চ’ৰাঘৰ / কথাশিল্প / উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাঃ চমু আলোকপাত ( সীমা ভূঞা )

উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাঃ চমু আলোকপাত ( সীমা ভূঞা )

‘উত্তৰ-ঔপনিৱেশিকতাবাদ’ শব্দটো ইংৰাজী ‘Post Colonialism’ শব্দৰ অসমীয়া প্ৰতিশব্দ৷ ব্যুৎপত্তিগত দিশলৈ লক্ষ্য কৰিলে দেখা যায় যে ‘Colonialism’ শব্দটো ৰোমান শব্দ `Colonia` ৰ পৰা আহিছে৷ ইয়াৰ সাধাৰণ অৰ্থ হৈছে, যিসকল লোক ৰোমৰপৰা বাহিৰত থাকি ব্যৱসায় বাণিজ্য কৰে, অথচ নাগৰিকত্ব এৰা নাই, সেইসকলক বুজাবলৈ অৰ্থাৎ ৰোমান মানুহৰ অৱস্থিতিক বুজাবলৈ `Colonia` শব্দৰ ব্যৱহাৰ কৰা হৈছিল৷ তদুপৰি, ইংৰাজী Colony শব্দৰ অৰ্থ হ’ল সাম্ৰাজ্য বা উপনিৱেশ স্থাপন৷ এনেদৰেই পৰৱৰ্তী সময়ত ই বিকশিত ৰূপ লাভ কৰে আৰু ‘ঔপনিৱেশিকতাবাদ’ বুজাবলৈ Colonialism শব্দৰ ব্যৱহাৰ হ’বলৈ ধৰিলে৷ এই দিশৰপৰা চাবলৈ গ’লে উপনিৱেশ বা সাম্ৰাজ্য স্থাপনৰ পিছৰ কালছোৱাই উত্তৰ-উপনিৱেশ আৰু সেই সময়ছোৱাত ৰচিত পূৰ্বৰ সময়ৰ ভাল-বেয়াৰ বিভিন্ন দিশৰ পৰ্যালোচনাই উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনা হিচাপে ধাৰণা কৰিব পৰা যায়৷ কিন্তু, উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাই এই সংকীৰ্ণতাৰ পৰিধি অতিক্ৰমি বিভিন্ন ক্ষেত্ৰলৈ সম্প্ৰসাৰিত হয় আৰু এই সমালোচনাই এক ব্যাপক পৰিসৰ লাভ কৰে৷ এই আলোচনাত উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনা সম্পৰ্কীয় সম্যক ধাৰণা প্ৰদানৰ উদ্দেশ্যে ইয়াৰ সংজ্ঞা, উত্তৰ-উপনিৱেশিকতাৰ চিন্তা আৰু পৃষ্ঠভূমিৰ লগতে উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাৰ স্বৰূপ আৰু গতি-প্ৰকৃতিৰ বিষয়ত কিছু আলোকপাত কৰাৰ চেষ্টা কৰা হৈছে৷

উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাৰ সংজ্ঞাঃ
উত্তৰ-উপনিৱেশিকতাবাদী অধ্যয়ন বা তত্ত্ব সম্পৰ্কে বিভিন্ন পণ্ডিতে বিভিন্ন সংজ্ঞা আগবঢ়াই গৈছে৷ ইয়াৰ আধাৰতে উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনা সম্পৰ্কে ধাৰণা পাব পৰা যায়৷ সাধাৰণ অৰ্থত পাশ্চাত্যৰ ঔপনিৱেশিক শক্তি আৰু উপনিৱেশসমূহৰ জনসাধাৰণৰ মাজত আদান-প্ৰদান, দ্বন্দ্ব-সংঘাত, সংঘৰ্ষ আদিৰ ফলত উপনিৱেশসমূহত দেখা দিয়া ঐতিহাসিক, অৰ্থনৈতিক আৰু সাংস্কৃতিক পৰিৱৰ্তনৰ বিভিন্ন দিশৰ তাৎপৰ্য সম্পৰ্কীয় তাত্বিক বিচাৰধাৰাই উত্তৰ-ঔপনিৱেশিকতাবাদী তত্ত্ব বা অধ্যয়ন (Post colonial theories/studies)৷ উপনিৱেশবাদৰ দ্বাৰা বিভিন্ন ধৰণে প্ৰভাৱিত সাংস্কৃতিক সৃজনসমূহ অধ্যয়ন কৰাৰ পদ্ধতিয়েই উত্তৰ-উপনিৱেশিকতাবাদী অধ্যয়ন৷ বিল এশ্বক্ৰফট আৰু এলেক বোৱেমাৰৰ সংজ্ঞাও এইক্ষেত্ৰত উল্লেখ কৰিব পৰা যায়৷

‘বিল এশ্বক্ৰফটে আঙুলিওৱাৰ দৰে ই এটা পদ্ধতিহে, সকলোকে সামৰা তত্ত্ব নহয়৷ ই উপনিৱেশিকতাবাদৰ সূচনা হোৱাৰ পৰা আজিলৈকে সাম্ৰাজ্যবাদী প্ৰক্ৰিয়াৰদ্বাৰা প্ৰভাৱিত হৈ অহা সকলো সংস্কৃতিৰে অধ্যয়ন কৰিব খোজে৷ এলেক বোৱেমাৰৰ মতে, উত্তৰ -উপনিৱেশবাদে উপনিৱেশবাদী কৰ্তৃত্ব, ইয়াৰ জ্ঞানতত্ত্ব, ই জাপি দিয়া হিংস্ৰতা আদি ওফোৰাই পেলাব খোজে৷ উপনিৱেশবাদে জাপি দিয়া অসমতাৰ গাঁথনিক প্ৰত্যাহ্বান জনাই ই সামাজিক ন্যায় ঘূৰাই আনিব খোজে৷’ [শৰ্মাঃ পৃঃ ১৮]

‘উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনা’ বুলিলে পৰম্পৰাগতভাৱে একোটা সাহিত্য পাঠৰ বিস্তৃত অধ্যয়নেৰে কৰা বিচাৰ-বিশ্লেষণক বুজা যায়৷ গতিকে, ‘উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনা’ হ’ল পাশ্চাত্যৰ ঔপনিৱেশিক শক্তিৰ দমনৰ বিৰোধিতাকে ধৰি সৰু-বৰ, আভ্যন্তৰীণ-বাহ্যিক সকলোধৰণৰ সমস্যা সম্পৰ্কীয় এনে এক পৰ্যালোচনাৰ ধাৰণা কৰিব পাৰি, য’ত এক ভৱিষ্যৎমুখী দিশো জড়িত হৈ থাকে৷ অৰ্থাৎ লিংগ, বৰ্ণ , ভাষা, আত্মপৰিচয়, সমাজৰ প্ৰান্তীয় বা নিম্নবৰ্গৰ জীৱনৰ সৈতে জড়িত বিভিন্ন দমনৰ বিৰোধিতামূলক পৰ্যালোচনাই ‘উত্তৰ- ঔপনিৱেশিকতাবাদী সমালোচনা৷’ উল্লখযোগ্য যে পৰিৱৰ্তিত সময়ৰ লগে লগে এই সমালোচনাত ন ন বিষয়বস্তুৰ সংযোজনেৰে এক বিস্তৃত পৰিসৰ লাভ কৰিবলৈ সক্ষম হৈছে৷ সি যি কি নহওক, ‘উত্তৰ -উপনিৱেশিকতাবাদী সমালোচনা’ৰ এটা স্পষ্ট সংজ্ঞা নিৰ্ণয় কৰিব নোৱাৰিলেও ইয়াৰ আধাৰতে কিছু ধাৰণা পাব পৰা যায়৷

উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাৰ চিন্তা আৰু পৃষ্ঠভূমিঃ
উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাৰ বিকাশ উপনিৱেশৰ পৰৱৰ্তী কালত হ’লেও উপনিৱেশ চলি থকা কালতেই ইয়াৰ চিন্তাৰ সূত্ৰপাত হয়৷ অৰ্থাৎ, উনবিংশ শতিকাত ইউৰোপৰ ঔপনিৱেশিক শক্তিয়ে ভাৰতকে ধৰি কেইবাখনো ৰাষ্ট্ৰত সাম্ৰাজ্য বিস্তাৰেৰে অৰ্থনৈতিক, ৰাজনৈতিক, সামাজিক আদি দিশ নিজৰ অধীন কৰি পেলোৱাৰ সময়ছোৱাতেই উপনিৱেশৰ দমনমূলক নীতিৰ বিৰোধিতাৰ জৰিয়তে এনে চিন্তাৰ সূত্ৰপাত ঘটিছিল৷ কিয়নো, উপনিৱেশীকৃত দেশসমূহৰ সামাজিক, ৰাজনৈতিক, অৰ্থনৈতিক কোনো দিশতেই স্বাধীনতা নাছিল৷ ভাৰতৰ ক্ষেত্ৰলৈ লক্ষ্য কৰিলে দেখা যায়, প্ৰধানকৈ আৰ্থিক দিশত শোষণেৰে বৃটিছে কেঁচা সামগ্ৰীসমূহ নি তাৰ লাভ উঠাইছিল৷ ইংৰাজৰ সেই ঔপনিৱেশিক নীতিৰ বিৰোধিতাৰে ১৯১৫ চনত মহাত্মা গান্ধীৰ নেতৃত্বত পোন প্ৰথমবাৰৰ বাবে উপনিৱেশ বিৰোধী কাৰ্যপন্থা অৱলম্বন কৰিছিল৷ উপনিৱেশ চলি থকা কালতেই জাতিভেদ, অস্পৃশ্যতা নিবাৰণ, নৈতিক, আধ্যাত্মিক আদি দিশত উপনিৱেশৰ বিৰোধিতা আৰম্ভ হৈছিল৷ ভাৰত বৃটিছৰ কবলৰ পৰা মুক্ত হৈ স্বাধীন হোৱাৰ লগে লগে নাইজেৰিয়া, ঘানা আদিকে ধৰি বহু দেশ ইংলেণ্ডৰ কবলৰ পৰা মুক্ত হয়৷ ইয়াৰ পৰাই অনুমেয় যে ভাৰত স্বাধীন হোৱাৰ সময়ৰপৰাই বৃটিছৰ উপনিৱেশৰ দুৰ্গত আঘাত পৰিল৷ বৃটিছৰ উপনিৱেশৰ এক বিশেষ নীতি আছিল, যাৰ ফলত উপনিৱেশিকৃত দেশসমূহৰ স্বকীয়তা বিনষ্ট হৈছিল৷ আনক ৰ্ববৰ হিচাপে গণ্য কৰি সভ্যতা শিকোৱাৰ প্ৰচেষ্টাৰে ‘বগা মানুহৰ বোজা’ (white man image) জাপি দিয়াৰ ফলত প্ৰাচ্যৰ দেশসমূহৰ স্বকীয় সভ্যতা-সংস্কৃতি বিপন্ন হোৱাৰ উপক্ৰম হ’ল৷ তাৰ পৰিৱৰ্তে ইংৰাজী শিক্ষাৰ ব্যাপক প্ৰচাৰ আৰু প্ৰসাৰ ঘটিল৷ বৃটিছৰ এনে ‘ঔপনিৱেশিক দমনমূলক নীতি’ৰ পৰিপ্ৰেক্ষিতত এই দিনবোৰৰ ইতিবাচক- নেতিবাচক বিভিন্ন দিশৰ পৰ্যালোচনাৰ প্ৰয়োজনীয়তা আহি পৰিল৷ স্বাধীনতাৰ পূৰ্বতে অংকুৰিত হোৱা এই চিন্তাৰ বীজ স্বাধীনতাৰ পৰৱৰ্তী কালত বিকশিত হৈ উঠে৷ নিজৰ অতীত আৰু বৰ্তমানৰ সামাজিক, সাংস্কৃতিক, ঐতিহাসিক আদি দিশত নতুনকৈ বিচাৰ-বিশ্লেষণৰ প্ৰয়োজন আহি পৰাত জাতীয়তাবাদেৰে উদ্ধুদ্ধ হৈ দেশে দেশে সাংস্কৃতিক বিপ্লৱ গঢ়ি উঠিল আৰু তাক নতুনকৈ বিশ্বৰ আগত উন্মোচিত কৰাৰ প্ৰয়াস চলিল৷

স্বাধীনতাৰ পিছত ই অধিক ব্যাপক ৰূপ লৈ এহাতে নিজৰ সাম্প্ৰতিক অৱস্থা উন্নত কৰাৰ চেষ্টা আৰু আনহাতে নিজৰ নিজৰ চিনাকি বিশ্বত তুলি ধৰাৰ প্ৰয়াস চলালে৷ লগে লগে উচ্চ বৰ্ণৰ মানুহৰ বিৰুদ্ধে ই মূৰ দাঙি উঠিল৷ এনে অৱদমনৰ বিৰোধিতাৰে ষাঠিৰ দশকমানৰ পৰাক্ৰমান্বয়ে ৰাষ্ট্ৰীয়, আঞ্চলিক তথা বিভিন্ন প্ৰতিৰোধমূলক দমনৰ সূত্ৰপাত গটিল৷ নতুনকৈ স্বাধীন হোৱা দেশত শিক্ষা, অৰ্থনীতি আদিৰ দিশত ন ন পৰ্যালোচনাই ঠাই পালে৷ অতীতৰ দিনবোৰৰ গৰিমা, ঐতিহ্যৰ সোঁৱৰণ কৰি তাৰ লগত ঔপনিৱেশিকৃত দিনৰ তুলনাৰ আধাৰত বিভিন্ন মতাদৰ্শ উন্মোচনৰো চেষ্টা চলিল৷ তদুপৰি, সাংস্কৃতিক জাতীয়তাবাদৰ প্ৰভাৱত দেশীয় সংস্কৃতিক বিশ্বত তুলি ধৰাৰ প্ৰয়াসেৰে এক সাংস্কৃতিক বিপ্লৱৰ সূচনা হ’ল৷ এনে এক পৃষ্ঠভূমিতে ‘উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাৰ বাবে এক অনুকূল পৰিৱেশৰ সূচনা হয়৷

উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাৰ স্বৰূপ আৰু গতি-প্ৰকৃতিঃ
ইউৰোপীয় ঔপনিৱেশিক শক্তিৰ দমনমূলক নীতিৰ বিৰোধিতাৰ পৃষ্ঠভূমিত গা কৰি উঠিলেও উত্তৰ- উপনিৱেশিকতাবাদী সমালোচনাই কেৱল দমনৰ প্ৰতিবাদৰ আলোচনাকে যে সামৰি লৈছে, এনে নহয়৷ শ্ৰেণী বৈষম্য, জাতিগত বৈষম্য, লিংগ আদিকে ধৰি বিভিন্ন সৰু-বৰ আভ্যন্তৰীণ দিশ বা সমস্যাক এই আলোচনাই সামৰি লয়৷ মূলতঃ ই সংস্কৃতি আৰু সাম্ৰাজ্যবাদৰ মাজত থকা সম্পৰ্কবোৰৰ পৰীক্ষণ, পুনঃৰীক্ষণৰ লগতে লুপ্তপ্ৰায় সাংস্কৃতিক ইতিহাসৰ চৰ্চাত মনোনিৱেশ কৰে৷ ই হৈছে উপনিৱেশিকৃত বিশ্বৰ সৈতে সম্পৰ্কিত সাংস্কৃতিক আচৰণ আৰু প্ৰকাশভংগীবোৰৰ অধ্যয়নত বিশেষভাৱে গুৰুত্ব আৰোপ কৰা এক সাহিত্যিক শৃংখলা প্ৰণালী৷ সেই দৃষ্টিভংগীৰে চালে আফ্ৰিকীয় দেশসমূহৰ লগতে ভাৰত, অষ্টেলীয়া , বাংলাদেশ, কানাডা, কেৰিবিয়ান দ্বীপসমূহ, মালয়েছিয়া, নিউজিলেণ্ড, পাকিস্তান, মাল্টা, ছিংগাপুৰ, শ্ৰীলংকা আৰু দক্ষিণ প্ৰশান্ত মহাসাগৰীয় দ্বীপসমূহৰ সাহিত্যকে উত্তৰ-উপনিৱেশিকতাবাদী সাহিত্য-সমালোচনাৰ অন্তৰ্গত কৰিব পাৰি৷ ঔপনিৱেশিক সাম্ৰাজ্যবাদী শক্তিসমূহৰ লেখকসকলে ঔপনিৱেশিক সংস্কৃতিৰ বিষয়ে লিখা সাহিত্যিক কৰ্মসমূহৰ বিশ্লেষণ কৰা উত্তৰ-ঔপনিৱেশিকতাবাদী সমালোচনাৰ মুখ্য উদ্দেশ্য আৰু কাম৷ এনেধৰণৰ বহুকেইটা বিশ্লেষণে দেখুৱাইছে যে কেনেদৰে তেওঁলোকৰ নিজস্ব মূল্যবোধৰ অত্যধিক প্ৰতিফলন ঘটাই ঔপনিৱেশিকৃত সংস্কৃতিবোৰৰ ভুল প্ৰতিনিধিত্ব কৰে৷ তলত এনেধৰণৰ দিশৰ আলোচনাৰে উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাৰ গতি-প্ৰকৃতিৰ চমু আভাস দাঙি ধৰা হৈছে৷

ঔপনিৱেশিক শাসন আৰু চিন্তা-দৰ্শনৰ বিৰুদ্ধে যঁজিবলৈ আৰু চিন্তা কৰিবলৈ যিসকল বিপ্লৱীয়ে প্ৰধান ভূমিকা লৈছিল, তাৰ ভিতৰত আফ্ৰিকাৰ ফ্ৰাঞ্জ ফেননৰ নাম বিশেষভাৱে উল্লেখনীয় ৷ এইক্ষেত্ৰত ফেননৰ ‘ব্লেক স্কিন হোৱাইট মাস্কছ’, ‘দ্য ৰেচিড অৱ দ্য আৰ্থ’ গ্ৰন্থ দুখনৰ কথা ক’ব পৰা যায়৷ তদুপৰি, ‘এ ডায়িং কলনিয়েলিজম’ আৰু ‘টুৱাৰ্ড দ্য আফ্ৰিকান ৰিভলু্যছন’ গ্ৰন্থ দুখনো উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাৰ ক্ষেত্ৰত উল্লেখযোগ্য৷ ফেননৰ মতে, ঔপনিৱেশিক সংস্কৃতিৰ সৈতে উপনিৱেশিকীকৃত সংস্কৃতিৰ স্ৰজনৰ সম্পৰ্কৰ তিনিটা পৰ্যায় দেখা যায়৷ প্ৰথম পৰ্যায়ত ঔপনিৱেশিক সংস্কৃতিৰ সৈতে মিলি পৰিব খোজাৰ এক প্ৰৱণতা লক্ষ্য কৰা যায়৷ দ্বিতীয় পৰ্যায়ত ৰাজনৈতিক সচেতনতা বঢ়াৰ ফলত তেওঁলোকে স্থানীয় সংস্কৃতি আৰু ঐতিহ্যৰ সমল আহৰণ কৰি আত্মপৰিচয়ৰ সন্ধান কৰে৷ আনহাতে, তৃতীয় স্তৰত স্বাধীনতা অৰ্জনৰ বাবে আনকি হিংসাৰ আশ্ৰয় ল’বলৈকো কুণ্ঠাবোধ নকৰে৷ ফেননৰ চিন্তাধাৰাত বৰ্ণবাদৰ অৱসানেৰে কৃষ্ণাংগ-শ্বেতাংগ সকলো স্বাধীন হোৱাৰ মানসিকতা নিহিত আছিল৷ ‘The Wretched of the Earth’ গ্ৰন্থত তেওঁ প্ৰাক্-ঔপনিৱেশিক যুগৰ ইতিহাসৰ লগতে জাতীয় সংস্কৃতিৰ পুনৰুদ্ধাৰত গুৰুত্ব আৰোপ কৰিছিল৷ বিশেষকৈ ফেননৰ ‘The Wretched of the Earth’-এ সংগ্ৰামী আৰু উত্তৰ-উপনিৱেশবাদৰ প্ৰবক্তাসকলক প্ৰভাৱিত কৰিবলৈ ঔপনিৱেশিক আধিপত্যই মানুহৰ চেতন-মননৰ ওপৰত পেলোৱা প্ৰভাৱৰ বিষয়ে বিশ্লেষণ আগবঢ়ায়৷ উল্লেখযোগ্য যে আমেৰিকাৰ আফ্ৰিকান-এমেৰিকান তাত্বিক ডব্লিউ ঈ বি ডু বোৱায়ো উপনিৱেশবাদে মানুহৰ বস্তুগত অৱস্থাৰ লগতে দেহ-মনৰ ওপৰত পেলোৱা প্ৰভাৱ সম্পৰ্কীয় ব্যাখ্যা আগবঢ়ায়৷ ফৰাচী উপনিৱেশিকতাবাদৰ প্ৰত্যক্ষ অভিজ্ঞতাৰ ভিত্তিত উপনিৱেশিকতাবাদক ক’লা ছালৰ মানুহৰ ওপৰত শ্বেতকায়সকলৰ প্ৰভূত্ব বুলি ক’ব বিচাৰে৷

ফেননৰ ১৯৬১ চনত প্ৰকাশিত ‘The Wretched of the Earth’ গ্ৰন্থ প্ৰকাশ পোৱাৰ সোতৰ বছৰৰ পিছত অৰ্থাৎ, ১৯৭৮ চনত এডৱাৰ্ড ছাইদৰ ‘অৰিয়েণ্টেলিজম’ গ্ৰন্থখন প্ৰকাশ পায়৷ এই গ্ৰন্থখন প্ৰকাশৰ সময়ৰপৰাই উত্তৰ-উপনিৱেশিকতাবাদী অধ্যয়নৰ সূচনা হয়৷ সেযে, উত্তৰ- উপনিৱেশিকতাবাদী অধ্যয়ন, সমালোচনাৰ ক্ষেত্ৰত ছাইদক বাটকটীয়া হিচাপে ভিহিত কৰিব পাৰি৷ তেওঁ ‘অৰিয়েণ্টেলিজম’ গ্ৰন্থৰ জৰিয়তে এই কথা প্ৰমাণসহ দেখুৱালে যে ঔপনিৱেশিক সাম্ৰাজ্যবাদী প্ৰথম বিশ্বই কেনেদৰে তৃতীয় বিশ্বৰ অনেক ভুল প্ৰতিচ্ছবি আৰু মিথ আৱিস্কাৰ কৰি উলিয়াইছিল৷ যিবোৰে পূব আৰু মধ্য-পূব অঞ্চলৰ সংস্কৃতি আৰু মানুহৰ ওপৰত পশ্চিমীয়া দমন আৰু শোষণক বিশ্বাসযোগ্যকৈ প্ৰতিপন্ন কৰে৷ ছাইদৰ মতে, পূবৰ জগতৰ সংস্কৃতি, ইতিহাস আৰু মানুহৰ প্ৰকৃত ৰূপ আৱিস্কাৰ কৰাতকৈ প্ৰাচ্যবাদে প্ৰকৃতাৰ্থত পশ্চিমীয়া জগত আৰু ইয়াৰ প্ৰাচ্য সম্পৰ্কিত কাল্পনিক ৰূপবোৰকহে অধিক প্ৰতিফলিত কৰে৷ প্ৰকৃততে প্ৰাচ্যৰ সংস্কৃতি, ইতিহাস আৰু জাতীয়তাৰ পৰিকল্পিত বিস্মৃতি, বিলুপ্তি আৰু বলপূৰ্বক বিনাশৰ জৰিয়তে প্ৰাচ্যক প্ৰতিনিধিত্বহীন ৰূপত প্ৰতিষ্ঠা কৰি সাম্ৰাজ্যবাদী দমন-নিপীড়নৰ বাট সুগম কৰাটোৱেই ঔপনিবেশিক সাম্ৰাজ্যবাদী পশ্চিমীয়া বিশ্বৰ মূল উদ্দেশ্য৷ সেয়ে, প্ৰাচ্যৰ সংস্কৃতি, ইতিহাস আৰু জাতীয়তা সম্পৰ্কীয় ভুল প্ৰতিচ্ছবিবোৰ প্ৰচাৰ কৰা হৈছিল৷

ফেনন আৰু ছাইদৰ উপৰি হোমী ভাবা, গায়ত্ৰী চক্ৰৱৰ্তী স্পীভাক, পাৰ্থ চেটাৰ্জী, লীলা গান্ধী, আইজাজ আহমেদ, ভি,এছ নাইপল, ৰাজা ৰাও, বিল এশ্বক্ৰফট আদিয়েও উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনালৈ প্ৰভূত বৰঙণি আগবঢ়াইছে৷ ইউৰোপীয়ানৰ দৃষ্টিৰে উপনিৱেশিকতাবাদী সমালোচনা কৰাসকলৰ ভিতৰত ই. এম. ফষ্টাৰৰ নাম উল্লেখযোগ্য৷ এইক্ষেত্ৰত তেওঁৰ ‘A Passage to India’ গ্ৰন্থখনৰ নাম উল্লেখ কৰিব পাৰি৷ আনহাতে,১৯৯২ চনত প্ৰকাশিত ‘Post Colonialism Criticism’ শীৰ্ষক বিখ্যাত ৰচনাখনত প্ৰখ্যাত ভাৰতীয়-আমেৰিকান উত্তৰ -ঔপনিৱেশিক তাত্ত্বিক হোমি কে ভাবাহ এই কথা প্ৰতিপন্ন কৰিলে যে কিছুমান সংস্কৃতিয়ে ‘অন্য’ সংস্কৃতিসমূহক ভুলভাৱে প্ৰতিনিধিত্ব কৰে আৰু তাৰ জৰিয়তে আধুনিক বিশ্বদৰবাৰত নিজৰ সামাজিক-ৰাজনৈতিক দমন প্ৰক্ৰিয়া অব্যাহত ৰখাৰ লগতে ইয়াৰ প্ৰসাৰণো ঘটায়৷ ভাবাৰ মতে, পাশ্চাত্যও প্ৰাচ্যৰ দ্বাৰা প্ৰভাৱিত হৈছিল অৰ্থাৎ, শাসক আৰু শাসিতৰ মাজত এক আন্তঃক্ৰিয়া সংঘটিত হৈছিল৷ সেয়ে, ভাবাই শাসক আৰু শাসিতৰ সংস্কৃতিৰ মাজত হোৱা এনে আন্তঃ ক্ৰিয়াৰ ফল বৰ্ণসংকৰ বা ‘সংমিলিত’ সংস্কৃতিৰ ধাৰণাটো দাঙি ধৰিছে৷

আন এগৰাকী ভাৰতীয় চিন্তাবিদ গায়ত্ৰী চক্ৰৱৰ্তী স্পীভাকে ছাইদ আৰু হোমী ভাবাৰ উত্তৰ-উপনিবেশিকতাবাদী অধ্যয়নৰ অন্যতম বৈশিষ্ট্য ঐতিহাসিক দৃষ্টিভংগীৰ বিপৰীতে উত্তৰ-উপনিৱেশিক তৃতীয় বিশ্বৰ দেশসমূহৰ বাস্তৱ অধ্যয়নত অধিক গুৰুত্ব দিছে৷ সেয়ে, এডৱাৰ্ড ছাইদৰ লেখাত গুৰুত্ব নোপোৱা দিশে স্পীভাৱকৰ লেখাসমূহত গুৰুত্বপূৰ্ণ হৈ ধৰা দিছে৷ তেনে এটা দিশ হ’ল লিংগ ভেদ৷ ছাইদে তেওঁৰ লেখাসমূহত নাৰীৰ লেখাসমূহৰ ওপৰত গুৰুত্ব নিদিয়াৰ বাবে তেওঁৰ সমালোচনা পুৰুষকেন্দ্ৰিক অধ্যয়ন হৈ পৰা বুলি অভিযোগ উত্থাপিত হয়৷ ইয়াৰ বিপৰীতে স্পীভাৱকৰ ৰচনাসমূহত নাৰীৰ সমস্যাসমূহে বিশেষভাৱে প্ৰাধান্য লাভ কৰিছে৷ প্ৰকৃততে তেওঁৰ ৰচনাসমূহত নাৰীবাদে এক কেন্দ্ৰীয় বিষয় হিচাপে গুৰুত্ব লাভ কৰিছে৷ এইক্ষেত্ৰত স্পীভাৱকৰ এখন অতি গুৰুত্বপূৰ্ণ ৰচনা হ’ল -‘কেন দ্য ছাবঅলটাৰ্ণছ স্পিক৷’ তদুপৰি , ‘ফ্ৰেন্স ফেমিনিজম ইন এন ইণ্টাৰনেশ্যনেল ফ্ৰেম’, ‘থ্ৰী উইমেনছ টেক্সট এণ্ড এ ক্ৰিটিক অৱ ইম্পিৰিয়েলিজম’ আদি ৰচনাসমূহতো নাৰীবাদী চিন্তাধাৰাক প্ৰাধান্য দিয়া হৈছে৷ কিন্তু, নাৰী লেখকসকলেও যে পুৰুষ প্ৰাধান্য অথবা পিতৃতান্ত্ৰিক চিন্তা-ধাৰাৰ পৰা ওলাই আহিব পৰা নাছিল আৰু সাম্ৰাজ্যবাদক পৰোক্ষভাৱে হ’লেও সহায় কৰিছিল সেই দিশেও স্পীভাকৰ ৰচনাত ঠাই পাইছে৷ ছাইদ, ভাবা আদি উত্তৰ-ঔপনিৱেশিক তাত্ত্বিকসকলৰ ভিতৰত স্পীভাকেই নিম্নবৰ্গৰ সমাজ-ইতিহাস তত্ত্ব অধ্যয়নক কেন্দ্ৰীয় বিষয় হিচাপে গ্ৰহণ কৰিছিল৷ নিম্নবৰ্গৰ মাজতো তেওঁ ‘স্ত্ৰী- নিম্নবৰ্গ’ৰ অধ্যয়নত গুৰুত্ব প্ৰদান কৰিছে৷ স্ত্ৰী-নিম্নবৰ্গক এনে এক বৰ্গ হিচাপে তেওঁ দেখুৱাইছে, যাক দুবাৰকৈ প্ৰান্তীয়কৃত কৰা হৈছে৷ স্পীভাকৰ মতে, এনে নিম্নবৰ্গৰ কণ্ঠ ৰোধ কৰি দিয়াহৈছে৷ বিভিন্ন পৰিপ্ৰেক্ষিতত সমাজৰ মানৱিক ভাৱনাসমূহৰ প্ৰতিনিধিত্বৰ সমালোচনা আগবঢ়ালেও স্পীভাৱক উত্তৰ-উপনিৱেশিক সমালোচনাৰ মূল লক্ষ্য হ’ল ‘নিম্নবৰ্গৰ অধয়ন’ৰ প্ৰতিনিধিত্বকাৰী লেখকসকলক সমালোচনা কৰা৷

উত্তৰ-উপনিৱেশিক সমালোচনাৰ আন এগৰাকী প্ৰধান সমালোচক লীলা গান্ধীয়ে তেওঁৰ ‘প’ষ্ট কলনিয়েলিজম থিয়ৰীঃ এ ক্ৰিটিকেল ইনট্ৰডাকছন’ নামৰ গ্ৰন্থত পশ্চিমীয়া উদাৰপন্থী নাৰীবাদক উত্তৰ-উপনিৱেশিক তত্ত্বই এক ধৰণৰ নব্য-প্ৰাচ্যতত্ত্ব হিচাপেহে যে গণ্য কৰিছিল, সেই বিষয়ে উল্লেখ কৰিছে৷ উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাক বহু পৰিমাণে আফ্ৰিকা, কেৰিবিয়ান অঞ্চল, ভাৰত আৰু অন্য ঔপনিৱেশিক দেশৰ লেখকসকলে ঘাই×কৈ ইংৰাজীত লেখা ৰচনাৰ মাজেৰে ব্যক্ত হোৱা উত্তৰ-ঔপনিৱেশিক অভিজ্ঞতাটো সমৃদ্ধ কৰিছে৷ এইক্ষেত্ৰত ভি. এছ. নাইপল, ঙগি ৱা ত্যোংগো, আমছ তুতুওৱা আদিৰ দৰে লেখকৰ নাম ল’ব পাৰি৷ তদুপৰি, উত্তৰ-উপনিৱেশিকতাবাদী অধ্যয়নৰ প্ৰথম সংহত আৰু প্ৰণালীবদ্ধ উপস্থাপন কৰা হয় এশ্বক্ৰফট, গ্ৰিফিমছ আৰু টিফিন সম্পাদিত ‘‘ The Empire Writes Black -Theories and Practice in Post-Colonial Literatures( 1989)’ নামৰ গ্ৰন্থত৷ ডেনিছ ৱল্ডাৰে ‘Post-Colonial Literature in English, History, Language, Theory (1998) ‘ গ্ৰন্থত উত্তৰ-উপনিৱেশিকতাবাদৰ বিষয়ে কৈছে যে ই অতীতৰ পুনৰ অধ্যয়ন, পুনঃ মূল্যায়ন কৰি ভৱিষ্যতত দৃষ্টি ৰাখে৷ এনেদৰেই প্ৰথমাৱস্থাত ঔপনিৱেশিক শক্তিৰ অৱদমনৰ বিৰুদ্ধে গা কৰি উঠা উত্তৰ-উপনিৱেশিকতাবাদ পৰৱৰ্তী সময়ত বিভিন্ন দিশলৈ সম্প্ৰসাৰিত হয় আৰু উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনাই এক বিস্তৃত আৰু গতিশীল মাত্ৰা লাভ কৰে৷

উপসংহাৰঃ
উত্তৰ-উপনিৱেশিকতাবাদী সমালোচনা’ৰ বিষয়ে ওপৰত কৰা আলোচনাৰ পৰা দেখা গ’ল যে এই সমালোচনাই ঘাইকৈ পাশ্চাত্যৰ অৱদমনমূলক নীতিৰ বিৰোধিতা কৰি প্ৰাচ্যবাদৰ উত্থানৰ প্ৰচেষ্টা চলায়৷ কিন্তু, পাশ্চাত্যৰ নীতি-আদৰ্শৰ কেতবোৰ দিশৰ বিৰোধিতা কৰিলেও উত্তৰ-উপনিৱেশিকতাবাদৰ বিদ্যায়তনিক চৰ্চাৰ আৰম্ভণি পাশ্চাত্যতে হোৱাটো মন কৰিবলগীয়া দিশ৷ কাৰণ, ইউৰোপীয়ান চিন্তাবিদৰ ছত্ৰছায়াতে উত্তৰ-উপনিৱেশিকতাবাদী অধ্যয়ন গঢ় লৈ উঠিছে৷ ইয়াৰ পৰা সিদ্ধান্ত কৰিব পাৰি যে প্ৰকৃতাৰ্থত এতিয়াও পাশ্চাত্যৰ উপনিৱেশৰ কবলৰপৰা প্ৰাচ্যৰ দেশবোৰ সম্পূৰ্ণৰূপে মুক্ত হ’ব পৰা নাই৷
ৰাজনৈতিকভাৱে স্বাধীন হ’লেও সাংস্কৃতিকভাৱে এই দেশবোৰ পাশ্চাত্যৰ অধীন হৈয়ে আছে বুলি বুজিব পাৰি৷
সি যি নহওক, এই আলোচনাত ‘উত্তৰ-উপনিৱেশিকতাবাদী’ সমালোচনাৰ বিষয়ে সম্যক আভাস প্ৰদানৰ উদ্দেশ্যে ইয়াৰ সংজ্ঞা, চিন্তা আৰু পৃষ্ঠভূমি, স্বৰূপ আৰু গতি-প্ৰকৃতিৰ দিশত সীমিত অধ্যয়নৰ পৰিসৰত উপস্থাপন কৰা হ’ল৷ ইয়াৰ বিস্তৃত অধ্যয়ন আৰু আলোচনাৰ অৱকাশ নিশ্চিতভাৱে আছে৷

প্ৰসংগ সূত্ৰঃ
শৰ্মা,মদন৷ সাহিত্য-তত্ত্বৰ শেহতীয়া ধাৰা আৰু উত্তৰ উপনিৱেশিকতাবাদী তত্ত্ব৷ দত্ত, নেওগ বিভা আৰু নিবেদিতা বড়া সন্দিকৈ৷ সম্পা.৷ সাহিত্যৰ স্বাদ-বৈচিত্ৰ্য৷ ধেমাজিঃ কিৰণ প্ৰকাশন, ২০১৪ ৷ মুদ্ৰিত৷ পৃষ্ঠা-১৮
সহায়ক গ্ৰন্থপঞ্জী আৰু আলোচনী (অসমীয়া)
দত্ত নেওগ, বিভা আৰু নিবেদিতা বড়া সন্দিকৈ৷ সম্পা.৷ সাহিত্যৰ স্বাদ-বৈচিত্ৰ্য৷ ধেমাজিঃ কিৰণ প্ৰকাশন, ২০১৪ মুদ্ৰিত৷
আলোচনীঃ
বৰকটকী অৰিন্দম৷ সম্পা৷ প্ৰকাশ৷ গুৱাহাটীঃ অসম প্ৰকাশন পৰিষদ, ২০১২ অক্টোবৰ৷ মুদ্ৰিত৷
ইংৰাজীঃ
Krishna, Sarkaran: Globalization and Postcolonialism. Jaipur: Rawat Publications, 2009. Print
Young, Robert T.C.Postcolonialism: A very short Introduction. New York: Oxford University Press, 2003. Print

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে