চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট ( মূলঃ গেব্রিয়েল গাৰ্চিয়া মার্কেজ, অনুবাদঃ ৰত্না ভৰালী তালুকদাৰ)

ফিডেলৰ এখনি ব্যক্তিগত চিত্ৰপট ( মূলঃ গেব্রিয়েল গাৰ্চিয়া মার্কেজ, অনুবাদঃ ৰত্না ভৰালী তালুকদাৰ)

কিউবালৈ ফুৰিবলৈ অহা এগৰাকী বিদেশী পর্যটকক এসপ্তাহৰ বাবে সংগ দি ফিডেল কাষ্ট্রোৱে তেওঁৰ বিষয়ে কৈছিলঃ “বাপৰে, মানুহজনে কেনেকৈ ইমান কথা পাতিব পাৰে,তেওঁ দেখোন মোতকৈও বেছি কথা কয়।” ফিডেল কাষ্ট্রোক জানিবলৈ হ’লে এই কথা বুজি পাব লাগিব যে সেই কথা আছিল অতিৰঞ্জিত, অতি বেছি অতিৰঞ্জিত, কিয়নো কথোপকথনৰ প্ৰতি ফিডেলতকৈ অত্যধিক আসক্তি থকা আন এজন লোক বিচাৰি উলিওৱাটো এক অসম্ভৱ কথা৷ শব্দৰ প্ৰতি তেখেতৰ একাগ্রতা প্রায় যাদুকৰী। বিপ্লৱৰ আৰম্ভণিতে তেওঁৰ বিজয়ৰ হয়তো এসপ্তাহৰ পিছতে হাভানালৈ আহােঁতে তে অবিৰতভাৱে সাতঘণ্টা টেলিভিশ্যনত কথা কৈছিল। এইটাে বিশ্বৰেকর্ড হ’বই লাগিব। প্রথম কেইঘণ্টামান, যিসকলে সেই সন্মোহণী কণ্ঠৰ সৈতে পৰিচিত নাছিল, পৰম্পৰাগতভাৱেই তেওঁৰ কথা শুনিবলৈ বহি গৈছিল। কিন্তু সময় পাৰ হৈ গৈছিল, তেঁওলোক উভতি গৈছিল। তেওঁলোকৰ কামৰ মাজলৈ, এখন কাণ তেওঁলোকৰ কামত আৰু আনখন কাণ তেওঁৰ বক্তব্যৰ মাজত মনোনিৱেশ কৰি। সাংবািদকৰ দল এটিৰে সৈতে আগদিনা মই কাৰকাছৰ পৰা আহি পাইছিলোঁ, আৰু হােটেলৰ কোঠাত আমি তেখেতৰ ভাষণ শুনিবলৈ ধৰিছিলোঁ। কোনো বিৰতি নোহােৱাকৈ সেই ভাষণ আমি চলমান চিৰিত শুনিবলৈ পালোঁ, ব্যৱসায়িক জিলাবোৰলৈ নিয়া ভাৰাগাড়ীৰ ভিতৰত শুনিলোঁ, ফুলি থকা ফুলৰ সমাহাৰেৰে উপচি থকা কেফেৰ চাদত শুনিলোঁ, নিথৰ বাতানুকুল বাৰবােৰত শুনিলোঁ,আৰু আনকি বাটত খোজকাঢ়োতেও খুলি দিয়া খিৰিকিৰে ভাহি অহা ৰেডিঅ’ৰ উচ্চ কণ্ঠত শুনিবলৈ পালোঁ তেঁওৰ ভাষণ। সন্ধিয়ালৈকে এটাও শব্দৰ আৱেশৰপৰা মুক্ত নোহােৱাকৈ আমি আমাৰ যাৱতীয় কাম সমাপণ কৰিলোঁ। ফিডেল কাষ্ট্ৰেৰ ভাষণ প্রথমবাৰৰ বাবে শুনিবলৈ পোৱা আমাৰ মনোযোগ আকর্ষণ কৰিছিল দুটা কথাই। প্ৰথমটাে হৈছে – শ্রোতাক সন্মোহিত কৰি তুলিব পৰা তেঁওৰ কণ্ঠৰ সেই আচৰিত শকতি আৰু আনটাে হৈছে তেঁওৰ কণ্ঠৰ তৰলতা। সি এক ঘের্ঘেৰীয়া ভগা কণ্ঠ – যি কেতিয়াবা পৰিণত হয় , উশাহবিহীন ফুচফুচনলৈ। এজন চিকিৎসকে আমাজন নদীৰ বােৱতী জলধাৰাৰৰ দৰে প্ৰৱাহিত সেই ঘোৰ্ঘেৰীয়া মাতৰ মাৰাথন ভাষণ শুনি কৈছিল যে, ফিডেল কাষ্ট্রোই পাঁচবছৰৰ ভিতৰতে কণ্ঠ হেৰুৱাব। ইয়াৰ কিছুদিনৰ ভিতৰতে ১৯৬২ চনৰ আগষ্ট মাহত সেই লক্ষণ প্রকট হৈ পৰিছিল যেতিয়া আমেৰিকান কোম্পাণীবােৰৰ ৰাষ্ট্ৰীয়কৰণ কৰি প্ৰদান কৰা ভাষণৰ পিছতে তেওঁ মৌন হৈ পৰিছিল।

তেতিয়াৰেপৰা ২৬ বছৰ পাৰহৈ গৈছে। ফিডেল কাষ্ট্রেৰ বয়স এতিয়া ৬১ বছৰ, (এই ৰচনাখন লিখা হৈছিল ১৯৮৭ চনত) আৰু তেওঁৰ কণ্ঠ আগৰদৰেই অনিশ্চিত যেন শুনা যায়, কিন্তু সেই কণ্ঠ এতিয়াও কথিত শব্দৰ সূক্ষ্ম—মসৃণ শিল্প হিচাপে আটাইতকৈ উপযোগী আৰু অপ্রতিৰােধ্য সঁজুলি বুলি পৰিগণতি হৈ পৰিছে। তেওৰ বাবে তিনিটা ঘণ্টা সাধাৰণ কথোপকথনৰ বাবে স্বাভাৱিক কথা। আৰু একে সময়তে তিনিঘণ্টা তেওঁৰ বাবে দিনবোৰৰ গতি। তেওঁ যিহেতু কাৰ্যৰত এজন বিদ্যায়তনিক নেতা নহয়, সেয়েহে সমস্যাবােৰৰ ক’ত আছে তাক বিচাৰি উলিয়াবলৈ যাওতে তেওঁক হয়তো দেখা পোৱা যায় বিচ্ছিন্ন গাড়ীৰ নিভৃতত, সংগ দিয়া মটৰচাইকেলবােৰৰ গর্জন অবিহনে, হাভানাৰ পৰিত্যক্ত বাটত নিৰলে শুই থকা অৱস্থাত অথবা কোনো নির্জন বাটত যিকোনো সময়তে, আনকি বেলিয়ে ঢল ফাট দিয়াৰ সময়তো। এই সকলোবোৰ লগ হৈ জন্ম দিছে এক কিংবদন্তিৰ – যে তেওঁ এজন যাযাবৰী, একাকী লোক, নিয়ম-শৃংখলা নথকা, অগতানুগতিক শৈলীৰে নিদ্রাহীনতাত ভোগা এজন ব্যক্তি, যি হয়তো যিকোনো সময়তে আহি ওলাব পাৰে, আৰু গৃহস্থক পুৱালৈকে জগাই ৰাখিবও পাৰে। বিপ্লৱৰ আগতীয়া সময়বোৰত এনে এক ভাৱমূর্তি গঢ় লৈ উঠাৰ কিছু সত্যতাও আছে – চিয়েৰা মেষ্টাৰপৰা তেওঁ বহুবােৰ অভ্যাস কঢ়িয়াই আনিছিল। তেওঁৰ দীঘলীয়া ভাষণবোৰৰ বাবেই নহয় – কিন্তু পোন্ধৰ বছৰ জুৰি তেওঁৰ প্ৰকৃত এখনি ঘৰ নথকাৰ বাবে, এটাও কার্যালয় নথকাৰ বাবে আৰু আনকি দৈনন্দিন কামৰ এক সুনির্দিষ্ট ৰুটিনো নাছিল। তেঁও য’তেই ইচ্ছা কৰে, তাতেই আছিল চৰকাৰী স্থান, আৰু ক্ষমতা নিজেই আছিল সুযোগৰ ওপৰত নিৰ্ভৰশীল, অনুষ্ঠানবোৰাে আছিল তেওঁ বিচৰামতেই। এতিয়া কথাবোৰ সম্পূর্ণ বেলেগ। তেঁওৰ সেই নিজস্ব উগ্ৰতাৰপৰা বিচ্যুত নােহােৱাকৈ তেওঁ অৱশেষত নিজৰ জীৱনৰ ওপৰত এক শৈলী ঠিক কৰি লৈছে। পূৰ্বতে, যেতিয়া তেওঁ ভাৰাক্রান্ত হৈ উঠিছিল, মাথাে কিছু বিচ্ছিন্ন পলকৰ বাহিৰে ভাৰাক্ৰান্ত অৱস্থাতেই দিন-ৰাতি অতিবাহিত কৰিছিল। এতিয়া তেওঁ নিজকে অন্ততঃ ছয়ঘণ্টা আমনি নোহােৱাকৈ শুবলৈ দিয়ে, যদিওবা, সেয়া কেতিয়া হয়। তেওঁ নিজেও কব নোৱাৰে। কার্য সম্পাদনৰ ওপৰত নিৰ্ভৰ কৰি, এই সময় নিশা ১০ বজাৰপৰা পিছদিনা পুৱা ৭ বজালৈকে হ’ব পাৰে। দৈনন্দিন কামৰ বাবে তেওঁ কেইবাঘণ্টাও ব্যয় কৰে কাউন্সিল অৱ ষ্টেটৰ প্ৰেছিডেন্সিত – য’ত আছে এখন সুবিন্যস্ত মেজ, বিশুদ্ধ চামৰাৰ আৰামদায়ক আচবাৱ, আৰু তেওঁৰ ৰুছিৰ প্ৰতিফলন ঘটাই মাটি নোহােৱাকৈ শস্যৰােপণ কৰা পদ্ধতি সম্পৰ্কীয় চুক্তিৰপৰা আৰম্ভ কৰি ৰমন্যাসিক উপন্যাসলৈকে ঠাহ খাই থকা বিভিন্ন বিষয়ৰ কিতাপৰ এটি চেলফ | আধাবাকচ চি গাৰৰ পেকেটৰপৰা তেওঁ চিগাৰ হুপিছিল, সেই দিনটাে পর্যন্ত – যিদিনা তেঁও খৃষ্টোফাৰ কলম্বাছে দেশখনত ধপাত আৱিস্কাৰ কৰাৰ পিছৰপৰা সমকালীন সময়লৈকে ধপাতেই ৰাজহ উপাৰ্জনৰ অন্যতম উৎস হৈ পৰা কিউবাত ধপাঁতবিৰােধী অভিযানৰ সফল কৰিবলৈ নৈতিক কতৃত্ব স্থাপনৰ তাগিদাত একেবাৰেই সেই অভ্যাস পৰিত্যাগ কৰিছিল।

শৰীৰৰ ওজন বৃদ্ধিয়ে দিয়া বিৰক্তিদায়ক অস্বস্তিৰ বাবে তেঁও নিয়মিত খাদ্যাভাস গঢ়ি তুলিবলৈ বাধ্য কৰিছে। তেঁওৰ বিপুল পৰিমাণৰ ভোকৰ কথা বিবেচনা কৰিলে কব লাগিব যে, সি এক সীমাহীন ত্যাগ – বিশেষতঃ ৰন্ধনকলাৰ বিভিন্ন প্ৰকৰণৰ বিষয়ে জনাৰ ক্ষেত্ৰত থকা তেওঁৰ উদগ্র বাসনাৰ কথা ভাবিলে, যিবোৰ প্ৰকৰণ তেওঁ বিজ্ঞানসন্মতভাৱে প্ৰস্তুত কৰিবলৈ ভাল পায়। এদিন দেওবাৰে অভ্যাসগতভাৱেই তেঁও ১৮ চামুচ আইচক্রনীমেৰে এক বিশাল ভোজন কৰিলে। অৱশ্যে সাধাৰণতে তেওঁ সিজোৱা পাচলিৰে সৈতে মাছ খায়, আৰু ইয়াৰ পিছত নিজে খোৱাৰ সময়ত ঠিক কৰি লোৱাতকৈ ভোক লাগিলেহে খায়। কেইঘণ্টামানৰ শৰীৰ চৰ্চা, সঘন সর্তোৰেৰে তেঁও এক সুন্দৰ স্বাস্থ্য বজাই ৰাখে। প্রায় অদৃশ্য শোহাৰে এগিলাচ হুইস্কিতেই তেঁও নিজকে সীমাবদ্ধ ৰাখে আৰু বিপ্লৱৰ আদিপাঠ প্রদান কৰা মচিয়ে চিজাৰে চাচিয়ে প্রস্তুত কৰিবলৈ শিকোৱা স্পেঘেটিৰ প্ৰতি থকা দুর্বলতাকে সামৰি ৰাখে। তেওঁৰ প্ৰচণ্ড, কিন্তু পলকতে মাৰ যোৱা খং এতিয়া অতীত হৈ পৰিছে, আৰু অতীৱ ধৈর্যেৰে তেওঁ বিষগ্ন মুহুর্তবােৰ পাতলাই দিবলৈ শিকিছে। থোৰতে, এক লৌহ কঠিন নিয়মানুবর্তিতা । কিন্তু যিকোনো পৰিস্থিতিত সেয়া যথেষ্ট নহয় বুলি কবই লাগিব – বিশেষত সময়ৰ আৱশ্যম্ভাৱী অভাৱে যিদৰে জাপি দিছে এক অনিয়মিত ৰুটিন, আৰু তেঁওৰ কল্পনাৰ শকতিয়ে যিকোনাে মুহুর্ততেই তেঁওক ক’ৰবালৈ টানি নিয়ে। তেঁওৰ সৈতে থাকিলে আপুনি ক’ত আৰম্ভ হৈছে, সেয়া গম পাব – কিন্তু আপনি নাজানিব শেষ ক’ত হ’ব। কোনো এয়া অস্বাভাৱিক কথা নহয় যে, কোনো এক নিশা আপুনি কোনো গোপন স্থান অভিমুখে আকাশীজাহাজেৰে উৰি গৈছে, বিয়াৰ অভ্যর্থনাৰ বিশেষজন হৈ পৰিছে, সাগৰৰ মুকলি জলধিত লবষ্টাৰ ধৰিছেগৈ বা কামাগুৱেত তৈয়াৰ কৰা ফ্রেন্স চীজ চাকি চাইছে। বহুদিনৰ আগতে তেওঁ কৈছিল – কাম কৰিবলৈ শিকাটাে যিদৰে জৰুৰী, সেইদৰে জৰুৰী জিৰণি লবলৈ শিকাটোও। কিন্তু তেওৰ জিৰণিৰ পদ্ধতি আছিল অতিশয় নিজা। এবাৰ তেওঁ মধ্যৰাতিলৈকে কাম কৰিলে, আৰু তেওঁযে কিমান ভাগৰুৱা হৈ পৰিছে তাক দেখিলেই ধৰিব পৰা হ’ল, কিন্তু পুৱতি নিশা তেওঁ পুনৰ সজীৱ হৈ উঠিল দুঘণ্টামান সাঁতোৰ দি। ব্যক্তিগত পার্টি আদি তেওঁ মুঠেই পছন্দ নকৰিছিল, কিয়নো তেওঁ আছিল সেইসকল বিৰল প্রজাতিৰ কিউবানৰ এজন, যি গান গাব বা নাচিব নাজানিছিল, আৰু যি কমসংখ্যক পাৰ্টিত তেওঁ উপস্থিত হৈছিলগৈ, তেওঁগৈ পোৱাৰ লগে লগেই সেইবােৰৰ পৰিবেশেই সলনি হৈ পৰিছিল। হয়তো তেওঁ নিজে সেই কথা উপলব্ধি কৰা নাছিল। হয়তো তেওঁৰ উপস্থিতিয়ে সৃষ্টি কৰা পৰিবেশৰ শকতিৰ বিষয়ে তেওঁ নিজেই নাজানিছিল – সি আছিল এনে এক উপস্থিতি যি সকলোবােৰ খালি ঠাই ভৰাই তুলিছিল, যদিও তেওঁ প্রথমতে ভাৱ হােৱাৰ দৰে ওখ বা বিশাল বাপুও নাছিল। নিজকে সঠিক যেন দেখুৱাবলৈ বা অতিশয় আত্মবিশ্বাসী যেন দেখুওৱাবলৈ যোৱা বহু ব্যক্তিত্বসম্পন্ন ব্যক্তিয়েও তেওঁৰ সমুখত থোত-মোত কৰা মই দেখিছো – এইসকলে এই কথা কল্পনাও কৰিব নোৱাৰে যে তেওঁলোকতকৈ তেওঁ বহু বেছি পৰিমাণে নিজক লৈ সচেতন আৰু আৰম্ভণিতেই সচেষ্ট হয় – যাতে সেই ৰূপ ধৰা নপৰে। মই সদায়েই বিশ্বাস কৰোঁ যে, নিজৰ কামৰ কথা কবলৈ গৈ তেওঁ বিনয়েৰে যি “বহুজনৰ কথা কয়, (‘মই’ৰ পৰিৱর্তে “আমি”), সেয়া সততে ভাৱ হােৱাৰ দৰে সিমানকৈ মহিমামণ্ডিতশব্দৰ প্রয়োগো নহয়, বৰং যেন নিজৰ লজ্জাশীলতাক আবুৰ কৰিবলৈ এক কাব্যিক অনুমোদনহে। স্বাভাৱিকতেই তেওঁৰ উপস্থিতিত নৃত্য স্তব্ধ হৈ পৰে, সংগীত হৈ পৰে বন্ধ, নৈশভোজ বন্ধ কৰি দিয়া হয় আৰু মানুহবােৰ গোট খায়গৈ তেওৰ কাষত – ক্ষণিকতে আৰম্ভ হােৱা আড্ডাত৷ যিমান সময়ৰ বাবেই নহওক কিয়, তেওঁ তাতেই তেনেদৰে থাকিব পাৰিব – ঠিয়দঙা দি, খাদ্য বা এটুপি পানীও নোখোৱাকৈ । কেতিয়াবা হয় কি, শুবলৈ যোৱাৰ আগেয়ে তেওঁ হয়তো আগতীয়াকৈ নজনোৱাকৈ কোনো এক নিকট বন্ধুৰ দুৱাৰতটুকুৰিয়ালে, আৰু ক’লে যে, তেওঁ পাঁচ মিনিট সময় থাকিব। তেওঁ ইমান বিনয়েৰে সেই কথা ক’ব যে আনকি ক’তো নবাহেও। লাহে লাহে তেওঁ সোমাই পৰিব নতুন আড্ডাত, কিছুসময়ৰ পিছত আৰামী চকী এখনত দেহটাে এৰি দি ভৰিদুখন মেলি দিব, আৰু কব “মই যেন এজন নতুন মানুহ হৈ উঠিছে৷” সেইটােৱেই সাৰ কথা – কথাৰ প্ৰতি হেঁপাহ, কথা কৈ কৈ তেওঁ জিৰণি লয়। এবাৰ তেওঁ কৈছিল – “অহা জনমত মই এজন লিখক হ’ব খোজোঁ৷ ” দৰাচলতে তেওঁ লিখে ভাল, আৰু কামটাে তেওঁ উপভোগো কৰে, আনকি চলি থকা গাড়ীৰ ভিতৰতো তেওঁৰ কাষত সদায় থকা নোটবুকখন থাকে। তেওঁৰ মনলৈ যি ভাৱ আহে, তাকে লিখি ৰাখিবৰ বাবে, বা কেতিয়াবা ব্যক্তিগত পত্র লিখিবৰ বাবে। সেইবােৰ সাধাৰণ কাগজৰ নটবুক, নীলবৰণীয়া প্লাষ্টিকৰ বকলা থকা, যিবোৰ তেওঁৰ ব্যক্তিগত ফাইলত বছৰ বছৰ ধৰি জমা হৈছে। তেওঁৰ হাতৰ আখৰ সৰু আৰু পৰিশীলিত, যদিও প্রথমতে দেখাতে আখৰবোৰ স্কুলীয়া ছাত্ৰৰ আখৰৰ দৰেই সৰল যেন লাগে। পেশাদাৰী লোকৰ দৰেই তেওঁ লিখিবলৈ বহে। একোটা বাক্যাংশ কেইবাবাৰাে শুধৰায়, কাটে, মার্জিনৰ ভিতৰত পুনৰ লিখে, আৰু প্রকৃততে বিচাৰি থকা শব্দটাে নােপোৱালৈকে সন্ধান কৰি থকা, অভিধান খোঁচৰা, কাষে-পাজৰে থকাজনক সোধা – এইবোৰ তেওঁৰ বাবে অস্বাভাৱিক নহয়। ১৯৭০ৰ দশকত তেঁও প্রদান কৰা ভাষণবোৰ লিখি উলিওৱাৰ অভ্যাস এটা গঢ় লৈ উঠিল – ইমান লাহেকৈ আৰু কষ্টসাধ্যভাৱে তেওঁ সেই কাম কৰে যে কামটাে প্রায় যান্ত্রিকধৰণৰ হৈ পৰিল। কিন্তু এই অভ্যাসে যেন সেইবোৰ নষ্টহে কৰিলে। ভাষণবোৰ পঢ়োঁতে ফিডেল কাষ্ট্ৰোৰ ব্যক্তিত্ব সলনি হৈ পৰা যেন লাগে, সলনি হৈ পৰে সুৰ, শৈলী, আনকি তেওঁৰ কণ্ঠৰ মানো। ৰিভ’লিউশ্যন স্কোৱেৰৰ আধা নিযুত মানুহৰ বৃহৎ সমাগমত কেইবাবাৰাে লিখিত শব্দৰ আবেষ্টনীত তেওঁৰ যেন দম বন্ধ হৈ পৰিছিল, আৰু যেতিয়াই সুযোগ পাইছিল পাঠৰপৰা ওলাই আহিছিল। কেতিয়াবা যদি টাইপিষ্টে ভুল কৰা যেন দেখে, শুধৰােৱাৰ পৰিৱৰ্তে তেওঁ মৌন হৈ পৰে আৰু বলপেন এটা লৈ, সময়লৈ নিজেই লিখি উলিয়ায়। তেওঁৰ কেতিয়াও সন্তুষ্টি নাছিল। বক্তৃতাবােৰ আকৰ্ষণীয় কৰিবলৈ চেষ্টা কৰা স্বত্বেও, আৰু বহুক্ষেত্ৰত সফল হােৱা স্বত্বেও, সেই বন্দী ভাষণবােৰে তেওঁক কৰি তুলিছিল হতাশ।তেওঁ যি কথা কবলৈ বিচাৰিছিল, শব্দবােৰে কৈছিল সেইবোৰ কথাকেই– আৰু হয়তো বেছি ভালকৈয়ে কৈছিল, কিন্তু তাত নাছিল। তেওঁৰ জীৱনৰ সেই বিশাল উত্তেজনা, যি হৈছে। ঝুকি লোৱাৰ উত্তেজনা। এইদৰে নিজকে কুশলী কৰি তোলাৰ পজক্ষেপটােৱেই তেওঁৰ বাবে সঠিক পৰিবেশ যেন লাগে, যদিও তেওঁ সদায়েই জয় কৰিবলগীয়া হয় কবলৈ ধৰােঁতেই প্ৰাৰম্ভিক পর্যায়ত তেওঁ অসহজ হৈ পৰাৰ কথাটাে, যাক খুব কম মানুহেই ধৰিব পাৰে, আৰু তেওঁ নিজেও তাক অস্বীকাৰ নকৰে।

কিছুবছৰৰ আগেয়ে ৰাজহুৱা অনুষ্ঠান এটাত ভাগ লবলৈ অনুৰােধ জনাই তেওঁ মোলৈ দিয়া টােকা এটাত কৈছিলঃ “আপোনাৰ ষ্টেজত উঠাৰ ভয় এবাৰ অতিক্রম কৰিবলৈ চেষ্টা কৰিব, যিটাে মই নিজেই প্রায়েই কৰাে।” অতি বিশেষ মুহুর্ত কিছুমানতহে তেওঁ এনেদৰে কাৰ্ডৰ সৈতে টােকা ব্যৱহাৰ কৰে, যাক তেওঁ আৰম্ভ কৰাৰ আগেয়ে অনাড়ম্বৰভাৱে পকেটৰপৰা উলিয়ায় আৰু ধৰি লৈ ভালদৰে চাই লয়। তেওঁ পোনতে আৰম্ভ কৰে কোনোমতেহে শুনিবলৈ পোৱা এক মাতেৰে, ক্ষণিত ইতস্ততঃ কৰি, সন্মুখৰ অনিশ্চিত ধূসৰ এক প্রেক্ষা উন্মোচন কৰি, কিন্তু যিকোনাে তিৰবিৰণিক ধৰি ৰাখি, যাতে প্রতি ইঞ্চি খোজ দৃঢ় কৰি যাব পাৰে, সেই বিশেষ খোপনিটাে নোপোৱালৈকে, আৰু দৰ্শকৰ ওপৰত প্ৰভাৱ বিস্তাৰ কৰে। তেতিয়াই প্রতিষ্ঠা হয় আদান আৰু প্ৰদানৰ এক পৰিবেশ, যি উভয়কে উত্তেজিত কৰে, আৰু উভয়ৰে মাজত স্থাপন হয় এক ধৰণৰ দ্বন্দমূলক সংসৰ্গৰ। এই অসহ্যকৰ উত্তেজনাৰ গৰ্ভতে থাকে। তেওঁৰ গৰ্বোল্লাসৰ নির্যাস। ই অনুপ্রেৰণা – অপ্ৰতিৰােধ্য, আৰু কৰুণাৰ মূর্তমান ক্ষণ, যাক হয়তো নস্যাৎ কৰিব পাৰে সেইসকলেহে, যিসকলৰ এই অভিজ্ঞতা লাভ কৰাৰ সৌভাগ্য হােৱা নাই। আদিচােৱাত, ৰাজহুৱা অনুষ্ঠানবােৰৰ আৰম্ভণি ঘটিছিল তেওঁ উপস্থিত হােৱাৰ লগে লগে, যদিও সেইটাে আছিল বৰষুণৰ দৰেই অনিশ্চিত। আজিকালি তেওঁ প্রায়েই সময়মতে উপস্থিত হয়, আৰু তেওঁৰ ভাষণৰ সময়ৰ নিৰ্ধাৰণ হয় দৰ্শকৰ মনোজগতৰ অৱস্থাৰ ওপৰত নিৰ্ভৰ কৰি | প্ৰথমৰ বছৰবোৰৰ সেই অনির্দিষ্ট ভাষণবোৰ এতিয়া আৰু কিংবদন্তিৰে সনা-পোতোকা খাই অতীত হৈ পৰিছে, কিয়নাে সেই সময়বােৰত তেওঁৰ ব্যাখ্যা কৰিবলৈ থকা সেই বিশাল প্ৰসংগবােৰ এতিয়া সকলোৱে বুজি পায়, আৰু অতবােৰ বক্তৃতাৰ কলা- কৌশলৰ পিছত ফিডেল কাষ্ট্ৰোেৰ নিজৰ শৈলীয়েই এতিয়া সুসংঘবদ্ধ হৈ পৰিছে। তেওঁ কেতিয়াও বিৰক্তিকৰভাৱে আওৰাই নাথাকে সাম্যবাদী দর্শনৰ সেই শ্ল’গানবােৰ বা নকয় সেই দৰ্শনৰ দ্বন্দমলক কথাবােৰ – যি নিজেই এক জীৱাশ্ম ভাষা, যি বহু আগতেই হেৰুৱাই পেলাইছে বাস্তৱতাৰ সৈতে তাৰ প্ৰাসংগিকতা, যি প্রশস্তিমূলক আৰু স্মৃতিচাৰণৰ সাংবাদিকতাৰ সৈতেহে খাপ খায় – এনে লাগে যেন সি প্রকাশ কৰাতকৈ ঢাকিহে ৰাখে। তেওঁ কৃতীমান স্ব-মতান্ধতা বিৰােধী লোক, যাৰ সৃষ্টিশীল কল্পনাই বাস কৰে৷ মতান্ধতাৰ বিৰােধিতাৰ অটলতলি সন্ধান কৰাত। নিজৰ প্রিয় লিখক জোচে মাৰ্টিৰ বাহিৰে তেওঁ কাচিৎহে আনৰ উদ্ধৃতি ব্যৱহাৰ কৰে – সেয়া কাৰােবাৰ সৈতে আড্ডা দিওতেই হওক বা মঞ্চৰপৰা ভাষণ দিওতেই হওক। তেওঁ মাটিৰ চৌব্বিশটা খণ্ডত প্রকাশিত লিখনিবোৰ তন্ন তন্নকৈ পঢ়িছে, আৰু নিজৰ ভাৱধাৰাক মাৰ্ক্সবাদী বিপ্লৱৰ ৰক্তস্রোতত সংপৃক্ত কৰিছে। কিন্তু তেওঁৰ নিজৰ দৰ্শনৰ নির্যাস প্রোথিত হৈছে হয়তো তেওঁৰ বিশ্বাসৰ মাজত – যে জনতাৰ কাম, সবাৰাে উর্ধত প্ৰতিজন ব্যক্তিৰ প্ৰতি দায়বদ্ধ হােৱাটােত নিৰ্ভৰ কৰে। মানুহৰ সৈতে প্রত্যক্ষ যোগাযোগ কৰাৰ ক্ষেত্ৰত থকা তেওঁৰ আত্মবিশ্বাসৰ বাবেই এনে হয় বুলি উমান পাব পাৰি। আনকি বিপ্লৱৰ দৰে কঠিন বিষয়বস্তু এটাও এনে লাগে যেন বিশ্ববিদ্যালয়ত চোতালত সাধাৰণ বিপ্লৱ সম্পর্কে কৰা এক আলোচনাহে। বিশেষকৈ হাভানাৰ বাহিৰত পৰিবেশটাে এনেকুৱা হয়গৈ যে, ৰাজহুৱা সভা এখনত বক্তৃতা দি থাকোঁতে ভিৰৰ মাজৰপৰা কোনোবা এজনে হয়তো তেওঁক চিয়ঁৰি কিবা এষাৰ কৈছে আৰু কাৰবাৰটাে চিঞৰি চিঞৰি কৰা এক আলোচনা হৈ পৰিছেগৈ। প্ৰতিটাে অনুষ্ঠানৰ বাবে তেওঁ নিজাকৈ একোটা ভাষাৰ শৈলী কয় – শ্রমিক, কৃষক, ছাত্র, বিজ্ঞানী, ৰাজনীতিক, লিখক, বিদেশৰপৰা অহা লোক- এইদৰে বিভিন্ন জনৰ আগত সুকীয়া সুকীয়া পৰিস্থিতিত ব্যাখা কৰিবলগীয়া কথাবােৰৰ বাবে তেওঁৰ ভাষাও হৈ পৰে সুকীয়া।

বিশাল আৰু বৈচিত্রময় তথ্যৰ ভাণ্ডাৰ মজুত থকাৰ বােবইে তেওঁ অতি সহজেই যিকোনো ভাষাত কথাবোৰ নিৰহনিপানীকৈ বুজাই দিব পাৰে। কিন্তু তেওঁৰ ব্যক্তিত্ব ইমানেই জটিল আৰু আগতীয়া ধাৰণা কৰি লব নোৱাৰাবিধৰ যে, তাৰ বাবেই একেটা সময়তে মানুহে তেওঁৰ সম্পর্কে সুকীয়া সুকীয়া ভাৱ পোষণ কৰিছিল। কিন্তু এটা কথা নিশ্চিত যে, ফিডেল কাষ্ট্রোই য’তেই কথা নাপাতক, যাৰে লগতেই নাপাতক, যেনেকৈয়ে নহওক তেওঁ জিকিবই। বিশ্বৰ যিকোনো এজন মানুহক তেওঁ হৰুৱাই দিব পাৰিব বুলি মই ভাবোঁ। পৰাজয়ৰ সমুখত মানুহজন এনেকুৱা হৈ পৰে – আনকি দৈনন্দিন জীৱনৰ তুচ্ছতিতুচ্ছ কথাবোৰতো – যে সেই পৰাজয়ক জয়ৰ দিশে লৈ নহালৈকে তেওঁ যেন এক দণ্ডও শান্তিত নাথাকিব। কিন্তু যিয়েই নহওক বা য’তেই নহওক কিয়, তেওঁ উত্তপ্ত কথা-বতৰাৰ মাজেৰেহে তাক হাচিল কৰিব। আৰু বিষয়বস্তুও হ’ব পাৰে বৈচিত্রময় – দর্শকৰ আগ্রহ অনুযায়ী, কিন্তু যেতিয়া তেওঁ সকলোবােৰ দৰ্শকৰ সমুখত এটা নির্দিষ্ট বিষয় লৈ ভাষণ দিয়ে, তেতিয়াহে সাধাৰণতে বিৰাধিতা আহে। যেতিয়া তেওঁক আমনি কৰি থকা কোনো এক ধাৰণাই তেওঁৰ মনত তোলপাৰ লগাই থাকে তেতিয়াই সাধাৰণতে এনে হয়, আৰু সেই সমস্যাটাে গুৰিৰেপৰা চিন্তা কৰি সমাধান নকৰালৈকে তেওঁক কোনেও লৰ-চৰ কৰিব নোৱাৰে। — সেই ক্ষেত্ৰত তেওঁ যিদৰে বিষয়টোক লৈ মগ্ন হৈ পৰে, সেই আচ্ছন্ন মগ্নতাক কোনেও যেন চেৰ পেলাব নোৱাৰে। সমস্যাটাে সৰুৱেই হওক বা ডাঙৰেই হওক – এক ভয়ানক নিমগ্নতাৰে তেওঁ তাৰ মাজত সোমাই পৰিব- বিশেষকৈ, তেওঁ যদি জীৱনৰ প্ৰতি অহা ভাবুকিৰ দৰে কোনো গভীৰ সমস্যাৰ সমুখীন হয়। তেনে কঠিন সময়বােৰত তেওঁ গোটেই মানুহজন যিদৰে উদ্ভাসিত হৈ উঠে, তেওঁৰ স্পৃহা যিদৰে প্ৰকাশ্য হৈ পৰে, সেয়া আন সময়ত চকুত পৰাটো সম্ভৱ নহয়। তেওঁক বুজি পোৱা বুলি ভবা কোনোবা এজনে মন্তব্য কৰিছিল – “সময় প্রতিকূলতাৰে যাব লাগে,কিয়নো তেতিয়া আপুনি হৈ উঠে। জ্যোতিষ্কৰ দৰে।।” অৱশ্যে তেওঁক প্রথমবাৰ বাবে সাক্ষাৎ কৰিবলৈ অহা বিদেশী দর্শনার্থী এজনে কিছু বছৰ আগেয়ে মোক কৈছিল – “ফিডেল বুঢ়া হৈছে, যোৱা নিশা একেটা বিষয়ৰ ওপৰত তেওঁ প্রায় সাতবাৰ কথা কৈছে|” মই তেওঁক কৈছিলোঁ যে, এই আপাত উন্মাদপ্রায় যেন লগা কথা-বতৰাবােৰেই তেওঁ কাম কৰা শৈলীবােৰৰ ভিতৰৰ এটা। উদাহৰণস্বৰূপে, লেতিন আমেৰিকাৰ বিদেশী পুঁজিৰ ধাৰৰ কথাটােৱে কেনেবাকৈ দুবছৰ আগতে তেওঁৰ কথোপকথনৰ মাজত স্থান পালে, কথাটাে মনত সোমাল, ডালে-পাতে পোখা মেলিল আৰু ভৰপুৰ হৈ জাতিস্কাৰ হৈ পৰিল সঘনেই দেখা এটা দুঃস্বপ্নৰ দৰেই। সহজ অংক এটাৰ দৰেই তেওঁ প্রথমবাৰৰ বাবে কৈছিল যে, সেই ধাৰ পৰিশোধ কৰাটাে সম্ভৱ নহয়। লাহে লাহে, সেই বছৰটােত মই হাভানালৈ কৰা তিনিটা ভ্ৰমণলৈকে মই দেখিবলৈ পাইছিলোঁ। বিষয়টােৰ সন্দৰ্ভত তেওঁৰ শেহতীয়া ভাৱধাৰা— দেশৰ অৰ্থনীতিত সেই ধাৰৰ বিৰূপ প্রতিক্রিয়া, ইয়াৰ ৰাজনৈতিক আৰু সামাজিক প্ৰভাৱ, আন্তর্জাতিক সম্পর্ক স্থাপন কৰাৰ ক্ষেত্ৰত তাৰ অনিৰ্ণেয় প্ৰভাৱ, এক ঐক্যবদ্ধ লেতিন আমেৰিকান নীতি গ্রহণ কৰা ক্ষেত্ৰত ইয়াৰ প্রাদেশিক আৱশ্যকতা। সর্বশেষত তেওঁ হাভানাত বিশষজ্ঞসকলক লৈ এক সন্মিলনৰ আয়োজন কৰিলে, তাত তেওঁ এনে এটা ভাষণ প্রদান কৰিছিল, য’ত তেওঁ পূৰ্বৰ কথা-বতৰাবােৰৰ এটাও মিল বিষয় এৰি থৈ যোৱা নাছিল। তেতিয়ালৈকে তেওঁ গোটেই বিষয়টােৰ সন্দৰ্ভত এক বিস্তৃত দৃষ্টিভংগী আয়ত্ব কৰি পেলাইছে, তাৰ ফলৱতীকৰণৰ বাবে সময়লৈহে অপেক্ষা কৰাটােহে কথা। মোৰ ধাৰণাত এগৰাকী বিচক্ষণ ৰাজনীতিক হিচাপে তেওঁৰ আটাইতকৈ ব্যতিক্রমী দিশটাে হৈছে এটা নির্দিষ্ট সমস্যাৰ বিচক্ষণতাৰে পর্যালোচনা কৰা, তাক সমাধনসূত্রই যিমানেই দূৰৈত অৱস্থান নলওক কিয, তাক বিচাৰি যোৱা – যেন তেওঁ আইচবাৰ্গৰ চকুৰ সমুখত দেখা পোৱা টুকুৰাটােৱেই নহয়, অতল জলধিত লুকাই থকা থকা ইয়াতকৈ সাত-আঠগুণে ডাঙৰ খণ্ডটােও দেখা পায় কিন্তু এই বিশিষ্টত কেৱল তীক্ষ্ণ অন্তর্দৃষ্টিৰ বাবেই নহয় – বিচাৰ-বুদ্ধিৰ অবিৰত আৰু কঠিন কৃচ্ছসাধনাৰেহে তেওঁ তাক আয়ত্ত্ব কৰিছে। এক বিচক্ষণ দোভাষীয়েহে তেওঁৰ মনত গঢ় লোৱা ভাৱ বা ধাৰণা এটাৰ প্রথম সোপানটিৰ বীজটি প্রোথিত হােৱাৰেপৰা উক্ত বিদেশী পুঁজিৰ ধাৰৰ বিষয়টোত হােৱাৰ দৰে কেইবামাহাে ধৰি লেঠাৰি নিচিগা কথা-বতৰাৰ মাজেৰে তাক ৰপ্ত কৰি অৱশেষত সংহতভাৱে ৰাজহুৱা কৰালৈকে গোটেই কাৰবাৰটােৰ উমান পাব পাৰে। বিষয়টােৱে তেওঁৰ মনত তোল-পাৰ কৰাৰ লগে লগে সি পৰিপূৰ্ণতা লাভ কৰালৈকে কথাটাে জীৱন-দায়িনী চক্ৰ এটাই সম্পূর্ণতা লাভ কৰাৰ প্রক্রিয়া এটাৰ দৰেই কঠিন হৈ পৰে। এনে এক মৌখিক কাৰাখানাৰ বাবে প্রয়ােজন। কিনকিন বৰষুণৰ দৰে তথ্যৰ প্ৰৱাহৰ, যাক চােবাই হজম কৰিব পাৰি। তেওঁৰ অতীৱ শক্তিধৰ অস্ত্রপাতেই হৈছে তেওঁৰ স্মৃতিশক্তি, আৰু বিস্ময়কৰ যুক্তি আৰু গাণিতিক বিশ্লেষণেৰে তেওঁৰ ভাষণ তথা ব্যক্তিগত কথোপকথনৰ অতুলনীয় গতিশক্তিৰে সংশ্লেষিত কৰি পেলায়। সাৰ পোৱা মাত্রকে তথ্য সংগ্ৰহ কৰাটাে হৈ উঠে তেওঁৰ প্ৰাথমিক কাম। গোটেই বিশ্বৰ কমপক্ষেও ২০০ পৃষ্ঠাৰ বাতৰিৰে সম্পন্ন হয় তেওঁৰ পুৱাৰ জলপান গ্ৰহণৰ প্রক্রিয়া। গোটেই দিনটােৰ কামৰ অসম্ভৱ গতিৰ মাজতো খবৰবােৰে অত্যন্ত জৰুৰী তথ্যৰ ৰূপত তেওঁক সর্বত্ৰে খেদি ফুৰে। তেওঁ নিজেই দিনটাে ৫০ খনমান প্রতিবেদন পঢ়িবলৈ থাকে বুলি কয়। এইবােৰ উপৰিও তেওঁৰ পঢ়িবলৈ থাকে দৰকাৰী নথি-পত্ৰৰ ফাইলৰ লগতে তেওঁৰ দৰ্শনাৰ্থীসকলে দিয়া প্রতিবেদনবােৰ, আৰু তেওঁৰ অনন্ত কৌতুহলৰ পৰিধি স্পর্শ কৰিব পৰা আন যিকোনো বিষয়ৰ কাগজ-পত্ৰ। আনকি উৰাজাহাজেৰে যাওতেও তেওঁ সেইবোৰ পঢ়ে বুলি ক’লেও অত্যুক্তি নহয়। তেওঁ বিমানযাত্ৰা পৰাপক্ষত পৰিহাৰ কৰিছিল, আৰু কোনো বিকল্প নথকাতহে বিমানত উঠে। সকলো কথা জনাৰ আগ্রহৰ বাবেই বিমানযাত্ৰাৰ এজন উপযোগী যাত্রী তেওঁ হৈ উঠিব পৰা নাই – বিমানত তেওঁ শুবও নোৱাৰে আৰু পঢ়িবও নোৱাৰে, কেতিয়াবাহে খোৱাবস্তু গ্রহণ কৰে, যাত্ৰাপথৰ মেপকে ধৰি তেওঁৰ মনত সন্দেহ থকা আন সকলোবোৰ দিশৰ বিষয়ে পাইলটক সুধি ব্যতিব্যস্ত কৰিব, আকাশীপথৰ আন পথেৰে যোৱাৰ বিপৰীতে এইটো পথ কিয় লোৱা হৈছে টাৰবাইনৰ শব্দৰ তাৰতম্য কিয় হৈছে, ভাল বতৰ স্বত্বেও উৰাজাহাৰাজৰ জোকাৰণি কিয় হৈছে — ইত্যাদি ইত্যাদি। উত্তৰবোৰ নিশ্চিতভাৱে শুদ্ধ হবই লাগিব, কিয়নো কথা-বতৰাৰ মাজতে তেওঁ সিজনে কৰা সামান্যতম ভুল এটাও আৱিস্কাৰ কৰি পেলাব পাৰে। খবৰ লাভ কৰাৰ আৰু এটা সূত্র অৱশ্যেই কিতাপবােৰ। তেওঁ যে এজন গ্রন্থ কীট, সেই কথাটি ফিডেল কাষ্ট্ৰ’ৰ বিৰােধীসকলে তেওৰ ব্যক্তিত্ব সম্পর্কে কৰা প্ৰচাৰৰ লগত কোনোমতেই নিমিলে ৷ কোনেও নাজানে, তেওঁ ক’ৰপৰা ইমান সময় পায়, কেনেকৈ পায় আৰু কি পদ্ধতি অৱলম্বন কৰে- যে তেওঁ ইমান কিতাপ পঢ়ে আৰু ইমান খৰকৈ পঢ়ে, যদিও তেওঁ বাৰে বাৰে কয় যে, তাত আচৰিত হ’বলগীয়া একো নাই। তেওঁৰ প্রগৈতিহাসিক যুগৰ অল্ডচম’বাইল গাড়ীখনৰপৰা আৰম্ভ কৰি, পিছৰ চােভিয়েট জিল বা বর্তমানৰ মাৰ্চিডিচখনলৈকে সকলোতে নিশা পঢ়িবৰ বাবে লাইট এটা থাকিবই। বহুত সময়ত দেখা যায় তেওঁ পুৱতি নিশা কিতাপ এখন পঢ়িবলৈ হাতত ল’লে আৰু পিচদিনা পুৱা তাৰ ওপৰত মন্তব্য দিলেই। তেওঁ ইংৰাজী পঢ়ে, কিন্তু নকয়। অৱশ্যে তেওঁ স্পেনিছ ভাষাৰ গ্ৰন্থ পঢ়িবলৈ ভাল পায়, আৰু তেওঁৰ হাতত পৰা যিকোনো কাগজ তেওঁ যিকোনো সময়তে পঢ়িবই – তাত আখৰ থাকিলেই হ’ল। তেওঁ যেতিয়া একেবাৰে নতুনকৈ ওলোৱা কিতাপ পঢ়িব খোজে, সেইখনৰ অনুবাদ হৈ নুঠিলেও তেওঁ অনুবাদ কৰােৱাই লয়। এবাৰ এজন চিকিৎসক বন্ধুৱে সৌজন্যতাৰ খাতিৰত তেখেতলৈ অস্থিবিষয়ক সদ্য- প্রকাশিত প্রতিবেদন এখন পঠিয়ালে, যদিও তেওঁ ভবা নাছিল যে, কেতিয়াবা তেওঁ সেইখন পাঠ কৰিব, কিন্তু এসপ্তাহৰ পিছতে দীঘলীয়া কেতবোৰ পর্যবেক্ষণৰ সৈতে তেওঁ এখন চিঠি লাভ কৰিলে। অর্থনীতি বা ইতিহাস বিষয়ৰ তেখেতে এজন স্বভাৱজাত পঢুৱৈ। লীলাকক্কাৰ সোঁৱৰণি পঢ়ি তেওঁ এনে কিছুমান মাৰাত্মক ভুল আৱিস্কাৰ কৰি পেলালে যে, গ্ৰন্থখনৰ ইংৰাজী অনুবাদ মূল স্পেনিছ ভাষাৰ সৈতে তুলনা কৰিবলৈ নিউয়র্কলৈ পঠিয়াই দিলে।

সঁচাকৈয়ে, অনুবাদকে পুনৰ দুয়োটা ভাষাতে ‘বিলিয়ন’ শব্দটােৰ অর্থ সম্পর্কে বিবুধিত আছিল। তেওঁ সাহিত্যৰাে এজন ভাল পাঠক আৰু খুব কাষৰপৰা সাহিত্য নিৰীক্ষণ কৰে। চৰকাৰী প্রতিবেদন পঠনৰ পৰা অহা অৱসাদৰ উপশম ঘটােৱাৰ উদ্দেশ্যে মই তেওঁক বহুলভাৱে জনপ্রিয়তা লাভ কৰা গ্ৰন্থবােৰ তপতে তপতে পঢ়াৰ নিচা সুমুৱাই দিয়াৰ লগতে তেনে বিষয়ক খবৰােঁ তপতে তপতে দি থাকো। এই সকলোবােৰ পিছতো কিন্তু তথ্য সংগ্ৰহৰ ক্ষেত্ৰত তেওঁৰ বাবে আটাইতকৈ উপযোগী ক্ষেত্ৰখন হৈছে মানুহৰ সৈতে হােৱা কথোপকথন । তৎকালে প্রশ্ন সুধি সুধি জেৰা কৰাৰ তেওঁৰ এক অভ্যাস আছে — যাৰ সৈতে ৰাছিয়াৰ সেই মাট্রিউস্কা’ পুতলাৰ সৈতেহে ৰিজনি আহে। — যাৰ ভিতৰৰপৰা ওলাই আহে। এটি ক্ষুদ্ৰ অৱয়ৱ, আৰু এটি অৱয়ৱ, আৰু এটি, আৰু এটি – একেবাৰে ক্ষুদ্রাতিক্ষুদ্র পুতলাটি ওলাই নহালৈকে পুতলাবােৰ ওলাই থাকে। তেওঁ বাৰে পতি সুধিয়েই থাকিব, সুধিয়েই থাকিব যেতিয়ালৈকে তেওঁ আৱিস্কাৰ কৰি সন্তুষ্ট নহয় মনত জগা সেই “কিয়ৰ ভিতৰৰ “কিয়, আৰু চুড়ান্ত “কিয়টােক বিচাৰি। সমুখৰ বক্তাই যাতে অতি আমনিদায়ক পৰীক্ষা এটা দি থকা বুলি অনুভৱ নকৰে তাৰ বাবে তেওঁৰ দোভাষীয়ে হাবাথুৰি খাবলগীয়া হয়। যেতিয়া লেতিন আমেৰিকাৰ পৰা অহা এজন দর্শনার্থীয়ে তেওঁৰ দেশৰ লোকে ভাত খোৱাৰ তথ্য দিছিল, তেওঁ চিধাই মৌখিক হিচােপ এটা প্ৰশ্ন কৰি কৈছিল – “কি আচৰিত প্ৰতিজন মানুহে দৈনিক চাৰি পাউণ্ড ভাত খায়।” সময়ৰ লগে লগে আপুনি শিকিব পাৰিব যে, জনা কথাবোৰাে তেওঁ যে বাৰে বাৰে সোধাৰ কৌশল গ্রহণ কৰে— তাৰ আঁৰৰ কথাটাে হৈছে তথ্য নিশ্চিত কৰি লোৱা। কেতিয়াবা আকৌ দোভাষীৰ দক্ষতা জানিবৰ বাবেও তেওঁ সেই কৌশল অৱলম্বন কৰে। নিজকে তথ্যপ্রাপ্ত কৰাৰ কোনো কৌশলেই তেওঁ এৰি নিদিয়ে। কলম্বিয়াৰ ৰাষ্ট্রপতি বেলিচাৰিঅ’ বেটানিকুৰ, যাৰে সৈতে তেওঁ সঘনে টেলিফোনযোগে কথা পাতিছিল, যদিও তেওঁলোকে ইজনে-সিজনক লগ পোৱা নাছিল বা কলম্বিয়াৰ সৈতে তেওঁলোক কুটনৈতিক সম্পর্ক নাছিল, এবাৰ তেওঁৰ সৈতে সাধাৰণভাৱে কথা পাতিছিল। পিছত ফিডেল কাষ্ট্ৰ’ৱ মোক কৈছিলঃ “কলম্বিয়াৰ কফি সম্পৰ্কীয় পৰিস্থিতিৰ বিষয়ে প্ৰচাৰ মাধ্যমত প্রকাশ নোহােৱা নহা আমাৰ দুয়োজনৰে যে কিছুকথা সুধিবলগীয়া আছিল, মই সেই কথাটােৰে সুবিধা ল’লোঁ।” বিপ্লৱৰ আগেয়ে তেওঁ কেইখনমান দেশ ভ্ৰমণ কৰিছিল, আৰু চৰকাৰী ভ্ৰমণসূচীৰে যিবোৰ দেশলৈ তেওঁ গৈছে, তাত তেওঁ প্ৰট’কলৰ সংকীর্ণ গণ্ডীত থাকিবলগীয়া হয়। তথাপিও তেওঁ সেই দেশবোৰ বিষয়েও কয়, তেওঁ নোযোৱা দেশবোৰৰ কথাও এনেদৰে কয় যেন তেওঁ তালৈ গৈছেহে। আংগোলাৰ যুদ্ধৰ সময়ত তেওঁ এখন যুদ্ধৰ বিষয়ে এক চৰকাৰী সম্বর্ধনা অনুষ্ঠানত এনেকুৱা বর্ণনা দিছিল যে, সেই অনুষ্ঠানত থকা ইউৰােপীয়ান কূটনীতিবিদ এজনক ফিডেল কাষ্ট্রোই যে সেই যুদ্ধত যোগ দিয়া নাছিল – সেই বিষয়ে পতিয়ন নিওৱাটােৱেই অসম্ভৱ হৈ পৰিছিল। চে’গুৱভেৰাক ধৰা আৰু হত্যা কৰাৰ সম্পর্কে যি বিশদ বিৱৰণী তেওঁ ৰাজহুৱা বক্তৃতাত দাঙি ধৰিছিল, মনেডা পেলেচৰ বিপর্যয়ৰ ওপৰত, চালভাদৰ এলেণ্ডেৰ মৃত্যু সন্দৰ্ভত, আৰু হাৰিকেন ফ্ল’ৰাৰ ধ্বংসলীলাৰ সন্দৰ্ভত তেওঁ যি বক্তৃতা দিছিল – সেইবােৰত নিহিত হৈ আছে। অন্তহীন মৌখিক প্রতিচ্ছবি। তেওঁৰ পিতা-পুৰুষৰ দেশ স্পেইনৰ প্রতি তেওঁৰ আছে উন্মাদপ্রায় এক দুর্বলতা। বলিভাৰ আৰু মাৰ্টিৰ দৰেই লেতিন আমেৰিকাৰ ভবিষ্যত সম্পর্কে তেওঁৰ আছে প্রাজ্ঞ দৃষ্টিভংগী, বিশ্বৰ ভাগ্যচক্ৰ প্ৰভাৱিত কৰিব পাৰ এক সংহত আৰু স্বায়ত্বশাসিত সম্প্রদায়। কিন্তু কিউবাৰ পিছতেই তেওঁ বিস্তৃতভাৱে জনা দেশখনেই হৈছে আমেৰিকা। আমেৰিকাৰ জনসাধাৰণৰ গতি-প্রকৃতি, ক্ষমতাৰ স্তৰ, চৰকাৰৰ গোপন কর্মসূচী। আৰু এই সকলোবােৰেই তেওক আমেৰিকাৰ অবিৰত অৱৰােধৰ সমুখত অবিচলিত হৈ থাকিবলৈ শক্তি দিলে। আমেৰিকাৰ নিয়ন্ত্ৰণৰ পিছতো হাভানা আৰু মিয়ামিৰ মাজত প্রায় দৈনিক এখন বিমান চলে, আৰু বিশেষ বিমানযোগেই হওক বা নিজা বিমানযোগেই হওক, বিভিন্ন অংশৰ আমেৰিকাৰ লোকে কিউবাৰ মাটিত ভৰি দিয়া নাই- তেনেকুৱা এটা দিনো পাৰ হােৱা নাই। নির্বাচনৰ আগে আগে উভয় পক্ষৰ বিভিন্ন ৰাজনীতিকৰ সমাগম হয়। যিমানদূৰ সম্ভৱ, ফিডেল কাষ্ট্রোই তেঁওলোকক সাক্ষাৎ কৰে,যিমান পাৰি তেওঁলোকৰ থকাৰ সময়খিনিত আল-পৈচান ধৰে, আৰু তেওঁলোকক প্রাপ্য সময় দিবলৈ চেষ্টা কৰে, যাতে নতুন খবৰ পোৱা যায়। এইবােৰ প্ৰকৃততে আলোচনা- উৎসৱ। তেওঁ অতিথিসকলক নিজৰ দেশৰ কেতবােৰ সঁচা খবৰ দিয়ে, আৰু তেঁওলোকে প্রদান কৰা খবৰবোৰাে সুন্দৰকৈ আলোচনা কৰে। তেওঁ এনে এক ভাৱ দেখুৱায় যেন এজন বর্বৰ সামৰিক নেতাক সাক্ষাৎ কৰিবলৈ শত্ৰুৰ ষড়যন্ত্ৰৰ অংশ হিচাপে আহি পোৱা সেই লোকজনক তেঁওৰ প্ৰকৃত মুখখন দেখুৱাৰ সমান আনন্দ তেওঁৰ একোৱেই নাই। এবাৰ তেওঁ দ্বি-দলীয় কংগ্ৰেছৰ এটা দল আৰু আনকি পেণ্টাগনৰ বিষয়াৰ আগতো কেনেদৰে তেওঁৰ গেলিচিয়ান পূর্ব-পুৰুষ আৰু জ্যেচুইত শিক্ষকসকলে তেওঁক নীতিশিক্ষা প্ৰদান কৰিছিল, আৰু সেইবোৰে কেনেদৰে পৰৱৰ্তী সময়ত তেওৰ ব্যক্তিত্ব গঠন কৰাত সহায়ক হৈ পৰিছিল। সেই সম্পর্কে এক অতি বাস্তৱ সন্মত বিৱৰণী দাঙি ধৰিছিল। আৰু তেওঁ শেষ কৰিছিল এনেদৰেঃ মই এজন খ্ৰীষ্টান৷

কথাটােৱে আলোচনাৰ মেজত শাণিত অস্ত্ৰৰ দৰে কাম কৰিলে। মাথোঁ বগা আৰু ক’লাৰ ইপিঠি– সিপিঠিৰে জীৱনক দেখা পোৱাৰ সংস্কৃতিৰে লালিত-পালিত আমেৰিকাৰ সেই লোকসকলে পূৰ্বৰ ব্যাখ্যা উঠাই ল’লে। তেওঁলোকৰ সাক্ষাতৰ শেষলৈকে, নতুন দিৱসটিয়ে ইতিমধ্যে ভূমুকি মাৰিছিলেই আৰু আটাইতকৈ ৰক্ষণশীল বিধায়কজনে সকলোকে আচৰিত কৰি কৈ উঠিল যে, তেওঁ বিশ্বাস কৰে যে লেতিন আমেৰিকা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ মাজৰ মধ্যস্থতাকাৰী হিচাপে ফিডেল কাষ্ট্রোতকৈ উপযুক্ত লোক আৰু নাই। যিকোনো পৰিস্থিতিতেই নহওক কিয়, কিউবালৈ অহা সকলোৱেই এবাৰ তেওঁৰ সাক্ষাৎ পাবলৈ উদগ্ৰীৱ হৈ পৰে, যদিও বহুতেই ব্যক্তিগত সাক্ষাতকাৰ এটিৰ সপোনো দেখে, বিশেষকৈ বিদেশী সাংবাদিকসকলে, যিসকলে কাষ্ট্র’ৰ সৈতে সাক্ষাতকাৰৰ ট্ৰফীটাে নিব নোৱাৰা পর্যন্ত কামৰ শেষ হােৱা বুলি নাভাবে। মই ভাবোঁ যে, সম্ভৱ হােৱা হ’লে তেওঁ নিজেই সোঁশৰীৰে দেখা দি সকলোকে সন্তুষ্ট কৰিলেহেঁতেন, এতিয়াও ৩০০ মান সাক্ষাতকাৰৰ অনুৰােধ পৰি আছে, এই প্রক্রিয়া গোটেই জীৱনতে থাকিব। তেওঁক এবাৰ সাক্ষাতৎ কৰাই দিব পাৰিলে যিকোনো কাম কৰি দিয়াৰ প্ৰতিশ্রুতিৰে হাভানা হােটেলত অন্ততঃ এজন সাংবাদিকে সদায়েই অপেক্ষা কৰে। কিছুমানে মাহৰ পিছত মাহ ধৰি অপেক্ষা কৰে। তেওঁৰ সাক্ষাত পোৱাৰ পৰ্যায়বোৰৰ বিষয়ে নাজানে বুলি, বা কাৰ জৰিয়তে আগবাঢ়িব লাগিব, সেয়া গম পোৱা নাই বুলি বিৰক্ত হৈ পৰে। সঁচা কথাটাে হৈছে তেনে কোনাে মানুহেই নাই। কোনাে সৌভাগ্যবান সাংবাদিকৰ আকৌ তেওঁৰ ৰাজহুৱা সাক্ষাতবোৰৰ মাজতে প্রশ্ন এটা সোধাৰ সৌভাগ্য ঘটে আৰু কেতিয়াবা তাৰ আধাৰতে পৰিচিত বিষয়বোৰলৈ কেইবাঘণ্টাজোৰা এটা সাক্ষাতকাৰ হৈ উঠে। প্ৰতিটাে প্রশ্নৰ বাবে তেওঁ দীঘলীয়া সময় লয়, আটাইতকৈ কমকৈ আশা কৰা দিশটাে বিচাৰি উলিয়াই লয়, কঠিন স্তৰবোৰ পাৰ কৰে অসাৱধান নোহােৱাকৈ বা অতি দীঘলীয়া নোহােৱাকৈ – কিয়নো তেওঁ জানে যে, কেনেবাকৈ বেয়াকৈ ব্যৱহাৰ কৰা এটা শব্দয়ো ভয়ংকৰ ক্ষতি সাধন কৰিব পাৰে।

এনেধৰণৰ বিৰল, আনুষ্ঠানিক সাক্ষাৎকাৰবোৰত তেওঁ বিচৰামতেই সময় দিবলৈ চায়, কিন্তু আলোচনাৰ গতিয়ে নিয়ন্ত্রিত দিশ লোৱাৰ লগে লগে ভবিষ্যতবাণী কৰিব নোৱাৰা কথাৰ অ— স্থিতিস্থাপকতাৰ বাবে সময়বোৰ হৈ পৰে দীঘলীয়া। অতি বিশেষ কেতবোৰ বিষয়তহে তেওঁ প্রশ্নবোৰ আগতীয়াকৈ বিচাৰে। উত্তৰ দিয়াৰ ক্ষেত্ৰত তেওঁ কেতিয়াও কোনো এটা প্রশ্নও তেওঁ প্রত্যাখ্যান নকৰে, উচতনিমূলক হ’লেও নকৰে, বা তেওঁ ধৈর্য নেহেৰুৱায়। দুঘণ্টাৰ সাক্ষাতকাৰ কেতিয়াবা চাৰিঘণ্টা, আৰু প্ৰায়েই ছঘণ্টা হয়গৈ। আৰু ১৭ ঘণ্টাও, যিটাে হৈছিল ইটালিৰ টেলিভিশ্যিনৰ সাংবাদিক গিয়ান্নি মিনাৰ সৈতে (অ’চেন প্রেছে এন এনকাউণ্টাৰ উইথ ফিডেল’ নামেৰে ১৯৯১ চনত ইআৰ প্ৰকাশ কৰিছে।) যিটাে তেওঁৰ আটাইতকৈ দীঘলীয়া সাক্ষাতকাৰ কেইটাৰ অন্যতম, লগতে তাত পূর্ণতাও আছিল। অৱশেষত, সেই লিখিত প্রতলিপিবােৰৰ যিবােৰে স্থানৰ অভাৱত হেৰুৱাই পেলায় তাৰ প্রকৃত অর্থ, আৰু তেওঁৰ ব্যক্তিগত শৈলীক লৈ কৰা মন্তব্যবোৰৰ বাবে অতি কম সাক্ষাতকাৰেহে তেওঁক প্রদান কৰে সন্তুষ্টি। তেওঁ ভাৱে যে, অৱধাৰিতভাৱেই খাপচাৰা হােৱাৰ বাবে টেলিভিশ্যনৰ সাক্ষাতকাৰবােৰ শেষ হয়গৈ অস্বাভাৱিকভাৱে, আৰু সাতমিনিটৰ এটা অনুষ্ঠানৰ বাবে জীৱনৰ পাঁচটাকৈ ঘণ্টা দিবলগীয়া হােৱাটাে তেওঁ অন্যায় বুলি বিবেচনা কৰে। কিন্তু আটাইতকৈ অনুশোচনা কৰিবলগীয়া কথাটাে হৈছে যে, ফিডেল কাষ্ট্র’ই হওক, বা তেওঁৰ শ্ৰোতাজনেই হওক, আনকি আটাইতকৈ শ্রেষ্ঠ সাংবাদিকজনেও, বিশেষকৈ ইউৰোপৰ সাংবাদিকসকলে, তেওঁলোকৰ প্ৰশ্নবোৰ বাস্তৱতাৰ সৈতে ৰিজনি খুৱাই লোৱাৰ কথা কথা চিন্তাই নকৰে। তেওঁলোকে আশা কৰে নিজৰ নিজৰ দেশৰ ৰাজনৈতিক মোহাচ্ছন্নতা আৰু সংস্কৃতিগত পূর্বধাৰণাৰ ভিত্তিত, বর্তমানৰ কিউবাৰ বাস্তৱতা কি, দেশখনৰ জনসাধাৰণে কি আশা কৰে, আৰু তেওঁলোক কোনখিনিত হতাশ, তেওঁলোকৰ জীৱনৰ সত্য-এই কথাবোৰৰ বিষয়ে নিজে অনুসন্ধান কৰাৰ সামান্যতমো কষ্ট নকৰাকৈ। এইদৰেই তেওঁলোকে বিশ্বৰ সৈতে কথা পতাৰ সুযোগৰ পথত কিউবাৰ ব্যক্তিগৰাকীক বঞ্চিত কৰে, আৰু ইউৰােপীয়ানসকলে যিদৰে অনুমান কৰে তাৰ ভিত্তিক নহয়, বৰং কিউবাৰ নিজৰ মানুহখিনিৰ উৎকন্ঠ সন্দৰ্ভত আৰু বিশেষকৈ গুৰুত্বপূর্ণ সিদ্ধান্তবোৰ গ্ৰহণ কৰাৰ এই মূল্যবান সময়ত ফিডেল কাষ্ট্র’ক প্রশ্ন কৰাৰ ক্ষেত্ৰত নিজৰ বৃত্তিগত সাফল্যৰ কৃতিত্বকো তেওঁলোকে উলাই কৰে। সামৰণিত, ফিডেল কাষ্টোৰ ভাষণ ইমানবােৰ আৰু বৈচিত্রময় পৰিবেশত শুনাৰ পিছত মই নিজকে অসংখ্যবাৰ সুধিছোঁ, তেওৰ কথোপকথনৰ প্ৰতি এই অদম্য হেঁপাহ ক্ষমতাৰ এই ভ্ৰমাত্মক মৰিচীকাৰ মাজত সত্যৰ বাট দেখুওৱা পথটাে ধৰি ৰখাৰ সেই জৈৱিক প্রয়োজনীয়তা নাছিল নেকি অনেক ৰাজহুৱা আৰু ব্যক্তিগত আলোচনাৰ অন্ততঃ মই নিজকে এই প্রশ্ন কৰোঁ। কিন্তু সবাৰাে উর্ধত, যিবােৰ জটিল আৰু মূল্যহীন কথােপকথন কৰে সেইসকলৰ সৈতে – যিবােৰে তেওঁৰ উপস্থিতিত থৰকাছুটি হেৰুৱায় বা আত্মবিশ্বাসী হৈ উঠে, আৰু তেওঁৰ সৈতে আওৰায় সেইবোৰ তত্বকথা যাৰ বাস্তৱতাৰ সৈতে কোনো সম্পর্কই নাই৷ অথবা সেইসকলৰ সৈতে, যিসকলে সত্যক তেওঁৰপৰা আঁৰ কৰে, যাতে তেওঁৰ উদ্বিগ্নতা বৃদ্ধি নাপায়, তেওঁ তাক জানে। তেনে কৰা বিষয়া এজনক তেওঁ কৈছিল – “আপুনি মোৰপৰা সত্যক আঁৰ কৰিছে যাতে মোৰ কষ্ট নহয়, কিন্তু যিদিনা মই সেইবোৰ জানি পেলাম, তেতিয়া অতবোৰ সত্যৰ একেলগে মুখামুখি হােৱাৰ প্ৰতিক্রিয়া হৈ মই মৰি থাকিম, আৰু আপুনি তেতিয়া কোনো কথাই মোক কব নােৱাৰিব।” তেওঁলোকে কষ্ট্র’ৰপৰা ঢাকি ৰাখিব খোজা বিচ্যুতিবােৰ অতি গুৰুত্বপূর্ণ সত্য – কিয়নাে, ৰাজনৈতিক, বিজ্ঞান, ক্রীড়া বা সাংস্কৃতিক ক্ষেত্ৰলৈ অহা অতুলনীয় কৃতিত্বই বিপ্লৱক সার্থক ৰূপ দিছে — যদিও গুৰুতৰ আমোলাতান্ত্রিক অপাৰদৰ্শিতাই জনসাধাৰণৰ দৈনন্দিন জীৱনৰ সকলো ক্ষেত্ৰতে, বিশেষকৈ ঘৰুৱা শান্তিৰ দিশত বিৰূপ প্ৰভাৱ পেলাইছে।

এই বিপ্লৱ সাৰ্থক কৰাৰ কৃতিত্ববােৰে ফিডেল কাষ্ট্রোক বাধিত কৰি তুলিছে আৰু সেয়ে বিজয়ৰ ৩০ বছৰ পিছত জনসাধাৰণৰ বাবে ৰুটি প্রস্তুত কৰা আৰু – পানীয় বিতৰণৰ দিশটাে নিজ হাতেৰে চোৱা-চিতা কৰিছে। তেওঁ যেতিয়া পথত জনসাধাৰণৰ সৈতে কথা পাতে, তেতিয়া সব কথা সলনি হৈ পৰে। অন্তৰৰ সঁচা মৰম- চেনেহৰ অমসৃণ প্রকাশেৰে সেই কথােপকথন সঁজাল ধৰি উঠে। তেওঁৰ অলেখ অসামৰিক আৰু সামৰিক নামৰ মাজৰপৰা এটা নামেই তেওঁৰ বাবে ৰৈ গৈছে—ফিডেল। কোনো সমস্যা নোহােৱাকৈ জনসাধাৰণে তেওঁক বেৰি ধৰে, পৰিচিত টু’ (আপুনি) বুলি তেওঁলোকে তেওঁক সম্বোধন কৰে, যুক্তি-তর্ক কৰে, বিৰােধিতাও কৰে, তেওঁৰপৰা দাবী কৰে, যেন এটা সুতিৰপৰা সত্যই ক্ষণিকতে উচ্ছল জলস্রোতত চামিল হৈ পৰে। এনেকুৱা মুহুর্ততে, ব্যক্তিগতভাৱে লগ পোৱাৰ বিপৰীতে, নিজস্ব মেধাৰে উজলি উঠা সেই বিৰল মানুহজনৰ নিজৰেই প্রতিচ্ছবিক আৱিস্কাৰ কৰিব পাৰি। ৰাজনীতিৰ ভূত সততে প্ৰৱেশ নকৰা অন্তহীন ঘণ্টাবােৰ পাৰ কৰি অহা আমাৰ কথোপকথনৰ পিছতো, মোৰ বােধেৰে এইজন ফিডেল কাষ্ট্রোকেই মই জানো। এক আওপুৰণি আনুষ্ঠানিক শিক্ষাৰে শিক্ষিত, সাৱধানী শব্দ আৰু নিচেই সাধাৰণ ব্যৱহাৰেৰে এজন মানুহ – তেনেই সাধাৰণ জীৱন আৰু অতৃপ্ত হাবিয়াস, একমাত্র অসাধাৰণ কথাটিৰ বাহিৰে যিকোনো সাধাৰণৰ ধাৰণাই মনত ধাৰণ কৰিবলৈ সক্ষম। তেওঁ সপোন দেখে যে, তেওঁৰ বিজ্ঞানীসকলে কেন্সাৰ ৰোগ ভাল কৰি তুলিব, আৰু প্রধান শত্রু দেশখনৰ ৮৪ গুণতকৈও ক্ষুদ্র সেই বিচ্ছিন্ন দ্বীপটিৰপৰা এক বিশ্বমানৰ বৈদেশিক নীতি গঢ়ি তুলিছে। ইমান বিচক্ষণতাৰে তওঁ নিজৰ গোপনীয়তা ৰক্ষা কৰে যে তেওঁৰ নিজৰ অন্তৰংগ জীৱনেই হৈ পৰে দুর্ভেদ্য কিংবদন্তিৰ পৰম প্ৰহেলিকা৷ তেওঁৰ আছে অতীন্দ্ৰিয়প্রায় সেই প্রত্যয়, যে বস্তুগত সমৃদ্ধিৰ বিপৰীতে মানৱ জীৱনৰ মহৎ সিদ্ধি উপলব্ধ হ’ব বিবেকৰ প্রকৃত উপলব্ধি আৰু নৈতিকতাৰ বলেৰে – যি পৃথিৱী সলনি কৰি ইতিহাসৰ চকৰি আগুৱাই নিবলৈ সক্ষম হ’ব। মই ভাবোঁ যে, তেওঁ আমাৰ সময়ৰ এজন মহান আদর্শবাদী ব্যক্তি , আৰু হয়তো এইটােৱেই তেওঁৰ সর্বোত্তম গুণ, যদিও এইটাে তেওঁৰ আটাইতকৈ ডাঙৰ বিপদো। অনেক সময়ত মই তেওঁক দেখা পাও যে, একেবাৰে শেষ নিশা তেওঁ মোৰ ঘৰত ভৰি দিছেহি, আৰু তেতিয়াও তেওঁৰ সীমাহীন দিনটােৰ অৱশিষ্টখিনি কঢ়িয়াই আনিছে। অনেক সময়ত মই তেওঁক সুধিছোঁ – দিনবােৰে কেনেদৰে পাৰ হৈছে, আৰু কেইবাবাৰাে তেওঁ কৈছে – “বৰ ভাল, আমাৰ সকলোবােৰ জলাধাৰ পূৰ হৈ উঠিছে|” মই তেওঁক ৰেফ্রিজাৰেটৰ খুলি এটুকুৰা চীজ উলিয়াই আনি খোৱা দেখিছোঁ – হয়তো পুৱাৰ জলপানৰ পিছত সেই চীজটুকুৰাই তেওঁৰ প্ৰথম আহাৰ। মই তেওঁক তেওঁৰ ভালপোৱা কোনাে এবিধ প্রিয় খাদ্য কেনেকৈ তৈয়াৰ কৰিব লাগে, সেই বিষয়ে সুধি মেক্সিকোৰ কোনােবা বান্ধৱীক ফোন কৰা দেখিছো আৰু কাউণ্টাৰত হাউলি লৈ প্ৰকৰণবিধ লিপিবদ্ধ কৰি লোৱাও দেখিছে, য’ত পৰি আছে তেতিয়াও নোধোৱাকৈ থোৱা নিশাৰ আহাৰৰ বাচন-পত্ৰ, আৰু একোণত টেলিভিশ্যনত ভাহি আছে সেই প্রাচীন গীত “লাইফ ইজ এন একচপ্ৰেছ ট্ৰেইন, ড্যাট ট্ৰেভেলছ থাউডেণ্ডছ লীগছ ”। মই তেওঁক তেওঁৰ গ্ৰাম্য জীৱনৰ শৈশৱৰ সোঁৱৰণিৰ এচমকা টানি আনি গৰু চৰােৱা দিনবােৰৰ স্মৃতিকাতৰতাৰ বিষয়ে কোৱাও শুনিছোঁ, আৰু শুনিছোঁ তেওঁৰ যৌৱনৰ প্ৰেয়সীৰ বিষয়ে কোৱা, জীৱনৰ পৰা জয় কৰিবলগীয়া লবলগীয়া যিবোৰ বস্তু হয়তো তেওঁ আনধৰণে হাচিল কৰিব পাৰিলেহেঁতেন । এটি নিশা তেওঁ সৰু চামুচেৰে ধীৰে ধীৰে ভেনিলা আইচক্রম খাই আছিল, মই দেখিছিলোঁ অতবােৰ মানুহৰ নিয়তিৰ ভৰে বিহ্বল কৰি তোলা তেওঁৰ মুখখনি, মানুহজন নিজৰপৰা ইমান দূৰৈত, যে ক্ষন্তেকতে মোৰ তেওঁক মই সদায়ে দেখি থকা মানুহজনৰপৰা একেবাৰেই পৃথক যেন লাগিছিল। তেতিয়া মই তেওঁক সুধিছিলোঁ এই ধৰাত তেওঁ সবাতোকৈ বেছিকৈ কি কাম কৰিব খোজে, আৰু পলকতে তেওঁ উত্তৰ দিছিল – “কোনো এটি পথৰ কাষেৰে মাথোঁ ঘূৰি ফুৰিম।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে