চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ঢোলঃ অসমীয়া লোক-কৃষ্টিৰ এক অবিচ্ছেদ্য অংগ ( ইন্দ্ৰেশ্বৰ দাস )

ঢোলঃ অসমীয়া লোক-কৃষ্টিৰ এক অবিচ্ছেদ্য অংগ ( ইন্দ্ৰেশ্বৰ দাস )

‘ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে

কাৰ ঘৰৰ নাচনী নাচে,

ওচৰ চাপি চাপি নাহিবি নাচনী

হাতত ঢোলৰ মাৰি আছে।

ঢোলত চাপৰ মাৰি ঢুলীয়া ওলালে

বহি বৈ আছিলো তাঁত,

টােপোলাৰ সেন্দূৰ টােপোলাতে থাকিলে

খাবলৈ নহ’লে ভাত।”

ঢোল অসমীয়া লোক-কৃষ্টিৰ এক অবিচ্ছদ্য অংগ। ঢোল নহ’লে ৰঙালী বিহু নহয়। ঢোলৰ মাত শুনিলেহে বিহুৱা-বিহুৱতীৰ গা উঠে। বিহুৱতীৰ ফুলপানী ছিগাত ঢোলৰ মাত শুনি উজুটিত যঁতৰ ভাঙিবৰ মন যায়। ঢোলৰ ছেৱে ছেৱে নাচনীৰ গাত দেওধনি তোলে। বিহুৰ উপৰি অন্যান্য কিছুমান মাংগলিক অনুষ্ঠানতো ঢোল বাদ্য বজোৱা হয়। সেয়েহে ঢোল অসমীয়া লোক-কৃষ্টিৰ কঠীয়াতলীতে লগ লাগিছিল যদিও একৈশ শতিকাতো ঢোল এৰিব পৰা নাই। বৰঞ্চ ঢোলৰ প্রয়ােজনীয়তা বৃদ্ধিহে পাইছে। ঢোলৰ ইতিহাস বিচাৰ কৰিলে দেখা যায় যে ভাৰতবৰ্ষৰ বাদ্যযন্ত্ৰৰ ইতিহাসৰ অথবা বেদৰ যুগৰে পৰা ঢোলৰ প্ৰচলন হৈ আছে। তাহানিৰ কামৰূপত ঢোলৰ ব্যৱহাৰৰ বিষয়ে যোগিনীতন্ত্র, কালিকা পুৰাণ আদিত উল্লেখ আছে। অসমৰ সকলো জনগোষ্ঠীৰ মাজত এই ঢোলৰ প্ৰচলন আছে। অৱশ্যে নামনি আৰু উজনি অসমৰ ঢোল বাদনৰ কিছু পার্থক্য পৰিলক্ষিত হয়। অসমৰ ঢোল বিহুত বজোৱাৰ উপৰি বিয়াতে বজোৱা হয়। আহােম ৰজাৰ দিনত ৰজা আৰু ডাঙৰীয়া তিনিজনা নগৰৰ বাহিৰলৈ ওলালে ঢুলীয়াই দােলাকাষৰীয়াৰ দোলাৰ কাষে কাষে ছেও বজাই গৈছিল। বিহুগীতত উল্লেখ আছে—

স্বৰ্গদেউ ওলালে বাটচ’ৰা মুখলৈ

দুলীয়াই পাতিলে দোলা

কাণত জিলিকিলে নৰা জাংফাই

গাতে গোমচেঙৰ চোলা৷

এসময়ত বিয়াত দৰাৰ শোভাযাত্ৰাৰ লগত ঢোল নহ’লেই নহৈছিল। বিশিষ্ট ব্যক্তি তথা মান্যবৰসকলক আগুৱাই নিওঁতে সাম্প্রতিক কালতো ঢোলবাদ্য বজায়। আহােম ৰজাৰ দিনত ৰজাঘৰীয়া ঢুলীয়াৰ খেল আছিল। ঢুলীয়াপাৰ এতিয়া তাৰ জ্বলন্ত সাক্ষী। একালত বিয়াত ঢুলীয়াই ঢোল নবজালে বিয়া নহৈছিল। ঢুলীয়াক যথোচিত মাননি দিয়াৰ নিয়ম আছিল। চ’তৰ মাহ সোমোৱাৰ পৰা তাহানি ৰাতি বিহু পাতিছিল আৰু ঢোল বজাইছিল। আহাৰ, শাওণ, ভাদ মাহত ঢোল নবজায়; ৰোৱা পোকে খায় বুলি বা শস্য নষ্ট হয় বুলি বিশ্বাস কৰা হয়।

অসমত ঘাইকৈ দুবিধ ঢোল দেখা যায়। উজনিত প্রচলিত ঢোল আৰু আনবিধ বড়ো ঢোল আকাৰত দীঘল। উজনিত প্রচলিত ঢোলবোৰ এহাত এমুঠিমান দীঘল। সোঁহাতে আকাৰত সৰু। বাওঁহাতে কিছু ডাঙৰ। সোঁফালে মাৰিৰে বজায়। বাওঁহাতে হাতেৰে তাল মিলায়। জয়ঢোল আকাৰত সকলো ঢোলতকৈ ডাঙৰ। জয়ঢোল সাধাৰণতে বিয়া হ’লে বজায়। আম, চাম আৰু কঁঠাল গছ খুলি ঢোলৰ খোলাটাে তৈয়াৰ কৰা হয়। খোলাটাে যিমান পাতল হয়, ঢোলৰ মাত সিমান পাতল হয়। গৰু ছালেৰে ঢোল চােৱা হয়।

আমাৰ এই নিবন্ধত ঢোল বাদ্যৰ উৎপত্তি তথা ইতিহাস আৰু লোক-কৃষ্টিৰ বিৱৰ্তনত কেনেকৈ আজিৰ দিনত উপনীত হৈছেহি। তাৰ এটি বিশ্লেষণ দাঙি ধৰাৰ প্ৰয়াস কৰা হৈছে।

ঢোলবাদ্য অসমৰ জাতীয় লোকবাদ্য। এই বাদ্যৰ কথা ক’বলৈ গ’লে ঘাইকৈ উজনি অসমৰ পিনে বিহু ঘৰত আৰু বিহু উৎসৱৰ বিহুতলীত বজোৱা ঢোলৰ কথাকেই মনলৈ আহিব। ইয়াৰ উপৰি লোক-সমাজৰ মাজত মিচিং-দেউৰী, চাহ জনগোষ্ঠী, তিৱা, ৰাভা, গাৰাে, টাই আহােম, কছাৰী, সোণোৱাল, মৰাণ, ডিমাচা, তুৰুং, শ্যাম আদি জনজাতিসকলৰ নিজা বৈশিষ্ট্যসূচক ছেও-চাপৰৰ সুকীয়া সুকীয়া গঢ়ৰ ঢোল আছে। সিবােৰ অসমীয়া লোক-সংস্কৃতি তথা গ্রাম্য সংস্কৃতিৰেই এক পৰিচায়ক। কামৰূপীয়া, গোৱালপৰীয়া ঢুলীয়া, দৰঙীয়া, বৰঢুলীয়া আদি অনেক কৃষ্টি অসমত থাকিলেও অসমৰ ঢোল বুলিলে বিশেষকৈ উজনি অসমৰ দিশত প্রচলিত ঢুলীয়া কৃষ্টিৰ কথাহে বুজা যায়।

অসমৰ এই ঢোল সংস্কৃতিত বিহুৱাকে ধৰি বিয়া ঘৰত গোৱা-বজোৱা বুলনি চাপৰ, চলনা চাপৰ, পানীতোলা চাপৰ, মালিতা, ৰাগ-ঘাট-খৰচনা, চােচনি-জন্মহাত আদি অনুষ্ঠাবােৰৰ সমাহাৰকে চমুকৈ ঢোল সংস্কৃতি বা ঢুলীয়া সংস্কৃতি বােলা হয়। সেইদৰে 

বিহুতলীসমূহত বজোৱা খৰা ছেও, বুঢ়া ছেও, কছাৰী ছেও, চেমনীয়া ছেও, দীঘলীয়া ছেও, মিৰি ছেও, ধেমেলীয়া ছেও আদি বিহু নাচনীৰ যিমানবোৰ ছেও–চাপৰ বর্তি আছে, সেইবোৰ ছেও–চাপৰকে ধৰি বিহু বিষয়ৰ নাম-নাচ, হুঁচৰি পদ, বিহুৱানাম, জোৰানাম, পেঁপা-সুতুলি, তাল আদি সকলোৰে সমাহাৰকে বিহু সংস্কৃতি বােলা হয়।

অসমীয়া লোক-সংস্কৃতি গৱেষক, চিন্তাবিদ ড° লীলা গগৈৰ মতে অসমৰ ঢোলৰ লগত প্রশান্ত মহাসাগৰৰ দ্বীপপুঞ্জৰ একাংশ মানুহৰ এবিধ ঢোলৰ সৈতে সাদৃশ্য আছে। এইবােৰ ঢোল গৰু ছালৰ পৰিৱর্তে উপচাম’ নামৰ এবিধ পশু জাতীয় জীৱৰ ছালেৰে তৈয়াৰ কৰা হয়। তদুপৰি ড০ গগৈৰ মতে অষ্ট্রিক সংস্কৃতিৰ লগত মংগােলীয় সংস্কৃতিৰ সংমিশ্রণ হৈ ঢোলৰ বিশেষত্ব বৃদ্ধি পায় আৰু নাচােনৰ শব্দত পৃথিৱীৰ উৰ্বৰা শক্তি বৃদ্ধি পায়। এইদৰে সময়ৰ সোঁতত সংস্কৃতিৰ সংমিশ্রণত ‘ঢোল” অসমীয়া সংস্কৃতিৰ এক অপৰিহাৰ্য অংগ হৈ পৰে। বিহুগীতবোৰতো বিশেষত্ব আছে। ঢোল-পেপাৰ মাত শুনিলেই গাত বিহু বিহু লাগে।

প্রবাদ মতে ঢোল বাদ্যকে ধৰি বাদ্যবােৰ পূর্বে কৈলাশত আছিল। পাণ্ড পুত্র ধনঞ্জয় (পার্থ)এ। সেই বাদ্য পৃথিৱীলৈ নমাই আনিলে বুলি এক লোক-বিশ্বাস সূত্রে ঢোলত ঢুলীয়া শিল্পীসকলে গায় এইদৰে— কৈলাশৰ মহাদেৱ ঢোলৰ জনম আদি সত্য যুগে বাদ্য ভৈল উৎপন্ন। শিৱক খুজি পার্থে ঢোল আনিলে নমাই। অনাদি ঢুলীয়া বাদ্য বাজনা বজায়। পৃথিৱীত ৰুক্মিণীৰ বিবাহে বজায়। পাণ্ড পুত্র পার্থে আনিলে নমাই।”

ঢোল প্রথমতে সত্য যুগত হৰ-গৌৰী বিবাহত অনাদি ঢুলীয়া, ক্রেতা যুগে শ্ৰীৰামচন্দ্ৰৰ বিবাহত বিনন্দী ঢুলীয়াই, দ্বাপৰত ৰুক্মিণী বিবাহে নন্দী ঢুলীয়াই, কলি যুগত আহােম ৰাজচ’ৰাত সোধন ঢুলীয়াই বজাইছিল বুলি খ্যাতি আছে। আহােম যুগত সোধনে পাটকাই পাৰ হৈ সর্বপ্রথম অহা চুকাফাক ঢোল, খোল, মৃদং আদি বাদ্যৰে স্বৰ্গদেউক আদৰণি জনায়। সেইদিনা আছিল। ১৬ আঘোণ। চুকাফাই ঢোলক ৰাজমর্যাদা দিলে। এইদৰে টাই আহােম স্বৰ্গদেউসকলৰ ৰাজচ’ৰাত, প্রজামণ্ডপত বিভিন্ন উৎসৱমহােৎসৱ, বিবাহ-উৎসৱ আদিত ঢোলবাদ্য প্রচলন হৈছিল। তেতিয়াৰ পৰাই ঢোলবাদ্যত ওজাহাত কৰা প্রথা সেই সোধনাঢুলীয়াৰ পৰা অসমত ক্ৰমশঃ পৰম্পৰা অনুযায়ী ন-ন প্রণালীৰ বাদ্য তথা ন-ন দৃষ্টিভংগীৰ ছেও-চাপৰ আদি এতিয়ালৈকে প্রচলন হৈ আছে।

ঢোলেটি বাবলৈ তিনিটি আঙুলি

মােজৰে আঙুলি লৰে।

পুৰুষৰ আঙুলি যতেকে লৰিব

ততেকে জেউতি চৰে।

বিহুগীতত পুনৰ ঢোলৰ বিষয়ে কোৱা হৈছে যে—

আজি বিহু বিহু কালি বিহু বিহু

নাহৰ ফুল ফুলিবৰ বতৰ,

ফুলপানী ছিগাতে ঢোলৰ মাত শুনিলো

উজুটিত ভাঙি যাওঁ যতৰ।

ঢোলে বাই ঢুলীয়া খোলে বাই খুলীয়া

কাৰ ঘৰৰ নাচনী নাচে,

ওচৰ চাপি চাপি নাহিবা নাচনী

তোমাৰ গাত মোহিনী আছে।

ঢুলীয়া সংস্কৃতিৰ আন এটা লেখৰ আৰু ঘাই অংগ হৈছে বান্ধনি- বেনমিবােৰ। ঢুলীয়া সংস্কৃতি জগতত ঢোলৰ ২৪ খন লেখৰ হাত পৰম্পৰাভাৱে চলি আহিছে। তাকে ছঅৰা” বাদ্য বুলিও কয়। সেই ছঅঁৰাখন হাত, লেখ ওজাভেদে, অঞ্চলভেদে গুৰুভেদে ভিন্ন ভিন্ন। ‘গুৰু লগা বিদ্যা পাখী লগা কাঁড়া|” ঢোল যেতিয়া লোক-সংস্কৃতি, ই তেনে হ’বই। যিহেতু ই মুখ প্রচলিত মৌখিকসংগীত, সেয়ে একেৰাগীই হ’বই নােৱাৰে। হ’লেও বা জোৰ দি কৰিলেও ইয়াৰ যিটাে পৰম্পৰাগত লোকর্মীয় সাংস্কৃতিক মধুৰতা আছে, সেয়া বিনষ্টহে হ’ব। ঢোলৰ চৌবিশখন হাত এনে ধৰণৰ—(১) মাননী (২) ঘিন খিতা (৩) তেলটুিপি (৪) তেলেঙনা (৫) টংলতিকুটা (৬) ধোবাইলতা, (৭) মাহডলা (৮) ডাউক (৯) দুৱৈ (১০) কুঢ়াপখী (১১) পাভচােচা (১২) কপাহষ্ণুনা (১৩) ঔৱাগৰা (১৪) ঘেহুটনা (১৫) উদেখাতী (১৬) বাগীদিয়া (১৭) ফেচু (১৮) নগা পেটুলোকা (১৯) থুনুকী বঁটা (২০) ৰূপহী বঁটা (২১) পিঠাখুন্দা (২২) নেগেৰা (২৩) টােকাৰী (২৪) ঢুলীয়া বতা। আকৌ এই হাতসমূহৰ উপহাতবােৰ হ’ল যেনে— ঘিন খিতাৰ উপহাত হ’ল লিখিৰ খিতা, তিখিৰ খিতা। তেলচুপিৰ উপহাত চৰাই তেলচুপি, মিঠা তেলটুিপি (সৰিয়হৰ জন্ম গোৱা) আৰু মেীমুৰী, ধােবাই লতাৰ বাঘে পানী খোৱা। ফেচুলুকা হাতৰ উপহাত নগা কেচুলোকা। ঢুলীয়া বতাৰ উপহাতসমূহ হ’ল—লুহুৰি বতা, ৰূপহী বতা, ঘনজৰি বতা, থুনুকী বতা, থেও থুনুকি বতা, দুৰৈ বতা, নবতা। পিঠা খুন্দাত লক্ষ্মীদেৱীৰ জন্ম গোৱা হয়। এনেদৰে ছঅঁৰাখন হাতৰ ভিতৰত কোনো কোনো ঢুলীয়াৰ মেঘেগজা, পিতল খুন্দা, গুৰুগোলোকা, বাদুলী ওলোমা, ঘেহুটনা, ধুন্দুলি কটা, বুলনিৰ ভিতৰত মৎস্য বুলনি, চৰাই বুলনি, ৱাজ বুলনি আদি হাত লেখত ধৰে। ঢোল সংস্কৃতিৰ চৌব্বিশখন হাত পৰিৱেশনৰ সময়ত গোৱা গীত-মাত মালিতাবােৰকে ধৰি বিষয়সমূহৰ ভিত্তি হ’ল অসমৰ বৈষ্ণৱ বা শাক্তমাৰ্গীয় ধর্ম শাস্ত্ৰবােৰ আৰু মুখ বাগৰা ভক্তিসুৰীয়া গীতবােৰ। অৱশ্যে এই সংস্কৃতিৰ মূল ভেটি ভক্তিবাদ হ’লেও ইয়াত মহাপুৰুষীয়া একশৰণ ভক্তিবাদৰ প্রধান্য আছে বুলি ক’ব পৰা নাযায়। এইবােৰেই যে ঢুলীয়া শিল্পীসকলে পূৰ্বৰে পৰা প্রচলিতভাৱে ঢোলত পৰিৱেশন কৰা গীতমালিতাসমূহত বিভিন্ন দেৱ-দেৱীৰ নাম উচ্চাৰণ কৰা দেখা যায়। বিহু শাস্ত্ৰত তেত্ৰিশ কোটি দেৱতাৰ প্ৰতি প্ৰণাম জনাই গোৱা মালিতা বা হাতবােৰত দেৱ-দেৱীৰ প্রাধান্যৰ পৰা মন কৰিব পাৰি যে ঢোল সংস্কৃতি কেৱল যে শৰণ ভক্তিবাদ অনুষ্ঠানেই নহয, ই বহুধাবিভক্ত ভক্তিবাদৰ ৰহস্য সুৰীয়া এক কলাত্মক আধ্যাত্মবাদী সংস্কৃতিহে য’ত শাক্ত, শৈৱ, বৈষ্ণৱ আদি ভক্তিবাদ আৰু আধ্যাত্মবাদে স্থান লাভ কৰিছে। সিবােৰত এক কলাত্মক সাংগীতিক সাংস্কৃতিক ৰূপ প্রকট হৈছে। ঢোল-দুলীয়া সংস্কৃতি সৰ্বৰহস্য আৰু আধ্যাত্মবাদী এক সংগীতিক তথা সাংস্কৃতিক লোক কৃষ্টি।

ঢোলবাদ্যৰ প্ৰচলিত চৌব্বিশখন হাতৰ ভিতৰত আমাৰ ঢুলীয়া সমাজে দেহতত্ত্বৰাে অৱতাৰণা কৰি এক আধ্যাত্মিক পৰিৱেশ ৰচনা কৰিছে। দেহৰ মহিমা, দেহৰ জন্ম আদি পর্যায়ৰ হাতবােৰ ঢোল-সংস্কৃতিত বিদ্যমান। আকৌ, তামোল-পাণৰ জন্ম হাতখন লেখৰ হাত। তামোল-পাণ অসমীয়া জনজীৱনৰ লোকগ্রাম্য সমাজখনৰ এক অপৰিহার্য সামগ্ৰী। এই হাতখনৰ লগতে শৰাইখনৰো জন্ম কাহিনী ঢোলত পৰিৱেশন কৰা হয়। তামোল-পাণেৰে মান ধৰা, দায়-দোষ, মৰিষণ কৰা ৰীতি অসমীয়া গ্রাম্য জীৱনৰ ধাৰাত নিতৌ প্রচলিত।

‘Tradition is the helper, tradition is the bar’ says H.G. Wells. অৰ্থাৎ এক চহকী পৰম্পৰা অবিহনে এটা জাতি কেতিয়াও জীয়াই থাকিব নােৱাৰে। তেনেকৈ অসমীয়া জাতীয় কৃষ্টি-সংস্কৃতিত ঢোলবাদ্যই বিশেষ ভূমিকা পালন কৰি আহিছে। অসমীয়া কৃষ্টিক চহকী কৃষ্টিলৈ পৰিণত কৰিছে। বর্তমান অসমৰ মৰাণ, মিচিং, আহােম, চুতীয়া, কোঁচ, কলিতা, জনজাতীয়অজনজাতীয় সকলো লোকৰ মাজত ঢোলৰ ব্যৱহাৰৰ প্রাচুর্য অধিক দেখা যায়। ঢোল অসমৰ লোক-কৃষ্টিৰ যে এক অবিচ্ছদ্য অংগ, সেয়া সর্বত্ৰ পৰিস্ফুট।

এটা মন্তব্য

  1. বৰুণ জ্যোতি গগৈ

    নতুন প্ৰজন্মক নিজৰ কৃষ্টিৰ সমন্ধে জ্ঞান দিয়াত এই লেখাই প্ৰভূত অৰিহণা যোগাব

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে