চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / এইবাটেদিয়ে উভতিবা কমৰেড ( অনিতা গগৈ )

এইবাটেদিয়ে উভতিবা কমৰেড ( অনিতা গগৈ )

পথাৰৰ আলিৰ দুবৰি গছকি
এইফালেদিয়ে
পাৰ হৈ গ’ল চিফুঙৰ পাঁচোটা আঙুলি,
কাঁহৰ বাটিত পৰি জীণ গ’ল
নুপুওৱা ৰাতিৰ নিয়ৰসৰা সুৰ এটি,
গাঁৱে গাঁৱে বুকুৱে বুকুৱে
স্থবিৰ হৈ ৰ’ল বেলি
.
এই বাটেদিয়ে উভতিবা কমৰেড্ !
ৰ’দৰ মুখীয়াকৈ পাৰি দিছো মোৰ বেওচনীয়া বুকু,
ৰৈ আছে তোমাৰ বাবে…
কেঁকোৰাৰ গাঁতত পোত খোৱা হেজাৰ হেজাৰ চকু।
.

সিহঁতৰ ছন পৰা তেজত
আজি গজি উঠিছে ভেদাভেদৰ বিহলঙনি
তেজৰ গোন্ধত মাতাল
হিংস্র শ্বাপদৰ হাঁতোৰাতকৈও বিষাক্ত যি,
পাহৰি গৈছে সিহঁতে
একতাৰ বলেৰে উজাই …
বঞ্চনাৰ শিকলি ছিঙি কাঢ়ি অনা মুকুতিৰ সোৱাদ কি ?
.
বেলি লহিয়াবৰে হ’ল
আঁহা আঁহা কমৰেড্,
.
তোমাৰ খোজৰ ভৰত সাৰ পাওক মাটি
নৃত্যৰ ছন্দে ছন্দে
জাগি উঠক
মোৰ কুন্দত কটা শিলৰ ভৈৰৱ ,
দহি যাওক
খঁহি যাওক
জহি যাওক
সাম্রাজ্যবাদৰ জতুগৃহ অনৰ্থক।
.
ৰ’দৰ মন্ত্রেৰে দীক্ষিত হওক
মেহনতী জনতাৰ বুভূক্ষিত সমদল,
তোমাৰেই কবিতাৰ ছন্দ লাগি
নিপীড়িত বুকুৱে বুকুৱে
মাজনিশাও সাৰ পাওক পুৱতিৰ বেলি।
.
তোমাৰ বাটকে চাই
তাহানিৰে পৰা
তধা লাগি আছে ৰৈ …
খিল্ খিল্ হাঁহিৰে আপোন পাহৰা হোৱা
পাহাৰী নিজৰাৰ ৰূপোৱালী পানচৈ
.
চোৱাচোন ,ওভতাৰ বাটত তোমাৰ
ৰ’দলৈ পোনাই যতনাই পাৰি থৈছো
মোৰ বেওচনীয়া বুকু
ৰ’দৰ জলঙাৰে আহিবা নামি প্রাণৰ কমৰেড্ মোৰ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে