চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / গ্ৰীণ লিটাৰেচাৰ ( নাজমা মুখাৰ্জী )

গ্ৰীণ লিটাৰেচাৰ ( নাজমা মুখাৰ্জী )

কাগজ-কলম লৈ বহি বহি লিখি থকাৰ দিন শেষ। কাগজ-কলম ব্যৱহাৰ নকৰি কম্পিউটাৰত লিখা সাহিত্যক গ্ৰীণ লিটাৰেচাৰ বা চমুকৈ গ্ৰীণ লিট্ বুলি কোৱা হয়।
আজিকালি দুই ধৰণৰ অসমীয়া মানুহ পোৱা যায়। এবিধ পপ অসমীয়া আৰু আনবিধ ক্লাচিক অসমীয়া। নাম নিৰ্ধাৰণৰ ক্ষেত্ৰত পপ অসমীয়াসকলৰ অৱস্থান ক্লাচিক অসমীয়াসকলৰ সম্পূৰ্ণ বিপৰীত মেৰুত। পপসকলে এইক্ষেত্ৰত বেছি সময় খৰচ নকৰে। সিসকলে কিন্তু টাইম আৰু স্পেচৰ শেষ সীমালৈকে সময় লয়। নিজৰ নামটোৰ সঠিক ডেফিনিশ্যন এটাও তেওঁলোকৰ নাথাকে। এই লৈ প্ৰায়েই গণ্ডগোল লাগে। পপসকলে পিছে অতি কম সময়ৰ ভিতৰতে সৰ্বসন্মতিক্ৰমে সংজ্ঞা নিৰূপন কৰিব পাৰে। গ্ৰীণ লিটাৰেচাৰ নামটো ঠিক কৰোঁতে পপসকলৰ মাত্ৰ একমিনিট সময় লাগিছিল। বেছিভাগে কৈছিল গ্ৰীণ লিটাৰেচাৰ হ’লে ভাল হয়; দুই-এজনে আকৌ সেউজীয়া সাহিত্য নামটোও প্ৰস্তাৱ কৰিছিল (এনেকুৱা নাম ভালপোৱা মানুহো থাকে দেই!)। পপসকলে কৰিলে কি? তেওঁলোকে ভোটা-ভুটি কৰিলে। এশজন পপে ভোট দিলে, ফলাফলত দেখা গ’ল গ্ৰীণ লিটাৰেচাৰ পক্ষত নিৰানব্বৈজন। সেউজধাৰা নে কি সেইটোৱে পালে মাত্ৰ এটা ভোট। সেই দিনাৰ পৰা নাম হ’ল গ্ৰীণ লিটাৰেচাৰ বা চমুকৈ গ্ৰীণ লিট্।
গ্ৰীণ লিটাৰেচাৰ বিশাল সাহিত্য। সম্পূৰ্ণ বেলেগ ধৰণৰ সাহিত্য। ইমানদিনে অসমীয়াসকলে জানিছিল সাহিত্যহে সাহিত্য। সাহিত্য মানে গল্প-প্ৰবন্ধ-উপন্যাস-কবিতা ইত্যাদি। গ্ৰীণ লিট্-এ প্ৰমাণ কৰিলে সাহিত্য মানে বিজ্ঞান, সাহিত্য মানে ৰাজনীতি, সাহিত্য মানে মনৰ ৰ’ ফিলিংচ। সাহিত্য মানে আধা প্ৰকাশ আধা অপ্ৰকাশ( ম’বাইল ফোনৰ সেইপিনে কোন আছে!)।…… সাহিত্যই দেশ-কালৰ বাধা নামানে বুলি ইমানদিনে কৈহে থকা হৈছিল, গ্ৰীণ লিট্-এ কথাটো প্ৰমাণ কৰি দেখুৱালে। স্কাই আৰু স্পেচৰ সীমা ভাঙি-ছিঙি চুৰমাৰ কৰি দিলে। ৰিয়েল আৰু ভাৰ্চুৱেল-ও একাকাৰ হৈ গ’ল। সমালোচকসকলে সেয়েহে গ্ৰীণ লিটাৰেচাৰক ছুপাৰ লিটাৰেচাৰ আখ্যা দিছে। ছুপাৰ লিটাৰেচাৰ প’ষ্ট মডাৰ্ণইজমৰ শেষৰ স্তৰৰ সাহিত্য।
গ্ৰীণ লিট্-ৰ আন এটা উল্লেখযোগ্য বৈশিষ্ট্য আছে। আগতে চেণ্টাৰৰ লেখকসকলহে লেখক আছিল। এতিয়া মাৰ্জিনত থকা সকলো সম মৰ্যাদাৰ লেখক হ’ল। আগতে আছিল দলাদলি, গ্ৰুপইজম, গ্ৰীণ লিট্-ত এইবোৰ সমূলি লোপ পালে। …… এওঁ শদিয়াৰ, ময়ো শদিয়াৰ, এতেকে আমি একে পাৰ্টি; তেওঁ ধুবুৰীৰ, ময়ো ধুবুৰীৰ, আমি একে পাৰ্টি– এনেকৈ সৰু সৰু গ্ৰুপ কৰি লোৱা হৈছিল। আনকি পষ্ট মডাৰ্ণতো এইবোৰ আছিল। গ্ৰীণ লিট্-ত এইবোৰ হাস্যকৰ। এয়া ছুপাৰ লিট্, ইয়াত সকলো একাকাৰ। উচ্চ-নীচ, ধৰ্ম-অধৰ্ম বুলিও একো নাই। আনকি পৃথিৱীৰ মানুহ আৰু জোনৰ, মঙল গ্ৰহৰ এলিয়েন– সকলো একাকাৰ। কাৰণ পপ অসমীয়াসকলে কিছুদিন পিছতেই জোনত বসতি কৰিব। তালৈ গ’লে অৱশ্যে পৃথিৱী এৰি একেবাৰে যাব নালাগে। মাজে মাজে আহি থাকিব পাৰিব। কিন্তু মঙললৈ যেতিয়া যাব, তেতিয়া? তেতিয়াতো আহিব নোৱাৰিব! নতুন ঠাই, নতুন পৰিৱেশ। জাকে জাকে তিনিচকুৱা এলিয়েন। মেটাৰ– এণ্টিমেটাৰৰ দ্বন্দ্ব। এড্জাষ্টমেণ্ট। কম কথা নহয়। তেতিয়া পূৰ্বপুৰুষৰ সৈতে, মৰ্ত্যৰ সৈতে একমাত্ৰ যোগাযোগৰ মাধ্যম হ’ব গ্ৰীণ লিট্। ‘দ্য মাৰ্চ থ্ৰি আইড’ বা ‘থ্ৰি আইড ইন মাৰ্চ’ নামৰ ফেচবুকত শ্যেয়াৰ কৰা ব্লগ পঢ়ি এলিয়েনৰ খুউব খং উঠিব আৰু সিহঁতেও ওলোটাই শিৱক আক্ৰমণ কৰিব। এনেকৈ টুইট যুদ্ধত ফেচবুক পেইজত যিয়ে যিমান লাইক পাব, সিয়েই জিকিব।
গ্ৰীণ লিট্-এ সাহিত্য-শিল্প, চিন্তা-ভাৱনাৰ জগতখনলৈ আমূল পৰিৱৰ্তন আনিব পাৰিছে। পেপাৰ-পেঞ্চিলৰ জগতখন হ’ল ৱেকৱাৰ্ড এখন জগত। তাত ঝামেলাও বহুত। বহিবহি লিখিব লাগিব, ছপাব লাগিব। ছপা কিতাপ আদি থ’বলৈ চেলফ বা আলমিৰাৰ প্ৰয়োজন। চেলফ, আলমিৰা থ’বলৈ ঠাই লাগিব, সেইবোৰ ৰখি থাকিবলৈ ৰখীয়া লাগিব। জন্মতেই একোখন কিতাপ বা আলোচনীয়ে তিনিবিধ শক্ৰ লৈ জন্মে। যেনে–উঁই পোক, চোৰ আৰু ডকাইত। উঁইপোক চিহ্নিত কৰিব পাৰি। উঁইপোক ধ্বংস কৰাৰ ব্যৱস্থাও আছে। কিন্তু বাকী দুবিধ শত্ৰু? চোৰ আৰু ডকাইত? চোৰ আৰু ডকাইত ৰোধ কৰা ইমান সহজ নহয়। কিতাপ চোৰ বৰ ভদ্ৰ চোৰ। ধৰিব নোৱাৰি। চুৰ কৰি নি একেবাৰে ৰূপ সলনি কৰি পেলাব পাৰে। গাড়ী চোৰতকৈও স্মাৰ্ট। কিতাপৰ ডকাইত বা গ্ৰন্থ-দস্যু একেবাৰে বেলেগ ধৰণৰ বস্তু। এওঁলোকে বেলেগৰ কিতাপৰ সাল-সলনি কৰি নিজৰ নামত ছপায়, নিজৰ কোম্পানীৰ নামত ছপায়। ছাত্ৰ-ছাত্ৰীৰ প্ৰয়োজনীয় নোটৰ পৰা আৰম্ভ কৰি ষ্টাডি মেটেৰিয়েল , জি. কে.ৰ কিতাপ, বিভিন্ন চাকৰিৰ পৰীক্ষাৰ প্ৰস্তুতিৰ বাবে প্ৰচলিত মেড ইজীলৈকে গ্ৰন্থ-দস্যুৰ কবলৰ পৰা কোনো সাৰি যাব নোৱাৰে।
উপন্যাস, গল্প, কবিতা আদিৰ জগতখনতো গ্ৰন্থ-দস্যু আছে। কিন্তু সেইসকলৰ ধৰণ-কৰণ অলপ বেলেগ ধৰণৰ। এওঁলোক প্ৰথমতে ডকাইত থাকে, ধৰা পৰিলে মানুহে এওঁলোকক চোৰ বুলি কয়, শেষত স্বীকাৰোক্তি দি পাপ প্ৰক্ষালন কৰি সাধুত পৰিণত হয়।
বাতৰি কাকতক লৈও সমস্যাৰ শেষ নাই। অসমীয়া মানুহে বাতৰি-কাকত দুই-ধৰণে পঢ়ে। এটা ধৰণ হ’ল নিজে কিনি, আনটো ধৰণ হ’ল আনে কিনি পঢ়ি থকাখনলৈ কেৰাহিকৈ চাই চাই। দ্বিতীয় ধৰণটো হ’ল আনে কিনি পঢ়ি থকাখনলৈ কেৰাহীকৈ চাই-চাই। দ্বিতীয় ধৰণটোতেই অসমীয়াৰ ৰাপ বেছি।
এইবিলাক কথাৰ বাহিৰেও প্ৰকৃতিৰ কথাও থাকে। সেই বেদ-উপনিষদৰ যুগৰ পৰা গছ-গছনি ধ্বংস হৈছে, এতিয়াও অসম নামৰ দেশখনতেই কত লাখ লাখ বাঁহ ধ্বংস হৈ আছে, সেই কথা কোনে ভাবিছে? খালী গ’ গ্ৰীণ, গ’ গ্ৰীণ কৰি থাকিলেই নহয়। গ্ৰীণ-লিট্-এ কামটো হাতে-কামে কৰি দেখুৱাইছে।
গ্ৰীণ লিটাৰেচাৰ ভাৰতীয় দাৰ্শনিক পৰম্পৰাৰ অনুকূল এটা পন্থা। এটা ধাৰা। এটা ষ্টাইল। ভাৰতীয় দৰ্শনে জগত মিথ্যা বা মায়াময় বুলি কয়। সেই দৃষ্টিকোণৰ পৰা চালে কিতাপ এখনত লিখা কথাখিনিহে অপাৰ্থিৱ, কিন্তু কিতাপ বোলা বস্তুটো পাৰ্থিৱ। এইখন মোৰ, সেইখন তোমাৰ, আনকি কিতাপ চুৰ কৰা কথাটোতো ‘মায়া’ৰ গোন্ধ। ডকাইতি কৰা কথাটোও প্ৰবলভাৱে মায়া। জীয়াই থকাৰ তীব্ৰ বাসনা। জ্ঞান গোটোৱাৰ অভিলাষ নহয়, সম্পদ গোটোৱাৰ হে অভিলাষ। মুঠতে এইবিধ সাহিত্যৰ মহিমা কৈ শেষ কৰিব নোৱাৰি।
গ্ৰীণ লিট্ যন্ত্ৰৰ সহায়ত (কম্পিউটাৰ, ম’বাইল ফ’ন আদি, হাতত এটা স্মাৰ্ট ফ’ন থাকিলেই হয়) বিভিন্ন প্লেটফৰ্মত লিখা হয়। সেইবোৰ হ’ল ফেচবুক, টুইটাৰ, হোৱাটছআপ, গুগুল, উইকিপিডিয়া, ইনষ্টাগ্ৰাম, লিঙ্কড ইন, টাম্বলৰ, টিণ্ডাৰ, গুগল প্লাছ, গুগল হেং আউট, স্কাইপ ইত্যাদি। ই-মেইল আৰু ৱেবছাইট-ও একোটা ভাল প্লেটফৰ্ম।
ফেচবুক, টুইটাৰ আদি জনপ্ৰিয় নেট ৱৰ্কিং ছাইট। নেট ৱৰ্কিঙৰ দুনিয়াত ফেচবুক আৰু টুইটাৰ নহ’লে মানুহ এখন্তেকো টিকি থাকিব নোৱাৰে। অৱশ্যে ফেচবুক বা টুইটাৰেও নিজক টিকাই ৰাখিবলৈ কমখন প্ৰতিযোগিতাৰ মুখামুখি হোৱা নাই। প্ৰতি দিনেই এটা ছাইটে আন এটা ছাইটক ছেলেঞ্জ কৰে। প্ৰতিযোগিতাত টিকি থাকিবলৈ নিত্য-নতুন যুঁজ-বাগৰত লিপ্ত হয়। কিছুদিন আগতেই ফেচবুক-এ বিনামূলীয়া ভিডিঅ’ কলিং আৰম্ভ কৰি দিলে। স্কাইপ, হোৱাটছ আপ, গুগল হেং আউট-এ ইয়াৰ ফলত খালে জোৰ ধাক্কা। সেই ছাইটবোৰৰ টেক্টনিক প্লেটবোৰ লৰি গ’ল। এই ধাক্কা চম্ভালি লৈ বাকীবোৰেও ধাক্কা দিব। ধাক্কা-ধাক্কি চলি থাকিব। সাধাৰণ মানুহে ওঁঠৰ কোণত হাঁহি লৈ আলেখ-লেখ চাই থাকিব।
গ্ৰীণ লিটাৰেচাৰৰ আটাইতকৈ গুৰুত্বপূৰ্ণ ৰচনাবিধ হ’ল ব্লগ। যিসকলে ব্লগ লিখে তেওঁলোকক ব্লগাৰ বুলি কোৱা হয়। ব্লগাৰসকল সমাজতেই থাকে আন মানুহৰ দৰে। তেওঁলোকে আন দহজনৰ দৰে খায়, পিন্ধে, বজাৰ-সমাৰ কৰে। কিন্তু তিনিআলি বা চাৰিআলিৰ মূৰত আড্ডা হ’লে ব্লগাৰসকলে নামাৰে। যিসকলে তিনিআলি,চাৰিআলি, পাঁচআলি,আঠআলি(গণেশগুৰি নামৰ ঠাইখন, যিখনক অসমৰ গ্ৰাউণ্ড জিৰ’ বুলি কোৱা হয়, তাত এনেকুৱা আলি আছে) ৰ দোমোজাত থিয় হৈ দেশৰ ৰাজনীতি, অসমীয়াৰ ডেফিনিশ্যন লৈ চিঞৰ-বাখৰ কৰে, তেওঁলোকৰ পিনে ব্লগাৰে কেৰাহীকৈ চায়। এনেকুৱা ঠাইত তেওঁ এটা শব্দও খৰচ নকৰে। ব্লগাৰে জানে যে উপযুক্ত ঠাইতহে উপযুক্ত কথা ক’ব লাগে। গতিকে তেওঁ নীৰৱে সেই ঠাই সমূহ ত্যাগ কৰে। তেওঁৰ ঠাই এটা নিৰ্জন কোঠা বা মেক ইন নিৰ্জনতা (কাণত হেডফোন লগাই সৃষ্টি কৰা নিৰ্জনতা)। তাতে বহি বহি তেওঁ কম্পিউটাৰত উগাৰি দিয়ে সকলোবোৰ। তেওঁৰ যাৱতীয় ভাললগা, বেয়ালগা, ক্ষোভ__ সকলো। ছ’চিয়েল নেটৱৰ্কিং ছাইট-ত তেওঁ লিখা কথাবোৰ যাৰ যাৰ ভাললাগে ( কাৰোবাৰ নহয় কাৰোবাৰ ভাল লাগিবই ,কাৰণ কাল নিৰৱধি আৰু পৃথিৱী বিপুলা) তেওঁলোকে শ্যেয়াৰ কৰে। অতি দ্ৰুতগতিত শ্যেয়াৰ কৰিলে ভাইৰেল হয়। ভাইৰেল হৈ হৈ ইজনৰ পিছত সিজনকৈ বিয়পি দেশৰ, মহাদেশৰ সীমা অতিক্ৰম কৰিবলৈ ধৰে। তেতিয়া আচৰিত ধৰণে গ্ৰীণ-লিট্ মৰ্ত্যত অৱতীৰ্ণ হয়। এইটোৱেই গ্ৰীণ-লিট্-ৰ চৰম অৱস্থা।
গ্ৰীণ লিটাৰেচাৰ মৰ্ত্যত অৱতীৰ্ণ হ’লেও পেপাৰ-পেঞ্চিল নহয়। দুদল মানুহৰ ৰূপতহে দেখা দিয়ে আৰু সিহঁতে কাজিয়া কৰে। মায়া-মোহৰ কৱলত পৰি সিহঁতে মৰামৰি কৰে, হতাহতি কৰে। কেতিয়াবা এদলে আকৌ ব্লগাৰক ফলো কৰি থাকে।
ব্লগাৰে শাক-পাত, মাছ-পুঠি কিনি ফুৰে আৰু মানুহবোৰে তেওঁৰ পিছে পিছে যায়। নিৰ্জন পথত আক্ৰমণ কৰে। এই আক্ৰমণৰ প্ৰতিবাদত সমদল ওলায়। সিপিনে আকৌ বাদ-প্ৰতিবাদ আৰম্ভ হৈ যায় ছ’চিয়েল নেটৱৰ্কিং ছাইটবোৰত। আৰম্ভ হয় টুইট যুদ্ধও। টুইট, ৰি-টুইটও চলি থাকে।
গ্ৰীণ লিট্-এ মানুহক বুজাই দিলে, ৰিয়েলৰ যুগ গ’ল, আহি গ’ল ভাৰ্চুৱেল। ভাৰ্চুৱেল ৰিয়েলতকৈ বেছি অথেণ্টিক, সেইটো প্ৰমাণ কৰি পেলালে গ্ৰীণ লিট্-এ (লিট্ মানে কেৱল সাহিত্য নহয়, সংগীত, কলা, ৰাগ-অনুৰাগ সকলো মিলাই এটা জীৱন ধাৰা)। খবৰ পঠিয়াবলৈ ‘যা……কবুতৰ… যা’ বুলি পাৰ চৰাইক খোচামতি কৰা হৈছিল এটা সময়ত। অচিনাকী পথেৰে মানুহ গ’লে পৰুৱাই মহা স্ফূৰ্তিৰে আহি গাত লম্ভি নগুৰ-নাকটি কৰিছিল। সেইবোৰ দিন শেষ। পাৰৰ দৰকাৰ নাই। পৰুৱাও পলাই ফাট মাৰিলে। আজিকালি পৰুৱাই পোৱা বুলি কোৱা শুনাও নাযায়। পাহাৰ-ভৈয়াম, নৈ-বিল-খাল-ডোং , মৰুভূমি, বৰ বৰ পৰ্বত, পৰ্বতৰ কন্দৰ– ক’তো পৰুৱাই খাপ পাতিব নোৱাৰে। আহি গ’ল হিয়াৰ মেপছ, হোৱাটছ আপ, মেচেঞ্জাৰ আৰু লগতে বিভিন্ন অপাৰেটিং চিষ্টেম। কোন ক’ত আছে, কি কৰিছে, কি পিন্ধি আছে__ চব মিনিটে মিনিটে গম পাই থকা যায়। উৎকণ্ঠাৰ যুগ শেষ। … অমুক এতিয়া সেই ঠাইত আছে। সেয়া তেওঁ এইমাত্ৰ শীৰ্ণকায় তটিনীৰ ওপৰত থৰক-বৰক কাঠৰ দলংখন পাৰ হ’ল। অকল খবৰটো জানিয়েই সি সন্তুষ্ট থাকিব নোখোজে, তেওঁলৈ পঠিয়াই দিয়া হওক ইমেজ। ম’বাইলেৰে চেলফি তুলি যিকোনো ছাইটত আপল’ড কৰি দিলেই হ’ল। চাই ল’ব চাবলৈ বিচৰাসকলে। স্কাইপ কৰিব পাৰি। নাইবা ভিডিঅ’ কলিং। কিপ ইন টাচ্চ কথাটো একমাত্ৰ গ্ৰীণ দুনিয়াতেই সম্ভৱ। পেঞ্চিল-পেপাৰ-এ সেই কাম কৰিব নোৱাৰে।
কোনোবাই এটা গল্প লিখিছে, মনৰ দুখত কবিতা লিখিছে, এটা গান, এখন ছবি, নতুনকৈ কিনা ফ্লেট, অন্য ৱাৰ্ল্ডলি বয়-বস্তু বা এনগেজমেণ্টৰ খবৰ, কেঁচুৱাৰ জন্ম_ সকলো গ্ৰীণ মাৰফৎ মানুহৰ ওচৰলৈ আহিব পাৰে। গ্ৰীণ মিডিয়াৰ এই জনপ্ৰিয়তা দেখি গ্ৰীণ বিৰোধীসকলৰ হিংসা লাগিছে। সেই মানুহবিলাকে ‘কাম টু ৰিয়েল ৱৰ্ল্ড, কাম টু ৰিয়েল ৱৰ্ল্ড, ভাৰ্চুৱেল ইজ বেড্’ বুলি চিঞৰ-বাখৰ লগাইছে। কিন্তু এইসকলে বুজা নাই যে ৰিয়েল বুলি একো নাই। জগত মিথ্যা। সেই কথা জানিও মানুহক বিপথে পৰিচালিত কৰিবলৈ এইসকলে অহৰহ চেষ্টা চলাই আছে। আনহাতে তেওঁলোকে যি লেটাৰেচাৰৰ পক্ষত ওকালতি কৰিছে, তেনে লিটাৰেচাৰে কত জীৱৰ প্ৰাণৰ বিনিময়ত জন্ম লাভ কৰে, সেই কথাটোতো ভাবি চোৱা নাই! কিমানজোপা বাঁহগছৰ আত্মজাহৰ বিনিময়ত এক দিস্তা কাগজৰ জন্ম হয় বা আগৰ কালত ‘মহী’ উৎপাদন কৰিবলৈ উদ্ভিদহে ধ্বংশ কৰা হৈছিল__ তাক জানো তেওঁলোকে ভাবিছে? গ্ৰীণ সাহিত্যিকে এনেকুৱা মানুহৰ কথাত কাণ নিদিয়ে। বৰং এনেকুৱা মানুহক পাকে-প্ৰকাৰে শুনাই দিয়ে যে বহু প্ৰাণৰ ৰক্তক্ষৰণৰ বিনিময়ত জন্ম লোৱা সাহিত্য কেতিয়াও অহিংস সাহিত্য হ’ব নোৱাৰে। সেয়েহে তেওঁলোকে পেঞ্চিল-পেপাৰ সাহিত্যক ৰেড লিটাৰেচাৰ নাম দিছে। তেওঁলোকৰ মতে ৰেড লিটাৰেচাৰৰ গ্ৰীণ পাৰ্ট এটাও থাকে। যেনে__ মোৰ পাব্লিচড্ লেখাটো আপোনাক মেইল কৰি দিম…… ইত্যাদি।
ৰেড্ লিট্-ৰ মানুহবোৰে কিন্তু এইবোৰ কথা শুনি মনে মনে নাথাকে। তেওঁলোকে কয়, ৰেডৰ গ্ৰীণ পাৰ্ট এটা থাকে ভাল কথা। কিন্তু গ্ৰীণ যেতিয়া ৰেডত পৰিণত হয়, তেতিয়া চহৰখন ৰঙা হৈ যায়। কোনোবা অশৰীৰী দৈত্যই আহি গোটেই চহৰখনতে ৰঙা বোল সানি দিয়ে। সেই কথাৰ উত্তৰ জানো গ্ৰীণৰ হাতত আছে? এইদৰে বাদানুবাদ চলি থাকে। কিন্তু গ্ৰীণৰ কদৰ নকমে।
ইউ টিউব, ই-মেইল, ৱেবচাইট__ কিমান সুবিধাৰ বস্তু। আৰু উইকিপিডিয়া? কৈ শেষ কৰিব নোৱাৰি। কাৰোবাৰ প্ৰতিভা আছে পাৰফৰ্মিং আৰ্টত। তাক ৰেকৰ্ড কৰি ইউ টিউবত আপল’ড কৰি দিয়া হওক। গোটেই দুনিয়াই দেখিব। পিয়নে সময় মতে চিঠি নিদিয়ে, কোনো চিন্তা নাই। মেইল কৰি দিয়া হওক, পাবলগীয়াজনে পাই যাব। অফিচিয়েল লেটাৰো মেইল কৰি দিয়া ভাল। নহ’লে কিছুমান কেণ্ডিডেটে ইণ্টাৰভিউ হৈ যোৱাৰ পিছতহে গম পাব, মাজপথৰ পৰা চিঠি হেৰাব। কাৰোবাৰ বিষয়ে কিবা জানিবলগীয়া থাকিলে ৱেবচাইট চালেই প্ৰয়োজনীয় তথ্য পোৱা যায়। ডিক্সনাৰীৰ যুগো শেষ কৰি দিলে গ্ৰীণ লিট্-এ। ম’বাইল টিপি উইকিপিডিয়া বা অনলাইন ডিক্সনাৰীত প্ৰয়োজনীয় শব্দ আৰু অৰ্থ চাই ল’লেই মুহূৰ্ততে সমস্যাৰ সমাধান। ভিডিঅ’ কনফাৰেন্স কৰিব লগা হ’ল, হাজিৰ গুগল হেং আউট।
উত্তৰ-আধুনিকতাবাদীসকলে ডায়লগ, ডায়লগ বুলি বৰকৈ চিঞৰ-বাখৰ কৰি থাকিছিল। এতিয়া ছুপাৰ লিটাৰেচাৰ গ্ৰীণ লিট্-এ দেখুৱাই দিলে ডায়লগ কাক বোলে। ডায়লগ মাথোঁ দুজন বা ততোধিক মানুহৰ কথোপকথনেই নহয়। ডায়লগ মানে এজন দৃশ্যমান আৰু সিটো পিনে কোন আছে নজনা ব্যক্তি বা ব্যক্তিসমষ্টিৰ মাজৰ কথোপকথন, য’ত থাকে শ্ৰোতাও। এই ত্ৰিবেণী সংগমত জন্ম হয় গ্ৰীণ গল্পৰ__
এটা গ্ৰীণ গল্প
( কোনোবা উৎসুক শ্ৰোতাই অপৰিচিতৰ ম’বাইল ফোনৰ কথোপকথনৰ পৰা শুনা)
সময়– ৰাতিপুৱা
কাল— ৪৫ মিনিট
ছোৱালী– ছাতি… আমব্ৰেলা… বেয়া…
( সিপিনৰ পৰা অহা প্ৰতিক্ৰিয়া একো জানিব পৰা নগ’ল)
ছোৱালী– এবাৰ বিশ্বাস ভাঙি গ’লে…
( স্বাভাৱিকভাৱে সিপিনৰ প্ৰতিক্ৰিয়া এইবাৰো শুনা নগ’ল)
( গ্ৰীণ শ্ৰোতাৰ
অনুমান__ সেইপিনে ল’ৰা আছে। দুয়ো ৰিলেশ্যনশ্বিপত আছে। ৰিলেশ্ব্যনশ্বিপটো ৰক্ষা কৰি আছে ‘বিশ্বাসে’। এবাৰ যদি বিশ্বাস ভাঙি যায়! তেতিয়া কি হ’ব? ৰিলেশ্যন কাট্ অফ। বিশ্বাস বোলা বস্তুটো কিন্তু চকুৰে দেখা নাপায়, ফীল কৰিব লাগে। গতিকে ল’ৰাটোক ছোৱালীজনীয়ে কৈছে__ এবাৰ যদি বিশ্বাস ভাঙি যায় তেন্তে তোমাৰ-মোৰ মাজত সম্পৰ্ক শেষ)… ( আকৌ গ্ৰীণ শ্ৰোতা__ পুৱাই ইমান কথা পাতিবলৈ সিহঁতে সময় পায় ক’ত!)
ইমানখিনিলৈকে আগুৱাই গ্ৰীণ গল্পটো এঠাইত অকণমান সময়ৰ বাবে, আধা মিনিটমানৰ বাবে প’জত থাকিল। ছোৱালীজনীৰ মাকৰ ফোন আহিল(মাকো ইমান ৰাতিপুৱাই! হয়তো জীয়েকক লৈ চিন্তিত।) ছোৱালীজনীয়ে খুব কম কথাত মাকক বুজাই দিলে যে তাই ভালে আছে। চিন্তা কৰিব নালাগে। টকা-পইচাও আছে তাইৰ হাতত। শেষ হ’লে জনাব ( মাকৰ সৈতে যোগাযোগ ছিন্ন কৰি তাই এইবাৰ আকৌ আগৰ চৰিত্ৰটোৰ সৈতে কথা পাতিবলৈ আৰম্ভ কৰিলে)
ছোৱালী– কালি মাক মোৰ কথা কি কৈছিলা–
(সিপিনৰ প্ৰতিক্ৰিয়া শুনাৰ উপায় নাই)
(গ্ৰীণ শ্ৰোতা এইবাৰ দ্বন্দ্বত … সিটো ফালে কোন আছে? ল’ৰা নে ছোৱালী? কথাবোৰ ইমান পৰে ল’ৰাৰ সৈতে পতা যেন লাগিছিল। এইবাৰ ছোৱালীৰ সৈতে যেন লাগিছে। গ্ৰীণ গল্পটোৱে শ্ৰোতাক গল্পৰ চৰিত্ৰৰ পিছে পিছে দৌৰাব লাগিছে। অকল দৌৰুৱাই নহয়, হাবাথুৰি খুৱাই মূৰৰ ভিতৰখনত খেলিমেলি লগাই দিছে, নিউৰনবোৰ চুপ……
তেন্তে এই গল্পক ছুপাৰ চেতনাস্ৰোতৰ গল্প বুলি ক’ম নেকি? য’ত নাৰী-পুৰুষ হয়, পুৰুষ নাৰী…… য’ত মানুহৰ পৰিচয়ৰ অস্তিত্বই সংকটাপন্ন…
(হয়! মহা সংকটাপন্ন)
গ্ৰীণ শ্ৰোতাও সলনি হ’বলৈ ধৰিলে…
(গ্ৰীণ শ্ৰোতা-পুনৰায়)– নাৰী-পুৰুষৰ কি কথা আছে? সেইপিনে নাৰীও থাকিব পাৰে, পুৰুষো থাকিব পাৰে……
মূৰ্খ! নিজকে নিজে__ আজিকালি ল’ৰা-ছোৱালী সকলোৰে কথা-বতৰাৰ ধৰণ-কৰণবোৰ একে। সেইপিনে ট্ৰেন্সজেণ্ডাৰো থাকিব পাৰে। এই ছোৱালীজনী লেচবিয়ানো হ’ব পাৰে। এইবোৰ লৈ মূৰ নঘমাও। বৰং গল্পত মন দিও।)
ছোৱালী– তাইৰ বয়ফ্ৰেণ্ড ক’ত?
সেইপিনে– ……………
ছোৱালী– মাৰ্চেন… মাৰ্চেন নাম তাৰ।
ছোৱালী– ক’ত পঢ়িম ঠিক কৰিব পৰা নাই।
সেইপিনে– ………………
ছোৱালী– বাংগালোৰ… বিদেশলঔ যাম নেকি? ডিগ্ৰীটো…
সেইপিনে কোন আছে? ৰহস্য… ৰহস্য… এনেকৈয়ে গ্ৰীণ গল্প শেষ হয়।
আৰু এটা গ্ৰীণ গল্প আৰম্ভ হ’ল…
কম্পিউটাৰ বা স্মাৰ্টফোনৰ ল’কেশ্যনঃ আটলাণ্টিকৰ সিপাৰৰ দেশ
প্লেটফৰ্মঃ যিকোনো এটা ব্লগ লিখা ৱেবচাইট
ভাষাঃ ইংৰাজী
…… মোৰ নিজৰ কথা আৰম্ভ হ’ল।
মই বৰ দুখীয় ঘৰৰ ল’ৰা আছিলোঁ। আদৰ্শ ভাৰতীয় পৰিয়াল বুলিলে যাক বুজায় , মই আছিলোঁ ঠিক তেনেকুৱা পৰিয়ালৰ সন্তান। দেউতা প্ৰাইমাৰী স্কুলৰ শিক্ষক। চাকৰিৰ প্ৰয়োজনত তেওঁ মথুৰাৰ এখন গাঁৱৰ পৰা দিল্লীলৈ আহিছিল। প্ৰথমতে ভাড়াঘৰত থাকিল বহু বছৰ, তাৰ পিছত দিল্লীৰ উপকণ্ঠত এটা ফ্লেট কিনিলে। অকণমানি ফ্লেট। মোৰ মাও বৰ সাদৰী। মই তেওঁলোকৰ একমাত্ৰ সন্তান…… (পাঠকৰ প্ৰতিক্ৰিয়া, আৰু কিমান নেৰেশ্যন ভাই!)…
সৰুৰেপৰা মই পঢ়াত ভাল। প্ৰতিটো পৰীক্ষাতে ভাল ফল কৰি গৈ থাকিলোঁ। মোৰ বয়স যেতিয়া ২১ বছৰ, নামজ্বলা এটা প্ৰতিষ্ঠানৰপৰা কম্পিউটাৰ ইঞ্জিনিয়াৰিঙত স্নাতক হ’লোঁ। মোৰ সন্মুখত খোল খাই গ’ল দুটা পথ__ ডাঙৰ কোম্পানীৰ চাকৰিত সোমোৱা, নহয় আমেৰিকালৈ গৈ এম. এছ কৰা। পি.এইচ.ডি.ও কৰিব পাৰি। দ্বিতীয়টো চুজ কৰিলোঁ। মোৰ শিক্ষক দেউতাই ক’লে, তই এতিয়াও তেনেই ননহা, আৰু অলপ পঢ়ি ল। ময়ো ভাবিলোঁ, পঢ়ি উঠিতো আকৌ চাকৰি পামেই। … পঢ়োৱেই। জুন-জুলাইৰ ভৰ গৰমত ইঞ্জিনিয়াৰিং পাছ কৰি ওলালোঁ। পিছৰ শীতকালটোত আকৌ আমেৰিকাৰ নামজ্বলা বিশ্ববিদ্যালয়। লাহে লাহে মই সলনি হ’বলৈ ধৰিলোঁ। কেম্পাছ লাইফ-এ মোক হাত বাউলি দিলে। মায়ে যাওঁতে বান্ধি দিয়া কাটা-নিমকি, ভুজিয়াৰ টোপোলাবোৰ এদিন শেষ হৈ গ’ল। দিন-ৰাতিৰ প্ৰভেদ নথকা সেয়া এখন সমাজ, এটা নতুন লাইফ। দুবছৰ পিছত মা-দেউতাই গম পালে মই এতিয়াই উভতি নাহোঁ। তাতেই ভাল চাকৰি হৈছে মোৰ। তেওঁলোকে আনন্দই পালে। ক’লে, ঠিক আছে বেটা! ভগৱানৰ ইচ্ছা। তাৰ পিছত তেওঁলোকে মোক সদায় ফোনত দিগদাৰ দিবলৈ ধৰিলে। বিয়া! বিয়া!! বিয়া!!! খুব কম দিনৰ ছুটীত মই দেশলৈ আহিলোঁ আৰু বিয়াখন পাতি নিউ ব্ৰাইদ’ক লৈ আমেৰিকালৈ গুচি গ’লোঁ। মা-দেউতাই সন্তুষ্টিৰ হাঁহি মাৰিলে। কিন্তু আমি কোনেও একো বুজা নাছিলোঁ, আমাৰ জীৱনবোৰ কমপ্লিকেটেড হৈ গৈছিল লাহে লাহে।
কিন্তু মোৰ পত্নীয়ে কিয় জানো সেইখন দেশ অকনো ভাল নাপালে। বহুত মানুহ তাত আমাৰ দেশৰ। কথাটো গম পাই তেওঁলোকৰ কিছুমান আচৰিত হ’ল। বেছিভাগে একো মন্তব্য নকৰিলে। কথাটো মোৰ পিতৃ-মাতৃয়ে গম পাই ভালেই পালে। ক’লে,বেটা,বহুক লৈ তুমি ইণ্ডিয়ালৈ বেক কৰা। … দ্বিধা-দ্বন্দ্ব চলি আছিল মনৰ। ইপিনে মোৰ ল’ৰা-ছোৱালীহাল ডাঙৰ হ’ল।ছোৱালীজনীয়ে এটা গ্ৰীক ল’ৰাক ভাল পালে,তাৰ লগত লিভ-ইন কৰিবলৈ ঘৰ এৰি গুচি গ’ল। ল’ৰাটোৱেও বেলেগ ফ্লেট ল’লে। তাৰ বান্ধৱী হ’ল এজনী ইহুদি মূলৰ ছোৱালী। পৰিবাৰ ভাগি পৰিল। সোনকালে ভাৰতলৈ উভতি যাবলৈ বিয়াকুল হ’ল। কিন্তু ল’ৰা-ছোৱালী হাল! সিহঁতক থৈ…… সিহঁতকো চপাই-কোঁচাই আনিবলৈ চেষ্টা কৰিলোঁ। বুজালোঁ, ভাৰত বৰ সুন্দৰ দেশ। সেইখন দেশৰ মূল্যবোধ কিমান গভীৰ। উত্তৰত ল’ৰাটোৱে যি ক’লে তাৰ উত্তৰ মই দিব নোৱাৰিলোঁ। কান্ধ জোকাৰি জোকাৰি সি ক’লে—Wow u remember ur culture n tradition now aftr so many years of serving some odr country… nw u xpct us 2 pack au bags asap… n what abt maah lyf hea daddy– dis place is india for meeeh right??
ছোৱালীজনীয়ে heyyy কৈ চিঞৰি উঠিল……heyy daddy, u love india so much, ri8??? then why chose da states for money???
উভয় সংকট। ইপিনেও এৰিব নোৱাৰো, সিপিনেও এৰিব নোৱাৰো। ভাৰতত মোৰ মা ঢুকাল, মই আহিব নোৱাৰিলোঁ। দেউতা ঢুকাল, ওচৰ-চুবুৰীয়াই শটো দুদিন ৰখি থাকিল। ভাৰতলৈ আহি মোৰ পৰিবাৰ আৰু যাব নুখুজিলে। মই অকলেই উভতি গ’লোঁ। তাৰ পিছত এদিন পৰিবাৰো ঢুকাই থাকিল। ল’ৰা-ছোৱালীহালক তাতেই এৰি মই উভতি আহিলোঁ।
দেউতাৰ ঘৰটোতকৈ ডাঙৰ ঘৰ এটা কিনি অকলেই থাকিবলৈ আৰম্ভ কৰিলোঁ। দেউতাৰ ফ্লেটতো আছিল ছশ স্কোৱেৰ ফিটৰ, মোৰ নতুন ঘৰটো সাতশ পঞ্চলিছ স্কোৱেৰ ফিট্। মাত্ৰ এশ পঞ্চলিশ স্কোৱেৰ ফিটৰ বাবে জীৱনত কত কি যে হেৰুৱালোঁ মই!
এই গল্পটো নেটত ভাইৰেল হৈছে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে