চ’ৰাঘৰ / কথাশিল্প / ছৈ দিয়া শব্দ ( ডঃ ছবি গগৈ )

ছৈ দিয়া শব্দ ( ডঃ ছবি গগৈ )

সিপাৰৰ বেলি এইপাৰ পালেই
ক’লা শূন্যতাবোৰ নীলা হৈ পৰে
কোনে মনত ৰাখে তেতিয়া আকাশ যে নহয় নীলা
সীমাহীন অন্ধকাৰ আৰু শূন্য আকাশত
বেলিয়েই অনুৰাগ পোহৰেই প্ৰেম

নীলা নীলা মৰীচিকা আৰু এজাক তৰাৰ ভেম
সৰুমাই
আহ আমি মাটিৰ প্ৰেমত পৰোঁ
বাৰিষা গজিম খৰালি ধূলি হৈ উৰিম
প্ৰতি ঋতুত নতুন নতুন চিঠি লিখিম।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে