চ’ৰাঘৰ / কথাশিল্প / অন্ধলা ( নিপজ্যোতি ডেকা )

অন্ধলা ( নিপজ্যোতি ডেকা )

… গছ ভাল পোৱা প্ৰতিজনৰ হাতত …
হঠাৎ গুচি আহিল বৰুৱা৷ যি মন যায় তাকে কৰি পেলোৱা বৰুৱাৰ পুৰণি স্বভাৱ৷ আজি কালি ঘূৰা-ফুৰাও বেছি হৈছে ৷ চাকৰিৰ পৰাহে অৱসৰ পালে, কামৰ পৰাতো নহয়৷ খংটোও বহুত বাঢ়ি গৈছে আজিকালি তেওঁৰ৷ হঠাতে খং কৰে, পিছত লাজো পায়৷ হ’লেও হওক, বৰ বেছি চিন্তা কৰি নাথাকে তেওঁ৷ আধা পাগল বুঢ়া বুলিলে তেওঁৰ নাম চুবুৰীটোৰ মেকুৰীবোৰেও জানে৷ অৱসৰ পোৱা বাবে মাজে মাজে ভাল যেনেকৈ লাগে তেনেকৈ মাজে মাজে বেয়াও লাগে৷ কেতিয়াবা হেনো ভুল হৈ যায় চচমা-তচমা পিন্ধি অফিচলৈ ওলায়, পিছত আকৌ ভুল ভাঙে৷ তেতিয়াই অকলশৰীয়া যেনো লাগে৷ কথাবোৰ পিছে কাকো নকয় মনে মনে থাকে৷
চ’কটো বহুত সৰু৷ ক’তো ৰিক্সা এখনো নাই৷ অৱশ্যে চ’কটোত ৰিক্সানো আছে কিমান? কিমান দিনৰ পিছত নামিছে বাৰু বৰুৱাই আজি এই চ’কটোত? ব-হু-ত বছৰ৷ নাই, মনতেই নপৰে তেওঁৰ৷ চাৰি-পাঁচ বছৰ হ’লে বেলেগ কথা৷ মস্ত দুপৰীয়া৷ ইমান ৰ’দ৷ সূৰুযটো যেন নামি আহিছে কেইবাশ কিলোমিটাৰ তললৈ৷ তথাপি ৰৈ থাকিবলৈ মন নগ’ল বৰুৱাৰ৷ প্ৰভাত বৰুৱাৰ খোজ কঢ়াতো ভাল নাম৷
দুপৰীয়া প্ৰায়বোৰ দোকানেই বন্ধ হৈ আছে৷ দোকানীবোৰ গাঁৱৰে৷ দুপৰীয়া ভাত খাব যায়৷ দোকানৰ নামত আগৰ সেই ছয়খন দোকানৰ ঠাইত এতিয়া কেইবাখনো বাঢ়িছে৷ আগৰ মহেশ দোকানীৰ চাইকেল ভাল কৰা দোকান, ৰাতিয়া দোকানীৰ মিঠাইৰ দোকান, যোগেশ দোকানীৰ গেলা মালৰ দোকান, ভোলেনৰ পাণ-তামোলৰ দোকান এইবোৰেই৷ আজি দেখা পালে নতুন নতুন কিছুমান দোকান যেনে- টি.ভি. ৰেডিঅ’ ভাল কৰা দোকান, মিঠাই আৰু ঠাণ্ডা বেচা দোকান, উপহাৰ সামগ্ৰীৰ লগতে ৰিচাৰ্জ ভাউচাৰ বেচা দোকান ইত্যাদি৷
গাঁৱলীয়া ৰাষ্টাটোৰ আজি ইমান বছৰ পাছতো বিশেষ কিবা উন্নতি হোৱা বুলি ক’ব নোৱাৰি৷ এইটো ৰাষ্টাত গধুলি চৰণীয়া পথাৰৰ পৰা গৰুবোৰ আহিলে ধূলিবোৰে ৰাষ্টাটোৰ ওপৰে ওপৰে নৃত্য কৰিব ধৰে৷ গধূলি গধূলি ভাবটো সজীৱ হৈ উঠে৷ আজিও গধূলি বুলি ক’লে বৰুৱাৰ তেনে এটা দৃশ্যই মনলৈ আহে৷ সৰু কালত দেখা সেই দৃশ্যটো মনলৈ আহিল৷ এন্ধাৰবোৰ নামি আহে৷ গৰুবোৰ ঘৰলৈ অহাৰ আনন্দত প্ৰায় দৌৰাৰ দৰে আহি থাকে৷ গৰখীয়াৰ বনগীতৰ তালে তালে গৰুৰ খোজৰ শব্দৰ লহৰ৷ তাৰে লগে লগে জোনাকী পৰুৱাৰ আগমন৷ লিখিলে কিজানি ধুনীয়া হ’ব৷ লিখিব পাৰি নেকি ভাবি চালে বৰুৱাই৷ সেইজন বৰুৱাইতো হাইস্কুলীয়া জীৱনত হাতে লিখা আলোচনীৰ সম্পাদক আছিল৷ সেই আলোচনীেত দেবীকাই বেটুপাতটো আঁকি দিছিল৷ সুযোগ পাই বহুতো স্মৃতি আহিব ধৰিলে তেওঁৰ মনলৈ৷
কিবা এটা সুগন্ধি নাকত লাগিছেহি বৰুৱাৰ৷ তেওঁৰ আগে আগে এজাক সৰু সৰু ল’ৰা-ছোৱালী৷ এইবাৰহে গম পালে যে সেয়া সিহঁতৰ চুলিৰ পৰা অহা তেলৰ সুগন্ধি৷ অকণমানি ল’ৰা-ছোৱালী৷ স্কুল চুটিৰ পাছত ঘূৰি আহি আছে নিজৰ ঘৰলৈ৷ সিহঁতৰ পিছে পিছে গৈ থাকিল বৰুৱাই৷ সিহঁতৰ অকণমানি অকণমানি গুলপীয়া হাত কেইখন…৷ বৰুৱাৰ মৰম লাগি যায়৷ বৰুৱাহঁতে কিবা এটা গীত গাইছিল স্কুলৰ পৰা আহি থাকোতে৷ “আজি স্কুল চুটী, গোলাপ ফুলৰ গুটি,….” বাকী কিবা আছিল নেকি মনতে চিন্তা কৰিলে বৰুৱাই৷ মনত নপৰিল বৰুৱাৰ৷ ঠিক এইটো বাটেদি খোজ কাঢ়ি আহি আছিল প্ৰভাত বৰুৱা, নন্দ, সুৰেন, কিৰণ, দেবীকা, মোহন, বিজুলী, অনন্ত.. আৰু বহুত ল’ৰা ছোৱালী৷ ঠিক বৰুৱাৰ আগে আগে গৈ থকা অকণমানি অকণমানি ল’ৰা-ছোৱালীৰ কেইটাৰ নিচিনাকৈ৷ সৰুৰ পৰা ডাঙৰ হৈ কৈশোৰ পাৰ হৈছিল বৰুৱাৰ এইখন গাঁৱতে৷ তাহানিতে ৰাজহাঁহৰ ভয়ত ঘৰৰ ভিতৰত সোমোৱা নন্দই এদিন বিজুলীক পলুৱাই দিছিল গোটেই গাওঁখনকে ওফোৰাই৷ গোটেই গাওঁখন চিনাকী অথচ তেওঁক এতিয়ালৈ চিনি পোৱা নাই কোনেও৷ বহুত মনত পৰিল দেবীকালৈ৷ ইয়াতে এটা সৰু অফিচত দেউতাকে চাকৰি কৰিছিল৷ আৰু এদিন বদলি হৈ আন ঠাইলৈ গুচি গৈছিল৷ মৰম লগাই লগাই দেবীকাইও একেলগে গুচি গৈছিল৷ সকলো ঘটনা ঘটিছিল আজিৰ পৰা বহুত বছৰ আগতেই৷ তাৰ পাছত দেবীকা মানেই স্মৃতি৷ কিমান বিচাৰিলে বৰুৱাই দেবীকাক, কিন্তু কোনো দেবীকা নামৰ ছোৱালী বৰুৱাই আৰু লগ নাপালে৷
বৰুৱাই কিতাপ পঢ়ি পোৱা জ্ঞানেৰে বহু ফালেই পৈণত হৈ পৰিব বুলি ভাবিছিল৷ ভৰ্তি জ্ঞান ভাণ্ডাৰ লগত থাকিলে জীৱনৰ বাটত খোজ কাঢ়িলে থেকেচা কমকৈ খাব বুলিয়েই ভাবিছিল এই প্ৰভাত বৰুৱাই৷ পিছে গোটেই জীৱন থেকেচা খাই খায়েই আগবাঢ়ি থাকিল৷ তথাপি ভালখিনি লৈ বেয়াখিনি আঁতৰাব বৰুৱাই জানে৷ মাছৰ দেহত থকা কাঁইটে মাছটোক নিবিন্ধাৰ দৰে তেওঁৰ দুখ থাকিলেও সেইবোৰে বৰুৱাৰ বিশেষ অপকাৰ কৰিব পৰা নাই৷ এই বয়সত পত্নীৰ বাহিৰে তেওঁৰ মস্ত ঘৰটোত কোনো নাথাকে৷ দেৰী হ’লে পত্নীয়ে মাথো ফোন কৰি খবৰ লয়৷ বৰুৱায়ো ফোন কৰে মাথো পত্নীক৷ কিবা এটা যেন বিচাৰি ফুৰে বৰুৱাই৷ কিবা এটা বিচাৰিয়েই হঠাৎ মহানগৰ এৰি গুছি আহিছে নিজে জন্মলাভ কৰা গাঁওখনকৈও আপোন এই সোণতৰা গাওঁখনলৈ৷ তেওঁ অনুভৱ কৰিছে যে মানুহে কোনোবাখিনিত যেন কিবা এটা লৈ ফুৰে, বেচিভাগ স্ফুৰ্তি, আনন্দ বা হতাশা যেন সেই কিবাটোৱে দিয়ে৷ কিহৰ পৰা জানো আহে সেই কিবাটো· নাই হ’বই নোৱাৰে বেচিভাগ মানুহে কিবা এটা বিচাৰিহে ফুৰে৷ কিবা এটা বিচাৰিয়েই বৰুৱাইও আজি ইয়ালৈ আহিছে৷ সকলোৱে কিজানি লৈ নুফুৰে নাইবা একো বিচাৰি নুফুৰে৷ কিছুমান ডাঙৰ মানুহ, কিছুমান ডাঙৰ মনৰ মানুহ, সেইবোৰে অন্য এখন জগতত থাকে৷ সেইখনত থাকি এইখন জগতৰ পৰা বিশেষ আশা নকৰে৷ কোন কোন থাকে বাৰু সেইখন জগতত· বৰুৱাৰ মনত নানান ভাৱে অহা-যোৱা কৰি থাকিল৷
ৰাষ্টাটো মোট সলাই পৰি থকা এডাল সাপৰ দৰে৷ লৰচৰ নাই৷ বৰুৱাই খোজ কাঢ়ি গৈ আছে৷ বৰুৱাৰ মনটোৱেও যেন বুকুৰ ভিতৰৰ লুংলুঙীয়া ৰাষ্টাৰে গৈ আছে৷
সোণতৰা আৰু ৰঙাপাৰা দুখন গাওঁৰ একেটাই ৰাষ্টা৷ আগতে ইখনৰ পৰা সিখন গাঁৱলৈ বহুতখিনি খালী ঠাই আছিল৷ সোণতৰা বহুত সৰু গাওঁ৷ গাঁৱৰ মূৰত আছিল এটা নামঘৰ৷ নামঘৰৰ নামত পুৰণি মামৰে ধৰা টিনপাট কেইখনমান ধৰি ৰখা পুৰণি কাঠৰ খুটা ছয়টা আৰু প্ৰায় তিনি ফুট ওখ বাঁহৰ বেৰৰ এটা ঘেৰ৷ সন্মুখৰ খুটাত মস্ত ডাঙৰ মহাদেৱৰ ফটো এখন ওলোমাই থোৱা আছিল৷ গাঁৱৰ শান্ত বগা ষাঁড়গৰুটো নামঘৰটোত প্ৰায়েই শুই থকা দেখিছিল বৰুৱাহঁতে৷ বৰুৱাহঁতে নামঘৰটো মহাদেৱৰ গৃহস্থলী বুলি কল্পনা কৰি লৈছিল৷ নামঘৰৰ কাষতে ৰাজহুৱা পুখুৰী৷ তাৰ পিছত এখন মস্ত পথাৰ৷ খোজ কাঢ়ি গ’লে ভাগৰত দেহা মৰে৷ আগৰবাৰ আহোতে দেখিছিল যে পথাৰখনৰ চিন নোহোৱা হৈ আহিছে৷ মানুহৰ ঘৰ হৈছে৷ দুই গাওঁ মিলি এক হৈছে৷ সোণতৰা গাঁও পাৰ হ’লে মুকলি ৰাষ্টাৰ কাষত এডাল প্ৰকাণ্ড শিমলু দেখা পায়৷ গছডালৰ শিপাকেইডালৰ বহু অংশ বাহিৰত ওলাই আছিল৷ শিপাবোৰত বহিবলৈ যথেষ্ট ঠাই আছিল ছয়ডাল প্ৰকাণ্ড শিপা গছডালৰ চাৰিওফালৰ পৰা ওলাই ধৰিত্ৰীৰ বহুত সোমাই নেদেখা হৈ গৈছে৷ সেইসময়ৰ বৰুৱাহঁতৰ গোটেই সমনীয়া জাকটোৰ সেইডাল আছিল জিৰনিস্থল, আশ্ৰয়স্থল৷ স্কুলৰ পৰা আহি নাইবা খেলৰ শেষত আহি আহি ভাগৰুৱা হোৱা ল’ৰা ছোৱালী কেইটাই যেন অকণি সকাহ পাইছিল সেইডালৰ আশ্ৰয়ত৷ কতবোৰ কথাৰ যে সাক্ষী সেইডাল! বহুত কথাই মনত পৰি গ’ল তেওঁৰ৷ তাৰে তলত বহি আম খোৱা, খেলা খেলা, পৰি থকা শিমলুৰ ৰঙা ৰঙা পিয়লাবোৰ গন্তি কৰা, আৰু …. আৰু দেবীকাৰ সতে তাৰে তলত বহি কথা পতা৷ তাতে বহি বহি দুয়ো যেন ৰামধনুতহে ৰং দিব খুজিছিল…৷
বহুত দিনৰ আগতে ইয়ালৈ এবাৰ আহিছিল তেওঁ৷ ওচৰৰে হাইস্কুলখনৰ ৰূপালী জয়ন্তী উৎসৱত৷ তেওঁকো প্ৰাক্তন কৃতী ছাত্ৰ হিচাপে সম্বৰ্ধনা জনাইছিল৷ তেতিয়া তেওঁৰ হাতত সময় নাছিল৷ তেওঁ গছডাল দেখা পাইছিল মাথোঁ কেইটামান মূহূৰ্তৰ বাবে৷ আজি কিন্তু হাতত বহুত সময়৷ সেইডাল শিমলুুৰ তলত বহি বহি কথাবোৰ মনত পেলাই ডুব যাব খুজিছে বহু বছৰৰ মূৰত চিনাকী এই সোণতৰা গাঁৱখনত আজিৰ বাষষ্ঠি বছৰীয়া প্ৰতাপ বৰুৱা নামৰ লোকজন..৷
কোনোবা এজনে দেখোন তেওঁৰ ফালে আগুৱাই আহি আছে৷ তেওঁৰ সন্মুখত এজন বৃদ্ধ৷ চচমাৰ ভিতৰৰ পৰা চকু দুটা ডাঙৰ ডাঙৰকৈ মেলি বৰুৱাক চাইছে৷ সোণতৰা গাঁৱৰ চিনাকী লক্ষেশ্বৰ পোষ্ট মাষ্টৰক চিনি পাবলৈ বৰুৱাৰ বেছি পৰ নেলাগিল৷ বৰুৱাইও লক্ষেশ্বৰৰ আপদমস্তক লক্ষ্য কৰিলে৷ পাতল পাতল পকা চুলি, পুৰণি ফ্ৰেমৰ চচমা, মূগা ৰঙৰ পাঞ্জাবী আৰু মলিয়ন ধূতিৰে সন্মুখত লক্ষেশ্বৰ নামৰ ধীৰ-স্থিৰ পোষ্ট মাষ্টৰজন৷ ৰূপালী জয়ন্তীৰ সময়ত আহোঁতে লক্ষেশ্বৰক লগ পাইছিল বৰুৱাই৷ বহুত সময় কথা পাতিছিল দুয়োজনে৷ বয়সত বৰুৱাতকৈ ছয় বছৰমানে ডাঙৰ আছিল তেখেত৷ সেইবাৰ বহুত বছৰৰ মূৰত দেখা-দেখি হৈছিল দুয়োৰে৷ লক্ষেশ্বৰৰ লগত বৰুৱাই ডাঙৰ বোপালৈ এটা জুণুকা কিনিছিল৷ সময়বোৰৰ হিচাপ উলিয়াইছিল৷ উলিয়াইছিল পোৱা-নোপোৱাৰ হিচাপ৷ ল’ৰা-ছোৱালীবোৰৰ কথা ওলাইছিল৷ লক্ষেশ্বৰৰ দুটা ল’ৰা৷
আজিও বহু কথা ওলাল দুয়োৰে৷ কথাৰ যেন শেষ নহ’ব৷ কিমান বিষয়ৰ যে কথা! বৰুৱাৰ দৰে লক্ষেশ্বৰেও যেন কিবা বিচাৰি ফুৰিছে তেনে লাগিল বৰুৱাৰ৷ কথাবোৰ অলপ বেছিকৈয়ে ক’ব ধৰিছে লক্ষেশ্বৰে৷ বৰুৱাই মন কৰিলে যে অৱসৰৰ পিচত লক্ষেশ্বৰে নিজৰ ল’ৰাহঁতৰ পৰা পাবলগাবোৰ পোৱা নাই, কিন্তু নাপাবলগীয়াবোৰ অলপ বেচিকৈহে কিজানি পালে৷ এটাসময়ত লক্ষেশ্বৰ আবেগিক হৈ পৰিছিল আৰু প্ৰায় কান্দোন মিলহি সুৰত কৈছিল- “প্ৰভাত, মোৰ গাঁৱৰ নামঘৰটোত গৈ ভগবানক ক’বৰ মন যায় যে ইহঁত দুটাক আকৌ সৰু কালৰ সেই সৰু সৰু ল’ৰা দুটা কৰি দিয়া, মই দুই হাতে ধৰি ধৰি ফুৰাব লৈ যাম৷ বজাৰৰ পৰা ভাল ভাল বস্তু আনি খুৱাম৷ সিহঁতে মোক এৰি নিদিয়াকৈ মোৰ দুই হাতৰ তৰ্জনী আঙুলীত টানকৈ ধৰি থাকিব… সিহঁতক পিঠিত তুলি মই হাতী হ’ম, ঘোঁৰা হ’ম৷ সিহঁত ডাঙৰ হ’ব নালাগে, আকৌ শিশু কৰি দিয়া৷”
এনে এটা পৰিস্থিতি বিচাৰি অহা নাছিল বৰুৱাই৷ লক্ষেশ্বৰক লগ পোৱাৰ পিচত মনটোৱেই বেয়া হৈ গ’ল বৰুৱাৰ৷ ভাবিলে ভালকৈ জিৰণি ল’ব লাগিব শিমলুডাল পালে…৷
এতিয়াই শিমলুডালৰ উত্তৰ দিশৰ শিপা এডালত বহি গছডালত শৰীৰটো আউজি লৈ সমস্ত অৱসাদ যেন দূৰ কৰি দিব বৰুৱাই৷
— হেৰা ভাইটি ডাঙৰ শিমলু ডাল পাবলৈ কিমান দূৰ আছে?
— ককা, ইয়াততো ক’তো শিমলু গছ নাই !
— বাৰু, হ’ব দিয়া৷
কোন বাপেকৰ বেটা বাৰু সি শিমলু গছ চিনি নেপায় এনেকুৱা এটা মনোভাৱ লৈ আগবাঢ়ি গ’ল বৰুৱাই৷
নামঘৰটোৰ সন্মুখ পালে তেওঁ৷ টিনপাটবোৰ নতুন, খুটাবোৰ পকী৷ বেৰবোৰো আধালৈকে ইটাৰে গাঁঠিছে৷ ভাল লাগিল বৰুৱাৰ৷ এসময়ত বিজুলী বাতি নোহোৱা গাঁওখনত এতিয়া বিজুলী বাতি জ্বলে৷ গাঁওখনৰ চাৰিওফালেই বহুত সলনি হৈছে৷ সকলো সলনি হয় সময়ৰ লগে লগে৷ সময়ো কিজানি একেই থাকে, সলনি হৈ থাকে মানুহৰ মন৷
এতিয়া তেওঁক শিমলুডালহে লাগে৷ সেই গছডালৰ তলত এবাৰ বহিব তেওঁ৷ বহুত দিন সেইডালৰ তলত বহা নাই তেওঁ৷ ডাল কেইটাই যেন সহস্ৰ হাত প্ৰসাৰী তেওঁত আলিঙ্গন কৰিব৷ বহু দিনৰ মূৰত ঘৰলৈ অহা ল’ৰাক যেন মাকে সাৱটি ধৰিব আজি! গছডালৰ শিপাবোৰ স্পষ্ট৷ সৰুতে দেখা আইতাকৰ হাতৰ শিৰাবোৰ মনত পৰে বৰুৱাৰ৷ ছালবোৰ ওলমি পৰিছিল, শিৰাবোৰ ওখ হৈ আহিছিল৷ এবাৰ টান নৰিয়া হওঁতে চেলাইন দিছিল আইতাকক৷ ৰঙীন ৰঙীন ঔষধখিনি সেই স্পষ্ট শিৰাবোৰৰ মাজেৰে পাৰ হৈ গৈছিল৷ শিপা আৰু শিৰা দুটা একে একে লগা শব্দ৷ ছয়ডাল ডাঙৰ ডাঙৰ শিপা৷ তাতে বহি বহি খেলৰ ভাগৰ পলুৱাইছিল বৰুৱাই৷ ব’হাগত সেই শিমলুডাল যেন কুলি চৰাইৰ বাবে ডাঙৰ মঞ্চ৷
দূৰৈৰ পৰা বৰুৱাই দেখিছে তৰাজান নদীৰ মথাউৰি৷ মথাউৰিৰ কাষৰ শাৰী শাৰী সেই জামুকেইজোপা দেখা পাই বহুত দিনৰ মূৰত কোনোবা বন্ধুৰ আড্ডা পাৰ্টি এটাহে যেন দেখা পালে বৰুৱাই৷ মথাউৰিটো বহুত ওখ৷ কাষৰ জামুকেইজোপাও বহুত ওখ৷ তাকেই আজি বৰুৱাৰ চচমাৰ দুখনি সৰু সৰু গ্লাচৰ মাজেৰে ধৰা দিছে৷ সৰুতে দৌৰি দৌৰি গৈ বগাই গৈছিল জামুগছত৷ আজি চোন সেইবোৰৰ কাষলৈ যাবলৈ দেহাই নাটানে৷ ই-মা-ন দূৰত….৷ ইমান দূৰ আহিল শিলমুডাল এতিয়াও পোৱা নাইনে? কল্যাণ বোপাক দূৰৰে পৰা দেখা পালে বৰুৱাই৷ যোৱা বেলি মহানগৰীত লগ পাইছিল কল্যাণক৷ বৰ ৰঙীয়াল ডেকা কল্যাণ৷ সপ্ৰতীভ ডেকাজনক দেখিলেই ভাল লাগে বৰুৱাৰ৷ ডেকা ল’ৰা তেনেকুৱাই হ’ব লাগে৷ অনবৰতে চোন এটা আনন্দ-উৎসাহৰ ভাৱ লাগি থাকে তাৰ৷ বৰ আগ্ৰহেৰে কথা পাতিছিল বৰুৱাৰ লগত৷ ভালুকমাৰা পথাৰত বোলে যোৱাবাৰ ডাঙৰকৈ ভোজ-ভাত খালে৷ প্ৰকাণ্ড মেজি জ্বলাই আনন্দ কৰিছিল গঞা ৰাইজে৷ তেনেকুৱা মেজি হেনো কল্যাণৰ দেউতাকহঁতৰো দেখা মনত নপৰে৷ ইংৰাজী নতুন বছৰ পৰাৰ আগে আগেও হেনো পাৰ্টি খাইছিল৷ গাঁৱৰ বিশেষকৈ ডেকা-গাভৰুই লগ হৈ আয়োজন কৰিছিল৷ এইসকলোবোৰ কল্যাণৰ বাবেই হৈ উঠিছিল৷
— অ’ বৰুৱা খুড়াচোন, কেতিয়া আহিলেনো?
— এই আহি পাইছো কল্যাণ৷
— পিছে, আনন্দ জেঠাহঁতৰতো কোনো এতিয়া ইয়াত নাথাকে৷
— অ’ সেইটো হয়৷ তথাপি ইয়াতো মোৰ চিনাকীৰ অভাৱ নাই৷
— আমাৰ ঘৰত সোমাব কিন্তু৷ মোৰ ঘৰ আহি পাওঁতে ৰাতি হ’ব অৱশ্যে৷ তথাপি যিমান পাৰো সোনকালে উভতিম৷
সোণতৰা গাঁও বৰুৱাৰ পেহীয়েকৰ গাঁও৷ তেওঁ সৰুতে পঢ়া গাওঁ৷ মাক-দেউতাক ঢুকোৱাৰ পাছত পেহীয়েকে আনি লগত ৰাখিছিল বৰুৱাক৷ পেহীয়েকৰ কথা কোনদিনা মনত নপৰে বৰুৱাৰ· ককায়েকৰ ঘৰৰ পৰা কোলাত লৈ আনিছিল পেহীয়েকে৷ আই ঐ দেহী, ইমান মৰমীয়াল আৰু কোনোবা আছেনে· ওপৰলৈ মূৰ তুলি চালে৷ নীলা আকাশ৷ সবৰে চিনাকী, সকলোৱে দেখা নীলা আকাশ৷ তাৰ মাজতো যেন বিচাৰি চালে পেহীয়েকৰ অস্থিত্ব৷ পেহীয়েক আজি এই পৃথিৱীত নাই৷ পেহীয়েকহঁতৰ সোণতৰা গাঁৱৰ এই ঘৰখনতো এতিয়া কোনেও নাথাকে৷ পেহীয়েকৰ একমাত্ৰ ল’ৰা আনন্দ এতিয়া লৰি ফুৰিব নোৱাৰা হৈছে৷ পুতেকৰ লগত বাঙ্গালোৰত থাকে৷ গাঁৱৰ মাটিখিনিত এতিয়া এখন প্ৰাইভেট স্কুল হৈছে৷
বাৰু কল্যাণ, ইয়াত যে এডাল শিমলুগছ আছিল!
— সেইডাল কাহানিবাই কটা গ’ল খুড়া৷
— আও, কি অপকাৰ কৰিলেনো সেইডালে· বৰুৱাই উচপ খাই সুধিলে৷
গাঁৱত বিজুলী সংযোগ হোৱাৰ সময়ত গছডাল কাটিব লগা হ’ল৷ বহুত ডাঙৰ আছিল যে নাকাটিলেই নহয়৷ যিহেতু কাৰেণ্টটো লাগেই সেয়ে গছডাল কাটিয়েই পেলোৱা হ’ল৷ সেই যে কালভাৰ্টটো দেখিছে সেইখিনি ঠাইতে শিমলুডাল আছিল৷
আৰু, দুটামান কথা কৈ কল্যাণ গ’লগৈ৷ বাকীবোৰ কথা বৰুৱাৰ কাণত নোসোমাল৷
তেওঁৰ মনত পৰিল যোছেফ কনৰাডৰ সেই বিখ্যাত কথাষাৰলৈ -“আমি স্বপ্ন অকলে দেখাৰ দৰে জীৱনটোও অকলেই পাৰ কৰো৷” নিজে কিমানখিনি সময় অকলে পাৰ কৰিলে বৰুৱাই নাজানে৷ কিন্তু তেওঁৰ জীৱনত যে সেইডাল গছে কিমান ঠাই আগুৰি আছিল! ডালবোৰে যেনেকৈ আগুৰি আছিল গোটেই ডাল গছক, ঠিক সেই দৰে আগুৰি আছিল তেওঁৰ জীৱনকো৷ সৰুতে মন বেয়া হ’লেই তল-মূৰকৈ আহি সেইডালৰ তলত বহি ওপৰলৈ মূৰ কৰি বহি আছিল৷ কেতিয়াবা বহুত সময় পাৰ হৈ গৈছিল৷ নাইবা মাক-দেউতাকক মনত পৰিলেই হাফপেণ্টটো পিন্ধিয়েই দৌৰি দৌৰি গছডালৰ তলত পটককৈ শুই পৰিছিল৷
সোণতৰা গাঁৱৰ উন্নতি হৈছে৷ নতুন নতুন ঘৰ হৈছে৷ বেছ পকী ঘৰ৷ বিজুলী বাতি হ’ল৷ কিবা পাবলৈ হ’লে কিবা হেৰুৱাব লাগেই তাৰমানে! বিজুলী বাতি হ’ল ইয়াত কিবা হেৰুৱাব লগা আছেনে? কিজানি গাঁৱৰ কোনো মানুহেই একো হেৰুওৱা নাই, যি হেৰাইছে মাথো বৰুৱাই হেৰাইছে, এডাল গছ৷ তেওঁৰ বুকুত সৰুতে ডাঙৰ বোপাই বজোৱা জুণুকাটো বাজি উঠিল৷ ৰুণুক-জুণুক ৰুণুক-জুণুক, ৰুণুক-জুণুক৷ তেওঁ যদি সেই সময়ত ইয়াতে থাকিল হেঁতেনে কি জানো হ’লেহঁতেন? কোনেও কিজানি তেওঁৰ কথা নুশুনিলেহেঁতেন৷ কুঠাৰেৰে কাটি কাটি মাটিত বগৰাই দিয়া দৃশ্যটোৰ তেওঁ সাক্ষী হ’ব লাগিলহেতেন৷ দুচকু মুদি দিব লগা অৱস্থা এটাই হয়তো তেওঁক আঘাত দিলেেহঁতেন৷ কথাখিনি ভাবোতেই বিষাক্ত সৰীসৃপ এটাই তেওঁক গালে-মুখে চেলেকি দিয়া যেন পালে৷ হওক, তেওঁ যে দেখা নাপালে! আজি কাক ক’ব কথাবোৰ, ক’লেই নো শুনিব কোনে· অনুভৱ কৰিলে তেওঁ অতপৰে উত্তৰমুৱা ৰাষ্টাটোৰে আহি আহি হঠাৎ যেন তললৈ যোৱা ৰাষ্টা এটাৰে গৈ বহুত তলত নাপাবলগীয়া জেগা এখনহে পাইছে৷ ঘপককৈ পোহৰৰ পৰা এন্ধাৰ নাইবা এন্ধাৰৰ পৰা পোহৰ পালে যি অৱস্থা হয়, তেনে অৱস্থাই হ’ল বৰুৱাৰ৷ বৰুৱাৰ সন্মুখত তেতিয়া এটা কালভাৰ্ট৷
জিৰণিৰ প্ৰয়োজন অনুভৱ কৰিলে বৰুৱাই৷ জিৰণিৰ বাবেই আহিছিল নেকি বৰুৱাই? নে শিমলুৰ ছাঁত বহিবলৈ আহিছিল? কথাবোৰ যেন পাহৰি পাহৰি গৈছে বৰুৱাই৷ থিয় হৈ থকাৰ শক্তিকণো শেষ হৈ আহিছে তেওঁৰ৷ বহিবলৈতো এতিয়া গছৰ শিপাবোৰ নাই৷ সেপ ঢুকিছে বৰুৱাই৷ সেপটোও যেন কান্দোনলৈ পৰিৱৰ্তন হ’ব ধৰিছে৷ ইমান পৰে দুখবোৰেও যেন তাকেই বাট চাই আছিল৷ বুকুত জমা হৈ থকা দুখবোৰ এইবাৰ সৰোঁ সৰোঁকৈ চকুৰ কোনত জমা হ’ল৷
হাফপেণ্টটো পিন্ধি শিমলুডালৰ শিপাত বহা, উৰি থকা শিমলুৰ তুলাবোৰৰ পিছে পিছে দৌৰা, দেবীকাৰ সৈতে কথা পতা সকলো দৃশ্যই চক্ৰাকাৰে যেন ঘূৰিব ধৰিছে৷ ভুল হৈছে নেকি ক’ৰবাত? কোনটো বাৰু হ’ব নালাগিছিল? সময় সলনি হ’ব নালাগিছিল· লক্ষেশ্বৰক লগ পাব নালাগিছিল? গাঁৱলৈ বিজুলী সংযোগ হ’ব নালাগিছিল নে বৰুৱাই সোণতৰা গাঁৱলৈ আহিব নালাগিছিল? চিন্তা কৰি থাকোতে হঠাৎ লংপেণ্টৰ পকেটত থকা চেলটো কঁপি উঠিল৷ ভাইব্ৰেচন এলাৰ্ট৷ নিশ্চয় পত্নীৰে ফোন৷ ডাঙৰ বোপা, সৰু বোপা দুয়োজনেইতো আজি কালি ফোন নকৰে৷
দূৰৈত সূৰুযটো লাহে লােহ ৰঙা হ’ব ধৰিছে৷ শেষবাৰৰ বাবে ৰঙৰ পোহৰৰ সতে ধেমালি কৰি হয়তো গুচি যাব এন্ধাৰৰ নেদেখা দেশলৈ৷

2 মন্তব্য

  1. Hridoy sui joa golpo….gos val poa manuhar sangkhya tenei kom…ai gopoto a gas val pabolloi prerona jogabo…….

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে