চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / এপ্ৰিল সংখ্যাৰ সম্পাদকীয়

এপ্ৰিল সংখ্যাৰ সম্পাদকীয়

বিশ্বায়নৰ প্ৰচণ্ড বতাহে অসমৰ সমাজ জীৱনলৈ অভূতপূৰ্ব পৰিৱৰ্তন কঢ়িয়াই আনিছে৷ এই পৰিৱৰ্তন স্বাভাৱিক প্ৰক্ৰিয়া৷ আচলতে স্থানুধৰ্মিতা সংস্কৃতিৰ লক্ষণ নহয়৷ যুগে যুগে সংস্কৃতিৰ ৰূপান্তৰ ঘটি থাকে আৰু এই ৰূপান্তৰৰ ভাল-বেয়া দুটা দিশ থাকে৷ সেই ৰূপান্তৰহে গ্ৰহণযোগ্য, যি পুৰাতন প্ৰমূল্যবোধক নসাৎ নকৰে৷ পশ্চিমীয়া সংস্কৃতিও গ্ৰহণযোগ্য হ’ব পাৰে, যদিহে ই আমাৰ পুৰাতন সংস্কৃতিক ক্ষতি নকৰি উৎকৰ্ষ সাধনতহে সহায় কৰে৷ কিন্তু দুৰ্ভাগ্যজনকভাৱে আসমৰ সংস্কৃতি এৰাল ছিঙা গৰুৰ দৰে হৈ পৰিছে৷ পশ্চিমীয়া বজৰুৱা সাংস্কৃতিৰ চিকমিকনিত সকলো মুগ্ধ হৈ পৰিছে৷

এনে সময়ত অসমীয়া ভাষা-সাহিত্য-সংস্কৃতিক লৈ বস্তুনিষ্ঠ আলোচনা কৰাৰ সময় আহি পৰিছে। এনে এক পৰিৱেশ গঢ় দিয়াৰ সময় হৈছেঃ য’ত বিহু, অসমৰ কৃষি, অসমৰ লোকবাদ্য আদিৰ বিষয়ে বিদ্যায়তনিক পৰ্যায়ত গবেষণা কৰিবলৈ তৰুণচাম উৎসাহিত হয়। এই আপাহতে আমি এই সংখ্যাৰ ‘বৌদ্ধিক বিচাৰ’ আলোচনী খন আমি সজাই তুলিছো ‘অসমৰ ঢোল বাদ্য সমূহ’ বিষয়বস্তুৰে। অসমৰ বিভিন্ন জনগোষ্ঠীৰ মাজত প্ৰচলিত ঢোলবাদ্যৰ আমি খুব কমহে জানো৷ গতিকে, এই সংখ্যাত প্ৰায়বোৰ জনগোষ্ঠীৰ ঢোলৰ বিষয়ে এক আভাস দিবলৈ চেষ্টা কৰা হৈছে৷

এই সংখ্যা সম্পাদনা কৰিবলৈ যাওঁতে বিভিন্নজনৰ সহায়-সহযোগ ল’ব লগা হৈছিল৷ আমাক সহায় কৰা সকলোলৈ কৃতজ্ঞতা যাচিলো৷ সদৌটিলৈ ৰঙালী বিহুৰ শুভেচ্ছাৰে…
অতিথি সম্পাদক
হেমাংগ বৰা
প্ৰতিক্ষা প্ৰিয়ম

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে