চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ঢোল সম্ৰাট সোমনাথ বৰা ওজাৰে কাব্য নয়নীৰ কথোপকথন

ঢোল সম্ৰাট সোমনাথ বৰা ওজাৰে কাব্য নয়নীৰ কথোপকথন

তিনি বছৰ বয়সৰ পৰাই ঢোলটোক আপোন কৰি লৈছিল “ঢোল সম্ৰাট” সোমনাথ বৰা ওজাই। বোকাখাতৰ গুৰ যোগনীয়া গাঁৱত ১৯৬৪ চনৰ ৬ ফেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা এই শিল্পীজনে আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত অসমৰ চেনেহৰ ঢোলটিক প্ৰতিষ্ঠা কৰিছে। তেখেতৰ সৈতে হোৱা কথোপকথনৰ সম্পাদিত ৰূপ ‘বৌদ্ধিক বিচাৰ’ৰ পাঠকৰ বাবে নিবেদন কৰিলো৷

১.  অসমৰ প্ৰাচীনতম লোকবাদ্য ঢোলৰ প্ৰতি আপুনি কেনেদৰে আকৰ্ষিত হ’ল? ঢোলবাদনৰ শিক্ষাগ্ৰহণ ক’ত, কেনেকৈ আৰম্ভ কৰিছিল?

উত্তৰ : ঢোল অসমৰ প্ৰাচীনতম লোকবাদ্যই নহয়, পৃথিৱীৰ প্ৰাচীনতম লোকবাদ্যবোৰৰ ভিতৰত ঢোল অন্যতম। মই সৰুতে মঘাই ওজাৰ ঢোল বাদন বিহুৰ সময়ত ৰেডিঅ’ত শুনিছিলো৷ গুৱাহাটী আৰু ডিব্ৰুগড় আকাশবাণী কেন্দ্ৰৰ জৰিয়তে সেই ঢোলবাদন প্ৰচাৰ কৰা হৈছিল৷ সেয়া শুনি মই খুব ভাল পাওঁ । তেনেকৈয়ে একেবাৰে সৰুতে ঢোলৰ প্ৰতি আকৰ্ষিত হৈছিলো। মই বৌটিৰ (মাক বৌটি বুলি মাতো) লগত বিয়া খাবলৈ গৈছিলো৷ বিয়াত ওজাৰ ঢোলবাদন চাই থাকোঁ । আমাৰ ফালে বিয়াত ঢোল বজোৱাৰ এক পৰম্পৰা আছিল। ওজাই ঢোল বজোৱা দেখিলে মই আৰু টোপনি নাযাওঁ। ৰাতিপুৱালৈকে ঢোল বাদন চাই থাকিব পাৰিছিলো। তেতিয়াই মোৰ ঢোল শিকিবলৈ মন গৈছিল। আমাৰ ফালে এক প্ৰবাদ প্ৰচলন আছিল– “কলাই ওজাই ৰগৰ, মঘাই টোকৰ, ৰং ওজাই ৰংচং ,গগনৰ চাপৰ , নৰাম ওজাই ঘাট , মেথন ওজাৰ মাত ।” সেই কলাই ওজাৰ ঘৰ আমাৰ ঘৰৰ ওচৰতে ।মই হ’লো কলাই ওজাৰ শিষ্য। তেখেতৰ ওচৰতে ঢোলৰ প্ৰথম আদিপাঠ লৈছিলো অৰ্থাৎ মালিতা , চলনা, ধিন হিতা হাত, ঘুগুৰি বতাহ হাত এনেকৈ সৰু-সুৰা হাতখিনি তেখেতৰ ওচৰতে শিকিলোঁ। তাৰ পাছত আমাৰ গাঁৱৰ বিয়া এখনলৈ ঢোল বজাবলৈ দেৰগাঁৱৰ পৰা ধীৰেন ৰাজখোৱা ওজা আহিছিল। তেখেতৰ ভংগিমা, গায়কী আৰু উপস্থাপনৰ আৰ্হি মোৰ খুবেই ভাল লাগিল৷ পিছদিনা ৰাতিপুৱা তেখেতক আমাৰ ঘৰলৈ মাতি নিলো । ক’লো–‘দাদা মোক ঢোল বজাবলৈ শিকাব নেকি? মোৰ ঢোল শিকিবলৈ বৰ মন।’ তেখেতে ক’লে– ‘ঠিক আছে। মই এটা পৰীক্ষা ল’ম। সেই পৰীক্ষাত উত্তীৰ্ণ হ’লে মই শিকাম। মোক এসপ্তাহৰ ভিতৰত বস্তু এটা মুখস্থ দিব লাগিব।’ তাৰ পাছত আকৌ ক’লে–‘নহয় আজি মই থাকিম। কাইলৈ যামগৈ। যোৱাৰ আগত তুমি যদি মুখস্থ দিব পাৰা, মই তোমাক ঢোল শিকাম।’ সেয়া আছিল ছঅৰা বাদ্য বুলনি। সেই ছঅৰা বাদ্যবুলনিত ছঅৰা হাত আছে আৰু ছঅৰা বাদ্য আছে। গতিকে সেই ছঅৰা বাদ্যবুলনি খন মোক লিখি ল’বলৈ দিলে। তাৰপাছত আমাৰ ঘৰত তেখেতে চাহ জলপান খাই থাকোতে মই ক’লো, মোৰ মুখস্থ হৈ গ’ল। মই মুখস্থ গাই দিলো। তেতিয়া ক’লে–‘ তোমাক সঁচাই শিকাম। তুমি মোৰ তালৈ যাব লাগিব।’ তেখেতৰ ঘৰ দেৰগাঁৱত। দেৰগাঁৱৰ মোৰ সম্পৰ্কীয় এঘৰত থাকি আৰু তেখেতক গুৰু মানি ঢোল শিকিছিলো। নৰাম ওজাৰ তেলটুপি হাতখন বৰ বিখ্যাত বুলি শুনি তেখেতৰ ঘৰতো তিনি চাৰি দিন থাকি তেলটুপি হাত শিকিছিলো। ৰত্ন পাঠক ওজাই মঘাই ওজাৰ দৰে খুব ধুনীয়াকৈ বতাহ চৰাই হাতখন বজায় ।তখেতৰ ঘৰত দুৰাতি থাকি বতাহ চৰাই হাত শিকিছিলো। আকৌ সৰুপথাৰলৈ গৈ মেথুন কোঁৱৰ ওজাৰ লগত থাকি ‘ভাৰত স্বাধীন হাত’ শিকিছিলো। মঘাই ওজাই গাইছিল ‘পূবেদি ওলালে ৰঙাকৈ বেলিটি, পশ্চিমত মাৰিলে বুৰ , সৰুপথাৰ চহৰত ৰেলগাড়ী পৰিলে, কুশলক ধৰিলে চোৰ।” সেই কুশল কোঁৱৰৰ নাতিয়েক মেথুন কোঁৱৰ ওজাৰ ওচৰত তেনেকৈ শিকিছিলো। আমাৰ গাঁৱৰে ধনেশ্বৰ শইকীয়া নামৰ ওজা এজন আছে। তেখেতৰ ওচৰতো দুই এটা বস্তু শিকিছিলো। পদেশ্বৰ দোৱনীয়া নৰ্মালত খুব নাম কৰা ওজা। তেখেতৰ পৰা কিছুমান শিকিলো। আমাৰ গাঁৱলৈ হিত ওজা বুলি এজন ওজা আহিছিল। আচল নাম হিতেশ্বৰ হাজৰিকা। তেওঁ ঢোলত বজাইছিল– ‘উৰি গ’ল বতাহ, ধৰি আন বতাহ, পুৰি চাওঁ বতাহ’৷ এই ধৰণেই মই শিক্ষা আৰম্ভ কৰিলো ।

২. আপুনি গণিত বিষয়ত উচ্চ শিক্ষা গ্ৰহণ কৰিছে৷ এনে এক বিষয়ত অধ্যয়ন আৰু ঢোল বাদন চৰ্চা সমান্তৰালভাবে আগবঢ়াই নিওঁতে অসুবিধাৰ সন্মুখীন হৈছিল নেকি ?

উত্তৰ : অলপ অসুবিধা নোহোৱা নহয়। কিন্তু মই কষ্ট কৰিছিলো। প্ৰথমে মই ডাক্তৰ হ’ম বুলি জীৱবিজ্ঞানক মুখ্য বিষয় হিচাপে লৈছিলো। গণিতক ঐচ্ছিক হিচাপে লৈছিলো ।কিন্তু মেডিকেলত বিশেষ ভাল নহ’ল। তাৰ পাছত পদাৰ্থ বিজ্ঞানত অনাৰ্চ ল’ম বুলি ভাবিছিলো। তেতিয়া মই গোলাঘাট ডি আৰ কলেজত পঢ়িছিলো। প্ৰিন্সিপাল ছাৰ ড০ মোহিনী মোহন শইকীয়া ছাৰে মোক মাতি নি ক’লে–‘তই ঢোল বজাই ঘূৰি ফুৰ। তই কেতিয়া প্ৰক্টিকেল কৰিবি ? গতিকে তই ফিজিক্সত অনাৰ্চ ল’ব নালাগে, গণিততে ল’।’ তেতিয়া আমাৰ ডিপাৰ্টমেন্ট হেড শৰৎ বৰা ছাৰক মাতি আনি ক’লে– ‘ল’ৰাটোক অলপ চাই মেলি দিব।’ মোক ক’লে–‘তই নোটবিলাক ভালকৈ লিখি অন্ততঃ ভালকৈ অনুশীলন কৰিলেই হৈ যাব। প্ৰেক্টিকেল নকৰিলেও হ’ব। গতিকে তই গণিততে ল’।’ সেইবুলি কোৱাৰ পাছত মই গণিতত অনাৰ্চ লৈছিলো। মই আচলতে ঢোলটো দুটা কথাৰ কাৰণে কান্ধত তুলি লৈছিলো। এক নম্বৰ কথা হ’ল, ঢোলটো জাতীয় বাদ্য। ঢোলে এটা জাতিক প্ৰতিনিধিত্ব কৰিছে। ঢোল বাদ্যটো সাংঘাতিক ধৰণৰ। ঢোলৰ শব্দ ৰাতি তিনি মাইল চাৰি মাইল দূৰলৈ গুছি যায়। দুই নম্বৰ কথা হ’ল, গণিত শাস্ত্ৰৰ ফৰ্মূলাবোৰ মই যদি ঢোলটোত প্ৰয়োগ কৰো, তেতিয়াহ’লে ঢোলটোৱে কথা ক’ব। আমি শুনিছিলো যে আমাৰ ওজা সকলে যিবিলাক হাত বজায়, হাত বজাওতে পালচ বজায় । হাতৰ পালচত মুখে যি কয়, তাকে কয়।

৩. আপুনি ঢোলবাদ্যক আন্তঃৰাষ্ট্ৰীয় পৰ্য্যায়ত চিনাকি কৰি দিবলৈ সক্ষম হৈছে। অসমৰ বাহিৰে কোন কোন ঠাইত আপুনি অনুষ্ঠান পৰিবেশন কৰিছে ?

উত্তৰ : মই ভাৰতবৰ্ষৰ মুখ্য নগৰ দিল্লী, মাদ্ৰাজ, মুম্বাই, কলকাতা, এলাহাবাদ, লক্ষ্ণৌ আদিৰ লগতে বহু ঠাইত ঢোল বজাইছো। ভাৰতক প্ৰতিনিধিত্ব কৰি বিদেশৰ ২৪ খন দেশত ঢোল বজাবলৈ, বিহু মাৰিবলৈ সক্ষম হৈছো। সাত সাগৰ তেৰ নদীৰ সিপাৰৰ সপোনপুৰী আমেৰিকালৈ যাবলৈ সক্ষম হৈছো।এটা ডাঙৰ কথা কওঁ, যিটো অপ্ৰিয় সত্য। সকলোৱে মঘাই ওজাক বিদেশলৈ যোৱা প্ৰথম ঢুলীয়া ওজা বুলি কয়। কিন্তু, তেওঁ বিদেশলৈ প্ৰথম যোৱা নাছিল। মই যিটো স্বীকৃতি পাব লাগে, সেয়া মোক দিয়া নাই।অসমীয়া জাতিয়েও দিয়া নাই। মঘাই ওজাই যেতিয়া যোৰহাটত ঢোল বজাইছিল, তেতিয়া শান্তা প্ৰসাদ , হেমাংগ বিশ্বাস , বলৰাজ সাহানি, ভূপেন হাজৰিকাই গণনাট্য সংঘৰ উদ্যোগত ওজাক মস্কোলৈ নিবলৈ সকলোখিনি যো-জা কৰিলে। মঘাই ওজা কলিকতাত গৈ আছিল।ভূপেন দাই ভিছাৰ কাম কৰিলে। পাছপোৰ্টৰ কাম কৰি থাকোঁতে মঘাই ওজাৰ ঘৰলৈ মনত পৰিল। ক’লে, “মোৰ ঘৰত পকা ধানে ৰিঙিয়াই মাতিছে। ল’ৰা ছোৱালী কেইটালৈ মনত পৰিছে। ভূপেন মই এতিয়া নাযাওঁ। পিছে পৰেহে এবাৰ যাম। এতিয়া মই ঘৰলেহে যাম। গতিকে মোক যেনে-তেনে ঘৰত থৈ আহাগৈ।” সেই তেতিয়াই ভূপেন দাই তেওঁক ঘৰলৈ পঠিয়াই দিলে। তাৰ পিছত তেওঁ নৰিয়াত পৰিল। ডিব্ৰুগড় মেডিকেলত থাকি শেষ নিশ্বাস ত্যাগ কৰিলে। আমিও শুনিছিলো আৰু ভাবিছিলো যে মঘাই ওজা মস্কোলৈ গৈছিল, ৰাচিয়াত ঢোল বজাইছিল। এই গোটেই কথাখিনি মই ২০০৯ চনত জানিছিলো৷ সেই বছৰ দক্ষিণ কোৰিয়াত বিশ্ব সংগীত কলা প্ৰতিযোগিতা অনুষ্ঠিত হৈছিল ।ইয়াত পৃথিৱীৰ ৫৬ খন দেশে অংশগ্ৰহণ কৰিছিল, য’ত আমেৰিকা, লণ্ডন, চীন আদিৰ দৰে দেশেও যোগ দিছিল। তেতিয়া মই প্ৰথম হৈছিলো। প্ৰথমজন ভাৰতীয় হিচাপে স্বৰ্ণপদক পালো৷ তাত পৃথিৱীৰ সাতখন দেশৰ বিচাৰকে এটা কথা কৈছিল– যদি পৃথিৱীৰ শ্ৰেষ্ঠ সংগীত বাদ্য আছে, সেয়া হ’ল ইণ্ডিয়াৰ ড্ৰাম (মানে অসমৰ ঢোল)। মই তাৰ পৰা অহাৰ পাছত ভূপেন দালৈ ফোন কৰিছিলো। ভূপেন দাই মোৰ খবৰটো শুনি আনন্দ পাইছিল আৰু কৈছিল– ‘মই তোমাক আশীৰ্বাদ কৰিছো। তোমাক শুভেচ্ছা জনাইছো ।ভগৱানে মংগল কৰক। তুমি অসমৰ নাম বিদেশত উজলাবলৈ সক্ষম হ’লা। মই চেষ্টা কৰিছিলো মঘাই ওজাক বিদেশলৈ নিবলৈ। কিন্তু মঘাইৰ সেই আশা পূৰণ নহ’ল। কাৰণ, মঘাই ওজাই ‘ঘৰত পকা ধানে ৰিঙিয়াই মাতি আছে, ল’ৰা-ছোৱালী কেইটালৈ মনত পৰিছে’ বুলি ৰাছিয়ালৈ যোৱাৰ পূৰ্বে ঘৰলৈ গুচি আহিল। ’

২০০৭ চনত ভাৰত চৰকাৰে আমেৰিকাত ইনক্ৰিডিবোল ইণ্ডিয়াৰ ‘সৃষ্টি’ বুলি এক উৎসৱ পাতিছিল। সংগীত নাটক একাডেমী আৰু ভাৰত চৰকাৰৰ যোগেদি মই নিৰ্বাচিত হৈছিলো। আমি দহজনীয়া এটি দলে তাত ঢোল আৰু বিহুৰ অনুষ্ঠান কৰিছিলো।তেনেকৈ লণ্ডন, জাৰ্মানী (ৱৰ্ল্ড টি ফেচটিভেল), ৰাচিয়া, দক্ষিণ আফ্ৰিকা, ফিলিপাইনছ, থাইলেণ্ড, কম্বোদিয়া, ইণ্ডোনেছিয়া, বাংলাদেশ আদি ভাৰতৰ বাহিৰৰ বহু ঠাইলৈ গ’লো। ২০১১ চনত চাৰ্ক সন্মিললৈ গৈছিলো। ভাৰতক প্ৰতিনিধিত্ব কৰি শ্ৰেষ্ঠ ভাৰতীয় দল হিচাপে স্বীকৃতি পাইছিলো। মই গুৱাহাটী বিশ্ববিদ্যালয়ত পঢ়ি থাকোঁতে আমি ১৯৮৫ চনত থাইলেণ্ডলৈ(বেংকক) নিমন্ত্ৰিত হৈছিলো। তাত আমি ঢোল বজাওঁতে তেওঁলোক আচৰিত হৈছিল। তেওঁলোকৰ থাইলেণ্ডতো আছে ঢোল, কিন্তু আমাৰটোতকৈ আকাৰত ডাঙৰ। তেওঁলোকে আমাৰ সৰু ঢোলটো দেখা পাই মৰমতে চুমাও খাইছিল। আমি ছোভিয়েট ৰাচিয়ালৈ গৈছিলো ১৯৮৭ চনত। সেই সময়ত ‘ছোভিয়েট দেশ’ আলোচনী অসমত চলিছিল। ‘ছোভিয়েট দেশ’ত আমাৰ গোটেই দলটোৰ ফটো ভাগে ভাগে দিছিল। মই মস্কোৰ লেলিন ষ্টেডিয়ামত উদ্বোধনী অনুষ্ঠানত একেলগে ১৫ টা ঢোল বজাইছিলো। তেতিয়া ৰাচিয়ান সাংবাদিকসকলে মোক বেৰি ধৰি মোৰ ঢোলটো ফালি চাব বিচাৰিছিল। কৈছিল–‘ইমান সাংঘাতিক ধৰণেৰে ঢোলে কথা কোৱা আমি প্ৰথম দেখিছো। ঢোলটোত কিবা ইলেক্ট্ৰনিক সঁজুলি সুমুৱাই থোৱা আছে নেকি ?’ মই কৈছিলো, ইয়াত একো ইলেক্ট্ৰনিক বস্তু নাই। এইটো সাধাৰণ এটা কাঠৰ ঢোল আৰু চামৰাৰে তৈয়াৰ কৰা হৈছে। তেওঁলোকে ইফালে জোকাৰি সিফালে জোকাৰি ঢোলটো ফালি চাব বিচাৰিছিল। তেতিয়া মই হাতে-ভৰিয়ে ধৰি কৈছিলো যে আমি এমাহ দিন ৰাছিয়াত ঢোল বজাবলৈ আছে। যাবৰ সময়ত আপোনালোকক লগ পালে মই ঢোলটোকে দি থৈ যাম। তেওঁলোকে কৈছিল “আছামাকি বিহু খাৰাচ’ , আছামাকি বিহু ওচেন খাৰাচ’ মানে অসমৰ বিহু সুন্দৰ , অসমৰ ঢোল অতি সুন্দৰ। আমি যিমান বাৰ বিদেশলৈ গৈছো, সঁচাকৈয়ে বহুত আদৰ পাইছো। কিন্তু অসমতহে আদৰ নাপাওঁ। এসময়ত ঢুলীয়া ওজা বা ঢোলে চাওলুং চ্যুকাফাৰ দেশত ৰাজকীয় মৰ্যাদা পাইছিল। এতিয়া অসমত বিহু সন্মিলনীয়ে ঢুলীয়া ওজাক গুৰুত্ব নিদিয়ে।পশ্চিমীয়া বাদ্যযন্ত্ৰ বজোৱা শিল্পীসকলক লৈহে ব্যস্ত থাকে। কাৰোবাক তিনিলাখ টকা, কাৰোবাক আঢ়ৈ লাখ টকা দিয়ে।কিন্তু ঢুলীয়া ওজা এজন বা বিহুৱা দল এটাক ৫০ হাজাৰ টকা দিবলৈ মন নকৰে।

৪. গণশিল্পী মঘাই ওজাৰ জীৱন আৰু ঢোল বাদনে আপোনাক নিশ্চয় প্ৰভাৱান্বিত কৰিছে। তেখেতৰ সংস্পৰ্শলৈ আহিছিল নেকি ?

উত্তৰ : মই এদিনেই সংস্পৰ্শলৈ আহিছিলো, ১৯৭৩ চনত। আমাৰ ঘৰ হ’ল বোকাখাতৰ কুৰুৱাবাহীত। আমাৰ ওচৰতে বৰচাপৰি নামৰ এখন চাহবাগিছা আছে। এই বৰচাপৰি চাহবাগিছালৈ মঘাই ওজা আহিব বুলি শুনিলো। মোৰ সৰু দাদাৰ সখীয়েক দেবেন শৰ্মাই মোক ঘৰলৈ আহি ক’লে–“ভাইটি আজি মঘাই ওজা আহিব। ব’লা, তোমালোকে অলপমান ঢোল বজাই দেখাবা। মঘাই ওজাই ভাল পাব।” আমি তেনেই সৰু সৰু। মই তেতিয়া ষষ্ঠ শ্ৰেণীলৈ পাইছো। মঘাই ওজাই ঢোল বজাবলৈ আহিব, মোৰ চাবলৈ খুবেই মন গ’ল। আমি চাইকেলত ডাবোল উঠি আহিলো। আমাৰ ওচৰৰে বলো শইকীয়াই মোৰ লগত ঢোল বজাবলৈ আহিল ।তেওঁলোকৰ কাৰ্যসূচী ভালকৈ হৈ আছে। তাৰ মাজতে আমাৰ ঢোল বাদনটো দহ মিনিটৰ কাৰণে দেবেন দাই অনুৰোধ কৰি সুমুৱাই দিলে। যেনে তেনে ৯ মান বজাত বজাবলৈ পালো। মঘাই ওজাই আৰু এঘণ্টা বা দেৰঘণ্টাৰ পাছত ঢোল বজাব।তেওঁক ওচৰতে এঘৰ মানুহৰ ঘৰত থাকিবলৈ দিছিল। ঢোলৰ মাত শুনি তেওঁ তাৰ পৰা গুচি আহিলে। মোৰ ঢোলবাদন দেখা পাই মঞ্চৰ পিছফালৰ পৰা উঠি আহিল। উঠি আহি ক’লে–‘মোৰ কান্ধত থাকে ঢোলৰ বোজা, মোকে কয় মঘাই ওজা৷ মই অলপ পাছতে ঢোল বজাম। কিন্তু মই এই সৰু ল’ৰা হালে ঢোল বজোৱা দেখি বৰ সন্তোষ পাইছো। মই আশীৰ্বাদ কৰিছো, এওলোকে যাতে মোতকৈও নাম কৰিব পাৰে।’ এইবুলি মোৰ মূৰত সোঁহাতখন আৰু পালি জনৰ মূৰত বাওঁহাতখন থৈ আশীৰ্বাদ দিলে। তেওঁৰ আৰ্শীবাদ পাই মনত বহুত আনন্দ লাগিল। তাৰপাছত অকনমান বজাই আমি সামৰিলো। মঘাই ওজাই যেতিয়া ঢোল বজালে, তেতিয়া তেওঁৰ হাতখনকে চাই চাই মই টোপনিত ঢলি পৰিলো৷ প্ৰথম অলপমান বস্তু অৰ্থাৎ খৰচনা ,মালিতা , ৰাগ গোৱা দেখিয়েই মই আচৰিত হ’লোঁ। তেওঁৰ ওচৰত শিকাৰ বহুত হেঁপাহ আছিল। কিন্তু, যাতায়তৰ অসুবিধাৰ বাবেই তেওঁৰ ওচৰত ঢোল শিকা নহ’ল৷

৫. ওজা আৰু ঢুলীয়া এই দুয়োটা শব্দৰ যথেষ্ট পাৰ্থক্য আছে নিশ্চয়। এই বিষয়ে অলপ ক’ব নেকি ?

উত্তৰ : ওজা আৰু ঢুলীয়া দুয়োৰ মাজত পাৰ্থক্য আছে। এতিয়া বহুত ঢুলীয়াই ওজা বা আন্তঃৰাষ্ট্ৰীয় ঢুলীয়া ওজা বুলি লিখিবলৈ ল’লে। তেওঁলোক কিমান দূৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ নাজানো। আজি বাতৰি কাকতত দেখিছো হীৰকজ্যোতি শৰ্মা আন্তঃৰাষ্ট্ৰীয় ঢুলীয়া ওজা বুলি লিখিছে। তেওঁ হাত পাঁচখনো শিকা নাই ভালকৈ। মোৰ ওচৰলেও আহিছিল। তেনেকুৱা বহুত ঢুলীয়া আছে।ওজা হ’লে ২৪ খন লেখৰ হাত, ২৪ বাদ্য জানিব লাগিব। তিনিখন লেখৰ বুলনি আছে। সেইবিলাক সম্পূৰ্ণ জনাৰ পাছত গুৰুৱে ওজা উপাধি দিয়ে বা চৰকাৰেও এটা সময়ত ওজা উপাধি দিয়ে। মই চৰকাৰীভাৱে ওজা উপাধি পাইছিলো ১৯৮১ চনত। অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগে গোটেই অসমৰ ওজাসকলৰ মাজত প্ৰতিযোগিতা পাতিছিল। প্ৰথম, দ্বিতীয়, তৃতীয় তিনিজনৰ লগতে তিনিজনক নিচুকনি পুৰষ্কাৰ হিচাপে মুঠ ছজনক ওজা উপাধি দিয়ে। মই গুৰুৰ পৰাও পাইছিলো। গতিকে ঢুলীয়া হ’ল সেইসকল, যিসকলে বিহুৰ চেও বজায়। দুই এখন হাত শিকাজন ঢুলীয়া। তেওঁক কেতিয়াও ওজা নকয়।

৬. ২০১২ চনত সাংস্কৃতিক মহাসভাই ‘ঢোল সম্ৰাট’ আৰু ২০০৮ চনত শিল্পগ্ৰাম উৎসৱত ‘কলাসন্মান’ উপাধিৰে আপোনাক বিভূষিত কৰা হৈছে। এনে আৰু সন্মান আছে চাগৈ, আমি নজনাকৈ৷  সকলোখিনি আমি জানিবলৈ পালে কৃতজ্ঞ হ’ম ।

উত্তৰ : মই ১৯৭৮ চনত গোলাঘাটৰ ডি আৰ কলেজৰ পৰা ডিব্ৰুগড় বিশ্ববিদ্যালয় আন্তঃমহাবিদ্যালয় সংগীত প্ৰতিযোগিতাত ঢোল বজাই  সোণৰ পদক পাইছিলো, ৪৩ খন কলেজৰ ভিতৰত। সোণৰ পদক পোৱাৰ পিছত যেতিয়া আমি কলেজলৈ আহিলো, তেতিয়া মোৰ কাৰণে এদিন গোটেই কলেজ হাফ দিছিল। কলেজৰ পথাৰতে মোক ঢোল বজাবলৈ দিছিল । ড০ মোহিনী মোহন শইকীয়া ছাৰে সকলো শিক্ষক আৰু ছাত্ৰ ছাত্ৰীৰ লগত সহমত প্ৰকাশ কৰি প্ৰথম বাৰৰ বাবে মোক “লোকবাদ্য বিশাৰদ” উপাধি দিছিল। মই যিমানবোৰ লোকবাদ্য অৰ্থাৎ টোকাৰী, বীণ, পেঁপা , ঢোল , নেগেৰা , খোল আদি আছে, সকলো বজাবলৈ শিকিছো আৰু ভালকৈ বজাব পাৰো। তাৰ পাছত ১৯৮১ চনত অসম চৰকাৰে সদৌ অসম ঢুলীয়া ওজা প্ৰতিযোগিতা পাতিছিল। তাত মই প্ৰথম হৈছিলো। তেতিয়াৰ দিনত ১০০০ টকা পুৰস্কাৰ আৰু ওজা উপাধি দিছিল। তেতিয়াৰ পৰা মই সোমনাথ বৰা আৰু ব্ৰেকেটত ওজা লিখো। ১৯৮৩ চনত অসম চৰকাৰে নাজিৰাৰ নাট্য মন্দিৰত সদৌ অসম ঢোলবাদন প্ৰতিযোগিতা পাতিছিল।তাতো মই প্ৰথম হৈছিলো। তেতিয়াও ওজা উপাধি দিয়াৰ লগতে মহাৰাষ্ট্ৰলৈ লৈ গৈছিল টুনি দাই (টংকেশ্বৰ শইকীয়া, প্ৰয়াত হিতেশ্বৰ শইকীয়াৰ সৰু ভাতৃ)। মহাৰাষ্ট্ৰত যেতিয়া মেঘে গৰজা হাত আৰু ৰেল চলোৱা হাত বজাইছিলো, তেতিয়া মহাৰাষ্ট্ৰৰ সাংস্কৃতিক বিভাগৰ মন্ত্ৰীয়ে মোক ‘ঢোলৰ যাদুকৰ’ উপাধিৰে বিভূষিত কৰিছিল ১৯৮৪ চনত ।১৯৮২ চনত এচিয়ান গেমছত প্ৰথমবাৰ অসমীয়াই অংশগ্ৰহণ কৰাৰ সুবিধা পাইছিল। নৱম এচিয়ান গেমছ দিল্লীত হৈছিল। মই ছয় মিনিটৰ বাবে ওজা ঢোল বজাবলৈ পাইছিলো।প্ৰয়াত আনন্দ মোহন ভাগৱতী ছাৰকো মই ১৯৮১ চনৰ পৰা গুৰু মানিছিলোঁ।মঘাই ওজাৰ কিছুমান তত্ত্ব তেখেতে মোক দিছিল। সেই ভাগৱতী ছাৰেই এচিয়ান গেমছলৈ পঠিয়াইছিল। তাত মই ঢোল বজোৱা শুনি তেতিয়াৰ অসমৰ ৰাজ্যপাল প্ৰকাশ মেহগুপ্তাই স্বৰ্ণ পদক দিছিল। সেইটো আমাৰ কালচাৰেল এফেয়াৰচৰ কাৰ্যালয়ত আছে। তাৰ পাছত ২০০৮ চনত শিল্পগ্ৰাম উৎসৱত ৰাজস্থানৰ পৰা “কলাসন্মান” পাইছিলো। সেইবছৰেই অসমৰ বিভিন্ন দল-সংগঠনে মিলি বিভিন্নজন ব্যক্তিক অসমৰ ৰাজ্যপালৰ হতুৱাই “জেমচ অৱ আচাম ” উপাধি দিছিল  মাছখোৱা প্ৰকল্পত। মই সেই উপাধি পাইছিলো। ২০১২ চনত সাংস্কৃতিক মহাসভা, অসমে মোক “ঢোল সম্ৰাট” উপাধি দিছিল৷ মেঘালয়ৰ ৰাজ্যপাল ৰঞ্জিত শেখৰ মুছাহাৰী ছাৰৰ পৰা যোৰহাট জিলা পুথিভঁৰালত এই সন্মান গ্ৰহণ কৰিছিলো । আমাৰ গোলাঘাট বিহু সন্মিলন সমিতিয়ে মোক “ধনশিৰী উপত্যকা ” বঁটা দিছিল।সেই সন্মানৰ লগতে তেখেতসকলে “ঢোলৰ ৰজা ” উপাধি দিছিলে ।

৭. সম্প্ৰতি এই সংস্কৃতিৰ প্ৰতি ৰাইজৰ সঁহাৰি কেনে বুলি অনুভৱ হয় আপোনাৰ ? অসমৰ লোকসংস্কৃতি আৰু লোকবাদ্য সমূহৰ প্ৰসাৰৰ বাবে আমি কেনেধৰণৰ কাৰ্যপন্থা হাতত ল’ব পাৰোঁ ? 

উত্তৰ : এতিয়া এই সংস্কৃতিৰ প্ৰতি ৰাইজৰ সঁহাৰি বৃদ্ধি হৈছে, কিন্তু চৰকাৰৰ সঁহাৰি সিমান নাই। চৰকাৰে খেলা-ধুলাৰ ক্ষেত্ৰত যি দৰে নাম কৰাসকলক বঁটা-বাহনেৰে, পইচা পাতিৰে সহায় কৰি থাকে, তেনেকৈ লোকশিল্পীসকলক নকৰে। আমাৰ ছাত্ৰ সংগঠনবোৰে অনবৰতে কিবা কিবি পাতি থাকে। মাজে সময়ে দুই এটা কৰ্মশালাও পাতে৷ কিন্তু ঢুলীয়া ওজা শিল্পীসকলক, বিহুৱা শিল্পী সকলক কাহানিবা বঁটা এটা দি পাইছেনে ? সংগীত নাটক একাডেমীয়ে কাৰোবাক যদি বঁটা দিয়ে, তেওঁলোকে মাতি নি গৰু বিহুৰ দিনা ধুমধামেৰে দিয়ে। মই দক্ষিণ কোৰিয়াত বিশ্ব সংগীত প্ৰতিযোগিতাত শ্ৰেষ্ঠ ভাৰতীয় হৈ আহিলো। মই সেইটো সীমাত নপৰিলো বোলে। তাৰমানে তেওঁলোকে ভাৰতৰ সংগীত নাটক একাডেমীত বঁটা পোৱা সকলকহে যোগ্য বুলি ভাবে। মই ভাৰতক প্ৰতিনিধিত্ব কৰিছিলো বুলি প্ৰমাণ পত্ৰ আৰু মেডেল কেইটা বুকুত বান্ধি লৈ ফুৰিব লাগিছিল! চৰকাৰেও মোৰ বাবে একো কৰা নাই। মাত্ৰ সেইসময়ত মুখ্যমন্ত্ৰী মহোদয়ে অসম চৰকাৰৰ পৰা দহলাখ টকা এটা দিলে। মোৰ প্ৰমোচন হ’ব বুলিও ক’লে ।মই গণিতত এম এচ চি কৰা মানুহ, কলেজত চাকৰি কৰা হলে বহুত টকা দৰমহা পালোহেঁতেন। মোৰ লগৰসকল আই এ এছ বিষয়া, আই পি এছ বিষয়া, কলেজৰ অধ্যক্ষ এতিয়া। মই কিন্তু ঢোলটোৰ কাৰণে এইখিনি ত্যাগ কৰিছো। অসমৰ ৰাইজে কিমান স্বীকৃতি দিয়ে মই নাজানো। আজিলৈকে সংগীত নাটক একাডেমী বঁটাৰ কাৰণে অসম চৰকাৰে মোৰ নামটো পঠোৱা নাই বা অসমৰ যিসকল সংগীত নাটক একাডেমীৰ সদস্য হয়, তেওঁলোকে মোৰ নামটো কাহানিও জোৰ দি কোৱা নাই।

বিভিন্ন লোকবাদ্যসমূহ প্ৰসাৰৰ বাবে মাজতে শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰই আগ-ভাগ লৈছিল। ১৯৯৯ চনত শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ জন্ম হৈছিল। জন্মলগ্নৰে পৰা মই জড়িত আছিলো। গৌতম শৰ্মাৰ দিনত ২০০০ চনৰ পৰা আমি তাত এটা কৰ্মশালা কৰিছিলো, অসমৰ বিভিন্ন ঠাইৰ বিহুৱা-বিহুৱতী সকলক শুদ্ধ ৰূপত বিহু নাচ শিকাবৰ কাৰণে। সেই সময়ত জয়কান্ত গন্ধীয়া, ড০ নোমল গগৈ, ডিম্বেশ্বৰ গগৈ, দীনেশ গগৈ, বিপুল চেতিয়া ফুকন , হেম বুঢ়াগোহাঁই আদি কৰি বিভিন্ন অভিজ্ঞ ব্যক্তিসকলে এই ল’ৰা-ছোৱালীসকলক শিকাইছিল। কিন্তু, এতিয়া সেইবোৰ নোহোৱা হ’ল। এতিয়া কলাক্ষেত্ৰত অকল বেপাৰ। কলাক্ষেত্ৰৰ পথাৰত কৰ্মশালা কৰিবলৈ হলেও প্ৰতিদিনে বহুত টকা দিব লাগে। কলাক্ষেত্ৰ কলাক্ষেত্ৰ হৈ থকা নাই, এতিয়া ধনৰ ক্ষেত্ৰ হৈছে ।গতিকে এই কথাখিনি দৃষ্টিগোচৰ কৰিলো। শিল্পী আৰু ৰাইজলৈ মোৰ পৰামৰ্শ নহয়, অনুৰোধ যে ল’ৰা-ছোৱালীক শিক্ষাটো দিবই লাগিব, সেয়ে অসমীয়া সংস্কৃতিটোকো জানিবলৈ দিয়ক। আজি কালি ৯৯% পাই ষ্টেণ্ড কৰাজনক বৰ আদৰ-সাদৰ কৰে, কিন্তু তেওঁ অসমীয়া ভাষাটোকে ভালকৈ ক’ব নোৱাৰে। আপোনালোকৰ ল’ৰা-ছোৱালীক ইংৰাজী মাধ্যমত পঢ়ুৱাওক, কিন্তু অসমীয়া ভাষাটো শিকিবলৈ দিয়ক। আমি অসমীয়া, নহওঁ দুখীয়া বুলি গপত গংগাটোপ হৈ থাকিলে নহ’ব। আমাৰ ভাষা-সংস্কৃতিক আগুৱাই নিব লাগিব। নহলে অসমীয়া কৃষ্টি জীয়াই নাথাকিব ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে