চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / তিৱা জাতি আৰু ঢোলবাদ্য ( মুংছাজ বৰ্ণালী আম্ফি মান্তা)

তিৱা জাতি আৰু ঢোলবাদ্য ( মুংছাজ বৰ্ণালী আম্ফি মান্তা)

নৃত্য-গীত প্ৰিয় তিৱাসকলৰ বিভিন্ন সামাজিক কৰ্ম,পূজা-পাতল,উৎসৱ-পাৰ্বণ আদি প্ৰতিটো দিশতেই গীত-নৃত্য,ঢোলবাদ্য বা আন আন বাদ্যযন্ত্ৰৰ পয়োভৰ দেখা যায় ৷ তিৱা ভাষাত ঢোলক খ্ৰাম বুলি কোৱা হয় ৷ তিৱা লোক নৃত্য আৰু লোকসঙ্গীতত পৰম্পৰাগতভাৱে ব্যৱহাৰ হোৱা কেইবিধমান ঢোলবাদ্য হ’ল –
খ্ৰামঃ খ্ৰাম হ’ল সৰু আকৃতিৰ ঢোল ৷ খ্ৰামৰ আকৃতি ঢোলতকৈ দীঘল আৰু খোলতকৈ চুটি ৷ দেখাত অসমীয়া সমাজৰ খোলৰ দৰে ৷ মাতটো ৰিঙা ৷ খোল আৰু খ্ৰামৰ পাৰ্থক্য হ’ল খোলৰ বৰতী ঘন আৰু ঘূণ দিয়া,খ্ৰামৰ বৰতী পাতল আৰু ঘূণবিহীন ৷ সেইবাবে মাতটো ৰিঙা হয় ৷ প্ৰায় সকলো গীত-মাত,নৃত্য আদিত খ্ৰাম ব্যৱহাৰ কৰা হয় ৷ সৰু খ্ৰামটোক জংখং খ্ৰাম বোলে ৷
খ্ৰামবাৰ’ঃ খ্ৰামবাৰ’ক বৰঢোল বুলি ক’ব পাৰি ৷ ইয়াৰ মাতটো গুৰু গম্ভীৰ ৷ খ্ৰামবাৰ’ খ্ৰামতকৈ চুটি কিন্তু আকৃতিত ডাঙৰ ৷ ইয়াক দুফালৰ পৰা দুডাল মাৰিৰে বজোৱা হয় ৷ খ্ৰামবাৰ’ সকলো অনুষ্ঠানতে ব্যৱহাৰ নকৰে ৷ কেতবোৰ বিশেষ বিশেষ অনুষ্ঠানৰ নৃত্য-গীত যেনে :-
ছগ্ৰা-মিছাৱা,ৱ্যানছুৱা আদিতহে ব্যৱহাৰ কৰে ৷
দগাৰা বা তুম্বাংঃ
দগাৰা বা তুম্বাঙৰ আকৃতি ৰঙা লাওৰ দৰে ৷ দেখাত নাম প্ৰসঙ্গত ব্যৱহাৰ কৰা নাগাৰাৰ দৰে ৷ দুহাতে দুডাল মাৰি লৈ বাদকে এই বাদ্য বজায় ৷
পাতিঢোলঃ তিৱাৰ পাতিঢোল উজনিৰ বিহু বা ওজা ঢোলৰ দৰে খোলা,মলোৱাৰ মাজত পাতি নাথাকে ৷ সাধাৰণতে এই ঢোলৰ খোলাটো চাম বা কঁঠাল কাঠৰ হয় ৷ খোলাটোৰ ওপৰৰ ভাগত লা,হেঙুল,নীল আৰু হৰিতাল মিহলাই বোলাই দিয়া হয় ৷ ইয়াৰ মাত ঢিমা আৰু কোমল ৷ তিৱাসকলৰ বিভিন্ন মাঙ্গলিক অনুষ্ঠানত পাতিঢোলৰ ব্যৱহাৰ অপৰিহাৰ্য ৷

এই ঢোলবাদ্য কেইবিধৰ উপৰি তিৱা সমাজৰ বিভিন্ন পূজা-পাৰ্বণ,উৎসৱ -ছগ্ৰা,ইয়াংলি,লাংখুন ফূজা ,মুইনাৰি কাণ্ঠী আদিত খ্ৰাম লুদাং,খ্ৰাম খুজুক,খ্ৰাম পান্ঠাই আদি আন আন ঢোল বাদ্যবোৰো বজোৱা হয় ৷ এই ঢোলবাদ্যবোৰ তিৱা শিল্পীসকলে নিজে কাঠ,বাঁহ,ছাল-চামৰা আদিৰে সাজি উলিয়ায়৷ বাদ্যযন্ত্ৰবোৰ সাজোতে তেওঁলোকে কেতবোৰ ৰীতি-নীতি,আচাৰ-অনুষ্ঠান পালন কৰা দেখা যায় ৷ এই বাদ্যযন্ত্ৰসমূহ তিৱাসকলে শ্ৰদ্ধা-ভক্তিৰে তিৱা সমাজৰ ডেকাচাং চামাদিত তুলি থোৱাৰ নিয়ম ৷
(ছাঁ লৈ)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে