চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / কম্পানেৰো ফিডেল, তোমাৰ কম্পাছডাল হেৰাই নাযায়! ( মূলঃ শুভময়, অনুবাদঃ প্লাৱন বৰা)

কম্পানেৰো ফিডেল, তোমাৰ কম্পাছডাল হেৰাই নাযায়! ( মূলঃ শুভময়, অনুবাদঃ প্লাৱন বৰা)

যিসময়ত পৃথিৱীজুৰি নৱেম্বৰ বিপ্লৱৰ শতবর্ষ মহা ধুমধামেৰে উদযাপনৰ যো-জা চলিছে, সেই বিপ্লৱৰ আদর্শ দীর্ঘজীৱী কৰাৰ হকে বহুজনে শপত গ্রহণ কৰিছে, এই নৱেম্বৰতে তুমি আমাক এৰি গুচি গ’ল, কম্পানেৰাে ফিডেল। তুমি অৱশ্যে কৈছিলা, জুলিয়ান কেলেণ্ডাৰ অনুসৰি এইয়া অক্টোবৰ বিপ্লৱহে।
মোৰ অগ্রজ বন্ধু এজনে প্রথমে খবৰটাে দিলে। কিছুসময় পিছত তেওঁ text কৰিলে, “আজিও সমগ্র বিশ্বৰ দুই কোটি শিশুৱে নিশাটাে ৰাস্তাত কটাব, কিন্তু তেওঁলোকৰ মাজত এজনো কিউবান নহয়।” সমগ্র বিশ্বতে আজি যিবোৰ শিশুৱে ৰাস্তাত মুকলি আকাশৰ তলত নিশাটাে কটাব লাগিব, সিহঁতৰ মূৰৰ শিতানত জাগি থাকিব ফিডেল কাষ্ট্রো। ঘৰৰ চাদৰ তলত শুবলৈ সুযোগ পোৱা সেই কিউবান শিশুবােৰৰাে মূৰৰ শিতানত জাগ্ৰত প্ৰহৰী হৈ থাকিব ফিডেল।

ভিয়েটনামৰ শিশুহঁতে আজি শুবলৈ লৈও চাই ৰ’ব বিষাদমনে বহি থকা মাকহঁতৰ মুখলৈ। শিশুহঁতৰ গাত মৰমৰ বুলনি দি ভিয়েটনামৰ মাতৃসকলেও শুনাব পুৰণি এক সাধুকথা। সেই সাধুকথাৰ নায়ক ফিডেল।
দিনৰ পিছত দিন নোশোৱাকৈ সাৰে থকাটাে ফিডেলৰ কিন্তু বহুদিনৰে অভ্যাস!

(২)

ফিডেলে স্মৰণ কৰিছে জুলিঅ’ এণ্টনিঅ’ মেল্লা (১৯০৩-২৯)ক। মেল্লাই কিউবাত, প্ৰথমটাে ছাত্র সংগঠন গঢ়ি তুলিছিল। নাম আছিল ‘এছাতুদিয়ানতিল ইউনিভাৰচিতাৰিয়া”। ১৯২২ চন, মেল্লাৰ বয়স তেতিয়া খুব বেছি উনৈশ নহ’লে বিশ। তেতিয়াই তেওঁ গঢ়ি তুলিছিল কিউবাৰ কমিউনিষ্ট পাটি। ফিডেলৰ মতে আকৌ তেতিয়া মেল্লাৰ বয়স আছিল ২০ বা ২১। তাৰ পিছতেই মাচাদেৰ শাসনকালত মেল্লাৰ প্ৰথম বন্দীজীৱন। কাৰাগাৰত অনশন। মুক্তি। মেক্সিকোলৈ নির্বািসন যাত্রা। তাতেই মাচাদেৰ গুপ্তঘাতকৰদ্বাৰা হত্যাৰ বলি হৈ মৃত্যুবৰণ কৰে মেল্লাই— ১৯২৯ চনৰ ১০ জানুৱাৰীত। সেইসময়ত বিশ্ববিদ্যালয়ত অধ্যয়নৰত ছাত্ৰসকলে মেল্লাৰ পৰা শুনিবলৈ পাইছিল ইতিহাসৰ কথা, বীৰপুৰুষসকলৰ কথা। ৰাছিয়াৰ বলছেভিক বিপ্লৱৰ দ্বাৰা অনুপ্রাণিত মেল্লা আছিল সেইসময়ৰ কিউবাৰ ছাত্ৰ ৰাজনীতি তথা ৰাজনীতিৰ এটা বিখ্যাত চৰিত্ৰ, যিয়ে হােচে মার্তিৰ সুহৃদ কার্লোছ বার্লিআনোৰ লগত লগ হৈ গঢ়ি তুলিছিল কিউবাৰ কমিউনিষ্ট পার্টি।

কম্পানেৰাে ফিডেল, কিমানবাৰ যে তোমাৰ মুখত শুনিছে লেনিনৰ অতুলনীয় প্রতিভাৰ কথা। সমগ্ৰ বিশ্বৰ ধনতন্ত্রবাদীসকলে ঘেৰি ধৰিছে বিপ্লৱৰ পীঠস্থান ৰাছিয়াক। প্ৰহৰী হৈ জাগি আছে লেনিন। তুমি লেনিনৰ অকাল বিয়োগত দুঃখ প্রকাশে কৰিছা। কিউবাৰ বিপ্লৱী দল গঠনৰ প্ৰসংগ উল্লেখ কৰিবলৈ গৈ তুমি বাৰে বাৰে কৈছা বা প্রশ্ন কৰিছা, “বেলাৰুছৰ ৰাজধানী মিনস্ক চহৰত লেনিনে পাটি গঠন কৰােতে কেইজন ব্যক্তি তেওঁৰ লগত আছিল ? মোৰ যিমানুদূৰ মনত পৰে মাত্ৰ দহজন। সেইয়াই আছিল বলছেভিক পাৰ্টিৰ ইতিহাস।”প্ৰায়েই তোমাৰ মুখত শুনিবলৈ পোৱা যায় লেনিনৰ অমূল্য সৃষ্টি ‘ৰাষ্ট্ৰ আৰু বিপ্লৱ’, ‘সাম্রাজ্যবাদ পুঁজিবাদৰ সর্বোচ্চ পর্যায়”আদিৰ কথা তথা বিভিন্ন বিষয়ত লেনিনৰ সমালোচনা-চিন্তা। তুমি সদায় কৈছিলা, “আমি মার্ক্স, মার্তি বা লেনিনৰদ্বাৰা অনুপ্রাণিত নোহােৱা হ’লে কিজানি কিউবাত বিপ্লৱৰ জন্ম দিয়াৰ চিন্তা মনলৈ নাহিলেইহেঁতেন।” প্ৰায়েই তোমাৰ মনত পৰে, মনত পৰাৰে কথা, ১৯৫২ চনৰ ১০ মার্চত যেতিয়া মানকড়া অভু্যুত্থান আৰম্ভ হৈছিল, তোমাৰ কিমানজন কমৰেডে পঢ়িবলৈ বহিছিল লেনিনৰ কি কৰিব লাগিব (What is to be done)’ কিজানিবা কোনো ইংগিত পোৱা যায়েই। তোমাৰ ভালকৈয়ে মনত আছে চে’ গুৱেভাৰাই কিমানবাৰ কি কি প্ৰসংগত লেনিনৰ নাম লৈছিল। তুমি জানিছিলা, চে’ আছিল ভীষনভাৱে লেনিনবাদী—অবিচল লেনিনবাদী।

(৩)
১৯০৫ চনৰপৰা লেনিনে সশস্ত্ৰ সংগ্রাম, অভ্যুত্থান, ৰণবিজ্ঞান সংক্রান্তীয় কিতাপসমূহ পঢ়িছিল। ক্রুপস্কায়াৰ মতে, “বিপ্লৱ অভ্যুত্থান সম্পৰ্কীয় মার্ক্সৰ কিতাপসমূহ গভীৰ মনােযোগেৰে অধ্যয়ন কৰাই নহয়, লেনিনে অধ্যয়ন কৰিছিল সমৰবিজ্ঞানৰ প্ৰচুৰ কিতাপো। লগতে খুঁটিনাটি মাৰি পঢ়িছিল সশস্ত্ৰ অভ্যুত্থানৰ কৌশল আৰু সংগঠনৰ বিষয়ে।” লেনিনে জেনেৰেল কুছাৰৰ স্ট্রিট ফাইটিং’ নামৰ স্মৃতিগ্রন্থ আৰু প্যাৰিৰ ৰাস্তাত কমিউগার্ডসকলৰ দুৰ্দান্ত যুঁজৰ অভিজ্ঞান সম্পৰ্কীয় গ্রন্থ এখন অনুবাদ কৰিছিল। ১৯১৭ চনৰ অক্টোবৰৰ দিনবোৰত লেনিনে তেওঁৰ কমৰেডসকলক সোঁৱৰাইছিল সশস্ত্ৰ অভ্যুত্থানৰ সেই মূলমন্ত্রটি, যিটাে মার্ক্সে শিকাইছিল বিপ্লৱী ৰণকৌশলৰ শ্রেষ্ঠ ৰণগুৰু দাঁতোক উদ্ধৃত কৰি—“দে লুদাছ, দে লুদছি, আর্কোৰ দে লুদছি, তুজু দে লুদছি—দুঃসাহস, দুঃসাহস, আৰু দুঃসাহস, প্রতিদিন-প্রতিনিয়ত দুঃসাহস।

কম্পানেৰাে ফিডেল, এইক্ষেত্ৰত কিন্তু তুমি লেনিনকো চেৰ পেলাই দিবা। আলেকজেণ্ডাৰৰপৰা হানিবল হৈ নেপোলিয়ন— ধ্রুপদী ৰণনায়কসকলৰ সকলোবােৰ মুভ তুমি অনায়াসে মুখস্থ মাতি যাব পাৰিছিল। সেইদৰে লেনিন, স্তালিন, মাও, হাে চি মিন—সকলো কেইজন বিপ্লৱী যোদ্ধাৰ এখনৰ পিছত এখন যুদ্ধৰ কথা, লেটিন আমেৰিকাৰ অগণন বিদ্রোহ, দাসমুক্তি কিম্বা দেশমুক্তি যুদ্ধ, খণ্ডযুদ্ধ, গেৰিলা যুদ্ধৰ ইতিবৃত্ত আৰু কৌশল তুমি যিদৰে জানিছিলা বা বুজিছিলা, নিজৰ হস্তৰেখা চিনি পোৱাৰ উপমাও কিজানি তাৰ সন্মুখত দুর্বল বা জীৰ্ণ যেন অনুভৱ হ’ব। তুমিতো জাত যোদ্ধা, কেৱল যোদ্ধাইবা কিয়,তুমিতো নিজেই কামাণ্ডণ্ট ফিডেল। সঁচা অৰ্থত তুমি হ’ল৷ হাড়-মাংস-ৰক্ত-ৰসৰে পৰিপূৰ্ণ এজন যোদ্ধা।

মনত পৰিছে, আর্নেষ্টে চে’কিউবা এৰি গুচি যোৱাৰ পিছত তোমাক সোধা হৈছিল, “চে” কি অধৈৰ্য হৈ পৰিছিল ?”
তোমাৰ উত্তৰ আছিল, “চেই জানে এজন গেৰিলা যোদ্ধাৰ জীৱন কেনেধৰণৰ হয়। তেওঁ জানে এজন গেৰিলা যোদ্ধা হিচাপে তেওঁলৈ প্রয়োজন হােৱা অসম্ভৱ শাৰীৰিক সক্ষমতা আৰু শাৰীৰিক শক্তিৰ কথা। তেওঁ জানে, তেওঁ যদি বেছিদিন অপেক্ষা কৰে, তেওঁ শাৰীৰিক সক্ষমতাৰ সর্বোত্তম অৱস্থাত থাকিব নোৱাৰিব।” তুমি কেৱল, তুমিয়েই পাৰা এনেধৰণৰ উত্তৰ দিব কামাণ্ডেণ্টে ! তোমাকে ধৰি ৰাউল, ক্যাছিল আৰু অন্যান্য গেৰিলা যোদ্ধাসকলকতো আৰু কোৱাৰ প্রয়োজন নাই কি পৰিমাণৰ শাৰীৰিক শক্তিৰ দৰকাৰ! নিভাঁজ হাড়-মাংস-মজা আৰু দমৰ শক্তি। ক্ৰমাৎ নামি অহা যুদ্ধবিমানৰ পৰা মেছিনগানেৰে কৰা অহৰহ গুলীবর্ষণৰ মাজত কিদৰে মাটিত শস্যৰ মাজত সৰীসৃপৰ দৰে নিজকে লুকুৱাই ৰাখিব লাগে। আৰু সেই গুলীবর্ষণৰ মাজতে সুযোগ উলিয়াই দুই-তিনিঘণ্টা জিৰণি ল’ব লাগে। যুদ্ধৰ মাজতে গাঁৱৰ কোনাে গৰীব কৃষকৰ ঘৰত আশ্রয় উলিয়াই শুবলৈ হ’লে বুকুৰ ঠিক কোনখিনি ঠাইত ৰাইফলটাে ৰাখিব লাগে—যাতে শত্ৰুৱে ঘেৰি ধৰিলে প্রতিৰােধ গঢ়ি তোলা যায় নিমিষতে। অথবা ৰাইফলৰ পৰিৱৰ্তে সৰু পিষ্টল এটা ৰখাই সুবিধাজনক হয় নেকি! কোনো ফ্রিগেট দেখি তুমি অনায়াসে কৈ দিব পাৰিছিল—উপকূলৰ পৰা ঠিক কিমান দূৰৈত সিহঁতৰ অৱস্থান, পানীৰ কিমান গভীৰতাৰপৰা সিহঁতে মাৰাত্মক আক্রমণ চলাব পাৰে। মেক্সিকোত গোপনে সেই অনুশীলন কৰাৰ কথা কেতিয়াবা তুমি প্রকাশ কৰিছিলানে বাৰু ? এজন কমৰেডৰ ভৰিৰ তলত ৰখা হ’ব এটা বটল, তাক লক্ষ্য কৰি তুমি কেইবাশ ৰাউণ্ড শ্বট্‌ কৰি আছা, সামান্য ভুল হ’লেই সেই গুলীয়ে ফালি পেলাব তোমাৰেই কোনাে কমৰেডৰ বুকু।

(৪)
বিংশ শতাব্দীৰ দ্বিতীয়াৰ্দ্ধৰ বিশ্বৰ শ্রেষ্ঠ যোদ্ধাসকলৰ অন্যতম হ’ল৷ তুমিয়েই—কমাণ্ডেণ্ট ফিডেল কাষ্ট্রো ৰুজ! চন ১৯৭৩। তীব্ৰগতিত চলিছে ভিয়েটনামৰ মুক্তিযুদ্ধ। প্ৰৱল যুদ্ধ চলিছে মধ্য কোৱাঙ ত্রি প্রদেশত। কিছু পিছপৰি ৰৈছিল কিশোৰী নগুৱেনথি হুৱােঙ ৷ ১৭ বছৰৰ থি হুৱাঙ আছিল বেপৰােৱা যোদ্ধা। জীৱনপণ ৰখা কমিউনিষ্ট পিছপৰি যাওঁতে হঠাৎ আৰম্ভ হ’ল মার্কিন ক্লাষ্টাৰ বম্বিং আঘাতপ্রাপ্ত হৈ ভয়ানক ৰক্তপাত হৈছিল নগুৱেনৰ। হাতেৰে চেপি ধৰি ৰক্তপাত বন্ধ কৰাৰ চেষ্টা চলাইছিল। অসহ্যকৰ আঘাত আৰু প্ৰচুৰ ৰক্তপাতৰ ফলত তেওঁ ৰাস্তাৰ কাষত পৰি ৰৈছিল। ক্রমশঃ জ্ঞান হেৰুৱাইছিল। অস্পষ্টভাৱে নগুৱেনৰ মনত আছে, এটা কনভয় আগবাঢ়ি আহিছিল। এজন ডাঢ়িয়া ওখ ব্যক্তিয়ে তেওঁক লৈ গৈছিল। তাৰ পিছতেই জ্ঞান হেৰুৱাই পেলাইছিল। তেওঁ। সেই ওখ ব্যক্তিজনেই আছিল ফিডেল কাষ্ট্রো। আমেৰিকান আগ্ৰাসনৰ বিৰুদ্ধে ৰণত লিপ্ত হােৱা ভিয়েটনামৰ বিপ্লৱী যোদ্ধাসকলক উৎসাহিত কৰিবৰ বাবে ফিডেল গৈ উপস্থিত হৈছিল তাত, আগশাৰীৰপৰা নেতৃত্বও দিছিল যুদ্ধৰ। কোৱাঙ ত্রি প্রদেশত উৰুৱাইছিল যুদ্ধৰ নিচান। ফিডেলৰ উপস্থিতিত যুঁজৰ বাবে নতুন প্রেৰণা পাইছিল ভিয়েটনামে। সেই ফিডেল আজি ভিয়েটনাম যুদ্ধৰ সাধুকথাৰ নায়ক।

(৫)
যোদ্ধা হিচাপে ফিডেলৰ কথা কৈ শেষ কৰিব পাৰি জানো! সৌ সিদিনা ছাদ্দাম হুছেইনকো কৈছিল, “যুদ্ধক্ষেত্ৰ এৰি নাহিবা। শেষ বিন্দু ৰক্ত থকালৈকে যুঁজি যোৱা।”অৱশ্যে ছাদ্দামক যে তেওঁ সমৰ্থন কৰিছিল। তেনেকুৱাও নহয়। আদর্শগতভাৱে গডডাফিৰ প্ৰতিও তেওঁৰ প্ৰচুৰ বিৰক্তি আছিল। তথাপিও চিৰতত বা বেন গাজিৰ পথত গডডাফিয়ে যুঁজ কৰি থকাৰ সময়ত,লিবিয়াত মানৱাধিকাৰ ভংগৰ আলম লৈ আৰম্ভ হােৱা মার্কিন অটােমেটেড”আগ্রাসনৰ বিৰুদ্ধে অৱস্থান গ্রহণ কৰি ফিডেলে গড়ডাফিলৈ বার্তা পঠাইছিল—“মৰিবলৈ হ’লে সৈনিকৰ জোতাযোৰ পিন্ধিয়ে মৰিবা। যুদ্ধভূমি ত্যাগ কৰি নহয়।” কম্পানেৰাে, কি দানৱীয় পঢ়াশুনা তোমাৰ। মাক্সীয় ধ্রুপদী তত্ত্ববিজ্ঞানৰ যাৱতীয় গ্রন্থাৱলী তুমি পঢ়িছা । মার্তি সমগ্র, খ্ৰীষ্টিয় ধর্ম আৰু নীতিতত্ত্ব, লেটিন আমেৰিকাৰ ইতিহাস। সাহিত্যৰপৰা আৰম্ভ কৰি হেমিঙৱে তথা মার্কেজৰ সকলোবােৰ উপন্যাস তুমি পঢ়িছা। আদাম স্মিথকে ধৰি অৰ্থনীতি বিজ্ঞানৰ অগণন গ্ৰন্থৰ কথাবোৰ তোমাৰ আয়ত্ত্বত। কথা প্ৰসংগত অনায়াসে কৈ দিব পাৰা পৰিৱেশ বিজ্ঞানৰ ওপৰত ৰচিত আধুনিকতম গ্ৰন্থখনিৰ নাম। কেৱল পঢ়াই নহয়, তুমি অনায়াসে তাৰপৰা উদ্ধৃতি দিব পাৰা, প্রয়োজন অনুসৰি তাৰ কথাবোৰ অহৰহ কৈ যাব। পাৰা। বন্ধু নােবেলজয়ী মার্কেজক তুমি কৈছিলা, পৰ জন্মত তুমি হেনাে লিখক হ’ব বিচাৰা। মার্কেজে তোমাক সুধিছিল, “পৃথিৱীৰ কোনটাে কাম কৰি তোমাৰ সকলোতকৈ ভাল লাগে?” তোমাৰ উত্তৰ, “কোনো এটা বাটেৰে কেৱল ফুৰিবলৈ বুলি ওলাই গৈ”।

(৬)
তোমাক জিৰণি দিয়া নহ’ল। আচলতে তোমাক আমাৰ ভীষণ প্রয়োজন। কমৰেড স্তালিনৰ কথাটাে নক’লোৱেই, হাে বা মাও জীয়াই থকা পৃথিৱীখনত আমি যিসকলে জন্ম লাভ কৰাৰ সুযোগ নাপালো, আমাৰ বাবে এটাই অহংকাৰ— আমি ফিডেল জীয়াই থকা পৃথিৱীখনত বহুদিন একেলগে বাস কৰিছোঁ। ফিডেল কিউবাৰ কমিউনিষ্ট পাৰ্টিৰ সম্পাদক নির্বাচিত হৈছিল। ১৯৬৫ চনত। ১৯৬৫ চনৰ ৩ অক্টোবৰত গঢ়ি উঠিছিল এই কমিউনিষ্ট পার্টি। তাৰ কিছুদিন আগতে বিদায় লৈছিল আমাৰ প্রিয় চেয়ে। ফিডেল বাচি থকা পৃথিৱীত ইমানদিন একেলগে থাকিলো, কান্ধত তুলি ল’লো ৰঙা পতাকা, ৰঙা পতাকাখন বহন কৰাৰ অন্ততঃ যোগ্য হৈ উঠাৰ চেষ্টা কৰিলোঁ— ইয়াতকৈ অহংকাৰৰ কথা আৰু কি থাকিব পাৰে! তুমি ছােভিয়েট পতনৰ সেই বিষন্নময় মুহুর্তবোৰৰ বহুবাৰ ৰােমন্থন কৰিছিল৷ মূৰৰ ছাদ যেন খহি পৰিছিল তোমাৰ আৰু তোমাৰ কমৰেডসকলৰ। সেইদিন সুঁৱৰি তুমি কৈছিল—“সকলোৱে সন্দেহ কৰিছিল কিউবাৰ বিপ্লৱৰাে মৃত্যুঘণ্টা বাজি উঠাৰ সময় সমাগত। কিছুমান মুখইটাে ভাবিবলৈ আৰম্ভ কৰিছিল আজি নহ’লেও অন্ততঃ অতিশীঘ্ৰেই কিউবাৰ পতন অনিবার্য। যিমানেই সিহঁতে এই কল্পনা কৰি আহ্বাদিত হৈছিল, যিমানেই সিহঁতে কিউবা বিপ্লৱৰ মৃত্যুৰ প্ৰমাদ গণিছিল, সিমানেই আমি দৃঢ়প্রতিজ্ঞ হৈ উঠিছিলো যে পৰাজয়ে এই গৌৰৱময় জাতিৰ
ওপৰত কেতিয়াও কিন্তুজা কৰিব নোৱাৰে।” তুমি গভীৰ বিশ্বাসেৰে কৈছিল—“যদি ক্ৰিষ্ট’ফাৰ কলম্বাছৰ হাতত কম্পাছডাল নাথাকিলেহেঁতেন, তেওঁ ক’তোগৈ নাপালেগৈহেঁতেন।

কিন্তু কম্পাছডাল তেওঁৰ হাতত আছিল। মোৰাে এডাল কম্পাছ আছে, যিডাল মই বিচাৰি পাইছোঁ মার্ক্স-লেনিনৰ দৰ্শনৰ মাজত। আৰু নীতিবোধ— মই আকৌ কৈছে— এই নীতিবোধ বিচাৰি পাইছোঁ মার্তিৰ মাজত।” চিৰস্মৰণীয় তুমি, কম্পানেৰাে ফিডেল! নিশ্চিন্ত থাকা, কম্পাছডাল আমি কেতিয়াও হেৰাবলৈ নিদিওঁ। কম্পানেৰাে ফিডেল, তোমাৰ কম্পাছডাল হেৰাই নাযায় কেতিয়াও ।

(বি:দ্ৰ:- কমৰেড’শব্দৰ স্পেনিছ ভাষাত প্রতিশব্দ হ’ল কম্পানেৰে)

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে