চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / সাম্ৰাজ্যবাদ বিৰোধী ঐক্য,শান্তি আৰু মৈত্ৰীৰ ধ্বনিৰে হাৱানাত চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ ( সুপ্ৰকাশ তালুকদাৰ )

সাম্ৰাজ্যবাদ বিৰোধী ঐক্য,শান্তি আৰু মৈত্ৰীৰ ধ্বনিৰে হাৱানাত চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ ( সুপ্ৰকাশ তালুকদাৰ )

(১৯৯৭ চনত অনুষ্ঠিত ‘হাভানা চতুৰ্দশ বিশ্ব যুৱ-ছাত্ৰ মহোৎসৱ’ত ভাৰতৰ প্ৰতিনিধি হিচাপে অসমৰ কমিউনিষ্ট যুৱ নেতা সুপ্ৰকাশ তালুকদৰে অংশ গ্ৰহণ কৰিছিল । তেওঁৰ এই অভিজ্ঞতা আৰু তথ্য সম্বলিত প্ৰবন্ধটি ১৯৯৭ চনৰ ‘গণশক্তি’ কাকতত প্ৰকাশ পাইছিল৷ লেখাটোৰ প্ৰাসংগিকতা অনুভৱ কৰি পুনৰ প্ৰকাশ কৰা হ’ল৷)

বিশ্বৰ সাম্ৰাজ্যবাদ বিৰোধী অন্যতম বৃহত্তম মঞ্চ বিশ্ব যুৱ-ছাত্ৰ মহোৎসৱ পুনৰুজ্জীৱিত হ’ল। যোৱা ২৮ জুলাইৰ পৰা ৫ আগষ্টলৈ সংগ্ৰামী কিউবাৰ ৰাজধানী হাৱানাত অনুষ্ঠিত চতুৰ্দশ বিশ্ব যুৱ-ছাত্ৰ মহোৎসৱৰ সফল সামৰণীয়ে যুৱ-ছাত্ৰ সমাজৰ মাজত উৎসাহ আৰু প্ৰেৰণাৰ সৃষ্টি কৰিছে। যোৱা ৩৬ বছৰ ধৰি অৰ্থনৈতিক অৱৰোধৰ দ্বাৰা ক্ষতিগ্ৰস্ত আৰু প্ৰতি মূহুৰ্তত মাৰ্কিন সাম্ৰাজ্যবাদৰ আক্ৰমণৰ মুখত থকা কিউবাই এই মহোৎসৱ অনুষ্ঠিত কৰাৰ মাজেৰে প্ৰমাণ কৰি দেখুৱালে যে আত্মসমৰ্পণ নহয়,প্ৰতিৰোধ আৰু সংগ্ৰামেহে এটা স্বাধীন জাতিৰ কাৰণে সম্মানীয় পথ।

দ্বিতীয় বিশ্বযুদ্ধৰ পৰৱৰ্তী সময়ত শান্তিৰ পক্ষে আৰু সাম্ৰাজ্যবাদৰ বিৰুদ্ধে গঢ়ি উঠা প্ৰৱল আকাংখাক প্ৰতিফলিত কৰিয়েই জন্ম হৈছিল বিশ্ব যুৱ-ছাত্ৰ মহোৎসৱ আন্দোলনৰ। ১৯৪৫ চনৰ ২৯ অক্টোবৰৰ পৰা ৭ নৱেম্বৰলৈ লণ্ডনত অনুষ্ঠিত হ’ল বিশ্ব যুৱ সন্মিলন। সন্মিলনত ৬৩ খন দেশৰ বিভিন্ন ৰাজনীতি অৰু দৰ্শনত বিশ্বাসী ৪৩৭ জন প্ৰতিনিধি আৰু ১৮৪ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে। বিশ্বযুদ্ধৰ বিভীষিকা প্ৰত্যক্ষ কৰা যুৱ সমাজ শান্তি স্থাপনৰ কাৰণে উৎকন্ঠিত হৈ পৰিছিল। সেয়েহে এই সন্মিলনতে বিশ্ব গণতান্ত্ৰিক যুৱ ফেডাৰচনৰ চনদ গ্ৰহণ কৰা হয় আৰু বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত গ্ৰহণ কৰা হয়। দুই বছৰৰ প্ৰ্স্তুতিৰে চেকোশ্লেকিয়াৰ ৰাজধানী প্ৰাগত ১৯৮৭ চনৰ ২৫ জুলাইৰ পৰা ১৭ আগষ্টলৈ বিশ্বৰ প্ৰথমটো যুৱ ছাত্ৰ মহোৎসৱ অনুষ্ঠিত হয়। ৭১ খন দেশৰ পৰা ১৭,০০০ প্ৰতিনিধিয়ে এই মহোৎসৱত অংশ গ্ৰহণ কৰিলে। এই মহোৎসৱ আন্দোলন ব্যৰ্থ কৰিবলৈ সাম্ৰাজ্যবাদী দেশবোৰে যৎপৰোনাস্তি প্ৰচেষ্টা চলাইছিল। আমেৰিকা আৰু তাৰ সহচৰ দেশবোৰে নিজ দেশৰ ছাত্ৰ যুৱকক মহোৎসৱত অংশ গ্ৰহণ কৰাত বাধা দিলে। ইৰাণ, ইজিপ্ত আৰু ব্ৰাজিলে আনকি নিজ দেশৰ প্ৰতিনিধিসকলক গ্ৰেপ্তাৰ কৰি ৰাখিলে।কিন্তু শত বাধা স্বত্বেও মহোৎসৱ সফল হ’ল, শান্তি মৈত্ৰীৰ কাৰণে আৰু সাম্ৰাজ্যবাদ বিৰোধীতাৰ বাবে যুৱ ছাত্ৰ সমাজৰ বিশাল মঞ্চ গঠিত হ’ল।

১৯৪৯ চনৰ ১৪-২৮ আগষ্টলৈ হাংগেৰীৰ ৰাজধানী বুদা পেষ্টত অনুষ্ঠিত দ্বিতীয় বিশ্ব যুৱ মহোৎসৱত ৮২ খন দেশৰ প্ৰায় ১৭ ,০০০ প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰিলে। তৃতীয় মহোৎসৱ অনুষ্ঠিত হয় ১৯৫১ চনৰ ১৫-১৯ আগষ্টত জাৰ্মাণ গণতান্ত্ৰিক প্ৰজাতন্ত্ৰৰ ৰাজধানী বাৰ্লিনত। ১০৪ খন দেশৰ ২৬,০০০ প্ৰতিনিধিয়ে ইয়াত অংশগ্ৰহণ কৰে।সেইঅদৰে ৪ৰ্থ মহোৎসৱ ১৯৫৩ চনত বুথাৰেষ্টত । ৫ম মহোৎসৱ পোলেণ্ডৰ ৰাজধানী ৱাৰ্শ্বত , ৬ষ্ঠ মহোৎসৱ ১৯৫৭ চনত ছোভিয়েট ইউনিয়নৰ ৰাজধানী মস্কোত, ৭ম মহোৎসৱ ১৯৫৭ চনত অস্ত্ৰিয়াৰ ৰাজধানী ভিয়েনাত, ৮ম মহোৎসৱ ফিনলেণ্ডৰ ৰাজধানী হেলচিংকিত ১৯৬২ চনত , ৯ম মহোৎসৱ ১৯৬৮ চনত চফিয়াত, ১০ ম মহোৎসৱ ১৯৭৩ চনত বাৰ্লিনত। একাদশ মহোৎসৱ ১৯৭৮ চনত হাৱানাত, দ্বাদশ মহোৎসৱ ১৯৮৫ চনত মস্কোত আৰু ত্ৰয়োদশ মহোৎসৱ উত্তৰ কোৰিয়াৰ ৰাজধানী পিয়ংইঙত অনুষ্ঠিত হয়।

পিয়ংইয়ঙৰ মহোৎসৱৰ পৰৰ্ৱৰ্ত্তী সময়ছোৱাতে পূৱ ইউৰোপ আৰু ছোভিয়েট ইউনিয়নত সমাজতন্ত্ৰ বিপৰ্যস্ত হয়। ফলত শক্তিৰ ভাৰসাম্য সাম্ৰাজ্যবাদৰ পক্ষে পৰিৱৰ্তিত হয়। উৎফুল্লিত আৰু আগ্ৰাসাত্মক সাম্ৰাজ্যবাদে মহোৎসৱ আন্দোলন নি:শেষ কৰাৰ কাৰণে উঠি পৰি লাগিল। অন্যহাতে সমাজবাদী শিবিৰৰ বিপৰ্যয়ৰ পিছত সাম্ৰাজ্যবাদ বিৰোধী শিবিৰটো যথেষ্ট নিস্তেজ আৰু নিৰুৎসাহী হৈ পৰিছিল। ফলত মহোৎসৱ আন্দোলন সংগঠিত কৰাৰ কাৰণে প্ৰয়োজনীয় সম্বল আৰু উদ্যমৰ অভাৱ পৰিলক্ষিত হ’ল।

কিন্তু বিশ্বৰ যুৱ ছাত্ৰ সমাজে মহোৎসৱৰ অভাৱ বাৰুকৈয়ে অনুভৱ কৰিলে। কাৰণ মহোৎসৱ আন্দোলনে উৎসৱৰ আনন্দ আৰু জংগী আন্দোলন দুয়োটাকে সফলভাৱে সংমিশ্ৰিত কৰিব পাৰিছিল আৰু সেয়েহে ই সকলো দেশৰ যুৱ ছাত্ৰ সমাজক আকৰ্ষিত কৰিছিল। প্ৰতিটো মহোৎসৱেই যুৱ সমাজৰ মাজত সাম্ৰাজ্যবাদ বিৰোধী চেতনা জাগ্ৰত কৰিছিল। সাম্ৰাজ্যবাদৰ বিৰুদ্ধে মৰণপণ যুজঁ কৰা ভিয়েতনাম, কোৰিয়াৰ জনগণৰ সপক্ষে মহোৎসৱ আন্দোলনে ব্যাপক জনমত সংগঠিত কৰিছিল। বিশেষকৈ সত্তৰ আৰু আশীৰ দশকত মাৰ্কিন সাম্ৰাজ্যবাদে পাৰমাণৱিক যুদ্ধৰ প্ৰস্তুতি চলাই বিশ্বক তৃতীয় বিশ্বযুদ্ধৰ ফালে ঠেলি নিবলৈ চলোৱা অপচেষ্টাৰ বিৰুদ্ধে মহোৎসৱ আন্দোলনে চলোৱা প্ৰচাৰ আছিল অভুতপূৰ্ব আৰু অভিনৱ। বিশ্বৰ প্ৰান্তে প্ৰান্তে জাতীয় মুক্তিৰ পক্ষে সংগ্ৰামত জনগণক ই জনাইছিল বিপুল সমৰ্থন আৰু প্ৰেৰণা, বৰ্ণবাদৰ বিৰুদ্ধে মহোৎসৱ আন্দোলনে সৰ্বত্ৰ ঘৃণা বিয়পাই দিছিল। সেয়ে সমাজবাদী শিবিৰৰ বিপৰ্যয়ৰ ‘শ্বক’ ক্ৰমান্বয়ে শাম কটাৰ পিছত মহোৎসৱ আন্দোলন সংগঠিত কৰাৰ প্ৰয়োজনীয়তা বেছি বেছিকৈ অনুভূত হ’ল। বিভিন্ন দেশৰ ছাত্ৰ-যুৱ আন্দোলনে এয়া অনুভৱ কৰিলে যে এটা শক্তিশালী সমাজবাদী শিবিৰ নথকা বাবে সাম্ৰাজ্যবাদ পূৰ্বতকৈও অধিক আগ্ৰাসী আৰু নৃশংস হৈছে।সেয়ে চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ অনুষ্ঠিত কৰাৰ মাজেৰে মহোৎসৱ আন্দোলন পুনৰুজ্জীৱিত কৰাৰ প্ৰয়াস চলিল। এনে সময়তে ১৯৯৫ চনৰ আগষ্টত কিউবাত বিজয়ৰ বাবে আন্তৰ্জাতিক অনুষ্ঠানৰ সামৰণিত হাৱানাৰ মালেকত সংগঠিত কৰা বিশাল সংহতি শোভাযাত্ৰাৰ অন্তত ৰাষ্ট্ৰপতি ফিডেল কাষ্ট্ৰোই বিশ্ব যুৱ-ছাত্ৰ মহোৎসৱ আন্দোলন এই দ্বীপটোৰ বুকুতে পুনৰ সংগঠিত কৰাৰ কাৰণে আহ্বান জনালে। যুৱ সমাজ এই ঘোষণাৰ দ্বাৰা আলোড়িত হ’ল আৰু কিউবাত চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ অনুষ্ঠিত কৰিবলৈ সিদ্ধান্ত কৰিলে।

বহুতেই এই সংশয় প্ৰকাশ কৰিছিল যে , প্ৰবল পৰাক্ৰমী মাৰ্কিন সাম্ৰাজ্যবাদে কেউফালৰ পৰা অৱৰোধ কৰি ৰখা এই ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰখনে বিশ্ব যুৱ-ছাত্ৰ মহোৎসৱৰ দৰে বিশাল আৰু ব্যয় বহুল অনুষ্ঠান সুচাৰু ৰূপে পৰিচালনা কৰিব পাৰিব জানো? কিন্তু যোৱা ২৮ জুলাইৰ পৰা ৫ আগষ্টলৈ হাৱানাত অনুষ্ঠিত চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱৰ সফলতাই সকলোকে হতবাক কৰিলে।
এই মহোৎসৱক ভাৰতবৰ্ষৰ এজন প্ৰতিনিধি হিচাপে মই আন ৮ জন প্ৰতিনিধিৰ সৈতে যোৱা ২২ জুলাই তাৰিখে পুৱঁতী নিশা ২:৫ মিনিটত নতুন দিল্লীৰ পৰা হাৱানা অভিমুখে ৰাওনা হলো। উল্লেখযোগ্য যে ১৮৫ জনীয়া ভাৰতীয় প্ৰতিনিধি দলটোৰ ভিতৰত আমাৰ গোটটোৱেই আছিল প্ৰথম অভিযাত্ৰীৰ দল। আমি ২৩ জুলাই তাৰিখে কিউবাৰ সময় অনুসাৰে ৮ বজাত (ভাৰতীয় সময় ২৪ জুলাইৰ পুৱা ৫-৪০ বজাত) হাৱানাত উপস্থিত হ’লো। যাৱতীয় আনুষ্ঠানিকতাৰ অন্তত আমাক লেনিন স্কুলৰ শিবিৰলৈ লৈ গ’ল। লেনিন স্কুল এখন প্ৰাক বিশ্ববিদ্যালয় (দশম, একাদশ আৰু দ্বাদশ শ্ৰেণীক সামৰি)। এই স্কুলখনতে তিনি হাজাৰৰো অধিক ছাত্ৰ-ছাত্ৰীৰ বাবে প্ৰয়োজনীয় বিচনা পত্ৰকে ধৰি সকলো সা-সুবিধা আছে। ছাত্ৰ-ছাত্ৰীৰ বাবে দুটা চুইমিং পুল(এটাত ডাইভিং বৰ্ডৰ সুবিধা সহ), এখন সু-সজ্জিত ইনড’ৰ ষ্টেডিয়াম , এট বৃহৎ পুথিঁভৰাল আছে। স্কুলখনত প্ৰায় ৩০০০ ছাত্ৰ ছাত্ৰীৰ বাবে প্ৰায় ৩০০ শিক্ষক শিক্ষয়ত্ৰী আছে, অৰ্থাৎ শিক্ষক ছাত্ৰৰ অনুপাত ১:১০। এই স্কুলখন দেখি আমি অনুমান কৰিব পাৰিলো যে কিউবাই শিক্ষাক কিমান গুৰুত্ব সহকাৰে গ্ৰহণ কৰিছে। লেনিন স্কুলত ২৪ জুলাই তাৰিখে সন্ধিয়া ৫ বজাত প্ৰতিনিধিসকলক আদৰণি জনাই ভাষণ দিলে কিউবা যুৱ কমিউনিষ্ট ইউনিয়নৰ প্ৰথম সম্পাদিকা ভিক্টোৰিয়া বালাজকুৱেজে । তেওঁ যেতিয়া ঘোষণা কৰিলে যে, আমেৰিকা আৰু দক্ষিণ কোৰিয়াৰ ‘গণতান্ত্ৰিক’ চৰকাৰৰ বাধা নিষেধ স্বত্বেও সেই দেশৰ প্ৰতিনিধি হাৱানা মহোৎসৱত যোগ দান কৰাৰ উদ্দেশ্যে ৰাওনা হৈছে তেতিয়া সমৱেত প্ৰ্তিনিধিসকলে বিপুল কৰতালিৰে তাক অভিবাদন জনালে। সংগ্ৰামী কিউবাৰ প্ৰতি বিভিন্ন দেশৰ ছাত্ৰ-যুৱ সমাজৰ আন্তৰিকতা আৰু সহমৰ্মিতাৰ উত্তাপ এই সভাতে প্ৰথমবাৰৰ কাৰণে অনুভৱ কৰিলো। লেনিন স্কুলত আমি চাৰিদিন আছিলো।এই স্কুললৈ অনুষ্ঠান পৰিবেশন কৰিবলৈ আহিছিল কেৱল মহিলা শিল্পীৰ দল ‘আনাকাওনা’। তেওঁলোকে ৰাতি ৯ বজাৰ পৰা ১২ বজালৈ একেৰাহে তিনি ঘন্টা জুৰি যি অপুৰ্ব গীত-নৃত্য আৰু বাদ্যৰ সমাহাৰ প্ৰদৰ্শন কৰিলে, সেয়া আমাৰ বাবে আছিল এক অবিশ্বাস্য , অবিস্মৰণীয় অপুৰ্ব অভিজ্ঞতা। এই সংগীত দলটোৱে যেন কিউবাৰ মহিলাৰ স্বতন্ত্ৰতা আৰু অগ্ৰগতিকে প্ৰদৰ্শন কৰিলে।

২৭ জুলাই তাৰিখে আবেলি ৫ বজাত প্ৰতিনিধিসকলক বিভিন্ন অঞ্চললৈ লৈ গ’ল। ভাৰতীয় প্ৰতিনিধিসকলক প্লায়া নামৰ অঞ্চল এটালৈ নিলে। এজন প্ৰতিনিধিক এটা পৰিয়ালৰ সৈতে ৰখাৰ ব্যৱস্থা কৰা হল। কিউবাৰ মানুহৰ আত্মীয়তা আৰু আদৰ সাদৰ এক পাহৰিব নোৱাৰা অভিজ্ঞতা । আমি যি নদিন পৰিয়ালবোৰৰ সৈতে আছিলো, সেই দিনকেইটা আমি থকা পৰিয়ালবোৰেই নহয়, ওচৰ চুবুৰীয়া সকলো ব্যস্ত আছিল প্ৰতিনিধিসকলক লৈ। এখন মহানগৰীৰ নাগৰিক হিচাপে হাৱানাবাসীৰ আচাৰ আচৰণত কোনো কৃত্ৰিমতা নেদেখিলো।

২৮ জুলাইৰ ৰাতিপুৱা ৯ বজাত সমূহ প্ৰতিনিধি স্বেচ্ছ্বাসেৱক , মহোৎসৱৰ কৰ্মকতা আৰু হাজাৰ হাজাৰ মহোৎসৱ অনুৰাগী সাগৰৰ পাৰ নেলিৰ্কত সমবেত হয়। ইয়াতে আৰম্ভ হয় জনপ্ৰিয় মাৰাথন । ৮০ বছৰীয়া বৃদ্ধৰ পৰা ৬ ববছৰীয়া শিশুলৈ সকলো বয়সৰ হাজাৰ হাজাৰ লোকে মাৰাথনত অংশগ্ৰহণ কৰিলে। দৌৰৰ অন্তত মহোৎসৱৰ বিভিন্ন ক্লাৱবোৰ উদ্ধোধন কৰা হয়। এছিয়া-ওচেয়ানিয়া, ইউৰোপ , আমেৰিকা , আফ্ৰিকা, নহাপ্ৰাচ্য , কেৰিবিয়ান আৰু কিউবা ক্লাৱত মহোৎসৱৰ প্ৰতিদিনেই আলোচনা চক্ৰ , সাংস্কৃতিক কাৰ্যসূচী আদিৰ আয়োজন কৰা হৈছিল। তাত সংশ্লিষ্ট বিভিন্ন দেশৰ প্ৰদৰ্শনী আৰু বিপনীৰ ব্যৱস্থা কৰা হৈছিল। বিভিন্ন দেশৰ প্ৰতিনিধিৰ মাজত নিবীড় সম্পৰ্ক গঢ়ি তোলা, দ্বিপাক্ষিক আলাপ আলোচনা আদিৰ বাবে ক্লাৱবোৰে উপযুক্ত ক্ষেত্ৰ হিচাপে কাম কৰিছিল।

আবেলি ৪ বজাৰ পৰা উদ্বোধনী অনুষ্ঠানৰ কাৰ্যসূচী আৰম্ভ হয়। প্ৰতিনিধিসকল কিউবাৰ ইতিহাস প্ৰসিদ্ধ হাৱানা বিশ্ববিদ্যালয়ৰ ৱোচৰত সমবেত হয় আৰু উদ্ধোধনী অনুষ্ঠান ক্ষেত্ৰলৈ শোভাযাত্ৰা কৰি যায়। বিভিন্ন দেশৰ প্ৰতিনিধি দলবোৰে নিজস্ব বৈশিষ্টৰে নৃত্য-গীত পৰিবেশন কৰি , শ্লোগান মুখৰিত হৈ শোভাযাত্ৰাত অংশগ্ৰহণ কৰিলে। প্ৰতিনিধিসকলক আদৰিবলৈ আৰু তেওঁলোকৰ সৈতে সহমৰ্মিতা প্ৰকাশ কৰিবলৈ ৰাস্তাৰ দুয়োকাষে সমবেত হৈছিল হাজাৰ হাজাৰ হাৱানাৰ নাগৰিক। উদ্ধোধনী কাৰ্যসূচীৰ বাবে কোনো বিশেষ মঞ্চ প্ৰস্তুত কৰা হোৱা নাছিল। বিশ্ববিদ্যালয়ৰ মূল দ্বাৰৰ সমীপৰ খট-খটিবোৰতেই সমগ্ৰ অনুষ্ঠানটি পৰিবেশন কৰা হয়; উল্লেখযোগ্য যে বিপ্লৱৰ পূৰ্বে এই খটখটীবোৰতে ছাত্ৰৰ সৈতে চৰকাৰী সশস্ত্ৰ বাহীনিৰ বহুতবাৰ সংঘৰ্ষ হৈছিল। সমগ্ৰ অনুষ্ঠানটোত কিউবাৰ কিংবদন্তী বিপ্লৱী নায়ক ৰাষ্ট্ৰপতি ফ্ৰিডেল কাষ্ট্ৰো উপস্থিত আছিল। অনুষ্ঠানত বিশ্ব গণতান্ত্ৰিক যুৱ ফেডাৰেছনৰ সভাপতি অলিভাৰ মেয়াৰে মাৰ্কিন যুক্তৰাষ্ট্ৰ নেতৃস্বাধীন সাম্ৰাজ্যবাদী শিৱিৰৰ মানৱতা বিৰোধী , গণতন্ত্ৰ বিৰোধী কৰ্মকাণ্ডক তীব্ৰভাৱে সমালোচনা কৰে আৰু ইয়াৰ বিৰুদ্ধে প্ৰবল প্ৰতিবাদ , প্ৰতিৰোধ গঢ়ি তুলিবলৈ প্ৰতিনিধি সকললৈ আহ্বান জনায়। কিউবাৰ বিৰুদ্ধে ধাৰাবাহিকভাৱে চলাই অহা অৰ্থনৈতিক অৱৰোধ,সাময়িক হস্তক্ষেপ , অপপ্ৰচাৰক তেওঁ কঠোৰ ভাষাত নিন্দা কৰে আৰু কুখ্যাত হেমচ বাৰ্টন চুক্তি বাতিল কৰিবলৈ দাবী জনায়। কিউবাৰ যুৱ নেত্ৰী ভিক্টোৰিয়াই কয় যে বিশ্ব জনমতৰ বিৰোধীতা আৰু কিউবাৰ জনগণৰ একতা আৰু দৃঢ়তাৰ বাবেই মাৰ্কিন সাম্ৰাজ্যবাদে এতিয়ালৈ কিউবাক পোনপটীয়াকৈ আক্ৰমণ কৰিবলৈ সাহস কৰা নাই। উদ্ধোধনী অনুষ্ঠানত প্ৰায় ২৫০ শিশুই অনিন্দ্য সুন্দৰ গীত মাত পৰিবেশন কৰে । কিউবাৰ জনপ্ৰিয় শিল্পী পাবলো বডৰিগেজ , ছাৰা গণজালেজ আদিয়ে উদ্ধোধনী অনুষ্ঠানত অংশ লয়।উদ্ধোধনী অনুষ্ঠানৰ অন্তত ইন্টাৰনেচনেল ছিনাৰিঅ’ নামৰ মুকলি মঞ্চত সাংস্কৃতিক অনুষ্ঠান পৰিবেশন কৰা হয়। এই অনুষ্ঠান এনেকুৱা মনোগ্ৰাহী আৰু আকৰ্ষণীয় হৈছিল যে , ভাষাৰ ব্যৱধান নেওচি প্ৰায় সকলোবোৰ দেশৰ প্ৰতিনিধিয়ে গান আৰু নাচৰ ছন্দে ছন্দে নৃত্য-গীতত অংশ লৈছিল।

২৯ আগষ্টৰ পৰা মুঠ ১৩ টা বিষয়ৰ ওপৰত আলোচনা চক্ৰ অনুষ্ঠিত হয়। আলোচনাসমূহত আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰ হাৱানা বিশ্ববিদ্যালয়,পেদ্ৰোকৌৰী ইনষ্টিটিউট অৱ ট্ৰ্পিকেল মেডিচিন আৰু চে গুৱেভাৰা পাবনিয়াৰ পেলেচত অনুষ্ঠিত হয়। মই আন্তৰ্জাতিক সন্মিলন কেন্দ্ৰত হোৱা ‘গণতন্ত্ৰ আৰু অংশগ্ৰহণ’ শীৰ্ষক আলোচনা চক্ৰত অংশ লৈছিলো। এই আলোচনা চক্ৰ ‘গণতন্ত্ৰ আৰু ৰাজনৈতিক বিচ্ছিন্নকৰণ’ ‘সামাজিক পৰিৱৰ্তন ,সমতা আৰু জনগণৰ আংশ গ্ৰহণ’, ‘বৈদেশিক বিষয়ত গণতন্ত্ৰ’ আৰু ‘গণতন্ত্ৰ আৰু গণ-আন্দোলন’ এই চাৰিটা মূল বিষয়ৰ ওপৰত প্ৰায় ডেৰ দিন ধৰি বিস্তৃত ভাবে আলাপ আলোচনা হয়। আলোচনাত বিশেষ আলোচক হিচাপে অংশ লৈ কিউবাৰ জাতীয় সংসদৰ সভাপতি ৰিকাৰ্ডো আলাৰকন ডে কুৱেছাদাই মাৰ্কিন সাম্ৰাজ্যবাদীসকলক কটাক্ষ কৰি কয় যে , কিউবাই যদি আমেৰিকাৰ ওপৰত নতি স্বীকাৰ কৰে, তেনেদৰে আমেৰিকাই কিউবান সকলক সাৰ্বজনীন শিক্ষা, কৰ্ম সংস্থাপন অৰু সামাজিক নিৰাপত্তাৰ গাৰাণ্টি দিব পাৰিব নেকি? আমেৰিকাই নিজৰ নাগৰিকসকলকেই এই অধিকাৰবোৰ দিব পৰা নাই। তেওঁ আৰু কয় যে আমেৰিকাই দিবা ৰাত্ৰি প্ৰচাৰ কৰি আছে যে কিউবাত গণতন্ত্ৰ নাই, কোনো অধিকাৰ নাই, তাত আছে কেৱল অনাটন আৰু দাৰিদ্ৰ। যদি সচাঁকৈয়ে এইটো হয়, তেনেহলে কিউবাক লৈ আমেৰিকাই কিয় ইমান মূৰ ঘমাইছে।

আলোচনা চক্ৰসমূহৰ ওপৰিও কেবাটাও বিষয়ৰ ওপৰত ঘূৰণীয়া মেজ মেল অনুষ্ঠিত হয়। মহোৎসৱত তৰুণ সাংবাদিক , তৰুণ সাংসদ, তৰুণ ধৰ্মবিশ্বাসী আৰু তৰুণ উদ্যোগী প্ৰতিনিধিসকলৰ পৃথকে পৃথকে বৈঠক অনুষ্ঠিত হয়। মহোৎসৱৰ অন্যতম গুৰুত্ত্বপূৰ্ণ কাৰ্যসূচী আছিল সাম্ৰাজ্যবাদ বিৰোধী ট্ৰিবুনেল। ‘যৌবনে অভিযুক্ত কৰে সাম্ৰাজ্যবাদক’ এই নামেৰে আয়োজন কৰা এই আন্ত্ৰ্জাতিক বিচাৰালয়ত ৩০ খনৰো বেছি দেশে ৭০ টাৰো অধিক লক্ষ্য প্ৰয়োগেৰে সাম্ৰাজ্যবাদৰ বিৰুদ্ধে অভিযোগ উত্থাপন কৰিলে। ৫ খন মহাদেশত পাচঁ জন প্ৰতিনিধি , বিশ্ব গণতান্ত্ৰিক যুৱ ফেডাৰচনৰ এজন আৰু কিউবা উচ্চতম ন্যায়ালয়ৰ এজন বিচাৰ পতিক লৈ বিচাৰমণ্ডলী গঠিত হৈছিল।বিভিন্ন দেশে ভিডিঅ’ ৰেকৰ্ড/ ফটো আদিৰ সহায়ত সাম্ৰাজ্যবাদৰ নৃশংস আক্ৰমণ আৰু আগ্ৰাসনৰ প্ৰমাণ দাঙি ধৰে। চি আই এৰ প্ৰাক্তন এজেণ্ট ফিলিপ এজিয়ে উপস্থিত সকলোকে স্তম্ভিত কৰি তোলে। তেওঁ জনায় যে চি আই এই তেওঁক কিউবাত নিয়োগ কৰিছিল যাতে তেওঁ ৰেডিঅ’ ষ্টেচন দখল কৰি কিউবা-বিৰোধী প্ৰচাৰ চলাব পাৰে। লগতে ফিডেল কাষ্ট্ৰোক হত্যা কৰাৰ বাবে ব্লু-প্ৰিণ্ট তৈয়াৰ কৰাৰ দায়িত্বও তেওঁৰ ওপৰত ন্যস্ত হৈছিল। কিন্তু তেওঁ ধৰা পৰিল। পিছত কিউবাৰ সমাজ আৰু চৰকাৰে তেওঁৰ মন পৰিৱৰ্তন কৰিলে। ফিলিপ এ জি য়ে দীপ্ত কণ্ঠে কলে ‘মই কিউবাৰ পক্ষে, পৃথিৱীৰ যিকোনো দেশৰ বিৰুদ্ধে যুঁজ কৰিবলৈ এতিয়া সাজু আছো’।ট্ৰিবুনেলে মানৱ অধিকাৰ কৰণ, ড্ৰাগচ চালান , খাদ্য আৰু ঔষধ সৰবৰাহৰ বাধা প্ৰদান কৰি শিশুক মৃত্যুৰ মুখলৈ ঠেলি দিয়া, অন্য দেশৰ অপৰাধ আগ্ৰাসন চলোৱা সামৰিক ঘাটি স্থাপন কৰা আদি অভিযোগত সাম্ৰাজ্যবাদ, বিশেষকৈ মাৰ্কিন সাম্ৰাজ্যবাদৰ শান্তি,সুৰক্ষা,মানৱতা আৰু যৌৱনৰ শত্ৰু হিচাপে চিহ্নিত কৰে।
মহোৎসৱৰ উপলক্ষে আন্তৰ্জাতিক ছাত্ৰ সন্থাৰ এক বিশেষ সভা অনুষথিত হয়। এই সভাই সংগঠনটোক পুনৰ সচল কৰি তুলিবলৈ সিদ্ধান্ত গ্ৰহণ কৰে।
চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ বিশ্ব বৰেণ্য বিপ্লৱী চে গুৱেভাৰাৰ নামত উচৰ্গা কৰা হৈছিল। সেয়েহে মহোৎসৱৰ বিভিন্ন স্থানবোৰ চিত্ৰ, লিখনি আদিৰে ওপচাই পেলোৱা হৈছিল। সমগ্ৰ বিশ্বৰ যুৱ সমাজৰ ওচৰত যে গুৱেভাৰা কিমান জনপ্ৰিয়, তাক মহোৎসৱে বাৰে বাৰে প্ৰত্যক্ষ কৰিলে। লেটিন আমেৰিকাৰ জণগণৰ চে-স্মৃতি ইমান সজীৱ যে চে এতিয়াও জীয়াই থকা যেনেই লাগে।

মহোৎসৱক ১৩২ খন দেশৰ পৰা ২০০০ ৰো অধিক সংগঠনক প্ৰতিনিধি কৰা ১২,৩২৩ জন প্ৰতিনিধিয়ে অংশগ্ৰহণ কৰে। কিউবা (১০০০) জন ৰ পিছত সৰ্বাধিক প্ৰতিনিধি গৈছিল আমেৰিকাৰ পৰা ৮৪৯ জন। দেশৰ প্ৰতিক্ৰিয়াশীল চৰকাৰে নানা বাধা নিষেধ আৰোপ কৰা স্বত্বেও দক্ষিণ কোৰিয়াৰ এজন প্ৰতিনিধি মহোৎসৱৰ অন্তিম দিনাখন গৈ উপস্থিত হয়।

হাৱানা মহোৎসৱ সফল কৰিবৰ বাবে প্ৰস্তুতি কাৰ্যও আছিল উল্লেখনীয়। কিউবাৰ জনসাধাৰণে প্ৰায় ২৭ নিযুত পেছ’ (কিউবাৰ মুদ্ৰা) আৰু প্ৰায় ৩ লাখ ডলাৰ সাহায্য হিচাপে আগবঢ়ায়। তদুপৰি চৰকাৰী সংস্থা, সামাজিক প্ৰতিস্থান, গণ-সংগঠন আৰু কল কাৰাখানাৰ পৰা ব্যাপক সাহায্য আগবঢ়োৱা হয়। সমগ্ৰ দেশখনৰ প্ৰায় ৩০,০০০ পৰিয়ালে মহোৎসৱৰ প্ৰতিনিধিক নিজৰ ঘৰত অতিথি হিচাপে ৰখাৰ কাৰণে সাজু আছিল।প্ৰায় ৮০০ খন স্কুল বাছ প্ৰতিনিধিসকলক অনা-নিয়া কৰাৰ কাৰণে ব্যৱহাৰ কৰা হৈছিল। অৰ্থনৈতিক সংকট সত্বো কিউবান এয়াৰ লাইনচে বিদেশী প্ৰতিনিধিসকললৈ প্ৰায় ৭০ শতাংশ ভাৰা ৰেহাই দিয়ে।

কিউবাত থকা দিনকেইটা আমি দেশখনৰ ইতিহাস আৰু সাম্প্ৰতিক অৱস্থা সম্পৰ্কে কিছু তথ্য জানিবলৈ সক্ষম হওঁ। আম,এৰিকা যুক্তৰাষ্ট্ৰৰ পৰা মাত্ৰ ১৪৪ কি: মি: দক্ষেইণে অৱস্থিত এই দেক্ষখনৰ কিউবা দ্বীপ,আইচেল ইউথ দ্বীপ আৰু অজস্ৰ ক্ষুদ্ৰ দ্বীপপুণঞ্জৰ দ্বাৰা গঠিত। ইয়াৰ ভিতৰত কিউঅবা দ্বীপটো হ্ল অতিকে সুন্দৰ আৰু সৰ্ববৃহৎ।জনসংখ্যা ১৯৯৫ চনৰ পৰিসংখ্যা মাত্ৰ ১ কোটি ১০ লাখ অৰ্থাৎ অসমৰ জনসংখ্যাতৰ আধাতকৈ কম।
ষোল্লশ শতিকাৰ স্পেইনে কিউবাত উপনিবেশ স্থাপন কৰে।কিউবাৰ আদিবাসী সকলৰ স্থান পুৰাবলৈ ১৫২৫ চনত আফ্ৰিকান দাসৰ ব্যৱসায় আৰম্ভ কৰা হয়, ফলত সোতৰশ আৰু ওঠৰশ শতিকাত আফ্ৰিকান দাসসকলৰ ব্যাপক প্ৰৱজন হয়।মাজতে এবছৰ ইংৰাজৰ শাসন বাদ দিলে ৪০০ বছৰৰো অধিক কাল স্পেইনে কিউবা শাসন কৰিলে। ১৮৯৮ চনত পেৰিচ চুক্তি অনুসৰি আমেৰিকাই স্পেইনৰ পৰা পূৰ্বেতো ৰিকো , ফিলিপাইনচ আৰু গুৱান দ্বীপ লাভ কৰে আৰু কিউবাক সামৰিকভাৱে দখল কৰি নতুন উপনিবেশত পৰিণত কৰিলে। ১৯০২ চনত তথাকথিত প্ৰজাতন্ত্ৰ স্থাপিত হ’ল। ক্ৰমাগতভাৱে স্থাপিত হ’ল দুৰ্নীতি পৰায়ণ আৰু আমেৰিকাৰ পুতলা চৰকাৰ। এই ব্যৱস্থাৰ বিৰুদ্ধে জনসাধাৰণ ক্ৰমাৎ সংগঠিত হব ধৰিলে। ১৯৫৩ চনৰ ২৬ জুলাইত বিপ্লৱীসকলে ড: ফিডেল কাষ্ট্ৰো ৰুজৰ নেতৃত্বত মনকাডা গেৰিছন আক্ৰমণৰ মাজেৰে শাসন ক্ষমতা দখল কৰিবলৈ ব্যৰ্থ প্ৰচেষ্টা চলায়। এই বিপ্লৱী প্ৰচেষ্টা ব্যৰ্থ হোৱাৰ পিছতো বিপ্লৱী কৰ্মকাণ্ড অব্যাহত থাকিল।ইয়াৰ পৰিণতি হিচাপে ১৯৫৬ চনত প্ৰানমা নামৰ জাহাজেৰে ড; ফিডেল কাষ্ট্ৰো, ৰাউল কাষ্ট্ৰো আৰু চে গুৱেভাৰাৰ নেতৃত্বত ৮২ জন বিপ্লৱী মেক্সিকোৰ পৰা কিউবালৈ আহে।বিপ্লৱীসকলে চিয়েৰা মায়েষ্ট্ৰা পৰ্বতত ঘাটি স্থাপন কৰি বিপ্লৱী কাম-কাজ সংগঠিত কৰিলে। অৱশেষত ১৯৫৯ চনৰ ১ জানুৱাৰীত বিপ্লৱীসকলৰ হাতত জেনেৰেল ফুলজেনচিঅ’ ব্যতিস্তা চৰকাৰৰ পতন হ’ল। চাৰিশ বছৰৰো অধিক কাল জুৰি চলি থকা ঔপনিবেশিক আৰু অৰ্দ্ধ ঔপনিবেশিক শাসনৰ অন্ত পৰিল।

লেতিন আমেৰিকাত অবাধ শোষণ আৰু সামৰিক,ৰাজনৈতিক আধিপত্য চলাই থকা আমেৰিকান সাম্ৰাজ্যবাদ কিউবা বিপ্লৱত আতংকিত হ’ল আৰু কিউবাৰ স্বাধীন চৰকাৰক ক্ষমতাচ্যুত কৰিবলৈ উঠি পৰি লাগিল। ১৯৬১ চনৰ এপ্ৰিল মাহৰ পৰাই আমেৰিকাই কিউবাৰ ওপৰত এটাৰ পিছত এটা সামৰিক আক্ৰমণ চলালে আৰু আৰম্ভ কৰিলে ভয়ংকৰ অৰ্থনৈতিক অৱৰোধ।

এনে এক অৱস্থাৰ মাজতে কিউবাত কমিউনিষ্ট পাৰ্টিয়ে দেশ পূৰ্ণগঠনৰ কাম চলাই গ’ল। গণতান্ত্ৰিক চৰকাৰ প্ৰতিষ্ঠা হ’ল। ১৯৭৬ চনৰ গণভোটৰ দ্বাৰা গৃহীত সংবিধান অনুসৰি এই চৰকাৰ পৰিচালিত হয় (১৯৯২ চনত সংবিধানৰ কিছু সাল সলনি ঘটোৱা হৈছে।) জাতীয় সংসদ চৰকাৰৰ উচ্চতম সংস্থা।সংসদৰ ৫৮৯ জন প্ৰতিনিধি সাৰ্বজনীন ভোটৰ দ্বাৰা মুক্ত, প্ৰত্যক্ষ আৰু গোপন বেলটেৰে নিৰ্বাচিত হয়। উল্লেখযোগ্য যে ৫৮৯ জন সাংসদে কোনো পৰিশ্ৰমিক নাপায়।

বিপ্লৱৰ দুবছৰ পিছতে ১৯৬১ চনত কিউবাই নিৰপেক্ষৰতা আঁতৰ কৰিলে। বৰ্তমান দেশখনত শিক্ষিতৰ হাৰ ৯৮.৮ শতাংশ আৰু প্ৰাপ্তবয়স্ক সকলৰ মাজত শিক্ষাৰ মান হ’ল গড়ে নৱম শ্ৰেণীলৈ বাধ্যতামূলক। ছাত্ৰ শিক্ষকৰ গড় অনুপাত হ’ল ১২:১। প্ৰাথমিক শ্ৰেণীৰ পৰা বিশ্ববিদ্যালয়ৰ প্ৰথম দুবছৰ লৈ শাৰীৰিক শিক্ষা বাধ্যতামূলক।

বিপ্লৱৰ পাছত সমগ্ৰ মাটি চৰকাৰে নিজৰ হাতলৈ নিছিল। বৰ্তমানে ৭৩ শতাংশ মাটি সমবায় সমিতি আৰু ব্যক্তিগত কৃষকৰ হাতলৈ এৰি নিছে।কৃষকৰ উৎপাদিত সামগ্ৰীৰ ৭৫ শতাংশ চৰকাৰে ক্ৰয় কৰে , ২৫ শতাংশ কৃষকলৈ এৰি যোৱা হয়।
কিউবাৰ স্বাস্থ্য সেৱা ব্যৱস্থা বিশ্বৰ ভিতৰতে অন্যতম শ্ৰেষ্ঠ ব্যৱস্থা। ১৯৯৩ চনৰ পৰিসংখ্যা মতে দেশখনত নতুনকৈ জন্ম লোৱা ১০০০ জনৰ ভিতৰত মাত্ৰ ৮ জন শিশুৰহে মৃত্যু হয়।কিউবাৰ নাগৰিকৰ গড় আয়ুস হ’ল ৭৫.৫ বছৰ। নাগৰিকসকলে প্ৰতিদিনে গড়ে ৩১৩ কেলৰি পৰিমাণৰ খাদ্য লাভ কৰে। এইবোৰ ক্ষেত্ৰত কিউবাই বিশ্বৰ প্ৰথম ২০ খন দেশৰ ভিতৰত স্থান লাভ কৰিবলৈ সক্ষম হৈছে। দেশখনত প্ৰতি ২০৩ জন ব্যক্তিৰ বাবে এজন চিকিৎসক আৰু ১২৪৫ জন ব্যক্তিৰ বাবে এজন দন্ত চিকিৎসক আছে। চিকিৎসা ব্যৱস্থাৰ এক বৈশিষ্ট হ’ল পৰিয়াল চিকিৎসক কাৰ্যসূচী এটা অঞ্চলৰ ১২০ টা পৰিয়াল বা ৬০০/৭০০ ব্যক্তি আৰু অঞ্চলৰ স্কুল আৰু কৰ্মস্থলীৰ বাবে এজন অৰিয়াল চিকিৎসক আৰু এগৰাকী নাৰ্চ দায়িত্বত থাকে। শিশুসকলক ১২ বিধ বেমাৰৰ প্ৰতিষেধক দিয়া হয়। বিশ্ব স্বাস্থ্য সংস্থাই ঘোষণা কৰিছে যে বিশ্বত ২০০০ চনৰ ভিতৰত স্বাস্থ্য সেৱাৰ বাবে যি ধৰণৰ লক্ষ্য নিৰ্দ্ধাৰণ কৰি দিছে,কিউবাই ১৯৯২ চনতে সেইবোৰ লক্ষ্যত উপনীত হৈছে।

কিউবাৰ সমাজত নাৰীয়ে পুৰুষৰ সমানেই মৰ্যাদা আৰু অধিকাৰ লাভ কৰিছে। জনসংখ্যাৰ ৪৯.৭ শতাংশই হ’ল মহিলা। শ্ৰম শক্তিৰ ৪২ শতাংশ মহিলা, ৪০ শতাংশ মহিলাই ঘৰৰ বাহিৰত কাম-কাজ কৰে।কাৰিকৰী কৰ্মীৰ ৬১ শতাংশ, স্বাস্থ্য কৰ্মীৰ ৬৮ শতাংশ আৰু বৈজ্ঞানিক গৱেষণা কৰ্মীৰ ৪৮ শতাংশই মহিলা। বৰ্তমান উচ্চ শিক্ষা সম্পূৰ্ণ কৰা অথবা শিক্ষাৰত মহিলাৰ সংখ্যা পুৰুষৰ সমান, কেতবোৰ ক্ষেত্ৰত পুৰুষতকৈও অধিক।মহিলা সকল সামাজিকভাৱে সম্পূৰ্ণ সুৰক্ষিত । নিশা ১/২ বজালৈ মহিলাই অকলশৰে হাৱানাত অহা যোৱা কৰা আমি প্ৰত্যক্ষ কৰিছো । উল্লেখযোগ্য যে সামাজিক অপৰাধৰ বাবে জনাজাত লেতিন আমেৰিকাৰ অনান্য দেশৰ তুলনাত কিউবাত সামাজিক অপৰাধ অত্যন্ত কম।কিউবাত উৎপাদিত প্ৰধান সামগ্ৰীসমূহ হ’ল কুহিয়াৰ , ধপাত , নেমুটেঙা জাতীয় ফল, কফি। তদুপৰি নিকেল , কোবালট, ক্ৰোম,কপাৰ আদি খনিজ পদাৰ্থও যথেষ্ট পৰিমাণে উৎপাদন হয়। চাউল, আলু,কপাহ আদিৰ উৎপাদন বৃদ্ধি পাইছে যদিও যথেষ্ট পৰিমাণে আমদানি কৰিব লাগে।

৮০’ৰ দশকলৈ কিউবাক ছোভিয়েত ইউনিয়ন আৰু পূব ইউৰোপৰ সমাজতান্ত্ৰিক শিৱিৰে প্ৰভুত পৰিমাণে সহায় সমৰ্থন কৰিছিল।সেয়েহে সমাজতান্ত্ৰিক শিবিৰৰ বিপৰ্যয়ৰ লগে লগে দেশখনৰ ভয়ংকৰ অৰ্থনৈতিক সংকটৰ আৱৰ্তত পৰিল। প্ৰায় ৮৫ শতাংশ আমদানি বন্ধ হৈ গ’ল। পেট্ৰোলিয়াম সামগ্ৰীৰ নাটনিয়ে যোগাযোগ আৰু যাতায়ত ব্যৱস্থা প্ৰায় কোঙা কৰি পেলালে। খাদ্য সামগ্ৰীৰ অনাটনে দেখা দিলে। আমেৰিকা যুক্তৰাষ্ট্ৰই অৰ্থনৈতিক অৱৰোধ তীব্ৰতৰ কৰি তুলিলে কুখ্যাত হেমচ বাৰ্টন আইন প্ৰৱৰ্ত্তণ কৰি কিউবাৰ সৈতে অৰ্থনৈতিক লেনদেন কৰা সংস্থা আৰু দেশৰ বিৰুদ্ধে কঠোৰ ব্যৱস্থা লোৱাৰ ভাবুকি দিলে।কিন্তু কিউবাই ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত দৃঢ়ভাৱে থিয় দিলে আৰু ঘোষণা কৰিলে যে এজন কিউবান জীয়াই থকালৈকে তেওঁলোক সমাজতন্ত্ৰৰ নীতি পৰিত্যাগ নকৰে। অত্যন্ত কঠিন পৰিস্থিতিৰ মাজত তেওঁলোকে এই বিশেষ সময়ছোৱাত দেশ খন ৰক্ষা কৰিলে। ১৯৯৫ চনত মুঠ ঘৰুৱা উৎপাদন পূৰ্বৰ বছৰতকৈ ২.৫ শতাংশ বৃদ্ধি পাইছে। ১৯৯৬ চনৰ্প্ৰথম ছমাহক এই বৃদ্ধিৰ হাৰ হৈছেগৈ ৯.৬ শতাংশ।
কিউবাৰ গ্ৰহণ কৰা নীতি আৰু কৌশলৰ ফলত শেহতীয়া ভাৱে বিশেষকৈ কানাডা, স্পেইন, মেক্সিকো,ফ্ৰান্স, ব্ৰাজিল,ইটালী আদি দেশৰ পৰা বিনিয়োগ বৃদ্ধি পাইছে।তদুপৰি বিদেশী পৰ্যটকৰ সংখ্যা দ্ৰুতগতিত বাড়িব ধৰিছে। ১৯৯৬ চনত প্ৰায় ১ নিযুত পৰ্যটকে কিউবা ভ্ৰমণ কৰিছে।পৰ্যটনেও কিউবাৰ অৰ্থনীতিলৈ শকত পৰিমাণৰ বৰঙণি আগবঢ়াইছে। কিন্তু এইবোৰৰ সৈতে কেতবোৰ সামাজিক সমস্যাও জড়িত হৈ আছে। বিশেষকৈ পৰ্যটনৰ লগে লগে দুৰ্নীতি আৰু বেশ্যাবৃত্তিৰ যে আমদানি হয়, সেই সম্পৰ্কেও কিউবাই যথেষ্ট সজাগ হ’ব লগীয়া হৈছে।

কিউবাই বিদেশীক বিনিয়োগ কৰিবলৈ দিছে।ব্যক্তিগত পুজিকো ব্যৱসায় কৰিবলৈ দিছে।কিন্তু লগে লগে এই নীতিও ব্যক্ত কৰিছে যে ৰাষ্ট্ৰই সমাজৰ ওপৰত নিয়ন্ত্ৰণ অব্যাহত ৰাখিব আৰু জনসাধাৰণৰ স্বাৰ্থ আৰু দেশৰ সাৰ্বভৌমত্বৰ প্ৰশ্নত কোনো ধৰণৰ আপোচ নকৰিব। সাম্ৰাজ্যবাদৰ বিৰুদ্ধে কিউবাৰ আওচহীন অৱস্থানে বিশ্বৰ যুৱ-ছাত্ৰসমাজ তথা সুবিবেচক জনগণৰ ব্যাপক সমৰ্থন আদায় কৰিবলৈ সক্ষম হৈছে।বিভিন্ন দেশত ইতিমধ্যে ৮৫০ কিউবা সংহতি সংগঠন গঢ় লৈ উঠিছে।

চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱে সাম্ৰাজ্যবাদ বিৰোধী আন্দোলনত নি:সন্দেহে বলিষ্ঠ প্ৰেৰণা যোগালে। এই মহোৎসৱে সংগ্ৰামত কিউবাৰ জনসাধাৰণকো সন্মুখ যুজঁৰ বাবে উজ্জীৱিত কৰি তুলিলে।ভাৰতবৰ্ষৰ প্ৰতিনিধিসকলক এই মহোৎসৱে নিশ্চিতভাৱে উৎসাহিত কৰিছে। ভাৰতবৰ্ষৰ স্বাধীনতাৰ সোণালী জয়ন্তী বৰ্ষত দেশৰ সাম্ৰাজ্যবাদ বিৰোধী চেতনাক শাণিত কৰাৰ প্ৰেৰণাৰে আমি হাৱানা মহোৎসৱৰ পৰা প্ৰত্যাৱৰ্তন কৰিছো।
মহোৎসৱৰ সামৰণি অনুষ্ঠান ৫ আগষ্ট তাৰিখে নিশা ৯ বজাৰ পৰা পান আমেৰিকান ষ্টেডিয়ামত অনুষ্ঠিত হয়। প্ৰায় সাত হেজাৰ শিশু আৰু যুৱক-যুৱতীয়ে প্ৰাণ পৰশা, চকু জুৰোৱা গীতি নৃত্য আলেখ্য পৰিবেশন কৰে।এই আলেখ্যৰ মৰ্মবস্তু আছিল আশাৰ সমুদ্ৰত আমি সকলোৱে ঐক্য বদ্ধ। আলেখ্যখনৰ জড়িয়তে মানৱ সমাজৰ ইতিহাস আৰু সংগ্ৰাম তুলি ধৰা হয়। সামৰণি অনুষ্ঠানত ফিডেল কাষ্ট্ৰোৰ উপস্থিতিত সংযুক্ত চাহাৰাৰ যুৱ নেত্ৰীয়ে চতুৰ্দশ বিশ্ব যুৱ ছাত্ৰ মহোৎসৱৰ চূড়ান্ত ঘোষণা পত্ৰ পাঠ কৰে। ঘোষণা পত্ৰত কোৱা হয় যে পঞ্চাশ বছৰ পূৰ্বে বিশ্বৰ তৰুণ তৰুণীয়ে যি স্বপ্ন দেখিছিল , তাক জীয়াই ৰাখিবলৈ আমি শপত গ্ৰহণ কৰিছো।বিশ্বায়ন আৰু উদাৰীকৰণে যি অনিন্দ্য সুন্দৰ বিশ্ব গঢ়ি তোলাৰ কথা কৈছে- তাত যুৱ সমাজৰ বাবে আছে কেৱল কৰ্মসংস্থানহীনতা, দাৰিদ্ৰ্য আৰু হতাশা। তাত যৌৱনৰ পতন হব ড্ৰাগ আৰু মাদক দ্ৰব্যৰে।সমস্ত চিন্তা আৰু শুভবুদ্ধিক ধ্বংস কৰি পেলাব আৰু মুষ্টিমেয় এচামে লুট কৰি পেলাব সমগ্ৰ সম্পদ…. সেয়ে আমি শপত লৈছো যে , যেতিয়ালৈকে বিশ্বত সাম্ৰাজ্যবাদ থাকিব তেতিয়ালৈকে বিৰামহীনভাৱে চলি থাকিব আমাৰ সংগ্ৰাম আৰু সংগ্ৰাম। ঘোষণা –পত্ৰত বহুজাতিক কোম্পানীবোৰৰ দ্বাৰা তথ্যৰ একচেতিয়াকৰণ আৰু জাতীয় ঐতিহ্য বিৰোধী সংস্কৃতি আমদানিৰ বিৰোধিতা কৰা হয়। কিউবাৰ ওপৰত তিনি দশকৰো অধিক কাল জুৰি থকা মাৰ্কিন অৱৰোধ অবিলম্বে প্ৰত্যাহাৰৰো দাবী জনোৱা হয়।বিশ্ব যুৱ ছাত্ৰ মহোৎসৱ আন্দোলনৰ ধাৰাবাহিকতা ৰক্ষা কৰাৰ প্ৰতিজ্ঞা গ্ৰহণ আৰু সাম্ৰাজ্যবাদ বিৰোধী মঞ্চত বেছি বেছি ছাত্ৰ-যুৱকক সমবেত কৰাৰ সংকল্পৰে উৎসৱৰ সামৰণি পৰে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে