চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ঢোল সংস্কৃতিঃ অতীত আৰু বর্তমান ( কস্তুৰী চুতীয়া)

ঢোল সংস্কৃতিঃ অতীত আৰু বর্তমান ( কস্তুৰী চুতীয়া)

‘আদি সত্য যুগে বাদ্য ভৈলা উতপন। কৈলাশৰ মহাদেৱ ঢোলৰ জনম।’ প্রবাদ আছে যে সত্য যুগতে মহাদেৱৰ দ্বাৰা ঢোলৰ সৃষ্টি হৈছিল। অর্থাৎ ঢোল এক প্রাচীনতম বাদ্য। ভাৰতৰ নাট্যশাস্ত্ৰতো ঢোলৰ উৎপত্তি সম্বন্ধে ভিন্ন আখ্যান আছে ঋকবেদ’, ‘অথর্ব বেদ’, ‘সংহিতা’, ‘উপনিষদ” আদি গ্রন্থতো ঢোলজাতীয় বাদ্যৰ উল্লেখ আছে। প্রাচীন অসমীয়া পুথি আৰু তামৰ ফলিতো ঢোলৰ উল্লেখ আছে। কামৰূপৰ ৰজা ভাস্কৰ বৰ্মনে আজ্ঞা শতং প্রাপয়িত্বা প্রাপ্তপঞ্চ মহাশব্দ শ্ৰীগোপালঃ” বুলি তামৰ ফলিত খোদিত কৰি ৰাজবিষয়া শ্ৰীগোপালৰ দ্বাৰা পঞ্চশব্দ অর্থাৎ শংখ, মৃদংগ, পাখোৱাজ, দুন্দুভি আৰু ঢোলৰ ধ্বনি কৰােৱাই ভূমিদান কৰা শুভকাৰ্যৰ উদ্বোধনি কৰিছিল। মহাপুৰুষ মাধৱদেৱৰ বৰগীততো ঢোলৰ উল্লেখ আছে— শংখ মৃদংগ সুৰজধ্বনি বাজত দুম দুম দুন্দুভি ঢোল পঞ্চশব্দে শুভ মিলন মহােৎসৱ জয় জয় ৰাঘৱ বোলে৷ ’ অসমৰ “দেউধাই অসম বুৰঞ্জী” আৰু গেইটৰ ‘A History of Assam’ গ্ৰন্থত লেংদনে খুনলুং” আৰু “খুন লাইক বৰঢোল দিয়াৰ প্ৰবাদ বর্ণিত আছে। খুনলুঙে মুংকং অর্থাৎ ঢোলৰ দেশ নামেৰে ব্ৰহ্মদেশৰ উত্তৰ অঞ্চলত এখন ৰাজ্য স্থাপন কৰিছিল বুলিও উল্লেখ আছে। টাই ভাষাত ‘থু’ মানে দেশ আৰু কিং’ মানে ঢোল। গতিকে অনাদি কালৰে পৰা মাংগলিক বাদ্য ঢোলৰ ব্যৱহাৰ যে অতি গুৰুত্বপূর্ণ সেয়া সহজে বােধগোম্য। বিখ্যাত ঢুলীয়া ওজাসকল ‘সত্য যুগে পাতিলে শ্ৰীৰামচন্দ্ৰ বিয়া। তেতিয়া বজাই ঢোল সুধর্ম ঢুলীয়া। ত্ৰেতা যুগে পাতিলে মহাদেউৰ বিয়া। তেতিয়া বজাই ঢোল বিনন্দি ঢুলীয়া। দ্বাপৰত পাতিলে ৰুক্সিণীৰ বিয়া তেতিয়া বজাই ঢোল অনাদি ঢুলীয়া। অর্থাৎ, সত্য যুগত শ্ৰীৰামচন্দ্ৰৰ বিয়াত সুধৰ্ম’ নামৰ ঢুলীয়াই, ত্রেতা যুগত মহাদেৱৰ বিয়াত বিনন্দি” ঢুলীয়া আৰু দ্বাপৰ যুগত ৰুক্মিণীৰ বিয়াত ‘অনাদি’ ঢুলীয়াই ঢোলবাদ্য পৰিৱেশন কৰিছিল। আহােম ৰাজসভাত ‘সোধন” নামৰ বিখ্যাত ঢুলীয়া এজনে স্বৰ্গদেউৰ দৰবাৰত ঢোলবাদ্য পৰিৱেশন কৰাৰ উল্লেখো আছে। ঢুলীয়া ওজাৰ মালিতাত। “মঘাইৰ ঘাত নৰামৰ হাত ৰঙৰ ৰগৰ, মেথোনৰ লহৰ।” মঘাই ওজা, ৰঙা ওজা, নৰাম ওজা, মেখোন ওজা আদি বিগত শতিকাৰ কেইজনমান বিখ্যাত ঢুলীয়া। মঘাই ওজাক ‘ঢোলৰ যাদুকৰী’ আখ্যা দিয়া হয়। উজনি অসমৰ ঢুলীয়া ওজাক বিশ্বৰ আগত দাঙি ধৰাত মঘাই বৰুৱা ওজাৰ অৱদান চিৰস্মৰণীয়। সাম্প্রতিক কালত ধিনদাও দাও” নামৰ অডিঅ’ কেছেট উলিয়াই সোমনাথ বৰা ওজাই আৰু ‘ঢোল বায় ক’ত” নামৰ ভিডিঅ’ চিডি উলিয়াই ঢোলবাদ্যৰ প্ৰচাৰত অৰিহণা যোগায়। মঘাই ওজা বঁটাপ্ৰাপত সৰুপাই দাস ওজা, বগাই বৰা ওজা, নন্দী শইকীয়া ওজা, গোজৰ ওজা, চেপেটা ওজা আদি বর্তমান সময়ৰ প্রবীণ। ঢুলীয়া শিল্পী। পুণ্যপ্ৰভা দত্ত ওজা প্রভৃতি দুই-এগৰাকী মহিলা ঢুলীয়া শিল্পীও লোকবাদ্যটিৰ বিকাশৰ বাবে আগবাঢ়ি অহা পৰিলক্ষিত হয়। ঢুলীয়া ওজাৰ পৰিৱেশন শৈলীঃ লোককৃষ্টি সদায়ে বােৱতী নৈসদৃশ। পৰিৱর্তন আৰু উন্নয়নৰ মাজেৰেই লোককৃষ্টিৰ পৰিৱেশন শৈলীৰ বিকাশ ঘটে। কিন্তু পৰিৱর্তন সদায় ধনাত্মক হ’ব লাগে। কৃষ্টিৰ বিকৃতিসাধন কেতিয়াও গ্রহণযোগ্য নহয়। ঢোলবাদ্য পৰিৱেশন কৰােতে ঢুলীয়া শিল্পীসকলে গুৰু বন্দনা, ঢোলৰ মালিতা, ঢোলৰ চালনা, মাননি প্রভৃতি পৰিৱেশন কৰে। তদুপৰি ঢুলীয়া ওজাসকলে বুলনী পৰিৱেশন কৰে। বুলনীবিলাকৰ বেলাডৰ লগত বহুপৰিমাণে সাদৃশ্য থকা পৰিলক্ষিত হয়। তদুপৰি ঢোলত ঢুলীয়া ওজাসকলে বিভিন্ন গীত-মাত পৰিৱেশন কৰে। পৰিৱেশন শৈলী আৰু মালিতা, বুলনী আদিত ওজাভেদে আৰু অঞ্চলভেদে ভিন্নতা পৰিলক্ষিত হয়।

ঢোল সম্বন্ধীয় লোকবিশ্বাসঃ যিকোনাে মাংগলিক কর্ম, শুভকার্য আদিৰ পূর্বে ঢোলবাদ্য পৰিৱেশন শুভ বুলি গণ্য কৰা হয়। বিবাহ কার্যত ঢোলবাদ্য পৰিৱেশন অত্যন্ত শুভ। পূৰ্বতে অসমত বিবাহ অনুষ্ঠানত ঢুলীয়া ওজাৰ খেল অর্থাৎ কন্যা আৰু বৰৰ ঘৰৰ ঢুলীয়া ওজাৰ মাজত প্রতিযোগিতামূলক ঢোলবাদ্য পৰিৱেশনৰ প্ৰথা আছিল। বর্তমান এই প্রথা বিলুপ্তিৰ পথত। দৰাচলতে বিবাহ কার্যত দৰা-কইনাৰ মংগলার্থে ঢোলবাদ্য পৰিৱেশন কৰা হয়। গতিকে প্রতিযোগিতামূলক পৰিস্থিতি বহুক্ষেত্ৰত অগ্ৰীতিকৰ হৈ পৰে বাবেই ই পৰিহাৰযোগ্য। বর্তমান বিবাহ অনুষ্ঠানত বহুলভাৱে এই বাদ্যৰ প্ৰচলন হৈ আছে। এই ক্ষেত্ৰত তিতাবৰৰ মহেন্দ্ৰ ওজাই পোন প্রথমবাৰৰ বাবে বিবাহ অনুষ্ঠানত ছাউণ্ড ছিষ্টেম ব্যৱহাৰ কৰি অনুষ্ঠানৰ পৰিৱেশনশৈলী উন্নয়নৰ প্ৰয়াস কৰি সফল হৈছে৷ আনহাতে, সোমনাথ বৰা ওজা আন্তঃৰাষ্ট্রীয় মঞ্চতো ঢোলবাদ্য পৰিৱেশন কৰিবলৈ সক্ষম হৈছে। বিহুৰ লগতো ঢোলৰ এক নিবিড় সম্বন্ধ। বিহুৰ ক্ষেত্ৰত প্ৰজনন শক্তি আৰু উৰ্বৰা শক্তি বৃদ্ধিত ঢোলৰ মাতে সহায় কৰে বুলি লোক-বিশ্বাস।

বর্তমান প্রতিযোগিতাৰ যুগ। ছাত্র-ছাত্রীৰ কান্ধত কিতাপৰ গধুৰ বােজা। আনহাতে, পশ্চিমীয়া সংস্কৃতিৰ পয়ােভৰ। তাৰ মাজত বহু সময়ত নৱপ্ৰজন্মই অনীহা প্রকাশ কৰিছে প্রাচীন লোকবাদ্যৰ প্ৰতি। কিন্তু আশাৰ ৰেঙনি কঢ়িয়াই দুই-এক আগবাঢ়ি আহিছে। তাৰ মাজতে। লোকবাদ্যটিৰ উন্নয়ন সাধিবলৈ হ’লে প্রবীণসকলৰ হাতত ধৰি নবীনসকল আগবাঢ়ি আহিব লাগিব। চৰকাৰেও লোকশিল্পীসকলক অধিক গুৰুত্ব দিয়া প্রয়ােজন। উদাহৰণ স্বৰূপে মঘাই ওজাৰ স্মৃতিত অসম চৰকাৰে প্ৰদান কৰা মঘাই ওজা বঁটা’ দুজন শিল্পীক দিয়াৰ পাছতে বন্ধ কৰি দিয়াটাে আছিল অশুভ। বঁটাটাে পুনৰ আৰম্ভ হ’ব লাগে। সেইদৰে বিদ্যালয় আৰু ঘৰুৱা উভয় পৰিৱেশতে শিশুসকলক ঢোল, বিহু প্রভৃতি নিজৰ সংস্কৃতিসমূহ শ্রদ্ধা কৰিবলৈ শিকালেহে লোকবাদ্যৰ মর্যাদা অটুট থাকিব।

জয়তু ঢোল সংস্কৃতি।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে