চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / মাৰ্চ সংখ্যাৰ সম্পাদকীয়

মাৰ্চ সংখ্যাৰ সম্পাদকীয়

ফিডেল কাষ্ট্ৰো কেৱল এক নাম নহয়, এক বিশাল ব্যক্তিত্বৰ আঁৰৰ আদৰ্শ । যোৱা বছৰৰ ২৬নৱেম্বৰত তেওঁ ৰ মৃত্যু হ’ল, কিন্তু তেওঁৰ আদৰ্শ পৰিৱৰ্তনকামী বিপ্লৱীসকলে চিৰদিন স্মৰণ কৰি থাকিব। ফিডেলে জানিছিল, বিপ্লৱ মানে কি ? তেওঁ কৈছিল- বিপ্লৱ ফুলশয্যাৰ বিচনা নহয়, বিপ্লৱ হৈছে অতীত আৰু ভৱিষ্যতৰ মাজত এক মৃত্যু সংগ্ৰাম (revolution is not a bed of roses, a revolution is a struggle to death between the future and past)৷

বিপ্লৱ সংঘটিত কৰাটো যিদৰে সহজ নাছিল, শাসনভাৰ গ্ৰহণৰ পাছৰ (বাতিস্তাক অপসাৰণৰ পাছত) সময়ছোৱাও আছিল অত্যন্ত কঠিন। এফালে আমেৰিকাৰ লুণ্ঠনত বিধ্বস্ত হৈ পৰা কিউবাৰ পুনঃ নিৰ্মাণ, আনফালে সাম্ৰাজ্যবাদী আমেৰিকাৰ বিৰুদ্ধে প্ৰত্যাহ্বান। তেওঁক বিভিন্ন কৌশলেৰে ৬৩৮ বাৰ হত্যাৰ অপচেষ্টা কৰা হয়। তথাপি, তেওঁৰ বিপ্লৱী সত্বাক দমন কৰাত বিফল হ’ল ষড়যন্ত্ৰকাৰী। আমেৰিকা যুক্তৰাষ্ট্ৰক বুঢ়া আঙুলি দেখুওৱাই সাম্ৰাজ্যবাদক সম্পূৰ্ণ ৰূপে অস্বীকাৰ কৰি কিউবাৰ জনসাধাৰণৰ সহযোগত বিপ্লৱ আগুৱাইছিল। কিউবান জনসাধাৰণৰ মৰম, বিশ্বাস আৰু সাম্যবাদী আদৰ্শৰ প্ৰতি আস্থাক সাৰোগত কৰিয়েই কমৰেডসকলৰ সৈতে লক্ষ্য প্ৰাপ্তিৰ দিশে আগুৱাইছিল ফিডেল ।

ব্যক্তিগত জীৱনৰ সকলোধৰণৰ ইচ্ছা-বাসনা পৰিহাৰ কৰি জনসাধাৰণৰ মুক্তিৰ সপোন আৰু সেই সপোনক বাস্তৱ ৰূপ দিয়াই আছিল তেওঁৰ লক্ষ্য ।  তেওঁ সেই লক্ষ্যত উপনীত হ’ল। তেওঁৰ মৃত্যু লৈকে সাম্ৰাজ্যবাদী শক্তিয়ে তেওঁৰ কুৎসা ৰটনাত নিমজ্জিত হৈ থাকিল যদিও তেওঁক আদৰ্শৰ পৰা বিচলিত কৰিব নোৱাৰিলে। তেওঁৰ মৃত্যুৰ পাছতো আন এক দক্ষ বিপ্লৱীৰ নেতৃত্বত বিপ্লৱৰ বিজয় ধ্বজা উৰিয়েই আছে। তেওঁ যি কৰিছিল জনসাধাৰণৰ মুক্তিৰ বাবে কৰিছিল, জনগণক লগত লৈ কৰিছিল, সেয়ে তেওঁ সাম্ৰাজ্যবাদীৰ অপপ্ৰচাৰক কেৰেপ কৰা নাছিল। শত্ৰুক ৰঙা চকু দেখুওৱাই ঘোষণা কৰিছিল ‘মোক দোষ দিয়া, ইতিহাসে মোক দোষমুক্ত কৰিব।’

আমেৰিকাৰ নৱ নিৰ্বাচিত ট্ৰাম্পে বিপ্লৱী গৰাকীৰ মৃত্যুত ‘স্বৈৰাচাৰী শাসকৰ মৃত্যু’ বুলি আখ্যা দি উল্লাস প্ৰকাশ কৰিলে। কিন্তু এনে অপপ্ৰচাৰ অস্বভাৱিক নহয় এখন সাম্ৰাজ্যবাদী শাসকৰ, বিপ্লৱীৰ প্ৰতি। ট্ৰাম্পে কৰা মন্তব্যও ব্যতিক্ৰম নহয়। পুঁজিবাদী শাসকসকলে সমাজবাদক সমালোচনা কৰে, অথচ পুঁজিবাদৰ ভৱিষ্যতক লৈ তেওঁলোক সন্দিহান। ফিডেল কাষ্ট্ৰোৱে পুঁজিবাদ সম্পৰ্কত কৈ গৈছে ‘দৰিদ্ৰতা নিৰ্মূলৰ ক্ষেত্ৰত পুঁজিবাদৰ যি দৰে সক্ষমতা নাই ,সেইদৰে নৈতিকতা আৰু সদিচ্ছাও নাই।’ (Capitalism has neither the capacity,nor the morality ,nor the ethics to solve the problems of poverty.)

ইতিহাস সাক্ষী আছে, শত্ৰু পক্ষই বিপ্লৱীসকলৰ বিৰুদ্ধে যিমানেই অপপ্ৰচাৰ নচলাওক, জনগণে তেওঁলোকক জীয়াই ৰাখিব। তেওঁলোকৰ আদৰ্শই অনুপ্ৰাণিত কৰি যাব যুগে যুগে নতুন ৰূপত অনেক ফিডেল, চে ,মাও, লেনিনৰ জন্ম হোৱাত। ফিডেলৰ অন্যতম সহযোদ্ধা আন্তৰ্জাতিক বিপ্লৱী চে গুৱেভাৰাই কৈছিল, ‘বিপ্লৱীৰ মৃত্যু হয়, বিপ্লৱৰ নহয়’। সেয়াই বাস্তৱ। ফিডেল বা চে সোঁশৰীৰে কিউবাত নাথাকিলেও আজিও বিপ্লৱ চলি আছে। তেওঁলোকৰ মুক্তিকামী আদৰ্শক কোনেও হত্যা কৰিব নোৱাৰে। তাৰ মাজেদিয়েই জীয়াই থাকিব ফিডেল অথবা চে। মানৱ ইতিহাস শোষণৰ ইতিহাস। শোষক আৰু শোষিতৰ দ্বন্দ্বৰ ইতিহাস। মানৱ সমাজ থকালৈকে ইতিহাসত জীৱিত থাকিব ফিডেল আৰু তেওঁৰ আদর্শও। ফিডেলৰ ভাষাৰে, ‘মানুহক হত্যা কৰিলেও ,আদৰ্শক হত্যা কৰিব নোৱাৰে।’

কৃতজ্ঞতা স্বীকাৰঃ

প্ৰথমবাৰৰ বাবে আলোচনী এখনৰ অতিথি সম্পাদকৰ দায়িত্ব গ্ৰহণ কৰিছিলোঁ। অতি গুৰুত্বপূৰ্ণ দায়িত্বটো সময়মতে আৰু সুচাৰুৰূপে সম্পূৰ্ণ হৈ নুঠিলহেঁতেন ‘বৌদ্ধিক বিচাৰ’ আলোচনীৰ কৰ্মকৰ্তাসকলৰ সহযোগিতা অবিহনে। নাং চন্দ্ৰমিতা বৰা, হিমাংশু আচাৰ্য আৰু প্ৰাণজ্যোতি নাথে বিপ্লৱী ফিডেল কাষ্ট্ৰোৰ মনোমোহা ছবি আঁকি দি কৃতাৰ্থ কৰিলে । গীতালি বৰপাত্ৰ গোহাঁয়ে আগ্ৰহেৰে সুদীৰ্ঘ লেখা এটি ইউনিকোড কৰি দিয়াৰ বাবে তেওঁকো ধন্যবাদ জনালোঁ । সকলোধৰণৰ দিহা-পৰামৰ্শৰ বাবে আলোচনীখনৰ সম্পাদক টুনুজ্যোতি গগৈদাকো আন্তৰিক ধন্যবাদ জনালোঁ ।

পূজা নিৰালা

এটা মন্তব্য

  1. বৰ সুন্দৰ প্ৰয়াস… ন’ ন’ তথ্যৰে সমৃদ্ধ এই ফিডেল কাষ্ট্ৰোৰ আদৰ্শৰে ধাবিত হওক নৱ প্ৰজন্ম…
    যাৰ দ্বাৰা সমাজ অৰ্থনীতি সুৰক্ষিত হব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে