চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফিডেল কাষ্ট্ৰোৰ দেশৰ নাৰীঃ কিছু বাস্তৱ অভিজ্ঞতা ( অসমী গগৈ )

ফিডেল কাষ্ট্ৰোৰ দেশৰ নাৰীঃ কিছু বাস্তৱ অভিজ্ঞতা ( অসমী গগৈ )

বিপ্লৱী বিশ্বৰ অনন্য কিউবা ফিডেল কাষ্ট্ৰোৰ দেশ,এই ক্ষুদ্ৰ দ্বীপ ৰাষ্ট্ৰখনে সমাজ তন্ত্ৰৰ ধ্বজা উৰুৱাই আজিও বিশ্ববাসীক আকৰ্ষিত কৰি ৰাখিছে। বিশেষকৈ নৱ প্ৰজন্মক উজ্জীৱিত কৰি এখন শোষণমুক্ত সাম্যৰ সমাজ নিৰ্মাণৰ সংগ্ৰামী লক্ষ্যত প্ৰেৰণা যোগাই আহিছে। ২০০৯ চনত কিউবাই বিপ্লৱৰ সোণালী জয়ন্তী উদযাপন কৰি ৫৮বছৰত পদাৰ্পণ কৰি সমাজতন্ত্ৰৰ ধাৰা অব্যাহত ৰাখিছে ।বিপ্লৱোত্তৰ সময়চোৱাত কিউবাত আৰ্থ সামাজিক সাংস্কৃতিক দিশত যি আমূল পৰিৱৰ্তন সাধন হৈছে ই আমাৰ বাবে লক্ষণীয়। সমাজ তান্ত্ৰিক অৰ্থনীতিৰে দেশৰ বিকাশ নাগৰিকৰ মৌলিক অধিকাৰ,জীৱনৰ সুৰক্ষা দিব পৰিছে কিউবাই। সমাজৰ বিভিন্ন অংশৰ দৰেই দেশৰ অৰ্ধাংশ কিউবান নাৰীসকলৰো সৰ্বাংগীন বিকাশ পুৰুষৰ সৈতে জীৱনৰ সকলো বাস্তৱ আৰু বৌদ্ধিক ক্ষেত্ৰত সমভাবে অংশ গ্ৰহণ কৰাটো সম্ভৱ হৈছে।

প্ৰকৃততে সমাজ তান্ত্ৰিক বিপ্লৱৰ জৰিয়তে কিউবাৰ নাৰী সমাজজীৱনত নৱজাগৰণ সৃষ্টি হয়৷ কঢ়িয়াই আনে অভূতপূৰ্ব পৰিৱৰ্তন। আজিৰ আলোচনাত প্ৰাক বিপ্লৱ আৰু বিপ্লৱোত্তৰ কিউবাৰ নাৰী সমাজৰ জীৱন গাঁথাত,সমাজত তেওঁলোকৰ স্থান সংক্ৰান্ত জটিল সমস্যাবোৰ আৰু সমাধান আদি দিশ সম্পৰ্কত তুলি ধৰাৰ প্ৰয়াস কৰা হৈছে ।

স্বাভাৱিকতেই,অন্যান্য দেশৰ সমাজতান্ত্ৰিক বিপ্লৱৰ দৰেই কিউবাৰ নাৰীয়েও বিপ্লৱত অংশগ্ৰহণ কৰি বীৰত্বপূৰ্ণ সংগ্রাম আৰু ত্যাগৰ মহিমাৰে ইতিহাসৰ পৃষ্ঠাত উজলি আছে। একনায়কত্ববাদী অত্যাচাৰী শাসক বাতিস্থাক উফৰাবলৈ শত্ৰুৰ ভয়ানক আতিশয্য মূৰ পাতি ল’বলগীয়া হৈছিল। কিউবাৰ নাৰী বিপ্লৱীসকলো ফিডেলৰ নেতৃত্বত গোপন সশস্ত্ৰ বিপ্লৱৰ কৰ্মকাণ্ড,চিয়েৰা মায়েস্ত পাহাৰত, ফিডেল,চে গুৱেভাৰা আৰু অন্যান্য সকলৰ সৈতে গেৰিলা যুদ্ধ,বেতাঁৰ যন্ত্ৰৰ জৰিয়তে পাহাৰৰ দুৰ্গম ঠাইৰ পৰা বিপ্লৱৰ বাৰ্তা সম্প্ৰচাৰিত কৰি জনগণক উদ্বুদ্ধ কৰি মুক্তি সংগ্রামক আগুৱাই নিয়াৰ নেতৃত্ব প্ৰদান কৰিছিল বহু সংখ্যক নাৰীয়ে। বিপ্লৱৰ সেই কঠিন অথচ কাৰ্যক্ষম দিনবোৰক সোঁৱৰণ কৰি একালৰ অগ্ৰণী যোদ্ধা কিউবান মহিলা ফেডাৰেচনৰ প্ৰতিষ্ঠাতা (ৰাউল কাষ্ট্ৰোৰ পত্নী) ভিলমা ইচপিনে CUBA নামৰ আলোচনীত এক সাক্ষাৎকাৰত কৈছিল “বিপ্লৱৰ সময়ছোৱাত সেই প্ৰজন্মৰ তৰুণচামে ফিডেলৰ সান্নিধ্যৰ সেই সোণোৱালী দিনবোৰত এক নতুনত্ব সৃষ্টি কৰাৰ সুযোগ পাইছিলো নিশ্চিতকৈ কিউবা বিপ্লৱৰ উজ্জ্বল পৰ্ব ফিডেলৰ নেতৃত্বত ২৬ জুলাই মানকাদা দুৰ্গ আক্ৰমণৰ ঐতিহাসিক ঘটনাৰ পিছত ইয়াৰ যি সুদূৰ প্ৰসাৰী প্ৰভাৱ পৰিছিল,ফলত বিশ্ববিদ্যালয়ৰ ছাত্ৰ সমাজ ,দলে দলে ছাত্ৰীসকলে বিপ্লৱী কাৰ্যত জড়িত হৈ পৰিছিল। কৃষক আৰু শ্ৰমজীৱী নাৰীসকলেও বিপ্লৱত অভূতপূৰ্ব অৱদান আগবঢ়ায়। অৱশেষত ১জানুৱাৰী ১৯৫৯ চনত আমেৰিকাৰ ঔপনিবেশিক শাসকক উফৰাই পূৰ্ণ আৰু শেষ পৰ্যায়ৰ স্বাধীনতাৰ ৰণত সংঘটিত বিপ্লৱৰ বিজয়ে কিউবাৰ জনগণ আৰু নাৰী জীৱনলৈ আমূল পৰিৱৰ্তন আনে।

বিপ্লৱৰ পূৰ্বে কিউবাত নিৰক্ষৰ,কর্মসংস্থানহীন, দৰিদ্ৰ নাৰীৰ জীৱন আছিল অতি দুৰ্বিসহ। বিশেষকৈ,কৃষক আৰু শ্ৰমজীৱী নাৰীসকলে আৰ্থিক দূৰৱস্থাৰ বাবে পুঁজিপতি ৰ শ্ৰেণীস্বাৰ্থৰ হকে ধনী পুঁজিপতিৰ ঘৰত গৃহকর্মী হিচাপে নিয়োজিত হৈ দেহ ব্যৱসায়ৰ দৰে অমানৱীয় শোষণৰ বলি হৈছিল। বিপ্লৱৰ পিছত ফিডেল ৰ নেতৃত্বত বিপ্লৱী চৰকাৰে কঠোৰ আইনী ব্যৱস্থাৰে দেহ ব্যৱসায় বন্ধ কৰে।

পূৰ্বৰ ধ্যান -ধাৰণা,অন্ধবিশ্বাসৰ অৱসান ঘটাই নতুন মূল্যবোধ সম্পৰ্কত নাৰীসমাজক সজাগ কৰি তোলা হয়। অধিক গুৰুত্ব প্ৰদান কৰা হয় নাৰী শিক্ষাত। উল্লেখ যোগ্য যে দেশ খনক সম্পূৰ্ণ নিৰক্ষৰ মুক্ত কৰাৰ কাৰণে ১৯৬৩ চনৰ পৰা বিশেষ অভিযান আৰম্ভ কৰা হয়। এই অভিযানত কিশোৰ-কিশোৰীসকলক দায়িত্ব দিয়া হয় দেশৰ ভিতৰুৱা অঞ্চল বোৰত অনুন্নত পিছপৰা ঠাইত নিৰক্ষৰ মানুহক শিক্ষা দিবলৈ। প্ৰকৃততে শিক্ষা আৰু স্বাস্থ্যৰ অধিকাৰেই নাৰীৰ নিজৰ মানৱীয় মৰ্যদাৰ অধিকাৰসমূহ প্ৰতিষ্ঠা কৰাত আত্মবিশ্বাসী কৰি তোলে। আনহাতে ১৯৬৩ চনত স্থাপিত ‘কিউবান মহিলা ফেডাৰেচনে’ দেশৰ আৰ্থ সামাজিক আৰু ৰাজনৈতিক জীৱনত নাৰীৰ অংশ গ্ৰহণ ব্যাপকতৰ কৰি তোলাত বিপ্লৱী চৰকাৰক প্ৰস্তাৱ আগবঢ়ায় । আজি কিউবাত শ্ৰম শক্তিৰ গুৰুত্বপূৰ্ণ অংশ হৈছে নাৰীসকল। প্ৰায় ৫৬ শতাংশ নাৰী উৎপাদন ব্যৱস্থাত জড়িত। তদুপৰি কাৰিকৰী শিক্ষা,চিকিৎসা ,বিভিন্ন শিক্ষানুষ্ঠান উচ্চ শিক্ষাত অৰ্ধ শতাংশ হৈছে নাৰী। শ্ৰমিক কৰ্মচাৰী মহিলা সকলৰ মাতৃত্বৰ সুৰক্ষাৰ ক্ষেত্ৰত সবেতন প্ৰসুতি ছুটী এবছৰ পৰ্যন্ত কৰা। শিশু তত্বৱধান ক্ৰেছ পৰিকল্পিত ভাৱে বৃদ্ধি কৰা হৈছে আৰু প্ৰতি বছৰ ১ লক্ষ নাৰীক বিভিন্ন উৎপাদন ব্যৱস্থাত নিয়োজিত কৰাৰ ৰাষ্ট্ৰীয় পৰিকল্পনাত গুৰুত্ব দি অহা হৈছে। আনহাতে,ৰাজনৈতিক সিদ্ধান্ত গ্ৰহণ প্ৰক্ৰিয়াত ৪৮ শতাংশৰ অধিক নাৰী সংসদীয় ব্যৱস্থাত জড়িত। আনটো লক্ষণীয় দিশ হৈছে ,নাৰী শ্ৰমৰ মৰ্যদা ,সুৰক্ষা আৰু অন্যান্য দাবীত ট্ৰেড ইউনিয়ন সংগঠনবোৰত নাৰীৰ সংখ্যা ক্ৰমাগত বৃদ্ধি হোৱাটো। প্ৰকৃততে সমাজতান্ত্ৰিক কিউবাত নাৰীয়ে পুৰুষৰ সৈতে সহ অৱস্থানত থাকি সমাজক, দেশক উন্নত পৰ্যায়লৈ লৈ যাবলৈ সক্ষম হৈছে।

কিছু বাস্তৱ অভিজ্ঞতা

১৯৮৩ চনত হাভানাত কিউবান মহিলা ফেডাৰেচনৰ দ্বাৰা পৰিচালিত এটি আন্তৰ্জাতিক শিক্ষা শিবিৰ মোৰ অধ্যয়নৰ সময়ছোৱাত কিউবান নাৰীৰ আৰ্থ-সামাজিক স্বাধীনতাৰ বাস্তৱ চিত্ৰ দেখাৰ (চাক্ষুষ) অভিজ্ঞতা হৈছিল। দুবাৰলৈ দুখন প্ৰভিন্সলৈ প্ৰেক্টিকেল ৱৰ্কৰ বাবে যাওঁতে সূতাকল,বৰ্ডিং স্কুল,নগৰ-পালিকা আদিত অতি দক্ষতাৰে পৰিচালিকাৰ দায়িত্বত নাৰীয়ে কাৰ্য নিৰ্বাহ কৰা দেখা পাইছিলো। বহু গুৰুত্বপূৰ্ণ তথ্য-পাতি নাৰী মূৰব্বীসকলে আমাক যোগান ধৰিছিল। দ্বিতীয়তে,হাভানাত আন এটি বাস্তৱ অভিজ্ঞতা আছিল ৮মাৰ্চ নাৰী দিৱসৰ দিনটো। কিউবাত নাৰী দিৱস ৮মাৰ্চটো চৰকাৰী বন্ধৰ দিন । নাৰী শ্ৰমৰ প্ৰতি সন্মান জনাই সকলোধৰণৰ শ্ৰমৰ পৰা নাৰীক ৰেহাই দিয়ে । সেইদিনা আমাৰ হোটেল “Fidel Velly” টো কিছু ব্যতিক্ৰমী অভিজ্ঞতা হ’ল। আমাৰ দৈনন্দিন কামৰ ৰুটিন আৰম্ভ হয় পুৱা৪.৩০ বজাৰ সংকেত ধ্বনিৰ লগে লগে আৱাসীসকলে নিজে নিজৰ ডাৰ্মিটেৰী পৰিষ্কাৰ কৰা। তিনিজনীয়া গ্ৰুপ বনাই আমি আমাৰ দায়িত্ব পালন কৰিছিলো। কিন্তু সেইদিনা নিৰ্দিষ্ট সংকেত ধ্বনি নাহিল,তাৰ পৰিৱৰ্তে সংকেত ধ্বনি বাজিল ৫.৩০ বজাত । বিচনা এৰি হাত মুখ ধুই কেণ্টিনৰ ডাইনিং হল পালোগৈ। সেইদিনা দুৱাৰমুখত দীঘলীয়া শাৰী নাই ।খাদ্যৰ প্লেট আগবঢ়াই দিয়া মহিলা কেইগৰাকীৰ পৰিৱৰ্তে অফিচৰ পুৰুষ কৰ্মচাৰী দুজন তাত। চাৰিজনীয়া টেবুলবোৰত আমাৰ বাবে সজাই থোৱা হৈছিল ফুল আৰু শুভেচ্ছা বাৰ্তাৰ কাৰ্ড। দুপৰীয়া থিয়েটাৰ হ’লত আনুষ্ঠানিক কার্যসূচী –য’ত বিভিন্ন দেশৰ প্ৰতিনিধিসকলে অংশগ্ৰহণ কৰে৷ হাভানাত আনন্দমুখৰ-ঊৎসৱ যেন লগা পৰিৱেশ। দলে দলে মহিলাসকলে ঘৰে ঘৰে গৈ গীত নৃত্য কৰি নাৰীক অভিনন্দন যঁচাৰ অভিনৱ দৃশ্য ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে