চ’ৰাঘৰ / কথাশিল্প / ‘কাৰ্মেলিন’ৰ কথাৰে ( মীনাক্ষী বৰুৱা )

‘কাৰ্মেলিন’ৰ কথাৰে ( মীনাক্ষী বৰুৱা )

সাহিত্য অকাডেমী বঁটা প্ৰাপ্ত কোঙ্কনী লেখক দামোদৰ মাওজোৰ “কাৰ্মেলিন” নামৰ উপন্যাসখনি অসমীয়ালৈ অনুবাদ কৰিছে কৰবী ডেকা হাজৰিকাই। এই উপন্যাসখনৰ বাবে মাওজোয়ে ১৯৮৩ চনত সাহিত্য অকাদেমিৰ উপৰি আন পুৰস্কাৰো লাভ কৰিবলৈও সমৰ্থ হৈছিল। উপন্যাসৰ পটভূমি আশী/ নব্বৈৰ দশকৰ। গোৱা স্বাধীন হোৱা সময়ৰ।
কাৰ্মেলিন এজনী সৰু ছোৱালী। গোৱাৰ এখন ভিতৰুৱা গাঁৱত তাইৰ জন্ম। “টাইফয়েড ৰোগে গাঁওখন এফালৰপৰা শেষ কৰি আনিছিল। মৃত্যুৰ কৰাল গ্ৰাসত পৰা গাঁওখনত একমাত্ৰ সেই ঘৰটোতে শুনা গৈছিল এহাল ল’ৰা-ছোৱালীৰ হাঁহি ধেমালিৰ মধুৰ ধ্বনি।… মৃত্যুলৈ ভয় কৰে ডাঙৰেহে, ল’ৰা-ছোৱালীৰ লগত এই ভয়ৰ সম্পৰ্ক নাই ।” – কাহিনীত বৰ্ণিত এই ল’ৰা-ছোৱালীহালেই আছিল কাৰ্মেলিন আৰু তাইৰ ভায়েক ফ্ৰান্সিচকো। টাইফয়েড ৰোগত আক্ৰান্ত হৈ কণমানি ফ্ৰান্সিচকোও এদিন গুচি গৈছিল মৃত্যুৰ কোলালৈ। তাৰ পিছতে ৰোগত আক্ৰান্ত হৈছিল কাৰ্মেলিনৰ মাক। গাঁওখনত কান্দিবলৈ, মাতিবলৈও মানুহ নোহোৱা হৈছিল। খাবলৈকো ক’তো একো পোৱা নগৈছিল। বেমাৰ আৰু মৃত্যুভয়ে গাঁওখনত জীয়াই থকা কেইজনকো ঘৰৰ ভিতৰতে আবদ্ধ কৰি ৰাখিছিল।

“তই কান্দিছ মাজনী?’”
“নাই, কন্দা মাই! মোক একো নালাগে, মোৰ ভোক লগা নাই” – মাকৰ মৃত্যুভয়ে কাৰ্মেলিনক ভীতিগ্ৰস্ত কৰি তুলিছিল। তাৰপিছতে এদিন কাৰ্মেলিনক অকলশৰীয়া কৰি ভায়েকৰ পিছতে মাক আৰু দেউতাকো গুচি গৈছিল । মাকৰ আতোলতোল মৰমত ডাঙৰ হোৱা ছোৱালীজনীক পৰিস্থিতিয়ে ক’ৰপৰা ক’লৈ যে লৈ নগৈছিল! অনিচ্ছাস্বত্বেও কাৰ্মেলিনক পেহীয়েকে লৈ যাবলৈ বাধ্য হ’ল। দায়িত্ব, সহানুভূতি আৰু পিতৃস্নেহৰ অপূৰ্ব নিদৰ্শন দাঙি ধৰা পেহাৱকৰ মৰমতে কাৰ্মেলিন জীয়াই থাকিল।

কিতাপখনত লেখকে কেৱল ঘাটমাউৰা ছোৱালী এজনীৰ দুখ বেজাৰৰ কথাকে বৰ্ণনা কৰি থকা নাই। সীমিত শব্দ আৰু পৰিস্থিতি উপস্থাপনেৰে পঢ়ুৱৈক কাহিনীটোৰ অন্তৰ্জগতত প্ৰৱেশ কৰাৰ সহজ পথ মোকলাই দিছে। গোৱাৰ জন-জীৱন, আৰবীয় ৰীতি-নীতি আৰু জীৱন ধাৰা আমাৰ সমাজ সংস্কৃতিৰপৰা যদিও পৃথক, কিতাপখন পঢ়ি যাওঁতে সেই অনুভৱতকৈ মনুষ্যত্বৰ অন্য কিছু দিশহে স্পষ্টৰূপত উন্মোচিত হয়। এজনী সৰল আৰু অসহায় ছোৱালী, বোৱাৰী আৰু মাতৃৰ জীৱন যুঁজৰ যন্ত্ৰণাই নিঃসন্দেহে প্ৰতিজন পাঠকৰে অন্তৰ চুই যাব ।
” জুজেই তোমাক মৰম কৰেনে? ” – স্নেহময়ী চুবুৰীয়া ইজাবেলে সুযোগ বুজি কাৰ্মেলিনক সুধিছিল সিদিনা । মৰম নে ভালপোৱা , প্ৰেম নে প্ৰয়োজন কাৰ্মেলিনে নুবুজে সেইবোৰ কথা । কেৱল আশা – জুজে এদিন ভাল হ’ব । পত্নী-সন্তানৰ দায়িত্ব তেওঁ বুজি পাব !
কাৰ্মেলিনৰ আশা অমূলক আছিল । জুজেৰ দৈনন্দিন অধঃপতনে কাৰ্মেলিনক জীৱিকাৰ সন্ধান কৰিবলৈ বাধ্য কৰিছিল। শৈশৱৰ বান্ধৱী এল্ চাই কাৰ্মেলিনক কাম বিচাৰি কুৱেইটলৈ যোৱাৰ কথা ক’লে । …. “বছৰত দহ হাজাৰ , দুবছৰত বিশ হাজাৰ !” … খেতিৰ পথাৰখনো জমিদাৰৰ পুতেকে কাঢ়ি লৈ গ’ল , মৰমৰ জীয়ৰী বেলিন্দাৰ অনাগত দুখৰ দিনবোৰৰ কথা ভাবিলেই মাক কাৰ্মেলিনৰ আশংকাত কঁপি উঠে মন।
“কাৰ্মেলিন মোৰ কথা শুনা , এই লাজ, সংকোচ, মৰ্যাদা আমাৰ দৰে দুখীয়াৰ বাবে নহয় , এইবোৰ চহকী মানুহৰ বস্তু।”

জাৱক( এই সম্বন্ধৰ কথা কাৰ্মেলিনক জনোৱা হোৱা নাছিল) ইজাবেলে কাৰ্মেলিনক বুজায়। কুৱেইটলৈ যোৱা ছোৱালীৰ বিষয়ে অনেক কথাই শুনিছে তাই। সেয়ে মনত ইতস্ততঃ ভাব। অৱশেষত বহু চিন্তা ভাৱনাৰ অন্তত কাৰ্মেলিনে জাহাজত বোম্বাইলৈ যাত্ৰা কৰিলে । বেলিন্দাৰ ওপৰত যেন ভাগ্যৰ আৰু নিৰ্দয় প্ৰভাৱ নপৰে, সেই কথা ভাবিয়েই কাৰ্মেলিনে নিয়তিৰ নিৰ্মম পথত ভৰি দিলে ।
জুম্মা অৰ্থাৎ শুকুৰবাৰে মেডাম নুৰিয়া মাকৰ ঘৰলৈ যায়। মালিক নিচাৰ নিচাগ্ৰস্ত হৈ পৰিছিল কাৰ্মেলিনৰ মায়াত । এনেকৈয়ে চলি থাকিল। তাইৰ যত্ন আৰু কৰ্তব্যনিষ্ঠাই নুৰিয়াৰ কঠিন হৃদয়তো মৰম জগাইছিল। অকণমান দোষতে মে’ডামৰ ৰোষত পৰি বিদায় ল’ব লগা হোৱা বেণুৱে যাবৰ পৰত কাৰ্মেলিনক কৈছিল – ” মোৰ ভাগ্য ভালেই, মিছা অভিযোগ দি ইহঁতে মোক যে জেললৈ নপঠালে! “

কাৰ্মেলিনৰ ভাগ্য পিছে প্ৰসন্ন নাছিল। তাই জেলৰ ভাত খাব লগা হ’ল। কিন্তু কাৰ্মেলিনতো বেণু নহয়! তাইৰ ৰূপ আছে, সৌন্দৰ্য আছে, যন্ত্ৰণাই বিধ্বস্ত কৰা শৰীৰতো তাই যৌৱন ধৰি ৰাখিছে !! আৰু সেই মৰমতে পুলিচ ইন্সপেক্টৰে তাইৰ কে’চটো মিট-মাট কৰি দিলে। পুনৰ নতুন উদ্যমেৰে নুৰিয়াৰ বাংলোত কাৰ্মেলিনে কামত ধৰিলে। দ্বিতীয়বাৰ বছেৰেকীয়া ছুটীত ঘৰলৈ আহোঁতে তাই জেঠালেকৰ যুদ্ধত হেৰুওৱা ভৰিখনত কৃত্ৰিম ভৰি এখন লগোৱাৰ সুবিধা কৰি দিলে। টকা-পইচাৰ অভাৱ নোহোৱাত দিনবোৰো লাহে লাহে ভাললৈ আহিবলৈ ধৰিলে। বেলিন্দাও ডাঙৰ হৈ আহিল। জুজেৰ কৰ্মকাণ্ডই এতিয়া আৰু তাইক বিচলিত নকৰা হ’ল। অৱশ্যে সেইবোৰ কথা ভাবিবলৈ তাইৰ সময়েনো ক’ত ?
ইয়াৰ দুবছৰৰ পিছত জুজে ঢুকাল। ওলাই অহা চকুপানীখিনি মচি মচি কাৰ্মেলিনে নিজকে নিজেই সুধিলে – কিয় কান্দিছোঁ, কাৰ বাবে এই চকুপানী? অন্ত্যেষ্টিক্ৰিয়াৰ সকলো কাম ইজাবেল আৰু জেঠালেক বস্তাওয়েই সমাপন কৰিলে। তাই আহিব লগা নহ’ল। ছবছৰৰ পিছত বছেৰেকীয়া ছুটীত ঘৰলৈ আহোঁতে মনে মনে কাৰ্মেলিনে ঘূৰি নোযোৱাৰ সংকল্প লৈছিল। তাইৰ অভাৱবোৰ নোহোৱা হৈ আহিছিল যদিও বেলিন্দাক সুখত ৰখাৰ সপোনে তাইক বাউলী কৰি তুলিছিল। তেতিয়ালৈ বেলিন্দা ওঠৰ বছৰীয়া হৈছিল। তাইক সহপাঠীয়ে ‘কুৱেইটৱালীৰ জীয়েক’ বুলি জোকাবলৈ লৈছিল। ইতিমধ্যে গোৱাত দিনে দিনে বাঢ়ি অহা মূল্যবৃদ্ধিয়ে সাধাৰণ মানুহক দুৰাৱস্থাত ভোগাইছিল। আৰু আটাইতকৈ দুখৰ খবৰটো আছিল বেলিন্দাই মেট্ৰিক ফেইল কৰিছিল । কাৰ্মেলিনৰ জীয়েকক কলেজত পঢ়োৱাৰ আশাত চেঁচাপানী পৰিছিল। আকৌ এবছৰ! কলেজত নাম লগোৱাৰ প্ৰয়োজন নহ’ল যেতিয়া কাৰ্মেলিন নাথাকিলেও দেখোন ঘৰ চলি যায় ! এটা বছৰত আৰু অন্ততঃ কিছু ধন!! মে’ডাম নুৰিয়া আৰু মালিক নিচাৰ সন্তুষ্ট হ’লে বেতন এদিনতে বাঢ়ে । আহিবৰ সময়ত কিবা এক সন্দেহ কৰি নিচাৰে সুধিছিল কাৰ্মেলিনক –
” কুৱেইট শব্দৰ অৰ্থ কি জানানে ? ”
– নাজানোঁ চাৰ ।
” দুৰ্গ ।…. এই কুৱেইটলৈ যি এবাৰ আহে, তেওঁ বাৰে বাৰে আহে বুলি আমি বিশ্বাস কৰোঁ । ”
বিমানত বহি কাৰ্মেলিনে ভাবিছিল- এৰা দুৰ্গ ! বন্দী জীৱনৰ অন্ত পেলাই এতিয়াৰেপৰা মুকলি বতাহত মুক্তিৰ আনন্দ লভিম ।
” মাই, তুমি বোলে আকৌ কুৱেইটলৈ যাবাগৈ ? নাযাবা মাই, নাযাবা … মই আৰু ফেইল নকৰোঁ । .. তুমি আৰু যাব নালাগে , মই ডাঙৰ হৈছোঁ , অহাবাৰ মেট্ৰিক দি উঠি মই যাম কুৱেইটলৈ … ”
মূহুৰ্ততে বেলিন্দাৰ গালত প্ৰচণ্ড জোৰেৰে এটা চৰ পৰিল ।
এয়াই কাৰ্মেলিনৰ কাহিনী । অন্তৰত উকমুকাই থকা সকলো অনুভৱ প্ৰকাশ কৰাৰ প্ৰয়োজন নাথাকে । ক’ব খোজা কথাবোৰ পাঠকে বুজিবৰ বাবে কেতিয়াবা একোটা সংলাপ, কেতিয়াবা একোটা শব্দই যথেষ্ট । মাত্ৰাধিক বৰ্ণনাই পঢ়ুৱৈক বিৰক্ত কৰে । কাৰ্মেলিনৰ হৃদয়স্পৰ্শী কাহিনীক এই কৌশলেৰেই মাওজোয়ে আগবঢ়াই নিছে । এয়া মাত্ৰ থূলমূল বৰ্ণনাহে । কিতাপখন পঢ়িলে স্পৰ্শকাতৰ এটা কাহিনীৰ উপৰিও পঢ়ুৱৈয়ে সমাজৰ আন কিছু দিশো হৃদয়ৰে অনুধাৱন কৰিবলৈ সমৰ্থ হ’ব ।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে