চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / অসমৰ লোক-বাদ্য ঢোল ( মিনুৰেখা গগৈ )

অসমৰ লোক-বাদ্য ঢোল ( মিনুৰেখা গগৈ )

অসমৰ বিভিন্ন লোকবাদ্যসমূহৰ ভিতৰত পুৰণি বাদ্যটােৱেই হ’ল ঢোল। ঢোলক বাদ দি অসমীয়া বিহুটিৰ কথা ভাবিব পৰা নাযায়। অসমীয়া সংস্কৃতি, অসমীয়া জনজীৱনৰ লগত ঢোল ওতঃপ্রোতভাৱে জড়িত। ড° লীলা গগৈদেৱৰ ভাষাত— ‘ঢোল পুৰুষৰ জেউতি চৰােৱা অসমীয়া সংস্কৃতিৰ আপুৰুগীয়া সম্পদ।” যোগেশ দাসদেৱৰ ভাষাত—“ঢোলটােৰ মাজত অসমীয়া জীৱনটােৱেই সোমাই আছে।”

অতীজৰে পৰাই অসমত ঢোলৰ ব্যৱহাৰ হৈ অহাৰ কথা নানা কিতাপে-পত্ৰই পোৱা হয়। ৰজাসকলে ৰাজ্যত কিবা ঘোষণা কৰিবলৈ দিলেও ‘ঢোল পিটি শুনাই দিয়া হওক” কথাষাৰৰ যোগেদি ঢোলৰ ব্যৱহাৰৰ কথা বুজা যায়। ৰণহুংকাৰ দিবলৈও ঢোল বজোৱা হৈছিল। আহােম ৰজাৰ ৰাজচ’ৰাত বিভিন্ন উৎসৱত ঢোল বজোৱা হৈছিল। সেই সময়ৰে পৰাই গছৰ তল বা মুকলি ঠাইত সমজুৱাকৈ বিহু মৰা হৈছিল। বুৰঞ্জীত উল্লেখ থকা মতে শিৱসাগৰ জিলাৰ বিহুবৰ নামৰ ঠাইখনত ৰজাসকলৰ দিনত প্রথম ঢোলপেঁপা বজাই বিহু মৰা হৈছিল যাৰ কাৰণে সেই অঞ্চলটাে বিহুবৰ বুলি পৰিচিত হ’ল। তাৰ বহু পিছতহে ৰংঘৰৰ বাকৰিত বিহু মৰা আৰম্ভ হৈছিল। মহযুঁজ, কুকুৰাযুঁজ আদিতো ঢোলবাদ্য বজোৱা হৈছিল। ঢোলক এক মাংগলিক বাদ্য বুলি গণ্য কৰা হয় অসমত। সেয়েহে অসমৰ সত্ৰসমূহৰ বিভিন্ন মাংগলিক অনুষ্ঠানত তথা পূজা মণ্ডপত ঢোলবাদন কৰাৰ পৰম্পৰা আছে। বৃহৎ অসমীয়া সংস্কৃতিৰ ঢোল হ’ল এটি প্রধান অংগ। ঢোল নহ’লে প্রকৃত অসমীয়াৰ বিয়াঘৰখনাে হৈ পৰে কিবা উকা উকা। বিহুতলীতেই যদি ঢোলটি নাথাকে। সেইখন কেনে বিহুতলী হ’ব কল্পনা কৰি চাওকচোন।

ঢোলৰ প্ৰচলন সর্বপ্রথম কোন দেশত হৈছিল সেই বিষয়ে নিৰ্ভৰযোগ্য তথ্য পোৱা টান। কথিত আছে যে ইজিপ্ত দেশতেই প্রথম ঢোলৰ সম্ভেদ পোৱা গৈছিল। কিন্তু ঢোলৰ ব্যৱহাৰ সকলোতকৈ বেছি বুলি গম পোৱা গৈছে আফ্রিকা মহাদেশতেই। আমাৰ দেশখন হ’ল মহাভাৰত-ৰামায়ণৰ দেশ। গতিকে ঢোলৰ প্ৰচলনৰ ক্ষেত্ৰতো ৰামায়ণ-মহাভাৰতৰ কথাই আহি পৰে। সত্য যুগত বােলে হৰ-গৌৰীৰ বিয়াত অনাদি ঢুলীয়াই ঢোল বজাইছিল। ত্রেতা যুগত শ্ৰীৰামচন্দ্ৰৰ বিয়াত বিনন্দি ঢুলীয়াই, দ্বাপৰ যুগত ৰুক্মিণীৰ বিয়াত নাদী ঢুলীয়াই আৰু কলিযুগত ইন্দ্ৰবংশীয় টাই আহােমৰ ৰাজসভাত সোধন ঢুলীয়াই ঢোল বজাইছিল বুলি জনবিশ্বাস আছে। ঢোলৰ লগতে একে ধৰণৰ অন্যান্য বাদ্যসমূহ পূৰ্বতে কৈলাসত আছিল বুলি কোৱা হয়। তৃতীয় পাণ্ডৱ, অর্জনেহে বােলে সেই বাদ্যসমূহ মর্ত্যলৈ নমাই আনিছিল। ঢোলৰ ওজাসকলে ঢোলৰ মালিতাত এই কথাখিনি এনেকৈ গায়—

কৈলাসৰ মহাদেৱ দিলা ঢোলৰ জনমটি

আদি সত্যযুগে বাদ্য ভৈলা উৎপত্তি

শিৱক খুজি পার্থে ঢোল আনিলে নমাই

আদি গুৰুৰ বাক্যে বাদ্য পৃথিৱীত ঠাই

পৃথিৱীত ৰুক্মিণীৰ বিবাহে বাদ্য বজায়।

অসমীয়া ঢোল বজোৱাৰ কেইবাটাও পৃথক শৈলী আছে, যেনে বিহুঢোল, ওজাঢোল, জয়ঢোল, ঢেপাঢোল, মাদল আদি। ঢোলবিলাকৰ মাজত আকাৰগত পার্থক্য থকাৰ দৰে বজোৱা ধৰণ আৰু বোলৰ মাজতো পার্থক্য আছে। যেনে বিহুঢোল একোজনে এটালৈ লৈ কেইবাজনাে একেলগে বা সমজুৱাকৈ বিহুগীত আৰু নৃত্যৰ লগত তাল ৰাখি বজোৱা হয়। ওজাঢোল একেজন ওজাই দুটা বা ততোধিক ঢোল একেলগেই বজায়।

ঢোলৰ মূল খোলাটাে কাঠেৰে তৈয়াৰী। ঢোলৰ বাবে কঁঠাল কাঠেই উত্তম বুলি ভবা হয়। পূৰঠ কঠাল গছৰ মাটিৰ পৰা ১৫ ফুটমান ওপৰৰ অংশ ঢোলৰ বাবে উপযুক্ত। ডাকৰ বচনত উল্লেখ আছে। এই বিষয়ে—“বাৰ হাতে ঢোল তেৰহাতে খোলা৷” ঢোলৰ তালি ফালটােৰ ফালে ছাগলীৰ ছাল আৰু কোবনি ফালটােৰ ফালে গৰুৰ ছাল ব্যৱহাৰ কৰা হয়। ছালকেইখন জোখত কাটি চামৰাৰ বৰতীৰে টানি টানি বন্ধা হয়। বৰতীৰ টান কম-বেছি কৰি ঢোলৰ সুৰবন্ধন কৰা হয়। ঢোলটাে কান্ধত ওলামাবৰ বাবে ব্যৱহাৰ কৰা ৰছীডালক কান্ধজৰী বােলা হয়। ঢোল বজাবলৈ যিডাল বাঁহৰ মাৰি ব্যৱহাৰ কৰা হয়, সেইডালো বিশেষ ধৰণে তৈয়াৰ কৰা হয়। বুঢ়া গুৰি বাঁহৰ টুকুৰা চাঁচি-মাজি এই মাৰিডাল বনােৱা হয়, মাৰিডালৰ মাজত বাঁহৰ গাঁঠিটাে ৰাখি বনােৱা হয়। এই মৰমৰ আৰু আদৰৰ ঢোলটােৱেই হ’ল অসমীয়াৰ বিহুৰ আটাইতকৈ প্রয়োজনীয় বাদ্য। বিহু-হুঁচৰিত টকা, পেঁপা, বাঁহী, সুতুলী, গগনা আদি বহু ধৰণৰ বাদ্য বজোৱা হয় যদিও ঢোল আৰু তালেই প্ৰথমৰ পৰা শেষলৈকে বজোৱা হয়।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে