চ’ৰাঘৰ / সমকাল / বিহু, মঞ্চবিহু আৰু জাতীয় ব্যৱসায় ( ড: ছবি গগৈ )

বিহু, মঞ্চবিহু আৰু জাতীয় ব্যৱসায় ( ড: ছবি গগৈ )

বিহু কি আৰু ইয়াৰ পৰম্পৰা কেনে, এই বি্ষয়ে ক’বলগীয়া নতুন কথা কিবা আছেনে নাই চিন্তা কৰিছোঁ ৷ অসম আৰু অসমীয়াৰ জাতীয় উৎসৱ হিচাবে সকলো অসমীয়াৰ প্ৰাণত, তেজত “বিহু”ৰ ধাৰণা আৰু অনুভৱ সোমাই আছে বুলি নভবাৰ যুক্তি বিচাৰি পোৱা নাই ৷ মুখে মুখে সেয়ে আমি উচ্চাৰণ কৰোঁ বিহু আমাৰ হিয়াৰ আমঠু বুলি ৷ বিহু অসমীয়াৰ কলিজা বুলি ৷ বিহু অসমীয়াৰ আয়ুসৰেখা বুলি ভূপেন হাজৰিকাই কৈ যোৱাৰ পাছত আমিও সকলোৱে আওৰাই আহিছোঁ সেই বাণী ৷ কিন্তু, হিয়াৰ অনুভৱ সলনি হয়, আয়ুস কমি যায়, কলিজাও ৰোগগ্ৰস্ত হয় আদি কথাবোৰ যেনেদৰে আমি অস্বীকাৰ কৰিব নোৱাৰোঁ, ঠিক তেনেদৰে যেন বিহুও সলনি হৈছে, বিহুৰ আপোন গৰিমাৰ আয়ুস কমি আহিছে, বিহুৰ কলিজাত ৰোগে বাহ লৈছে জাতীয় ধাৰণাবোৰকো উলাই কৰিব নোৱাৰোঁ ৷ সেইদৰেই সময়, নৈ, জীৱনধাৰা, জীৱনশৈলী আৰু সংস্কৃতিও পৰিৱৰ্তনশীল বোলা কথাষাৰো আমি উলাই কৰিব নোৱাৰোঁ ৷ বিহুও সংস্কৃতি আৰু সেইবাবেই ইয়াৰ মাজলৈ পৰিৱৰ্তন অহাটো স্বাভাৱিক প্ৰক্ৰিয়া ৷ আমি তাক বাধা দি ৰাখিব নোৱাৰোঁ গতিশীলতা আৰু বিকাশৰ স্বাৰ্থতেই ৷ কিন্তু আমি ভাবিব নিশ্চয় পাৰোঁ ৷ ভবাত আমাৰ বাধাও নাই, সীমাবদ্ধতাও নাই ৷ ভবাটো আমাৰ এটা জাতীয় দায়িত্বও ৷ এই কথাটোহে আমি পাহৰি যাওঁ ৷ ভাবিবলৈও আকৌ শিকিব লাগে, শিকাব লাগে, অনুশীলন কৰিব লাগে৷ এক কথাত দিকদৰ্শন ৷ সময়ে সময়ে গৰিমা ৰক্ষাৰ দিকদৰ্শন মানি চলিব লাগে ৷ তেতিয়া সকলো নিয়ন্ত্ৰণত থাকে৷ অন্যথা, সকলোৱেই নিয়ন্ত্ৰণৰ বাহিৰলৈ যোৱাটোও এটা উলাই কৰিব নোৱৰা সত্য ৷ এই সত্যৰ ফলাফল কেতিয়াও ইতিবাচক নহয় ৷

বিহু এটা জাতীয় উৎসৱ মাথোন হৈ থকা নাই ৷ বিহু এক মাল্টি-কাল্চাৰেল (multi-cultural) ব্যৱসায় হৈ উঠিছে ৷ এই কথা আমি কোনোপধ্যেই নুই কৰিব নোৱাৰোঁ ৷ কেনেকৈ চাওঁ আহক ৷ বিহু আৰু ব্যৱসায়ৰ লগত জড়িত হৈ থকা দিশসমূহ …

ক. পৰম্পৰা: পৰম্পৰাৰ লগত সংযুক্ত হৈ থকাৰ স্বাৰ্থতেই গাঁও, চহৰ, নগৰ সকলোতে বিহুত প্ৰয়োজন হোৱা সামগ্ৰীৰ বজাৰ এখন গঢ় লৈ উঠিছে ৷ এই বজাৰখন গঢ় লৈ উঠাটো একো বেয়া কথা হোৱা নাই ৷ বৰঞ্চ পৰম্পৰাক বিস্তাৰ কৰি ৰখাত বজাৰখনে সহায়হে কৰিছে ৷ আমি মাথোঁ ভাবিব লাগে, কেনেকৈ আমাৰ থলুৱা সামগ্ৰীৰে আৰু থলুৱা ব্যৱসায়ীৰে বজাৰখন সমৃদ্ধ কৰি ৰাখিব পাৰোঁ ৷ এই সমৃদ্ধিয়ে দুটা কামসিদ্ধি কৰিব ৷ এহাতে, পৰম্পৰাক পালন কৰিবলৈ সকলোৰে বাবে সহজ ক্ষেত্ৰ এখন সুগম কৰিব৷ আনহাতে, থলুৱা ব্যৱসায়ীসকলক উৎসৱকালীন আৰ্থিক মুনাফাৰে সচ্ছল কৰাতো ভূমিকা ল”ব ৷ এই সুযোগ যাতে কেৱল থলুৱা ব্যৱসায়ীয়ে লাভ কৰে তাৰ কাৰণে আমি ভাবিব পাৰোঁ ৷ পৰিৱৰ্তিত জীৱনশৈলীৰে বাস কৰা আধুনিক জাতীয় জীৱনত ই এটা ডাঙৰ সমস্যা আৰু গুৰুত্বপূৰ্ণ প্ৰসংগ ৷ আমদানিকৃত সামগ্ৰীৰে পৰম্পৰা পালন নকৰাৰ কথা আমি ভাবিব পাৰোঁ ৷ থলুৱা প্ৰকৃতিত থলুৱা সামগ্ৰী, থলুৱা ব্যৱসায়ী, থলুৱা লোকে….পৰিৱৰ্তনৰ মাজতো বিহুৰ আপোন গৰিমাক স্বকীয় বৈশিষ্ট্যৰে সৈতে গতিশীল কৰি ৰাখিব পাৰে ৷ এই ধৰণৰ কথা আমি ভাবিবৰ হ’ল ৷ প্ৰকৃতিত পোৱা সামগ্ৰীখিনিৰ বাহিৰে আন সামগ্ৰী থলুৱাভাৱে যোগানৰ ব্যৱস্থা কৰিবলৈ আহ্বান কৰোঁ আহক ৷ তেনে পৰিৱেশ সৃষ্টিত আমাৰ প্ৰত্যেকৰে দায়িত্ব আছে ৷ চোলা-চুৰীয়াৰপৰা গামোচাখনলৈকে, তিল-নাৰিকলৰপৰা পুখুৰিৰ মাছলৈকে সকলো থলুৱা সামগ্ৰী থলুৱা লোকৰ হাতৰ হওক ৷ তাৰ বাবে এখন উপযুক্ত বজাৰ, উপযুক্ত কাৰিকৰী প্ৰশিক্ষণেৰে উপযুক্ত উৎপাদনকাৰী, জাতীয় আৰু প্ৰশাসনিক আগ্ৰহ, ক্ষুদ্ৰ উদ্যোগ, চৰকাৰী মনোযোগিতা আৰু সকলোতকৈ গুৰুত্বপূৰ্ণ জাতীয় চেতনাৰ প্ৰয়োজন ৷ ৰজাৰপৰা প্ৰজালৈকে সকলোৰে ৷ জাতীয় উৎসৱক জাতীয় ব্যৱসায়ৰ লগত জড়িত কৰিব পাৰিলে ভাল ৷ অন্যথা আমদানি এদিন ৰঘুমলা হৈ ছানি ধৰিব ৷ আমি এনেবোৰ কথালৈ আমাৰ জাতীয় উচ্ছল আৱেগৰ ঢল বোৱাব পাৰিলে সকলো পক্ষৰে লাভ৷

খ .মঞ্চবিহু: মঞ্চ এখন বিহুৰ লগত বিংশ শতিকাৰ ষাঠিৰ দশকতেই সংযুক্ত হ’ল৷ এতিয়া সেই কথা পুৰণি হৈ পৰিল ৷ এটা এৰাব নোৱৰা অংগ হৈ উঠিল ৷ মঞ্চবিহু নালাগে বুলি কোৱাটো বৰ্তমান বিজ্ঞানসন্মত চিন্তা নহয় বুলিয়েই পৰিগণিত হ’ব ৷ এনে এটা পৰ্যায়লৈ অহাৰ পাছত আমি কি কৰিব পাৰোঁ সেয়াহে ভবা উচিত ৷ মঞ্চবিহুত জড়িত হৈ থকা বিভিন্ন উপাদানসমূহ চোৱা যাওক ৷
• মঞ্চ: আটক ধুনীয়া আৰু সকলো সুবিধা থকা ব্যয়বহুল মঞ্চ এটা আজিকালি মঞ্চবিহুৰ প্ৰাথমিক কথা ৷ ইয়াত যথেষ্ট খৰচ হয় ৷ বিহুৰ বতৰত মঞ্চসজ্জাৰ ঠিকা লোৱাসকলে কষ্ট যেনেকৈ কৰে , তেনেকৈ যথেষ্ট পইচাও লয় ৷এই ঠিকাটো কিমানজন থলুৱা মানুহে লয় , সেই তথ্য আমাৰ হাতত নাই ৷ ইয়াতে দুটা কথা আছে ৷ প্ৰথম কথাটো হ’ল , জাকজমকতাৰ কিমান প্ৰয়োজন বিহুৰ বাবে ? কিমানখন মঞ্চবিহুৰ প্ৰয়োজন ? প্ৰতিখন গাঁও বা প্ৰতিটো চুবুৰিতে মঞ্চবিহু লাগেনে ? আকৌ একেটা অঞ্চলতে বেলেগ বেলেগ গোষ্ঠীয়ে পতা কেইবাখনো মঞ্চবিহুৰ কিবা যুক্তি আছেনে ? এইখিনি কথাতো আমি ভাবিব পাৰোঁ ! এটা অঞ্চলত যদি এখনেই মঞ্চবিহু পতা হয় তেন্তে কি সকলোৱে তাত ভাগ ল’ব নোৱাৰিব নেকি ? প্ৰয়োজন হ’লে পাঁচদিনীয়াকৈ পাতোঁ ৷ তেতিয়া মঞ্চৰ খৰচটো বহুত কমি আহিব ৷ যদি এইটো সম্ভৱ নহয় , তেন্তে দ্বিতীয় কথা্টো ভাবিব লাগিব ৷ সেইটো হ’ল , মঞ্চ সাজিবলৈ থলুৱা লোকক দায়িত্ব দিব লাগে ৷ বহু নিবনুৱা যুৱক আছে , তেওঁলোকে এই উৎসৱকালীন ব্যৱসায়বোৰত জড়িত হৈ সু্ন্দৰকৈ অলপ ধন ঘটি ল’ব পাৰে এই সময়তে ৷ গাঁওবোৰৰ বাঁহ বাৰীবোৰত বাঁহ গছবোৰ কাটি চাহ পুলি লগোৱাৰপৰা বাঁহৰ দাম বহুত বেছি হ’ল ৷ যিকেইখন বাঁহবাৰী আছেগৈ এইকেইখনৰ বাঁহবোৰ কিনি আনিলে বাঁহৰ গৰাকীৰো লাভ হ’ল, লগতে ভালেখিনি লোকৰ উপাৰ্জনৰ বাটো ওলাল ৷ মঞ্চ এখন সাজিবলৈ ভালেকেইজন লোকৰ প্ৰয়োজন হয় ৷ ৰাইজৰ টকা ৰাইজৰ মাজতে খৰচ কৰাৰ এটা ব্যৱস্থা গঢ় লৈ উঠিব পাৰে এনেকৈ ৷ অনা-অসমীয়া ব্যৱসায়ী ঠিকাদাৰক মঞ্চৰ ঠিকা দিয়াৰ সলনি এই কামটো কৰিব পাৰিলে কেইবাটাও পক্ষ লাভৱান হ’ব পাৰে ৷ কাপোৰ, চকী, পোহৰ, শব্দ আদি মঞ্চৰ লগত জড়িত আন উপাদান কেইটাৰো এটা ভাল ব্যৱসা্য এইকেইদিনতে হয় ৷ এইবোৰতো অসমীয়া ব্যৱসায়ীক দায়িত্ব দিয়াটো প্ৰতিখন বিহু কমিটিৰ দায়িত্ব হওক আৰু উদ্যোগী যুৱকসকল আগবাঢ়ি আহক এই বোৰ ব্যৱসায় কৰিবলৈ ৷ তেতিয়াহে মঞ্চবিহুৱে জাতীয় মৰ্যাদা লাভ কৰিব ৷ অন্যথা আন সাংস্কৃতিক অনুষ্ঠান আৰু মঞ্চবিহুৰ মাজত একো প্ৰভেদ নাথাকিব ৷ যদি প্ৰভেদ নাথাকেই তেন্তে তাৰ নামত ইমান টকা বছৰি খৰচ কৰি থকাৰ কোনো যুক্তি নাই ৷

• প্ৰতিযোগিতা আৰু সাংস্কৃতিক অনুষ্ঠান : মঞ্চবিহুত বিহুৰ বিভিন্ন শাখাৰ প্ৰতিজোগিতাসমূহ আৰু সাংস্কৃতিক অনুষ্ঠানবোৰ পাতিব লাগে নে নালাগে ? নে কেৱল প্ৰদৰ্ষনীমূলক বিহুহে পাতিব লাগে ? এই বিষয়েও তিনিটা কথা ক’ব লাগিব ৷ প্ৰথমতে, বিহু কমিটিয়ে সামৰি লোৱা অঞ্চলটোৰ সকলোৱে ভাগ লৈ নাচি বাগি গাই মঞ্চখন একান্তভাৱে নিজৰ কৰি থ’ব পাৰে ৷ পইচা দি, কষ্ট কৰি নিজে যদি মঞ্চত এপাক নাচিবলৈকে নাপায়, গাবলৈ নাপায়, তেন্তে এই বিহু কিয় পাতিব লাগে ? নিজৰ উৎসৱ বুলি পাতিলে নিজেই আনন্দ কৰিব লাগে ৷ দ্বিতীয়তে, আনৰ নাচ-গান যদি চাবলৈ মন যায়, তেন্তে প্ৰতিযোগিতা নাপাতি প্ৰদৰ্ষণীমূলকভাৱে আন ঠাইৰ বিহুৱা, নাচনী আৰু আন শিল্পীক মাতিব পাৰি ৷ মাতিলেই এটা মাননী দিবই লাগিব ৷ জাকজমক নকৰাকৈয়ো এনে প্ৰদৰ্ষণীমূলক অনুষ্ঠান আয়োজন কৰিব পাৰে ৷ এসাজ লগেভাগে খাই, এখনকৈ গামোচা পিন্ধাই সন্মান যাচি, অহা-যোৱাৰ খৰচটো দি মাতিলে প্ৰদৰ্ষণ কৰিবলৈ কোনো নাহিবনে ? যদি নাহে, তেতিয়াহে তিনি নম্বৰৰ কথাটোৰ প্ৰয়োগ হ‘ব পাৰে ৷ কি্তু এই মাননী আৰু একোখনকৈ গামোচাৰে সন্মান জনালে যিমান খৰচ হয়, তাতকৈ বহুত বেছি খৰচ বৰ্তমান সকলো বিহু কমিটিয়ে কৰি আছে৷ সেই খৰচ হৈছে প্ৰতিযোগিতা পাতি দিয়া প্ৰাইজমাণিত আৰু বিখ্যাত গায়কক দিবলগীয়া বৃহৎ মাননীত ৷ প্ৰাইজমাণীবোৰে বিহুৱা দলবোৰক ব্যৱসায়ীলৈ পৰিণত কৰিছে ৷ শিল্পীসকলকো ৷ এইটোৱেই তিনি নম্বৰৰ কথা ৷ গায়ক সকলক শুনাৰ আন ব্যৱস্থা থকাৰ পাছতো তেওঁলোকক চাবৰ বাবে আৰু তেওঁলোকৰ গানত নাচি-বাগি আনন্দ কৰিবৰ বাবেই কেইবালাখৰ ঘৰত টকা দি মাতি অনা হয় ৷ লাখৰ ঘৰত পুৰস্কাৰ দি বিহুৱা দলবোৰৰ বিহুৰ প্ৰতি থাকিবলগীয়া জাতীয় ভাবক নোহোৱা কৰি টকাৰ মোহত বন্দী কৰা হৈছে ৷ তাৰ পৰিণাম স্বৰূপে গাঁৱৰ হুঁচৰি বিহুৰ দিনাই গাঁওখনক এৰেহা পেলাই চহৰৰ ধনী ব্যক্তিৰ ঘৰলৈ যোৱাৰ দৰে ঘটনাও ঘটিছে ৷ ইয়াৰ সলনি আন কিবা কৰিব নোৱাৰিনে ? তাতকৈ কম পইচা খৰচ কৰি স্থানীয় উঠি অহা ন শিকাৰুসকলক মাতি আনি মঞ্চখন দিব পাৰি ৷ স্থানীয় শিল্পীসকলক মঞ্চ দিলেও পইচা দিয়াৰ দৃষ্টান্ত বিৰল ৷ অনুষ্ঠান এটা খুজি খুজিহে লোৱাৰ দৃষ্টান্ত হয়তো বহুত ওলাব ! তেনে ব্যৱহাৰেৰে অসমৰ ভৱিষ্যত প্ৰজন্মৰ প্ৰতি বিহু কমিটিবোৰে কিমানখিনি দায়বদ্ধতা পালন কৰিছে ভাবিবলগীয়া কথা ৷ দৰ্শকসকলেও মেগা-ফাংচনৰ তাড়ণাটো এৰিব নোৱাৰিলে এই মঞ্চবিহুৱে এদিন অসমৰ আৰ্থ-সামাজিক আৰু সাংস্কৃতিক দিশত ভয়ংকৰ প্ৰভাৱ পেলাবলৈ গৈ আছে ৷ স্থানীয় বোলা ধাৰণাটোক মঞ্চবিহুত সংলগ্ন কৰি ৰাখিব নোৱাৰিলে মঞ্চবিহুৱে জাতীয় বিকাশৰ ক্ষেত্ৰ এখন কেতিয়াও দিব নোৱাৰে ৷ প্ৰতিযোগিতাই কেৱল বিকাশ সম্ভৱ কৰি তুলিব পাৰিবনে ? সেই প্ৰতিযোগিতাই কাক পুৰস্কৃত কৰে ? পুৰস্কাৰ নোপোৱাসকলৰ গাত বিহু কি নালাগে ? মঞ্চবিহুৰ উদ্দেশ্য কি কেৱল প্ৰতিভাৰ সন্ধান ? মঞ্চখন কি কেৱল দামী শিল্পীৰ বাবে ? নহয় ৷ কেৱল সেয়া হ’ব নোৱাৰে ৷ সেয়াই হ’লে এইখন মঞ্চৰ লগত বিহুৰ কোনো সম্পর্ক নাথাকিব ৷ আমাক মঞ্চবিহুও লাগিব আৰু তাৰদ্বাৰা স্থানীয় বিকাশো লাগিব ৷
• পৰিৱেশ্যকৰণ : মঞ্চবিহুৰ ইতিবাচক দিশটো হ’ল , সামগ্ৰিকভাৱে বিহুৰ এটা পৰিৱেশ্যধৰ্মী ইউনিফৰ্ম তৈয়াৰ হৈছে ৷ পৰিৱেশ্য কলাৰ অন্তৰ্ভূক্ত কৰি বিহুক আন্ত:ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত উপস্থাপন কৰিবৰ বাবেই এনে ইউনিফৰ্মৰ প্ৰয়োজন আছে ৷ কিন্তু এই ইউনিফৰ্মটো যাতে পাৰম্পৰিক হয় তালৈ চকু ৰখাটোও সমানে গুৰুত্বপূৰ্ণ ৷ বিভিন্ন কৰ্মশালা, বিভিন্ন গোষ্ঠীয়ে পতা প্ৰতিযোগিতাসমূ, বহি:ৰাজ্য আৰু আন্ত:ৰাষ্ট্ৰীয় আমন্ত্ৰণবোৰে বিহুক এটা ইউনিফৰ্মত সোমাবলৈ বাধ্য কৰিছে ৷ এই ইউনিফৰ্মটোৱে কেইবাটাও কথাক সাঙুৰি পেলাইছে ৷ সাজ-পোছাক, বাদ্য, গহণা, প্ৰশিক্ষণ, প্ৰশিক্ষক আদিৰে এখন ভাল বজাৰ(উপাৰ্জন ক্ষেত্ৰ) সৃষ্টি হ’ব পাৰে ৷ এই বজাৰখন অসমীয়া জাতীয় ব্যৱসায়ৰ লগত জড়িত হ‘লে অসমৰ আৰ্থ-সামাজিক দিশটোও কিছু পৰিমাণে আগবাঢ়িব পাৰিব ৷ মাথোঁ সু-পৰিকল্পনাৰ প্ৰয়োজন ৷ বহুসময়ত আমদানিকৃত সামগ্ৰীৰ ব্যৱহাৰ পৰিলক্ষিত হোৱাটোৱে সচেতনতা আৰু পৰিকল্পনাৰ অভাৱকে সূচায় ৷ নাচনীৰ বাবেই এপাহ কপৌ ফুলৰ দাম যদি দেৰশ টকালৈকে উঠিব পাৰে, তেন্তে আমি কিমানজনে কপৌফুলৰ খেতিৰ কথা ভাবিছোঁ ? কেইগৰাকী নাচনীয়ে দেৰশ টকাত কপৌফুল কিনিব ? প্লাষ্টিকৰে লগাব দহ বাৰ টকাত কিনি ! কথাবোৰ এনেকৈও ভাবিব পাৰি চাগৈ ! প্ৰতিখন বিহুৰ মঞ্চৰ কাষত যদি এখন কপৌফুলৰ দোকান বহে আৰু বিশ টকাকৈও দাম নিৰ্ধাৰণ কৰে, তেন্তে কি বেয়া হ’ব নেকি ? তাৰ বাবে কপৌফুলৰ উৎপাদন লাগিব ৷ এই উৎপাদনৰ বাবে কিন্তু ব্যয় তেনেই সামান্য ৷ এতিয় কি হৈ আছে ? হাবিৰ পৰা কপৌ ফুল আনি বজাৰত উলিয়ায় আৰু এঠালত তিনিৰ পৰা পাঁচশ টকালৈকে দাম লয় ৷ এইবোৰ একপ্ৰকাৰৰ সাংস্কৃতিক শোষণ নহয়নে ? বিহুৰ লগত জড়িত ব্যক্তিসকলে এইবোৰো চকু দিলে কিনো ক্ষতি হয় ? কেৱল আৰ্টিষ্টৰ পাছত দৌৰি থকাৰ মাননসিকতা এৰিবৰ হ’ল ৷
• গামোচা : বিহুত বেছিকৈ প্ৰয়োজন হোৱা সামগ্ৰীসমূহৰ ভিতৰত গামোচাখনো এপদ ৷ স্থানীয় মহিলাসকলে আত্ম-সহায়ক গোটৰ আধীনত বা নিজাববীয়াকৈ গামোচাসমূহ বৈ উলিয়াবলৈ আৰু তেঁওলোকৰপৰা পাৰিশ্ৰমিক দি কিনি ল’বলৈ বিহুকমিটিসমূহে পদক্ষেপ ল’ব পাৰে ৷ দোকানৰ আমদানিকৃত গামোচা ব্যৱহাৰ নকৰি অসমীয়া মানুহে আৰু বিহু কমিটিসমূহে বোৱনীসকলক উৎসাহ আৰু আৰ্থিক সকাহ দিব পাৰে ৷ আগতীয়াকৈ উদযাপনৰ পৰিকল্পনাৰ লগতে এইবোৰৰো পৰিকল্পনা হ’ব পাৰে ৷ গামোচাৰ ইমান চাহিদা আছে বাবেইতো আমদানি হয় ? অসমৰ বিহু সুৰক্ষা সমিটি, বিহু উদযাপন সমিটি, ৰূপালী, সোণালী বৰ্ষ অতিক্ৰম কৰা বিহুমঞ্চবোৰে কিয় আজিলৈকে গামোচাৰ এখন স্থানীয় বজাৰ সৃষ্টি কৰিব পৰা পৰিৱেশ আনিব পৰা নাই ? আমি কিয় সামাজিক অসহযোগ কৰি গামোচাৰ আমদানি নিজে নিজে বন্ধ হ’বলগীয়া এটা অৱস্থাৰ সৃষ্টি কৰিব পৰা নাই ? সকলো কথাৰ বাবে আন্দোলন নালাগে ৷ ব্যৱহাৰ বন্ধ হ’লেই আন্দোলনৰ প্ৰয়োজন নাথাকিব ৷ অসমৰ ইমানবোৰ বিহু কমিটিয়ে কিমান গামোচা অসমীয়া শিপিনীৰপৰা কিনিছে আৰু কিমান আমদানিকৃত গামোচা কিনিছে তাৰ তথ্যও সদ্যহতে আমাৰ হাতত নাই ৷ কিন্তু এইখন এখন ভাল বজাৰ হৈ উঠিব পাৰে ৷
• শিল্পীৰ ৰোজগাৰ : আটাইতকৈ জটিল প্ৰসংগ এটাই হ’ল বিহুৰ লগত জড়িত হৈ পৰা শিল্পীসকলৰ ৰোজগাৰৰ প্ৰসংগটো ৷ মঞ্চৰ লগত বহু শিল্পীৰ আয়-ব্যয় জড়িত হৈ পৰিছে ৷ এইসকল কিন্তু ব্যৱসায়িক দৃষ্টিভংগীৰ লোক ৷ উৎসৱকালীন মুনাফা আদায় কৰাত এওঁলোকৰ সৰহভাগে এৰাধৰা নকৰে ৷ আমি গাত বিহু লগাই আনন্দ কৰোঁ, তেওঁলোকে গাত বিহু লগাই পইচা উপাৰ্জন কৰে ৷ তাকো বছৰটোলৈ বুলিও বহুতে নিজেই যুক্তি দিয়ে ৷ কাক দুষিব পাৰি ? আমি বিচাৰোঁ বাবে তেওঁলোক আহে ৷ তেওঁলোক আহে বাবে আমি বিচাৰোঁ ৷ এজন গায়কৰ লগত বজাবলৈ অহা বাদক সকলৰ কি হ’ব ? বহুতকে এই মঞ্চবোৰেই জীয়াই ৰাখিছে ৷ এই সত্যটোক আমি আওকাণ কৰি চলিব নোৱাৰোঁ ৷ এনেকৈ গোটোৱা পইচাৰেই বহুতে বছৰটোৰ পৰিকল্পনাবোৰ ৰূপায়ন কৰে, বহুতে ঘৰ চলায় ৷ গতিকে মঞ্চ এখন তেওঁলোকক লাগে, অনুৰাগী দৰ্শক শ্ৰোতা লাগে ৷ ৰোজগাৰৰ বাবেই লাগে ৷ এই শিল্পীসকলেও বাৰু একোখন বিহু কমিটিৰ কথা কিমান ভাবে ? তেওঁলোকে বিচৰা টকা কমিটিবোৰে কাৰ পৰা আনে ? এজন শিল্পীক ছয়-সাত লাখ দিব পৰা অসমীয়া মানুহৰ সঁচাকৈ কেইজনৰ সাধ্য আছে ? যদি নাই , তেন্তে ক’ৰপৰা আৰু কাৰপৰা সংগ্ৰহ কৰে ? সেয়া সকলোৱে জনা এক অপ্ৰিয় সত্য ৷ ইমান দামী আৰু নামী বাদ্য আৰু বাদক লগত নল’লে কি তেওঁলোকে অনুষ্ঠান পৰিৱেশন কৰিব নোৱাৰে ? আগতে খগেন মহন্ত, ভূপেন হাজৰিকাই কেৱল হাৰমোনিয়াম আৰু তবলা-গিটাৰ লৈয়ে মঞ্চ উত্তাল কৰি ৰাখিছিল ৷ তেন্তে আজিৰ শিল্পীয়ে কি কণ্ঠতকৈ শব্দৰ মায়াজালহে ৰচে বুলি ভাবিব পাৰি নেকি ? সেই মায়াজালৰ ভেল্কীকে চাবলৈ আমি লক্ষাধিক টকা দি বহি থাকোঁ ? তৰাং কথাৰ গীত-মাতৰ কথা নকলোৱেই বা ! দৰ্শকৰ দাবী মতেই শিল্পীয়ে ৰুচি প্ৰদৰ্শন কৰিবলৈ যদি বাধ্য, তেন্তে এনেধৰণৰ তৰাং গীত-মাতৰ বাবে কি আমি দৰ্শকসকলেই দায়ী নেকি ? যদি দৰ্শক বাধ্য তেওঁলোকে যি গায় তাকে শুনিবলৈ, তেন্তে ইমান পইচা দিয়াৰ কি যুক্তি ? আমি প্ৰত্যেকেই বিকৃতিৰ অংশীদাৰ হৈ পৰা নাইতো ? তাৰ বিপৰীতে স্থানীয় আৰু লোক শিল্পীসকলক উপেক্ষা কৰি অহা বুলি সদায় এটা অভিযোগ শুনা যায় ৷
এনেবোৰ কথাক নিৰ্মোহভাৱে বিচাৰ-বিশ্লেষণ কৰাৰ সময় সমাগত ৷ বিজ্ঞানসন্মতভৱে সময়, সমাজ, পৰম্পৰা আৰু পৰিৱৰ্তনৰ প্ৰতি সচেতন দৃষ্টি নাৰাখিলে বিভিন্ন বিকৃতিয়ে খোপনি লৈ এদিন বিজতৰীয়া কৰি পেলোৱাৰ ভয় সকলোতে থাকে ৷ অথচ আমি পৰিৱৰ্তনক এৰাই চলিবও নোৱাৰোঁ ৷ সমাধান সূত্ৰ উলিওৱাটোৱেই হ’ল সময়ৰ দাবী ৷ বিহুক যেনেকৈ জাতীয় উৎসৱ বুলি গৌৰৱ কৰোঁ, তেনেকৈ বিহু জাতীয় ব্যৱসায়ৰো গৌৰৱময় ক্ষেত্ৰ হৈ উঠক ৷ বিহুপ্ৰেমী প্ৰতিজন অসমীয়াই নতুনকৈ কথাবোৰ ভাবক ৷

এটা মন্তব্য

  1. ইমান সুন্দৰ বিশ্লেষণ, ভাল লাগিল পঢ়ি।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে