চ’ৰাঘৰ / শিল্প / চিত্ৰশিল্পী আমিনুল হক

চিত্ৰশিল্পী আমিনুল হক

১৯৬৪ চনত গুৱাহাটীত জন্মগ্ৰহণ কৰা আমিনুল হক এগৰাকী স্বশিক্ষিত, সৃজনীশীল আৰু অসমৰ ‘চিত্ৰকলা আন্দোলন’ৰ সৈতে সক্ৰিয়ভাৱে জড়িত বিশিষ্ট চিত্ৰশিল্পী। শিল্পীগৰাকীৰ ছবিৰ ছন্দোময় আৱেদনে সকলো স্তৰৰ চিত্ৰপ্ৰেমী দৰ্শককে সৰ্বদা আকৰ্ষণ কৰি আহিছে। বিজ্ঞানৰ স্নাতক হকে দুবছৰ পূৰ্বে ভাৰতীয় খাদ্য নিগমৰ চাকৰিৰপৰা অৱসৰ গ্ৰহণ কৰিছে।

শিল্পীগৰাকী জন্মলগ্নৰেপৰা ‘গুৱাহাটী আৰ্টিষ্ট গীল্ড’ৰ সৈতে জড়িত আৰু এই ঐতিহ্যমণ্ডিত অনুষ্ঠানটিৰ প্ৰতিষ্ঠাপক সদস্য। বৰ্তমানে তেখেত এই অনুষ্ঠানৰে কাৰ্যবাহী সভাপতিৰ পদত নিয়োজিত হৈ আছে। ১৯৭৫ চনতে হাজী মুচাফিৰখানাত পতা আমিনুল হকৰ প্ৰথমখন চিত্ৰ প্ৰদৰ্শনী সেই সময়ৰ ভাৰতৰ ৰাষ্ট্ৰপতি ফখৰুদ্দিন আলী আহমেদে মুকলি কৰিছিল। অলপতে নতুন দিল্লীৰ ললিত কলা একাডেমীৰ কলা বীথিকাত তেখেতৰ পঞ্চতম একক প্ৰদৰ্শনী হৈ যায়। একক প্ৰদৰ্শনীৰ উপৰি তেখেতে অসম আৰু ভাৰত চৰকাৰৰ দ্বাৰা আয়োজিত বিভিন্ন সামূহিক চিত্ৰ প্ৰদৰ্শনীত ভাগ লৈ দৰ্শকৰ আদৰ আৰু প্ৰশংসা বুটলিবলৈ সক্ষম হৈছে। তদুপৰি জাতীয় আৰু আন্তৰ্জাতিক বিভিন্ন চিত্ৰ কৰ্মশালাত অংশগ্ৰহন কৰি অহা শিল্পীগৰাকীৰ চিত্ৰ দেশ আৰু বিদেশৰ বিভিন্ন ব্যক্তিৰ সংগ্ৰহত সংগৃহীত হৈছে। ছবি অঁকাৰ উপৰি এগৰাকী গীতিকাৰ হিচাপে আত্মপ্ৰকাশ কৰা আমিনুল হকৰ চিত্ৰকলা সম্পৰ্কীয় বিভিন্ন প্ৰৱন্ধ আৰু ৰচনা-পাতি অসমৰ আগশাৰীৰ কাকত-আলোচনীত প্ৰকাশ হৈছে।

তেখেতৰ চিত্ৰসমূহত বলিষ্ঠ ৰেখাংকন, প্ৰা233333থমিক ৰঙৰ সৰল প্ৰকাশ, চৌপাশৰ জন-জীৱন, ঘটনা প্ৰৱাহৰ ছন্দোময় সাংগীতিক উপস্থাপনে এক অনন্য বৈশিষ্ট্য আৰু সৌন্দৰ্য প্ৰদান কৰিছে। তেখেতৰ ‘মাছ ধৰাৰ মালিতা ( ballad of fishing ) ‘ভাটোৰ সৈতে নাৰী ( lady with a parrot)’, উম ( warmth )’, ৰোমাণ্টিক আৰোহণ ( romantic ride )’ পুৰণি সুৰ ( old melody )’, ‘পিয়াহ ( thirst )’ আদি ছবিসমূহে দৰ্শকৰ আদৰ লাভ কৰিছে।

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে