চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / ফিডেল কাষ্ট্ৰোৰ বিশ্ব কঁপোৱা ভাষণ ‘ইতিহাসে মোক মুক্তি দিব’ ( চিন্ময় তালুকদাৰ)

ফিডেল কাষ্ট্ৰোৰ বিশ্ব কঁপোৱা ভাষণ ‘ইতিহাসে মোক মুক্তি দিব’ ( চিন্ময় তালুকদাৰ)

লেটিন আমেৰিকাৰ ইতিহাস,শোষণৰ বিৰুদ্ধে অন্তহীন সংগ্ৰামৰ ইতিহাস। কিউবাৰ ( বা কুবা) বিপ্লৱ এই সংগ্ৰামৰ এক উজ্জ্বল উদাহৰণ, যি বিপ্লৱ লেটিন আমেৰিকাৰ লগতে সমগ্ৰ বিশ্বৰ শোষিত জনতাৰ বাবে এক প্ৰেৰণাৰ উৎস। কিউবান বিপ্লৱৰ মূল নায়ক ফিডেল কাষ্ট্ৰোৰ ‘ইতিহাসে মোক মুক্তি দিব’ শীৰ্ষক ভাষণটো এই বিপ্লৱৰ এক উল্লেখনীয় সাহিত্যৰূপে পৰিগণিত হয়। প্ৰকৃততে এই ভাষণটো ফিডেলে মোনকাডা বেৰেকৰ আক্ৰমণৰ বিচাৰত আত্মপক্ষ সমৰ্থন কৰি মাত্ৰ কেইজনমান ব্যক্তিৰ সন্মুখত ৰাখিছিল। তাত উপস্থিত আছিল বিচাৰক আৰু বাটিষ্টা চৰকাৰৰ কেইজনমান বিষয়ববীয়া। বিচাৰৰ পিছত হোৱা তেওঁৰ কাৰাবাসৰ সময়ত তেওঁ লিখি উলিয়াইছিল সমগ্ৰ ভাষণটো আৰু সেয়া দিয়াচলাই বাকচত গোপনে বাহিৰলৈ পঠিওৱা হৈছিল । এই ভাষণটোৱে কিউবান বিপ্লৱক এক অন্য মাত্ৰা দিলে৷ ভাষণৰ কথাই কঁপাই তুলিলে কিউবান যুৱক-যুৱতীৰ বুকু। কিউবাৰ সংগ্ৰামী ইতিহাস আৰু আমেৰিকাৰ মদতপুষ্ট বাটিষ্টাৰ পুতলা চৰকাৰৰ শোষণৰ জ্বলন্ত প্ৰতিচ্ছবি দাঙি ধৰি ফিডেলে কিউবান বিপ্লৱলৈ কঢ়িয়াই আনিলে কিউবান জনতাৰ অফুৰন্ত সমৰ্থন আৰু বহুতো যুৱক যুৱতীৰ সক্ৰিয় অংশগ্ৰহণ।
‘ইতিহাসে মোক মুক্তি দিব’ — ভাষণটো আছিল কিউবাৰ সংগ্ৰামী ইতিহাস, শোষণ জৰ্জৰিত বৰ্তমান আৰু বিপ্লৱৰ অন্তত আহিব লগা প্ৰগতিশীল কিউবাৰ পৰিকল্পনা। ভাষণৰ প্ৰথম অংশত ফিডেলে বৰ্ণনা কৰিছিল কিদৰে এক অন্যায় বিদ্ৰোহৰ জৰিয়তে বাতিষ্টাই শাসন অধিকাৰ কৰিছিল, কিদৰে কিউবাৰ সংবিধান আৰু আইনক ভৰিৰে মোহাৰি পেলোৱা হৈছিল, কিদৰে গণতান্ত্ৰিক অনুষ্ঠানবোৰক নিষ্ক্ৰিয় কৰা হৈছিল, বাতিষ্টাৰ নিৰ্দয় আৰু অত্যাচাৰী শাসনে কিদৰে কিউবাৰ ৰাজনৈতিক সংগঠন,সাংবাদিক, সমাজকৰ্মী আদিক জ্বলা-কলা খুৱাইছিল, হত্যা কৰা হৈছিল বহুতকে। মোনকাডা বেৰেকৰ আক্ৰমণ আছিল এই অন্যায় অসাংবিধানিক শাসনৰ বিৰুদ্ধে বিপ্লৱী জনতাৰ প্ৰতিক্ৰিয়া আৰু সাংবিধানিক ব্যৱস্থাৰ পুনৰুদ্ধাৰৰ এক প্ৰচেষ্টা। ইতিহাসৰ পাতৰ পৰা তেওঁ উদাহৰণ দিছিল প্ৰাচীন চীন, ৰোম, গ্ৰীচৰ অন্যায় শাসনৰ বিৰুদ্ধে শোষিতৰ প্ৰতিবাদৰ, ১৭৭৫ ৰ আমেৰিকান আৰু ১৭৮৯ ৰ ফৰাচী বিদ্ৰোহৰ। লগতে তেওঁ এক উক্তি দিছিল ১৭৭৬ ৰ আমেৰিকাৰ “স্বাধীনতাৰ ঘোষণাপত্ৰ” (Declaration of Independence ) ৰ পৰা। John Milton, John Locke, Jean Jacques Rousseau, Thomas Paine ৰ লেখাৰ পৰা শোষিত জনতাৰ অত্যাচাৰী শাসনৰ বিৰুদ্ধে প্ৰতিবাদৰ অধিকাৰক প্ৰতিষ্ঠা কৰিছিল।
কিউবাৰ যুৱচামক উদ্দেশ্যি তেওঁ কৈছিল যে কিউবান হিচাপে তেওঁলোকৰ দেশৰ প্ৰতি দায়িত্ব আছে আৰু সেই দায়িত্বক পালন নকৰাটো দেশদ্ৰোহীতাৰ সমান। কিউবানসকলে জন্মৰে পৰা দেশৰ ইতিহাস পঢ়ি-শুনি ডাঙৰ হৈছে, যি ইতিহাসে তেওঁলোকক স্বাধীনতা,ন্যায় আৰু মানৱীয় অধিকাৰৰ শিক্ষা দি আহিছে। ফিডেলে কিউবান বীৰ Céspedes Agramonte, Maceo , Gomez ,Marti আদিৰ উদাহৰণ দি কৈছিল যে Maceo-এ জনতাক স্বাধীনতাৰ বাবে ভিক্ষা খুজিব দিয়া নাই, মাচেতে ( Machete) ৰ ধাৰেৰে কাঢ়ি আনিবলৈ কৈছে। কিউবাৰ পতাকাক প্ৰাণ দি ৰক্ষা কৰিবলৈ কৈছে , ৰাষ্ট্ৰীয় সংগীত গৰ্বেৰে গাবলৈ কৈছে৷ যি সংগীতে শিকাই যে শিকলিৰে বান্ধি থোৱাজন জীয়াই থাকিও মৃতৰ নিচিনা আৰু দেশৰ কাৰণে মৃত্যুবৰণ কৰাজন মৃত হৈও সদায় জীৱিত। এইবোৰ শিকনি যাতে দেশৰ যুৱচামে পাহৰি নাযায়, সেয়া ফিডেলে সকীয়াই দিছে।

কিউবাৰ সেনাবাহিনীক উদ্দেশ্যি তেওঁ কৈছিল, সেনাৰ শক্তি আৰু দেশ জনতাৰ প্ৰতি দায়িত্বৰ কথা। যিসকল সেনাই মোনকাডা বেৰেকৰ আক্ৰমণত গ্ৰেপ্তাৰ হোৱা ফিডেলৰ কমৰেডসকলক দুৰ্ব্যৱহাৰ আৰু অত্যাচাৰ কৰিছিল অথবা অন্যায়ভাবে হত্যা কৰিছিল, তেওঁলোকক গৰিহণা দি ফিডেলে কৈছিল যে তেওঁ সদায় সৈন্যবাহিনীৰ অধিকাৰৰ হকে মাত মাতি আহিছে। সৈন্যবাহীনিয়ে পাবলগীয়া নূন্যতম সা-সুবিধাখিনিও বাতিষ্টা চৰকাৰে প্ৰদান নকৰে। বহুতো সেনা জোৱানক চৰকাৰী বিষয়াসকলে ব্যক্তিগত কামত ভৃত্যৰ নিচিনা ব্যৱহাৰ কৰে। আনকি একমাত্ৰ ফিডেলে সেনাবাহিনীৰ বেতনবৃদ্ধি আৰু সেনাজোৱানৰ নীতি বহিৰ্ভূত ব্যক্তিগত ব্যৱহাৰৰ বিৰুদ্ধে প্ৰচাৰ আৰম্ভ কৰিছিল আৰু আদালতত তথ্যসহিতে প্ৰমাণ দাখিল কৰিছিল। তেওঁ সেনাবাহিনীক আত্মবিশ্লেষণৰ উপদেশ দি কৈছিল যে এখন অত্যাচাৰী চৰকাৰৰ হৈ কাম কৰি তেওঁলোকে সেনাৰ পোচাকযোৰলৈ অপমানহে কঢ়িয়াই আনিছে। তেওঁ সেনাক বাতিষ্টা চৰকাৰৰ শোষণৰ বিৰুদ্ধে জেহাদ ঘোষণা কৰি কিউবান জনতাৰ হৈ দায়িত্ব পালন কৰিবলৈ অনুপ্ৰাণিত কৰিছিল।
ফিডেলে বুজিছিল যে পুঁজিবাদ আৰু সাম্ৰাজ্যবাদৰ গোলকীয়স্তৰত হোৱা অভ্যুত্থান,তেওঁ বুজিছিল যে সামাজিক ন্যায় প্ৰতিষ্ঠাৰ বাবে এই ব্যৱস্থাৰ পৰিৱৰ্তন অৱশ্যম্ভাৱী আৰু সেই পৰিৱৰ্তনক সঠিক ৰূপ দিবলৈ সমাজবাদৰ তত্ত্ব প্ৰয়োগৰ বাদে গত্যন্তৰ নাই। তেওঁ কিউবাৰ সমস্যাবোৰৰ গাঠনিগত শিপাডালৰ (Structural roots) পুংখানুপুংখভাৱে বিশ্লেষণ কৰিছিল। ফিডেলে সাধাৰণ জ্ঞানেৰে বুজিছিল যে কিউবাৰ জনতাৰ দৈনিক সমস্যাবোৰ আছিল জীৱন যাপন, শিক্ষা, স্বাস্থ্যজনিত। ভাষণটোত তেওঁ এই সমস্যাবোৰ সমাধান আগবঢ়াইছিল সমস্যাবোৰৰ মূল কাৰণবোৰত আঘাত কৰি, যেনে–খেতিয়কলৈ মাটি আৰু কাৰখানা আৰু খনিৰ লাভৰ অংশ শ্ৰমিকলৈ হস্তান্তৰিত কৰা, চেনি উৎপাদনৰ ক্ষুদ্ৰ খেতিয়কৰ লাভৰ অংশ বৃদ্ধি কৰা ইত্যাদি। এইবোৰ সমস্যাৰ পিছত তেওঁ আগবাঢ়িছিল কিউবাৰ সমাজ আৰু অৰ্থনীতিক ৰুগীয়া কৰি ৰখা সমস্যাবোৰৰ সমাধানলৈ৷ কিউবাত খোপনি পুতি কিউবাকেই শোষণ কৰা বিদেশী কোম্পানীবোৰক ৰাষ্ট্ৰীয়কৰণ আৰু ঘোচখোৰ চৰকাৰী বিষয়াবোৰক আইনগতভাৱে শাস্তি দি জনতাক ন্যায় প্ৰদান কৰা আছিল তেওঁৰ লক্ষ্য। এই আঁচনিবোৰৰ সফল ৰূপায়ণৰ বাবে বিধানপালিকা,কাৰ্যপালিকা আৰু ন্যায়পালিকাৰ ওপৰত কিউবাৰ জনতাৰ সমৰ্থিত বিপ্লবী চৰকাৰৰ দখল থকাটো নিতান্তই প্ৰয়োজনীয়। মোনকডা বেৰেকৰ কাণ্ড আছিল জনতাৰ এই ইচ্ছাক পূৰ্ণাংগ ৰূপ দিয়াৰেই এক প্ৰচেষ্টা।
ফিডেলে ভাষণৰ শেষত নিজৰ মুক্তিৰ বাবে গোহাৰি জনোৱা নাছিল৷ তেওঁ বিচাৰিছিল তেওঁক যাতে কাৰাদণ্ড বিহা হয়, য’ত তেওঁ নিজৰ কমৰেড সকলৰ সংগলৈ ঘূৰি যাব পাৰে। ফিডেলে কৈছিল–‘যিখন দেশৰ ৰাষ্ট্ৰপতি এজন চোৰ আৰু অপৰাধী ,তাত সৎ জনতাৰ কাৰাদণ্ড বা মৃত্যু হোৱাই উচিত। মোক গৰিহণা দিয়ক,তাৰ কোনো মূল্য নাই … ইতিহাসে মোক মুক্তি দিব ” (Condemn me ,it doesn’t matter. History will absolve me)। তেওঁক কমৰেড সকলৰ সৈতে ১৫ বছৰৰ কাৰাদণ্ড দিয়া হয়। কিন্তু ১৯৫৫ চনৰ ১৫ মে’ত জনতাৰ প্ৰতিবাদত সেও মানি তেওঁলোকক মুক্তি দিয়া হয় । ফিডেল কাষ্ট্ৰোৰ ‘ইতিহাসে মোক মুক্তি দিব’ই আজিও প্ৰতিগৰাকী গৰ্বিত কিউবানৰ ৰন্ধ্ৰে ৰন্ধ্ৰে স্বাধীনতাৰ জয়গান গাই আছে আৰু বিশ্বৰ শোষিত-পীড়িত জনতাৰ সংগ্ৰামৰ অনুপ্ৰেৰণা হিচাপে পৰিগণিত হৈ আহিছে।

Leave a Reply

Your email address will not be published. Required fields are marked *