চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মঘাই ওজা আৰু অসমৰ গণ-সাংস্কৃতিক ঐতিহ্য ( ডঃ পৰমানন্দ মজুমদাৰ )

মঘাই ওজা আৰু অসমৰ গণ-সাংস্কৃতিক ঐতিহ্য ( ডঃ পৰমানন্দ মজুমদাৰ )

মঘাই ওজা অসমৰ এক উজ্জ্বল লোকপ্রতিভা। হেমাংগ বিশ্বাসৰ ভাষাৰে ক’বলৈ গ’লে তেওঁৰ ঢোলৰ ছেৱত এদিন গর্জি উঠিছিল অসমীয়া সংস্কৃতিৰ বিবেক। ঢোলৰ দুলড়িত ছন্দত মুখৰিত হৈছিল ঢোল সংস্কৃতিৰ মহৎ প্রাচীনতম ঐতিহ্য। মঘাইৰ ঢোলৰ প্রতি ছন্দই কথাও কৈছিল, চিত্ৰও ৰচিছিল। ইয়াৰ মাজত আমাৰ মোহনীয় প্রকৃতি, সমাজ আৰু মানুহ উজলি উঠিছিল। তেওঁৰ ঢোলৰ ছন্দত শ্রোতাই নিজকে বিলীন কৰি দিছিল, তাত যেন শ্রোতা-দৰ্শকৰ মনন প্রতিধ্বনিত হৈছিল। মঘাই ওজা সঁচা অৰ্থত আছিল এজন গণশিল্পী। দৰিদ্ৰতা আছিল তেওঁৰ আশৈশৱ চিনাকি। তেওঁ মৃত্যুবৰণো কৰিছিল দৰিদ্রতাকে সাবটি। মানুহৰ প্ৰতি তেওঁৰ আছিল গভীৰতম শ্রদ্ধা আৰু পৃথিৱী আছিল তেওঁৰ প্ৰাণৰ বন্ধু। এইবাবেই তেওঁ দাৰিদ্ৰ্যতাকে জয় কৰিব পাৰিছিল। এইবাবেই তেওঁ অক্লান্তভাৱে ঢোল বজাই ফুৰিব পাৰিছিল দিহিঙে দিপাঙে। তেওঁ কৈছিল— ‘‘বহুত গামোচা, বহুত শৰাই, বহুত ফুলাম জাপি পালো, কেতিয়াবা হয়তো সেইবােৰকে বেচি খাব লাগিব। দেশ-বিদেশৰ ৰাইজৰ অকুণ্ঠ মৰমতে মই দুখ-কষ্ট পাহৰি যাওঁ। ঢোলটাে কান্ধত লৈ যেতিয়া চাপৰ মাৰিবলৈ আৰম্ভ কৰাে পৃথিৱীখন তেতিয়া বৰ ধুনীয়া লাগে, যেন ঢোল বজাই থাকোতে কেতিয়াবা মই এই পৃথিৱীৰ বুকুতে লীন হৈ যাওঁ।”
এইগৰাকী লোকপ্রতিভাক পঞ্চাশৰ দশকতে হেমাংগ বিশ্বাসে আবিষ্কাৰ কৰি অসম থকা বৰ্হিজগতৰ জনমানসত প্রতিষ্ঠা কৰি গৈছে। পদ্ম বৰকটকী সম্পাদিত নতুন প্রতিনিধি’ৰ পাতত তাহানিতে হেমাংগ বিশ্বাসে শিল্পীগৰাকীৰ প্রতিভাৰ এটি সুন্দৰ মূল্যায়ন কৰিছিল।

(এক)

মঘাই ওজাৰ জন্ম হৈছিল ১৯১৬ চনত (১৮৩৮ শকত মাঘ মাহৰ ১৫ তাৰিখে) যোৰহাটৰ পৰা প্রায় ১৪ মাইল নিলগত থকা আখৈবাৰী নামৰ গাঁৱত। তেওঁৰ পিতৃ বােপাৰাম বৰুৱা আৰু মাতৃ ৰূপতী বৰুৱা। পিতৃৰ যেতিয়া মৃত্যু ঘটে, তেতিয়া মঘাই বয়স মাত্র ৫ বছৰ। গতিকে কিশোৰ কালতেই মঘায়ে কঢ়িয়াব লগা হৈছিল ঘৰ চলোৱাৰ দায়িত্ব, মাকৰ মুখত অন্ন যোগোৱাৰ দায়িত্ব। সেয়ে পাঠশালাতে তেওঁৰ শিক্ষাৰ ইতি পৰিল। ওচৰৰে চেনিৰাম চাহ বাগিচাত কিশোৰ মঘায়ে হাজিৰাত যোগালিৰ কামত সোমালগৈ। যোগালি কামত সোমাই কম দিনৰ ভিতৰতে তেওঁ এটি ঢোল কিনি লয়। তেওঁ যোৰহাটৰ প্ৰসিদ্ধ বয়োবৃদ্ধ ঢুলীয়া ডিম্বেশ্বৰ গগৈৰ ওচৰ চাপে। গগৈৰ পৰা পোৱা শিক্ষা আৰু নিজৰ একাগ্র সাধনাৰে মঘায়ে কম দিনৰ ভিতৰতে ঢোল বিদ্যা আয়ত্ব কৰি ল’লে আৰু তেওঁ মঘাই বৰুৱা গুচি ৰাইজৰ মুখত মঘাই ওজা হিচাপেই বিখ্যাত হৈ পৰিল। ষোল বছৰ বয়সৰ পৰাই তেওঁ এজনীয়াভাৱে ঢোল বজাবলৈ লয়। তেনেদৰেই মঘাই গণজীৱনৰ মাজত নিবিড়ভাৱে সোমাই পৰে। গাঁৱে-ভূঞে বিয়া-সবাহত তেওঁ ঢোল বজাই দুপইচা উপার্জন কৰিবলৈ ল’লে। এবাৰ মাজুলীৰ এখন ডাঙৰ বিয়াত ঢোল বজাই তেওঁ পালে ২০ টকা। সেই সময়ত সেইখিনিয়ে আছিল মঘাইৰ জীৱনত ডাঙৰ হাজিৰা। এই কুৰি টকা জমা কৰি মঘায়ে কিনি পেলালে এহাল গৰু। কিছু দিনৰ পিছতে মঘায়ে যোগালিৰ কাম বাদ দি হালৰ মুঠিত ধৰিলে।

ঢোলৰ প্রতি আকৰ্ষিত হােৱাৰ লগে লগে তেওঁ ঢোলৰ গীত-মাত, ৰাগ-সুৰ ৰচনা কৰিবলৈ লয়। ঢোল, খোল, নাগাৰা, টােকাৰী আদি বজাবলৈ তেওঁ অভ্যাস কৰে। ইয়াৰ বাজনাই তেওঁক আকর্ষণ কৰে। ঢোল চচাৰ বাবে তেওঁ পোনতে বহুতৰে পৰা অনুপ্রেৰণা পাইছিল। তেওঁ তেজপুৰলৈ আনুষ্ঠানিকভাৱে নিমন্ত্রণ পাইছিল। ঢোল বাদন কৰিবলৈ। তাতেই তেওঁ লগ পায় চাহ খেতিয়ক গকুল বৰুৱা যাৰ কথা তেওঁ শ্ৰদ্ধাৰে সুৱৰিছিল। বৰুৱাই তেওঁক এই ক্ষেত্ৰত যথেষ্ট অনুপ্রাণিত কৰিছিল। তেজপুৰতে মঘাইক লগ ধৰিছিল। গণনাট্য যুগৰ অক্লান্ত শিল্পী হেমাংগ বিশ্বাসে। নগাঁৱৰ আন্তঃকলেজ মহােৎসৱলৈ মঘাইক নিমন্ত্রণ কৰে। তাৰ পিছতে তেওঁক বিশ্বাসে গুৱাহাটীলৈ নিমন্ত্রণ কৰে। এনেকৈ মঞ্চত মঘাই হৈ পৰে সৰবৰাহী। বিভিন্ন অনুষ্ঠানলৈ আহি তেওঁ বিষ্ণু ৰাভা, ফণী শৰ্মা, চন্দ্ৰধৰ গোস্বামী আদি গুণী শিল্পীৰ সান্নিধ্য লাভ কৰে।

( দুই)

গণনাট্য যুগৰ অক্লান্ত শিল্পী হেমাংগ বিশ্বাসৰ সান্নিধ্যই ওজাক লৈ গৈছিল গণনাট্যৰ মজিয়ালৈ। পঞ্চাশ আৰু ষাঠিৰ দশকত গণনাট্য সংঘই দেশত এক সাংস্কৃতিক আলোড়ন আনিবলৈ সক্ষম হৈছিল। হেমাংগ বিশ্বাসৰ সক্রিয় প্রচেষ্টাত অসমতো গণনাট্য সংঘৰ সংগঠন গঢ়ি উঠিছিল। জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদি শিল্পী গণনাট্য আন্দােলনত সহযাত্রী হৈছিল। হেমাঙ্গ বিশ্বাসে মঘাই ওজাৰ দৰে তেওঁৰ প্ৰতিভাক বুটলি লৈছিল আৰু সংঘৰ জৰিয়তে তেওঁৰ প্ৰতিভাক বিকশাই তুলিছিল। আমি অভিভূত হওঁ হেমাঙ্গ বিশ্বাসে যেতিয়া কয়— মঘাই ওজা, তেওঁৰ শিল্পী জীৱনৰ শ্রেষ্ঠ আবিষ্কাৰ’ বুলি। শ্রদ্ধেয় বিশ্বাসে তেওঁৰ গৱেষণামূলক বঙালী গ্রন্থ “লোকসংগীত সমীক্ষা ঃ বাংলা ও আসাম’খন মঘাই ওজাৰ স্মৃতিত অৰ্পণ কৰিছে। এই বুলি— ‘আমাৰ শিল্পী জীৱনৰ শ্রেষ্ঠ আবিষ্কাৰ প্ৰয়াত মঘাই ওজাকে”।

মঘাই ওজাৰ বিষয়ে এটি সংকলন কৰিবলৈ যাওঁতে আমি যেতিয়া হেমাঙ্গ বিশ্বাসৰ সৈতে যোগাযোগ কৰিছিলো তেতিয়া তেওঁ মঘাইৰ কিছু চিঠি-পত্ৰ পঠাই দি এইখিনি কথা আমালৈ লিখিছিলঃ
‘“অসমত গণনাট্য আন্দোলনৰ ওজন গুৰি ধৰােঁতা হিচাপে মোৰ মুখ্য কাম আছিল— যাক কোৱা হয় talent scouting আৰু সেই সুপ্ত বা গুপ্ত শিল্পী প্রতিভাৰ সন্ধান আৰু বিকাশৰ বাতাবৰণ সৃষ্টি কৰা। ফুল ফুলে নিজ গুণে, কিন্তু মালীয়ে তাৰ আলপৈচান ধৰে। পানী সিঁচে। গৰু-ছাগলীৰ গ্ৰাসৰ পৰা ৰক্ষা কৰিবলৈ চাৰিওফালে বেৰ লগাই দিয়ে। মই আছিলো তেনেধৰণৰ মালী। অসমৰ যি বিস্ময়কৰ বনৰীয়া ফুল আবিষ্কাৰ কৰি বৰ্হিজগতক মুহিব পাৰিছিলো তেওঁ হ’ল মঘাই ওজা।”

১৯৫৪ চনত কলকাতাৰ ওৱেলিংটন স্কোৱাৰত অনুষ্ঠিত গণনাট্য সংঘৰে অনুষ্ঠানত অসমৰ প্ৰতিনিধি হিচাপে ড° ভূপেন হাজৰিকা আৰু মঘাই ওজা নিমন্ত্রিত হয়। ভূপেন হাজৰিকাৰ কণ্ঠ আৰু মঘাই ওজাৰ ঢোলত কলকাতাৰ হাজাৰ হাজাৰ জনতাই অসমৰ এক নতুন পৰিচয় পাইছিল। মঘাইৰ ঢোলৰ ছেৱে কলকাতাৰ বিখ্যাত ঢোল বাদক ক্ষিৰােদ ভট্টক চমকিত কৰি তুলিছিল আৰু তেওঁ মঞ্চলৈ আহি মঘাইক সাবটি ধৰিছিল। সংগীত বিশাৰদ জ্ঞানপ্রকাশ ঘোষেও ওজাৰ ঢোলৰ ছেও শুনি ইমানেই অভিভূত হৈছিল। যে তেওঁৰ ঘৰলৈ শিল্পীজনাক নি ছেওবোৰ টেপ কৰি ৰাখিছিল।

১৯৫৫ চনত গুৱাহাটীত অনুষ্ঠিত গণনাট্য সংঘৰ সদৌ অসম ভিত্তিত হােৱা সন্মিলনীত মঘাই ওজাই সর্বভাৰতীয় স্বীকৃতি লাভ কৰে। এই অনুষ্ঠানত অংশ গ্রহণ কৰা বিখ্যাত সর্বভাৰতীয় শিল্পীসকলৰ ভিতৰত আছিল অভিনেতা বলৰাজ সাহানী, সংগীত শিল্পী হেমন্ত মুখাজী আৰু সলিল চৌধুৰী, মহাৰাষ্ট্ৰৰ গণশিল্পী ওমৰ শ্বেখ, ৰবীন্দ্র সংগীত শিল্পী দেবব্রত বিশ্বাস আৰু সুচিত্রা মিত্র, গণনাট্য সংঘৰ নৃত্য শিল্পী আৰু গায়ক শাস্তু মিত্ৰ আৰু মন্টু ঘোষ আৰু অসমৰ বিষ্ণু ৰাভা, ভূপেন হাজৰিকা আদি। এই সন্মিলনীত মঘাই ওজাৰ ঢোল বাদন শুনি সর্বভাৰতীয় শিল্পীসকল মুগ্ধ হয়। অভিনেতা বলৰাজ চাহানী আৰু অমৰ শ্বেখ মঘাইৰ ঢোলৰ ছেও শুনি ইমানেই পুলকিত হৈছিল যে দুয়োজনে মঘাইক কান্ধত তুলি লৈ দৰ্শকৰ সন্মুখত মঞ্চত আহি থিয় হৈছিলগৈ।

সেই দিনটােৰ কথা স্মৰণ কৰি দিলীপ শৰ্মাই লিখিছে ? ক’লা জেকেটটাে পিন্ধি গলত কেইবাটাও মেডেল আঁৰি লৈ দুজন পালিৰে সৈতে ওজাদেৱ দৰ্শকৰ সন্মুখত থিয় হ’ল। অতি নম্রভাৱে ৰাইজক সম্বোধন কৰি কেইশাৰীমান বিহুগীতেৰে প্ৰণিপাত জনাই আৰু লগতে দায় দোষ নৰিবলৈ অনুৰােধ কৰি তেওঁ অনুষ্ঠান আৰম্ভ কৰিলে। ঢোলত কোব দি ছেও দিয়াৰে লগে লগে গোটেই ৰভাতলী নিজম পৰি গ’ল। দুই হাতেৰে দুডাল মাৰিৰে আত্মবিশ্বাসেৰে কোব দিবলৈ ধৰিলে। লগে লগে মালিত গাই আছে। . ‘কুঢ়িত কোঢ়া কুঢ়িত কোঢ়া’, ‘পাকুৰ কুৰ পাকুৰ কুৰ পাক’, ‘নেকান্দিবি কোঢ়া তই মনে মনে থাক’, ‘কপাহ ধনু ধনু বেটি কপাহ ধনু ধনু’. বিভিন্ন ভংগীত মঘায়ে ঢোলবাদনেৰে দৰ্শকক এনেদৰে মুগ্ধ কৰি ৰাখিলে যে কেনেদৰে এঘণ্টা সময় অতিবাহিত হৈ গ’ল কোনেও ক’ব নোৱাৰিলে।…”

১৯৫৭ চনত মঘাইয়ে মাদ্রাজত ইণ্ডিয়ান ফাইন আৰ্টছ এণ্ড চােছাইটিৰ ৰূপালী জয়ন্তী উপলক্ষে হােৱা সাংস্কৃতিক অনুষ্ঠানত গণনাট্যৰ অক্লান্ত কর্মী শিল্পী অনিল দাসৰ নেতৃত্বত অসম গণনাট্য শিল্পী দলৰ সৈতে যোগদান কৰে।

১৯৫৮ চনত দিল্লীৰ ৰামলীলা ময়দানত অনুষ্ঠিত গণনাট্যৰ সৰ্বভাৰতীয় সন্মিলনীত মঘাই ওজাই যোগদান কৰে। এই সন্মিলনীত অসমৰ প্ৰায় আঢ়ৈকুৰি শিল্পী প্রতিনিধিয়ে অংশ লৈছিল। সন্মিলনীৰ প্রথম সন্ধিয়াই নিধাৰণ কৰা হৈছিল অসম দলৰ কাৰ্যসূচী মঘাই ওজাৰ একক ঢোল বাদন। লগত পালি হিচাপে আছিল কেৰপাই। নিৰ্ভয় আৰু নিঃসংকোচে মঘাইয়ে তুলি লৈছিল। ঢোলৰ মাৰি। আধা ডুখৰীয়া হিন্দীত তেওঁ নির্বিকাৰভাৱে কৈ গৈছিল ঢোলৰ বোল। বিভিন্ন ৰাজ্যৰ দৰ্শকসকলে জাউৰিয়ে জাউৰিয়ে হাত চাপৰিৰে তেওঁক অভিবাদন জনাইছিল। এই সন্মিলনত ভাৰতত থকা চীনা দূতাবাসৰ প্ৰতিনিধিসকলে ওজাদেৱক অনুৰােধ কৰি তেওঁৰ অনুষ্ঠান শুনিছিল আৰু ভূয়সী প্রশংসা কৰিছিল। গণনাট্যৰ এটি সাংস্কৃতিক দলত যুক্ত হৈ ওজাই দক্ষিণ ভাৰতৰ মাদ্রাজলৈও ঢোল বাদন কৰিবলৈ গৈছিল। এই দলত আন অসমীয়া শিল্পীসকল আছিল বৰপেটাৰ নৰহৰি বুঢ়াভকত, মণিপুৰৰ বলদেৱ শৰ্মা, অৰুণ আৰু ৰাধাৰাণী। মাদ্রািজত সাংস্কৃতিক দলটিয়ে প্রভূতভাৱে সুনাম অর্জন কৰিবলৈ সক্ষম হয়। ইয়াৰ ফলস্বৰূপে ৰুক্মিণী অৰুণ্ডেল কলাক্ষেত্ৰলৈকো দলটি বিশেষভাৱে আমন্ত্রিত হয়। তাতো এই শিল্পীদলে অসমৰ সংস্কৃতিৰ গৌৰৱ বঢ়াবলৈ সক্ষম হয়। ইয়াৰ পিছত দলটােৱে বিহাৰৰ পাটনা, গাজিপুৰ, বেণ্ডচৰাই, ছাপড়া, সোণপুৰ, পূর্ণিমা আদি ঠাইতে তেওঁলোকৰ অনুষ্ঠান দেখুৱাই সুনাম অর্জন কৰে৷

১৯৬৩ চনত অসম চৰকাৰৰ সাংস্কৃতিক বিভাগৰ অধীনত মঘাই ওজাই মহাৰাষ্ট্ৰ আৰু কেৰেলাৰ বিভিন্ন ঠাইত গৈ ঢোলবাদ্য লৈ পৰিভ্ৰমণ কৰিছিল। মঘাইৰ শিল্পী প্রতিভা ভাৰতৰ চাৰিসীমাত সীমাবদ্ধ হৈ নেথাকিল। চীন, জামান, ৰাচিয়া আদিলৈও তেওঁ নিমন্ত্ৰিত হৈছিল। অৱশ্যে বিদেশ ভ্ৰমণ কৰা হৈ নুঠিল। ভাৰতীয় গণনাট্য সংঘৰ লগত মঘাইৰ সম্পর্ক আছিল অতি ঘনিষ্ঠ। গণনাট্যৰ আদর্শৰ সৈতে তেৱোঁ একাত্ম হৈ পৰিছিল। মঘাইয়ে যেতিয়াই নামনিৰ পিনে আহিছিল। তেতিয়াই গণনাট্যৰ অফিচলৈ আহিছিল। বিহুৰ বতৰত তেওঁক কোনাে নিমন্ত্ৰণীৰ প্রয়োজন নহৈছিল। কেৱল কাৰ্যসূচী জনালেই তেওঁ তাত উপস্থিত হৈছিল। গণনাট্যৰ অসম শাখাৰ সংগঠনৰ বিষয়ববীয়াৰ দায়িত্বও তেওঁ বহন কৰিছিল। গুৱাহাটীত অনুষ্ঠিত সংঘৰ তৃতীয় ৰাজ্যিক সন্মিলনত মঘাই ওজা সংঘৰ ৰাজ্যিক শাখাৰ উপসভাপতি নিবাচিত হৈছিল। উপসভাপতি মণ্ডলীত আনসকলৰ ভিতৰত আছিল নৰহৰি বুঢ়াভকত, চৈয়দ আব্দুল মালিক আদি। সভাপতি নিবাচিত হৈছিল বিষ্ণু ৰাভা। অবিভক্ত গণনাট্যৰ সৰ্বশেষ ৰাজ্যিক সন্মিলন অনুষ্ঠিত হৈছিল ১৯৫৯ চনৰ ৩ এপ্রিল তাৰিখে গুৱাহাটীত। এই সন্মিলনেও মঘাই ওজাক উপসভাপতি মণ্ডলীত অন্তর্ভুক্ত কৰিছিল।

(তিনি)

ঢোল সংস্কৃতিৰ এক প্রাচীন ঐতিহ্য আছে। ঢোল পৃথিৱীৰ আটাইতকৈ পুৰণি বাদ্যযন্ত্ৰ বুলি শুনা যায়। প্রকৃততে সমূহ বাদ্যযন্ত্ৰৰ ভিতৰত ঢোলৰ ব্যৱহাৰৰ ব্যাপকতাও বেছি। গ্রাম্য কৃষক সমাজৰ ই স্বতঃস্ফুর্ত সৃষ্টি। মাংগলিক কার্যত পৃথিৱীৰ সকলো দেশতে ঢোলৰ ব্যৱহাৰ কৰা হয়। যুদ্ধ যাত্ৰাৰ সময়তো ঢোলৰ ব্যৱহাৰ কৰা হয় বা হৈছিল। বর্তমান সময়তো আফ্রিকাৰ বহু ঠাইত এখন গাঁৱৰ পৰা আন এখন গাঁৱলৈ ঢোলৰ সহায়ত কথা বতৰা পাতে। জনা যায় আফ্রিকা মহাদেশত ঢোলৰ ব্যৱহাৰ পৃথিৱীৰ ভিতৰতে বেছি। পৃথিৱীৰ প্রত্যেক জাতিৰে ঢোলৰ ব্যৱহাৰ আছে আৰু ই জাতীয় সংস্কৃতিৰ এক গৌৰৱােজ্জ্বল ঐতিহ্য বুলি পৰিগণিত হৈ আহিছে। ঢোলৰ ছেও হৈছে মানুহৰ হৃদ স্পন্দনৰ এক মূর্ত প্রকাশ। ঢোলৰ ছেৱৰ যি উঠা-নমা লহৰ— সি হৃদ স্পন্দনৰ তালে তালে আহে। সেয়ে বােধহয় মানুহ-জন্তু সকলোকে এই বাদ্যৰ শব্দই উত্তেজিত আৰু আকৰ্ষিত কৰে। প্রকৃততে ঢোল বাদ্য অতি সংবেদনশীল অথবা স্পন্দনশীল। মঘাই ওজাই এই প্রাচীন বাদ্যক আলফুলে তুলি আমাৰ এক ঐতিহ্যক জীয়াই ৰখাৰ মাজেদি মানুহৰ মাজত গণচেতনা বিয়পাই দিবলৈ প্রয়াস কৰিছিল। ওজাৰ ঢোল বাদনৰ বিষয়ে গণশিল্পী শ্ৰীদিলীপ শৰ্মাই আৰু এষাৰ কথা লিখিছে —‘‘… তেওঁ মানুহৰ সুখ-দুৰ কথা, সমাজৰ অন্যায় অবিচাৰৰ কথা গীতৰ মাজেৰে অবগত কৰায়। অনুষ্ঠানৰ শেষৰ ফালে ওজাদেৱে হাতৰ এডাল মাৰি মঞ্চৰ ওপৰত থৈ বাকীডাল মাৰিৰে ঢোলত কোবাবলৈ ধৰে আৰু লগে লগে ঢোলৰ অইন ফালে এবাৰ হাতৰ কিলাকুটিৰে, এবাৰ ভৰিৰ গেৰােৱাৰে, এবাৰ বুঢ়া আঙুলিৰে, এবাৰ থুতৰি, এবাৰ মুৰেৰে, এবাৰ নাকেৰে বজাই থাকে বেলেগে বেলেগে ভংগীত, কেতিয়াবা বহি লৈ আৰু কেতিয়াবা এখন ভৰিৰ ওপৰত থিয় দি। এই সময়তে ওজাদেৱে ৰৈ যোৱা নাই। সর্বশেষত ওজাদেৱে ট্ৰেইন আহি ষ্টেচনত ৰাখি পুনৰ যাত্ৰা কৰা আৰু দলং পাৰ হােৱা, বৰষুণ দিয়াৰ শব্দ, মেঘৰ গাজনি আদি ঢোলৰ মাজেৰে স্পষ্টকৈ শুনায়। এনেবােৰ দৃশ্য ৰুচ আৰু চীন দেশৰ কিছুমান অনুষ্ঠানত দেখিবলৈ পোৱা যায়। ইয়াক Dance with acrobatic performance বা যুযুৎস খেলুৱৈৰ নৃত্য প্রদর্শন বুলি আখ্যা দিব পাৰি। সেয়ে অসমত মঘাই ওজাক ঢোলৰ যাদুকৰ বুলি কোৱাটাে ঠিকেই হৈছে।”

মঘাই ওজাই ঢোলৰ ছেৱে ছেৱে অনেক ঢোলৰ মালিতাও ৰচি গাইছিল। সেইবোৰ আমাৰ লোকসাহিত্যৰ আপুৰুগীয়া সমল। ঢোলৰ ছন্দৰ তালে তালে তেওঁৰ কণ্ঠই যেন চিত্ৰ ৰচিলে—
কপাহ ধুনু ধুনু বেটী
কপাহ ধুনু ধুনু
নেওথনিতে ধুনু বেটী
নেওথনিতে ধুনু।।
অথবা,
উড়িৎ তৌ তৌ
উড়িৎ তৌ তৌ
উড়িলৌ উড়িলৌ
উড়ি… উড়ি যাওঁ৷
আমাৰ লোক-সাহিত্যত থকা খৰা শিয়ালৰ কাহিনীও মঘাইৰ ঢোলৰ ছেৱত প্ৰাণৱন্ত হৈ ধৰা দিছিল। হেমাংগ বিশ্বাসে তাৰ সৰস বর্ণনা দিছে। ওজাই নিজৰ ৰচনা আৰু ঢোলৰ ছন্দত এক নাটকীয় ৰসেৰে দৰ্শকৰ সমুখত উপস্থিত হৈছিল—
চ’তৰ মাহত ঢোলৰ হাত
বৰষুণৰ পিছল বাট
মাজে মাজে ৰ’দ চৌফুলীয়া
ঐ ৰ’দ চৌফুলীয়া
খৰা শিয়ালৰ বিয়া ঐ
খৰা শিয়ালৰ বিয়া।
ইয়াৰ পিছত অতিথি অভ্যািগতৰ অপূর্ব বর্ণনা। ক্লাইমেক্স মুহূর্তত দর্শক শ্রোতা হাঁহিত বাগৰি পৰে— যেতিয়া শিয়াল দৰা ৰভাতলীত আহি হাজিৰ হয়। মঘাইৰ ঢোলে কৈ যায় —
মোখনা হাতীত উঠি শিয়াল
আহিল ৰঙ কৰি
দৰা হৈছে ভেলেঙ ভেকু
লেজ নাইকিয়া ঐ
লেজ নাইকিয়া।

( চাৰি)

১৯৬০ চনত অসমত যেতিয়া ৰাজ্য ভাষাৰ প্রশ্নলৈ অসমীয়া আৰু বঙালী ভাষীৰ মাজত ভুল বুজাবুজিৰ ফলত সম্প্ৰদায়িকতাই দেখা দিছিল, তেতিয়া গণনাট্য সংঘৰ শিল্পী হেমাঙ্গ বিশ্বাস আৰু ভূপেন হাজৰিকাৰ নেতৃত্বত এটি শিল্পীদলে সাম্প্ৰদায়িক সম্প্ৰীতিৰ বাণীলৈ সংঘৰ্ষ অধ্যুষিত ঠাইসমূহলৈ গৈছিল– গানেৰে, মাতেৰে, নৃত্যৰে ভ্ৰাতৃত্ববোধ জগাই তুলিবলৈ৷ যোৰহাটত এই মহান অভিযানৰ সহযাত্ৰী হৈছিল মঘাই ওজা৷ হেমাংগ বিশ্বাসৰ ভাষাত দুখীয়া কৃষক সন্তান মঘাই ওজা আছিল অভিযানত ‘সকলোতকৈ ডাঙৰ সংযোজন৷’ এই অনুষ্ঠান পতা হৈছিল যোৰহাটৰ বঙালী স্কুলত৷ এই লৈ অনুষ্ঠানৰ উদ্যোক্তাসকলৰ মাজত মতভেদৰ সৃষ্টি হৈছিল৷ ভয় হৈছিল তালৈ অসমীয়াসকল নাহিব বুলি৷ কিন্তু সময়ত অসমীয়া বঙালী উভয় ভাষাভাষী লোকেৰে সভাঘৰ ভৰি পৰিছিল। সকলোৱে ওচৰা ওচৰিলৈ বহি অনুষ্ঠান চাইছিল। মঘাই ওজাই এই জটিল সময়ক অনুধাবন কৰি ঢোলত কোব দিছিল। তেওঁৰ ঢোল হৈ পৰিছিল সময়ৰ পৰ্যবেক্ষক। বিহুৰ ছলেৰে ঢোল বজাই বজাই তেওঁ গাই গ’ল—
ৰাইজখনে কান্দিছে ডা-ডাঙৰীয়া
দেশখনে কান্দিছে চোৱা
ৰাইজৰ বলতে তুমি বলবন্ত
কিয়নো পাহৰি যোৱা।
আকৌ তীব্র ব্যংগ সুৰত তেওঁ গাই গ’ল—
ভাইয়ে ভাইয়ে দন কৰে পৰে পায় আশ
মতা-মাইকী দান কৰে ঘৰে বনবাস।
মঘাই ওজা হৈ পৰিছিল এই বাহিনীৰ প্ৰাণস্বৰূপে। তেওঁৰ ঢোলে ছটিয়াই গৈছিল সংহতিৰ বাণী। হেমাংগ বিশ্বাসে লিখিছে— ‘সেইদিনা অসমৰ শিক্ষিত আৰু বুদ্ধিজীৱী শ্রেণীৰ অধিকাংশৰে চিন্তা যেতিয়া জাতিবিদ্বেষৰ কলুষ-কালিমােত আচ্ছন্ন তেতিয়া অসমৰ দুখীয়া খেতিয়কৰ ঘৰৰ সন্তান মাটিৰ শিল্পী মঘাই ওজাৰ ঢোলৰ চাপৰত অসমীয়া সংস্কৃতিৰ বিবেক গৰজি উঠিল।”
এনেদৰেই মঘাইয়ে তেওঁৰ ঢোলক প্রগতিৰ বাতাবাহক হিচাপে কঢ়িয়াই লৈ গৈছিল মানুহৰ মাজলৈ। সমাজৰ অন্যায়-অবিচাৰৰ তেওঁ যেন আছিল তীক্ষ পর্যবেক্ষক। তেওঁৰ ঢোল আছিল তাৰ এক বলিষ্ঠ প্রতিবাদ। তীব্র ব্যংগ ভাষাত তেওঁ সমাজৰ ক্ষমতালোভীসকলক ধিক্কাৰ দিছিল —
১.
ডাঙৰীয়া সৰু বৰ যত আছে অনুচৰ
নিজৰ পেটৰ কাৰণে
কনিচােৰ সূতাচােৰ চােৰাং বেপাৰী
যদি খাটি অসমীয়া হয়৷
সিহঁতক নিদিবা ঠাই
সেই সকলেহে দেশখন খায়।
কংগ্ৰেছৰ আন্দোলনত খালো বুলি পুৰষ্কাৰ পায়।
মানুহ হ’ল কংগ্রেছী
কাপোৰ পিন্ধি বানাৰসী।
কথা কয় ইংৰাজী বৰ
বৰ পকা ঘৰ সাজে।
২.
মাজুলীত কোনোবাই পেটৰ ভোকত
পেলায় পৰিয়ালক কাটি
শ্বিলং পাহাৰত দেখিবা গোসাঁই ঐ
মিনিষ্টাৰ সকলৰ মাটি।
কেতিয়াবা তেওঁ নিজৰ দাৰিদ্ৰ জীৱনৰ সংবাদো দিছিল —
ঢোলকে বাবৰে তিনিটি আঙুলি
মাজৰ আঙুলি লৰে
কালিৰে পৰা ভাত নাইকিয়া
কাচটি সুলকি পৰে।
মঘাই ওজাই এখন ঢোলৰ গ্রামোফোন ৰেকডো উলিয়াইছিল। ৰেকৰ্ডখনৰ ঢোলেৰে ছেওত তুলিছিল— ‘মেঘে গজা’, বৰষুণ অনা’, আৰু ‘ৰেল গাড়ী চলাৰ শব্দ। তেওঁৰ ঢোলৰ ছেও কেইখনমান কথাছবিতো বাণীবদ্ধ হৈছিল। সেইকেইখন হ’ল— পিয়লি ফুকন, তৃষ্ণা (হিন্দী), মাহুত বন্ধুৰে (বঙালী), ৰঙা পুলিচ আৰু প্রতিধ্বনি। “খৰা শিয়ালৰ বিয়া” আৰু ‘ভাৰত স্বাধীনতা’ আদি ৰেকর্ডৰ নাটতো তেওঁৰ সহযোগ আছিল। মঘাই ওজা অসম গণনাট্য আন্দােলনৰ এটি সমৃদ্ধশালী ঐতিহ্য।

উৎসঃ
১) হেমাঙ্গ বিশ্বাস, অসমৰ বিবেক য’ত গৰজি উঠে— মঘাই ওজাৰ ঢোল, নতুন প্রতিনিধি, বিহু সংখ্যা, ১৯৬৫
২) হেমন্ত কুমাৰ শৰ্মা, ঢোলৰ যাদুকৰ মঘাই ওজা , পয়োভৰা, মধ্য গুৱাহাটী বিহু সন্মিলনীৰ স্মৰণিকা, ১৯৭৮
৩) দিলীপ শৰ্মা, স্মৰণীয় মঘাই ওজা , সদৌ অসম মঘাই ওজা সোঁৱৰণী ঢুলীয়া প্রতিযোগিতাৰ মুখপত্র, বহমথুৰি, ১৯৮৪
৪) অনন্ত লহকৰ, মঘাই ওজা আমি আৰু মধ্য গুৱাহাটী বিহুতলী , ‘পয়োভৰা, স্মৰণিকা, ১৯৭৮
৫) ৰঞ্জন শৰ্মা, পাহৰণিৰ গৰ্ভত মঘাই ওজা , সাদিনীয়া নাগৰিক, ১৩ নবেম্বৰ, ১৯৮০
৬) শ্যামল বিশ্বাস, অসমৰ গণনাট্য সংঘৰ ইতিকথা, তিনিদিনীয়া জনক্রান্তি ২২ এপ্রিল, ১৯৮৪
৭) পৰমানন্দ মজুমদাৰ (সম্পাঃ), গণশিল্পী মঘাই ওজা, সমন্বয় গ্ৰস্থালয়, ১৯৮৮
৮) হেমাঙ্গ বিশ্বাস, আহক আকৌ আমি একতাৰ সেঁতু বান্ধো, সাম্প্রতিক সাময়িকী, শাৰদীয় সংখ্যা, ১৯৮০
(নতুন সাহিত্য চিন্তা, ১৯৮৬ত সংকলিত)

মন্তব্য

  1. Deepjyoti Talukdar

    সুন্দৰ

Leave a Reply

Your email address will not be published. Required fields are marked *