চ’ৰাঘৰ / অতিথি সম্পাদকৰ চ’ৰা / জাতীয় মুক্তি সংগ্ৰাম : কিউবাৰ পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ ( ৰক্তিম শৰ্মা )

জাতীয় মুক্তি সংগ্ৰাম : কিউবাৰ পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চললৈ ( ৰক্তিম শৰ্মা )

বৃহৎ জাতিৰ ভাষিক-সাংস্কৃতিক তথা আৰ্থ-ৰাজনৈতিক আগ্ৰাসনৰ পৰা মুক্তিৰ স্পৃহা বিশ্বৰ প্ৰতিটো নিৰ্যাতিত জাতিৰে এক স্বাভাৱিক বৈশিষ্ট্য। বৃটিছৰ দৰে বৃহৎ শক্তিসমূহে সমগ্ৰ বিশ্বতে নিজৰ উপনিবেশ প্ৰতিষ্ঠাৰ পিছৰে পৰা যুগে যুগে উপনিবেশিক শোষণৰ বিৰূদ্ধে জনতাৰ সংগ্ৰাম অব্যাহত আছে। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই সমগ্ৰ বিশ্বতে সাম্ৰাজ্যবাদী শক্তিৰ প্ৰত্যক্ষ উপনিবেশৰ পৰা মুক্তি পাবলৈ জাতীয় মুক্তি সংগ্ৰামৰ চেতনাৰ বিকাশ হৈছিল। যুদ্ধোত্তৰ কালত বিশ্ব ৰাজনীতিৰ আমোল পৰিৱৰ্তনৰ ফলশ্ৰুতিত সাম্ৰাজ্যবাদী শক্তিসমূহে প্ৰত্যক্ষ উপনিবেশবোৰত নিজৰ দখলদাৰিত্ব বজাই ৰখাতো অসম্ভৱ হৈ পৰিছিল। আৰম্ভ হৈছিল আঁতৰৰ পৰা শোষণ কৰাৰ নীতি। দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ পৰাই বিশ্বত প্ৰত্যক্ষ উপনিবেশৰ ঠাইত সৃষ্টি হোৱা অৰ্ধ উপনিবেশবোৰত সাম্ৰাজ্যবাদৰ পৰোক্ষ দখলদাৰিত্ব আৰম্ভ হৈছিল৷৷ হয়তো একো একোখন দেশত সাম্ৰাজ্যবাদী শক্তিৰ পুতলা চৰকাৰ গঠন হৈছিল, অথবা পূৰ্বৰ উপনিবেশিক পুঁজিৰ লালন কৰিব পৰাকৈ কৌশলেৰে ক্ষমতা হস্তান্তৰ কৰা হৈছিল এচাম স্বাৰ্থান্বেষী শক্তিৰ হাতত। তথাকথিত গণতান্ত্ৰিক উপৰিসৌধ এটাৰ আবেষ্টনীত জনতাৰ সংগ্ৰাম আৰু সমাজ বিৱৰ্তনৰ স্তৰবোৰত মৰি মৰি জীয়াই থকা সামন্তবাদ আৰু নতুনকৈ গঢ়ি উঠা সাম্ৰাজ্যবাদৰ দালালি পুঁজি ভোগ কৰা অকালপক্ক দেশীয় পুঁজিবাদৰ হাতত এই অৰ্দ্ধ উপনিবেশ (Semi-Colony) বোৰ লালিত হ’বলৈ ধৰিছিল। কালক্ৰমত সেই অৰ্ধ উপনিবেশবোৰেই একাধিক সাম্ৰাজ্যবাদী বহুজাতিক শক্তিৰ নব্য উপনিবেশ (Neo-Colony) লৈ ৰূপান্তৰ হ’ল।

বৃটিছৰ বেলি মাৰ যোৱাৰ পিছত ছোভিয়েটৰ বাহিৰে প্ৰায় সমগ্ৰ বিশ্বতে আমেৰিকান সাম্ৰাজ্যবাদৰ জয় জয় ময় ময় আৰম্ভ হয় । আমেৰিকান সাম্ৰাজ্যবাদীৰ নব্য উপনিবেশিক শোষণ আৰম্ভ হৈছিল লেটিন আমেৰিকান দেশবোৰৰ ওপৰত। আমাৰ আলোচনাৰ বিষয় হিচাপে লেটিন আমেৰিকান দেশ কিউবাৰ সংগ্ৰামৰ পটভূমিক ব্যৱহাৰ কৰিম৷ আমেৰিকান সাম্ৰাজ্যবাদীয়ে কিউবাৰ বেটিষ্টা চৰকাৰৰ জৰিয়তে কিউবান জনতাৰ ওপৰত প্ৰত্যক্ষভাবে নমাই আনিছিল সাম্ৰাজ্যবাদী শোষণ-নিৰ্যাতন। ইয়াৰ ফলশ্ৰুতিতেই সংঘটিত হৈছিল ফিডেল কাষ্ট্ৰো আৰু চে গুৱেভাৰা আদি বিপ্লৱী নেতাৰ নেতৃত্বত ইতিহাস কঁপোৱা কিউবাৰ বিপ্লৱ। এই কিউবাৰ বিপ্লৱৰ আধাৰত আমি আলোচনা কৰিম উত্তৰ পূৰ্বাঞ্চলৰ লগতে অসমৰ জাতীয় মুক্তি সংগ্ৰামৰ পটভূমিৰ। ৰাষ্ট্ৰৰ দ্বাৰা বৈধ বা অবৈধভাবে কৰা সংযোগকৰণৰ বিৰূদ্ধে গঢ়ি উঠা এই জাতীয় মুক্তি সংগ্ৰামবোৰক ৰাষ্ট্ৰবাদী ভাবধাৰাই বিচ্ছিন্নতাবাদী সংগ্ৰাম বুলি অভিহিত কৰিছে যদিও বিগত সময়ৰ ইতিহাসৰ আলমত আৰু বিপ্লৱী ৰণনীতিক ভেটি হিচাপেলৈ আমি ইয়াৰ এক ৰাজনৈতিক পৰ্যালোচনা কৰিবলৈ চেষ্টা কৰিম।

বিগত কেইবা দশক ধৰি এই অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী শক্তিসমূহে ৰাষ্ট্ৰ দ্বাৰা অবৈধ সংযোগ-দখলদাৰিত্ব আৰু ভাৰতীয় উপনিবেশিক শোষণৰ অভিযোগত ভাৰতীয় ৰাষ্ট্ৰব্যৱস্থাৰ পৰা মুক্তি বিচাৰি সন্মিলিত সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰাম অব্যাহত ৰাখিছে৷ এই সশস্ত্ৰ সংগ্ৰামবোৰৰ আঁৰৰ বহু বিতৰ্কিত দিশবোৰ পৰ্যালোচনাৰ বাহুল্যতা বহুখিনি হোৱা দেখা যায়, কিন্তু সংঘাতৰ মৌলিক দিশবোৰৰ ওপৰত আলোচনা অতি সীমিত৷ এই সংগ্ৰামবোৰৰ সমৰ্থন বা বিৰোধিতা কৰাতকৈও নিৰ্মোহ আৰু বাস্তৱ সত্যটো হ’ল, অসম-ভাৰতৰ সংঘাতৰ নামত বিগত সময়ত ১৫ হেজাৰতকৈও অধিক লোকে মৃত্যুবৰণ কৰিছে। সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলত এই সংখ্যা হয়তো লক্ষাধিক হ’ব৷

বিগত সময়ত বিদ্ৰোহীসকলৰ কেতবোৰ হঠকাৰী কামকাজ আৰু চৰকাৰী প্ৰপাগাণ্ডাৰ বাবে সাধাৰণ জনতা বিভ্ৰান্তিকৰ অৱস্থাত৷ তথাপি, সংগ্ৰামৰ এই ইতিহাসে উত্তৰ-পূৱৰ প্ৰান্তীয় জাতিসমূহৰ অধিকাৰৰ ৰাজনৈতিক প্ৰশ্ন কেতবোৰ তুলি ধৰিবলৈ সক্ষম হৈছে৷ পূৰ্বতে স্বাধীন এই সমূহ ভূখণ্ড বৃটিছে চলে-বলে-কৌশলে ভাৰতীয় উপনিবেশৰ সৈতে সংযোগ কৰিছিল। ১৯৪০ চনতেই গঠন হোৱা নগা নেশ্যনেল কাউঞ্চিলৰ অধ্যক্ষ আংগামী জাপা ফিজোই বৃটিছে ভাৰত উপনিৱেশ এৰিবলৈ লোৱাৰ সময়ত অসমীয়া, গাৰো, খাচী, লুচাই, মিকিৰ, আৱৰ, মিচিমি আৰু মেইটি নেতৃত্বক লগ ধৰি স্বাধীন ৰাষ্ট্ৰ গঠন কৰাৰ পৰামৰ্শ দিছিল৷ যিটো সেইসময়ত সম্ভৱ হৈ নুঠিলেও তেতিয়াৰে পৰা অব্যাহত আছে ভাৰত ৰাষ্ট্ৰৰ বিৰুদ্ধে ভিন্ন জাতি-জনগোষ্ঠীৰ সাৰ্বভৌমত্বৰ দাবীত চলোৱা সংগ্ৰাম। যিবোৰ বিদ্ৰোহী কুচকাৱাজক বহু সময়ত হঠকাৰী বা অদূৰদৰ্শী বুলি মানি লৈও এইবোৰ মাত্ৰ বিচ্ছিন্নতাবাদী আৰু ভাৰতক দুৰ্বল কৰিবলৈ বহি:ৰাষ্ট্ৰৰ চক্ৰান্ত বুলি পতিয়ন গৈ সামৰিক সমাধানৰ সমৰ্থন কৰা আৰু সংঘাতৰ কাৰণসমূহ উপেক্ষা কৰাটো বাতুলতাৰ বাহিৰে আন একো হব নোৱাৰে৷ এই সংঘাতক ভাৰতীয় ৰাষ্ট্ৰবাদী দৃষ্টিৰে পৰ্যালোচনা কৰা দেখা যায় যদিও জাতীয় মুক্তি চেতনাৰ মতাদৰ্শগত দৃষ্টিৰে পৰ্যবেক্ষণ আৰু পৰ্যালোচনাৰ প্ৰয়াস খুব কমেই দেখা যায়৷

দ্বিতীয় বিশ্বযুদ্ধৰ পিছত শক্তিহীন হৈ পৰা বৃটিছ সাম্ৰাজ্যবাদীয়ে পূৰ্বৰ উপনিবেশবোৰত প্ৰত্যক্ষ দখল বৰ্তাই ৰখাটো অসম্ভৱ হৈ উঠিছিল। দূৰদৰ্শী বৃটিছ শাসকে আগতেই তেনে আশংকা অনুভৱ কৰিয়েই গৱৰ্ণমেন্ট অৱ ইণ্ডিয়া এক্ট, ১৯৩৫ আদিৰ জৰিয়তে নিজৰ ডিজাইন মতে দেশীয় বুৰ্জোৱা শ্ৰেণীৰ বাবে গণতান্ত্ৰিক উপৰিসৌধ এটা তৈয়াৰ কৰি ৰাখিছিল, যাতে সংকটৰ সময়ত ক্ষমতা হস্তান্তৰ কৰিব পাৰি। আমি পূৰ্বতে উল্লেখ কৰি আহিছো, দ্বিতীয় বিশ্বযুদ্ধৰ সমাপ্তিৰ পিছতেই লেটিন আমেৰিকাৰ দৰে ভাৰততো আঁতৰৰ পৰা শোষণ কৰিব পৰাকৈ বৃটিছৰ অৰ্দ্ধ উপনিবেশ প্ৰতিষ্ঠা হৈছিল। কালক্ৰমত ভাৰতবৰ্ষত বৃটিছৰ অৰ্দ্ধ উপনিবেশৰ ঠাইত বহুজাতিক শক্তিৰ প্ৰত্যক্ষ বা পৰোক্ষ নিয়ন্ত্ৰণাধীন নব্য উপনিবেশৰ যুগ আৰম্ভ হৈছিল। বৃটিছৰ বিনিয়োগ ষ্টালিং কেপিটা কেৱল বিনিয়োগ হৈছিল অসমৰ সম্পদ ক্ষেত্ৰত। স্বাধীন ভাৰত চৰকাৰে নানা চল চাতুৰিৰে প্ৰান্তীয় দেশবোৰক সংযোগ কৰিছিল মূল ভূভাগৰ সৈতে । যিবোৰক বৃটিছেও চক্ৰান্তৰে বৃটিছ শাসনাধীন ৰাজনৈতিক ভাৰতৰ সৈতে সংযোগ কৰিছিল। ভাৰতীয় শাসক গোষ্ঠী পৰিণত হৈছিল বহুজাতিক শক্তিৰ পৰিকল্পনা কাৰ্যকৰী কৰা দালাললৈ। এই ভাৰতীয় শাসক গোষ্ঠীয়ে একচেতীয়া পুঁজিৰ কেন্দ্ৰিকৰণ কৰিলে আৰু ফলশ্ৰুতিত ৰাষ্ট্ৰব্যৱস্থা প্ৰান্তীয় ক্ষূদ্ৰ ক্ষূদ্ৰ জাতিবোৰৰ অধিকাৰ থকা সম্পদ লুন্ঠন কৰা আগ্ৰাসী উপনিবেশিক শক্তিলৈ ৰূপান্তৰ ঘটিল।

বৃটিছসকলে দেশ এৰি যোৱাৰ আগতেই ভাৰতত একচেতীয়া পুঁজি তৈয়াৰ কৰি গৈছিল। ক্ষমতা হস্তান্তৰৰ পিছত এই একচেতীয়া পুঁজিৰ লালন কৰে হিন্দীলবীৰ ক্ষমতাপুষ্ট আৰু বহুজাতিকৰ প্ৰভাৱাধীন ভাৰতীয় শাসক গোষ্ঠীয়ে। দিল্লীবাদী শাসক গোষ্ঠয়ে এই একচেতীয়া পুঁজিৰ কেন্দ্ৰীকৰণ কৰে আৰু এই একচেতীয়া পুঁজিৰ কেন্দ্ৰিকৰণে এক ভাষা-একধৰ্ম-এক ৰাষ্ট্ৰ ধাৰণাৰে আধিপত্যবাদৰ জন্ম দিয়ে৷ বৃটিছৰ পৰা ক্ষমতা হস্তান্তৰৰ পিছতেই ৰাষ্ট্ৰৰ অখণ্ডতাৰ শ্লোগান দি এই ব্যৱস্থাটোৱে সামৰিক ভাবুকিৰে প্ৰান্তীয় জাতিবোৰৰ অধিকাৰ পদদলিত কৰিবলৈ লয়। হিন্দীভাষা আৰু উত্তৰ ভাৰতীয় সংস্কৃতি সম্প্ৰসাৰণৰ মাধ্যমেৰে এক ভাষা-এক ৰাষ্ট্ৰৰ আগ্ৰাসনেৰে ক্ষুদ্ৰ জাতিবোৰৰ ভাষিক-সাংস্কৃতিক অস্তিত্বৰ প্ৰতি ভাবুকিৰ সৃষ্টি কৰে৷ ক্ষূদ্ৰ জাতি-জাতিসত্বাবোৰ দুই তৰপীয়া উপনিবেশিক হাতোৰাত বন্দী হৈ পৰে। প্ৰথম, বিশ্ব বহুজাতিক সাম্ৰাজ্যবাদী শক্তিৰ আৰু দ্বিতীয় দিল্লীবাদী আধিপত্যবাদৰ ফলত সৃষ্ট ভাৰতীয় উপনিবেশবাদ। উল্লেখ্য যে বৃটিছ কালীন সময়ত অকল অসমৰ চাহবাগানতহে বিদেশী বিনিয়োগ হৈছিল৷ এই লগ্নী পুঁজিক ৰক্ষণাবেক্ষণ দিয়া ভাৰত চৰকাৰে পিছৰ পৰ্যায়ত ভিন্ন বহুজাতিক গোষ্ঠীৰ মাজত চাহবাগানবোৰ ক্ৰয়-বিক্ৰয়ত দালালৰ ভূমিকাত অৱৰ্তীৰ্ণ হয়। যাৰ কোনো লাভ্যাংশত বা হস্তান্তৰ প্ৰক্ৰিয়া নিয়ন্ত্ৰণত অসমৰ জনগণৰ কোনো অধিকাৰ নাই। এনেধৰণৰ কাৰবাৰবোৰৰ দ্বাৰা অসমত জাতীয় পুঁজি গঠনৰ সকলো সম্ভাৱনাক ধ্বংস কৰি দিয়া হ’ল। প্ৰাক্ বৃটিছ উপনিবেশৰ যুগৰ পৰা আৰম্ভ কৰি নব্য উপনিবেশ যুগলৈ এইদৰে ঢাপে ঢাপে অসমৰ থলগিৰি জনগণৰ হাতৰ পৰা সকলো শিল্প বহিৰাগতৰ হাতলৈ গ’ল। ভাৰতীয় অনুপ্ৰবেশৰ ফলত সমগ্ৰ বজাৰ ব্যৱস্থা ভাৰতীয় বণিক শ্ৰেণীৰ হাতলৈ গ’ল৷ এই লগ্নি পুঁজিয়ে ভাৰতবৰ্ষতো এক দালালি পুঁজিবাদৰ জন্ম দিলে। দেশৰ চৰকাৰ, আমোলাতন্ত্ৰ, ৰাজ্য চৰকাৰ, দেশীয় ধনী বনিক গোষ্ঠী সকলো এই দালালি পুঁজিৰ অংশীদাৰ হৈ পৰিল। আজিও ৰাষ্ট্ৰৰ সকলো নীতি নিৰ্ধাৰণ হয় এই দালালি পুঁজিৰ স্বাৰ্থত। অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ পৰা কেঁচা মাল লুণ্ঠন কৰিব পৰা ব্যৱস্থা এটা জীয়াই ৰাখি ৰাষ্ট্ৰৰ দখল সাব্যস্ত কৰাই দিল্লীলবীৰ মূল উদ্দেশ্য। তাৰ বাবে তেওঁলোকক লাগে নব্য উপনিবেশ ব্যৱস্থাৰ কৰ্ণধাৰ দিল্লীলবীক তৈলমৰ্দন কৰিব পৰা ভাৰতীয় ব্যৱস্থাৰ প্ৰতি অনুগত কিছু শৰণাপন্ন-শৰণাৰ্থী জনসমষ্টি৷ চুবুৰীয়া ৰাষ্ট্ৰৰ পৰা হোৱা বহিৰাগত অনুপ্ৰবেশক অস্ত্ৰ হিচাপে লৈ ৰাষ্ট্ৰই কৌশলেৰে জাতীয় সংঘাটক বিভ্ৰান্ত কৰিবলৈ চেষ্টা কৰি অহা দেখা যায় । কৌশলেৰে প্ৰবেশ কৰোৱা হয় আধিপত্যবাদী হিন্দুত্ববাদী আৰু ভাৰতীয় জাতীয়তাবাদী চিন্তাক। কিন্তু আশ্চৰ্যজনকভাবে অনুপ্ৰবেশৰ ফলত জাতীয় অস্তিত্বৰ শংকা জাপি দিয়াসকলে আকৌ অনুপ্ৰবেশকে উত্সাহিত কৰা দেখা যায়। যাৰ ফলত নতুন কেতবোৰ সংঘাতে মূৰ দাঙি উঠে। সৃষ্টি হয় ডিভাইড এণ্ড ৰুল নীতিৰে থলগিৰিৰ মাজত বিভাজন আনিবলৈ নিত্য নতুন কৌশল। কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ আধিপত্যবাদে উপনিবেশিক শক্তিৰে বলীয়ান হৈ তিলতিলকৈ পংগু কৰিবলৈ ধৰিলে প্ৰান্তীয় ক্ষূদ্ৰ জাতি-জাতিসত্তাবোৰৰ অধিকাৰ। অতিকেন্দ্ৰিক ব্যৱস্থাৰ বাবে সেই প্ৰান্তীয় ৰাজ্যবোৰৰ ৰাজ্য চৰকাৰবোৰ হৈ পৰিল কেন্দ্ৰৰ শ্ৰুতলিপিত উঠ-বহ কৰা একো একোখন পুতলা চৰকাৰ। ব্যৱস্থাৰ ওপৰত প্ৰশ্ন তুলিলেই জৰুৰিকালীন অৱস্থা নমাই দিয়াৰ খবৰদাৰি কৰি গ’ল কেন্দ্ৰই। চলি থাকিল বহুজাতিক শক্তিৰ প্ৰত্যক্ষ সহযোগত প্ৰকৃতিক সম্পদ লুন্ঠনৰ নিত্য নতুন কৌশল। ৰাষ্ট্ৰই যেনেদৰে বহুজাতিক শক্তিৰ দালালি কৰা এক যন্ত্ৰলৈ পৰ্যবশিত হোৱাৰ অভিযোগ উঠিল, তেনেকৈ ৰাইজৰ দ্বাৰা নিৰ্বাচিত প্ৰাদেশিক চৰকাৰবোৰো বহুজাতিক শক্তি আৰু দিল্লীৰ বহতীয়া পুতলা চৰকাৰলৈ পৰ্যবসিত হ’ল ।

আমি কিউবাৰ মুক্তি সংগ্ৰামৰ আলোকত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সশস্ত্ৰ জাতীয় মুক্তি সংগ্ৰামবোৰৰ আলোচনা কৰিব খোজাৰ কাৰণ এয়াই যে লেটিন আমেৰিকাৰ দেশবোৰৰ সৈতে মৌলিক কেতবোৰ সাদৃশ্য-বৈসাদৃশ দেখা যায় এই প্ৰান্তীয় অঞ্চলবোৰতো৷ সাদৃশ্য এয়াই যে লেটিন আমেৰিকান সকলৰ দৰে এই অঞ্চলো ঐতিহাসিকভাবে স্বাধীন। বহিৰাগত আগ্ৰাসনৰ পৰা মুক্তিৰ স্পৃহাই লেটিন আমেৰিকাৰ দৰে এই অঞ্চলৰ জনগনকো উদ্বাউল কৰি ৰাখিছে। বিশ্বৰ সমাজতান্ত্ৰিক বিপ্লৱীসকলৰ লগতে এই অঞ্চলৰ বিদ্ৰোহী শক্তিবোৰকো সদায় অনুপ্ৰাণিত কৰি ৰাখিছে কিউবা-বলিভীয়া আদি লেটিন আমেৰিকাৰ বিপ্লৱী ইতিহাসে। কিন্তু প্ৰশ্ন হয়, শক্তিশালী সমাজতান্ত্ৰিক আন্দোলনৰ উপস্থিতি অবিহনেও কিয় কিউবা বলিভিয়াৰ বিপ্লৱীসকল উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী শক্তিবোৰৰ বাবে আদৰ্শ ? জাতীয় মুক্তি সংগ্ৰামৰ সৈতে কি সম্পৰ্ক এই আদৰ্শৰ ?

ফিডেল কাষ্ট্ৰোৰ গেৰিলা যুদ্ধৰ নীতি-কৌশল আৰু সাংগঠনিক কৌশলৰ বহুল পৰ্যালোচনা হৈছে যদিও কেতবোৰ দিশ এতিয়াও উপেক্ষিত হৈ আছে৷ আজিৰ তাৰিখত সেই সময়ৰ বৈপ্লবিক পৰিস্থিতিৰ পৰ্যালোচনাৰ বহুক্ষেত্ৰত আবেগিক বা উদ্দেশ্য প্ৰণোদিত। ঠিক একেদৰে উত্তৰ-পূৱ ভাৰতৰ বিদ্ৰোহী সংগঠনবোৰৰ জাতীয় মুক্তি সংগ্ৰামৰ ধাৰাৰ ওপৰতো সঠিক পৰ্যালোচনাৰ অভাৱ একো অস্বাভাৱিক নহয়৷ কাৰণ উত্তৰ-পূৰ্বাঞ্চলৰ জনতাৰ জাতীয় সংগ্ৰামৰ ধাৰা আজিও এক নিষিদ্ধ বিষয়, আনকি আন্তৰ্জাতিক ক্ষেত্ৰতো লেটিন আমেৰিকাৰ সংগ্ৰামৰ দৰে জনপ্ৰিয় বিষয় নহয়৷ চৰকাৰী প্ৰপাগাণ্ডা আৰু অন্য সৰ্বভাৰতীয় ৰাজনৈতিক ধাৰাৰ সংগঠনবোৰৰদ্বাৰা বিচ্ছিন্নতাবাদী অদৰ্শ বুলি কৰা প্ৰচাৰ আৰু বিদ্ৰোহীসকলৰ দ্বাৰা কৰা কেতবোৰ হঠকাৰী সিদ্ধান্তৰ বাবে এই বিদ্ৰোহী সংগঠনবোৰে সুচনা কৰা জাতীয় মুক্তি সংগ্ৰামৰ ৰাজনৈতিক ধাৰাটোৰ ওপৰত অধ্যয়ন আৰু আলোচনাত সৃষ্টি হৈ আহিছে অনীহা৷ কিউবাৰ বিপ্লৱ আৰু উত্তৰ পূৱ ভাৰতৰ জাতীয় মুক্তি সংগ্ৰামৰ যথাৰ্থ তুলনামূলক অধ্যয়নো সেয়ে জটিল বিষয়। পিছৰ পৰ্যায়ত উত্তৰ পূৱ ভাৰতৰ জাতীয় মুক্তি সংগ্ৰামৰ ক্ষেত্ৰত অসমৰ পটভূমি ব্যৱহাৰ কৰিম।

জাতি সমস্যালৈ বিশ্বজুৰি চিন্তা-চৰ্চাৰ প্ৰসাৰ হৈছিল দ্বিতীয় বিশ্বযুদ্ধৰ পিছৰ সময়তেই। ৰাচিয়াৰ কমিউনিষ্ট নেতা ভি আই লেনিনে বিশ্বৰ ক্ষুদ্ৰ জাতিবোৰৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু স্বতন্ত্ৰতাৰ বাবে কমিউনিষ্ট আন্তৰ্জাতিকত সিদ্ধান্ত লৈছিল। পিছত স্তেলিনে এই জাতিৰ স্বনিৰ্ধাৰণৰ অধিকাৰক এক বিশেষ মাত্ৰা দি প্ৰতিটো নিৰ্যাতিত জাতিৰ নিজস্ব ৰাষ্ট্ৰ গঠন কৰাৰ অধিকাৰ আছে বুলি কমিউনিষ্ট পাৰ্টিৰ তৃতীয় আন্তৰ্জাতিকত ঘোষণা কৰে। স্তালিনে ফিউণ্ডেছন অৱ লেনিনিজম গ্ৰন্থত উল্লেখ কৰি গৈছে যে, অৰ্দ্ধ সামন্তবাদী-অৰ্দ্ধ পুঁজিবাদী ৰাষ্ট্ৰত নিৰ্যাতিত জাতিৰ জাতীয় মুক্তি সংগ্ৰামেই হ’ল শ্ৰেণী সংগ্ৰামৰ অন্যতম স্তৰ। জাতীয় স্বনিয়ন্ত্ৰণৰ অধিকাৰক সমৰ্থন কৰা মানেই প্ৰলেটাৰিয়েটৰ মাজত ভাঙোন সৃষ্টি কৰা আৰু এখন ৰাষ্ট্ৰৰ ভিৰতৰত থকা নিৰ্যাতিত জাতিবোৰৰ সংযোগকৰণ অৰ্থনৈতিকভাবে প্ৰগতিশীল আৰু মিলিটেৰী নিৰাপত্তাৰ কাৰণেও সঠিক বুলি যি ধাৰণা চলি আহিছিল তাক লেনিনে অস্বীকাৰ কৰি কৈছিল— ‘কমিউনিষ্ট পাৰ্টি সকলোধৰণৰ সংযোগকৰণৰ বিৰোধী। সমাজতান্ত্ৰিক সংগ্ৰামত বুৰ্জোৱাসকলক উচ্ছেদ কৰিবলৈ হ’লে নিৰ্যাতিত জতিৰ স্বনিয়ন্ত্ৰণৰ সংগ্ৰামৰ মাজেৰেহে শ্ৰমিক শ্ৰেণীৰ নিকট ঐক্য সম্ভৱ। সংযোগকৰণে যেতিয়া নিৰ্যাতিত জাতিৰ প্ৰলেটৈৰিয়েটৰ সৈতে শাসক জাতিৰ প্ৰলেটাৰীয়েটৰ মাজত ফাক সৃষ্টি কৰে, তেতিয়া সংযোগকৰণৰ প্ৰতিবাদ আৰু জাতিয় মুক্তি সংগ্ৰাম ভিন্ন জাতিৰ প্ৰলেটাৰীয়েটক ঐক্যবদ্ধ কৰাৰ প্ৰাথমিক চৰ্ত হ’ব পাৰে। আমাৰ দৃষ্টিভংগী অনুসৰি সংযোগকৰণে জাতীয় অধিকাৰ খৰ্ব কৰে আৰু এককথাত ই জাতীয় অৱদমন।‘
ছোভিয়েটৰ সৈতে ভাৰতৰ মধুৰ সম্পৰ্ক থকাৰ পিছতো জাতি সমস্যা সমাধানৰ বাবে আত্মনিয়ন্ত্ৰণৰ অধিকাৰ ভিত্তিত প্ৰকৃত ফেডাৰেল চৰকাৰ এখন গঠনৰ ক্ষেত্ৰত কোনো ভূমিকাই নল’লে স্বাধীন ভাৰত চৰকাৰে। ৰাষ্ট্ৰৰ আধিপত্যবাদী আৰু সাম্ৰাজ্যবাদীৰ পদলেহনকাৰী উপনিবেশিক চৰিত্ৰৰ বাবে এয়া স্বাভাবিকেই আছিল। সাম্ৰাজ্যবাদীৰ নব্য উপনিবেশিক শোষণৰ শৃংখলডাল জোৰকৈ ধৰি ৰাখিবৰ বাবে কেন্দ্ৰীভূত ৰাষ্ট্ৰই তেনে চৰিত্ৰৰে আগ্ৰাসন কৰি গৈছে প্ৰান্তীয় জাতি-জাতিসত্তাবোৰক। এই শিকলি ছিঙাৰ সংগ্ৰামেই জাতীয় মুক্তি সংগ্ৰামৰ ৰূপেৰে দীৰ্ঘদিন ধৰি অশান্ত কৰি ৰাখিছে এই অঞ্চল।

আমি জানো যে আমেৰিকান আধিপত্যবাদ আৰু আমেৰিকান জাতীয়তাবাদে দখলদাৰীৰ ৰূপ লৈ লেটিন আমেৰিকাৰ দেশবোৰৰ অধিকাৰক পদাঘাত কৰিছিল। আমেৰিকান জাতীয়তাবাদ মানেই আছিল ইয়াংকি ভাষিক-সাংস্কৃতিক আধিপত্যবাদৰ লগতে অৰ্থনৈতিক আধিপত্যবাদ। মেক্সিকান আৰু স্পেনিচভাষী লেটিন আমেৰিকান সকলৰ প্ৰতি আছিল ইয়াংকি আমেৰিকাৰ তীব্ৰ ঘৃণা৷ সেই ঘৃণা আজিকোপতি বিৰাজ কৰিছে আৰু এই ঘৃণাৰ বিৰূদ্ধে চলি আহিছে লেটিন আমেৰিকাবাসীৰ বৰ্ণবাদ বিৰোধী–উপনিবেশ বিৰোধী সংগ্ৰাম। কিউবানসকলৰ সংগ্ৰামো আছিল আমেৰিকান আধিপত্যবাদৰ বিৰুদ্ধে প্ৰতিৰোধ আৰু মুক্তি সংগ্ৰাম। আমেৰিকাৰ পুতলা চৰকাৰ বেতিষ্টাৰ অপশাসনৰ বিৰূদ্ধে জনতাক মুক্তি দিবলৈ ফিডেল কাষ্ট্ৰোৱে কৰা সংগ্ৰাম নিশ্চিতভাবেই এক জাতীয় মুক্তি সংগ্ৰামেই আছিল। কাষ্ট্ৰোৱে ঘোষণা কৰা লক্ষ্যই আছিল, পিতৃভূমি অথবা মৃত্যু (Homeland or death)৷ সেই জাতীয় সংগ্ৰামৰ উদ্দেশ্য কেৱল বেতিষ্টাৰ অপশাসনৰ পৰা মুক্তি পোৱাই নাছিল, আছিল আমেৰিকান সাম্ৰাজ্যবাদৰ পৰা মুক্তি।

কিউবাৰ সৈতে অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ জাতীয় মুক্তি সংগ্ৰামৰ কিছু পাৰ্থক্য আছে। অসম আৰু উত্তৰ-পূৰ্বাঞ্চল যিদৰে ভাৰতৰ ৰাজনৈতিক ভূখণ্ডৰ অংগ হৈ পৰিছিল, ঠিক তেনেকৈ কিউবা আমেৰিকাৰ প্ৰত্যক্ষ ৰাজনৈতিক অংগ নাছিল। কিন্তু বেতিষ্টা হৈ পৰিছিল আমেৰিকান সাম্ৰাজ্যবাদীৰ মদতপুষ্ট স্বেচ্ছাচাৰী শাসকলৈ। অসম আৰু উত্তৰ পূৰ্বাঞ্চল জাতীয় সংগ্ৰাম প্ৰত্যক্ষভাবে ভাৰতৰ ৰাজনৈতিক অংগৰ পৰা বিচ্ছিন্ন হৈ স্বাধীন গৃহভূমি গঠনৰ সংগ্ৰাম। যি ভূখণ্ড অবৈধভাবে বৃটিছে ভাৰতীয় ৰাজনৈতিক মানচিত্ৰৰ অংগ কৰি পেলাইছিল। আনহাতে কিউবাৰ সংগ্ৰাম আছিল বেতিষ্টাৰ জৰিয়তে কিউবান ৰাজনীতি-অৰ্থনীতিক নিয়ন্ত্ৰণ কৰা আমেৰিকান সাম্ৰাজ্যবাদৰ পৰা কিউবান ভূমিৰ মুক্তি। দুয়োটাতে প্ৰত্যক্ষ আৰু পৰোক্ষভাবে ভূমিৰ মুক্তিৰ প্ৰশ্ন জড়িত। বেতিষ্টাৰ হাতৰ পৰা ভূমিৰ মুক্তিৰ লগে লগেই গণমুক্তিৰ কাৰণে সমাজতান্ত্ৰিক বিপ্লৱৰ বাবে অগ্ৰসৰ হৈছিল ফিডেল কাষ্ট্ৰোৰ বিপ্লৱী বাহিনী।

কাষ্ট্ৰোৱে নিজেই কৈছিল, I can assure that my first and foremost interest is my country . কাষ্ট্ৰোৰ সংগ্ৰামৰ মিত্ৰ হৈ পৰিছিল জাতীয় কৃষক-শ্ৰমিক, আমেৰিকান বনিকৰ দ্বাৰা ভাৰাক্ৰান্ত জাতীয় ব্যৱসায়ী, কিউবান মধ্যবিত্ত শ্ৰেণী আৰু শত্ৰু আছিল আমেৰিকান পুঁজিপতি, আমেৰিকাৰ দ্বাৰা প্ৰভাৱিত বেটিষ্টাপন্থী কিউবান বুৰ্জোৱা, কিউবাত উঠি ৰজা বহি ৰজা হোৱা আমেৰিকান মালিকশ্ৰেণী আৰু আমেৰিকাৰ চৰকাৰ। এইদৰে কাষ্ট্ৰোৰ কিউবা হৈ পৰিছিল লেটিন আমেৰিকাৰ দেশবোৰৰেই নহয়, সমগ্ৰ বিশ্বৰ নিৰ্যাতিত জাতিসমূহৰ জাতীয় আত্মনিয়ন্ত্ৰণ আৰু সাৰ্বভৌমত্বৰ অধিকাৰৰ সংগ্ৰামৰ দিকদৰ্শী।

নগাসকলৰ দৰে খিলঞ্জীয়া অসমবাসীৰ বাবেও জাতীয় মুক্তিৰ বিষয়টো নতুন নহয়। ভাৰতীয় আগ্ৰাসনৰ বিৰূদ্ধে শংকিত হৈ তাহানিতেই স্বাধীনতাৰ দাবী উত্থাপন হৈছিল। তেতিয়া আছিল বৃটিছৰ বিৰূদ্ধে আন্দোলনৰত জাতীয় কংগ্ৰেছৰ যুগ। ভাৰতীয় জাতীয় কংগ্ৰেছ যিদৰে বৃটিছৰ ঔৰসত জন্ম, তেনেকৈ ভাৰতীয় আগ্ৰাসী শ্ৰেণীটোৰ জন্ম হৈছিল বৃটিছৰ ঔৰসতেই। কংগ্ৰেছৰ নেতৃত্বৰ মাজতেই এই আগ্ৰাসী শ্ৰেণীটোৱে বিকাশ লাভ কৰিছিল৷ সকলো প্ৰান্তীয় ক্ষুদ্ৰ জাতিজাতিসত্বাৰ ঐতিহাসিক অধিকাৰক গচকি ধৰি ভাষিক-সাংস্কৃতিক-ৰাজনৈতিকভাবে এক কেন্দ্ৰীভূত ব্যৱস্থাৰ মাজলৈ আনিবলৈ বলপূৰ্বক সংযোগকৰণৰ যি বৃটিছ উপনিবেশিক কৌশল, তাকেই বাহাল ৰাখিছিল এই আগ্ৰাসী শ্ৰেণীটোৱে। গ্ৰুপিঙৰ জৰিয়তে অসমক পাকিস্থানৰ অন্তৰ্ভূক্ত কৰাক লৈ এফালে যেনেকৈ অসমৰ মধ্যশ্ৰেণীৰ কংগ্ৰেছ নেতৃত্বই ভাৰতৰ লগত থাকিমেই বুলি উঠিপৰি লাগিছিল, তাৰ বিপৰীতে আন এটা অকংগ্ৰেছী ধাৰাই সমান্তৰালভাবে আগবাঢ়ি গৈছিল। সেই ধাৰাটোৱে ভাবিছিল যে ভাৰতীয় ব্যৱস্থাৰ লগত একেলগে থাকিলে অসমৰ থলগিৰি লোক নিৰাপদ নহ’ব। থলগিৰিৰ ভাষা-সংস্কৃতি-অৰ্থনীতি ভাৰতৰ সৈতে থাকিলে বিকাশ নহ’ব, বৰং এই কেন্দ্ৰীভূত ব্যৱস্থাই থলগিৰিৰ অস্তিত্বক গ্ৰাস কৰিব৷

পদ্মনাথ গোহাঞি বৰুৱাৰ উদ্যোগত আহোম সভা ১৮৯৩ চনত প্ৰতিষ্ঠা হয়। পিছলৈ কংগ্ৰেছ মতাদৰ্শী আহোম সভাৰ বহু নেতা কৰ্মীয়ে আহোম সভা ত্যাগ কৰি পদ্মেশ্বৰ গগৈৰ পৌৰোহিত্যত জাতীয়তাবাদী আহোম কনফাৰেঞ্চ গঠন কৰে।পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এই আহোম কনফাৰেঞ্চেই আছিল অসমৰ স্বাধীনতাৰ দাবী উত্থাপন কৰা অসমৰ প্ৰথম সংগঠন। ১৯৪৫ চনত শ্বিলঙত মংগোলীয় দলবোৰক ঐক্যবদ্ধ কৰি এন খাৰিন, খংখাই, পদ্মেশ্বৰ গগৈৰ নেতৃত্বত Assam tribes and Races Federation গঠন হয়। পদ্মেশ্বৰ গগৈৰ নেতৃত্বত এটা প্ৰস্তাৱ লোৱা হয়– … the past history of Assam proper being never like that of the rest of India, this convention….. urge upon Govt. that Assam be separated from the rest of India, where there are number of division like Pakistan, Hindustan etc. and let Assam’s destiny be guided by the people of Assam. সুৰেন্দ্ৰ নাথ বুঢ়াগোহাঁয়ে অসমৰ স্বাধীনতাৰ বাবে এইখন সভাতে বক্তব্য ৰাখিছিল। আনকি সুৰেন্দ্ৰনাথ বুঢ়াগোহাঁয়ে ভাৰতৰ সৈতে থকাতকৈ বিচ্ছিন্নতাৰ অধিকাৰ ভিত্তিত পাকিস্থানৰ সৈতে থকাতহে গুৰুত্ব দিছিল। ভাৰতীয় আধিপত্যবাদে কেনেকৈ অসমৰ থলগিৰি জনতাক শংকিত কৰিছিল, এয়াই তাৰ প্ৰমাণ ।

আহোম সভাত নীতিগত সংঘাত আৰম্ভ হোৱাৰ মূলতে আছিল সাৰ্বভৌম অসমৰ দাবী৷ সেয়ে ঠানুৰাম গগৈ, গিৰীন গগৈ, ৰামেশ্বৰ চেতিয়া বৰা আদি কংগ্রেছৰ ছত্রছাঁয়াত এটা ফৈদ আৰু মদন চন্দ্র বৰুৱা, ঘনকান্ত গগৈ, পদ্মেশ্বৰ গগৈৰ আদিৰ নেতৃত্বত অন্য এটা অকংগ্রেছী ফৈদ গঠন হৈছিল। পিছৰ ফৈদটোৱে শেষত Assam tribes and Races Federation গঠন কৰিছিল। নগাসকলে তেতিয়াই সংযোগকৰণৰ বিৰোধীতা কৰি স্বতন্ত্ৰ নগাভূমিৰ ঘোষণা কৰিছিল, মিজো সকলে ভাৰতৰ পৰা বিচ্ছিন্ন হৈ পৃথক মিজোভূমিৰ বাবে সংগ্ৰাম কৰিছিল। আগ্ৰাসী শ্ৰেণীটোৱে দেশ শাসনৰ অধিকাৰ পাই সামৰিক অত্যাচাৰ আনকি যুঁজাৰু বিমানেৰে বোমা বৰ্ষণ কৰি থলগিৰিৰ ধন-জন-সম্পত্তি ধ্বংস কৰি হ’লেও উপনিবেশিক দখল সাব্যস্ত কৰিবলৈ উঠি পৰি লাগিল৷ মিজোৰামৰ নিৰীহ জনতাৰ ওপৰত যুঁজাৰু বিমানেৰে ভাৰতীয় সেনা বাহিনীৰ নিষ্ঠুৰ বোমা বৰ্ষণৰ ঘটনা সংঘটিত হ’ল, সামৰিক বাহিনীৰ বিশেষ অধিকাৰৰ নামত নিৰ্যাতিত জনতাৰ ওপৰত হত্যালীলা চলোৱা হ’ল। জাতীয় মুক্তি সংগ্ৰামক ধ্বংস কৰিবলৈ, জনতাৰ পৰা সংগ্ৰামীসকলক বিচ্ছিন্ন কৰিবলৈ নানা কৌশল অৱলম্বন কৰা হ’ল৷ গেৰিলাসকলক আগুৰি পেলাই ধ্বংস কৰিবলৈ সেনা বাহিনীৰ সমস্ত শক্তি প্ৰয়োগ কৰা হ’ল।

আমি আগতেই উল্লেখ কৰিছো যে, বিগত তিনিটা দশকত কেৱল অসমতে ১৫০০০ তকৈ অধিক লোক এই সংঘাতত নিহত হৈছে , বহুজনে আজীৱন পংগুত্বক আকোঁৱালি লৈছে, নিৰ্যাতিত হৈছে সীমা সংখ্যাহীন লোক৷ আনকি নিয়মীয়া যুদ্ধ (conventional war)এখনতো ইমান সংখ্যক লোক হতাহত হোৱা খুব কমেই নজিৰ আছে। ইমানৰ পিছতো এই সংঘাতৰ বহুল পৰ্যালোচনা আন্তৰ্জাতিক মহলত কিয় হোৱা নাই সেয়া এক গুৰুত্বপূৰ্ণ প্ৰশ্ন। কিউবা কিয়, সমগ্ৰ লেটিন আমেৰিকাতেই এনে ৰক্তাক্ত সংগ্ৰামী ইতিহাসৰ নজিৰ নাই। এই সংঘাতক মাত্ৰ তুলনা কৰিব পাৰি কিউবাৰ স্বেচ্ছাচাৰী শাসক বেতিষ্টাৰ হত্যালীলা বা সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ বাবে ভিয়েটনাম যুদ্ধৰ ৰক্তাক্ত ইতিহাসৰ সৈতেহে। উত্তৰ-পূৱ ভাৰতৰ নগাসকলেই আছিল জাতীয় মুক্তি সংগ্ৰামৰ অগ্ৰগামী বাহিনী। আমি আগতেই উল্লেখ কৰিছো যে, নগা জাতীয় পৰিষদ নামলৈ জাপা ফিজোই ভাৰত স্বাধীন হোৱাৰ সময়তেই সংযোগকৰণৰ বিৰোধিতা কৰি জাতীয় মুক্তি সংগ্ৰামৰ পাতনি মেলিছিল। নেহেৰুৰ শাসন কালতেই নগাসকলৰ আদৰ্শ অনুকৰণ কৰি মিজোসকলৰ স্বাধীনতাৰ দাবীত লালডেংগাৰ নেতৃত্বত মিজোৰামত মিজো জাতীয় পৰিষদ গঠন হৈছিল। মিজোসকলে স্বাধীনতা ঘোষণা কৰাৰ সময়তেই দখলদাৰী চৰিত্ৰৰে ইন্দিৰা গান্ধী চৰকাৰে সমস্ত আন্তৰ্জাতিক আইন উলংঘা কৰি সামৰিক শক্তি প্ৰয়োগ কৰি, আনকি মিজো জনতাৰ ওপৰত যুজাঁৰু বিমানেৰে বোমা বৰ্ষণ কৰিবলৈও ইতস্তত: বোধ কৰা নাছিল । মিজোসকলে আলোচনাৰ মেজলৈ আহি সশস্ত্ৰ সংগ্ৰামৰ সামৰণি ঘোষণা কৰিছিল যদিও মিজো বিদ্ৰোহৰ এই ইতিহাসে আৰু ভাৰত ৰাষ্ট্ৰৰ দখলদাৰি চৰিত্ৰৰ বহি:প্ৰকাশে সমগ্ৰ উত্তৰ-পূৱ ভাৰতৰ জনতাক নিজৰ হৃত স্বাধীনতাৰ প্ৰতি সচেতন কৰি তুলিছিল৷ আৰম্ভ হৈছিল স্বাধীনতাৰ স্পৃহা। ভাৰত ৰাষ্ট্ৰই এই সংঘাতৰ শান্তিপূৰ্ণ মীমাংসাৰ পথক উপেক্ষা কৰি পুলিচি কায়দাৰে জনতাৰ আকাংক্ষাক দমন কৰিবলৈ আৰম্ভ কৰিলে। আনকি এই অঞ্চলৰ জনতাৰ মনত জ্বলি থকা অধিকাৰৰ জুইকুৰাৰ উমান পাই সামৰিক বাহিনীৰ বিশেষ অধিকাৰৰ নামত সামৰিক শাসন জাপি দিবলৈ আৰম্ভ কৰে। ৰাষ্ট্ৰৰ এই হঠকাৰী চৰিত্ৰৰ বাবেই ১৯৬৪ চনত মনিপুৰত গঠন হয় ৰাজকুমাৰ মেঘেনৰ নেতৃত্বত সংযুক্ত জাতীয় মুক্তি বাহিনী (UNLF) আৰু বিগত দিনত মূৰ দাঙি উঠে জাতীয় মুক্তিৰ দাবীত একাধিক সশস্ত্ৰ সংগঠনে৷ ম্যানমাৰত কাচিনসকলৰ পৃথক গৃহভূমিৰ বাবে ১৯৬১ চনৰ পৰা জাতীয় মুক্তি সংগ্ৰাম চলাই অহা কাচিন ইনডিপেণ্ডেন্ট অৰগানাইজেশ্যন আৰু ইয়াৰ সামৰিক শাখা কাচিন ইণ্ডিপেণ্ডেন্ট আৰ্মীৰ মুক্তাঞ্চল ব্যৱহাৰ কৰি শক্তিশালী ৰূপত অৱৰ্তীৰ্ণ হৈছিল এই সংগঠনবোৰ।

অসমত আশীৰ দশকতেই জাতীয় মুক্তি সংগ্ৰামৰ ঘোষণাৰে সংগঠিত হৈছিল সংযুক্ত মুক্তি বাহিনী (অসম), থোৰতে আলফাৰ। আলফাই স্বাধীন অসম প্ৰতিষ্ঠা আৰু বৈজ্ঞানিক সমাজবাদৰ উদ্দেশ্য নিজৰ সংবিধানত উল্লেখ কৰিছে৷ লক্ষ্যৰ বিষয়ে উল্লেখ কৰিছে এইদৰে- ‘আমি বিচাৰো এখন সাৰ্বভৌম স্বাধীন সমাজতান্ত্ৰিক অসম, য’ত সকলো জাতি-জনগোষ্ঠীৰে থাকিব সম অধিকাৰ আৰু সমমৰ্যাদাৰ নিশ্চয়তা।’ যাক তেওঁলোকে উল্লেখ কৰি আহিছে সন্মিলিত জাতীয় মুক্তি সংগ্ৰাম হিচাপে। সংগ্ৰামৰ ৰণনীতি হিচাপে কৈছে যে, প্ৰথমে ভূমিৰ মুক্তি (Land Liberation)আৰু জাতিৰ মুক্তি (National liberation) দ্বিতীয়তে, গণমুক্তি (Peoples liberation)৷ অৰ্থাৎ ভূমিৰ মুক্তিৰ পিছতো গণমুক্তিৰ বাবে সংগ্ৰাম অব্যাহত থাকিব। আলফাই ভাৰত ৰাষ্ট্ৰক উপনিবেশিক শক্তি বুলি আখ্যায়িত কৰিছে আৰু এই উপনিবেশিক শক্তিৰ পৰা থলগিৰি অসমবাসীৰ মুক্তিৰ মাজেৰে বিশ্ব সাম্ৰাজ্যবাদৰ বিৰূদ্ধে সংগ্ৰামৰ উল্লেখ কৰিছে৷

এইখিনিতে উল্লেখ কৰিব পাৰি যে, ফিডেল কাষ্ট্ৰই উল্লেখ কৰা (Homeland or death) শ্লোগানৰ সৈতে আলফাকে ধৰি উত্তৰ-পূৱ ভাৰতৰ বিদ্ৰোহী দলবোৰৰ ৰণনীতিৰ সাদৃশ্য মনকৰিবলগীয়া। উল্লেখযোগ্য যে, কিউবাৰ বিপ্লৱকালীন সময়ত কাষ্টোৱে নিজকে সমাজবাদী বুলি কোৱা নাছিল, বৰং স্বাধীনতা সংগ্ৰামী বুলিহে ক’ব বিচাৰিছিল। আনকি ক’তো তেওঁ সমাজবাদ বা সাম্যবাদ আদি শব্দও প্ৰয়োগ কৰা নাছিল বা তদানীন্তন কিউবাৰ কমিউনিষ্ট দল পপুলাৰ চছিয়েলিষ্ট পাৰ্টি (Partido Socialista Popular) সৈতে কোনো মিত্ৰতা কৰা নাছিল। সেয়াই আছিল জাতীয় মুক্তি সংগ্ৰামৰ কৌশল। ইয়াৰ ফলত লাভ হৈছিল দুটা। প্ৰথম, কিউবান জাতীয়তাবাদৰ প্ৰভাৱৰ ফলত কমিউনিষ্ট পাৰ্টিৰ সৈতে সম্পৰ্ক নথকা বিপুল সংখ্যক জনতা কাষ্ট্ৰোৰ সংগ্ৰামৰ প্ৰতি সমৰ্থন আগবঢ়াইছিল, দ্বিতীয়তো আছিল — বেতিষ্টালৈ সমাজতন্ত্ৰৰ শত্ৰু আমেৰিকাৰ সামৰিক প্ৰত্যক্ষ সামৰিক সহযোগিতাৰ আশংকা হ্ৰাস কৰা। ফিডেল কাষ্ট্ৰোৰ সহযোদ্ধা চে গুৱেভাৰাই সেয়ে কৈছিল, – ”If you consider that the things that we are doing in the people’s interest represent manifestations of communism, then call us communists. If you are asking whether I am a member of the Partido Socialista Popular, the answer is no.” উল্লেখ্য যে যুদ্ধৰত সময়ত বেতিষ্টাৰ অপশাসনৰ বিৰূদ্ধে ফিডেল কাষ্ট্ৰোৱে দিয়া দেশজুৰি সাধাৰণ ধৰ্মঘটৰ আহ্বানৰ বিৰোধিতা কৰিছিল কিউবাৰ কমিউনিষ্ট দল পপুলাৰ চছিয়েলিষ্ট পাৰ্টিয়ে। বেতিষ্টাৰ পৰা ক্ষমতা কাঢ়ি লোৱাৰ পিছতহে ফিডেল কাষ্ট্ৰোৱে কিউবাত আৰম্ভ কৰিছিল সমাজতান্ত্ৰিক বিপ্লৱৰ আধাৰত অৰ্থনৈতিক পুনৰগঠন।

ফিডেল কাষ্ট্ৰো মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰতি আকৃষ্ট হোৱাৰ বিষয়ে ইতিহাসে আন এক সুত্ৰও দাঙি ধৰে৷ এই সুত্ৰ অনুসৰি ফিডেল কাষ্ট্ৰো মাৰ্ক্সীয় ভাৱধাৰাৰ প্ৰতি উদ্বুদ্ধ হৈছিল মেক্সিকোত আত্মগোপনৰ কালছোৱাত চে গুৱেভাৰাৰ সান্নিধ্য লাভ কৰাৰ পিছতহে। ফিডেল কাষ্ট্ৰোৰ গেৰিলা সতীৰ্থ ৰুবেন গঞ্জালো (Ruben Gonzalo)-ৰ নাতিয়েক ফেলিবাৰ্টো গঞ্জালোৱে (Feliberto Gonzalo) Cuba’s Ugly Truth নামৰ প্ৰৱন্ধত উল্লেখ কৰিছে এইবুলি-…. The overall agreement was that everyone will be equal and nobody will have power over anyone, the communist ideology. Ruben feels that the idea of Castro becoming a dictator came from the influence of Ernesto “El Che” Guevara, since he had that Marxist mentality and background.। উল্লেখ্য যে এইজন ৰুবেন গঞ্জালো (Ruben Gonzalo)ৱে ফিডেল কাষ্ট্ৰোক ক্ষমতাৰ পৰা উচ্ছেদ কেৰিবলৈ চি আই এৰ পুতলাহৈ পৰিছিলগৈ। কাষ্ট্ৰোৰ আন এজন সতীৰ্থ জোচ মিৰো কাৰডোনা (José Miró Cardona) আছিল কাষ্ট্ৰো বিৰোধী দেশান্তৰিত বাহিনীৰ সৰ্বাধিনায়ক।সকলো বিপ্লৱৰ ইতিহাসতেই কিজানি এনে প্ৰতিবিপ্লৱী উপাদান ৰৈ যায়। অন্য তথ্যসুত্ৰৰ সৈতে ৰিজাই নোচোৱাকৈ আমেৰিকান ভাবধাৰাত লিখিত তথ্যসুত্ৰবোৰ সম্পূৰ্ণ সঁচা বুলি দাবী কৰিব নোৱাৰি যদিও পাৰিপাৰ্শিক কেতবোৰ সাক্ষ্যৰ ওপৰত ভিত্তি কৰিব নিশ্চয় পাৰি।

মতাদৰ্শগত ভুল বা অষ্পষ্টতা অসম আৰু উত্তৰ পূৱৰ বিদ্ৰোহী সংগঠনবোৰৰ এক অবিতৰ্কিত সত্য বুলি সততে আলোচনা হোৱা দেখা যায়৷ অৱশ্যে এইক্ষেত্ৰত প্ৰকৃত ক্ষেত্ৰ অধ্যয়ন নথকা কাৰণে সঠিক পৰ্যালোচনা হোৱা দেখা নাযায়। পূৰ্বতে আলফাৰ ৰাজনৈতিক দৰ্শv সম্পৰ্কে ষ্পষ্টভাবে সাংগঠনিক কোনো সিদ্ধান্ত নাছিল যদিও আলফাৰ মতাদৰ্শ যে মাৰ্ক্সীয় দৰ্শনৰ দ্বাৰা প্ৰভাৱিত আৰু বৈজ্ঞানিক সমাজবাদ প্ৰতিষ্ঠাৰ আধাৰত প্ৰতিষ্ঠিত, সেই কথা উনুকিয়াইছিল আলফাৰ তদানীন্তন প্ৰচাৰ সম্পাদক উদ্দীপ্ত হাজৰিকাৰ দ্বাৰা প্ৰচাৰিত এক প্ৰচাৰ পত্ৰিকাত৷ ১৯৯৫ চনত ভূটানত অনুষ্ঠিত সাধাৰণ পৰিষদৰ সভাত গৃহীত প্ৰস্তাৱ অনুযায়ী মাৰ্ক্সীয় দৰ্শন তেওঁলোকৰ ৰাজনৈতিক দৰ্শন হিচাপে সংবিধানত উল্লেখ কৰা দেখা যায়৷ অৱশ্যে বিশ্বৰ ভিন্ন ৰাষ্ট্ৰৰ সমৰ্থন আদায়ৰ স্বাৰ্থত বা পোনপটীয়াকৈ পুঁজিবাদী দেশবোৰৰ সৈতে মতাদৰ্শগত সংঘাতৰ পৰা আঁতৰি থাকিবলৈ কৌশলগত কাৰণত আলফাই সমাজতান্ত্ৰিক আদৰ্শৰ কথা প্ৰত্যক্ষভাবে প্ৰচাৰৰ পৰা বিৰত থকা দেখা যায়৷ বিদ্ৰোহী দলবোৰৰ ভিতৰত মতাদৰ্শগত বিষয়ত আলোচনাচক্ৰ বা ৰাজনৈতিক প্ৰশিক্ষণৰ ব্যৱস্থা আছে যদিও ৰাজনৈতিক মতাদৰ্শগত দিশত প্ৰকৃত কৰ্মীবাহিনীৰ অভাৱ বা সদিচ্ছাৰ অভাৱ পৰিলক্ষিত হয়। যাৰ বাবে সুবিধা পালেই সংগ্ৰামৰ অভ্যন্তৰত কোনো কোনো ক্ষেত্ৰত সামন্তবাদী চিন্তাৰ উপাদান ৰৈ যোৱা পৰিলক্ষিত হয়৷ অৱশ্যে নিতান্তই স্বাভাৱিকভাবে সংগ্ৰামৰ ভিতৰতো মতাদৰ্শগত যুঁজখন ভিন্ন ৰূপত চলি থাকে। শ্ৰেণীচৰিত্ৰই কাৰোবাক শত্ৰুৰ শাৰীত থিয় কৰায়। অৱশ্যে ব্যৱহাৰিকভাবে বিদ্ৰোহীসকলৰ শিবিৰ ব্যৱস্থাত নেতা-সদস্য সকলোৰে বাবে সমমানৰ খাদ্য-বস্ত্ৰ-বাসস্থান, সমান শ্ৰম, ভুলৰ বাবে সকলোৰে সমান শাস্তি আদিৰ মাজেৰে এক বিপ্লৱী সংস্কৃতি চলাই নিবলৈ সাংগঠনিকভাবে চেষ্টা কৰা লক্ষ্য কৰিব পাৰি৷ তাৰমাজতে দুই এক বিক্ষিপ্ত বিপ্লৱী সংস্কৃতিহীন চৰিত্ৰ অৱশ্যেই ৰৈ যোৱা দেখা যায় একাংশৰ মাজত। মতাদৰ্শগত সংগ্ৰামৰ দুৰ্বল দিশবোৰৰ উপস্থিতি মানি লৈও এটা কথা স্বীকাৰ কৰিবই লাগিব যে আলফাকে ধৰি উত্তৰ পূৱৰ বিদ্ৰোহী সংগঠনবোৰে নিজৰ সমাজতান্ত্ৰিক আদৰ্শ ঘোষণা উত্তৰ পূৱৰ জাতীয় সংগ্ৰামৰ ইতিহাসত এক অন্য মাত্ৰা প্ৰদান কৰিছে আৰু ভৱিষ্যতলৈ ই এক চৰম ৰাজনৈতিক ধাৰা হিচাপে বৰ্তি থাকিব বুলি ক’ব পাৰি।

জাতীয় মুক্তি সংগ্ৰামৰ বাবে মতাদৰ্শ কি হ’ব, তাক লৈ নগা জাতীয় মুক্তি সংগ্ৰামত যথেষ্ট বিতৰ্ক হৈছিল। এচামে প্ৰত্যক্ষভাবে সমাজতান্ত্ৰিক আদৰ্শৰ কথা কৈছিল যদিও আন এচামৰ বাবে যিহেতু গীৰ্জাই নগা ঐক্যৰ বাবে কাম কৰিছিল, গতিকে পোনতে নগা ঐক্য প্ৰতিষ্ঠাৰ সংগ্ৰামৰ স্বাৰ্থত গীৰ্জাৰ বিৰোধিতা কৰাৰ পৰা বিৰত থাকিবলৈ সিদ্ধান্ত লয়। সেইসময়ত জাতীয় মুক্তি সংগ্ৰামৰ বাবে নগা ঐক্য প্ৰতিষ্ঠাই আছিল নিতান্তই প্ৰাথমিক আৰু গুৰুত্বপূৰ্ণ বিষয়। আনহাতে আলফাৰ জন্মৰ সমসাময়িক মণিপুৰৰ পিপুলচ ৰিভলুশ্যনাৰী পাৰ্টি অৱ কংলেইপাক আৰু পিপুলচ লিবাৰেচন আৰ্মীয়ে পোনপটীয়াকৈ নিজৰ সমাজতান্ত্ৰিক আদৰ্শ ঘোষণা কৰে। পিছলৈ কেইবাটাও বিদ্ৰোহী সংগঠনে সংযুক্ত মুক্তি বাহিনী আৰু পি এল এৰ আদৰ্শৰে প্ৰভাৱিত হৈ তেওঁলোকৰ সমাজতান্ত্ৰিক মতাদৰ্শ ঘোষণা কৰে। বিগত দিনত আলফাৰ অদূৰদৰ্শিতা, মতাদৰ্শগত সংগ্ৰামৰ দুৰ্বলতা আৰু হঠকাৰী কাম-কাজ আদিৰ বাবে অলফাৰ সংগ্ৰামক হঠকাৰী সন্ত্ৰাসবাদী বা বিদেশী ৰাষ্ট্ৰৰ এজেন্ট আদি আখ্যা দিয়া দেখা গ’লেও আলফাৰ এই ৰাজনৈতিক ধাৰা নিঃসন্দেহে অসমৰ ৰাজনৈতিক ইতিহাসৰ এক অগতানুগতিক ধাৰা হিচাপে দীৰ্ঘ পৰিক্ৰমা পাৰ কৰি আহিছে৷

কিউবান নেতা ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত হোৱা বিপ্লৱৰ সময়চোৱাতে সমগ্ৰ লেটিন আমেৰিকা আৰু আফ্ৰিকান দেশসমূহত নব্য উপনিবেশিক শক্তিবোৰৰ বিৰূদ্ধে মুক্তিৰ দাবীত জাতীয় মুক্তি সংগ্ৰাম সংঘটিত হৈছিল। আলজেৰিয়া, মোজাম্বিক, নামিবিয়া, কংগো, এংগোলা, এলচালভাদোৰ আদিত জাতীয় মুক্তি সংগ্ৰামৰ উকমুকনি উঠিছিল। ফিডেল কাষ্ট্ৰোৱে প্ৰত্যক্ষভাবে সহায় সমৰ্থন কৰিছিল এই মুক্তি সংগ্ৰামবোৰক। সেয়া লেটিন আমেৰিকা আৰু আফ্ৰিকান দেশসমূহৰ জাতীয় মুক্তি সংগ্ৰামৰ যুগ বুলিব পাৰি। তেনেদৰে দক্ষিন-পূৱ এচিয়াৰ ভাৰতীয় উপমহাদেশৰ উত্তৰ-পূৰ্বাঞ্চলতো আশী আৰু নবৈৰ দশক জাতীয় মুক্তি সংগ্ৰামৰ যুগ বুলিব পাৰি। কাৰণ সেই সময়ছোৱাতেই নেশ্যনেল চছিয়েলিষ্ট কাউঞ্চিল অৱ নাগালেণ্ড, প্ৰিপাক, আলফা ,এন এল এফ টি, এটিটিএফ আদি কেইবাটাও সশস্ত্ৰ সংগঠনে গৃহভূমিৰ দাবীত ভাৰত ৰাষ্ট্ৰৰ বিৰূদ্ধে সক্ৰিয় সশস্ত্ৰ সংগ্ৰামৰ ঘোষণা কৰে। সেইসময়ৰ কংগ্ৰেছ চৰকাৰৰ অপশাসন, ইন্দিৰা গান্ধীৰ জৰুৰী অৱস্থা ঘোষণাৰে ৰাষ্ট্ৰৰ হঠকাৰী চৰিত্ৰ প্ৰকট কৰি তোলাৰ কাৰণত সৃষ্ট ৰাজনৈতিক পৰিস্থিতিগত কাৰণত জাতীয় মুক্তি সংগ্ৰামৰ বাবে ততকালীন কাৰণ আছিল বুলি অভিহিত কৰিব পাৰি।

সংগ্ৰামৰ বাবে উৰ্বৰ সময় ফিডেল কাষ্ট্ৰোই সঠিকভাবে ব্যৱহাৰ কৰি সফল হ’ব পাৰিছিল। যদিও বেতিষ্টা চৰকাৰ আমেৰিকাৰ পুতলা চৰকাৰ আছিল, তথাপি কাষ্ট্ৰোৱে আমেৰিকাৰ বিৰূদ্ধে প্ৰত্যক্ষ যুদ্ধত অৱৰ্তীৰ্ণ হ’বলগীয়া হোৱা নাছিল। তদানীন্তন আমেৰিকাৰ ৰাষ্ট্ৰপতি জন কেনেডীয়ে কৌশলেৰে নিজেই স্বীকাৰ কৰিছিল যে বেতিষ্টা চৰকাৰৰ পতন বেতিষ্টাই নিজেই মাতি আনিছিল তেওঁৰ অপশাসন, ভ্ৰষ্টাচাৰ আৰু ফেচিষ্ট চৰিত্ৰৰ জৰিয়তে। বেতিষ্টাৰ অপশাসনৰ দায়িত্ব আমেৰিকাই গাত পাতি ল’ব নিবিচাৰিলেও উপনিবেশৰ মোহ ত্যাগ কৰিব পৰা নাছিল৷ বেতিষ্টাৰ শাসনে কিউবাত কমিউনিষ্ট আৰু আমেৰিকাৰন বিৰোধী মৰ্চা তৈয়াৰ কৰাত সুবিধা কৰি দিছিল যিটো আমেৰিকাৰই নিজেও বিচৰা নাছিল। কেনেডীয়ে কৈছিল, I believe that there is no country in the world including any and all the countries under colonial domination, where economic colonization, humiliation and exploitation were worse than in Cuba, in part owing to my country’s policies during the Batista regime. I approved the proclamation which Fidel Castro made in the Sierra Maestra, when he justifiably called for justice and especially yearned to rid Cuba of corruption. I will even go further: to some extent it is as though Batista was the incarnation of a number of sins on the part of the United States. Now we shall have to pay for those sins. In the matter of the Batista regime, I am in agreement with the first Cuban revolutionaries. That is perfectly clear. আমেৰিকাৰই বিচাৰিছিল শান্তিপূৰ্ণভাবে নিজৰ উপনিবেশ বৰ্তাই ৰখাৰ৷ কেনেডিয়ে নিজৰ ভাষণতেই কৈছিল, “US companies owned about 40 per cent of the Cuban sugar lands, almost all the cattle ranches, 90 per cent of the mines and mineral concession, 80 per cent of the utilities, and practically all the oil industry.” অৰ্থাৎ কিউবা প্ৰত্যক্ষভাবে আমেৰিকাৰ উপনিবেশলৈ পৰ্যবসিত হোৱা কিউবাৰ পৰা পৰা টালি-টোপোলা বান্ধিব লগা হৈছিল আমেৰিকাই। আমেৰিকাৰ ৰাষ্ট্ৰপতি কেনেডিয়ে নিজেই স্বীকাৰ কৰিছিল—‘… and perhaps most disastrous of our failures, was the decision to give stature and support to one of the most bloody and repressive dictatorships in the long history of Latin American repression. Fulgencio Batista murdered 20,000 Cubans in 7 years – a greater proportion of the Cuban population than the proportion of Americans who died in both World Wars, and he turned democratic Cuba into a complete police state – destroying every individual liberty….. (http://www.presidency.ucsb.edu/ws/?pid=25660).’ আমেৰিকাই ভাবিছিল যে ফিডেল কাষ্ট্ৰোৰ সংগ্ৰাম মূলতঃ বেতিষ্টাৰ অপশাসনৰ বিৰুদ্ধে, যাৰ সৈতে আমেৰিকাৰ কোনো সংঘাত নাই। আমেৰিকাই বিচাৰিছিল কাষ্ট্ৰোৱে ক্ষমতা দখলৰ পিছত পূৰ্বৰ বেতিষ্টা চৰকাৰৰ দৰে আমেৰিকাৰ শ্ৰুতলিপিত কাম কৰি যাব আৰু আমেৰিকাৰ উপনিবেশক ৰক্ষণা-বেক্ষণ দিব। যাৰ বাবে আমেৰিকাই বেতিষ্টালৈ সামৰিক সাহায্য বন্ধ কৰিছিল যদিও আমেৰিকান সৈন্যই বেতিষ্টাৰ সেনাবাহিনীক প্ৰশিক্ষণ আদি চলাই গৈছিল৷ কেনেডিৰ ভাষাতেই, ‘Even when our Government had finally stopped sending arms, our military missions stayed to train Batista’s soldiers for the fight against the revolution – refusing to leave until Castro’s forces were actually in the streets of Havana.’ কিন্তু আমেৰিকাৰ সেই ধাৰণা ভুল বুলি প্ৰমাণিত হৈছিল। কাষ্ট্ৰোৱে ক্ষমতা পায়েই লাগি পৰিছিল কিউবাৰ ভূমিৰ পৰা আমেৰিকাৰ দখলদাৰিত্ব উচ্ছেদ কৰি সমাজতান্ত্ৰিক ব্যৱস্থা প্ৰণয়নত।

জাতীয় মুক্তিৰ কোনো চমু বাট নাই। বৈপ্লৱিক পৰিস্থিতি, সঠিক ৰণনীতি-ৰণকৌশল, জনগণৰ প্ৰত্যক্ষ অথবা পৰোক্ষ অংশগ্ৰহণ আৰু বিশ্ব পৰিস্থিতি আদিয়ে জাতীয় মুক্তি সংগ্ৰামৰ সফলতা-বিফলতা নিৰ্ণয় কৰে৷ ফিডেল কাষ্ট্ৰোৰ কিউবাৰ বাবে এই সমস্ত উপাদান বিপ্লৱৰ বাবে ইতিবাচক হৈ পৰিছিল। কিন্তু সকলো জাতীয় মুক্তি সংগ্ৰামৰ বাবেই প্ৰয়োজনীয় উপাদানবোৰৰ প্ৰতিক্ৰিয়া সদায়েই সুখকৰ আৰু ইতিবাচক হবই বুলি কোনো কথা নাই। দীৰ্ঘস্থায়ী সংঘাতত লিপ্ত উত্তৰ পূৰ্বাঞ্চলৰ জাতীয় মুক্তিৰ বাবে সংগ্ৰামৰত বিদ্ৰোহী দল-সংগঠনবোৰক সচৰাচৰ দোষাৰোপ কৰা হয় মতাদৰ্শগত অষ্পষ্টতা, নেতৃত্বৰ দুৰ্বলতা, সংগ্ৰামৰ ভুল ৰণনীতি- ৰণকৌশল, অস্ত্ৰৰ ভুল আৰু হঠকাৰী প্ৰয়োগ, আত্মসমৰ্পণ, সুবিধাবাদ আৰু জনগনৰ পৰা বিচ্ছিন্নতাৰ বাবে। কিন্তু এইধৰণৰ বহুল প্ৰচাৰিত ত্ৰুটিবোৰৰ কাৰণ, জাতীয় মুক্তি বিপ্লৱৰ বাবে প্ৰয়োজনীয় উপাদানবোৰৰ মাজত থকা সংঘাত, বিশ্ব পৰিস্থিতি, সংগ্ৰামৰ ৰণকৌশল আৰু ৰাষ্ট্ৰৰ চৰিত্ৰ আদিৰ পৰ্যালোচনা এতিয়ালৈ জনপ্ৰিয় বিষয় হৈ উঠা নাই। যাৰ বাবে নিতান্তই ৰাজনৈতিক মতপাৰ্থক্যৰ ঔৰসত জন্ম ভাৱধাৰা আৰু ৰাষ্ট্ৰৰ প্ৰপাগাণ্ডা কেতিয়াবা একেটা সুঁতিৰে পাৰ হৈ যায়। এইখিনিতেই প্ৰশ্নৰ উদ্ৰেক হ’ব পাৰে, কিউবাৰ দৰে বিশ্বৰ সফল জাতীয় মুক্তি সংগ্ৰামবোৰ এনে অভিযোগবোৰৰ পৰা মুক্ত আছিলনে সঁচাকৈ ।

চে গুৱেভাৰাই কৈ গৈছিল –Revolution is not a bed of roses. বিপ্লৱ এক যুদ্ধ। শোষক আৰু শোষিতৰ মাজত৷ জাতীয় মুক্তি সংগ্ৰাম হৈছে নিৰ্যাতিত জাতিৰ সৈতে আগ্ৰাসী জাতিৰ সংঘাত। সৰ্বহাৰা শ্ৰেণীৰ ঐক্য স্থাপনৰ প্ৰাথমিক চৰ্ত হ’ল, আগ্ৰাসী দেশৰ সৰ্বহাৰাই নিৰ্যাতিত দেশত জাতীয় মুক্তি সংগ্ৰামক সমৰ্থন কৰা৷ সৰ্বহাৰাৰ ঐক্যৰ বলটো নিৰ্যাতিত দেশৰ সৰ্বহাৰাৰ কোৰ্টত নাথাকে৷ আগ্ৰাসী জাতিৰ আধিপত্যবাদৰ গুণানুকীৰ্তন কৰি জাতীয় মুক্তি সংগ্ৰামত কোনেও শান্তিত থাকিবও নোৱাৰে গণতন্ত্ৰৰ দাবীও কৰিব নোৱাৰে। আমি আগতেই কৈছোঁ যে ফিডেল কাষ্ট্ৰো শত্ৰু হিচাপে চিহ্নিত কৰিছিল আমেৰিকান পুঁজিপতি আৰু আমেৰিকাৰ দ্বাৰা প্ৰভাৱিত বেতিষ্টাপন্থী কিউবান বুৰ্জোৱাসকলক। কিউবান বিপ্লৱ বেতিষ্টাক শাসনৰ পৰা ওফৰোৱাতে শেষ হোৱা নাছিল, বৰং প্ৰকৃত বিপ্লৱ সংঘটিত হৈছিল ক্ষমতা দখলৰ পিছত আমেৰিকান বণিক শ্ৰেণী আৰু বেটিষ্টা পন্থীসকলক উচ্ছেদ কৰাৰ মাজেৰে সমাজতান্ত্ৰিক অৰ্থনৈতিক সংগ্ৰামৰ মাজেৰেহে।ফিডেল কাষ্ট্ৰোৰ সমাজতান্ত্ৰিক কাৰ্যসুচী বিতৰ্কৰ উৰ্দ্ধত নহয় যদিও সাধাৰণতে প্ৰশ্নৰ উদ্ৰেক হয়, আগ্ৰাসী ৰাষ্ট্ৰৰ দখলদাৰিত্বক উফৰাবলৈ যাওঁতে যিদৰে বলপ্ৰয়োগ জৰুৰী, পূৰ্বৰ উপনিবেশিক ব্যৱস্থাক ভাঙি-ছিঙি সমাজতান্ত্ৰিক বিকাশৰ বাবে সমাজক প্ৰস্তুত কৰিবলৈ যাওঁতে বলপ্ৰয়োগ নোহোৱাকৈ জানো সম্ভৱ? কিউবান বিপ্লৱৰ সময়ত ফিডেল কাষ্ট্ৰোৰ ওপৰত উঠিছিল কেতবোৰ গুৰুতৰ অভিযোগ। এইবোৰৰ ভিতৰত- এই সংগ্ৰামত বিভিন্ন শ্ৰেণীৰ কেবাহেজাৰ কিউবান-আমেৰিকান কিউবাৰ পৰা পলায়ন কৰিব লগা হৈছিল, বিনা বিচাৰে মৃত্যুদণ্ড দিয়া হৈছিল কেইবাশ লোকক৷ বহু কিউবান-আমেৰিকান শিল্পী-সাহিত্যিক, ব্লগাৰক হত্যা কৰা হৈছিল। কিউবাত গণতন্ত্ৰক হত্যা কৰাৰ অভিযোগ অনা হৈছিল আৰু ফিডেল কাষ্ট্ৰোৰ ওপৰত একনায়কত্বৰ অভিযোগ আনি তেওঁৰেই কেবাগৰাকী সহযোদ্ধা আঁতৰি গৈছিল৷ লগে লগে আমেৰিকাৰ চোৰাংচোৱা সংস্থা চি আই এ সোমাই পৰিছিল দেশান্তৰিত আমেৰিকান পন্থী কিউবানসকলৰ মাজত৷ চি আই এ প্ৰশিক্ষণ দি এক সমান্তৰাল বিপ্লৱ সংঘটিত কৰিছিল ফিডেল কাষ্ট্ৰোক উফৰাবলৈ। বিপ্লৱ সংঘটিত হোৱা অঞ্চললৈ বিপ্লৱ ধ্বংস কৰিবলৈ এইদৰে প্ৰতিবিপ্লৱ ৰপ্তানী সাম্ৰাজ্যবাদী শক্তিৰ প্ৰাচীন কৌশল। জনগণৰ শ্ৰেণীগত স্থিতিয়েই নিৰ্দ্ধাৰণ কৰে কোনে বিপ্লৱৰ পক্ষত থাকিব, কোনে প্ৰতিবিপ্লৱৰ। বিপ্লৱী হঠকাৰীতাৰ বাবে দায়ী বিপ্লৱ নহয়, বৰং শোষক শ্ৰেণীৰ চৰিত্ৰহে ।
কিউবাৰ সৈতে অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ সামাজিক–ৰাজনৈতিক আৰু ৰণকৌশলগত প্ৰেক্ষাপট হুবহু একে নহয় যদিও প্ৰতিবিপ্লৱ আমদানি-ৰপ্তানীৰ ক্ষেত্ৰত কোনো গুণেই কম নহয়। জনগণৰ আত্মনিয়ন্ত্ৰণৰ সংগ্ৰামক বিপথে পৰিচালিত কৰিবলৈ বা জাতীয় মুক্তি সংগ্ৰামৰত বিদ্ৰোহী শক্তিবোৰক ধ্বংস কৰিবলৈ ভাৰত ৰাষ্ট্ৰৰ দ্বাৰা কেতবোৰ ভেৰোণীয়া সশস্ত্ৰ সংগঠন সৃষ্টি কৰা, অস্ত্ৰ-শস্ত্ৰ দি সহায় কৰা, নিৰ্যাতিত জাতিৰ জাতীয় মুক্তিৰ চেতনাক বিপথে পৰিচালিত কৰিবলৈ ভাৰতবাদী সংগঠনৰ ক্ষেত্ৰ তৈয়াৰ কৰা আদি অভিযোগ সততে লক্ষ্য কৰা যায়। সেই প্ৰতিবিপ্লৱী শক্তিবোৰ কিছুমান মুখাপিন্ধা সমাজবাদী, ধৰ্মীয় মৌলবাদী বা ৰাষ্ট্ৰবাদী সাম্প্ৰদায়িক নাইবা জাতীয়তাবাদৰ শ্লোগান দিয়া ৰাষ্ট্ৰব্যৱস্থাৰ ভৃত্য। কিউবাতকৈও অতি বেছি সমস্যাবহুল অসম আৰু উত্তৰ পূৱৰ সমাজ জীৱন। ভিন্ন জাতি-জনগোষ্ঠীৰে সংমিশ্ৰিত এই ভূমিত প্ৰতিবিপ্লৱ আমদানি কৰা যিমান সহজ, সিমান কঠিন বিপ্লৱৰ বাবে জনতাক প্ৰস্তুত কৰা। তদুপৰি, একাধিক ভাৰত চুবুৰীয়া ৰাষ্ট্ৰৰে আৱৰা এই প্ৰান্তীয় ভূখণ্ড ভাৰত-চীন আদিৰ বাবে ৰণ কৌশলগত অঞ্চল হৈ আহিছে। ভাৰতৰ দৰে বিশাল ৰাষ্ট্ৰ এখনৰ পৰা মুক্ত হ’বলৈ কৰা সংগ্ৰাম ইমান সহজ নহয়। যাৰ বাবে জাপা ফিজোৰ পৰা আৰম্ভ কৰি বৰ্তমান সময়লৈ সমগ্ৰ উত্তৰ পূৱৰ জাতীয় মুক্তি সংগ্ৰামৰত শক্তিবোৰৰ একত্ৰিকৰণৰ প্ৰচেষ্টা চলিছে। পূৰ্বতে এই একত্ৰিকৰণৰ অংশ হিচাপে ১৯৮৯ চনত ইণ্ডো বাৰ্মা ৰিভলুশ্যনাৰী ফ্ৰন্ট (IBRF)আৰু ১৯৯৫ চনৰ মধ্যভাগত United Liberation front of Seven Sisters গঠন কৰা হৈছিল। পিছলৈ এই মৰ্চা ভাঙি গ’লেও একেলগে শিবিৰ পাতি থকা, খাৰ-বাৰুদ আৰু ৰচদ পাতি সংগ্ৰহৰ অভিযান, সামৰিক প্ৰশিক্ষণ,শিবিৰৰ নিৰাপত্তা আৰু জয়েন্ট ষ্টেটমেন্ট আদিতে সীমাবদ্ধ আছিল। শেহতীয়াকৈ উত্তৰ-পূৱৰ বিদ্ৰোহীসকলকলৈ উমৈহতীয়া মৰ্চা United National Liberation Front of Western South East Asia (UNFLAW) গঠন কৰি সশস্ত্ৰ কুচকাৱাজ, এম্বুজ আদি সংঘটিত কৰা এক নতুন দিশ হিচাপে বিবেচিত হৈছে। এই মৰ্চা গঠনৰ প্ৰয়াস যে অকল উত্তৰ পূৱৰ বিদ্ৰোহীসকলৰ মাজতেই সীমাবদ্ধ আছিল তেনে নহয়, ভাৰতৰ অন্য প্ৰান্তৰ আত্মনিয়ন্ত্ৰণৰ বাবে সংগ্ৰামৰত শক্তিবোৰৰ সৈতে মৰ্চা গঠনৰ প্ৰচেষ্টা চলি আহিছে। এই প্ৰচেষ্টাৰ অংশ হিচাপেই ১৯৯৫ চনত অসমত পাঞ্জাৱ কামাণ্ডোৰ আলফা বিৰোধী অভিযানৰ নামত কৰা নিৰ্যাতন বন্ধ কৰিবলৈ আৰু পাঞ্জাৱ কামাণ্ডোক বেৰেকলৈ যাবলৈ বাধ্য কৰিবলৈ খালিস্থান লিবাৰেচন আৰ্মী আৰু বাবৰ খালচাৰ ফালৰ পৰা অসমত প্ৰচাৰ পত্ৰ বিলোৱা হৈছিল৷ উক্ত প্ৰচাৰ পত্ৰৰ সাৰাংশ এয়াই আছিল যে, ‘ অসমৰ খিলঞ্জীয়া জনগণৰ সৈতে শিখসকলৰ কোনো শত্ৰুতা নাই। গতিকে অতি শীঘ্ৰে পাঞ্জাৱ কামাণ্ডোৱে অসমৰ জনতাৰ ওপৰত সামৰিক নিৰ্যাতন বন্ধ কৰক৷ অন্যথা, যিসকল শিখ লোকে অসমত নিৰ্যাতন চলাইছে, তেওঁলোকৰ ওপৰত বাবৰ খালচাই বিহিত ব্যৱস্থা ল’ব৷ উল্লেখ্য যে সেই সময়ত সমগ্ৰ পাঞ্জাৱত বাবৰ খালচাৰ প্ৰভাৱ তেতিয়াও শক্তিশালী আছিল। যাৰ ফলশ্ৰুতিত পাঞ্জাৱ কামাণ্ডোই নিশাৰ ভিতৰতে টালি টোপোলা বান্ধি অসমভূমি পৰিত্যাগ কৰিছিল বুলি বহুতে ক’ব খোজে৷ উক্ত সময়তে প্ৰয়াত পৰাগ কুমাৰ দাসৰ নেতৃত্বত ভাৰতৰ ভিতৰতে নিৰ্যাতিত জাতিসমূহৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰক সমৰ্থন কৰা বিভিন্ন সামাজিক সংগঠনকলৈ এক যৌথ মৰ্চা গঠনৰ প্ৰস্তুতি চলিছিল। অকল সেয়াই নহয়, অসমৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আৰু সাৰ্বভৌমত্বৰ নাৰ্যতা আন্তৰ্জাতিক মঞ্চত তুলি ধৰিবলৈ আলফাৰ নেতৃত্বত বিশ্বৰ জাতীয় মুক্তি সংগ্ৰামত লিপ্ত নিৰ্যাতিত জাতিবোৰক লৈ আনপো (UNPO)ৰ সমান্তৰালকৈ এক আন্তৰ্জাতিক মঞ্চ গঠনৰ প্ৰয়াসো চলিছিল। যিটো অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহৰ ইতিহাসত এক উল্লেখযোগ্য দিশ হিচাপে বিবেচিত হৈছে।

ইয়াতেই প্ৰশ্নৰ উদ্ৰেক হয়, কিউবাৰ দৰে অকল গেৰিলা যুদ্ধৰ মাজেৰে অসম আৰু উত্তৰ পূৰ্বাঞ্চলত জাতীয় মুক্তি সম্ভৱনে? বিদ্ৰোহী সংগঠনৰ মাজত এইক্ষেত্ৰত দুই ধৰণৰ মত দেখা যায়। প্ৰথম, অসম আৰু উত্তৰ পূৰ্বাঞ্চল সামাজিক-ৰাজনৈতিক আৰু ভৌগোলিকভাবে দীৰ্ঘস্থায়ী জনযুদ্ধৰ বাবে ৰণনৈতিক অঞ্চল নহয়। গতিকে সশস্ত্ৰ প্ৰতিবাদৰ মাজেৰে আন্তৰ্জাতিকভাবে দৃষ্টি আকৰ্ষণ কৰি আন্তৰ্জাতিক হস্তক্ষেপ আৰু ৰাজনৈতিক আলোচনাৰ মাজেৰে সংঘাতৰ মীমাংসাৰ বাবে চেষ্টা কৰা। দ্বিতীয়তে, চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সংঘাতক ব্যৱহাৰ কৰি উপযুক্ত বৈপ্লৱিক পৰিস্থিতিত গেৰিলা জনযুদ্ধৰ মাজেৰে উপনিবেশিক ৰাষ্ট্ৰক উফৰাই নিজ স্বাধীন গৃহভূমি গঠন কৰা। এই দুই ৰণনীতিগত প্ৰভেদে বিভিন্ন সময়ত অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ বিদ্ৰোহী শক্তিসকলক প্ৰভাৱিত কৰি অহা দেখা যায়। প্ৰথমবিধ ৰণনৈতিক চিন্তাত মাজত সোমায় পৰে কিছু পৰিমানে আপোচকামিতা৷ সেয়া হ’ল, ৰাজনৈতিক আলোচনাৰ মাজেৰে ভাৰতৰ ভিতৰত থাকিয়েই আত্মনিয়ন্ত্ৰণৰ অধিকাৰ প্ৰতিষ্ঠা, আনহাতে দ্বিতীয় বিধ ৰণনৈতিক চিন্তাৰ বিকাশ দেখা যায় গেৰিলা সৈনিকৰ সংখ্যাবৃদ্ধিৰে নিয়মীয়া যুদ্ধৰ সন্মিলীত সংগ্ৰাম সংগঠিত কৰাৰ মাজত৷ কিউবাৰ সংগ্ৰামৰ ক্ষেত্ৰত ৰণনীতিগত বিষয়বোৰ ইমান জটিল নাছিল। ইমান দীৰ্ঘকালীন গেৰিলা যুদ্ধৰ পৰিক্ৰমা পাৰ কৰিব লগীয়া হোৱাও নাছিল, ভাৰতৰ দৰে শক্তিশালী ৰাষ্ট্ৰৰ বিৰূদ্ধে গেৰিলা যুদ্ধ কৰিব লগাও হোৱা নাছিল৷ উপযুক্ত বৈপ্লৱিক পৰিস্থিতিয়ে সেই সুবিধা আনি দিছিল ফিডেল কাষ্ট্ৰোৰ গেৰিলা দলটোক। ফিডেল কাষ্ট্ৰোৰ নেতৃত্বত প্ৰকৃত বিপ্লৱ আছিল ক্ষমতা দখলৰ পিছৰ পৰ্যায়হে, যিয়ে ফিডেল কাষ্ট্ৰোক আন্তৰ্জাতিক বিপ্লৱী বীৰ হিচাপে পৰ্যবশিত কৰিছিল।

সৰ্বভাৰতীয় জাতীয়তাৰ মোহ যি পৰিমাণে অসম আৰু উত্তৰ পূৱৰ জনগণৰ মাজত দেখা যায়, তেনে মোহ আমেৰিকান ইয়াংকি জাতীয়তাবাদৰ প্ৰতি কিউবান সকলৰ নাছিল। আছিল মাথোঁ ঘৃণা। চি আই এ যিসকল দশান্তৰিত কিউবানক সংগঠিত কৰি ফিডেল কাষ্ট্ৰৰ বিৰূদ্ধে প্ৰতিবিপ্লৱ সংঘটিত কৰিছিল, তেওঁলোকেও আমেৰিকান জাতীয়তাবাদৰ মোহৰ বাবে নহয়, বৰং বহু পৰিমাণে আছিল আমেৰিকান পুজিবাদী গণতন্ত্ৰৰ প্ৰতি মোহ আৰু আমেৰিকান বণিক শ্ৰেণী আৰু বেতিষ্টাৰ দ্বাৰা প্ৰভাৱিত। সেয়ে চে গুৱেভাৰাই কৈছিল, – Hatred as an element of the struggle; a relentless hatred of the enemy, impelling us over and beyond the natural limitations that man is heir to and transforming him into an effective, violent, selective and cold killing machine. Our soldiers must be thus; a people without hatred cannot vanquish a brutal enemy.” অসম আৰু উত্তৰ পূৱৰ মধ্যবিত্ত জনগণৰ পৰিবৰ্দ্ধিত ভাৰতীয় মোহ আৰু ভাৰতীয় ব্যৱস্থাৰ প্ৰতি আনুগত্যৰ বাবে জাতীয় মুক্তি সংগ্ৰামৰ মৌলিক বিষয়বোৰৰ পৰা আঁতৰি থকা দেখা যায়। ভাৰতীয় সংসদীয় গণতন্ত্ৰৰ প্ৰতি তেওঁলোক সহানুভুতিশীল৷ সাধাৰণ জনগণ নিজৰ অধিকাৰৰ প্ৰতি সচেতন নহয়৷ একাংশৰ ধৰ্মীয় অনুভুতি ভাৰতীয় জাতীয়তাৰ সৈতে সাঙোৰ খাই পৰা দেখা যায়। অসম উত্তৰ-পূৰ্বাঞ্চলৰ ইতিহাসে হৈছে ঐতিহাসিকভাবে এক বৃহৎ প্ৰব্ৰজনৰ ইতিহাস। গতিকেই ইয়াৰ ভিন্ন জাতি-জনগোষ্ঠীৰ মাজত সমাজ বিকাশৰ স্তৰ ভিন্ন, মানসিক গঢ়ো ভিন্ন। সেয়ে সহজেই ৰাষ্ট্ৰৰ দ্বাৰা বিভাজনৰ কৌশলবোৰো সফল হয়। অৱশ্যে ৰাষ্ট্ৰৰ দমন আৰু নিৰ্যাতনে একশ্ৰেণী লোকক সদায় সন্ত্ৰস্থ কৰি ৰাখিছে। এচামে উপায়বিহীন হৈ বা ৰাষ্ট্ৰৰ নিৰ্যাতনত অতিষ্ঠ হৈ বিদ্ৰোহী শিবিৰ পাইছেগৈ যদিও ৰাষ্ট্ৰবাদী ৰাজনীতিয়ে ভাৰতীয় ব্যৱস্থাৰ গণতান্ত্ৰিক আৰু সাংবিধানিক অধিকাৰবোৰক ব্যৱহাৰ কৰি মোহাবিষ্ট কৰি ৰাখিবলৈ সক্ষম হৈছে সংখ্যাগৰিষ্ঠ নিৰ্যাতিত জাতিৰ জনতাক৷ বিপ্লৱী শক্তিয়ে জনতাৰ পুঞ্জীভূত ক্ষোভক প্ৰকৃত গণতান্ত্ৰিক সংগ্ৰামৰ সন্ধান দিয়াত ব্যৰ্থ হৈছে। কিউবাত যিদৰে বেতিষ্টাৰ পূৰ্বৰে পৰা আমেৰিকান উপনিবেশবিৰোধী বিৰোধী এক প্ৰগতিশীল চৰকাৰ আছিল, তেনে পৰিস্থিতি অসম আৰু উত্তৰ পূৱত নাছিল। বৰং ইয়াত পূৰ্বৰে পৰাই আছিল ৰাষ্ট্ৰবাদী চৰকাৰ। কিছু প্ৰগতিশীল আন্দোলন দুৰ্বলভাবে সংগঠিত আছিল যদিও সেয়া জাতীয় মুক্তিৰ চেতনাৰে সংগঠিত নাছিল। আছিল ভাৰতৰ সৈতে সংযোগকৰণ বৰ্তাই ৰখাৰ বাবে শ্লোগান দিয়া অখণ্ড ভাৰতবৰ্ষৰ প্ৰৱক্তাহে। প্ৰগতিশীল শক্তিসমূহ আছিল সৰ্বভাৰতীয় ৰাজনীতিৰ সৈতে জড়িত। অসম আৰু উত্তৰ পূৱৰ আত্মনিয়ন্ত্ৰণ আৰু ঐতিহাসিক স্বাধীনতাৰ পক্ষে মাত মতা তেওঁলোকৰ আদৰ্শৰ বিপৰীত আছিল। অসমত কেন্দ্ৰীভূত ৰাষ্ট্ৰৰ উপনিবেশিক শোষণৰ বিৰূদ্ধে প্ৰৱল প্ৰতিবাদ সংঘটিত হৈছিল অসম আন্দোলনৰ মাজেৰে। কিন্তু সেই আন্দোলন সমাজতান্ত্ৰিক ভাৱধাৰাৰে অনুপ্ৰাণিত নাছিল আৰু মতাদৰ্শগত দুৰ্বলতা আৰু বিভ্ৰান্তিৰ বাবে ৰাষ্ট্ৰবাদী শক্তিয়ে সেই আন্দোলনক হাইজেক কৰি সাম্প্ৰদায়িক আন্দোলনলৈ পৰিৱৰ্তন কৰিছিল। অসমত প্ৰথমবাৰৰ বাবে জাতীয় মুক্তিৰ ধাৰাৰে গণসংগ্ৰাম আৰম্ভ কৰিছিল সাংবাদিক প্ৰয়াত পৰাগ কুমাৰ দাসে। পৰাগ দাসে আনকি কেইবাটাও গনসংগঠন গঠন কৰি অসমৰ মধ্যশ্ৰেণীকো জাতীয় মুক্তিৰ চেতনাৰে প্ৰভাৱিত কৰিব পাৰিছিল। কিন্তু বিদ্ৰোহীসকলৰ ৰণনীতি আৰু মতাদৰ্শগত দুৰ্বলতাৰ বাবে তেনে এক উৰ্বৰ পৰিবেশৰ উপযুক্ত ব্যৱহাৰ কৰিবলৈ সক্ষম নহ’ল। ভাৰত ৰাষ্ট্ৰৰ চোৰাংচোৱা বাহিনীয়ে সফলভাবে বিদ্ৰোহীসকলৰ মাজত বিভাজন আনিব পাৰিছিল। বহু নিৰ্যাতনৰ অন্তত পৰাগ কুমাৰ দাসৰ হত্যাৰ লগে লগে এটা ইতিহাসৰ অন্ত পৰিছিল। সাময়িকভাবে অন্ত পৰিছিল ৰাজনৈতিক আলোচনাৰ মাজেৰে অসম-ভাৰত সংঘাত মীমাংসাৰ সাম্ভাব্য শান্তিপূৰ্ণ পথৰ।

ফিডেল কাষ্ট্ৰোৰ গেৰিলা যুদ্ধৰ নীতি আৰু কৌশলৰ সৈতে বহুপৰিমানে সাদৃশ্য দেখা যায় অসম আৰু উত্তৰ পূৱৰ বিদ্ৰোহীসকলৰ সৈতে৷ চে গুৱ্ভাৰাই কৈছিল- The guerrilla band is an armed nucleus, the fighting vanguard of the people.” ঠিক একেদৰে উত্তৰ-পূৰ্বাঞ্চলৰ বিদ্ৰোহীসকলেও সন্মিলিত জাতীয় মুক্তি সংগ্ৰামত নিজকে জনতাৰ অগ্ৰগামী বাহিনী বুলি উল্লেখ কৰে । নিৰাপদ ঘাটী অঞ্চল তৈয়াৰ গেৰিলা ৰণকৌশলৰ অংগ। অসম উত্তৰপূৰ্বাঞ্চলৰ বিদ্ৰোহীসকলৰ বাবে যিদৰে পাহাৰ অঞ্চলত শিবিৰ স্থাপন কৰি ঘাটি অঞ্চল তৈয়াৰ কৰা বা বিদেশত আশ্ৰয়লৈ সাংগঠনিক কাম কাজ চলোৱা এক ৰণকৌশলৰ অংগ হৈ আহিছে, তাৰ সৈতে ফিডেল কাষ্ট্ৰোৰ গেৰিলা ৰণকৌশলৰ সাদৃশ্য লক্ষ্য কৰা যায়৷ কিউবাৰ বিপ্লৱৰ সময়ত সৰহভাগ গেৰিলা সদস্য কাষ্ট্ৰোৰ সংগঠনত অন্তৰ্ভুক্ত হৈছিল চহৰাঞ্চলৰ পৰা৷ গেৰিলাসকলক সহায় কৰিছিল নগৰ আৰু গাওঁৰ কিছু সশস্ত্ৰ বেটিষ্টা বিৰোধীয়ে৷ কাষ্ট্ৰোৱে কিউবাৰ পৰা পলাই গৈ মেক্সিকোত বাহৰ পাতিছিল আৰু তাৰ পৰাই চে গুৱাভাৰাৰ সৈতে লগলাগি সশস্ত্ৰ বিপ্লৱৰ পাতনি মেলিছিল৷ মেক্সিকোই বেতিষ্টা চৰকাৰৰ পৰা বিপুল পৰিমানৰ উপঢৌকনলৈ কাষ্ট্ৰ আৰু চে গুৱাভাৰাৰ সশস্ত্ৰ বাহিনীক তাৰ পৰা বিতাড়ন কৰিছিল৷ এইখিনিতে অসম আৰু উত্তৰ পূৱৰ বিদ্ৰোহীসকলৰ বিগত দিনৰ সময়ৰ সৈতে সাদৃশ্য দেখিবলৈ পোৱা যায়৷ চৰাইপুং-লক্ষীপথাৰ আদিত জনতাৰ সমৰ্থন আৰু সহযোগিতাত মুক্তাঞ্চল গঠন কৰি সশস্ত্ৰ সংগ্ৰাম অব্যাহত ৰখা আলফাই ৰাষ্ট্ৰৰ সামৰিক অভিযানত পশ্চাতগমন কৰি চুবুৰীয়া ৰাষ্ট্ৰৰ অৰণ্যত শিবিৰ স্থাপন কৰিছিল৷ পিছত ভাৰতৰ ৰাষ্ট্ৰৰ শকত অংকৰ উপঢৌকন আৰু আৰ্থিক পেকেজৰ বিনিময়ত চুবুৰীয়া ৰাষ্ট্ৰ ভূটান আৰু বাংলাদেশে বিদ্ৰোহীসকলক বিতাড়ন কৰাৰ অভিযোগ উঠিছিল৷ এইবোৰ চাবলৈ গ’লে বিগত অৰ্দ্ধ শতিকাজুৰি জাতীয় মুক্তি সংগ্ৰামৰ ৰণকৌশলৰ যিদৰে বিশেষ সলনি হোৱা দেখা নাযায়, তেনেকৈ ৰাষ্ট্ৰৰ ৰণকৌশলৰো কোনো পৰিৱৰ্তন চকুত নপৰে৷ যেন যুগ যুগ ধৰি একে কৌশলেৰেই আগবাঢ়িছে ৷ ৰাষ্ট্ৰই কিজানি সেইকাৰণেই সামৰিক সমাধানৰ গুৰুত্ব দি এতিয়াও হয়তো ভাবি আছে যে জাতীয় মুক্তি সংগ্ৰামক এনেকৈয়ে ধ্বংস কৰা সম্ভৱ৷ পিছে কিউবাৰ বিপ্লৱে এই ধাৰণাক তেতিয়াই বৃদ্ধাংগুষ্ঠ দেখুৱাই দিব পাৰিছিল৷ সেয়া আছিল ভিন্ন এক সময়৷

ফিডেল কাষ্ট্ৰোৱে মাত্ৰ ১২ জন গেৰিলা সদস্যলৈ চিয়েৰা মায়েষ্ট্ৰা পৰ্বতত(Sierra Maestra Mountains) শিবিৰ পাতিছিল। গেৰিলা ট্ৰুপটোক সহায় কৰিছিল চেলিয়া চানচেজ (Celia Sanchez) আৰু ক্ৰিচেনচিও পাৰেজ পৰিয়ালৰ দস্যুসকলে (bandits of Cresencio Perez’s family)৷ সংগ্ৰামকালীন সময়ত কাষ্ট্ৰৰ গেৰিলা বাহিনীৰ সৈতে কিউবান জনতাৰ প্ৰত্যক্ষ সাংগঠনিক সম্পৰ্ক আছিল বুলি ক’ব নোৱাৰি। কাৰণ আমি পূৰ্বতে উল্লেখ কৰিছো যে গেৰিলা সংগ্ৰামৰত সময়ছোৱাত কাষ্ট্ৰোৱে বেতিষ্টা চৰকাৰৰ বিৰুদ্ধে এক সাধাৰণ ধৰ্মঘটৰ আহ্বান দিছিল৷ আচৰ্যজনক কথা এয়াই আছিল যে, সেইসময়ৰ কমিউনিষ্টসকলে আৰু লেবাৰ ইউনিয়নে কাষ্ট্ৰৰ আহ্বানক সমৰ্থন দিয়া নাছিল। কিন্তু সময় আৰু পৰিস্থিতি কাষ্ট্ৰোৰ অনুকুল আছিল। কাষ্ট্ৰোৱে ভালদৰে বুজিছিল যে জনগণৰ প্ৰত্যক্ষ সমৰ্থন বা সুবিধাজনক নিৰপেক্ষতা বাহাল থাকিলেহে বিপ্লৱী বাহিনীক প্ৰত্যক্ষ যুদ্ধলৈ ঠেলি দিব লাগে৷ চে গুৱেভাৰাই সেইকাৰণেই কৈছিল, -” The guerrilla fighter needs full help from the people of the area. This is an indispensable condition.” কিন্তু ‘গণসংগঠন নোহোৱাকৈ বিপ্লৱ সফল হ’ব নোৱাৰে’ আদি ধাৰণাবোৰক কিউবান বিপ্লৱে আওপকীয়াকৈ উপেক্ষা কৰিছে। কাৰণ ফিডেল কাষ্ট্ৰৰ গেৰিলা বাহিনীয়ে কোনো ধৰণৰ গণসংগঠন গঢ়ি তোলা নাছিল। যি আছিল সেয়া কেৱল বেটিষ্টাৰ শাসনৰ বিৰূদ্ধে জনতাৰ স্বত:স্ফূৰ্ত ক্ষোভ। দীৰ্ঘস্থায়ী সংগ্ৰামৰ বাবে এনে সুবিধা সদায় নাথাকে। যাৰ পৰিণতিত সাংগঠনিক গণবিচ্ছিন্নতাই সংগ্ৰামক ক্ষতি কৰে, অস্ত্ৰৰ ওপৰত নিয়ন্ত্ৰণ হেৰুৱায়, বিপ্লৱী দৃঢ়তাত ঘূণে ধৰে, সশস্ত্ৰ প্ৰতিবাদৰ নামত প্ৰতিপক্ষৰ কূট কৌশলত ভৰি দি হঠকাৰী সন্ত্ৰাসমূলক কামত জড়িত হৈ পৰে বিপ্লৱী বাহিনী। যিমানেই গণসমৰ্থন হেৰাই যায়, সিমানেই আয়ুস টুটি আহে সংগ্ৰামৰ। বিগত সময়ছোৱাত জাতীয় মুক্তি সংগ্ৰামৰত সংযুক্ত মুক্তি বাহিনী, অসমৰ লগতে অন্য কেইবাটাও সশস্ত্ৰ সংগঠন তেনে এক পৰিস্থিতিৰ মাজেৰে পাৰ কৰিছে।

এন এছ ছি এন (কে)ৰ দৰে উত্তৰ পূৱৰ উল্লেখযোগ্য বিদ্ৰোহী সংগঠনে নিজৰ মুক্তাঞ্চলত জনগণৰ প্ৰত্যক্ষ সমৰ্থনত সমান্তৰাল চৰকাৰ গঠন কৰিছে যদিও ভাৰত-ম্যানমানৰ দৰে একাধিক ৰাষ্ট্ৰৰ দখলত থকা নিজৰ ভূমিত নিজস্ব ৰাষ্ট্ৰ গঠন কৰিব পৰাৰ পৰ্যায়লৈ যাব পৰা নাই । ৰণকৌশলগত অঞ্চলত ঘাটি অঞ্চল প্ৰতিষ্ঠা কৰি সংঘাতৰত বিদ্ৰোহী শক্তিবোৰে চলাই আছে সশস্ত্ৰ কাৰ্যকলাপ । দীৰ্ঘস্থায়ী যুদ্ধৰ বাবে তেওঁলোকৰ মাজত বিভাজন ঘটিছে ,নিজৰ ঘাটি অঞ্চলতে ৰাষ্ট্ৰৰ ভেৰোণীয়া বাহিনীও সৃষ্টি হৈছে । যিবোৰৰ বাবে দীৰ্ঘকাল জুৰি নিজৰ ভিতৰতে সংঘাতময় পৰিস্থিতি বিৰাজ কৰি আহিছে । উত্তৰ পূৱৰ জাতীয় মুক্তি সংগ্ৰামৰ ইতিহাস চাবলৈ গলে আলফাৰ দৰে সংগঠনবোৰে দীৰ্ঘকাল জুৰি ৰাষ্ট্ৰৰ বিৰূদ্ধে প্ৰত্যক্ষ সংগ্ৰাম কৰাৰ সলনি নিজক শক্তি সঞ্চয় বা শক্তিক্ষয় ৰোধ কৰাৰ বাবেহে যেন সংগ্ৰাম কৰি আহিছে । তাৰ মাজতেই চলি আহিছে ৰাষ্ট্ৰৰ কেইবাটাও বিদ্ৰোহী বিৰোধী বিশাল সামৰিক অভিযান । বাৰম্বাৰ নিজৰ ঘাটী অঞ্চলৰ পৰা বিতাড়নৰ পিছতো, কেবাহেজাৰ সামৰিক-ৰাজনৈতিক সদস্যৰ মৃত্যু-আত্মসমৰ্পনৰ পিছতো নিজৰ দাবীক আন্তৰ্জাতিকভাবে প্ৰচাৰ কৰাকে ধৰি নিজৰ ঘাটী অঞ্চলৰ উপৰিও ভাৰতৰ সৈতে চুবুৰীয়া ৰাষ্ট্ৰৰ সংঘাতক ৰণকৌশলগতভাবে ব্যৱহাৰ কৰি বিদেশত সশস্ত্ৰ প্ৰশিক্ষণ, উন্নত অস্ত্ৰ-শস্ত্ৰ সংগ্ৰহ কৰি এক শক্তিশালী অৱস্থানত নিজকে থিয় কৰাই ৰখাটো কিজানি বিশ্বৰ বিদ্ৰোহী ইতিহাসৰ ভিতৰতে এক দৃষ্টান্ত হৈ ৰ’ব।

এইখিনিতে প্ৰশ্ন হ’ব পাৰে, ফিডেল কাষ্ট্ৰ বা চে গুৱেভাৰা জীয়াই থকা হ’লে, অসম আৰু উত্তৰ পূৱৰ বিদ্ৰোহীসকলক সমৰ্থন কৰিলহেঁতেননে ? আমি বহুতেই ক্ষমতা দখলৰ পূৰ্বৰ বিপ্লৱী ৰাজনীতি আৰু ক্ষমতা দখলৰ পিছৰ বিপ্লৱী ৰাজনীতিক সাঙুৰি পেলাই বিভ্ৰান্তিত ভোগো। ক্ষমতা দখলৰ পিছত নিজৰ আন্তৰ্জাতিক ৰাজনীতি সলনি হ’ব পাৰে, যিহেতু নিজৰ ভূখণ্ডৰ আৰ্থ-ৰাজনৈতিক নিৰাপত্তাৰ স্বাৰ্থত কূটনৈতিক সম্পৰ্কবোৰ স্থাপন হয়। ছোভিয়েটৰ অতি ওচৰ চপাৰ বাবেই শীতল যুদ্ধৰ বেলিকা চীনৰ সৈতে ফিডেল কাষ্ট্ৰোৰ কূটনৈতিক তিক্ততাৰ সৃষ্টি হৈছিল। উত্তৰ-পূৱৰ বিদ্ৰোহীসকলৰ সৈতে চীনৰ ৰণকৌশলগত স্বাৰ্থৰ বাবে ফিডেল কাষ্ট্ৰোৱে আনকি নেপালৰ মাওবাদী সংগ্ৰামকো সমৰ্থন দিয়াৰ পৰা বিৰত আছিল। ইয়াৰ সৈতে কেৱল আদৰ্শগত কথাই নাছিল, আছিল কূটনৈতিক কথাও। বিপ্লৱৰ পিছত কিউবাক স্বীকৃতি দিয়া বিশ্বৰ প্ৰথম দেশেই আছিল ভাৰতবৰ্ষ৷ ভাৰতৰ সৈতে বাণিজ্যিক আৰু কূটনৈতিক সম্পৰ্ক ১৯৬০ চনৰ পৰাই ।কিউবাৰ অৰ্থনৈতিক নিষেধাজ্ঞাৰ সময়ত ভাৰত আছিল সৰ্বোচ্ছ খাদ্য সামগ্ৰী যোগান ধৰা দেশ। শীতল যুদ্ধৰ সময়ত চীনৰ বিপৰীত পক্ষত থকা কিউবাৰ সৈতে চীনৰ বাণিজ্যিক লেনদেন আৰম্ভ হৈছিল ১৯৯০ চনৰ পৰাহে৷ সেয়ে চীনৰ তুলনাত ভাৰতৰ অতি নিকট সম্পৰ্কৰ বাবে ভাৰতক অসন্তুষ্ট কৰাৰ প্ৰশ্নই নাছিল ফিডেল কাষ্ট্ৰোৰ বাবে। গতিকে ওপৰৰ উত্তৰটো নেতিবাচক আছিল। আন্তৰ্জাতিক কূটনৈতিক বিষয়বোৰ বুজি উঠিব নোৱাৰালৈকে প্ৰকৃত প্ৰয়োগিক আৰু ব্যৱহাৰিক বিষয়বোৰ বুজিবলৈ টান হৈ পৰে। যাৰবাবে বাংলাদেশৰ জাতীয় মুক্তি যুদ্ধক সহায় কৰা ভাৰতে নিজৰ অভ্যন্তৰৰ জাতীয় মুক্তি সংগ্ৰামৰ বিৰূদ্ধে সামৰিক সমাধান বিচাৰে, চীনে তীব্বতৰ মুক্তি সংগ্ৰামক কঠোৰ হাতেৰে দমন কৰে। এইখিনিতে মাৰ্ক্সীয় মতাদৰ্শৰ প্ৰসংগত কোনো এক বিতৰ্কত সংযুক্ত মুক্তি বাহিনীৰ চীফ অৱ ষ্টাফ কৰ্ণেল পৰেশ অসমৰ এটা ভাষ্য উল্লেখযোগ্য। “ভাৰতীয় বাওঁপন্থী পণ্ডিতৰ পৰা আমি মাৰ্ক্সবাদ শিকাৰ প্ৰয়োজন অনুভৱ কৰা নাই , দৰকাৰ হ’লে আমি লেটিন আমেৰিকাৰ পৰা মাৰ্ক্সবাদ শিকিম । মতাদৰ্শগত প্ৰায়োগিক প্ৰসংগত অসমৰ বিদ্ৰোহী নেতা এজনৰ এই ভাষ্যই সাময়িক প্ৰেক্ষাপটত এক বিশেষ তাৎপৰ্য বহন কৰা বুলি ক’ব পাৰি।

বৈপ্লৱিক পৰিস্থিতি সৃষ্টি কৰিব নোৱাৰি। কিন্তু শোষণ ব্যৱস্থাৰ মাজত থকা ভিন্ন সংঘাতবোৰক ব্যৱহাৰ কৰি বৈপ্লৱিক পৰিস্থিতিৰ বাবে সমাজক আগবঢ়াই লৈ যাব পাৰি। সেয়ে চে গুৱেভাৰাৰ সেই বিখ্যাত উক্তিটো -“The revolution is not an apple that falls when it is ripe. You have to make it fall” . কিউবাত যেনেকৈ বেটিষ্টাৰ চৰম স্বেচ্ছাচাৰীতাৰ পৰা জনগণে উপশম বিচৰাৰ বাবেই এক বৈপ্লৱিক পৰিস্থিতিৰ সৃষ্টি হৈছিল, ঠিক তেনেকৈ এক বৈপ্লৱিক পৰিস্থিতি সৃষ্টি হোৱাৰ এক নিশ্চিত সম্ভাৱনা ৰাষ্ট্ৰই নিজেই মুকলি কৰি দিয়ে। এক বিশাল ৰাষ্ট্ৰও তেনে পৰিস্থিতি ভিতৰি ভিতৰি সোলোক-ঢোলোক হৈ যাব পাৰে। কিন্তু সেই পৰিস্থিতিক বিপ্লৱৰ বাবে ব্যৱহাক কৰিবলৈ বিপ্লৱী শক্তিৰ মাজত ঐক্যৰ প্ৰয়োজন। সঠিক ৰণকৌশল অবিহনে বিপ্লৱ সফল নহয়। সেয়ে ফিডেল কাষ্ট্ৰোৱে কৈছিল— ‘I began revolution with 82 men. If I had to do it again, I do it with 10 or 15 and absolute faith. It does not matter how small you are if you have faith and plan of action. ‘ কিন্তু ইয়াতেই প্ৰশ্ন হয়, কিউবাৰ দৰে বিপ্লৱৰ ৰণনীতি-ৰণকৌশল আদি অসম–উত্তৰ পূৰ্বাঞ্চলৰ বাবেও প্ৰযোজ্য নে ? আলফা আৰু উত্তৰ পূৱৰ অন্যান্য বিদ্ৰোহী সংগঠনবোৰে জাতীয় মুক্তি সংগ্ৰামৰ বাবে হুৱহু কিউবাৰ অনুকৰণ কৰি আহিছে নেকি ? ইতিহাসৰ কিছু কিছু সাদৃশ্যতাৰ বাবেই তেনে সিদ্ধান্ত দিবলৈ যোৱাটো বোধকৰো ভুল হ’ব। অসম আৰু উত্তৰ-পূৰ্বাঞ্চলৰ সংগ্ৰামৰ কৌশল কিন্তু কিউবাৰ দৰে সৰল নহয়। ৰণনৈতিকভাবে শত্ৰুৰ শত্ৰু মিত্ৰ যদিও হয়, চুবুৰীয়া ৰাষ্ট্ৰৰ সৈতে ভাৰতৰ সংঘাতক ব্যৱহাৰ কৰি লক্ষ্যপ্ৰাপ্তিৰ বাট বৰ জটিল। বেতিষ্টাক উচ্ছেদৰ পিছত কিউবাৰ বিপ্লৱৰ সময়ত কিউবাক সহায় কৰা ছোভিয়েটৰ দৰে সমভাৱাপন্ন ৰাষ্ট্ৰ শক্তি এতিয়া আৰু নাই। বিশ্ব ৰাজনীতি এতিয়া সাম্ৰাজ্যবাদীৰ আঙুলিৰ ঠাৰত নাচিছে। এই পৰিস্থিতিৰ মাজত জাতীয় মুক্তি সংগ্ৰাম কিউবাৰ ষ্টাইলত সফল হোৱা সম্ভাৱনা ক্ষীণ। গতিকে স্বাভাৱিকতেই নিৰ্যাতিত জাতিৰ জাতীয় মুক্তি সংগ্ৰামে দীৰ্ঘস্থায়ী ৰূপ লয় ।

এটা কথা ঠিক অসম আৰু উত্তৰ পূৱত বিগত অৰ্ধশতিকাত যিমান লোকৰ অকাল মৃত্যু হ’ল, এই সংঘাত দীৰ্ঘস্থায়ী হোৱা মানেই সংগ্ৰামৰ নামত আৰু কেইবাটাও প্ৰজন্মৰ ধ্বংস হোৱা। কিন্তু ইয়াৰ চমু বাট ক’ত? এই সংঘাতৰ ওৰ কেতিয়া? ইয়াৰ উত্তৰ কিজানি কাৰোৱেই হাতত নাই। কাৰণ আমি সমৰ্থন কৰো বা নকৰো, সংঘাতে তাৰ নিজা বাট ল’বলৈ বাধ্য। সংগ্ৰামী ৰাজনীতিত ভৱিষ্যতবাণী কৰা অসম্ভৱ। বিশ্ব পৰিস্থিতি আৰু দক্ষিণ চীন সাগৰত ভাৰত-আমেৰিকাৰ সৈতে চীনৰ সংঘাত তুংগত। সমগ্ৰ দক্ষিণ-পূৱ এচিয়া আজি কূটনৈতিকভাবে দুভাগত বিভক্ত। দুয়োটা শিবিৰে তাহানিৰে পৰা অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ লগতে চীন-ভাৰত সীমান্তত নিজৰ নিজৰ ৰণকৌশলগত কুচকাৱাজ চলাই আহিছে। এইধৰণৰ সংঘাতবোৰে যিকোনো সময়তে জাতীয় মুক্তি সংগ্ৰামৰ বাবে উপযুক্ত বৈপ্লৱিক পৰিস্থিতিৰ উন্মেষ ঘটাব পাৰে। যাৰ বাবে ভাৰত ৰাষ্ট্ৰই কেতিয়াও কোনো পধ্যেই অসম আৰু উত্তৰ পূৰ্বাঞ্চলৰ খিলঞ্জীয়া জনসমষ্টিৰ বিশ্বাস নকৰে। তাৰ কাৰণে কৌশলেৰে বহিৰাগত অনুপ্ৰবেশ ঘটাই আহিছে, যাতে ভাৰতবাদী জনসংখ্যাৰ বিস্তাৰ ঘটাব পাৰি। নেহেৰুৰ দিনৰ পৰাই এনে কৌশলকে আজিকোপতি চলাই আহিছে ভাৰত ৰাষ্ট্ৰই। অতি শেহতীয়াকৈ হিন্দু বাংলাদেশীক নাগৰিকত্ব প্ৰদান কৰাৰ প্ৰসংগও এই ক্ষেত্ৰত প্ৰাসংগিক। তদুপৰি, ভাৰতত ক্ৰমশ অতিকেন্দ্ৰিক ৰাষ্ট্ৰ- প্ৰভূত্ববাদী প্ৰৱণতা বাঢ়িছে। ৰাষ্ট্ৰৰ দমন নিৰ্যাতন যিমানেই বাঢ়িব, সিমানেই জাতীয় মুক্তি সংগ্ৰামৰো বিকাশ হ’ব। বহুতেই ক’ব খোজে যে, গোলকীয়কৰণৰ যুগত জাতীয় মুক্তি সংগ্ৰামৰ প্ৰাসংগিতকা হেৰুৱাইছে। কিন্তু পৰিস্থিতি পৰ্যবেক্ষণ কৰিলে ষ্পষ্ট হয় যে গোলকীয়কৰণে ৰাষ্ট্ৰৰ আধিপত্যবাদ আৰু উপনিবেশিক চৰিত্ৰ লাঘৱ কৰা নাই, বিশ্ব সাম্ৰাজ্যবাদ এতিয়াও শক্তিশালী ৰূপত। নিৰ্যাতিত জাতিৰ ওপৰত দুগুন উতসাহেৰে আৰু নিত্য নতুন কৌশলেৰে সম্পদ লুন্ঠন, নিৰ্যাতন আৰু প্ৰভূত্ববাদ জাপি দিয়া হৈছে । ৰাষ্ট্ৰৰ গণতান্ত্ৰিক উপৰিসৌধ লাহে লাহে টুটি আহিছে। তথাপি সংঘাতৰ শান্তিপূৰ্ণ সমাধানৰ বাবে, শান্তিপূৰ্ণভাবে নিৰ্যাতিত জাতিৰ আত্মনিয়ন্ত্ৰণৰ অধিকাৰ আদায় কৰাৰ পথ বিচাৰি এচাম লোক ওলাই অহাটো ইতিবাচক দিশ হিচাপে সদায় চিহ্নিত হৈ ৰ’ব৷ যিহেতু জাতীয় মুক্তি সংগ্ৰামৰ সৈতে এক ৰাজনৈতিক প্ৰশ্ন জড়িত, গতিকে এই সংঘাতৰ সমাধানো যে ৰাজনৈতিকভাবেই হ’ব লাগিব, তাত কোনো সন্দেহ নাই৷

মন্তব্য দিয়ক

আপোনৰ ইমেইল ঠিকনা প্ৰকাশ কৰা নহ'ব । বাধ্যতামূলক শিতানসমূহ * ৰে চিহ্নিত কৰা হৈছে