চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ডিমৰীয়া কাৰ্বিসকলৰ লোকবাদ্য ঢোল ( চন্দন মহন্ত )

ডিমৰীয়া কাৰ্বিসকলৰ লোকবাদ্য ঢোল ( চন্দন মহন্ত )

অসমৰ সেউজ পাহাৰ অঞ্চলত বসবাস কৰা জনগোষ্ঠী বুলিলে প্রথমেই মনলৈ আহে কাৰ্বিসকলৰ কথা। প্রকৃতিৰ সেউজীয়াৰ নিভৃতত বাস কৰা কাৰ্বিসকল হ’ল অসমৰ অন্যতম প্রধান আদিম জনগোষ্ঠী। পূৰ্বৰ মিকিৰ পাহাৰ আৰু বৰ্তমানৰ কার্বি আংলং জিলাৰ বিস্তীর্ণ সেউজ ভূমিতেই কাৰ্বিসকলৰ মুখ্য নিৱাস যদিও অসমৰ বিভিন্ন জিলাৰ বিভিন্ন অঞ্চলতো কার্বি লোকৰ বসতি আছে। ১৯৫১ চনমানলৈকে সংযুক্ত মিকিৰ পাহাৰ জিলা নামেৰে কার্বি আংলং জিলা নগাঁও জিলাৰ সৈতে সংযুক্ত হৈ আছিল। পাছত ইয়াক পৃথক জিলাৰূপে স্বীকৃতি দিয়া হয় আৰু বৰ্তমান স্বায়ত্তশাসিত জিলালৈ উন্নীত কৰা হৈছে। কাৰ্বিসকল লোকসংস্কৃতিৰ মেটমৰা ভাণ্ডাৰৰে এটা সাংস্কৃতিকভাৱে চহকী জনগোষ্ঠী।

কাৰ্বিসকলৰ ভিতৰত ডিমৰীয়া কাৰ্বিসকল বেছি সংস্কৃতিৱান। বিভিন্ন উৎসৱ-পাৰ্বণ, অনুষ্ঠান আদিত তেওঁলোকক নিজৰ কৃষ্টি প্রদর্শন কৰা প্ৰায়ে দেখা যায়। ডিমৰীয়া কাৰ্বিসকলৰ লোকবাদ্যৰ ভঁৰালো যথেষ্ট চহকী। দ’মাহিপে (বৰবিহু), পিছ’ পাংৰি (বিবাহ অনুষ্ঠান), চমাংকান (মৃতকৰ কাজ) আদি প্ৰতিটাে উৎসৱ তথা পৰম্পৰাগত অনুষ্ঠানত এওঁলোকে পৃথক পৃথক বাদ্য পৰিৱেশন কৰা পৰিলক্ষিত হয়। ডিমৰীয়া কার্বি সমাজত ঢোল, পেঁপা, কালি, বাঁহী আদি হস্তনিৰ্মিত বাদ্যযন্ত্ৰৰ বহুল প্ৰচাৰ আছে যদিও এইসকলো বাদ্যৰ ভিতৰত ঢোল বাদ্যই এক বিশেষ স্থান দখল কৰি আহিছে। চেংপে, দাংদে, কিৰ্থি কাহিঁ, আচেং ঘাইকৈ এই তিনিধৰণৰ ঢোলৰ ব্যৱহাৰ ডিমৰীয়া কার্বি সমাজত দেখা পোৱা যায়।

(১) চোংপো (ডাঙৰ ঢোল)ঃ চেংপে ডিমৰীয়া কাৰ্বিসকলৰ প্ৰধান ঢোলবাদ্য। চেংপেৰ এটা ফালে ডাঙৰ আৰু আনফালে সৰু হয়। কোবলিখন গৰু ছাল আৰু তালিখন ছাগলী ছালৰে নিৰ্মাণ কৰা হয়। ডেৰফুট দীঘল আৰু এফুট ব্যাসৰ গমাৰি কাঠৰ সহায়ত ঢোলৰ খোলাটাে তৈয়াৰ কৰা হয়। অভাৱত অন্য কাঠৰ ব্যৱহাৰ কৰাও দেখা যায়। এই খোলাটােক চেং বুলা কোৱা হয়। সোঁহাতে কোবলন, বাওঁহাতে তালি ৰাখি এডাল মাৰিৰে কোৰণিৰ ফালে আৰু তালিৰ ফালে হাতৰ আঙুলিৰ বুলনি দি এই ঢোল বজোৱা হয়। বিহু তথা উৎসৱ-পাৰ্বণত এই ঢোলবাদকসকলে বজায় আৰু সকলোৱে আনন্দত নৃত্য প্রদর্শন কৰে। চেংপেৰ সুৰ ভাগটােক চেংচে বুলি কয়। ই আকাৰত চেংপেৰ প্ৰায় আধাহে হয়। চেংচৰ গঠন আৰু বাদন প্রণালী চেংপেৰ দৰে একেই।

(২) দাংদ ঃ দাংদ হৈছে এমুখীয়া ঢোল। সাধাৰণতে বিহুৰ সময়ত এই ঢোল বজোৱা হয়। ঢোল বজাওঁতাজনে কঁকালত ঢোলটাে বান্ধি লৈ দুডাল মিহি বাঁহৰ মাৰিৰ সহায়ত দবা বা নাগাৰা বজোৱাৰ দৰে নৃত্য-গীতৰ তালে তালে এই ঢোল বজায়।

(৩) কিখি কৰহি আ চেং ঃ এই ঢোল কেৱল ডিমৰীয়াই নহয়, সমগ্র কাৰ্বিসকলৰেই এক বিশেষ ঢোল। এই ঢোলৰ মূল বিশেষত্ব হ’ল একেদিনাৰ ভিতৰতে গছ কাটি ঢোল খুলি তাত চামৰা বৰটি সকলো লগাই বজোৱা হয়। সমাজৰ কোনো লোকৰ মৃত্যু হ’লে মৃতকৰ সৎকাৰৰ সময়ৰ পৰা প্রেত কার্য শেষ নােহােৱালৈকে এই ঢোল বজোৱা হয়। মৃতকৰ চােতালত বিষাদৰ নৃত্য-গীতৰ সমান্তৰালকৈ এই ঢোল বজাই আত্মাৰ সদগতি প্রার্থনা কৰা হয়। ঢোলটি বজাবৰ সময়ত ঢুলীয়াসকলে যথেষ্ট নীতি-নিয়ম মানি ঢোলবাদন কৰে।

অন্যথা অপদেৱতাৰ কোপদৃষ্টি পৰে বুলি কার্বিসমাজে বিশ্বাস কৰে। মূলতঃ এই তিনিবিধ ঢোলবাদ্যৰ প্রয়ােগ ডিমৰীয়া কাৰ্বিসকলৰ সমাজত প্রচলিত যদিও ঠাইভেদে পার্থক্যও হয়তো থাকিব পাৰে বা আৰু অন্য নামৰ ঢোলৰ শ্রেণীত পৰা বেলেগ বাদ্যও থাকিব পাৰে। তথাপি এটা কথা নিশ্চিত যে ডিমৰীয়াসকলৰ সমাজ ব্যৱস্থাত তথা লোক-কৃষ্টিৰ পথাৰত ঢোলবাদ্যৰ এক অনস্বীকার্য ভূমিকা আছে।

Leave a Reply

Your email address will not be published. Required fields are marked *