চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কাৰ্বি লোকবাদ্য ( মুৰুলীধৰ দাস)

কাৰ্বি লোকবাদ্য ( মুৰুলীধৰ দাস)

অসমৰ আন আন জনগোষ্ঠীৰ লেখীয়াকৈ কাৰ্বিসকলো উৎসৱপ্রিয় আৰু সংগীতময় জনগোষ্ঠী। তেওঁলোকৰ এনে এটা লোকনুষ্ঠান নােলাবঃ য’ত তেওঁলোকৰ পৰম্পৰাগত লোকগীত এটা পৰিৱেশন নহ’ব, লোকনৃত্য এটা নানাচিব বা লোকবাদ্য এটা নবজাব। আনকি মৃত ব্যক্তি এগৰাকীৰ কাষতো বিননি তুলি গীত গোৱা আৰু লোকবাদ্য বজোৱা হয়। এই প্ৰবন্ধত কাৰ্বিসকলৰ লোকবাদ্যসমূহৰ সম্যক পৰিচয় এটা দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

চেংপে (ডাঙৰ ঢোল)ঃ ষোল্ল-ওঠৰ ইঞ্চিনমান দীঘল, দহ-বাৰ ইঞ্চিমান ব্যাসৰ কাঠৰ খোলাৰে চেংটাে (ঢোলটাে) তৈয়াৰ কৰা হয়। ঢোলটো এফালে সৰু আৰু এফালে ডাঙৰ। ঢোলৰ কোবিনিখন গৰু ছালৰ আৰু তালিখন ছাগলী ছালৰ। কোবানি-তালিক কার্বিত “আৰং-তালি” বোলে। চেংটোৰ দোৱান কেইডাল গৰু ছালৰ হ’ব লাগে। ঢোলটাে এফালে হাতেৰে, এফালে মাৰিৰে বজোৱা হয়। ঢোলৰ মাৰিডাল বাঁহৰ বা বেতৰ লয়। বেতৰ মাৰিডালৰ আদৰ বেছি। এই মাৰিডাল হেৰুৱালে ঢুলীয়াজনে দায়— জগৰ ভৰিবলগীয়া হয়। এই ঢোলটাে আৰকোৰা ৰেত কিনং’ অনুষ্ঠানত ব্যৱহাৰ হােৱাৰ উপৰি দমাহী, দেহাল পূজা, টিকে কিকান, ডেকাচাঙৰ বৰখুঁটাটাে চাঙৰ থলীলৈ নৃত্য-গীতেৰে আদৰি আনােতে বজোৱা হয়। দাংদেৰ” (এমুখীয়া ঢোল) ওঁ এই ঢোলটাে ঢুলীয়াই কঁকালত বান্ধি লৈ বৰবিহু দামাহীপেৰ সময়ত চেংবেৰ সৈতে (ডাঙৰ ঢোল বজোৱা ঢুলীয়া) বজায়। দুখন হাতত দুডাল মাৰিৰে দাংব্দৰটাে বজোৱা হয়।

কিঠি কাৰহি আচেংঃ গাঁৱত কোনাে লোকৰ মৃত্যু হ’লে একো দিনৰ ভিতৰতে ঢোল কাটি, ঢোল খুলি তাত চামৰা-বৰতি লগাই মৃতকৰ চােতালত যিটাে ঢোল বজাই নাচিবলগীয়া হয়। সেই ঢোলটােকে কিঠি কাৰহি আচেং বােলে।

আহন আপংহীঃ আহন আপংহী মানে হ’ল বৰবাঁহী, ই আঠটা ফুটাযুক্ত বাঁহৰ বাঁহী। ওপৰৰ ফুটাটােত মুখ থৈ বজাব লাগে। কৃষিদেৱতাৰ পূজা ৰোত্ আর্ণািম, আমৈ মৈ কিকান, দেহাল আর্ণাম, ক্লক ক্লকচৰ (বাঁহ নৃত্য), তাৰাং হেম (ডেকাচাং) ত মেল বহা দিনাখন, কোনােবা গৃহস্থৰ মাংগলিক অনুষ্ঠানত এই বাঁহীটাে বজায়।

তুৰয়িতঃ তুৰায়িত মানে হ’ল ওঁঠেৰে বজোৱা বাঁহী। এই বাঁহীটাে গৰখীয়াসকলে বজায় কাৰণে ইয়াক গৰখীয়া বাঁহী ৰূপেও জনা যায়। এই বঁহৰ বাঁহীটােৰ দুটা মাত্র ফুটা। গৰখীয়াসকলে গৰু মেলাৰ সময়ত, গৰখীয়াতলীত ইয়াক বজোৱা হয়। মন কৰিবলগীয়া কথা যে বনদেৱতাৰ পূজা ইংলং আর্ণামটাে পাতি উঠাৰ পিছতহে তুৰয়িতটাে বজাব পাৰে।

আহনমুৰীক (বৰকালি)ঃ এই মুৰীক বা কালিটাে বৰ সন্মানীয়। ইয়াৰ তল খণ্ডটাে পিতলৰ। আনহাতে, ইয়াৰ যোৰা নাই, অংশ এটাই। ফুটা সাতটা, কিছুমানৰ ছয়টাও থাকে। কালিটােত মাইকী হাঁহৰ পাখিত ধানৰ নৰাদি বজায়। দ’মাহী, দেওশাল আর্ণাম কিপলি, গাভৰুসকলে দেহাল পূজাৰ সময়ত পিঠাগুড়ি খুন্দােতে, ডেকাচাঙৰ বৰখুঁটা নুমপেটাে আনােতে বজায়। অনুষ্ঠানটাে শেষ হােৱাৰ পাছত ঢোল বা চেংটাে বাংঠেৰ ঘৰত সসন্মানে থৈ অহাৰ নিচিনাকৈ কালিটােও বাংঠেৰ ঘৰতে থৈ আহেগৈ।

মুৰীক য’ৰাঃ কালিটােত ভালেকেইটা যোৰা থাকে কাৰণে এই লোকবাদ্য বিধক মুৰীত য’ৰা বোলে। ইয়াতে সাতটা ফুটা থাকে। সাধাৰণতে মুৰীক য’ৰাটাে দেহাল আর্ণািম,দ’মাহীত ব্যৱহাৰ নহয়। উপায় নাথাকিলেহে বজায়।

মুৰীক জাংকেকঃ এই পেঁপাটাে বনবাঁহৰ আগলিৰে বনােৱা হয়। ফুটা সাতটা থাকে। ইয়াক হাদীৰী খোলোতে, খৰি-খেৰ কাটিবলৈ যাওঁতে, গৰু চাৰাওঁতে বজোৱা হয়।

পামপ্রপ্ঃ  ই এটা বাঁহৰ চুঙাৰ বাদ্য। ইয়াক গাভৰু ছােৱালীয়ে নচা আমৈ মৈ কিকানত বজোৱা হয়।

গোংগংঃ দুটা মূৰত গাঁঠি থকা এপবীয়া বঁহত চেচুক টানি টােকাৰিত থকা ঘোঁৰাটােৰ নিচিনা এপাত শলা সুমুৱাই গিগিংগিগিং শব্দ কৰি বজোৱা হয়।

হালিং বা তালঃ কার্বি সমাজত তালৰ ব্যৱহাৰ নাই বুলিয়ে ক’ব পাৰি। মাথোন বাঘ মাৰি পতা অনুষ্ঠান টিকেকিকানতহে তালৰ ব্যৱহাৰ হােৱা দেখা যায়।

কাঁহ বা সানঃ নতুনকৈ আৰখেতি (ৰেতি) বা জুমখেতিত নমাৰ আগতে বৰবাংঠেৰ ঘৰত আৰবিদায় পূজা পাতে। সেই সময়ত গোৱা গীত আৰু নৃত্যত কাঁহ এখন বজোৱা হয়। মন কৰিবলগীয়া কথা যে ইয়াৰ পাছত পাহাৰত আৰকোৰা সময়ত গোৱা গীত আৰু নৃত্যত কাঁহ বা সান বজোৱা নহয়।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে