চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফিডেল মানুহৰ মাজত কিয় জীয়াই থাকিব ? (সন্দীপন তালুকদাৰ)

ফিডেল মানুহৰ মাজত কিয় জীয়াই থাকিব ? (সন্দীপন তালুকদাৰ)

সাধাৰণ মানুহৰ কথাৰে ইতিহাস ৰচনাক প্ৰভাৱিত কৰা এডুৱাৰ্ডো গেলিয়ানো(Eduardo Galeano)-এ তেওৰ গ্ৰন্থ “Mirror(Espejos)” ত ফিডেল কাষ্ট্ৰো সম্পৰ্কে কৈছিল যে ফিডেলৰ উদ্দীপ্ত আৰু আপোচবিহীন নেতৃ্ত্বৰ দেশ এখনৰ জন্ম দিয়াত যুগান্তকাৰী অৱদান আছে। এই দেশেই হ’ল কিউবা, যাৰ জন্ম হৈছিল উপনিবেশৰ অৱয়ৱ ভাঙি এক শোষণমুক্ত সমাজ গঢ়াৰ সপোনেৰে, মহান কিউবান বিপ্লৱৰ মাধ্যমেৰে। গেলিয়ানোৱে সঠিকভাৱেই আঙুলিয়াই দিছে যে, কাষ্ট্ৰোৰ বিপক্ষ বা শত্ৰুবৰ্গই তেওঁৰ বিষয়ে বহু কথাই কৈছে আৰু বেছিখিনিয়েই কাষ্ট্ৰোক হেয় প্ৰতিপন্ন কৰিবলৈয়ে কোৱা হৈছে। এই কথা আকৌ এবাৰ সঁচা বুলি প্ৰমাণিত হ’ল, যেতিয়া ফিডেল কাষ্ট্ৰোৰ মৃত্যুৰ পিছত পৃথিৱীৰ বিভিন্নজনৰ পৰা শুনিবলৈ পোৱা গ’ল ভিন্নসুৰী প্রতিক্রিয়া। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডোণাল্ড ট্ৰাম্পে কাষ্ট্ৰোৰ মৃত্যু এজন বৰ্বৰ আৰু স্বৈৰাচাৰী নেতাৰ মৃত্যু বুলি অভিহিত কৰিলে। আকৌ, বহুতো মূলসুঁতিৰ মিডিয়াই কাষ্ট্ৰোক এজন হ’মফবিক বুলি চিহ্নিত কৰাত লাগিল। ইফালে আকৌ কিউবাৰ জনতাই তেওঁৰ মৃত্যুত উচুপি উঠিল, ৰাজপথলৈ ওলাই আহিল প্ৰিয় নেতাজনক শ্ৰদ্ধা জনাবৰ বাবে।

এতিয়া কথা হ’ল, ফিডেল কাষ্ট্ৰো কেৱল এগৰাকী বিবাহিত নেতাইনে? নে বিপ্লৱৰ কোনো ৰোমাণ্টিক এক চৰিত্ৰ্ মাথোঁ? বহুতেই কাষ্ট্ৰোক এক ব্যতিক্ৰমী সমাজবাদৰ পুৰোধা ব্যক্তি বুলি ক’ব খোজে। আচলতে কিউবাৰ সমাজবাদ অলপ ব্যতিক্ৰমীয়েই। তাত লেটিন আমেৰিকাৰ মাৰ্ক্সবাদী ধাৰণাত দেখা পোৱা “বলিভেৰিয়ানিজম”ৰ প্ৰভাৱৰেই এক প্ৰতিফলন বুলি ভবাৰ থল আছে। আনকি হুগো চাভেজৰ ওপৰতো এই প্ৰভাৱ পৰিস্ফুট।

যি হওক,এক পৰনিৰ্ভৰশীল অৰ্থনীতিৰ পৰা স্বনিৰৰ্ভৰশীল অৰ্থনীতিলৈকে কিউবাৰ যাত্ৰা আৰু ইয়াত কাষ্ট্ৰোৰ কেনেকুৱা অৱদান আছে, সেয়া এক গৱেষণাৰ বিষয়। কিউবাৰ কৃষি অৰ্থনীতিৰ যোৱা ৬০ বছৰৰ ইতিহাস চালে এইটো স্পষ্ট ভাবে দেখা পোৱা যায় যে ই ৰপ্তানি আৰু শস্য্ কেন্দ্ৰিক, যাৰ পৰিকল্পনা স্পেনিছ ঔপনিবেশিকসকলে কৰিছিল৷ যিটো পিছত আমেৰিকায়ো বৰ্তাই ৰাখিলে। আচলতে লেটিন আমেৰিকাৰ বিস্তৰ এলেকা আওপকীয়াকৈ আমেৰিকাৰ অধীনেই আছিল। লেটিন আমেৰিকাৰ বিভিন্ন অঞ্চলত আমেৰিকাই আধিপত্য বিস্তাৰ কৰিবলৈ অহৰহ প্ৰয়াস কৰিছিল৷ নিজৰ আশীৰ্বাদপুষ্ট স্বৈৰাতন্ত্ৰী স্থানীয় শাসকৰ সহযোগত সেই অঞ্চলৰ সম্পদ নিজৰ অৰ্থনীতি টনকীয়াল কৰিবলৈ লুন্ঠন কৰিছিল৷ আমেৰিকাৰ এনেধৰণৰ নীতিয়ে প্ৰচুৰ সম্পদশীল লেটিন আমেৰিকাক আৰ্থিকভাৱে বাৰুকৈয়ে কোঙা কৰি ৰাখিছিল। কিউবাৰ কৃষি অৰ্থনীতিৰ এই পৰিস্হিতিৰ কিন্তু সমাজবাদী শাসনৰ আদিছোৱাতো বিশেষ পৰিৱৰ্তন হোৱা দেখা নাযায়, যদিও কিছু লেণ্ড ৰিফৰ্মৰ
ব্যৱস্হা কৰা হৈছিল। ফলস্বৰূপে,৮০ ৰ দশকৰ আগছোৱালৈ কিউবা নিজৰ মৌলিক খাদ্য্ সামগ্ৰীৰ বাবেও পৰনিৰ্ভৰশীল হৈয়েই আছিল। এই ৮০ ৰ দশকৰ আৰম্ভণিৰ পৰাহে কিউবাৰ নেতৃবৰ্গই মৌলিক খাদ্য্ সামগ্ৰীৰ বাবে বেলেগ দেশৰ ওপৰত নিৰ্ভৰশীলতাৰ অৱসান ঘটোৱা, পৰিবেশ সচতেনতা আদি বিষয়ৰ ওপৰত গুৰুত্ব্ সহকাৰে মনোনিবেশ কৰা দেখা যায়।

লেখত ল’বলগীয় কথাটো হ’ল যে কিউবাৰ নেতৃবৃন্দই এই সমস্যাৰ সমাধান বিচাৰি উলিয়াইছিল কিউবাৰ মাটিতেই, পৰম্পৰাগত ক্ষুদ্ৰ কৃষিক্ষেত্ৰত।কিউবাৰ ক্ষুদ্ৰ কৃষিক্ষেত্ৰ এতিয়ালৈকে কৃষি উৎপাদন নীতিৰ বাবে অৰ্থনৈতিক ভাৱে জুৰুলা আছিল। কিউবাৰ চৰকাৰে অনতিপলমে কৃষি নীতিৰ সলনি কৰাৰ সিদ্ধান্ত লয়৷ ফলস্বৰূপে ১৯৮২ত ANAP(National Association of Small Farmers)ৰ জন্ম হয় আৰু ৮০ৰ দশকৰ শেষৰ ফালে কিউবাৰ পূৰ্ণাংগ ৰাষ্ট্ৰীয় খাদ্য নীতি ঠন ধৰি উঠে। এই পৰিৱৰ্তিত নীতিৰ মেৰুদণ্ড ৰূপে চিহ্নিত কৰা হৈছিল পৰম্পৰাগত ভাৱে কৃষি কাৰ্যত নিয়োজিত ক্ষুদ্ৰ কৃষক বৰ্গক, যি তেতিয়ালৈকে উপেক্ষিত হৈয়ে আছিল।

এই সময়তে বাৰ্লিন ৱাল ধ্ব্ংস আৰু তাৰ ফলত চ’ছিয়েলিষ্ট ব্লকত আৰম্ভ হোৱা ভাঙোনে কিউবাৰ এই পৰিৱৰ্তিত কৃষি নীতিৰ আৰম্ভণিত ইন্ধন নোযোগোৱা নহয়। কিউবাৰ ৰপ্তানি কেন্দ্ৰিক কৃষি অৰ্থনীতিত চেনী আৰু জীৱাশ্ম ইন্ধন এই দুয়োটা উপাদানে বিশেষ স্হান অৰ্জন কৰি আহিছিল আৰু এই দুয়োটাৰে আৰ্ন্তজাতিক বজাৰ বাৰ্লিন ৱাল ধ্বংসৰ পাছত বাৰুকৈয়ে প্ৰভাৱিত হৈছিল৷ ফলস্বৰূপে কিউবাৰ অৰ্থনীতিও শোচনীয় হোৱাৰ উপক্ৰ্ম হৈছিল। কিউবাৰ নেতৃত্ব্ই এই প্ৰত্যাহ্বানৰ এক সৃজনীমূলক গত্যন্তৰ বিচাৰি উলিয়াইছিল কিউবাৰেই বুকুত।
১৯৯০-ৰ পৰা কিউবাই এক জটিল বাটেৰে খোজ লৈছিল। কিন্তু ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত কিউবা পৰিৱৰ্তিত নীতিৰে স্বনিৰৰ্ভৰশীল হোৱাৰ পথত আগ্ৰাসন হ’ল। এই পৰিৱৰ্তিত নীতিৰ বৈশিষ্ট হ’ল মানৱ শ্ৰম আৰু পৰম্পৰাগত কৃষি নীতিৰ সৃজনিশীল প্ৰয়োগ। আকৰ্ষণীয় ভাৱে এই নীতি অনুযায়ী কিউবাই GM(genetically modified) বীজ পৰিহাৰ কৰি পৰম্পৰাগত বীজৰ প্ৰয়োগ, জৈৱ সাৰ ৰ উদ্যোগৰ সম্প্ৰসাৰণ, বৰ্দ্ধিত হাৰত দুগ্ধ সামগ্ৰীৰ উৎপাদন, কীটনাশক আৰু ৰাসয়নিক সাৰৰ প্ৰয়োগ সম্পূৰ্ণ ৰূপে বাদ দিয়া আদি বহুতো পদক্ষেপ লোৱা হ’ল৷ ইয়াৰ ফলস্বৰূপে কিউবাই কেৱল নিজৰ জোখাৰে নহয়,
ৰপ্তানি কৰিব পৰাকৈও খাদ্য্ সামগ্ৰী উৎ্পাদন কৰিব পৰা হ’ল। ভৰত মনছটা(bharat mansata)-ৰ গ্ৰন্থ Organic Revolution: Agricultural Transformation of Cuba since 1990 ত এই বিষয়ে বিতংকৈ পোৱা যায়। বৰ্তমান কিউবাৰ জনমুৰি খাদ্য্ গ্ৰহণ(469 gms per day)ৰ হাৰ FAO ৰ নিৰ্ধাৰিত হাৰ(300gms per day)তকৈ বেছি।

এই প্ৰক্ৰিয়াত কিউবাই কুহিঁয়াৰৰ খেতিকেন্দ্ৰিক এক শস্য প্ৰথা ৭০% কমাই আনিছিল পৰম্পৰাগত খাদ্য সামগ্ৰীৰ উৎপাদনেৰে। মন কৰিবলগীয়া যে কিউবাই এইখিনি সময়তেই জীৱাশ্ম ইন্ধনৰ ওপৰত নিৰ্ভৰশীলতাও কমাই আনিছিল। কিউবাৰ প্ৰয়োজনীয় শক্তিৰ এক চতুৰ্থাংশ কুহিয়াঁৰ ভিত্তিক বায়’ মাছ(Bio mass) আৰু আন বিকল্প উৎসৰ সংগ্ৰহ কৰা হয়৷ এই ক্ষেত্ৰত কিউবা পৃথিৱী বিখ্যাত। আমদানিকৃত পট্ৰোলিয়ামৰ পৰা শক্তি আহৰণ কিউবাত বৰ্তমান নিম্নগামী। আমেৰিকাৰ ৰাইচ বিশ্ব্ বিদ্য্ালয়ৰ এক সমীক্ষা মতে,
“the most dramatic decline in energy use occurred in the transport sector where use declined from 313 TOE per thousand persons in 1989 to only 73 TOE in 1994. Consumption in the residential/commercial sector declined from 142 TOE to 87 TOE. Finally, consumption in the Industry/Other sector fell from 769 TOE per thousand persons in 1989 to 612 TOE in 1995.” Source: https://scholarship.rice.edu/…/…/SoligoJaffe_EnergyCuba.pdf…)”

স্বনিৰ্ভৰশীলতাৰ কাৰণে কিউবাৰ এনেকুৱা বহুতো পদক্ষেপ সদায় অনুকৰণীয় আৰু ইয়াত এক মহত্বপূৰ্ণ নেতৃত্বৰ ভূমিকা লোৱা ব্যক্তিজনেই ফিডেল কাষ্ট্ৰো৷ সেয়ে তেওঁক জনতাই সদায় মনত ৰাখিব৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে