চ’ৰাঘৰ / ধাৰাবাহিক / নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– দুই (গীতালী বৰপাত্ৰগোহাঁই)

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– দুই (গীতালী বৰপাত্ৰগোহাঁই)

(যোৱা সংখ্যাৰ পাছৰ পৰা)
সাধাৰণতে নাৰী বিষয়ক আলোচনাবোৰত এনে কিছু কথা প্ৰায়েই উল্লেখ হোৱা দেখা যায় যে ‘নাৰীহে নাৰীৰ শত্ৰু’ বা ‘নাৰীক নাৰীৰ পৰাহে মুক্তি লাগে’। নাৰীবাদক পুৰুষ বিদ্বেষী বুলি অশুদ্ধ ধাৰণা প্ৰতিষ্ঠা কৰিব বিচৰাসকলে এনে উদাহৰণ দি আশ্বস্ত হ’ব বিচাৰে যে যৌতুক প্ৰথা, কন্যা সন্তানক হেয় জ্ঞান কৰা, সন্তানহীনা নাৰীক তাচ্ছিল্য কৰা আদিৰ আঁৰত এগৰাকী নাৰীহে থাকে, পুৰুষ নাথাকে। এনে ধৰণৰ মন্তব্যবিলাক নাৰীবাদ আৰু পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা সম্পৰ্কে অজ্ঞতা তথা শুদ্ধ ৰূপত অনুধাৱন কৰিব নোৱাৰাৰ সুস্পষ্ট উদাহৰণ।

পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই গঠন কৰা জ্ঞান বা চিন্তাসমূহ ‘Androcentric’ প্ৰকৃতিৰ হয়। অৰ্থাৎ ‘জ্ঞানৰ কেন্দ্ৰবিন্দুত পুৰুষ’ ধাৰণা জড়িত হৈ থাকে। অতীতত চিন্তা বা জ্ঞানসমূহ প্ৰধানত পুৰুষসকলে গঠন কৰিছিল। শিক্ষা বা আন সমাজ ব্যৱস্থাতো পুৰুষসকলৰহে আধিপত্য আছিল। নাৰীসকলে ইবিলাকত সক্ৰিয় অংশগ্ৰহণৰ সুবিধা নাপাইছিল। সেইবাবে পুৰুষপ্ৰধান সমাজ ব্যৱস্থাত পুৰুষৰ পৰিপ্ৰেক্ষিতত নীতি-নিয়মসমূহ এনেকৈ গঠন কৰা হৈছিল; য’ত পুৰুষৰ স্থান মুখ্য আৰু নাৰীৰ স্থান গৌণ। এনে আদৰ্শ আগত ৰাখি গঠন কৰা নীতি-নিয়মবিলাক সমাজত আৰোপ কৰি দিয়া হ’ল আৰু নাৰী-পুৰুষ নিৰ্ৱিশেষে সকলোৱে তাক সৰ্বজনস্বীকৃত বুলি স্বাভাৱিক হিচাপে গ্ৰহণ কৰি ল’লে। পুৰুষপ্ৰধান সমাজত জন্ম গ্ৰহণ কৰা নাৰী-পুৰুষ উভয়েই সামাজিকীকৰণ প্ৰক্ৰিয়াৰ জড়িয়তে এনে নীতি-নিয়মৰ দাস আৰু বশ হৈ পৰে। সেইবাবে এনে নীতি-নিয়মবিলাক লালন পালন কৰি থকা একোজন ব্যক্তি নাৰীও হব পাৰে বা পুৰুষো হব পাৰে। নিজা দৃষ্টিভংগীৰে একোটা মতামত দি সিদ্ধান্তলৈ আহি ‘নাৰীয়ে নাৰীৰ শত্ৰু/বন্ধু’ অথবা ‘পুৰুষ নাৰীৰ শত্ৰু/বন্ধু’ আদি বাক্যৰ সৃষ্টি কৰি ভ্ৰান্ত ধাৰণা বিয়পোৱা আৰু পুৰুষতান্ত্ৰিক মানসিকতাত সাৰ-পানী যোগায় ৰক্ষণকাৰী হৈ উঠাৰ পূৰ্বে ইয়াৰ আৰঁত কি সূক্ষ্ম কাৰক আছে বা ‘কিয় এনে হ’ল’ ইত্যাদিৰ নিৰীক্ষণ আৰু বিশ্লেষণ কৰি লোৱাৰ প্ৰয়োজন। কোন কাৰ শত্ৰু/বন্ধু হ’ব সেয়া ব্যক্তি বিশেষৰ ওপৰত নিৰ্ভৰশীল। তাৰ কোনো ধৰা বন্ধা নিয়ম নাথাকে।

যোৱা সংখ্যাত আমি নাৰীৰ হস্তমৈথুনৰ দৃশ্য, সমকামী নাৰীৰ যৌন দৃশ্য, ‘Female sadomasochism’ বা নাৰীয়ে শৰীৰত আঘাতৰ জৰিয়তে লাভ কৰা যৌনসুখ আদি দৃশ্যৰে যৌনতাক লুকুৱাই ৰখাৰ পৰিৱৰ্তে ‘চেলিব্ৰেট’ কৰা Madonna Louise Ciccone-ৰ ভিডিঅ’ সমূহৰ কথা উল্লেখ কৰিছিলো। নাৰীবাদৰ দৃষ্টিৰে যৌনতা বিষয়ক আলোচনালৈ যোৱাৰ পূৰ্বে পুৰুষতান্ত্ৰিক সমাজত যৌনতাৰ ৰেহ-ৰূপ কেনেকুৱা সেই বিষয়ে থুলমূল আভাস লৈ লোৱা যাওক। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাই এক পৰম্পৰাগত, ৰক্ষণশীল ‘sexual morality’ ত বিশ্বাস কৰে আৰু এই বিশ্বাসেই সত্য বুলি বলপূৰ্বক সমাজৰ ওপৰত জাপি দিয়ে। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ মতে, যৌনতা কেৱল ‘vaginal intercourse’ হে স্বাভাৱিক অৰ্থাৎ নাৰীৰ যোনীত পুৰুষৰ লিংগৰ প্ৰৱেশেৰেহে কেৱল যৌন কাৰ্য হয়। সেইবাবে ‘oral sex’ বা মুখৰদ্বাৰা সংঘটিত যৌন কাৰ্য , ‘anal sex’ বা গুহ্যদ্বাৰৰ দ্বাৰা সংঘটিত যৌনকাৰ্য, ‘bestiality’ বা জীৱ-জন্তুৰ লগত মানুহে কৰা যৌন কাৰ্যক এনে সমাজত নিষিদ্ধ ৰূপে গ্ৰহণ কৰা হয়। ‘bestiality sex’ জীৱ-জন্তুৰ অধিকাৰ আইন আদি প্ৰসংগৰ লগত জড়িত বাবে এই বিষয়টো আলোচনাৰ আন এক বহল পৰিসৰ আছে। কিন্তু ‘anal sex’ বা ‘oral sex’ ৰ স্বাস্থ্যসন্মত দিশটোত সচেতনতা অৱলম্বন কৰি কৰা যৌন কাৰ্য বা সমকামী নাৰী-পুৰুষৰ মাজত স্বাভাৱিক আবেগিক সম্পৰ্ককো এনে সমাজে মানসিক ৰোগৰ শাৰীত ৰাখি ৰক্ষণশীল, শোষণকাৰী পৰিচয় দাঙি ধৰে। ‘Sodomy law’ অৰ্থাৎ নাৰীৰ যোনীত পুৰুষৰ লিংগৰ প্ৰৱেশৰ দ্বাৰা হোৱা যৌন কাৰ্যৰ বাহিৰে আন যৌন কাৰ্যক সমাজে অপৰাধ, অপ্ৰাকৃতিক, অমানৱীয় আখ্যা দি আইনৰ জড়িয়তে ৰোধ কৰি সমকামী নাৰী-পুৰুষৰ স্বাভাৱিক যৌন অনুভূতীক মূল্যহীন কৰি ৰাখে। সমকামী নাৰী-পুৰুষৰ বাবে পুৰুষতান্ত্ৰিক সমাজত কোনো স্থান নাই আৰু এনে ব্যক্তিসকলক ‘হিজৰা’ বুলি উপলুঙা কৰা হয়। ‘হিজৰা’ হোৱাটো এনে সমাজত অপমান, এক গুৰুতৰ অপৰাধ বুলি ভ্ৰান্ত ধাৰণা বিয়পোৱা হয়।

পুৰুষতান্ত্ৰিক সমাজে যৌন কাৰ্যত নাৰী আৰু পুৰুষৰ বাবে পৃথককৈ নিৰ্দিষ্ট নিয়ম বান্ধি দিয়ে যে পুৰুষজন যৌন কাৰ্যত সক্ৰিয়, দমনশীল ‘assertive’ আৰু নাৰীগৰাকী বাধ্য,শান্ত, অধীন ‘submissive’. নাৰী-পুৰুষৰ এনে বৈশিষ্ট্য স্বাভাৱিক, প্ৰাকৃতিক আৰু জন্মগত বুলি এনে সমাজে মানুহৰ মানসিকতাত ভ্ৰান্ত, যুক্তিহীন বিষবাস্প বিয়পাই ইয়াক সহজভাৱে ল’বলৈ বাধ্য কৰে। ‘পুৰুষ সত্ত্বা’ৰ গঠন আৰু ‘নাৰীৰ পবিত্ৰতা’ এনে সমাজৰ বাবে অতিশয় গুৰুত্বপূৰ্ণ। নাৰীৰ পবিত্ৰতা ৰক্ষা কৰিবলৈ এনে সমাজে নাৰী এগৰাকীক আবুৰত থকাটো বিচাৰে।এনে নিয়মৰ আৰঁত থাকে একাংশ পুৰুষৰ নাৰীৰ কৌমাৰ্য ভংগ কৰিবলৈ থকা দুৰ্দান্ত হাবিয়াস। সেইবাবে বিবাহপূৰ্বক যৌনতাক এনে সমাজত বাধা-নিষেধ কৰা হয়;কিন্তু বিবাহৰ পাছত নাৰীগৰাকীৰ ওপৰত পতিৰ দ্বাৰা বলপূৰ্বক যৌন আক্ৰমণৰ ক্ষেত্ৰত নীৰৱতা অৱলম্বন কৰা হয়৷ কাৰণ নাৰীৰ ইচ্ছা-অভিপ্ৰায় এনে সমাজত মূল্যহীন। পুৰুষতান্ত্ৰিক সমাজে পৰ্ণগ্ৰাফী বা যৌনতা বিষয়ক মুকলি আলোচনাক সহজভাৱে ল’ব নোৱাৰে, এৰাই চলে আৰু নিষেধাজ্ঞা আৰোপ কৰে। কাৰণ এইবিলাকে পুৰুষতান্ত্ৰিক সমাজে নিৰ্ধাৰণ কৰি দিয়া নীতি নিয়মসমূহ অবৈজ্ঞানিক আৰু শোষণশীল বুলি প্ৰমাণ কৰি প্ৰকৃত সত্য পোহৰলৈ লৈ অনাত সহায় কৰে।

আশী দশকৰ আৰম্ভণীৰ সময়চোৱাত যৌনতা বিষয়ত নাৰীবাদীসকলৰ মাজত গঢ়ি উঠা যুক্তি তৰ্কক ‘feminist sex war’ বুলি জনা যায়। ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকল পৰ্ণগ্ৰাফীৰ শক্তিশালী সমৰ্থক আছিল আৰু ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে পৰ্ণগ্ৰাফীৰ বিপক্ষে মত প্ৰদান কৰি ইয়াক বন্ধ কৰোৱাত জোৰ প্ৰ্দান কৰিছিল। ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে বিশ্বাস কৰে যে ‘femininity’ অৰ্থাৎ সমাজে সৃষ্টি কৰা ‘নাৰীসত্ত্বা’ৰ যি তথাকথিত সংজ্ঞা আৰু ‘reproduction’ বা নাৰীৰ প্ৰজনন ক্ষমতাই নাৰী এগৰাকীৰ সমাজলৈ আগবঢ়োৱা অৱদানৰ ক্ষেত্ৰত হেঙাৰ হৈ থিয় দিয়ে। সেইবাবে তেওঁলোকে নাৰীক ‘androgynous’ অৰ্থাৎ সমাজে নিৰ্ধাৰণ কৰি দিয়া তথাকথিত ‘masculine’ আৰু ‘feminine’ এই দুয়ো সত্ত্বাৰ বৈশিষ্ট্য লোৱাটো বিচাৰে। তেওঁলোকে বিশ্বাস কৰে যে নিজৰ শৰীৰটোৰ ওপৰত সিদ্ধান্ত গ্ৰহণৰ নাৰী এগৰাকীৰ সম্পূৰ্ণ অধিকাৰ থকা উচিত। তেওঁলোকে গৰ্ভধাৰণৰ কৃত্ৰিম প্ৰণালীক সমৰ্থন কৰে, যাতে নাৰী এগৰাকীয়ে নিজৰ সুবিধা বা ইচ্ছা অনুযায়ী গৰ্ভধাৰণত কম সময় আৰু সমাজৰ আন আন কামত বেছি সময় দিব পাৰে। ৰেডিকেল লিবাৰটিয়ান নাৰীবাদীসকল গৰ্ভপাত, গৰ্ভনিৰোধক বড়ি বা জন্ম নিয়ন্ত্ৰণৰ আন আন পদ্ধতিবোৰৰ সমৰ্থক।

ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে যৌনতাৰ স্বাধীনতাক নাৰী স্বাধীনতাৰ এক গুৰুত্বপূৰ্ণ কাৰক হিচাপে বিবেচনা কৰে।কাৰণ যৌনতাৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ নিয়ন্ত্ৰ্ণৰ দ্বাৰা ,যৌনতা কেন্দ্ৰিক বিষয়সমূহ নাৰী এগৰাকীৰ মান-সম্মান, সতীত্ব আদি শব্দৰে বান্ধি ৰাখি নাৰীৰ মনত এক অহেতুক ভয়ৰ সৃষ্টি কৰা হয় আৰু সমাজৰ বিভিন্ন কাম কাজত আগবাঢ়ি যাব খোজা নাৰীক যৌনতা কেন্দ্ৰিক সমস্যাৰ সৃষ্টি কৰি সীমাৰ মাজত ৰাখিব বিচৰা হয়।নাৰীৰ গৰ্ভধাৰণ ক্ষমতাক পুৰুষতান্ত্ৰিক সমাজে নাৰীৰ দুৰ্বলতা বুলি গ্ৰহণ কৰে। সন্তান জন্ম দিয়া আৰু দুগ্ধ পান কৰোৱাৰ ক্ষমতা একমাত্ৰ নাৰীৰ হাতত থাকে যদিও তাৰ বাহিৰে মৰম-চেনেহৰ উমেৰে, ধৈৰ্য,সহনশীলতাৰে,আবেগিকভাৱে সন্তানৰ লগত সংযুক্ত হৈ লালন পালন আদি দায়িত্ব পালনৰ যিবিলাক ক্ষমতা সন্তানৰ পিতৃৰো থাকে ,সেইবিলাকো অতিৰিক্ত ভাৱে নাৰীৰ হাততে সমাজে ন্যস্ত কৰে। ইয়াৰ ফলত সমাজৰ উন্নয়নত অৱদান আগবঢ়োৱাৰ পৰিৱৰ্তে ‘ঘৰৰ ভিতৰত থাকি সন্তান জন্ম দিয়াটোহে নাৰীৰ দায়িত্ব’, ‘ৰাজনৈতিক,সামাজিক দিশত ভূমিকা লোৱাৰ দায়িত্ব পুৰুষৰ’ তথা ‘সন্তান জন্ম দিবলৈ অক্ষম নাৰীৰ মূল্য নাই’ এইবিলাক পুৰুষতান্ত্ৰিক মানসিকতা বিকশিত হয়। নাৰীৰ শৰীৰৰ ওপৰত বেছি গুৰুত্ব দি নাৰীৰ শৰীৰটো সযতনে,সাৱধানে ৰাখিব লগীয়া, গোপনীয়, অতি সংবেদনশীল আদি ধাৰণাৰে পুৰুষতান্ত্ৰিক সমাজে নাৰী এগৰাকী মানসিক ভাৱে যিমানেই বুদ্ধিদীপ্ত নহওক, তেওঁৰ শৰীৰেই তেওঁক সমাজৰ বিভিন্ন দিশত আগবাঢ়ি যোৱাত হেঙাৰ হ’ব আদি ধাৰণাৰে নাৰীৰ ‘biology’ ক নাৰী দমনৰ প্ৰধান আহিলা হিচাপে লয়। সেইবাবে নাৰীৰ ছেক্সৰ প্ৰতি থকা ভয় আঁতৰাবলৈ ৰেডিকেল লিবাৰটিয়ান নাৰীবাদীসকলে পৰ্ণগ্ৰাফীৰ প্ৰচলনৰ সপক্ষে মত প্ৰদান কৰে।

নাৰী এগৰাকীৰো যে যৌনতা উপভোগৰ সম্পূৰ্ণ অধিকাৰ থাকে, সেয়া সমাজৰ আগত প্ৰকাশ আৰু প্ৰমাণ কৰিবলৈ ৰেডিকেল লিবাৰটিয়ান নাৰীবাদীসকলে পৰ্ণগ্ৰাফীক এক উপযুক্ত মাধ্যম আৰু নাৰীৰ বাবে উপযুক্ত থেৰাপী হিচাপে গ্ৰহণ কৰে। পৰ্ণগ্ৰাফীয়ে ৰাজনৈতিক, সামাজিক, সাংস্কৃতিক ষ্টেৰিঅ’টাইপ ভংগ কৰে। পৰ্ণগ্ৰাফীয়ে সমাজত যৌনতাৰ ‘panoramic view’ দিয়াৰ উপৰি নাৰীক বিকল্প যৌনসুখৰ নিৰাপদ অভিজ্ঞতা আৰু সন্তোষজনক স্বাস্থ্যকৰ যৌন কিউৰিয়চিটি, হস্তমৈথুন আদিৰ তথ্য দিয়ে ।তদুপৰি যাৰ যৌন সংগী নাই বা যি নাৰীয়ে যৌনসংগী নিবিচাৰে তথা বিধৱা নাৰী, পৰিয়ালৰ পৰা আতৰত থকা নাৰীৰ বাবে পৰ্ণগ্ৰাফী এক ভাল সংগী।

একাংশ ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীয়ে নাৰীক ‘violent pornography’ চাবলৈ আৰু BDSM, ‘rape fantasy’ ত নিমগ্ন হৈ যৌনতাক উপভোগ কৰাৰ সপক্ষে মত প্ৰদান কৰে।BDSM অৰ্থাৎ B/D (bondage and discipline, D/S (dominance and submission) and S/M (sadism and masochism)। এনে যৌন ক্ৰীয়াত এজন ‘দমনশীল’ আৰু আনজন ‘অধীন’ ভূমিকা লয়। দমনশীল জনে অধীনজনৰ ওপৰত ‘psychological control’ গ্ৰহণ কৰে।‘top’ আৰু ‘bottom’ শব্দ দুটা এনে যৌন ক্ৰিয়াৰ লগত জড়িত থাকে। যৌন ক্ৰিয়া সাধন কৰা ব্যক্তি দুজনে কোনজন দমনশীল হ’ব আৰু কোনজন অধীন হ’ব, সেয়া নিজৰ ইচ্ছাৰে ঠিৰাং কৰি যৌনতাৰ আনন্দ ল’ব পাৰে।‘rape fantasy’ৰ বিষয়ে ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে কয় যে বাস্তৱত নাৰী এগৰাকীৰ লগত সংঘটিত ধৰ্ষণ আৰু নাৰী এগৰাকীয়ে ধৰ্ষণৰ কল্পনাৰে যৌন সুখ লাভ কৰা একে নহয়। কাৰণ ধৰ্ষণৰ ফেণ্টাচীত নাৰী গৰাকী নিজেই কাল্পনিক ধৰ্ষণৰ পৰিচালক। নাৰীগৰাকীয়ে নিজৰ যৌনাকাংক্ষা অনুযায়ী শৰীৰৰ ওপৰত পুৰুষৰ দ্বাৰা হোৱা যৌনকাৰ্যৰ কাল্পনিক দৃশ্যৰে যৌনতাৰ সুখানুভূতি লাভ কৰিব পাৰে। একেদৰে পুৰুষ এজনেও নিজৰ শৰীৰত নাৰী এগৰাকীৰ দ্বাৰা হোৱা যৌন কাৰ্যৰ কাল্পনিক দৃশ্যৰে অৰ্থাৎ কল্পনাত নাৰীৰ দ্বাৰা ধৰ্ষিত হোৱাৰ ফেণ্টাচীৰে যৌন-সুখানুভূতি ল’ব পাৰে। এনে ফেন্টাচীয়ে যৌনতাৰ ক্ষেত্ৰত মানসিকভাৱে শক্তিশালী, মুকলি আৰু সহজ দৃষ্টিভংগীহে বুজায়।তদুপৰি এগৰাকী নাৰীয়ে ধৰ্ষণৰ ফেন্টাচীৰে যৌনতাৰ আনন্দ লাভ কৰাৰ অৰ্থ এয়া নহয় যে তেওঁ বাস্তৱ জীৱনত ধৰ্ষণৰ বলি হ’ব বিচাৰে। অৰ্থাৎ ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদী সকলৰ মতে নাৰী এগৰাকীৰ নিজৰ ইচ্ছাৰ জড়িয়তে নিজৰ শৰীৰৰ ওপৰত ধৰ্ষণ সংঘটিত হবলৈ দিয়া আৰু এজন পুৰুষে নাৰীগৰাকীৰ ইচ্ছাৰ বিপৰীতে বলপূৰ্বক যৌন কাৰ্য সংঘটিত কৰাৰ মাজত এক বৃহৎ পাৰ্থক্য আছে।

ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদীসকলে ছেক্সক ‘vanilla sex’ অৰ্থাৎ কোমল,শান্ত, ‘side-by-side’(no one on the top or the bottom) চেক্সহে মহিলাৰ বাবে সুবিধাজনক আৰু উপযোগী বুলি কোৱা ষ্টেৰিঅ’টাইপ ধাৰণাক সমালোচনা কৰে। তেওঁলোকৰ মতে আমি নাৰীক ছেক্সৰ এটা নিৰ্দিষ্ট ‘flavor’ তেই কিয় সীমাৱদ্ধ কৰি ৰাখিব লাগে? নাৰীসকলক যদি আমি মত প্ৰদানৰ মুকলি পৰিৱেশ দিও তেন্তে কিছুমানে হয়তো ‘vanilla sex’ নিৰ্বাচন কৰিব, কিন্তু আন কিছুমানে হয়তো ‘rocky-road sex’ য’ত যৌন পীড়া, অত্যাধিক উন্মাদনা , কাঠিন্য থাকে (pain punctuates pleasure ) এনে যৌন কাৰ্যৰ বাবে আগ্ৰহ প্ৰকাশ কৰিব। কোনো নাৰীৰ বাবে এইটো বাধ্যতামূলক নহয় যে তেওঁ নিজৰ ইচ্ছাৰ বিপৰীতে, যৌন জীৱনত নিজকে অসুখী কৰি এক নিৰ্দিষ্ট ধৰণৰ যৌনকাৰ্যহে কৰা উচিত। এগৰাকী নাৰীয়ে নিজকে এক নিৰ্দিষ্ট চেক্সুৱেল এনকাউন্টাৰৰ মাজতেই সীমাৱদ্ধ ৰখা কাৰ্যই পুৰুষতান্ত্ৰিক ব্যৱস্থাই নাৰীৰ যৌনতাৰ ওপৰত ৰাখিব খোজা নিয়ন্ত্ৰণতহে সাৰ-পানী যোগায়। এই পুৰুষতান্ত্ৰিক নিয়ন্ত্ৰণ ভংগ কৰিবলৈ প্ৰতিগৰাকী নাৰীৰে যৌনতাক তেওঁ কিদৰে উপভোগ কৰিব,কেনেধৰণৰ যৌনতা তেওঁৰ বাবে ‘pleasurable’ হ’ব অৰ্থাৎ ‘vanilla sex’ নে ‘rocky-road sex’ সেয়া নিৰ্ধাৰণৰ সম্পূৰ্ণ অধিকাৰ থকা উচিত।

ৰেডিকেল লিবাৰটিয়ান নাৰীবাদীসকলে যৌনতা কেন্দ্ৰিক বিষয়ত ৰাষ্ট্ৰৰ হস্তক্ষেপৰ কঠোৰ বিৰোধিতা কৰে। চেঞ্চৰছিপৰ বিৰূদ্ধে নাৰীবাদীসকলে ১৯৮৯ চনত Feminist Anti censorship Task Force গঠন কৰে। তেওঁলোকৰ মতে চেঞ্চৰছিপ হৈছে যৌনতা কেন্দ্ৰিক প্ৰকৃত সমস্যাবোৰ আলোচনাৰ মাজলৈ অনাত বাধা দি, ৰাষ্ট্ৰ বা সমাজৰ দ্বাৰা হোৱা দমনৰ বিৰোধিতা কৰাসকলৰ কন্ঠ ৰুদ্ধ কৰি দিয়া এক ক্ষমতাৰ মাধ্যম।অতীতৰ পৰাই চেঞ্ছৰছিপে কেতিয়াও সামাজিক অশান্তি হ্ৰাস কৰাত সহায়ক হোৱা নাই, তাৰ পৰিৱৰ্তে শোষিত সকলৰ প্ৰকৃত তথ্য লুকুৱাই, নাৰীক প্ৰতিবাদ কৰিব নোৱাৰাকৈ মুখ বন্ধ কৰি ৰখাতহে ভূমিকা লয়।চেঞ্ছৰছিপে যৌনতাৰ ওপৰত পুৰুষতান্ত্ৰিক সমাজৰ নিয়ন্ত্ৰণৰ শিকলী মজবুত কৰি ৰখাৰ উপৰি মূল সমস্যাটো ভালদৰে বুজি পোৱাত বাধাৰ সৃষ্টি কৰে আৰু সামাজিক অসুখৰ শিপাত নিৰাময় কৰাৰ পৰিৱৰ্তে তাৎক্ষণিক এক ওপৰুৱা সমাধানেৰে বিষয়টো সামৰি থয়। যাৰ ফলস্বৰূপে ‘root treatment’ নাপায় সমস্যা বিস্তাৰিত হোৱাৰ সম্ভাৱনাহে অধিক। যেনে Holly Hughes ৰ দৰে শিল্পীৰ শৰীৰ,যৌনতা,লেজবিয়ানিজম বিষয়ক চিত্ৰ যিবিলাকে নাৰী মন:স্তত্বৰ বহু দিশ প্ৰতিফলিত কৰিছিল,আমেৰিকাৰ ‘reproductive rights’ আন্দোলনত সক্ৰিয় ভূমিকা লোৱা Margaret Sanger ৰ ৰচনা বিলাক যিবিলাকে জন্ম নিয়ন্ত্ৰণৰ বহু দিশ উন্মোচিত কৰিছিল, Our bodies,Ourselves দৰে কিতাপ যি নাৰীৰ যৌনতা আৰু স্বাস্থ্যৰ দিশসমূহ আলোচনাৰ মাজলৈ আনিছিল আদি চেঞ্ছৰছিপৰ লক্ষ্য আছিল।গতিকে এনেধৰণৰ শিল্প-সাহিত্যৰ চেঞ্চৰছিপে নাৰী আৰু নাৰীবাদীসকলৰ বাবে গুৰুত্বপূৰ্ণ বহুতো তথ্য আন্ধাৰত ৰখাতহে সহায়ক হয়। পৰ্ণগ্ৰাফী প্ৰচলন বন্ধ কৰা সম্পৰ্কে ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদী সকলে কয় যে নাৰীক পণ্য ৰূপে দেখুওৱা বা নাৰীক হেয় জ্ঞান কৰা গীত-মাত,বোলছৱি,কাহিনী আদিৰে আন আন সকলো ব্যৱসায়িক,ৰাজহুৱা মাধ্যম যিহেতু ভৰি আছে, গতিকে সমাজ বিপথে যাব বুলি মাত্ৰ এক নিৰ্দিষ্ট মাধ্যম বন্ধ হব লাগে বুলি যুক্তি দিয়াটো অদ্ভুত আৰু হাস্যকৰ।
“it’s a far different criticism to note that porn is sexiest. So are all commercial media. That’s like tasting several glasses of salt water and insisting only one of them is salty. The difference with porn is that it is people fucking and we live in a world that cannot tolerate that image in public”(Susie Bright)

ৰেডিকেল লিবাৰটেৰিয়ান নাৰীবাদী সকলে পৰ্ণগ্ৰাফীৰ সপক্ষে এইদৰে যুক্তি দিছে যদিও ৰেডিকেল কালচাৰেল নাৰীবাদীসকলে পৰ্ণগ্ৰাফীত দেখুওৱা  ‘Female sadomasochism’ বা  ‘Rape fantasy’,’BDSM’ আদিৰ আন কেতবোৰ দিশ আঙুলিয়াই ইয়াৰ তীব্ৰ বিৰোধিতা কৰে। ৰেডিকেল কালচাৰেল নাৰীবাদীসকলৰ মতে  পৰ্ণগ্ৰাফী হ’ল এক পুৰুষতান্ত্ৰিক প্ৰপাগণ্ডা, য’ত ক্ষমতাৰ ব্যৱহাৰেৰে দেখুওৱা হয় যে নাৰী হৈছে পুৰুষৰ কাৰণে খেলাৰ সামগ্ৰী আৰু পুৰুষে নিজৰ ইচ্ছামতে নাৰী শৰীৰক ভোগ কৰিব পাৰে। য’ত পুৰুষৰ অস্তিত্ব তেওঁলোকৰ নিজৰ বাবে আৰু নাৰীগৰাকীৰ অস্তিত্ব পুৰুষৰ বাবে বুলি নাৰীক ‘পুৰুষৰ সেৱক’ এই নিদৰ্শন দাঙি ধৰা হয়। নাৰীবাদী দৰ্শনত বিশ্বাসী লেখক Robin Morgan য়ে পৰ্ণগ্ৰাফী সম্পৰ্কে মন্তব্য দিয়ে যে ‘pornography is the theory and rape is the practice’।

(পৰৱৰ্তী সংখ্যাত)

পূৰ্বৱতী লেখা এই লিংকত চাওক

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– এক ( গীতালী বৰপাত্ৰগোহাঁই)

2 মন্তব্য

  1. আপোনাৰ লিখনি পঢ়ি কিচু কথা জানিৱ পৰিচু|
    আপোনাক ধন্যবাদ জনাইচো |

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে