চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / বিষ্ণুদালৈ ( হেমাংগ বিশ্বাস )

বিষ্ণুদালৈ ( হেমাংগ বিশ্বাস )

কাৰো মৃত্যু উৰি যোৱা গঙাচিলনীৰ
সৰি পৰা পাখি।কাৰো মৃত্যু পৰ্বতৰ
খহি পৰা চূড়া। ভূঁইকঁপে ভূটানৰ টিং
বাগৰি বাগৰি আনে ভৰা লুইতেদি।
চাপৰিত মূৰ্চ্ছিতা অসম। পাৰে পাৰে
উচুপনি । তথাপিতো বোৱতী সুঁতিত
ফেনে-ফোটকাৰে বয় যৌৱনৰ গীত
মৃত্যুহীন প্ৰাণ। শোষিতৰ কলিজাৰ
ৰঙা পোৱালেৰে গঁথা, আলোক-মিনাৰ
চিৰ অনিৰ্বাণ জ্বলে ‘মুক্তি দেউল’ত।
তাৰে খনিকৰ ,ৰূপৰ শিকলি বন্ধা
অমিয়া সুৰক মুক্তি দিলা ধাননিত ।
সাম্যবাদী চেতনাৰে সুদীপ্ত সুন্দৰ ৰাখি
গ’লা হেঙুলীয়া তোমাৰ স্বাক্ষৰ।
 
( ‘কুলখুৰাৰ চোতাল’ পুথিৰপৰা পূজা নিৰালাৰ সংগ্ৰহ
আৰু সংলগ্ন ছবিৰ শিল্পী চন্দ্ৰমিকা বৰা)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে