চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / চাহ জনগোষ্ঠীয় সমাজৰ লোকবাদ্যসমূহ (সমীৰ ৰবিদাস)

চাহ জনগোষ্ঠীয় সমাজৰ লোকবাদ্যসমূহ (সমীৰ ৰবিদাস)

ব্ৰুচ চাহাবে ১৮২৩ চনতে চাহ গছ আৱিষ্কাৰ কৰা দিনৰে পৰা আজি পর্যন্ত এক দীঘলীয়া ইতিহাসেই হ’ল অসমৰ চাহ খেতি তথা অসমৰ চাহ জনগোষ্ঠীৰ ইতিহাস। ১৮৫৮-৫৯ চনৰ পৰা আৰম্ভ কৰি অসমৰ চাহ বাগিচাসমূহত কাম কৰিবলৈ অসমৰ বাহিৰৰ পৰা ১৮৬১ চনৰ পৰা ১৯০১ চনলৈ আৰু ১৯০২ পৰা ধাৰাবাহিকভাৱে ১৯৩৭ চনলৈকে প্রায় চাৰে তিনি দশকৰ ভিতৰত বহু চাহ শ্রমিক অসমলৈ আমদানি কৰা হৈছিল। কালক্ৰমত সময়ৰ আহ্বান আৰু পৰিৱৰ্তনৰ ধামখুমিয়াত অসমৰ হাৱা- পানীৰ লগত মিলি যোৱা চাহ জনগোষ্ঠীয় লোকসলৰ বাবে অসমেই নিজৰ ঘৰ হৈ পৰিল। অসমেই এতিয়া তেওঁলোকৰ জনমভূমি, কৰমভূমি আৰু মৰণভূমি। সেয়েহে চাহ জনগোষ্ঠীয় লোকসকলে কয়—”আসাম মৰলে হামৰাও মৰব।” চাহ জনগোষ্ঠীয় লোকসকল অসমলৈ ভাৰতৰ বিভিন্ন ৰাজ্যৰ পৰা আহিলেও যুগ যুগ ধৰি অসমীয়া সমাজৰ সংস্পৰ্শত থাকি সময়ৰ গতিত নিজে ক’ব নোৱাৰাকৈ অসমীয়াত্ব গ্রহণ কৰি নিজকে অসমীয়া বুলি পৰিচয় দিয়াৰ যোগ্যতা অর্জন কৰিছে আৰু অসমীয়া সমাজখনৰ এক অবিচ্ছেদ্য অংগ হৈ পৰিছে। অসমীয়া ভাষা-সাহিত্য, কলা-সংস্কৃতি তেওঁলোকৰ অতি আপোন হৈ পৰিল। সেয়েহে চাহ জনগোষ্ঠীৰ লোকসকলক বাদ দি অসমীয়া জাতি কেতিয়াও পূর্ণ হ’ব নােৱাৰে।

ধর্মীয় দিশত চাহ জনগোষ্ঠীৰ লোকসকলৰ মাজত হিন্দু, মুছলমান, খ্ৰীষ্টান এই তিনিটা পন্থাৰ লোক আছে। চাহ জনগোষ্ঠীৰ লোকসকল নানা দেৱদেৱীৰ পূজা, ভূত-প্ৰেতৰ পূজা আদি পালন কৰিলেও কিছুসংখ্যক লোকে অনুকূল ঠাকুৰ আৰু বৈষ্ণৱ ধৰ্ম আৰু অন্যান্য মহাপুৰুষীয়া ধৰ্মৰ অনুগামী হৈছে।

চাহ জনগোষ্ঠীয় লোকসকলে বিভিন্ন সময়ত, বিভিন্ন ঋতুত বিভিন্ন ধৰণৰ পূজা-পার্বণ কৰি আহিছে। এক কথাত ক’বলৈ হ’লে বছৰটােৰ ছয় ঋতুৰ ভিতৰত এনে এটা ঋতু নাই, য’ত কিবা নহয় কিবা এটা পূজা বা পৰব পালন কৰা নহয়। সেয়েহে কথাতে কয়—“বাৰ মাসে, তেৰ পূজা।” অসমীয়া বছৰৰ আৰম্ভণি ব’হাগ মাহতে ৰঙালী বিহু’ৰ সমান্তৰালকৈ চাহ জনগোষ্ঠীয় মূলৰ আদিবাসী মাঝি, চাওতাল সম্প্রদায়ৰ লোকসকলে ‘চাৰুল পূজা’ পাতে। ইয়াৰ উপৰি বাহা পৰব, মাৰাংকুৰু আদি উৎসৱসমূহ পালন কৰা হয়। এই উৎসৱসমূহত তেওঁলোকে বাদ্য হিচাপে ব্যৱহাৰ কৰে মাদল, নাগাৰা, শিঙা, বাঁচী, কৰতাল, ঘুংগৰ আদিৰেই প্রধান। মাদল বাদ্য সকলোৰে পৰিচিত। শিঙা বাদ্য হ’ল ম’হৰ শিঙৰ গোটা অংশৰ মাজভাগত ফুটা কৰি কৰা বাদ্য। ইয়াক চাওতালী ভাষাত বা দোৱানত চাকোৱা” বােলে। নাগাৰা” বাদ্যটাে পুৰণি কালত ধান জোখা দিনটােৰ দৰে। ইয়াৰ ওপৰ অংশ ছালেৰে ছেওৱা হয়। দবা বজোৱা মাৰি দুডালৰ দৰে সৰু দুডাল মাৰিৰে কঁকালত আঁৰি লৈ বজোৱা হয়। নাগাৰা” বাদ্যক চাওতালী ভাষাত ‘তামাক’ আৰু মাদলক তুমদা, বাঁহীক টিৰিঅ’, কৰতালক বাঞ্ছী’, ঘুঙুৰুক ‘নেপূৰ’ বুলি কোৱা হয়। চাৰুল পূজাত এই বাদ্যবােৰ বজাই গান গাই নৃত্য কৰে। বিশ্বাস আছে যে তেনে সময়ত উপস্থিত কোনাে ব্যক্তিৰ গাত দেও লম্ভে আৰু দেও লম্ভাজনে কাঁড় ধেনু (আপাড়ী ধনু), ফৰাচা (কপি), পৰশু কুঠাৰ হাতত লৈ জংঘললৈ যায়। এটা স্তম্ভৰে সজা ঘৰ (মাড়ৈ ঘৰ)ত পূজা-অৰ্চনা কৰি আনন্দ উৎসৱ কৰে।

গ্ৰীষ্মকালত বা বর্ষা ঋতুত চাহ জনগোষ্ঠীৰ লোকসকলে এভাগ পূজা পাতে। এই পূজা ভাগত নিশা কালী পূজা আৰু দিনত গ্রাম পূজা আৰু বীৰ পূজা পাতে। কালী আৰু বীৰ পূজা উভয়তে জয়ঢোল (ঢাক), ঢোল, আদি বাদ্য পৰিৱেশন কৰা হয়। ঢাক আৰু ঢোল চাহ জনগোষ্ঠীয় সমাজৰ যিকোনাে উৎসৱৰ মূল বাদ্য।

চাহ জনগোষ্ঠীৰ অন্তর্গত লোকসকলৰ বর্ষা কালৰ মূল উৎসৱ হ’ল কৰম পৰব। কৰম পৰবক কেইবাভাগতো বিভক্ত কৰা হৈছে আৰু ভিন্ন ভিন্ন সময়ত সিবিলাক পালন কৰা হয়। ভাদ মাহত জিতিয়া কৰম, আহিন মাহৰ বিজয়া দশমীত বুঢ়ী কৰম আৰু আঘোণ মাহৰ পূর্ণিমাত ৰাস কৰম পতা হয়। আঘোণ মাহৰ কৰম আৰু আহিন মাহৰ কৰম এই দুবিধ কৰম ক’ৰবাতহে পতা দেখা যায়; কিন্তু ভাদ মাহৰ একাদশীৰ কৰম সার্বজনীন আৰু বেছি জনপ্রিয়। কৰম পৰবৰ বাদ্য হ’ল—ধুমচাঢোল, তামড়িয়া ঢোল, মান্দল, কৰতল আৰু বাঁচী। তামড়িয়া ঢোল আৰু ধুমচা নামৰ বাদ্যটােৰ খোলাটাে সাধাৰণতে কঁঠাল কাঠেৰে তৈয়াৰী। খোলাটােৰ তালিফালে ছাগলীৰ ছাল আৰু কোবনি ফালে গৰুড়ৰ ছালেৰে ছেওৱা হয়। শকত খোলাৰ চাৰিওফালে গৰু ছালৰ বৰটিৰে ছাহনি কৰে। তালিফালে হাত চাপৰেৰে আৰু কোবানি ফালে শকত মাৰিৰে বজোৱা হয়। মাদল হ’ল অন্যতম লেখত ল’বলগীয়া বাদ্য। ঢোল, মান্দল, তাল আৰু বাঁহী বা মুৰুলি বাদ্যসমূহ একেলগে পৰিৱেশন কৰিলে মন-প্ৰাণ আন্দােলিত কৰি তোলে। সেয়েহে ঝুমুৰ গীতত গোৱা হয়—

‘ঢোল মাদল শুনি নিন্দ নাই মৰ চক্ষে ধনি

নাচে আৱলি ধনি, গাৱে আৱলি ধনি

শুনিকে বাজনা ভাই ভাই।”

ঝুমুৰ গীতসমূহ কেইবাটাও তাল-মানত বিভক্ত কৰা হৈছে। সেই মতে বাদ্য বা বাজনাৰাে ভাগ আছে। শৰৎ ঋতুৰ উৎসৱ হ’ল দুৰ্গা পূজা বা দশেৰা। চাহ জনগোষ্ঠীৰ লোকে দেৱী পূজাত ছাগলী, হাঁহ, কুকুৰা আদি বলি দিবৰ বাবে ঢাক, ঢোল বজাই চেটিয়া মঙায় আৰু পূজা-অৰ্চনা কৰে। দশমীৰ দিনা গাঁৱৰ মানুহে তান্ত্রিক বিদ্যা জনা লোকক লৈ মানুহজনৰ সমানকৈ দীঘল টােকোন লৈ, লগত খুটি তাল আৰু ভৰিত ঘুঙুৰ পিন্ধি দেৱীৰ মন্ত্র গাই নৃত্য কৰি ঘৰে ঘৰে যায়। ইয়াক বিচহৰি’ বা চিহেৰ খেল’ বুলি কোৱা হয়। চহৰাই পৰব হ’ল শৰৎ কালৰ অন্যতম উৎসৱ। এই পৰবত গাঁৱৰ বয়সস্থ লোকসকল একগোট হৈ জাহালি গীত গাই ঘৰে ঘৰে গৈ আনন্দ উৎসৱ কৰে। জাহালি গীত বা চহৰাই গীত গাওঁতে ঢোল আৰু তাল বাদ্য ব্যৱহাৰ কৰা হয়। এই পৰব শেষ হােৱাৰ পাছত ক্ৰমে ঠাণ্ডা বেছি হয়। ঠাণ্ডাত জুই জ্বলাই বহুতে জুইৰ সেক লয় আৰু ‘ঘেৰ’ নামৰ এবিধ বাদ্য বজায়। এইবিধ বাদ্য ঘূৰণীয়া কাঁহী দৰে। ইয়াৰ এটা ফালহে ছাগলীৰ ছালেৰে ছেওৱা হয়। ঠাইবিশেষে ইয়াৰ নামো ভিন্ন। কিছুলোকে ‘ঘেৰ’, ‘ডাফা’, ‘দাম্ফিা’ আৰু ডফলি” বুলিও কয়। হেমন্ত ঋতুৰ উৎসৱ হ’ল টুচু পৰব। অসমীয়া ভোগালী বিহুৰ সমসাময়িকভাৱে চাহ জনগোষ্ঠীয় লোকসকলে এই উৎসৱ পালন কৰে। এই পূজাভাগত ঢোল, তাল আৰু ঠাইভেদে বেণ্ড বজোৱাও দেখা যায়। শীত ঋতুৰ উৎসৱ হ’ল ফাকুৱা। এই পৰবত ফাকুগুড়ি সানি আনন্দ উৎসৱ পালন কৰাৰ লগতে “লাষ্ঠী খেল’ বা টিনাখেল’ খেলা হয়। যোৰ হিচাপত ৮—১০ জন বা ১২ জন মান লোক একগোট হৈ এই খেল খেলে। এই খেলত বাদ্যযন্ত্ৰ হিচাপে মান্দল আৰু ঠাই বিশেষে ঢোল ব্যৱহাৰ কৰে। ইয়াৰ উপৰি চাহ জনগোষ্ঠীয় সমাজত এনে কেতবোৰ বাদ্য আছে, যিবোৰ বিয়া-সবাহৰ উৎসৱত ব্যৱহাৰ কৰা হয়। যেনে— চেহনাই আৰু মাদল ভেড় (কলি)। চেহনাই বাদ্য তাল গছৰ পাতেৰে আৰু তামৰ পৰাও (পেঁপাটি) চিকটি তৈয়াৰ কৰি বিয়া গীতৰ সুৰ লগাই গোৱা হয়। সেইদৰে “কালি’ মুখেৰে ফুৱাই বজোৱা হয়। বিয়া উৎসৱত নটুৱা৷” হৈছে চাহ জনগোষ্ঠীৰ অন্যতম নৃত্য। নটুৱা খেলত ঢাক-ঢোল, কাঁহ আদি বাদ্য বজোৱা হয়। ঢাক বা জয়ঢোলৰ তালে তালে নটুৱা খেলে। নটুৱা খেলত দুজনে অংশগ্রহণ কৰে। তেওঁলোকৰ এখন হাতত সবল টােকোন আৰু আনখন হাতত ঢাল’ থাকে। নটুৱা খেলত কিছুমান ঘাত বজোৱা হয় আৰু ইজনে-সিজনক প্ৰহাৰ কৰে। ঢালখনেৰে এহাতেৰে নিজকে উভয় পক্ষই ৰক্ষা কৰে। চাহ জনগোষ্ঠীৰ উৰিয়া সম্প্রদােয়ত অন্য কিছুমান বাদ্যৰ সমাহাৰ দেখা যায়। তেওঁলোকৰ বিয়া-সভাত জয়ঢোল (ঢাক ঢোল)ৰ বাহিৰেও উড়িয়া ঢোল, লিচান, টাচ (টিমকিড়ি), পেচা (মুহুৰি), ঘুঙুৰ, কৰতাল আদি বাদ্য বজোৱা হয়। ‘লিচান” বাদ্যটাে দোন আকৃতিৰ ওপৰ ফালে বহল ছালেৰে ছেওৱা আৰু তলফালে বন্ধ থাকে। ‘লিচান” বাদ্যবিধ বজোৱা মাৰিডালৰ নাম ‘চেমঠ”। চাহ জনগোষ্ঠীৰ অন্যতম সম্প্রদায়ৰ হ’ল—ভূঞাসকল। এওঁলোকৰ নিজস্ব বাদ্য হ’ল—‘মাঘায় মান্দল।” এইবিধ মাদল মাঝি মান্দলৰ লগত কিছু মিলে। এই বাদ্যৰ লগত তাল সংগত কৰি গীত, বাদ্য আৰু নৃত্য কৰা হয়। সেইদৰে মুচি আৰু ৰবিদাসসকলৰ লোকবাদ্য হ’ল-ঘেৰ, দাফী, ঢাকঢোল (জয়ঢোল) আৰু মাহৰা মান্দল। মাহৰা মান্দলৰ আকৃতি শকত আৰু প্রায় ডেৰ ফুটমান দীঘল। ইয়াৰ লগত গোৱা গীতসমূহক মাহৰা গীত, ধুচিয়াৰ গীত, ঝিংফুলীয়া গীত বুলিও কোৱা হয়। চাহ জনগোষ্ঠীৰ লোকবাদ্যৰ কথা ক’বলৈ যাওঁতে ইয়াৰ লগত সম্পর্কিত জনগোষ্ঠীটােৰ বিভিন্ন উৎসৱ, পূজা-পার্বণ তথা লোক-সংস্কৃতিৰ কথা উনুকিয়াই যোৱাটাে জৰুৰী। সীমিত পৰিসৰত ওপৰত আলোচনা কৰাৰ দৰেই চাহ জনগোষ্ঠীয় লোকৰ লোকবাদ্যসমূহৰ এক চমু বিশ্লেষণ। এই লেখাত আগবঢ়োৱা হ’ল। আশা কৰাে, পাঠক সমাজে এই চমু লেখাৰ যোগেদি চাহ জনগোষ্ঠীয় লোকবাদ্যসমূহৰ বিষয়ে এক থুলমূল আভাস লাভ কৰিব।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে