চ’ৰাঘৰ / ধাৰাবাহিক / নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– এক ( গীতালী বৰপাত্ৰগোহাঁই)

নাৰীবাদৰ দৃষ্টিৰে ‘যৌনতা’– এক ( গীতালী বৰপাত্ৰগোহাঁই)

সমাজৰ অশুভ শক্তিবিলাকক প্ৰত্যাহবান জনাই উত্তৰণমুখী সমাজ ৰূপান্তৰত সহায়ক হিচাবে যিবিলাক তত্ত্ব বা মতবাদৰ সৃষ্টি হৈ আহিছে, সেইবিলাকৰ যদি সাৰভাগ শুদ্ধ ৰূপত প্ৰসাৰ আৰু প্ৰচাৰ নহয়, তেন্তে সমাজ পৰিৱৰ্তন প্ৰক্ৰিয়াটো হৈ পৰে লেহেমীয়া আৰু বিভ্ৰান্তিপূৰ্ণ। কোনো কোনো ক্ষেত্ৰত দেখা যায় যে একোটা মতবাদত বিশ্বাসীসকলৰ নিজৰ মাজতো মতান্তৰ তথা দ্বিপাক্ষিক যুক্তি বিলাকৰ আগমন ঘটে। ই স্বাভাৱিক, কাৰণ সমাজ আধুনিকতাৰ পথত অতিক্ৰম কৰাৰ লগে লগে নিত্য নতুন ৰহস্য বা সিদ্ধান্ত উন্মোচিত হৈ আহিছে। সেইবাবে কোনো এটা মতবাদৰ ভ্ৰান্তি বা আসোঁৱাহসমূহৰ সঠিক সমালোচনাই এটা সঠিক সিদ্ধান্তৰ সৃষ্টি কৰি মতবাদটো সৱল ৰূপত আত্মপ্ৰকাশ ঘটায়। কিন্তু সমাজ পৰিৱৰ্তনত অগ্ৰগামী একোটা মতবাদৰ মূল কথাবোৰৰ প্ৰতিয়েই যদি বেমেজালিৰ সৃষ্টি হয় বা ইয়াৰ মূল কথাবোৰ যদি সমাজৰ একাংশ লোকে আয়ত্ব কৰিব নোৱাৰে, তেন্তে পৰিৱৰ্তন প্ৰক্ৰিয়াটো ই কৰি তোলে আৰু বেছি লেহেমীয়া আৰু স্থৱিৰ।

নাৰীবাদৰ ক্ষেত্ৰটো আমাৰ সমাজত এনে বেমেজালি পৰিলক্ষিত হয়। নাৰীবাদ সম্পৰ্কে থকা ভ্ৰান্ত আৰু অশুদ্ধ ধাৰণাৰ বাবে নাৰীৰ সমানাধিকাৰৰ প্ৰশ্নবোৰৰ গতি হৈ উঠিছে অতি শামুকীয়া। নাৰীবাদী আন্দোলনৰ ফলশ্ৰুতিত পুৰুষতান্ত্ৰিক সমাজ গঠনত অৰিহণা যোগোৱা কিছুমান সূক্ষ্ম কাৰক আলোচনাৰ মাজলৈ লৈ অনা হৈছিল। যেনে- সামাজিকীকৰণ প্ৰক্ৰিয়া (Socialisation process), ‘gender stereotype’ অৰ্থাৎ নাৰী আৰু পুৰুষৰ আচাৰ-ব্যৱহাৰ, খোজ কাটল, কাম–কাজ আদিৰ পৃথককৈ সমাজে বান্ধি দিয়া কিছুমান অযুক্তিকৰ নিয়ম বা ধাৰণা, ‘misogyny’ বা নাৰীৰ প্ৰতি পোষণ কৰা হেয় আৰু ঘৃণাৰ ভাৱ আদি। আমাৰ অসম মুলুকত একাংশ সচেতন লোকৰ বাহিৰে অধিকাংশৰে এই কাৰকসমূহৰ বিষয়ে অধ্যয়ন বা ধাৰণাৰ অভাৱ পৰিলক্ষিত হয়। উদাহৰণস্বৰূপে যৌনতা কেন্দ্ৰিক বিতৰ্কসমূহত যৌনতা বিষয়ক মুকলি আলোচনাৰ বিৰোধিতা কৰা সকলৰ লিংগসংবেদনহীনতাৰ আধাৰত ‘stereotype’, ‘misogynist’ মন্ত্যবৰ যি যুক্তি গঢ় লৈ উঠে, সেয়া বৌদ্ধিক বিতৰ্কৰ পৰিৱৰ্তে প্ৰকৃতাৰ্থত হৈ পৰে অতিকৈ পুতৌজনক আৰু খাপচাৰা । যদি আকস্মিকভাৱে কোনোবাই যৌনতা বিষয়ক মুকলি আলোচনাৰ বাবে প্ৰকল্প হাতত লয় (বিশেষকৈ যদি এনে প্ৰকল্পত নাৰীৰো সহযোগিতা থাকে) তেন্তে ই হৈ পৰে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ ওপৰত পোনপটীয়া হাতুৰীৰ আক্ৰমণ, যাৰ আঘাত সহিব নোৱাৰি পুৰুষতান্ত্ৰিক ব্যৱস্থাৰ প্ৰতিনিধিসকলৰ মূৰ আচন্দ্ৰাই কৰাটো স্বাভাৱিক। সেইবাবে এনে প্ৰকল্পৰ সহায়ত যৌনতা বিষয়ক কথাবোৰ আলোচনা কৰিবলৈ কোনো বৌদ্ধিক বিতৰ্ক বা শক্তিশালী জাগৰণ আমাৰ অসমত গঢ়ি নুঠাটোৱেই প্ৰত্যাশিত। ইয়াৰ প্ৰধান কাৰণ হিচাপে আমি ক’ব পাৰো নাৰীবাদৰ সংগ্ৰামখন অসমৰ তৃণমূল পৰ্যায়লৈ লৈ যোৱাত সৃষ্টি হোৱা বিফলতা আৰু সমাজৰ একাংশই অধ্যয়ন তথা সচেতনতাৰ অভাৱত ঋণাত্মক চিন্তা-ধাৰাৰে নাৰীবাদৰ প্ৰতি পোষণ কৰা হেয় মনোভাৱ।

নাৰীবাদৰ সঠিক ৰূপত প্ৰচাৰ বা প্ৰসাৰৰ অভাৱত ইয়াৰ বিষয়ে একাংশৰ সৃষ্টি হোৱা আস্থাহীনতাৰ বিপৰীতে একাংশৰ বাবে ই পৰিণত হৈছে ‘individualistic romanticism’ ত আৰু আন এচামৰ বাবে ‘নাৰীবাদ’ ৰ উন্মেষ ঘটিছে বিকৃত ৰূপত। যিদৰে বিদেশী কোম্পানীয়ে ‘kinder joy’ নামৰ একেবিধ চকলেটকে ল’ৰা আৰু ছোৱালীৰ বাবে পৃথক ধৰণেৰে বজাৰলৈ উলিয়াই শিশুৰ ‘stereotype’ মন:স্তত্ব গঠনত শক্তিশালী সহায়ক হৈ উঠিছে; তাৰ বিপৰীতে অতি হাস্যকৰভাৱে অত বছৰে ক’লা ছোৱালীক বগা কৰাৰ উপায় প্ৰদান কৰি অহা ‘Fair and lovely’ ৰ বিজ্ঞাপন দিয়া ভাৰতীয় কোম্পানীটোয়ে হঠাতে ‘নাৰীবাদৰ জাগৰণ’ অনুভৱ কৰিছে আৰু বিজ্ঞাপনৰ পৰৱৰ্তী সংস্কৰণত নায়িকাই ‘Fair and lovely’ ঘঁহাৰ কাৰণে আত্মবিশ্বাস লাভ কৰি উজ্জ্বল মুখেৰে পিতৃক কৈছে যে তেওঁৰ বিবাহৰ বাবে অপেক্ষা কৰিব লাগিব৷ কাৰণ আত্মনিৰ্ভৰশীল হৈ উঠিবলৈ তেওঁক সময় লাগিব! একাংশ পুঁজিবাদী ৰাষ্ট্ৰই যদি লিংগ সংবেদনহীনতাৰে তৃতীয় বিশ্বলৈ বজাৰ বহলাই দিছে , তেন্তে নাৰী সবলীকৰণৰ গইনাৰে আন একাংশ পুজিবাদী ৰাষ্ট্ৰই তৃতীয় বিশ্বৰ বজাৰসমূহত ‘experiment’ চলাবলৈ ন ন সামগ্ৰীৰে উপচাই পেলাইছে আৰু ইয়াক ৰূপান্তৰিত কৰি তুলিছে শোষণৰ অন্য এক প্ৰক্ৰিয়ালৈ। অথচ দুখজনকভাৱে ভাৰতৰ দৰে দুখীয়া দেশত দেশী কোম্পানীৰ ‘why should boys have all the fun’ ‘শ্লগানেৰে’ লক্ষ্য লক্ষ্য স্কুটাৰ বিক্ৰী হৈ নাৰীবাদ ব্যৱসায়ৰ উপাদান হৈ উঠাৰ বাহিৰে তৃণমূল পৰ্যায়ত সেই একেই ছৱি, সেই একেই পৌৰাণিক পুৰুষতান্ত্ৰিক সমাজৰ শোষণৰ কাহিনী যাৰ এতিয়াও পৰিসমাপ্তি ঘটা নাই!

নাৰীবাদৰ প্ৰকৃত লক্ষ্য হ’ল এনে এখন প্ৰগতিশীল পৃথিৱীৰ সৃষ্টি কৰা, য’ত সকলো মানৱে সমভাৱেৰে, মানবীয় অধিকাৰেৰে জীৱন নিৰ্বাহ কৰিব পাৰে। সেইবাবে নাৰী-পুৰুষ নিৰ্ৱিশেষে সেই সকল সকলোকেই নাৰীবাদী বুলি অভিহিত কৰটো যুক্তিসংগত, যি নাৰী-পুৰুষৰ সমানাধিকাৰত বিশ্বাস কৰে আৰু এখন সুস্থ সবল সমাজ গঢ়ি তোলাত ভুমিকা লয়। অধিকাংশ লোকৰে ভুলটো এইখিনিত সৃষ্টি হয় যে নাৰীবাদ মানে পুৰুষৰ বিৰুদ্ধে সংগ্ৰাম। নাৰীবাদ পুৰুষৰ বিৰুদ্ধে নহয় বৰং ‘পুৰুষতান্ত্ৰিকতা’ৰ বিৰুদ্ধে গঢ়ি উঠা এক দীৰ্ঘজুৰি সংগ্ৰাম। পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থা শ শ বছৰ জুৰি মানুহৰ মানসিকতাত গজগজীয়াকৈ খোপনি পুতি লোৱা এনে এক ব্যৱস্থা, য’ত ‘ক্ষমতা’ৰ প্ৰশ্ন জড়িত হৈ থাকে।

নাৰীবাদী সংগ্ৰামৰ তিনিটা লহৰ বা wave আছে। ১৯ শতিকাৰ শেষৰ আৰু বিংশ শতিকাৰ প্ৰথমাৰ্ধৰ নাৰীবাদী ভাৱধাৰাক নাৰীবাদৰ প্ৰথম লহৰ বা First wave of feminism বুলি কোৱা হয়। নাৰীবাদৰ প্ৰথম লহৰে প্ৰধানত গুৰুত্ব দিছিল নাৰীৰ ভোটাধিকাৰ আৰু আইনী অধিকাৰ যেনে সম্পতিৰ অধিকাৰ আদিৰ ওপৰত। ১৯৬০ ৰ মাজভাগত নাৰীবাদৰ পুন:জনম হয়। নাৰীবাদৰ এই সময়চোৱাক দ্বিতীয় লহৰ বা second-wave of feminism বুলি কোৱা হয়(১৯৬০-১৯৮০) ।এই দ্বিতীয় লহৰে নাৰীবাদী ভাৱধাৰাক বিস্তাৰিত ৰূপত উন্মেষ ঘটাইছিল। নাৰীবাদৰ দ্বিতীয় স্তৰৰ শ্ল’গান আছিল ‘personal is political’ -যি ব্যক্তিগত অভিজ্ঞতা আৰু বৃহৎ সামাজিক তথা ৰাজনৈতিক ব্যৱস্থাৰ মাজত থকা আন্ত:সম্পৰ্কক বুজাইছিল। নাৰীবাদৰ দ্বিতীয় লহৰে প্ৰধানত গুৰুত্ব দিছিল যৌনতা কেন্দ্ৰিক বিষয়সমূহ, পৰিয়াল তথা কৰ্মক্ষেত্ৰত নাৰীৰ যৌন নিৰ্যাতন, ’reproductive rights’ বা নাৰীৰ গৰ্ভ ধাৰণৰ লগত জড়িত অধিকাৰ, ঘৰুৱা অত্যাচাৰ(domestic violence), স্বামীৰ দ্বাৰা পত্নীৰ ইচ্ছাৰ বিপৰীতে সংঘটিত যৌন অপৰাধ (marital rape),নাৰীৰ আশ্ৰয় সম্পৰ্কীয় অধিকাৰ ,ন্যায়িক জিম্মাৰ পৰিৱৰ্তন সাধন আৰু বিবাহ বিচ্ছেদ সম্পৰ্কীয় আইনৰ সংশোধন আদিত।।১৯৯০ ৰ প্ৰথমাৰ্ধৰ পৰা নাৰীবাদৰ তৃতীয় লহৰ বা third wave of feminism আৰম্ভ হয়। দ্বিতীয় লহৰে আলোকপাত নকৰা বিষয়সমূহ নাৰীবাদৰ তৃতীয় লহৰে পোহৰলৈ লৈ আনে ।নাৰীবাদৰ তৃতীয় লহৰে ৰাজনৈতিক পৰিৱৰ্তনৰ পৰিৱৰ্তে ‘individualistic identity’ ৰ ওপৰত বেছি গুৰুত্ব প্ৰদান কৰিছিল। নাৰীবাদৰ তৃতীয় লহৰে আলোচনাৰ মাজলৈ লৈ অনা গুৰুত্বপূৰ্ণ বিষয় সমূহৰ ভিতৰত ‘Queer theory’, LGBTQ( lesbian,gay,bisexual and transgender), ‘Intersectionality’ অৰ্থাৎ তৃতীয় লহৰে নাৰীবাদী সংগ্ৰামখন ৰাষ্ট্ৰ, ধৰ্ম, শ্ৰেণী, বৰ্ণ নিৰ্ৱিশেষে জাতিয়তা, সাংস্কৃতিক,মানসিক-শাৰীৰিক আদি সকলো দিশ সামৰি নাৰীবাদৰ উদ্দেশ্য আৰু পৰিসৰ বৃহৎ কৰি তোলে।

এইদৰে নাৰীবাদে সময়ে সময়ে সংশোধনৰ জৰিয়তে আজিৰ তাৰিখলৈকে পুৰুষতান্ত্ৰিক সমাজ ব্যৱস্থাৰ বিপক্ষে সংগ্ৰাম প্ৰতিষ্ঠা কৰি আহিছে। একাংশ নাৰীবাদীয়ে যদি কঠোৰ প্ৰত্যাহ্বান নেওচি এই সংগ্ৰাম আগুৱাই নিনিলেহেতেন,তেন্তে আজিৰ নাৰীয়ে সমাজৰ বিভিন্ন দিশত জ্ঞান-চিন্তা আদি চৰ্চা কৰাটো বাদেই সাধাৰণ মৌলিক অধিকাৰ যেনে শিক্ষাৰ অধিকাৰ, ভোটাধিকাৰ আদি লাভৰ পৰাও বঞ্চিত হ’লহেঁতেন। নাৰীবাদীসকলক একাংশ নাৰীয়ে সততে তুচ্ছ তাচ্ছিল্য, উপলুঙা কৰি থাকিলেও একবিংশ শতিকাৰ প্ৰতিগৰাকী নাৰী সেইসকল নাৰীবাদীৰ ওচৰত কৃতজ্ঞ হ’বলৈ বাধ্য, যি শতিকা যোৰা কষ্ট আৰু ত্যাগেৰে নাৰীবাদী সংগ্ৰামখন আগুৱাই নি আজিৰ নাৰীক এখন মুকলি আকাশ উপহাৰ দি থৈ গ’ল।

নাৰীবাদী সংগ্ৰামৰ ফলশ্ৰুতিত আলোচনালৈ অহা বিষয়সমূহৰ ভিতৰত বিশেষকৈ আমাৰ অসমৰ সমাজত সকলোতকৈ চৰ্চাৰ বাবে অৱহেলিত হৈ থকা বিষয়টো হৈছে ‘যৌনতা’। বেছিভাগ লোকৰে বিষয়টোৰ ক্ষেত্ৰত মূৰ পোলোকা মৰা স্বভাৱ বা বিষয়টোৰ প্ৰতি থকা অস্বস্তিয়ে ইয়াক আলোচনাৰ মাজলৈ অহাত বাধা দিয়ে। চিন্তাশীল লেখক ময়ূৰ বৰা দেৱে যৌনতা বিষয়ক মুকলি আলোচনাৰ সপক্ষে ‘মৌনতাৰ ওৰণিয়ে ঢাকি ৰখা যৌনতা বিপদজনক’ শীৰ্ষক লেখাটোত লিখিছিল যে “ এই স্পৰ্শকাতৰ বিষয়টোক বস্তুনিষ্ঠভাৱে নিৰীক্ষণ বা বিশ্লেষণ কৰিবলৈ আমাৰ বৌদ্ধিক পৰিপক্কতাৰ অভাৱ নেকি?” ।নাৰীো-পুৰুষৰ মাজত দৈহিক সম্পৰ্ক যিহেতু আমি আওঁকাণ কৰিব নোৱাৰো গতিকে এই সম্পৰ্কই ধৰ্ষণ, যৌন নিৰ্যাতন আদি অপৰাধেৰে বিকৃত আৰু ঘৃণনীয় ৰূপ লোৱাৰ সময়ত ইয়াক সুস্থ-সৱল, সমভাৱাপূৰ্ণ আৰু সমমৰ্যাদাপূৰ্ণ ৰূপ দিবলৈ যৌনতা কেন্দ্ৰিক বিষয়সমূহৰ মুকলি আৰু সুস্থ আলোচনা অতি গুৰুত্বপূৰ্ণ ।

এইখিনিতে ২০০১ চনত মুক্তিপ্ৰাপ্ত ৰাজকুমাৰ সন্তোষীৰ দ্বাৰা পৰিচালিত হিন্দী বোলছৱি ‘লজ্জা’ ৰ এক দৃশ্যাংশলৈ মনত পৰিছে। মৈথিলী (মহিমা চৌধুৰী) নামৰ কইনা গৰাকীৰ পৰিয়ালক দৰাপক্ষই যৌতুকৰ বাবে হাৰাশাস্তি কৰোতে মৈথিলীয়ে দৰাপক্ষক উচিত প্ৰত্যুত্তৰ দিয়া কাৰ্যক সহমত জনাই আইতাকে কয় যে তেওঁলোকৰ দিনবোৰত যদি এই প্ৰথাসমূহৰ বিৰোদ্ধে তেওঁলোকে কন্ঠ জাগ্ৰত কৰিলেহেঁতেন, তেন্তে মৈথিলীয়ে আজি এই দিন দেখিব লগীয়া নহ’লহেঁতেন। সেইদৰেই যৌনতাকেন্দ্ৰিক বিষয়সমূহ সুস্থ আৰু বৌদ্ধিক বিতৰ্কৰে আমি যদি আলোচনাৰ মাজলৈ লৈ আনিব নোৱাৰো তেন্তে আমাৰ উত্তৰসূৰীক এক ভয়াবহ, অনিশ্চিত ভৱিষ্যতৰ মাজত এৰি দিয়াৰ অপৰাধবোধ আৰু অভিযোগৰ পৰা আমি কোনোকালেই মুক্তি লাভ কৰিব নোৱৰিম।

৯০ দশকৰ সময় চোৱাত আমেৰিকান লেখক, গায়ক ,পপ ডান্সাৰ Madonna Louise Ciccone ৰ ভিডিঅ’ সমূহ ব্যাপক চৰ্চাৰ মাজলৈ আহে। Madonna আৰু তেওঁৰ সহযোগী একাংশ নাৰীয়ে যৌনতাক লুকুৱাই ৰখাৰ পৰিবৰ্তে ইয়াক ‘চেলিব্ৰেট’ কৰি পুৰুষতান্ত্ৰিকতাৰ বিপক্ষে এক সাহসী পদক্ষেপ গ্ৰহণ কৰে। এনেদৰে চেক্সুৱেলিটীক মুকলিকৈ আত্মপ্ৰকাশ কৰায় তেওঁলোকে এইটো নিদৰ্শন ডাঙি ধৰে যে যৌনতা কেৱল পুৰুষৰ বাবে উপভোগৰ একচেটীয়া অধিকাৰ নহয়, ই নাৰীৰ বাবেও সমানে উপভোগৰ বস্তু। Madonna ৰ বিভিন্ন ভিডিঅ’ সমূহত প্ৰকাশ পাইছিল নাৰীৰ হস্তমৈথুনৰ দৃশ্য, সমকামী নাৰীৰ যৌন দৃশ্য, ‘Female sadomasochism’ বা নাৰীয়ে শৰীৰত আঘাতৰ জড়িয়তে লাভ কৰা যৌনসুখ আদিৰ দৃশ্য আৰু এই প্ৰকল্পৰ থীম আছিল –‘strike a (erotic) pose’ । যৌনতাক পুৰুষৰ একচেটীয়া উপভোগৰ অধিকাৰ বুলি ভবা, নাৰীয়েও হস্তমৈথুন কৰি যৌনতা উপভোগ কৰিব, এনে কথাক সহজভাৱে লব নোৱাৰা পুৰুষতান্ত্ৰিক সমাজৰ দাম্ভিকতাত মোক্ষম আঘাত কৰা Madonna ৰ ভিডিঅ’বোৰে আমেৰিকাত সৃষ্টি কৰি তুলিছিল ব্যাপক চাঞ্চল্যৰ।
(পৰৱৰ্তী সংখ্যাত)