চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মৃত্যুঞ্জয়ী আদৰ্শ ( নিৰঙ্কুশ নাথ )

মৃত্যুঞ্জয়ী আদৰ্শ ( নিৰঙ্কুশ নাথ )

মানকাদা আক্ৰমণৰ পাছত বিদ্ৰোহীসকলক বাতিস্তা সৈন্যই বিচাৰি ফুৰিছিল। এটা আক্ৰমণকাৰী গোটক আটক কৰা হল। তেওঁলোকক গুলীয়াবলৈ ধৰাত সৈন্যসকলক উদ্দেশ্যি সৈনিক বিষয়াই চিঞৰি উঠিল– “Don’t shoot, don’t shoot ” আৰু কোনেও নুশুনাকৈ ভোৰভোৰাই উঠিল –“ideas cannot be killed”. সেই গোটেতেই আছিল ফিডেল কাষ্ট্ৰো। তেওঁলোকক আটক কৰাৰ পিছত লৈ যোৱাৰ সময়ত তেওঁ বিষয়াজনক নিজৰ পৰিচয় দিয়াত মৌনতা অৱলম্বন কৰিবলৈ ক’লে। সঁচাই “Idea cannot be killed”. সেই ‘idea’য়েই কিউবাৰ পৰা বাতিস্তাৰ শাসন উফৰালে, নতুন কিউবা নিৰ্মাণ কৰিলে আৰু আজিও সাম্ৰাজ্যবাদৰ বিৰুদ্ধে যুঁজ আগুৱাই পৰিৱৰ্তনকামী মানুহক অনুপ্ৰেৰণা যোগাইছে। ১৯৫৯ চনত কিম্বদন্তী বিপ্লৱী ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত বিপ্লৱ সম্পন্ন হোৱাৰ পাছত নৱগঠিত ৰাষ্ট্ৰখনে সমাজতান্ত্ৰিক নিৰ্মাণ কাৰ্য আৰম্ভ কৰিলে আৰু মুহূৰ্ততে আমেৰিকা যুক্তৰাষ্ট্ৰৰ টেঁটু চেপি হত্যা কৰিবলৈ ১৯৬০ চনৰ পৰা পৃথিৱীৰ দীৰ্ঘতম অৰ্থনৈতিক অৱৰোধ। ছোভিয়েট ইউনিয়ন ভংগ হোৱাৰ পিছত যুঁজিব লগা হৈছিল ‘বিশেষ সময়’ৰ প্ৰত্যাহ্বানসমূহৰ বিৰুদ্ধে। খাদ্য দ্ৰব্য, শিশু খাদ্য, ঔষধ ,চিকিৎসাৰ সা-সৰঞ্জামৰ পৰা আৰম্ভ কৰি সকলোধৰণৰ ব্যৱসায়ত বাধা প্ৰদান কৰাৰ পাছতো কিউবাৰ চৰকাৰে প্ৰতিজন কিউবানৰ বাবে সুস্বাস্থ্য আৰু সুচিকিৎসাৰ ব্যৱস্থা কৰিবলৈ সক্ষম হ’ল। “দুখীয়া” সমস্যাজৰ্জৰ কিউবাই স্বাস্থ্য শিতানত বাজেটৰ৮.৬ শতাংশ খৰচ কৰাৰ বিপৰীতে “সম্পদশালী” ভাৰতবৰ্ষই খৰচ কৰে মাত্ৰ ৩.৮ শতাংশ। প্ৰতি ১০হেজাৰ ভাৰতীয়ৰ বিপৰীতে চিকিৎসকৰ সংখ্যা গড়ে ৭জন,আনহাতে প্ৰতি১০হেজাৰ কিউবান বিপৰীতে ইয়াৰ সংখ্যা ৬৭.২ জন। কিউবাত জন্মলাভ কৰা প্ৰতি ১০০০শিশুৰ ভিতৰত এবছৰত মৃত্যুবৰণ কৰা শিশুৰ গড় হাৰ হ’ল ৫টা। আমেৰিকাতো ৫টা আৰু ভাৰতবৰ্ষত এই হাৰ ৪১ ।
১০০% শিশুক বিনামূলীয়া শিক্ষা দি বিপ্লৱৰ এবছৰৰ ভিতৰতে নিৰক্ষৰতা দূৰ কৰিবলৈ সক্ষম হ’ল। ঘৰুৱা উৎপাদনৰ ১৩.৬% কিউবাই খৰচ কৰাৰ বিপৰীতে ভাৰতবৰ্ষই ৪.৯% হে খৰচ কৰে। এই দুটা খণ্ডলৈ লক্ষ্য কৰিলে বুজিব পাৰি ফিডেল কাষ্ট্ৰোকে ধৰি বিপ্লৱ সংগঠিত কৰা বিপ্লৱীসকলৰ “Idea” আজিও কিয় প্ৰাসংগিক। ফিডেল আৰু কমিউনিষ্ট পাৰ্টিযে প্ৰথমৰ পৰাই জনগণক সম্বল হিচাপে লৈ আগবাঢ়িছিল। তেওঁ আছিল এখন প্ৰকৃত মানৱতাবাদী। আইনৰ ছাত্ৰ হিচাপে পঢ়ি থকাৰ সময়তেই ছাত্ৰ ৰাজনীতিত জঁপিয়াই পৰা ফিডেল কাষ্ট্ৰোৰ চিন্তাসমূহৰ বিকাশ বিশেষ ভাৱে লক্ষণীয়। কিউবাৰ সমাজত প্ৰচলিত অন্যায় অবিচাৰ বিৰুদ্ধে এজন “মাৰটিয়ান” হিচাপে আগবাঢ়ি আহি চিন্তাসমূহ সংমিশ্ৰণ হৈছিল মাৰ্ক্সবাদী তত্ত্বত। সেই সম্পৰ্কে তেওঁ কৈছে –” বিশ্ববিদ্যালয়লৈ মই এজন বিদ্ৰোহী হৈ আহিছিলো, ন্যায়ৰ সম্যক ধাৰণাৰে মই ইয়াত এজন বিপ্লৱী হ’লো, এজন মাৰ্ক্সবাদী-লেনিনবাদী হৈ উঠিলোঁ। মই এই ধাৰণাসমূহেৰে জীৱনযোৰা সংগ্ৰামত অৱতীৰ্ণ হৈ আজিও সেই চিন্তাসমূহ উৰ্দ্ধত তুলি আগবাঢ়িছো।” এই মানৱতাবাদী ফিডেল কাষ্ট্ৰোৰ নেতৃত্বতেই বিভিন্ন দেশৰ স্বাধীনতাৰ কাৰণে আৰু বিভিন্ন দেশলৈ ‘শিক্ষা’, ‘স্বাস্থ্য’সেৱা ৰপ্তানি কৰা হয়। “যি সময়ত আমেৰিকাই সৈন্যবাহিনী পঠিয়ায় , কিউবাই পঠিয়াই ডাক্তৰ ! ” পুঁজিবাদী ৰাষ্ট্ৰ আৰু এখন সমাজবাদী ৰাষ্ট্ৰৰ মাজত এয়াই পাৰ্থক্য বুলি কৈ ফিডেল কাষ্ট্ৰোৱে গৰ্ব অনুভৱ কৰে ।
এই আন্তৰ্জাতিক তাবাদৰ প্ৰতি কমিউনিষ্ট, প্ৰগতিশীল আৰু গণতান্ত্ৰিক লোকসকলে এক বিশেষ স্থান প্ৰদান কৰি আহিছে। ছোভিয়েটৰ বিপৰ্যয়ৰ পিছৰ ‘বিশেষ’ সময়চোৱাত কমিউনিষ্ট নেতা হৰ কিষাণ সুৰজিতৰ নেতৃত্বত ১৯৯২ত ভাৰতবৰ্ষৰ পৰা ১০,১০৫ টন ঘেঁহু আৰু ঔষধৰ পূৰ্ণ এখন জাহাজ কিউবালৈ পঠিওৱা হৈছিল। ফিডেল কাষ্ট্ৰোৱে ঘোষণা কৰিছিল -“এয়া কেৱল ১০,১০৫ টন ঘেঁহু বা ঔষধ নহয়, এয়া ১০,১০৫ টন সহমৰ্মিতা, ১০,১০৫ টন নৈতিক সমৰ্থন, যিয়ে আমাক অধিক আন্তৰ্জাতিক কৰি তোলাৰ লগতে অধিক দেশপ্ৰেমিক, বিপ্লৱী আৰু এক মহৎ কাৰ্যক ৰক্ষণাবেক্ষণ দিবলৈ সাহস দিছে।”
মুক্তি, সামাজিক ন্যায় আৰু সমতাৰ পক্ষত থিয় দিয়া ফিডেল কাষ্ট্ৰোৰ মানৱতাবাদী আৰু আন্তৰ্জাতিক চৰিত্ৰৰ উপৰি আছিল জনগণৰ সৈতে আত্মিক সম্পৰ্ক । মানকাদা আক্ৰমণৰ পৰা কিউবান বিপ্লৱ সম্পন্ন কৰাৰ সময়লৈ ফিডেলে এক গুৰুত্বপূৰ্ণ শিক্ষা গ্ৰহণ কৰিলে যে কেৱল এমুঠিমান মানুহেৰে বিপ্লৱ সম্পন্ন কৰিব নোৱাৰি। বিপ্লৱ গৰিষ্ঠসংখ্যক শোষিতৰ সমৰ্থনেৰেহে সম্পন্ন হয়। সেয়েহে কিউবান বিপ্লৱৰ সময়ত কিউবাৰ কৃষকসকলৰ সংগঠিত আৰু শিক্ষিত কৰাৰ লগতে বিপ্লৱৰ পিছত প্ৰতিটো গুৰুত্বপূৰ্ণ সিদ্ধান্ত লওঁতে দেশৰ জনগণক বিশ্বাসত লৈহে আগবাঢ়িছিল ।
বাস্তৱ পৰিস্থিতিৰ বাস্তৱ বিশ্লেষণৰ দ্বান্দ্বিক মৰ্ম অনুসৰি পদক্ষেপ গ্ৰহণ কৰাই আছিল তেওঁৰ আদৰ্শ, সেয়েহে প্ৰতিকূল অৱস্থাটো কিউবাত সমাজবাদৰ ধ্বজা অক্ষুন্ন আছিল। তেওঁৰ চিন্তাৰ পৰিসৰো আছিল বহল। মাৰ্ক্সবাদৰ লগতে পৃথিৱীৰ বিভিন্ন ঘটনা-পৰিঘটনা, বিজ্ঞান -প্ৰযুক্তি, কলা ধৰ্মকে ধৰি সকলোৰে জ্ঞান অৰ্জন কৰিছিল। সম্পৰ্ক ৰাখিছিল হেমিংৱে, গেব্ৰিয়ল গাৰ্চিয়া মাৰ্কেজ,ছাত্ৰে, নেৰুদাকে ধৰি নেলচন মাণ্ডেলা, পোপ আনকি মাৰ্কিন ৰা্ষ্ট্ৰপতি জিমি কাৰ্টাৰৰ লগতো ৷ সমগ্ৰ লেটিন আমেৰিকা উদ্বুদ্ধ কৰিছিল সাম্যবাদৰ বিৰুদ্ধে যুঁজ দিবলৈ। এই বিশাল ব্যক্তিত্ব লৈও তেওঁ বিশ্বাস কৰিছিল মাৰ্টিৰ সেই প্ৰসিদ্ধ কথাত । ‘All the world’s glory fit in a kernel of corn’ ক্ষমতাক কেতিয়াও মূৰত ধৰিবলৈ দিয়া নাছিল তেওঁ । প্ৰতিদিনে নিজক সোঁৱৰাইছিল তেওঁৰ অস্তিত্ব কেৱল জনগণৰ বাবেই ।
আজি ফিডেল কাষ্ট্ৰোৰ মৃত্যু হ’ল,কিন্তু আদৰ্শ মৃত্যুঞ্জয়ী ৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে