ প্ৰতিজন ব্যক্তি উদ্বিগ্ন হৈ পৰিছে। মূলতঃ প্ৰবজন আৰু ভাৰত ৰাষ্ট্ৰৰ শোষণ-বঞ্চনাৰ ফলত সৃষ্টি হােৱা অস্তিত্ব সংকটৰ এই সমস্যাটাে প্রাক-স্বাধীনতা কালতে আৰম্ভ হৈছিল যদিও ই ভয়াৱহ হৈ পৰে স্বাধীনতাৰ পৰৱৰ্তী পর্যায়ত। স্বাধীনতাৰ পাছত অসমত বাঢ়ি অহা জ্বলন্ত সমস্যাসমূহ সমাধান কৰাত চৰকাৰসমূহৰ উদাসীনতা, অর্থনৈতিক শোষণ-বঞ্চনা, থলুৱাক ৰাজনৈতিক আৰু আর্থ-সামাজিক নিৰাপত্তা প্ৰদানত ব্যর্থতা, বহিৰাগত প্ৰব্ৰজনৰ পৰা ৰাজ্যখনক সুৰক্ষা দিয়াত হেমাহি আৰু এই প্ৰব্ৰজনকাৰীক লৈ ৰাজনৈতিক মুনাফা আদায় কৰা আদি কার্যসমূহে অসমীয়াৰ অস্তিত্ব সংকটৰ সমস্যাটােৰ জটিলতা বৃদ্ধি কৰি আহিছে। কেন্দ্ৰ আৰু ৰাজ্য শাসনৰ গাদী দখল কৰি অহা ৰাজনৈতিক দলসমূহে শোষণ-বঞ্চনা, সাম্প্রদায়িক তথা বর্ণবাদৰ আধাৰত গ্রহণ কৰি অহা ৰাজনৈতিক নীতি আৰু স্থিতিসমূহৰ বাবে সুন্দৰ-সবল বৃহৎ অসমীয়া জাতিৰ বা খিলঞ্জীয়াৰ ৰাজনৈতিক, অর্থনৈতিক আৰু সামাজিক অস্তিত্বৰ অৱক্ষয় হৈ এদিন অৱশিষ্টহে মাথোঁ ৰ’বগৈ৷ সেই কথা যেন আজি ধ্ৰুৱসত্য। ইতিমধ্যে খিলঞ্জীয়াৰ অস্তিত্বৰ ৰক্ষাৰ বাবে ছবছৰ জোৰা দীঘলীয়া অসম আন্দোলন হ’ল। অবৈধ প্ৰব্ৰজন আৰু ধাৰাবাহিকভাৱে কেন্দ্ৰই কৰি অহা শোষণ-বঞ্চনাৰ বিৰুদ্ধে আকাশ-পাতাল এক কৰা এই অসম আন্দোলনত অস্তিত্ব হেৰুওৱাৰ ভয়ত ত্ৰস্তমান অসমীয়াই সর্বস্ব উজাৰি জঁপিয়াই পৰিছিল। খিলঞ্জীয়াৰ অজস্র ত্যাগ আৰু আত্মবলিদানৰ বিনিময়ত অসম আন্দোলনে এদিন সফলতা লাভ কৰিছিল৷ সেই সফলতা আছিল আন্দোলনৰ নেতাসকলৰ ৰাজনৈতিক ক্ষমতা দখল। কিন্তু আন্দোলনকাৰীসকলে শাসনৰ গাদী দখল কৰি অজস্র ক্ষমতা লাভ কৰাৰ পাছতো অসমীয়াৰ অস্তিত্ব সংকটৰ সমস্যাটাে সমাধান কৰিব নোৱাৰিলে, বৰং ই অধিক জটিলতা ফালেহে ঠেলি দিলে। আনহাতে অসম চুক্তিৰ আজি একত্রিশ বছৰ হৈ যোৱাৰ পাছতো খিলঞ্জীয়াৰ অস্তিত্বৰ প্রতি ভাবুকি অনা মূল সমস্যাসমূহ সমাধান নহ’ল। চুক্তিত থকা এটা দফাও কেন্দ্রীয় চৰকাৰে আজিও ভালদৰে ৰূপায়ণ কৰা নাই। অসম চুক্তি আজি যেন অসম আন্দােলনৰ বিফলতাৰ দলিলতহে পৰিণত হ’ল। এনে এক জটিল সন্ধিক্ষণত অস্তিত্বৰ প্ৰতি ভাবুকি অনা প্ৰতিটাে সমস্যা আৰু ইয়াৰ অন্তৰালত থকা বিষয়সমূহ ভালদৰে বিচাৰ বিশ্লেষণ কৰি সংকট মোচনৰ প্ৰকৃত পথৰ সন্ধান কৰাৰ দায়িত্ব আমাৰ প্ৰত্যেকজন অসমীয়াৰ। এই সংকট মোচনৰ পথ কেনেকুৱা আৰু কি ধৰণৰ হ’ব, তাক আলোচনা কৰাৰ আগতে জাতীয় অস্তিত্বৰ প্রতি ভাবুকি অনা মূল সমস্যাসমূহ ভালদৰে বিচাৰ বিশ্লেষণ কৰা প্রয়োজন আছে। নিশ্চিতভাৱে এই বিশ্লেণত অস্তিত্ব ৰক্ষাৰ নামত হৈ যোৱা অসম আন্দােলন’ আৰু আন্দােলনকাৰীসকলৰ ক্ষমতা দখলৰ পাছৰ কাৰ্যকলপ সমূহকো আনিব লাগিব। কিয়নাে, এই আন্দােলনকাৰীসকলৰ সাংগঠনিক আৰু  ৰাজনৈতিক কার্যকলাপে অস্তিত্ব সংকটৰ মূল সমস্যা সমূহৰ উপৰিও অন্য দুটামান সমস্যাকো অধিক তীব্ৰ কৰি তুলিলে।

দীর্ঘদিনীয়া এই সমস্যাসমূহৰ নিশ্চিতভাবে এক ঐতিহাসিক প্রেক্ষাপট আছে। ১২২৬ খ্ৰীষ্টাব্দত আহােম ৰজা চাওলুং ছ্যু-কা-ফাই অসমত পদার্পণ কৰি  বিভিন্ন জাতি-জনগোষ্ঠীক  একত্রিত কৰি আৰম্ভ কৰিছিল বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়াৰ। সম অধিকাৰ আৰু সম উন্নয়নৰ ভিত্তিত ছ্যু-কা-ফাই গঢ়ি তোলা বৃহৎ অসমীয়া জাতি গঠন প্রক্রিয়া পাছলৈ শংকৰ-মাধৱে অধিক ত্বৰান্বিত কৰি তুলিছিল। আহােম ৰাজত্বত গঢ়ি উঠা এই সংহতিৰ ক্ষেত্ৰখনত শংকৰদেৱৰ উদাৰ সাংস্কৃতিক আন্দােলনে সকলো জাতি-জনগোষ্ঠীক সামৰি এখন উমৈহতীয়া সমাজৰ পাতনি মেলিছিল আৰু এই সমাজৰ পৰিপূৰক হিদাপে চৈয়দ শ্বাহ মিৰাণ ওৰফে আজানপীৰেও আহােম ৰজাৰ পৃষ্ঠপোষকতাতেই গঢ়ি তুলিছিল ইছলামধর্মী এখন নিভাঁজ অসমীয়া সমাজৰ। আহােম নৃপতিসকলৰ শাসনকালত ৰাজনৈতিক তথা আর্থসামজিকভাৱে প্ৰজ্বলিত আৰু শক্তিশালী অসমীয়া জাতিৰ অস্তিত্বলৈ প্রথমবাৰৰ বাবে সংকট নামি আহে অসমৰ শাসনভাৰ ব্ৰিটিছৰ অধীনলৈ যোৱাৰ লগে লগে। ব্ৰিটিছ ঔপনিৱেশিক সাম্রাজ্যৰ অধীনলৈ যোৱাৰ লগে লগেই অসমত আৰম্ভ হয় অর্থনৈতিক সম্পদৰ লুণ্ঠন, শোষণ আৰু বহিৰাগত প্ৰব্ৰজনৰ প্রক্রিয়া। ঔপনিৱেশিক নীতিৰ উদ্দেশ্যই যিহেতু সম্পদ লুণ্ঠন, পণ্য উৎপাদন আৰু পুঁজি সংগ্ৰহ, সেয়ে ব্রিটিছে নিজৰ ঔপনিৱেশিক উদ্দেশ্য পূৰণ কৰিবলৈ পাতলীয়া জনবসতি অসমত প্রথম পর্যায়ত ৰাস্তা-ঘাট নির্মাণ (লুণ্ঠনৰ সুবিধার্থে) আৰু চাহ খেতিৰ বাবে প্রয়োজনীয় শ্রমিক আমদানি কৰিবলৈ ধৰে ভাৰতবৰ্ষৰ মহামাৰী পীড়িত বিভিন্ন অঞ্চলৰ পৰা। পণ্য উৎপাদন আৰু শোষণক খৰটকীয়া আৰু অধিক কৰাৰ উদ্দেশ্যৰে ব্রিটিছে বহিৰাগতৰ প্ৰব্ৰজনৰ সোঁত অধিক তীব্ৰ কৰিব বিচাৰিছিল৷ যাৰ বাবে তেওঁলোকে বিভিন্ন আঁচনি ল’ব ধৰে। স্থানীয় মাটি কর্তন, কম ভূমি কৰ আদি অাঁচনিৰ যোগেদি ভাৰতৰ দুৰ্ভিক্ষপীড়িত অঞ্চল আৰু মাটি আকলুৱা লোকসকলক আকর্ষণ কৰিব ধৰিছিল। উনৈশ শতিকাৰ শেষ ভাগলৈকে বহিৰাগতৰ প্ৰব্ৰজনকাৰীৰ সংখ্যা কেইবাহাজাৰাে হৈছিল। কিন্তু প্ৰব্ৰজনৰ সংখ্যা অধিক বৃদ্ধি হ’বৈল ধৰে কুৰি শতিকাৰ প্রথম চাৰিটা দশকত। যি অসমৰ জাতীয় জীৱনলৈ সাংঘাতিকভাৱে সংকট নমাই আনে। চাহ বাগিছাৰ বনুৱাৰ প্রয়ােজন পূৰণৰ উদ্দেশ্যেৰে ব্রিটিছে আৰম্ভ কৰা বনুৱা আমদানি প্রক্রিয়াটােৰ সৈতে যুক্ত হয় কৃষক আমদানি প্রক্রিয়া। কৃষি ক্ষেত্ৰৰ বৃদ্ধি আৰু ভূমি ৰাজহ অধিক লাভৰ স্বার্থত বিশেষকৈ পূৱ বংগৰ পৰা ভূমিহীন অধিক পৰিশ্রমী কৃষকৰ আমদানি কৰিবলৈ ধৰে। পূৱ বংগৰ মাটি আকলুৱা আৰু তীব্র সামান্তীয় ব্যৱস্থাৰ শোষণৰ পৰা ৰক্ষা পাবৰ বাবে জাকে জাকে অসমলৈ ঢাপলি মেলা পমুৱা মুছলিম কৃষকসকলে খিলঞ্জীয়াৰ অস্তিত্বত বাৰুকৈ আঘাত হানিব ধৰে। তীব্র সামন্তীয় ব্যৱস্থাত লালিত-পালিত তথা নিষ্পেষণৰ তিক্ত অভিজ্ঞতা সম্পন্ন পূৱ বংগীয় তথা অন্যান্য মূলৰ এই প্ৰব্ৰজিত লোকসকল আছিল অতি পৰিশ্রমী আৰু আগ্রাহী মনােবৃত্তিৰ। এই প্ৰব্ৰজকাৰীসকল ক্ৰমান্নয়ে জনজাতীয় বেষ্টনী আৰু অন্যান্য জনগোষ্ঠীয় জনবসতি অঞ্চলসমূহত বসতি কৰিব ধৰি অতিকে সহজ-সৰল জীৱন যাত্ৰাত অভ্যস্ত আমাৰ খিলঞ্জীয়া জনগােষ্ঠীসমূহৰ অস্তিত্বৰ প্ৰতি চৰম ভাবুকি আনি খিলঞ্জীয় ভাষা-সংস্কৃতিৰ লগতে জীৱন-জীৱিকাৰ ওপৰতাে প্রভাৱ পেলাব ধৰিলে।

দুখৰ বিষয় যে অসমীয়াৰ অস্তিত্বক সকলোপ্ৰকাৰে তচনচ কৰি নিজৰ ব্যৱসায়িক স্বাৰ্থ পূৰণ কৰিবৰ বাবে বহিৰাগত সস্তীয়া শ্রমিকৰ আমদানি কৰা ব্ৰিটিছসকলৰ এনে কার্যক সহায় কৰিছিল নতুনকৈ গঢ় লৈ উঠা আর্যমূলীয় শিক্ষিত অসমীয়া মধ্যবিত্ত শ্রেণীটােৱে। খিলঞ্জীয়া ৰাজনৈতিক আৰু আর্থসামাজিক জীৱনলৈ একপ্রকাৰৰ অমাৱস্যা নমাই অনা বহিৰাগত প্ৰব্ৰজনক বাধা দিয়াৰ উদ্যোগ লোৱাৰ বিপৰীতে এই মধ্যবিত্ত শ্রেণীটােৱে অধিক প্ৰব্ৰজনৰ পোষকতাহে কৰিব ধৰিছিল। নতুনকৈ গঢ় লৈ উঠা অসমৰ প্ৰথম পর্যায়ৰ মধ্যবিত্ত শ্রেণীৰ আনন্দৰাম ঢেকীয়াল ফুকনৰ দৰে ব্যক্তিয়ে ব্রিটিছ বিষয়া জে মফাৎ মিলানলৈ দুটা কাৰণত লোক প্ৰব্ৰজনৰ পোষকতা কৰি আৰ্জি পেছ কৰিছিল। কাৰণ দুটাৰ প্ৰথমটাে হ’ল—লোক প্ৰব্ৰজনৰ ফলত কৃষি কাৰ্যৰ উৎকর্ষ সাধন হােৱাৰ লগতে ভূমি ৰাজহৰ বৃদ্ধি হ’ব৷ দ্বিতীয়তে সাধাৰণভাৱে দেশখনত সভ্যতাৰ বিকাশৰ লগতে জ্ঞানৰ পোহৰ পৰিব। আনন্দৰাম ঢেকীয়াল ফুকনৰ সমসাময়িক আৰু তাৰ পাছৰ পৰ্যায়ৰ শ্রেণীটােৱে জাতিলৈ ধ্বংস নমাই অনা প্ৰব্ৰজনৰ পোষকতা কৰি ব্ৰিটিছৰ পক্ষত থিয় দিছিল। ব্ৰিটিছ ঔপনিৱেশিকবাদে আৰম্ভ কৰা আধুনিক সমাজখনক আর্যমূলীয় অসমীয়া মধ্যবিত্ত শ্রেণীটােৱে নিজৰ আর্থ সামাজিক প্রতিপত্তি বা আধিপত্য বিস্তাৰ কৰাৰ স্বাৰ্থত ব্রিটিছ সাম্রাজ্যবাদৰ অংশীদাৰ হ’বলৈ ধৰিছিল। উল্লেখযোগ্য যে আহােম ৰাজ ব্যৱস্থাত উচ্চ বৰ্ণৰ হিন্দু অভিজাতসকলৰ ৰাজনৈতিক ক্ষমতা শূন্য হ’লেও প্রচুৰ সামাজিক ক্ষমতা উপভোগ কৰি অসমীয়া সমাজ জীৱনক নিয়ন্ত্ৰণ কৰা সুবিধা লাভ কৰিছিল। আহােম ৰাজ ব্যৱস্থাৰ পৃষ্ঠপোষকতাত গঢ় লৈ উঠা সংমিশ্রিত অথচ নিভাঁজ অসমীয়া সমাজখনক বর্ণহিন্দু সকল অংশীদাৰ আছিল আৰু তেওঁলোকে আছিল পৰম্পৰাগত ভাৱে শক্তিশালী শ্রেণী। কিন্তু হঠাৎ ব্ৰিটিছৰ কনিষ্ঠ ৰাজনৈতিক সহযোগী হৈয়ে বিভিন্ন জাতি-জনগোষ্ঠীৰ সংমিশ্রিত গঢ় লৈ উঠা অসমীয়া সমাজখনত আৰ্য-অনার্যৰ মাজত দ্বি-বিভাজন আনি আর্যমূলৰ আধাৰত অসমীয়া ভাষা-সংস্কৃতি তথা জাতিটাে গঢ়ি তুলিবলৈ তৎপৰ হৈ পৰিল। তেওঁলোকৰ এনে কার্যসমূহৰ পৰা এনে লাগে যে আর্যভিমানৰ ফেট তুলিবৰ তেওঁলোকে সুবিধাহে বিচাৰি আছিল। ব্ৰিটিছৰ পৃষ্ঠপোষকতাত বৰ্ণাশ্রয়ী মধ্যবিত্ত শ্রেণীটােৱে এফালে অসমীয় সমাজখনক নিয়ন্ত্ৰণ কৰিব বিচাৰিছিল৷

যি সময়ত জনজাতীয় কৃষক ৰাইজে ব্রিটিছ সাম্রাজ্যবাদৰ বিৰুদ্ধে জংগী আন্দােলন গঢ়ি তুলিছিল, ঠিক সেই সময়ত এই বর্ণাশ্রয়ী অভিজাত অসমীয়া শ্ৰেণীটােৱে ব্ৰিটিছৰ ৰাজ ব্যৱস্থাত জড়িত হৈ সকলো সা-সুবিধা কুক্ষিগত কৰি সকলো জাতি-জনগোষ্ঠীৰ সামগ্ৰিক প্রচেষ্টাত গঢ় লৈ উঠা অসমীয়া সমাজখনত অাধিপত্য বিস্তাৰ কৰা আৰু সংস্কাৰবাদী আন্দোলনৰ জৰিয়তে মধ্যবিত্তীয় শ্রেণীটােক সংহত ৰূপ দিয়াৰ বাবে তৎপৰ হৈ পৰিছিল আৰু সফলো হৈছিল। শিক্ষিত আৰু আর্থসামাজিকভাৱে প্ৰতিপত্তিশীল এই মধ্যবিত্ত শ্রেণীটােৱে অসমীয়া জাতিলৈ সংকট নমাই অনা ব্ৰিটিছ সাম্রাজ্যবাদৰ কার্যকলাপসমূহক প্রথম পর্যায়তে বলিষ্ঠভাবে বিৰােধ কৰিব পাৰিলেহেঁতেন, কিন্তু তাকে নকৰি ব্ৰিটিছৰ সহযোগী হৈ নিজৰ শ্রেণীস্বার্থ সুৰক্ষা কৰাতহে মনােনিৱেশ কৰিলে। কিন্তু ব্ৰিটিছ শাসনৰ শেষৰ ফালে ব্ৰিটিছৰ আধুনিক প্রশাসন ব্যৱস্থা আৰু ৰাজনীতিত জনে প্রতি ভোট প্রদানৰ ব্যৱস্থাই অসমৰ মধ্যবিত্ত শ্রেণীটােলৈ সংকট নমাই আনিব পাৰে, সেই অনুমান কৰি এই অসমীয়া মধ্যবিত্ত শ্রেণীটােৱে অসমীয়া জাতীয়তাবাদৰ আন্দােলনৰ গুৰি ধৰিবলৈ লৈছিল। যিহেতু ব্ৰিটিছ প্রশাসন ব্যৱস্থাত শিক্ষিত বংগীয় লোকসকলে চৰকাৰী চাকৰি আৰু সংস্থাপন আদিত নিজৰ সংখ্যা বৃদ্ধি কৰি অসমত বাংলা ভাষাৰ প্রতিষ্ঠাৰ যোগেদি বাংলা জাতীয়বাদ আৰম্ভ কৰিছিল। এই জাতীয়তাবাদে অসমীয়া মধ্যবিত্ত শ্রেণীৰ ভৱিষ্যতলৈ সংকট নমাই আনিছিল। যিসকল অসমীয়া মধ্যবিত্তই বাহিৰলৈ গৈ শিক্ষা গ্রহণ কৰি বংগীয় নৱজাগৰণৰ সংস্পৰ্শলৈ আহিছিল, সেই সকলে অসমীয়া ভাষা সংস্কৃতিক অসমীয়া জাতীয়তাবাদৰ আধাৰ হিচাপে প্রস্তুত কৰিছিল। মধ্যবিত্তৰ নেতৃত্বত গঢ়ি লৈ উঠা এই অসমীয়া জাতীয়তাবাদে বাংলা জাতীয়তাবাদৰ সৈতে মুখামুখি প্রতিদ্বন্দিতাত নামি পৰি বাংলা জাতীয়তাবাদক প্রতিহত কৰাত সফলতা লাভ কৰিছিল। যিহেতু ধর্মীয় ভেদাভেদৰ উদ্ধত গৈ শ্রমিক-বনুৱা সকলো প্ৰব্ৰজনকাৰীক লৈ বাংলা জাতীয়তাবাদে অসমীয়া জাতীয়তাবাদক দমনৰ চেষ্টা কৰিছিল। ইয়াৰ বিপৰীতে অসমীয়া জাতীয়তাবাদে অসমৰ সকলো জনগোষ্ঠীক যেনে— বড়ো, নগা, ৰাভা, গাৰাে আদিক সামৰি ল’ব পৰা নাছিল। জনজাতীয় জনগোষ্ঠীসমূহে এই জাতীয়তাবাদৰ নেতৃত্ব বহনকাৰী আর্যমূলীয় মধ্যবিত্তীয় শ্রেণীটােক অভিযোগ কৰিছিল যে জনগোষ্ঠীসমূহৰ আর্থ-সামাজিক আধিকাৰসমূহ আওকাণ কৰাৰ উপৰি তেওঁলোকৰ ভাষা-সংস্কৃতিক অবজ্ঞা কৰি আর্যমূলৰ ভাষা-সংস্কৃতিক জাপি দিয়াৰ চেষ্টা কৰি আহিছে। অন্যহাতে এই জাতীয়তাবাদে জনজাতীয় জনগোষ্ঠীসমূহ মূল সমস্যাসমূহক বিশেষ ভাবে গুৰুত্ব প্রদান নকৰি নিজৰ শ্রেণীস্বার্থ সুৰক্ষাকহে অধিক গুৰুত্ব প্রদান কৰিছিল। ব্ৰিটিছে খাটিখোৱা জনজাতিসকলক কৰা শোষণৰ বিৰুদ্ধে থিয় দিব নোৱাৰা এই জাতীয়তাবাদ আছিল বর্ণবাদৰ ওপৰত আধাৰিত আৰু ইয়াৰ উদ্দেশ্য আছিল মধ্যবিত্তৰ স্বাৰ্থ ৰক্ষা কৰা । লক্ষ্যণীয়ভাৱে পৰৱর্তী পর্যায় অর্থাৎ স্বৰাজোত্তৰ কালত এই জাতীয়তাবাদৰ নেতৃত্বৰ অধিকাংশই স্বাধীন ভাৰতৰ শাসনৰ দায়িত্বত থকা কংগ্ৰেছত চামিল হৈ পৰিছিল।

ব্রিটিছ উপনিবেশিক শাসনৰ পৰা দেশবাসীক মুক্তিৰ বাবে চলোৱা আন্দােলসমূহৰ মুখ্য ভূমিকা পালন কৰা কংগ্ৰেছ দলে লাভ কৰিছিল স্বাধীন ভাৰতৰ প্ৰথম শাসনভাৰ। স্বাধীন ভাৰতৰ আকাশৰ তলত দেশৰ অন্যান্য প্রান্তৰ দৰে অসমৰ জনগণেও আশা কৰিছিল উপনিবেশিক শাসন-শোষণৰ পৰা মুক্তি পোৱা, খাটিখোৱা কৃষিক শ্রমিকৰ সমস্যা সমাধান হােৱা আৰু বিশেষকৈ অসমত অবিৰতভাৱে হােৱা অনুপ্ৰৱেশৰ দৰে জ্বলন্ত সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱা। কিন্তু অসমৰ জনগণক আশাহত কৰি কেন্দ্ৰত শাসনাধিস্থ কংগ্ৰেছ দলটােৱে অসমৰ সমস্যাসমূহ ফালে সম্পূৰ্ণৰূপে পিঠি দি অসমখনক এখন সম্পদৰ লুণ্ঠনস্থলী বা আর্থ উপনিবেশিক হিচাপে ব্যৱহাৰ কৰিব ধৰিলে। পুঁজিপতি গোষ্ঠীৰ সুবিধার্থে দেশৰ যুক্তৰাষ্ট্ৰীয় ব্যৱস্থাক এক প্রকাৰৰ নসাৎ কৰি কংগ্ৰেছ দলটােৱে একককেন্দ্রিক শাসন ব্যৱস্থাৰ জৰিয়তে অসমৰ দৰে সম্পদশালী ৰাজ্যসমূহৰ স্বাধীনতা আৰু অধিকাৰক ভৰিৰে মোহাৰি এনে কেতবােৰ নীতি প্রস্তুত কৰিলে, যাৰ জৰিয়তে পুঁজিপতি গোষ্ঠী আৰু কেন্দ্ৰই ইচ্ছা মতে সম্পদসমূহ লুণ্ঠন কৰিব পাৰে। অসমৰ ক্ষেত্ৰতো দেখা গ’ল যে স্বাধীনতা পাছৰ পৰাই কংগ্ৰেছ চৰকাৰখনে ব্ৰিটিছৰ দৰে  প্ৰাকৃতিক সম্পদসমূহৰ লুণ্ঠন চলাইছিল আৰু অসমৰ সমস্যাসমূহৰ সমাধানৰ ক্ষেত্ৰত অবজ্ঞা তথা অবহেলা প্রদর্শন কৰাৰ লগতে থলুৱাৰ অস্তিত্ব বিপদাপন্ন কৰি তোলা বহিৰাগত অনুপ্ৰবেশৰ সমস্যাটাে সমাধানৰ পৰিৱর্তে পৃষ্ঠপোষকতা কৰিব ধৰিছিল। অনুপ্ৰৱেশৰ সন্দৰ্ভত ব্ৰিটিছ আৰু কংগ্ৰেছ শাসনৰ মাজত এটাই পার্থক্য আছিল যে ব্রিটিছে অধিক মুনাফা তথা পুঁজি সংগ্ৰহৰ উদ্দেশ্যেৰে অধিক পণ্য উৎপাদনৰ বাবে (যিহেতু উপনিবেশিক উদ্দেশেই হৈছে সম্পদৰ লুণ্ঠন আৰু অধিক পণ্য উৎপাদনৰ জৰিয়তে অধিক পুঁজি সংগ্রহ) বহিৰাগত অনুপ্ৰৱেশৰ পৃষ্ঠপোষকতা কৰিছিল আৰু কংগ্ৰেছে ভোট বেংকৰ স্বর্থত এই প্ৰব্ৰজনৰ পৃষ্ঠপোষক হৈ পৰিল।

কংগ্ৰেছ চৰকাৰৰ এনেধৰণৰ শোষণ আৰু অৱহেলাৰ বাবে দ্রুত গতিত অসমৰ খিলঞ্জীয়া কৃষকসকলৰ খেতি মাটিৰ অভাৱ, দৰিদ্রতা, নিবনুৱা সমস্যা আদি বৃদ্ধি হােৱাৰ লগতে বহিৰাগত অবাধ প্ৰব্ৰজনে অসমৰ খিলঞ্জীয়াৰ জনগাঁঠনি সলনি কৰি ভাষা-সংস্কৃতিত বাৰুকৈয়ে প্ৰভাৱ পেলাব ধৰিলে। ক্রমশঃ থলুৱাসকলৰ ৰাজনৈতিক আৰু আর্থ-সামাজিক ভৱিষ্যৎ নিৰাপত্তাহীন কৰি তুলিলে। এফালে অনুপ্ৰবেশৰ দৰে জ্বলন্ত সমস্যা সমাধানৰ প্ৰতি অবহেলা,আনফালে বিভিন্ন প্রাকৃতি সম্পদেৰে ভৰপূৰ অসমত উদ্যোগ আৰু বাণিজ্য বিকাশৰ প্ৰচুৰ সম্ভাৱনা থকা সত্বেও কোনো ধৰণৰ আঁচনি গ্ৰহণ নকৰি অসমৰ অৰ্থনীতি ধ্বংসৰ ফালে ঠেলি দিব ধৰিলে। এনেবোৰ কাৰণতে অসমৰ জনসাধাৰণৰ মনৰ মাজত ক্ৰমান্বয়ে কেন্দ্ৰৰ প্ৰতি ক্ষোভ আৰু বেদনা পঞ্জীভূত হ’ব ধৰিছিল। জনসাধাৰণৰ মনত পঞ্জীভূত হৈ থকা ক্ষোভসমূহ সম্পূৰ্ণৰূপে বহিপ্রকাশ ঘটিছিল ১৯৭৯ পৰা ১৯৮৫ লৈ হােৱা অসমৰ আন্দােলনৰ জৰিয়তে। মধ্যবিত্ত শ্রেণীৰ নেতৃত্বত হােৱা এই অসমৰ আন্দােলনত অসমৰ খাটিখোৱা ৰাইজে সমস্ত উজাৰি দিছিল। আৱেগিক অসমীয়া ৰাইজে অজস্র আশাৰে অসমৰ আকাশ-পাতাল এক কৰা এই আন্দোলনত সহযোগ কৰিছিল যদিও তেওঁলোকৰ আশা-আকাংক্ষাবােৰ আন্দােলনৰ তথাকথিত সফলতাই পূৰণ কৰিব নােৱাৰিলে। ইয়াৰ বিপৰীতে এক বিশেষ শ্রেণীৰ ন্যাস্তস্বর্থহে পূৰণ হােৱা দেখা গ’ল। প্রথম পর্যােয়ত বহিৰাগত বিতাড়ন লক্ষ্যৰে আৰম্ভ কৰা এই আন্দোলন পাছলৈ বিদেশী বিতাড়ন আৰু ৰাষ্ট্র ব্যৱস্থাৰ শোষণ-বঞ্চনা বিৰোধী আন্দোলনলৈ পৰিৱর্তিত হৈছিল। অসমৰ জনগণে ভবাৰ দৰে অস্তিত্ব ৰক্ষাৰ এই আন্দোলনৰ নিশ্চিতভাবে নায্যতা থাকিলেও এই আন্দোলনৰ অন্তৰালত অসমীয়া মধ্যবিত্ত শ্রেণীৰ তথা অসমৰ শাসক শ্রেণীৰ নিজৰ শ্রেণীস্বার্থ সুৰক্ষাৰ উদ্দেশ্য নিহিত হৈ আছিল। অৱশ্যে এই উদ্দেশ্যৰ বিষয়ে সহজ-সৰল অসমীয়াই প্রথমে জনা নাছিল যদিও আন্দােলনকাৰী নেতৃত্বই ৰাজনৈতিক ক্ষমতা দখল কৰাৰ পাছত ভাল দৰে জানিব পাৰিলে। কেন্দ্ৰীয় চৰকাৰৰ দীর্ঘদিনীয়া অর্থনৈতিক শোষণ-বঞ্চনা আৰু বিদেশীৰ অনুপ্রবেশক লৈ কৰি থকা কুটিল ৰাজনীতিৰ বিৰুদ্ধে আশী দশকৰ অসমৰ বাওঁপন্থী দলসমূহে অসমৰ ৰাইজক ৰাজনৈতিক ভাবে সংগঠিত কৰিবলৈ সক্ষম হৈছিল। ১৯৭৮ চনৰ অসম বিধান সভাৰ নির্বাচনত কংগ্ৰেছ দলক পৰাজিত কৰি জনতা দলে চৰকাৰ কৰিবলৈ সক্ষম হৈছিল। জনতা দলৰ নেতৃত্বাধীন এই চৰকাৰখন আছিল অসমৰ প্ৰথমখন অকংগ্ৰেছী চৰকাৰ আৰু এই চৰকাৰক সহায় কৰিছিল অসমৰ বাওঁপন্থী দলসমূহ চৌবিশজনীয়া সদস্যই। পুঁজিবাদী আৰু বৰ্ণবাদী ব্যৱস্থাৰ ধাৰক আৰু বাহক কংগ্ৰেছ দলৰ এই পৰাজয়ে কংগ্ৰেছৰ ভিতৰত আৰু বাহিৰত থকা অসমীয়া মধ্যবিত্ত শ্রেণীটােৰ ৰাজনৈতিক ভৱিষ্যৎ শংকিত কৰি তুলিছিল। এই মধ্যবিত্ত শক্তিসমূহেই প্রত্যক্ষ আৰু পৰােক্ষভাবে অসম আন্দােলনৰ নেতৃত্ব দি অসমৰ গণ আন্দােলনৰ এক নতুন ইতিহাস সূচনা কৰিলে। ছবছৰ জুৰি হােৱা এই আন্দােলনত আমি অসমীয়াই অজস্ৰ হেৰুৱাব লগীয়া হ’ল। অস্তিত্ব ৰক্ষাৰ নামত হােৱা এই জাতীয়বাদী আন্দোলনে উগ্র জাতীয়তাবাদৰ ৰূপ লৈ বিভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সংঘাতৰ অংকুৰ সিঁচিলে। বর্ণ হিন্দু মধ্যবিত্ত নেতৃত্বই মূলসুঁতি থলুৱাৰ সংজ্ঞা নিৰূপণ কৰিবলৈ গৈ অসমীয়া জাতিৰ পৰা একাংশ অসমীয়াক বাহিৰ কৰি দিয়া চেষ্টা কৰিলে।

যি কি নহওক, বিভিন্ন ঘাত-প্রতিঘাত আৰু ৮৫৫ জন শ্বহীদৰ তেজৰ বিনিময়ত অসমৰ আন্দোলনে এদিন সফলতা লাভ কৰিলে। অস্তিত্ব ৰক্ষাৰ প্ৰতিশ্রুতিসম্বলিত অসম চুক্তি সম্পাদিত হ’ল আৰু আন্দােলন নেতৃত্বই অসমৰ অসম শাসন গাদীত বহিবলৈ সক্ষম হ’ল। অসমৰ প্ৰথমখন আঞ্চলিক চৰকাৰ ৰাইজে লাভ কৰিলে। এই চৰকাৰৰ পৰা অসমীয়াই আশা কৰিলে যে অস্তিত্ব ৰক্ষাৰ সংগ্ৰমখন আঞ্চলিক দলটােৱে সফল কৰি তুলিব। কিন্তু সেয়া হৈ নুঠিল। যিকেইটা বিষয়ৰ বাবে অসমৰ জনগণে অসমৰ শাসনৰ ভাৰ অসম আন্দােলনৰ নেতৃত্বৰ হাতত অৰ্পণ কৰিছিল; সেই সমস্যা সমাধানৰ বাবে পদক্ষেপ লোৱাটাে দূৰৰে কথা, তেওঁলোকৰ শাসন কালত অন্যান্য কিছুমান সমস্যাৰহে সূত্রপাত হ’বলৈ আৰম্ভ কৰিলে। অবিৰতভাবে অনুপ্ৰৱেশ হৈয়ে থাকিল, চলি থাকিল কেন্দ্ৰ আৰু পুঁজিপতি গোষ্ঠীৰ সম্পদৰ লুণ্ঠন। বর্ণ হিন্দু মধ্যবিত্ত নেতৃত্বত চলা এই আঞ্চলিক দলটােৱে জাতিগত শ্রেণী স্বার্থক অধিক গুৰুত্ব প্রদান কৰি চৰকাৰ চলাই বিভিন্ন জনজাতীয় জনগোষ্ঠীৰ প্ৰতি বৈষম্যমূলক দৃষ্টিভংগীৰে ৰাজনৈতিক আৰু সামাজিকভাৱে বঞ্চনা কৰিব ধৰিছিল। এই আঞ্চলিক দলটােৰ শাসন কালত জনগোষ্ঠীসমূহৰ মাজত সংঘাত বৃদ্ধি হােৱাৰ লগতে বহু জনগোষ্ঠীক চৰকাৰী ভাবে বঞ্চনা, সামাজিক অন্যায় আদি কৰাৰ লগতে দুনীতি-ভ্ৰষ্টাচাৰ আদিত দলটাে লিপ্ত হ’বলৈ আৰম্ভ কৰিলে। ইয়াৰ পৰিপ্ৰেক্ষিতত পুনৰ বাৰ অসমত কংগ্ৰেছ দলে শাসনভাৰ লাভ কৰিলে। কিন্তু দিল্লীৰ আজ্ঞাবাহী এই কংগ্ৰেছ চৰকাৰৰ অপশাসন, দুনীতি আৰু জনগণ বিৰোধী নীতিসমূহৰ বাবে দৰিদ্রতা, মূল্যবৃদ্ধি, নিবনুৱা সমস্যা, বিদেশী সমস্যাৰে জাতিটােক পূর্বতকৈ অধিক ভাৰাক্ৰান্ত কৰি তুলিলে। এই সমস্যাসমূহৰ পৰা পৰিত্ৰাণ পোৱা স্বাভাৱিক আশা-প্রত্যাশাৰে ২০১৬ চনৰ যোৱাটা অসম বিধান সভা নির্বাচনত অসমৰ জনগণে কংগ্ৰেছৰ বিৰুদ্ধে গৈ জাতীয় নায়ক খ্যাত সর্বানন্দ সোণোৱাল নেতৃত্বাধীন বিজেপিৰ পক্ষত জনাদেশ জাৰি কৰিলে। কিন্তু জাতি, মাটি ভেটি ব্ৰক্ষা কৰাৰ প্ৰতিশ্রুতিৰে শাসনলৈ অহা সর্বা নেতৃত্বাধীন (বহু সময়ত সন্দেহ হয় সর্বানে হিমন্তৰ নেতৃত্বাধীন) বিজেপি চৰকাৰখনে অতি কম সময়ৰ ভিতৰতে নিজৰ পুঁজিপতি আৰু সাম্প্রদায়িক চৰিত্ৰ ৰাইজৰ আগত উদঙাই দিলে। চৰকাৰ গঠন কৰা দুমাহৰ মাহৰ ভিতৰতে ১২৮বিধ সামগ্ৰী মূল্য বৃদ্ধি, তৈল্য পথাৰৰ দৰে সম্পদসমূহ পুঁজিপতি গোষ্ঠীৰ গতাই দিয়াৰ উপৰি নাগৰিক সংশোধনী বিধেয়ক ২০১৬ জৰিয়তে হিন্দু বাংলাদেশীক অসমত সংস্থাপন কৰি অসমীয়া জাতিক বচোৱাৰ পোষকতাৰে বিভিন্ন জাতি-জনগোষ্ঠী তথা ধর্মালম্বী লোক সংমিশ্রণৰত গঢ় লৈ উঠা উদাৰ অসমীয়া জাতিটােক হিন্দু অসমীয়া জাতি হিচাপে গঢ়ি তোলাৰ কাৰ্যত লিপ্ত হৈছে। এই দলটােৱে চৰকাৰ গঠন কৰাৰ পাছৰপৰাই বিভিন্ন প্রতিক্রিয়াশীল শক্তিসমূহে অসমত জাত-পাত আৰু সাম্প্রদায়িক বিষ বাষ্প বিয়পাবলৈ আৰম্ভ কৰিছে। মুঠৰ ওপৰত অসমীয়া জাতি এটিয়া গভীৰ সংকটৰ গ্ৰাসত। এনে প্রক্ষাপতত অসমৰ জনগণে এক নতুন ৰাজনৈতিক পথৰ সন্ধান কৰিব লাগিব। নিশ্চিতভাৱে এই পথ প্রগতিশীল জাতিয়তাবাদৰ আধাৰত তৈয়াৰ কৰিব লাগিব। প্রচলিত জনবিৰোধী ৰাজনৈতিক ব্যৱস্থাৰ সলনি গুণগত ৰাজনৈতিক বিকল্পৰ বাবে অসমৰ যুৱশক্তি তথা সচেতন মহল, গণতন্ত্রত আৰু বৈজ্ঞানিক সমাজবাদত বিশ্বাসী ধর্মনিৰপেক্ষ দল-সংগঠনসমূহে খাটিখোৱা অসমৰ সকলো জাতি-জনগোষ্ঠী-ভাষা-ভাষী তথা ধর্মালম্বী লোকক একত্রিত কৰি সঁচা অৰ্থত গণতন্ত্ৰ আৰু সমাজবাদ প্রতিষ্ঠাৰ বাবে প্রগতিশীল জাতীয়তাবাদী আন্দোলনক জোৰদাৰ কৰি তুলিব লাগিব। এই আন্দােলক অসমৰ জনজাতি, ভাষিক আৰু ধর্মিয় সংখ্যালঘু তথা ক্ষুদ্র ক্ষুদ্র জনগােষ্ঠী সমূহৰ অধিকাৰৰ বাবে সংগ্রার্মত শক্তি সমূহক চামিল কৰি অসম আৰু অসমীয়া বিৰােধী কংগ্ৰেছ আৰু বিজেপি দৰে প্রতিক্রিয়াশীল আৰু পুঁজিপতি শক্তিসমূহক অসমৰ পৰা প্রতিহত কৰিব লাগিব।

Leave a Reply

Your email address will not be published. Required fields are marked *