চ’ৰাঘৰ / কথাশিল্প / অনুভৱ তুলসীৰ কবিতা

অনুভৱ তুলসীৰ কবিতা

১.
খেৰসুতি
সোণাৰু সোণালী হৈ পৰা সময়ত তোলৈ মনত পৰিছে, খেৰসুতি
আকাশ নিসৰ্গই তোৰ চকুত বিজুলিয়াইছিল
চকামকা দৃশ্যও হৈ পৰিছিল ডুবুৰীয়াৰ বিশ্বাস
পানীগছাই ঢাকি ৰাখিব পৰা নাছিল সুৱৰ্ণৰেখা
মেজাংকৰী মুগাসূতা তৰিলা উপমাৰ তলে-ওপৰে
একালৰ ছন একালত হৈ উঠে বৃন্দাবন
পোনামাছৰ জাক যেন ডাৱৰৰ অহা-যোৱা
আলিপুখুৰীৰ পথাৰত যাৰ ফাঁকে ফাঁকে
সোণাৰু সোণালী হৈ সৰিছে পুৱা বেলিৰ পোহৰ
জালিকটা সপোনৰ গাত লিপিট খাই থকা
………… …………… ………… …………
শিৰীষ সেউতী তমাল মালতী লবঙ্গ বাগীগুলাল
আহ বাছা বেগতে মেলি ধৰহি বৰদৈয়া
এই ভৱ সংসাৰ পোহৰৰ দোলনি
প্ৰৌঢ় দুচকুৰ গাঢ় নীলা আকাশত উষাকাল
বহু পুণ্যবলে মই হ’লোঁ উঠা বেলিৰ বুঢ়ীমাক

২.
সত্যসন্ধা
খান্দিব খুজিছিলোঁ। সহস্ৰ সূৰ্যাস্ত আৰু
সূৰ্যোদয় পাৰ হৈ যাব লাগে। এই ব্ৰহ্মাণ্ড মঙহৰ লদা
সদৃশৰ ৰূপক বিসদৃশৰ ৰূপতৃষ্ণা
খোপনি পিছল বিৰোধ সংঘাতৰ ধুমুহা
কোনোকালে যোৱা নাই উভতি
তথাপি শান্তিৰ দিশে গতি
এটি ধূলিকণা মই, মোকে খান্দিব খুজিছিলোঁ
ধুঁৱলী অতীত আৰু সোঁৱৰণি
এটা কল্পচিত্ৰ ৰচনাৰ আগ্ৰহ
ধ্বনিময় হেঁপাহ
আইমাতৃ আইমাতৃ উদাৰ এজাৰ ফুল এপাহ
ওচৰ পাওঁগৈ মানে মহীয়সী নীৰৱতা
নীলা পাহাৰত লীন।

৩.
কালিন্দী
তোৰ কথাৰ মান কৰোঁ তোকো মানি যাওঁ
আই কালিন্দী, আমাৰ সমাজখনো মই ভালপাওঁ
সমাজখন লৈয়ে মোৰ যত জল্পনা-কল্পনা
অ’ত এঘৰ ত’ত এঘৰ
গাই গোটা পেটে ভঁৰাল
চুৰুকি-চিকুণাই ল’ব লাগিব
সমাজখনৰ মূৰৰ পৰা ভৰিলৈকে
দেও ভূত প্ৰেত পিশাচৰ ভৰ
নৈৰ গতি সলনিৰ পুৰাণ আৰু
আজাৰত কাতৰজনৰ নিদানৰ বিধি
ৰচনাৰ কামত ধৰিছোঁ
তোৰ কথা আৰু কামৰ মান কৰোঁ
হাত-উজান দিবলৈ আহ, আই কালিন্দী
৪.
কমলাপ্ৰিয়া
নিৰলাত বহি ৰৱাবত কি গৎ বজালা
অ’ কমলাপ্ৰিয়া, বতাহৰ তৰপে তৰপে কুঁৱলীৰ বেৰ
বেৰৰো আছে কাণ, ইকাণ-সিকাণকৈ সুৰ
আৰু কথা ছন্দায়িত সহস্ৰ কাণলৈ
তৃষা-তাপিত বতাহৰ শীতলালা প্ৰাণ
পৰিতৃপ্ত বতাহে ঢালিলেগৈ সুৰৰ ঢৌ
কাৰ শ্ৰৱণ-মন্দিৰত, সন্মোহনে পালে সংগীতৰ ৰূপ
চৰণ স্পৰ্শৰ দুৰ্ঘোৰ স্পৃহা হ’ল
নিৰলাত বহি বতাহক শুনালা কি গীত
অ’ কমলাপ্ৰিয়া, জোনাক নিশা ধনশ্ৰী
ৰাগিণী কাল নাগিনী।

৫.
ৰাধিকা
মই ভাল পালোঁ যাক সেই মনৰ পানী-যুঁৱলিত
অচিনা ধাৰণা আছিল ভাহি আছিল দৰক দি
বাঁহৰ কাঠী-কামী আৰু চিকুণকৈ তুলোৱা বেতৰ সুত
কাম চাই চাই হেঁপাহ নপলায় যি কামৰ আঁৰত অন্য চেতনা
নেদেখা চিন্তা যাৰ টানত কাষ চাপি যোৱা
কিজানি সিয়েই ভালপোৱা বাঁহৰ কাঠী বেতৰ সুতৰ সেতু
কিজানি তাৰেই অহা-যোৱা সূতা কটা তাঁতবাতি
চিন্তাৰ মাছ ধৰাৰ যতন চিন্তাৰ মাছ বহুৰঙী
সেই মাছলৈ বুলি তোৰ কৃচ্ছ্ৰসাধনা
সেই নিৰাকাৰে ধৰে পলৰ আকৃতি
পল হ’ল চিন্তাৰ বিকল্প প্ৰতিমা
তোৰ অদভুত উদযাপন মই ভালপাওঁ
তোৰ দৃষ্টিত কোনো ভেদ নাই
মনন আৰু পানীৰ মাজত
শংকৰে সেয়ে ক’লে, শতছিদ্ৰযুক্ত পলেৰে
পানী আনিব পাৰে যদি কোনোবাই
তেওঁহে কৃষ্ণপ্ৰিয়া
তেওঁহে ৰাধিকা

2 মন্তব্য

  1. নমস্কাৰ । অনুভৱ তুলসীৰ আৰু ভাল কবিতা পঢ়িবলৈ পাম নিশ্চয় । কামটো প্ৰশংসনীয় । আগলৈও ভাল লেখা প্ৰকাশ কৰিবলৈ অনুৰোধ কৰিলো।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে